দিন তিনি ৷৷ ২.১১.২০১৫
পুৱা ৭.৪৫ বজাত দুখন চুম’ৰে ডাপ’ৰ পৰা আগলৈ আমাৰ দিনজোৰা যাত্ৰা
শুভাৰম্ভ কৰা হ’ল৷ পুৱা সোৱণশিৰিৰ বিষয়ে সোধোঁতে মাদাই ঠিকেই কৈছিল যে
আজি আমি সোৱণশিৰিৰ পাৰে পাৰেই গৈ থাকিম৷ চহৰ এৰাৰ পাছৰে পৰাই সোঁহাতে নৈখনে লগ
ল’লে৷ ৰাস্তাটো উন্নত নহয় যদিও
নৈসৰ্গিক প্ৰকৃতিয়ে সেই দুৰ্ভাবনাক তল পেলাই আনন্দ প্ৰদান কৰি গ’ল৷ ক্ষন্তেকীয়া পৰ্যটকৰ দৃষ্টিৰে
আমিও যিমান পাৰোঁ এফালৰ পৰা চাই গৈ থাকিলোঁ৷ মনতে ধাৰণা হ’ল, এইবোৰ যেন সৃষ্টিকৰ্তাৰ প্ৰিয় ঠাই৷ গোপনে লুকুৱাই ৰাখি থৈছে তেৰাই৷
বৈদিক যুগৰে পৰাই পৱিত্ৰ আৰু চহকী নৈ বুলি সোৱণশিৰিৰ
বিশেষ খ্যাতি আছে৷ অৰুণাচলৰ পৰা নামি অসমত প্ৰৱেশ কৰা এই নৈখন ধেমাজি আৰু লখিমপুৰ জিলাৰ
সীমান্তৰ ঠাই গোগামুখৰ সমীপৱৰ্তী ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা পকী দলঙেৰে অনেকবাৰ পাৰ হৈছোঁ৷
সেই পথেৰে অহা-যোৱা কৰা সৌন্দৰ্যপিয়াসী প্ৰতিজন মানুহেই চাউলধোৱা ঘাটত সোৱণশিৰিৰ অপৰূপ
শোভা চাবলৈ ক্ষণিকৰ বাবে হ’লেও উক্ত স্থানত দলঙৰ দুয়োদিশে দৃষ্টি
নিক্ষেপ কৰিবলৈ বা এখন্তেক ৰ’বলৈ বাধ্য হয়৷ দীঘল দলংখন যেন
এটা স্বতঃস্ফূৰ্ত ভিউ পইণ্টহে!
ঋতুৱে ঋতুৱে ৰূপ সলাই সলাই সোৱণশিৰি প্ৰৱাহিত হৈ থাকে৷ চুবুৰীয়া পাৰ্বত্য ৰাজ্যখনৰ বক্ষৰে বাগৰি অহা বিশাল জলধাৰাৰে পুষ্ট হৈ বৰ্ষা কালত ফেনে-ফোটোকাৰে উপচি আত্মগৌৰৱত যেন উফন্দি উঠে সোৱণশিৰি! শৰৎ কালত শুকুলা কঁহুৱাই হালি-জালি নাচে শীৰ্ণ হৈ পৰা নদীৰ দুয়ো পাৰে৷ সোঁৱে-বাঁৱে সৰিয়হ ফুলৰ বিস্তীৰ্ণ হালধীয়া হেমন্ত কালত৷ জাক জাক পৰিভ্ৰমী চৰাইৰ বিচৰণ শীত কাল অহাৰ লগে লগে৷ বসন্তৰ আগমনত প্ৰকৃতিৰ অন্য উপাদানৰ দৰে নৈয়েও ন-ৰূপ পৰিগ্ৰহ কৰে৷ নিৰৱধি বৈ থাকে স্বাভিমানী সোৱণশিৰি৷

গোগামুখৰ পৰা উজাই আহিলে গেৰুকামুখ৷ তাতো এন.এইচ.পি.চি.ৰ
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত জীৱনৰ তিনিটা বেলেগ বেলেগ সময়ত তিনিবাৰকৈ সোৱণশিৰিৰ
জলধাৰা দেখিছোঁ৷ তললৈ নামি গৈ সেই জলধাৰা স্পৰ্শ কৰিছোঁ, হাত-ভৰি তিয়াইছোঁ, কেইঢোকমান খাইছোঁও৷ সেইখিনিতে নৈখন অসমৰ ধেমাজি জিলাত সোমাইছে৷ চিৰযৌৱনা সোৱণশিৰিৰ তীৰে
তীৰে অগ্ৰসৰ হৈ আগতে কাহানিও নেদেখা আগলি ৰূপ এতিয়া দেখাৰ সৌভাগ্য ঘটিছে৷
এইটো জনাজাত কথা যে ৩২,৬৪০ বৰ্গ কিল’মিটাৰ বহন এলেকাৰে সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ
সৰ্ববৃহৎ উপনৈ৷ উৎপত্তিৰ পৰা মোহনালৈ ইয়াৰ দৈৰ্ঘ ৪৪২ কিল’মিটাৰ৷ লখিমপুৰ জিলাৰ সীমা পাৰ
হৈ নৈখন ব্ৰহ্মপুত্ৰৰ এটি ঠাল খেৰকটীয়া নৈত পৰিছে৷ সোৱণশিৰি আৰু খেৰকটীয়া লগ হৈ নাম লৈছে
লুইত৷ লখিমপুৰ আৰু মাজুলীৰ মাজেদি বাগৰি লুইতখন পশ্চিমমুখে বিশাল ব্ৰহ্মপুত্ৰত বিলীন
হৈছেগৈ৷ এইখিনিতে উল্লেখ কৰা ভাল যে লুইত আৰু লোহিত দুটি পৃথক জলধাৰা৷ লোহিত হৈছে ব্ৰহ্মপুত্ৰ নদৰ পূবৰ মূল উপনৈ, পূৰ্বতে যাক ব্ৰহ্মপুত্ৰ বুলি ভুলকৈ ভবা হৈছিল৷
আনহাতে এইটোও মন কৰিবলগীয়া যে ‘স্বৰ্ণদী’ অৰ্থাৎ এই সোৱণশিৰিকো প্ৰথমে ভবা হৈছিল তিব্বত হিমালয়ৰ উত্তৰ ঢালেৰে ভাৰতলৈ সোমাই অহা চাংপো অৰ্থাৎ অসমৰ ব্ৰহ্মপুত্ৰখনৰ অগ্ৰভাগ বুলি৷ সোৱণশিৰি নে দিহাং? এই লৈ অনেক বাদ-বিবাদো আছিল এসময়ত৷ ১৮৭৭ চনত কেপ্টেইন উদথ্ৰপেহে নিশ্চিত কৰিলে যে সেইখন লকং চুহে৷ চাংপো, চিয়াং, দিহাং বা ব্ৰহ্মপুত্ৰ এখনো নহয়৷ তিব্বতৰ ৫,০৫৯ মিটাৰ উচ্চতাৰ পোৰোম শৃংগৰ বিস্তীৰ্ণ চিৰতুষাৰ ক্ষেত্ৰৰ পশ্চিম অংশৰ পৰা লকং চু নাম লৈ ওলাই পাছত হৈছেগৈ সোৱণশিৰি নৈ৷ অৰ্থাৎ সোৱণশিৰিৰ উৎপত্তি সুদূৰ তিব্বতত৷ চাংপোৰ পৰা মাত্ৰ ৩০ কিল’মিটাৰ নিলগত এই উৎপত্তিস্থল৷ লংজুত নৈখন অৰুণাচলৰ আপাৰ সোৱণশিৰি জিলাত সোমাইছে৷ অসমৰ লখিমপুৰ জিলাত ব্ৰহ্মপুত্ৰৰ সৈতে মিলিছে৷ কমলা, খুৰু, চিপি, প্লেইন, পানিয়ৰ, পামা, পপুম, পাৰ আদি সোৱণশিৰিৰ উপনৈ৷ সোৱণশিৰিৰ পাৰতে অৱস্থিত ডাপৰিজো চহৰ, অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰি জিলাৰ যি সদৰ ঠাই৷ ৰাজ্যখনৰ দুখনকৈ জিলা আছে এই নদীখনৰ নামত৷ এখন আপাৰ সোৱণশিৰি৷ আনখন ল’ৱাৰ সোৱণশিৰি যাৰ সদৰ ঠাই জিৰো৷ আমি এইবোৰ স্থান পাৰ হৈ আহিছোঁ৷ শুনিবলৈ পাইছোঁ বােলে ডাপৰিজোৰ পৰা সোৱণশিৰিৰ পাৰেৰে উজাই গৈ থাকিলে বতাহত ১১২ কিল’মিটাৰত আছে ভাৰত-চীন আন্তৰাষ্ট্ৰীয় সীমান্ত লাইন অৱ একচুৱেল কণ্ট্ৰল৷

সোৱণশিৰিক ‘সোণালী নৈ’ বুলি জনা গৈছিল৷ ইয়াত পোৱা সোণৰ কণিকাৰ বাবে এই নৈ প্ৰাচীন
কালৰে পৰাই প্ৰখ্যাত৷ অতীজত সোৱণশিৰি নৈত সোণ কমাইছিল সোণোৱাল কছাৰীসকলে৷ এই বিষয়ে
পৌৰাণিক কাহিনী এটি শুনা যায়৷ বৰ্ণনা অনুযায়ী আৰিমত্ত ৰজাই নিজৰ পিতৃক বধ কৰিছিল৷ তাৰ
পাছত পিতৃহত্যা পাপৰ পৰা নিষ্কৃতি পাবৰ বাবে এটা বিৰাট যজ্ঞৰ আয়োজন কৰিছিল৷ সেই যজ্ঞৰ
পৰা ব্ৰাহ্মণ-সজ্জনসকল বিৰত আছিল৷ মনৰ সন্তাপত নৌকাভৰ্তি সোণ লৈ আহি থাকোঁতে সোৱণশিৰি
নৈত তেওঁৰ নাও বুৰে৷ সেই ঘটনাৰ ফলক্রমে নৈখনত সোণৰ চেকুৰাবোৰ যেনি-তেনি বিয়পি পৰে৷
আনহাতে সোণোৱালসকলৰ কিংবদন্তিয়ে কোৱামতে, অতীতত
কছাৰী মূলৰ এটা ঠালৰ মানুহ এখিনিয়ে সোণৰ চেকুৰা বিয়পি পৰা কথাটোৰ ভু পাই সোৱণশিৰি নৈৰ
বালিত সোণ চাকি উলিয়াবলৈ সক্ষম হৈছিল৷ আহোম ৰজাৰ অধীনত সোণ কমোৱা বৃত্তিয়াল হিচাপে
এই শ্ৰেণীৰ মানুহক ‘সোণোৱাল’ আখ্যা দিয়া হৈছিল৷ শিৱদৌলৰ সোণৰ
কলচীৰ সোণ এই সোণোৱালসকলে গোটাই দি আহোম ৰজাৰ কীৰ্তিক ওখ আসন দিবলৈ সক্ষম হৈছিল বুলি
বুৰঞ্জী পুথিয়ে কয়৷ আমাৰ বিহুনামতো সোৱণশিৰিৰ সোণৰ উল্লেখ নথকা নহয়৷ উদাহৰণ… ‘সোৱণশিৰিৰ বালিতে কোনে সোণ কমালে / বালিৰে বালিচন্দা ধুই, তুমি চোৱা
আমালৈ আমি চাওঁ তোমালৈ / দুফালে
দুকুৰা জুই৷’
(পৰৱৰ্তী খণ্ড – আৰু কথা, নদী সোৱণশিৰিৰ)
chutia the great king established capital
ReplyDeletebut you can not know it.
sonowal is more advancer than ahom