দিন তিনি ৷৷ ২.১১.২০১৫
ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’ প্ৰথম অসমীয়া সামাজিক উপন্যাস৷ ‘অৱনৰি’ সোৱণশিৰি আৰু ‘অৱনৰি’ৰ পাৰৰ ঘূণাসুঁতিৰ কাষৰীয়া অঞ্চলৰ মিচিং সমাজৰ কাহিনীক কেন্দ্ৰ কৰিয়েই ১৮৯৬ চনত ৰচিত হৈছিল এই অমৰ সৃষ্টি৷ অসমৰ জনজাতীয় জীৱন প্ৰতিফলিত কৰা, প্ৰাক-যুদ্ধ কালৰ এই কালজয়ী উপন্যাসখনৰ পৃষ্ঠাতো সোৱণশিৰিৰ অৱস্থান, ৰূপ-মাধুৰীৰ সুন্দৰ বৰ্ণনা আছে৷ উপন্যাস সম্ৰাটগৰাকীয়ে তেতিয়াই লিখিছিল… ‘‘সোৱনশিৰি নৈখন বহলে ব্ৰহ্মপুত্ৰৰ পাঁচ জোখৰ এজোখমান হ’ব৷ ব্ৰহ্মপুত্ৰৰ পানীতকৈ ইয়াৰ পানী নিৰ্মল৷ যিমান ওপৰৰ ফাললৈ যোৱা যায়, ইয়াৰ পানী সিমান নিৰ্মল পোৱা যায়৷ আনকি ওপৰৰ ফালে পানী ইমান ফটফটীয়া যে তললৈকে দেখি৷ এই পানীৰ লগত ঠায়ে ঠায়ে অলপ সোণ মিহলি আছে৷ আগেয়ে সোৱনশিৰি অসমৰ এখন প্ৰধান সোণ কমোৱা নৈ আছিল৷ আজিকালিও ঠায়ে ঠায়ে সোৱনশিৰিৰ পানীত সোণৰ ৰেণু আছে৷ কিন্তু আজিকালি অসমীয়া মানুহে সোণ ধুবলৈ এৰিছে৷ বৃত্তিটো বৰ কষ্টকৰ, লাভ নহয়৷ কপালত থাকিলেহে এমাহ বালি ধুই এসিকি সোণ উলিয়াব পাৰি৷ আগেয়ে ৰজাৰ দিনত ধান-চাউল বৰ সস্তা আছিল৷ এসিকি সোণেৰেই এপৰিয়াল মানুহৰ গোটেইটো মাহ খাবলৈ আটিছিল৷ কিন্তু আজিকালি পাঁচ-ছয় টকা ৰূপ নহ’লে এটা মানুহকে খাবলৈ নটাত পৰিল৷ সেইদেখি আজিকালি অসমীয়া মানুহে বাধ্য হৈ এনেবিলাক বৃত্তি এৰি পেলাইছে৷ কিন্তু আজিকালিও সোৱনশিৰি আইৰ দুখীয়া অসমীয়া মানুহক সোণ দান কৰা পুণ্যফাঁকি ৰহিত হ’লেও, আইৰ আন আন গুণ সকলো আগৰ দৰেই আছে৷ সেই কাৰণে আৰু তেওঁৰ শীতল সুকোমল বেথালগা আদৰতেই অসমীয়া মানুহে এতিয়াও আইক বখানিবলৈ এৰিব পৰা নাই৷ আইৰ ৰূপৰো সীমা নাই৷ কতবা বৰ বিতোপন বিতোপন হাবিৰ মাজেদি বাগৰিছে৷ কতবা গাঁৱৰ মাজেদি গৈ পাৰত থকা মানুহবিলাকক তেওঁৰ শীতল বতাহ আৰু নিৰ্মল পানী দি দেহে-মনে ভালে ৰাখিছে৷ আইৰ অসমীয়া মানুহতকৈ পৰ্বতৰ পৰা অহা সৰল ভাবৰ মিৰি মানুহবিলাকৰ ওপৰত চেনেহ বেছি৷ স্বভাৱৰ এই অজলা-আজলী ল’ৰা-ছোৱালী মিৰি জাতিয়ে আইক এৰি কেতিয়াও থাকিব নোৱাৰে৷ পৰ্বতৰ শীতল ঠাইৰ পৰা নামি অহা মিৰিহঁত আইৰ কাষত নাথাকিলেই নহয়৷ চৰগ পূজাত সিহঁতক শীতল কৰিবলৈ মুগ্লীং মিৰেমাক তাঙ্গ লেছিনাক্, চিনেক তাঙ্গ একি ৰাক্ বেচিনেক্ বেচি তাম কনেক্ বিদাক বঙ্কে, চিনকে তাককনে, টুকুইয়া আকিয়ে, কিময়কা, আচাৰে বিবি মতৈকা ইত্যাদি বুলি তুতি কৰা মিৰিহঁতৰ সোৱনশিৰি আইৰ শীতল বতাহ নাপালে জীৱ নাথাকে৷ সোৱনশিৰিৰ শীতল পানী নাখালে সিহঁতৰ পিয়াহ নপলায়৷ আই সোৱনশিৰিৰ কোলাত সৰু সৰু নাৱত উঠি উমলিব নাপালে মিৰিহঁতৰ মনত ৰং নালাগে৷ সেইদেখি এই মিৰি জাতিৰ অধিকাংশ মানুহে আই সোৱনশিৰিৰ পাৰত বাস কৰে৷ ঠায়ে ঠায়ে সোৱনশিৰিৰ দুয়োপাৰে মিৰিহঁতৰ গাঁও৷ কতবা হয়তো এপাৰে মিৰিৰ গাঁও আনপাৰে হাবি৷ সেই হাবি ভাঙি মিৰিহঁতে ভূঁই কৰে৷’’
উপন্যাসখনত আৰু লিখিছিল… ‘‘বেলি পাতত বহিছে৷ আকাশ সুন্দৰ নিৰ্মল৷ হেঙুলীয়া আকাশৰ ছাঁ সোৱনশিৰি নৈত পৰি সোৱনশিৰি নৈৰ পানীকো হেঙুলীয়া বৰণ কৰিছে৷ সোৱনশিৰি নৈৰ বুকুত মৃদু-মন্দ বতাহ বইছে৷ ৰিপ্ ৰিপ্ সুৰে আই সোৱনশিৰি বব লাগিছে৷ ইফালে দূৰৈত মিৰি গাঁৱত জুই জ্বলিছে৷ দুই-এটিকৈ বিহু ঢোল মিৰি গাঁৱত বাজিছে৷ এনেই সোৱনশিৰি নৈখন বহল৷ দুয়ো কাষে সবুজ ৰঙৰ ঘাঁহ, ঠায়ে ঠায়ে চিকুণ বালিৰ চৰ৷ মুঠতে পাঁচ মাইলমান দূৰৈতে পাহাৰৰ চিকুণ দৃশ্য৷ তাতে সন্ধিয়া কালত মৃদু-মন্দ বতাহ৷ সিফালে পূবৰ ফালৰ পৰা বেলি নৌ মাৰ যাওঁতেই পূৰ্ণিমাৰ জোনটিয়ে দেখা দিছে৷ সোৱনশিৰি নৈখন কেনে যে চিকুণ দৃশ্য এটি ধৰিছে তাক বৰ্ণাই শেষ কৰিব নোৱাৰি আৰু আমাৰো সিমান শক্তি নাই৷ কোনোবাই যদি কেতিয়াবা এনে সময়তে ঠিক এনে দিনত নাৱেৰে সোৱনশিৰিৰ পথালি পাম খণ্ডৰ ওচৰত ফুৰিবলৈ পাইছে সিয়েই আমি বিৱৰণ দিয়া দৃশ্যটোনো কেনে তাক বুজিব৷ আৰু কবিত্ব শক্তি থাকিলে তাকে বৰ্ণাই এখন পুথিও লেখিব পাৰিব৷ বাস্তৱিক পক্ষতে কাতি-আঘোণ মহীয়া এনেকুৱা সময়ত সোৱনশিৰিৰ বুকুত ফুৰিবলৈ বৰ চিকুণ৷ স্বভাৱৰ সৌন্দৰ্যত মন মোহিত হয়৷ আৰু কৰুণা সাগৰ পৰমেশ্বৰৰ এনেবিলাক দৃশ্য দেখি তেওঁলৈ ভক্তিৰ সঞ্চাৰ হয়৷ নিতান্ত ভাবুকেও ভাব পায়৷’’
বিশ্ববিশ্ৰুত শিল্পী ডক্টৰ ভূপেন হাজৰিকায়ো সোৱণশিৰিৰ পাৰৰে পানেই-জংকিক লৈ অমৰ গীত ৰচনা কৰি গ’ল৷ একেদৰে, অই আপ্পুন শিল্পী গণেশ পেগুৱে সৃষ্টি কৰি থৈ গ’ল ‘অৱনৰি’ৰ দুয়ো পাৰক একে কৰাৰ যুগজয়ী গীত৷ এনেকৈয়ে সোৱণশিৰিক কেন্দ্ৰ কৰি সৃষ্টি প্ৰক্রিয়া যুগে যুগে অব্যাহত আছে৷
অৰুণাচল পাহাৰৰ মাটিবোৰ জুৰ্জুৰীয়া৷ ১৯৫০ চনৰ বৰ-ভূঁইকঁপত ভূমিস্খলন হৈ সোৱণশিৰি নৈখন কেইবাদিনো ধৰি বন্ধ হৈ আছিল৷ পাছত বান্ধ ভাগি হুৰহুৰাই নামি আহিছিল৷ পৰ্বতসম সেই বানপানীয়ে সৃষ্টি কৰিছিল প্ৰলয়৷ জ্যেষ্ঠসকলে আজিও এই কথা ভয়ে ভয়ে সোঁৱৰে৷ মানৰ দিনৰ দৰেই শিহৰণকাৰী ব্যাখ্যা সেই ভূমিকম্পৰ৷ বুৰঞ্জী পুথিত স্কুলীয়া দিনতে আমি পঢ়িবলৈ পাইছিলোঁ৷ মানৰ দিন বুলিলে এক সুকীয়া অৱস্থা৷ সেয়া যেনিবা মানুহৰ৷ বৰ-ভূঁইকঁপ বুলিলেও এক সুকীয়া অৱস্থা৷ সেয়া প্ৰকৃতিৰ৷ দুয়োটাই সমানে ভয়লগা৷ প্ৰলয়ংকৰী সেই ভূমিকম্পৰ পূৰ্বে সোৱণশিৰিখন চাউলধোৱা ঘাটৰ পৰা প্ৰায় পাঁচ কিল’মিটাৰ পূবৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মিলনপুৰৰ ওচৰেদি বৈছিল৷ পঢ়িবলৈ পোৱা মতে… ‘‘উজনিৰ চিপোমুখত পাহাৰ খহি সোৱণশিৰিৰ পানী আবদ্ধ হৈ পৰিছিল৷ ফলস্বৰূপে নামনিত নৈৰ বুকু শুকাই মাছ-কাছৰ অথন্তৰ হৈছিল৷ পথালিপাম চাহবাগিচাৰ ইউৰোপীয় পৰিচালকজনে উৰাজাহাজেৰে গৈ বান্ধটো পৰীক্ষা কৰি আহিল৷ যিকোনো মুহূৰ্তত পানী নামি আহি প্ৰবল বানপানী হ’ব বুলি নৈপৰীয়া ৰাইজক সাৱধান-বাণী শুনোৱা হ’ল৷ ৰাইজ দিহাদিহি ভাগিল৷ পিছে তিনিদিনলৈ পানী নহাত বিৰক্তি লাগি ৰাইজ পুনৰ স্বস্থানে উভতিল৷ সেইদিনাই মাজনিশা ধমহ্ ধমহ্ শব্দ হ’ল৷ পানীৰ ৰাৱত কাণ ফাটো ফাটো হ’ল৷ পানী আহিল ঔ বোলোঁতেই এবুকু-এডিঙি হৈ থাউনি নোপোৱা হ’ল৷ বানত ভলুকা বাঁহৰ আগলৈকে তল গ’ল৷ দুলুংমুখ, খেৰবাৰী, ন-আলি, বালিজান, থেকেৰাগুৰি, উৰিয়ামগুৰি, গেৰগেৰি আদি শুৱনি বহগাঁওবোৰ পলস আৰু বালিত পোত খালে৷ গেৰগেৰিৰ পুৰণি মানুহৰ ঘৰত তাহানিৰ সোণ কমোৱা সঁজুলিবোৰ আছিল৷ সেইবোৰৰ সৈতে গাঁওখন ধুই নিলে৷ বানপানীয়ে অনা গেদৰ সৈতে নৈখনৰ তেতিয়াই প্ৰভূত পৰিৱৰ্তন ঘটিল৷’’
তাৰ পাছতো সোৱণশিৰিৰ আশ্ৰয়তে বৰ্তি আছে বিভিন্ন জলচৰ প্ৰাণী আৰু উদ্ভিদ৷ দুয়োপাৰৰ জীৱ-জন্তু, চৰাই-চিৰিকটি, শস্যে-মৎস্যে অনুপম গাঁওবোৰ৷ কৈ থাকোঁমানে ওৰকে নপৰে সোৱণশিৰিৰ কথা৷ তেনেকুৱা কত শত কথা আমাৰ স্মৃতিৰ অগোচৰেই ৰৈ গৈছে৷ ২০০৪ চনত ঢকুৱাখনাৰ গৌৰৱ ফাটবিহু প্ৰথমবাৰ চাবলৈ যাওঁতে বাণিজ্যিক নগৰ বুলি খ্যাত গোগামুখৰ নগাঁৱত বন্ধু পৱিত্ৰ সন্দিকৈৰ ঘৰত আলহী হৈ আছিলোঁ৷ নিশা আমাৰ আলোচনাত সোৱণশিৰিয়ে গুৰুত্বপূৰ্ণ স্থান পাইছিল৷ তেতিয়াই শুনিবলৈ পোৱা মতে তাহানিতে নৈখনৰ এটা সুঁতি সেইছোৱাইদি বৈছিল হেনো৷ গোঁ গোঁ কৈ বৈছিল হেতুকেই ঠাইখনৰ নাম হেনো গোগামুখ৷ আনহাতে নগাঁও অঞ্চলটো অত্যন্ত বালিময় হোৱাটো লক্ষ্য কৰিছিলোঁ৷
এতিয়া এইফালে দেখি থকা আপাৰ সোৱণশিৰি, ল’ৱাৰ সোৱণশিৰিৰ ওখ-চাপৰ পৰ্বতবোৰৰ ফাঁকে ফাঁকে নামনি অভিমুখে বৈ গৈ সোৱণশিৰিয়ে অসমৰ ভৈয়াম পোৱাৰ পাছতে ৰাজগড় আলি নামৰ এক সুপ্ৰাচীন পথ পাৰ হৈছে৷ কথিত আছে যে এই বাটেদিয়েই ব্ৰজৰ শ্ৰীকৃষ্ণই বিদৰ্ভ কন্যা ৰুক্মিণীক হৰি নিছিল৷ আমি অৱশ্যে এতিয়া সোঁতৰ বিপৰীতে উচ্চাংশলৈহে উঠি গৈ আছোঁ য’ত অৱবাহিকাই ক্ষণে ক্ষণে বৰণ সলোৱাৰ লগতে নৈখন ক্ৰমাৎ ঠেক কিন্তু দুৰ্বাৰ ৰূপত গতিশীল দেখা গৈছে৷
(পৰৱৰ্তী খণ্ড – তালিহা)
No comments:
Post a Comment