দিন দুই ৷৷ ১.১১.২০১৫
২. নাহৰলাগুন ৰে’লৱে ষ্টেচনত
পুৱা ৫.৪৫ বজাত আমি অৰুণাচল প্ৰদেশৰ পাপুম পাৰে জিলাৰ অন্তৱৰ্তী নাহৰলাগুন ৰে’লৱে ষ্টেচনত নামিলোঁ৷ এই টাৰ্মিনাচটোক ইটানগৰ বুলিও কোৱা হয়৷ অৰুণাচলৰ পাহাৰীয়া মনোৰম ৰাজধানী চহৰ ইটানগৰ৷ চহৰখন আচলতে দুটা ভাগত বিভক্ত৷ নাহৰলাগুন আৰু ইটানগৰ৷ ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি লাভ কৰে অৰুণাচল প্ৰদেশে৷ ২০ এপ্ৰিল ১৯৭৪ তাৰিখৰ পৰা ইটানগৰ এই পাৰ্বত্য ৰাজ্যখনৰ ৰাজধানী হিচাপে পৰিগণিত হৈ আহিছে৷ তাৰ পূৰ্বে নাহৰলাগুনতে কাম-কাজ চলোৱা হৈছিল৷ ১৯৭৩ চনত নাহৰলাগুনৰ পৰা প্ৰায় ১০ কিল’মিটাৰ আঁতৰত নতুনকৈ ইটানগৰ চহৰ প্ৰতিষ্ঠা কৰা হৈছিল৷ সাগৰপৃষ্ঠৰ পৰা ইটানগৰৰ উচ্চতা ৭৫০ মিটাৰ৷ নাহৰলাগুনৰ ২০০ মিটাৰ৷ অৰ্থাৎ নাহৰলাগুনতকৈ ইটানগৰ ওপৰত৷ আনহাতে ৰে’ল ষ্টেচন নিৰ্মাণ কৰা ঠাইখিনিৰ উচ্চতা ৪৫৩ মিটাৰ৷ ষ্টেট কেপিটেল কমপ্লেক্সলৈ ইয়াৰ পৰা ১৫ কিল’মিটাৰমান দূৰ৷
আমাৰ বয়-বস্তুবোৰ একেঠাই কৰাৰ পাছতে ষ্টেচনটোৰ
কেনি কি আছে পিটপিটাই ফুৰাৰ প্ৰৱণতা এটা মোৰ জাগি উঠিল৷ কেমেৰাটো ডিঙিত ওলোমাই লৈ
অকলেই ৰে’লৱে অ’ভাৰব্ৰীজৰ ওপৰ পালোঁগৈ৷ বিহংগম দৃষ্টিৰে
চৌপাশ নিৰীক্ষণ কৰি উন্নয়নৰ বুজ ল’লোঁ৷ ইফালে ৰাজীৱ ভট্টাচাৰ্যৰ নেতৃত্বত বন্ধুসকলৰ অনুৰোধক্রমে ৰে’ল কৰ্তৃপক্ষই দুমহলীয়া ষ্টেচন
বিল্ডিঙৰ ওপৰৰ মহলাত থকা ৰিটায়াৰিং ৰুম আমাৰ বাবে খুলি দিছে৷ সকলোৱে মহা আনন্দেৰে তাত গা-পা ধুইছে৷
প্ৰসাধনৰ সুবিধাৰ উপৰি কোঠাৰ ভিতৰতে আমি চাহ-বিস্কুটো খাবলৈ পালোঁ৷ সাদৰ আপ্যায়ন৷ ইফালে
নৈমিত্তিক অভ্যাসবশতঃ কেৱে কেৱে যোগ সাধনাত ৰত হৈছে৷ কোনোবাজনে লগত নিয়া প'ৰ্টেবল স্পীকাৰত গান বজাইছে৷ প্ৰতিজনেই হৈ পৰিছে উলাহৰ মাদলী৷ সোনকালেই টালি-টোপোলা সামৰি পৰৱৰ্তী
যাত্ৰাৰ বাবে আটায়ে সাজু হৈ উঠিলোঁ৷
ৰে’লৱে ষ্টেচনটোৰ পিছফালে বিশাল পাৰ্কিং এৰিয়া৷ টাটা চুম’ দুখনে আমাৰ বাবে তাত আগৰে পৰাই
প্ৰতীক্ষা কৰি আছিল৷ যাত্ৰা আৰু যাত্ৰীৰ উৱাদিহ বিচাৰি ডেকা বয়সৰ চালক দুজন মোৰ কাষলৈ
আহিল৷ তেওঁলোকৰ সৈতে কথা পাতি বাটৰ ভু আগতীয়াকৈ কিছু লৈ থ’লোঁ৷ ক্ষন্তেক পাছতে সদলবলে ওলাই আহি দুভাগ হৈ
আমি গাড়ী দুখনৰ কাষত উপস্থিত হ’লোঁ৷ এখন গাড়ী (এ.আৰ.০১জি.০৩৫৩)ত জয়ন্তদা, অৰূপদা, প্ৰদীপদা, অমৰ আৰু
মই উঠিলোঁ৷ নাম দিলোঁ ডিফুৰ পাৰ্টী৷ সৰহসংখ্যক অৰ্থাৎ চাৰিজন সদস্যই ডিফুৰ৷ জয়ন্তদা
আগতে ডিফুত থাকি যোৱা৷ গতিকে ডিফুৰ পাৰ্টী বোলাত অভিযোগ নকৰিলে৷ বৰঞ্চ ভাল পোৱাৰে
ইংগিত দিলে৷ গাড়ীখনৰ ড্ৰাইভাৰ মাদা চৰুম৷ আনখন (এ.আৰ.০৬ ৮১২১)ত গুৱাহাটী আৰু ফৰিদাবাদ
অংশ মিলাই বাকী পাঁচজন৷ ড্ৰাইভাৰ জে. জে. ভাই৷ নামষাৰ কঠিন আৰু উচ্চাৰণ কৰাটো সহজ নহয়
বাবে সকলোৱে তাক শ্বৰ্টকাটত এইবুলিয়ে মাতে৷ সম্পূৰ্ণ নামটো সোধাত মোক কৈছিল যদিও মোৰো
মনত নাথাকিল৷
জে. জে. ভাই তাগিন মানুহ৷ মাদা আকৌ গালো৷ এইটো
জনা কথা যে অৰুণাচলৰ জিলাবিশেষে ভিন্ন জনগোষ্ঠীয় মানুহ আৰু সমাজৰ উপস্থিতি লক্ষ্য কৰা
যায়৷ সেইসমূহৰ ওচৰ চপাৰ, চোৱাৰ, বুজাৰ, জনাৰ এটা মাধ্যম হ’ল ভ্ৰমণ৷ অন্যথা সৰ্বদিশ সামৰি
পোনতে কোনোবাই লিপিবদ্ধ কৰি থৈ যোৱা ভ্ৰমণ অভিজ্ঞতামূলক গ্ৰন্থৰ অধ্যয়নেই বিকল্প পন্থা৷
আনফালে, আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ নৃগোষ্ঠীয় সমাজখন ইমানেই সমৃদ্ধিশালী, ইমানেই ৰং-চঙীয়া,
ইমানেই বিচিত্ৰ আৰু বৰ্ণাঢ্য যে সেই বৈচিত্ৰ্যতাৰ আজিলৈ পূৰ্ণাংগ বা পৰ্যাপ্ত অধ্যয়ন
কিম্বা গৱেষণা কোনোটোৱেই সম্পূৰ্ণ হৈ উঠা নাই৷ সেইখন বহল ক্ষেত্ৰৰে অৰুণাচল এটা বিশিষ্ট
অংশবিশেষ৷ জ্ঞানপিপাসু কতজনে তাতে চলাই গৈছে অভিযানৰ প্ৰস্তুতি, গৱেষণা আৰু অধ্যয়ন,
পৰিকল্পনা আৰু পদক্ষেপ, ইত্যাদি ইত্যাদি৷ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে সামান্য এটা কোণ
মাত্ৰ৷ গতিকে সাধাৰণ মানুহে হাতত ল’ব পৰা গ্ৰন্থৰ সুলভতা বা প্ৰচুৰতা সম্পৰ্কে আজিও প্ৰশ্নবোধক
চিহ্নৰ অৱতাৰণা নোহোৱা নহয়৷
ট্ৰেইনখন নাহৰলাগুন ষ্টেচন আহি পোৱাৰ পাছতে কেইবাখনো
টাটা চুম’ই যাত্ৰী আৰু মালবস্তু বোজাই
কৰি লক্ষ্যস্থান অভিমুখে অগা-পিছাকৈ ঢাপলি মেলা দৃষ্টিগোচৰ হৈছিল৷ টাটা মটৰ্চৰ এনেকুৱা
চুম’ বাহনবোৰেই অঞ্চলটোৰ প্ৰধান তথা
নিৰ্ভৰযোগ্য পৰিৱহণ ব্যৱস্থা৷ অৱশ্যে কেৱল অৰুণাচলেই নহয়, পাহাৰীয়া অনেক ৰাজ্যৰ অনেক
ঠাইৰে সংযোগী যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত কাৰ্যতঃ এইটোৱে পৰিলক্ষিত হয়৷ ভূমিৰ পৰা বাহনখনৰ
উচ্চতা অৰ্থাৎ গ্ৰাউণ্ড ক্লিয়েৰেন্স পৰ্বতীয়া বাটৰ বাবে অতি খাপ খোৱা আৰু অংশপাতি য’তে-ত’তে, আৰু তুলনামূলকভাৱে কম দামত
পোৱাটোৱে কাৰণ বুলি মাদাৰ মুখে জানিবলৈ পালোঁ৷ আনহাতে এইফালৰ চালকসকলৰ মনস্তত্বৰ এটা
মন কৰিবলগীয়া দিশ হ’ল, তেওঁলোকৰ পাৰস্পৰিক নিৰ্ভৰশীলতা
আৰু পৰাপক্ষত কোনো যাত্ৰীকে বাটত এৰি থৈ নোযোৱাৰ মানসিকতা৷ সেই সম্বন্ধেও ড্ৰাইভাৰ
দুজনৰ সৈতে অথনি পতা কথা-বতৰাৰ পৰাই স্পষ্ট উমান পালোঁ৷
ষ্টেচনৰ ওপৰত ইটানগৰ আৰু নাহৰলাগুন দুয়োটা শব্দই
ডাঙৰকৈ লিখা আছে৷ নাহৰলাগুন ষ্টেচনটো নতুন আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন৷ বাহিৰলৈ ওলাই যোৱাৰ
সময়ত ইয়াতে ইনাৰ লাইন পাৰ্মিট (আই.এল.পি.) বা চলতি ভাষাত পাছ পৰীক্ষা কৰা হয়৷ অৰুণাচল
প্ৰদেশত প্ৰৱেশৰ বাবে এই ৰাজ্যখনৰ স্থানীয় নিবাসীক বাদ দি আন সকলো নাগৰিকৰ বাবেই আই.এল.পি.
অপৰিহাৰ্য৷ এয়া চৰকাৰী বিধি-ব্যৱস্থা৷
ৰে’লযাত্ৰীৰ আই.এল.পি.ক লৈ আৰম্ভণিতে চলা অনিয়ম আৰু অসন্তুষ্টিৰ
বিষয়ে টেলিভিচনৰ পৰ্দা আৰু বাতৰি কাকতযোগে এসময়ত শুনিবলৈ আৰু পঢ়িবলৈ পাইছিলোঁ৷ ৰে’লেৰে আহি ৰাজ্যখনত সোমোৱা লোকসকলৰ
তদাৰকী ব্যৱস্থাপনাত কঠোৰতা অৱলম্বন কৰিবৰ বাবে অল নিছি ষ্টুডেণ্টছ ইউনিয়ন আৰু অল পাপুম
পাৰে ডিষ্ট্ৰিক্ট ষ্টুডেণ্টছ ইউনিয়নে বিগত
বৰ্ষৰ এপ্ৰিল মাহৰ শেষৰ ফালে ৰাজ্য চৰকাৰক দাবী জনাইছিল৷ আমাৰ পিছে সেইলৈ চিন্তা কৰিবলগীয়া
একো নাই৷ প্ৰত্যেকৰে বাবে জয়ন্তদাই আগতীয়াকৈ ফটোযুক্ত অৰুণাচল প্ৰদেশ টুৰিষ্ট কাৰ্ড
প্ৰস্তুত কৰিয়ে ৰাখিছে, গুৱাহাটীৰ ৰুক্মিণী গাঁৱত থকা অৰুণাচল প্ৰদেশ চৰকাৰৰ ডেপুটি
ৰেচিডেণ্ট কমিছনাৰৰ চহী আৰু মোহৰৰ সৈতে৷ ডাপৰিজোত পদাৰ্পণৰ বাবে নৱেম্বৰ মাহৰ ১ তাৰিখৰ
পৰা ৭ তাৰিখলৈ আমাৰ অনুমতি আছে৷ গতিকে টেনচন অকণো নাই৷ যাবহে লাগে মাত্ৰ৷
পৰ্যটকৰ বাবে নাহৰলাগুন ষ্টেচনতে আই.এল.পি. ব্যৱস্থাকাৰী
কেন্দ্ৰ এটিও দেখা পালোঁ৷ অন্য উদ্দেশ্যত অহা লোকসকলে অৰুণাচল প্ৰদেশৰ উপায়ুক্তৰ কাৰ্যালয়
নাইবা গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ বা কলকাতাত থকা উপ-আৱাসিক আয়ুক্তৰ কাৰ্যালয় অথবা
নতুন দিল্লীত থকা আৱাসিক আয়ুক্তৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি প্ৰৱেশৰ অনুমতি লাভ কৰিব
পাৰে৷ অনলাইনযোগে আই.এল.পি. পাবলৈ হ’লে www.arunachalilp.comৰ জৰিয়তে আৱেদন জনাব লাগে৷ আনহাতে
ষ্টেচনত অৱস্থিত কেন্দ্ৰটিৰ পৰা ভাৰত চৰকাৰ বা ৰাজ্য চৰকাৰৰ অধীনস্থ চাকৰিয়ালে টুৰিষ্ট
আই.এল.পি. পাবলৈ হ’লে সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা
অনুমোদিত, আই.ডি. নম্বৰ আৰু ফোন নম্বৰযুক্ত নিজৰ ফটো পৰিচয়-পত্ৰ দাখিল কৰাটো জৰুৰী৷
ব্যক্তিগত পৰ্যটকে পাছপ’ৰ্ট বা আধাৰ কাৰ্ড বা পান কাৰ্ড,
অৰুণাচল প্ৰদেশৰ পঞ্জীয়নকৃত ট্যুৰ অ’পাৰেটৰ বা হোটেলৰ বুকিঙৰ নথি অথবা বিমান বা ট্ৰেইনৰ অহা-যোৱাৰ
টিকটৰ প্ৰতিলিপি জমা দিয়াটো নিয়ম৷
(পৰৱৰ্তী খণ্ড - য়ুপিয়া ৰ’ডেৰে…)
No comments:
Post a Comment