Wednesday, 13 April 2016

দিন দুই৷৷ ১.১১.২০১৫
১০. আপাৰ সোৱণশিৰি ডিষ্ট্ৰিক্টত সোমালোঁ



অলপ ৰৈ হাত-ভৰি পোনাই আকৌ যাত্ৰা আৰম্ভ৷ ৰাগা পোৱাৰ আগে আগে ভিউ পইণ্ট এটা ওলাল৷ তাতে আছে অৰুণাচল প্ৰদেশৰ ডিপাৰ্টমেণ্ট অৱ টুৰিজিমৰ দ্বাৰা পৰিচালিত কামৰাক কাফেটেৰীয়া৷ আনখন গাড়ীত থকা যাত্ৰীসৱৰ ইচ্ছা আৰু ইংগিত অনুসৰি ৱেচাইড ৰেস্তোৰাঁখনৰ সন্মুখতে দুয়োখন চুম থামিল৷ ঘড়ীত তেতিয়া দিনৰ প্ৰায় ২.০০ বাজে৷ জিৰোত যিসকলে ভাত খোৱা নাছিল তেওঁলোকে এতিয়া ইয়াতে দুপৰীয়াৰ সাঁজ মোকলাবৰ মন কৰিলে৷ খবৰ কৰি জনা গল যে খাদ্য হলে সাজু নাই৷ তৈয়াৰ কৰিব লাগিব৷ ইফালে ইয়াত খাই নললে আগলৈ আৰু সুযোগো নাই৷ ওঁঠ-মুখ শুকান হৈ পৰা সংগীকেইজনে এতিয়া বাৰুকৈয়ে বুজি উঠিল যে তেতিয়া আমাৰ সৈতে ভাত খাই নোলোৱা বাবেই ইমানপৰে ভোকাতুৰ হৈ ৰব লগা হল৷ আমি সেই ভুল নকৰা হেতুকে গহীনাই যাত্ৰা কৰি আহিছোঁ৷ বাটে বাটে ৰং-তামাচাও চলি আছে৷

আমাৰ গাড়ীৰ আৰোহীসকলৰ পেটৰ কাৰণে খাদ্য-চিন্তা কৰিবলগীয়া এই মুহূৰ্তত নাই৷ গতিকে সকলোটি ব্যস্ত হৈ পৰিল প্ৰকৃতিয়ে সন্মুখত মেলি ধৰা মানসিক খাদ্য-সম্ভাৰক লৈ৷ নাতিদূৰত দণ্ডায়মান জোঙা জোঙা পাহাৰ৷ তলেৰে লয়লাসেৰে বৈছে কমলা নৈখন৷ নীল-সেউজীয়া আকৰ্ষণীয় ৰং৷ এক অপূৰ্বসুন্দৰ শোভা৷ সকলোৱে শাৰী পাতি সেই অমল ৰূপসুধা পান কৰাত মগ্ন হলোঁ৷

ৰাস্তাটোৰ দাঁতিয়ে দাঁতিয়ে এয়াৰটেলৰ খুঁটা থিয় কৰা আৰু কেবল ফিটিঙৰ কাম চলিছে৷ নভবাকৈয়ে তাত অসমীয়া লৰাকেইটামান লগ পাই গলোঁ৷ তেওঁলোকৰ সৈতে একাষৰীয়াকৈ বহি লৈ গপ মৰাত ধৰিলোঁ৷ ঠাইডোখৰৰ বিষয়ে নজনা কথা কিছুমানো সেই সুযোগতে জানি পেলালোঁ৷

এই অঞ্চলৰ অধিবাসীসকলৰ সৰহসংখ্যকেই খ্ৰীষ্টান৷ ঠাইবিশেষে বাটত আমি খ্ৰীষ্টান ৰিভাইভেল চাৰ্চ দেখা পায়ে আহিছোঁ৷ ধৰ্মীয় চেতনাই জনজাতীয় মানুহখিনিৰ জীৱনলৈ সংস্কাৰমূলক পৰিৱৰ্তন আনিছে৷ বিশেষকৈ মাদক দ্ৰব্যৰ ব্যৱহাৰ কমা বুলি কামৰ খাতিৰত অঞ্চলটোত দীৰ্ঘদিন থাকি সঞ্চয় কৰা অভিজ্ঞতাৰে গুৱাহাটী, মঙলদৈ আদি ঠাইৰ লৰাকেইটাই কথা প্ৰসংগত স্পষ্টভাৱেই দোহাৰিলে৷ চৌহদৰ ভিতৰত ৰেস্তোৰাঁৰ বাহিৰত খেৰ-বাঁহেৰে নিৰ্মিত জাপি আকৃতিৰ দুখন চালি৷ চালিৰ তলত টেবুল-চকী সজাই বহাৰ সুবিধাও কৰি ৰখা হৈছে৷ তাৰ পৰা নৈখন আৰু পৰ্বতৰ দৃশ্য উপভোগ কৰিব পাৰি৷ সেইফালৰ পৰা অৰূপদাই মোলৈ চিঞৰ এটা মাৰি তালৈ মাতিলে৷ চালিখনৰ তলতে বহি চাহ একাপ খালোঁ৷

গাড়ী আকৌ চলিল৷ এসময়ত ৰাগা পাৰ হৈ গদাক পালোঁগৈ৷ লৱাৰ সোৱণশিৰি জিলাখন ইয়াতে সমাপ্ত হৈছে৷ তাৰ মানে এতিয়া আমি আপাৰ সোৱণশিৰিত প্ৰৱেশ কৰিম৷ অবুজ শিহৰণ এটা দেহে-মনে জাগি উঠিল৷

ৱাৰ সোৱণশিৰিৰ অনুৰূপ আপাৰ সোৱণশিৰি ডিষ্ট্ৰিক্ট গঠনৰো তিথি ১৯৮০ চনৰ ১ জুন৷ ভূখণ্ডটিৰ মাজেৰে দীঘলে দীঘলে বৈ যোৱা প্ৰধান নৈখনেই হৈছে সোৱণশিৰি৷ নৈখনৰ নামেৰেই জিলাখনৰ নাম৷ সোৱণশিৰিৰ পাৰৰ এই ভূভাগ পূৰ্বতে বালিপাৰা ফ্ৰণ্টিয়াৰ ট্ৰেক্টৰ অন্তৰ্গত লখিমপুৰ জিলাৰ অংশবিশেষ আছিল৷ আনহাতে হিমালয় পৰ্বতৰ পৰা ওলাই অহা সোৱণশিৰি অসমৰ ব্ৰহ্মপুত্ৰ নদৰ এখন মুখ্য উপনৈ হিচাপে পৰিগণিত৷ উজনি সোৱণশিৰি জিলাত সোমাই পৰাৰ পৰাই সোৱণশিৰিৰ প্ৰতি ধাউতিটো ক্রমাৎ দুগুণে চৰিব লাগিল৷

১৯৪৬ চনত বালিপাৰা ফ্ৰণ্টিয়াৰ ট্ৰেক্টটো দুভাগত ভগোৱা হৈছিল৷ ছেলা আৰু সোৱণশিৰি এলেকা৷ সোৱণশিৰি এলেকাৰ অন্তৰ্গত ডাপৰিজোত আদিতে এটা চাৰ্কোল হেড-কোৱাৰ্টাৰ প্ৰতিষ্ঠা কৰা হৈছিল, ১৯৫৩ চনত৷ ১৯৫৪ চনত সোৱণশিৰি এলেকাটোক সোৱণশিৰি ফ্ৰণ্টিয়াৰ ডিভিজন বুলি নামকৰণ কৰা হয়৷ আনহাতে ডাপৰিজো চাৰ্কোলটো ১৯৫৭ত মহকুমালৈ উন্নীত কৰা হয়৷ ১৯৫৯ চনত ডাপৰিজো মহকুমাৰ সৈতে সোৱণশিৰিৰ উত্তৰ-পূব পাৰৰ আৰু কিছু এলেকা সংযোজিত হয়৷ এজন অতিৰিক্ত ৰাজনৈতিক বিষয়াই মহকুমাটো নিয়ন্ত্ৰণ কৰিছিল৷ ১৯৬৪ত বৃহত্তৰ ডাপৰিজো অঞ্চলটোক সোৱণশিৰি জিলা বুলি নামাংকিত কৰাৰ উপৰি অতিৰিক্ত ৰাজনৈতিক বিষয়াজনকো অতিৰিক্ত জিলাধিপতিৰ মৰ্যাদা প্ৰদান কৰা হৈছিল৷ ১৯৮০ চনত এই জিলাখনক নামনি সোৱণশিৰি জিলা আৰু উজনি সোৱণশিৰি জিলা নামে পুনৰবাৰ দ্বিখণ্ডিত কৰা হয়৷ নাচ্ছো আৰু ডাপৰিজো নামে দুটা মহকুমাক লৈ গঠন হয় আপাৰ সোৱণশিৰি ডিষ্ট্ৰিক্ট৷ অনেক সংযোগ-বিয়োগ আৰু শেহতীয়াকৈ পূৰ্ব সোৱণশিৰি জিলাৰ দ্বিখণ্ডিতকৰণৰ ফলত এনেকৈয়ে সৃষ্টি হয় আপাৰ সোৱণশিৰি জিলাখন৷

গদাক এই দুয়ো জিলাৰ সীমাত থকা সৰু ঠাই৷ গাঁও বোলাই শ্ৰেয়ঃ৷ পাহাৰৰ ওপৰত কেনিবা কেনিবা জুমতলী দৃষ্টিগোচৰ হৈছে৷ জনবসতিহীন পৰ্বতৰ শাৰীবোৰৰ মাজেৰে ঠেক ৰাস্তাটো অকাই-পকাই কোনোবাখিনিত নেদেখা হৈ পৰিছে৷ খ্ৰীষ্টমাছ ফুল এডৰাই আমাক জিলাখনলৈ আদৰিলে৷ ওপৰলৈ উঠি যোৱা কেঁকুৰিটোৰ আগলৈ কি আছে জনাৰ উপায় নাই৷ তথাপি সেইফাললৈকে যাব লাগিব আমি৷ ডাঙৰকৈ গলখেকাৰি এটা মাৰি মাদাই এক্সেলাৰেটৰ হেঁচি ধৰিলে আৰু টাৰ্নিং লবলৈ উদ্যত হল৷







(পৰৱৰ্তী খণ্ড - উজনি সোৱণশিৰি জিলাৰ ইটো-সিটো)

No comments:

Post a Comment