দিন তিনি ৷৷ ২.১১.২০১৫
১১. লিমেকিং
নাচ্ছোত অলপপৰ ৰৈ মনত আনন্দ লৈ পুনৰ যাত্ৰা আৰম্ভ৷
সন্মুখত লিমেকিং৷ অলপ আগলৈ ৰাস্তা এটা সোঁহাতে তলৰ ফালে নামি গৈছে৷ মূল ৰাস্তাৰ
পৰাই সেইদিশে আঙুলিয়াই মাদাই স্থানীয় এম.এল.এ. চাহাবৰ ঘৰটো দেখুৱাবলৈ নাপাহৰিলে৷ তাৰ
অভিব্যক্তিত গৌৰৱৰ প্ৰকাশ এচেৰেঙা মই মন কৰিলোঁ৷ যাতায়াত সহজসাধ্য নোহোৱা, অনেক ভিতৰুৱা,
অসুচল স্থানবোৰত ক’বলৈ গ’লে মন্ত্ৰী-বিধায়কসকলেই ৰজা,
একো একোজন হৰ্তা-কৰ্তা-বিধাতা৷ বৃহৎ ভূখণ্ডৰ অলিখিত জমিদাৰ, অগাধ ধন-সম্পত্তিৰ একছত্ৰী
গৰাকী হৈ ৰয় তেওঁলোক৷ বিপৰীতে সাধাৰণ মানুহ সৰহভাগৰে আজিও অৱস্থা লাও-লোৱা৷ দুখলগা
দৈনন্দিন জীৱন-যাত্ৰা৷
মানুহৰ অৱস্থা, পথৰ দুৰৱস্থাই শোকাভিভূত কৰিলেও
জলপ্ৰপাতৰ আধিক্যই বাৰে বাৰে আমাৰ চকু থৰ লগাইছে৷ পৰ্বতৰ উচ্চতা বৃদ্ধি হোৱাৰ লগে লগে
যেনিতেনি পানীৰ ধলবোৰৰ মাত্ৰা চৰিছে৷ অৰণ্যৰ মাজত নাতিদূৰত হঠাতে আৱিৰ্ভাৱ হোৱা জলপ্ৰপাতবিলাকলৈ
চাই এনেহে ধাৰণা হয়, পাহাৰ ফুটিহে যেন সেই পানীবোৰ ওলাইছে৷ তেনেকুৱা জলধাৰা প্ৰথমে
ৰাস্তালৈ নামে৷ তাৰ পাছত নামি যায় নামনিৰে ধাৱিত সোৱণশিৰিলৈ৷ কেইবাঠাইতো আমি বেইলী
ব্ৰীজেৰে পাৰ হৈছোঁ৷ ইফালে দলং নসজা বা সাজিব নোৱাৰা ঠাইত পানীৰ ওপৰেদিয়েই সংখ্যাতীতবাৰ
পাৰ হৈ যাবলগীয়া হৈছে৷
এঠাইত পালোঁ অকলশৰীয়াকৈ দুটা চাংঘৰৰ অৱস্থিতি৷
বিশৃংখলিত গৃহনিৰ্মাণ সজ্জা৷ চালৰ নামত মামৰে ধৰা টিনপাত৷ কাষত থকা জেঙু পাতৰ ঘৰটোত
বৰষুণৰ পানী ৰোধিবলৈ টাৰ্প’লিনৰ সহায় লোৱা হৈছে৷ সন্মুখতে
আমাৰ গাড়ী দুখন ৰ’ল৷ বাওঁহাতে পাহাৰৰ ওপৰত ওচৰতে
এগালমান মেঠোন ৰৈ আছে৷ মেঠোন অৰুণাচল প্ৰদেশৰ জাতীয় প্ৰাণী৷ অৰ্ধঘৰচীয়া জন্তুবিধ গৰাকীয়ে
জংঘলত মেলি দিয়ে৷ প্ৰয়োজনত ধৰি আনে৷ মেঠোনজাকৰ চকুবোৰে প্ৰহৰীৰ শেনদৃষ্টিৰে একেথৰে
চাই আছে আমাৰ ফালে৷ মাজে মাজে কেনিবাদি একোটা শব্দ ভাহি আহিছে৷ তাৰ বাদে চৌপাশৰ পৰিৱেশটো
নীৰৱ৷
পাছদিনাখনৰ ট্ৰেকিঙত বয়-বস্তুবোৰ কঢ়িয়াই নিবলগীয়া
প’ৰ্টাৰৰ বাবে গাইডৰ নিৰ্দেশত এইছোৱা
বাটত ঠায়ে ঠায়ে কেইবাৰমান যাত্ৰাবিৰতি মানিবলগীয়া হ’ল৷ ইঠাই-সিঠাইত দুজন-এজনকৈ গোট খোৱা স্থানীয় ডেকা
ল’ৰাকেইটাই চুম’খনৰ পাছফালে উঠি লৈছে৷ ৰেলিঙত
ধৰি থিয় হৈয়ে আহি আছে৷ একা-বেঁকা ৰাস্তাটোতো সিহঁতৰ ভয়-ভীত বুলিবলৈ তিলমানো নাই৷ এটা
জলপ্ৰপাতৰ পৰা নিগৰা পানী পোনে পোনে ৰাস্তাটোত পৰি আছিল৷ পাৰ হওঁতে বৰফচেঁচা জলৰাশি ঢং ঢংকৈ গাড়ীখনৰ ওপৰতে পৰিল৷ সেই পানীয়ে নিশ্চয় সিহঁতকো নিতিওৱাকৈ থকা নাই৷ আশংকাটো
মনলৈ অহাত পাছফালৰ ধূলিয়ৰি আইনাখনৰ মাজেদি মাজে মাজে ঘূৰি চাই গৈছোঁ, সিহঁত একেদৰে
আছেনে, নে ক’ৰবাত সৰি পৰিল বুলি৷
ৰ’দালি বতৰটোৰ হঠাতে কি হ’ল জানো!
ক’ৰবাৰ পৰা এসোপা ক’লীয়া ডাৱৰৰ আগমন ঘটিল৷ গৰা এটা আৰোহণ কৰি থাকোঁতেই মুখামুখিকৈ দৃষ্টিগোচৰ হ’ল আকাশত উদ্ভাসিত ৰঙীন পটি এটা৷ অৰ্ধচন্দ্ৰাকাৰ ইন্দ্ৰধনুৱে ইখন
পাহাৰৰ পৰা সিখন পাহাৰ চুইছেগৈ৷ মাজৰছোৱা আকৌ ডাৱৰৰ আঁৰত অদৃশ্য৷ সাতো ৰঙৰ উপস্থিতিয়ে
মোক মনত পেলালে নেপালৰ ভদ্ৰপুৰৰ পৰা বুদ্ধ এয়াৰ প্ৰাইভেট লিমিটেডৰ ১৯জনীয়া অকণমানি
বিমানেৰে কাঠমাণ্ডুৰ ত্ৰিভুবন ইণ্টাৰনেশ্যনেল এয়াৰপ’ৰ্টলৈ উৰি গৈ থকা মুহূৰ্ত এটাৰ কথা৷ সেইদিনা (২৮.৯.২০১১) আকাশমাৰ্গৰ পৰা চাবলৈ
পাইছিলোঁ দুখনকৈ গোলাকাৰ ৰামধেনু, আকস্মিকভাৱে৷ এতিয়া সচৰাচৰ দেখা পোৱাৰ দৰে ৰামধেনুখন
ওপৰত আছে, আমি তলত৷ কিন্তু সেইদিনা ৰামধেনুৰ অৱস্থান আছিল তলৰ বায়ুমণ্ডলত, বিমানখন
ওপৰত! সেইটো আছিল জীৱনকালত এতিয়ালৈ চাবলৈ পোৱা, সত্য-শিৱ-সুন্দৰৰ অস্তিত্ব সততে ঘোষণা
কৰি থকা, সঁচা অৰ্থত বিৰল এক প্ৰাকৃতিক দৃশ্য৷
আৰু আগুৱাওঁতে পথৰ দাঁতিত অকণমানি গাঁও এখন পালোঁ৷
অলপ পাছতে ক’লা মেঘৰ আঁৰেদি বিচ্ছুৰিত সূৰ্যৰ
ৰশ্মিৰেখাই পৰ্বত আৰু গিৰিখাদত পৰি অবৰ্ণনীয় এক চিত্ৰপটৰ সৃষ্টি কৰিলে৷ সুন্দৰ লেণ্ডস্কেপ৷
সূৰ্যৰ কিৰণত গিৰিখাদৰ পোনে পোনে অদূৰত পৰ্বতৰ এঢলীয়াত ঘৰ কিছুমান প্ৰতিভাত হৈছে৷ ৰাস্তাটো
আঁতৰি গৈছে পৰ্বতৰ গহ্বৰলৈ যাৰ ঠিক পোনে পোনে আছে আকৌ এক বিশাল আৰু উচ্চ জলপ্ৰপাত৷
তলৰ কেঁকুৰিতে ৰাস্তাটো ঘূৰিল৷ পাৰ হৈ আগলৈ পুনৰ দীঘলীয়া জলপ্ৰপাত এটা৷ তাৰ গুৰিতে আকৌ কেঁকুৰি
এটা৷ যেন কেঁকুৰি আৰু জলপ্ৰপাতৰ লেথাৰি সমাৱেশ৷ আমিও তাল মিলাই ঘূৰি-পকি গৈ আছোঁ, চাই চাই গৈ আছোঁ৷
প্ৰাণত আনন্দও লাগিছে, বিস্ময়ো জাগিছে ক্ষণে ক্ষণে৷
বেলিৰ পোহৰ পৰি পৰ্বতৰ সুগভীৰ অৰণ্য আৰু দুৰ্জয়
গহ্বৰ ক্ষন্তেকতে পুনৰ স্পষ্ট হৈ পৰিল৷ উচ্চতাত থকা বাবে সন্মুখৰ উপত্যকাটোৰ বিশাল
বনাঞ্চল আকাশীপথেৰে গ’লে দেখা পোৱাৰ দৰে লাগিছে৷ অৰণ্যানীৰে পৰিৱেষ্টিত এনে বিশাল অঞ্চলত
অন্য নালাগে হেলিকপ্টাৰ হেৰালেও বিচাৰি উলিওৱাটো সহজসাধ্য নহয়৷ অৰুণাচল প্ৰদেশৰ একালৰ
মুখ্য মন্ত্ৰী দৰজী খান্দুৰ কথা প্ৰসংগক্রমে মনত পৰি গ’ল৷ চীন-ভাৰত সীমান্তৱৰ্তী ৱে’ষ্ট কামেঙৰ ঘন জংঘলত পতিত হৈ
ইমান ডাঙৰ পৱনহংস A350-B3 ইউৰোকপ্টাৰখনেই
নাপাত্তা হৈ থাকিল! মুখ্য মন্ত্ৰী খান্দু, কেপ্টেইন টি. এছ. মানিক, কেপ্টেইন জে. এছ. বাবৰ,
য়েশ্বি চ’দাক আৰু য়েশ্বি লামুৰ অস্তিত্ব
উদ্ধাৰ কৰোঁতে কিমান দিন লাগিছিল ভু ৰাখোঁতাসকলে ভালকৈ জানে৷ ৩০.৪.২০১১ৰ ঘটনা আছিল
সেইটো৷ তাৰ পাছতো অৰুণাচলৰ বনাঞ্চলত দুৰ্ঘটনাগ্ৰস্ত বায়ুযান নিৰুদ্দিষ্ট হোৱাৰ বাতৰি
আমি মাজে-মধ্যে সংবাদ মাধ্যমৰ জৰিয়তে নোপোৱাকৈ থকা নাই৷ তাৰ পৰাই সহজে ঠাৱৰ কৰিব পাৰি কিমান ঘন, কিমান গভীৰ অৰুণাচলৰ অৰণ্য৷ আমাৰ চকুৰ আগত দেখা বনাঞ্চলো তদনুৰূপ৷
ছায়া-প্ৰচ্ছায়াৰে আচ্ছাদিত সেউজীয়াৰ মাজৰ এঢলীয়াত
প্ৰায় এশটামান ঘৰ দৃশ্যমান হৈছে৷ তাতে হেলিপেড এটাৰ উপস্থিতি৷ এটা সুন্দৰ দৃশ্য৷ আমি গাড়ী ৰখাই কিছু সময় চাই নয়ন জুৰালোঁ৷ স্থানীয় মানুহে হেলিকপ্টাৰক
হেলি বোলে৷ কেমেৰাটো জুম কৰি চাওঁতে দেখিলোঁ, ডাঙৰ-সৰু কাৰ্টন কিছুমান দ’ম লাগি আছে৷ আৰ্মীৰ গাড়ী চাৰি-পাঁচখনমান
আৰু জোৱানকেইজনমানো ৰৈ আছে৷ হয়তো হেলি আহিছিল৷ এয়াৰড্ৰপিং হৈছে৷ এনেকৈয়ে বায়ুযানেৰে ৰেছন পঠিয়াই
মানুহবোৰক কোনো ৰকম জীয়াই ৰখাৰ ব্যৱস্থা সীমান্তৱৰ্তী সংবেদনশীল এলেকাসমূহত সুদীৰ্ঘ
দিন ধৰি বৰ্তি আহিছে৷ গধুৰ যানবাহনৰ যাতায়াত সম্ভৱেই নহয়৷ ইমান দূৰ আহিও আমি মালবাহী
গাড়ী এখনো লগ পোৱা নাই৷ আৰ্মীৰ ট্ৰাককেইখনেই এয়া যি দেখা পাইছোঁ৷ আনফালে ঠেক গিৰিকন্দৰত
সোৱণশিৰিখনৰো এচমকা বগাকৈ জিলিকি উঠিছে৷ চুম’খন অন্য এফালে মুখ কৰি গৈ আছে যদিও এনে লাগিছে যে আমি
সেই ঠাইটুকুৰালৈকে গৈ আছোঁ য’ত অলপ আগেয়ে হেলিপেডটো দেখা পাইছিলোঁ৷
আৰু বাট অতিক্রম কৰোঁতে দূৰৈৰ পৰাই এঠাইত হঠাতে
দেখা গ’ল যে সন্মুখত আঠখনমান আৰ্মীৰ
গাড়ী৷ এখনো কিন্তু চলা নাই৷ আটাইবোৰ ৰৈ আছে৷ তেওঁলোকৰ শাৰীটোৰ পাছতে আমাৰ গাড়ী দুখনো
ৰৈ দিবলৈ বাধ্য হ’ল৷ গাড়ীবোৰত সশস্ত্ৰ ভাৰতীয় সৈন্য-সামন্ত
কিছুমান বহি আছে৷ খবৰ লৈ জনা গ’ল যে আচম্বিতে পৰ্বতৰ পৰা এগালমান শিল বাগৰি পথ ৰুদ্ধ হৈ পৰিছে৷ ভূমিস্খলন-বিধ্বস্ত
এলেকা এইটো৷ ভাগ্য ভাল যে জোৱানসকলৰ গাড়ী আমাৰ আগে আগে আছিল৷ সন্মুখৰকেইখনৰ পৰা ইতিমধ্যে
অনেকজন সৈনিক নামিছে৷ ভালেসময়ৰ মূৰকত হ’লেও তেওঁলোকৰ যুদ্ধকালীন তৎপৰতাত ৰাস্তাটো যেনিবা মুকলি হ’ল৷ গাড়ীবোৰো আগলৈ চলিব লাগিল৷
ঘনে ঘনে সময় সুধি সুধি অৰূপদাক ব্যতিব্যস্ত কৰি
গৈছোঁ৷ তেৱোঁ অৱশ্যে উত্তৰ দিবলৈ বাধ্য কাৰণ ডিফু বজাৰত ভাল কৰিবলৈ দি এৰি থৈ যোৱা
হাতঘড়ীটো ময়ে নি গুৱাহাটীত ৰে’লত উঠাৰ পাছত তেওঁলৈ হস্তান্তৰিত কৰিছিলোঁ৷ বাধা-বিঘিনি অতিক্রম কৰি
লিমেকিং পাওঁগৈ মানে অৰূপদাৰ ঘড়ীৰ কাঁটাই ৪.০০ বাজি পাৰ হোৱাৰ সংকেত দিলে৷ আকাশত সূৰুযৰ
জ্যোতি ক্রমান্বয়ে নিস্তেজ হৈ আহিছে৷ ভৈয়ামতকৈ পাহাৰ সোনকালে অন্ধকাৰ হোৱাটো ধৰাবন্ধা
কথা৷ সৈন্যবাহিনীৰ গাড়ীবোৰ টেইল লেম্প জ্বলাই খুব ধীৰে ধীৰে হেলিপেডৰফালে এখন এখনকৈ
উঠি গ’ল৷ সেইখিনিতে পুতি থোৱা অৱস্থাত
চাইনব’ৰ্ড এখন দেখা পালোঁ৷ মাদাক তাতে
ব্ৰেক মৰাবৰ তাগিদা এটা মনলৈ আহিছিল যদিও আন্ধাৰৰ আগমনলৈ চাই তেনে কৰাৰ সত নগ’ল৷ চকামকাকৈ দেখা সত্ত্বেও ধৰিব
পাৰিলোঁ যে ঠাইডোখৰৰ নামৰ সৈতে উচ্চতাটো লিখি থোৱা আছে সেই সেউজীয়া ফলকখনত৷
হেলিপেডৰ ওখ দেৱালৰ কাষেৰে তলৰ ফালে পাক লৈ বাটটো আগলৈ গৈছেগৈ৷ মাদাই আমাক সেইবাটে লৈ গ’ল৷ অকণমান আগুৱাই গৈয়ে প’ৰ্টাৰৰ বাবে আমাৰ চুম’ দুখন আকৌ ৰ’ল৷ সেইখিনিতে সোঁহাতে ঘৰ দুটামান আছে৷ ওপৰলৈ সৈন্যৰ ঘাটি৷
হেলিপেডৰ ওখ দেৱালৰ কাষেৰে তলৰ ফালে পাক লৈ বাটটো আগলৈ গৈছেগৈ৷ মাদাই আমাক সেইবাটে লৈ গ’ল৷ অকণমান আগুৱাই গৈয়ে প’ৰ্টাৰৰ বাবে আমাৰ চুম’ দুখন আকৌ ৰ’ল৷ সেইখিনিতে সোঁহাতে ঘৰ দুটামান আছে৷ ওপৰলৈ সৈন্যৰ ঘাটি৷
বৰুণ আৰু দেৱিন্দৰৰ হঠাতে কি হ’ল নাজানো, গাড়ীৰ পৰা নামি উভতি
লৰ মাৰিবলৈ ধৰিলে৷ এই দুটাৰ হ’ল কি বুলি সকলোৱে হতচকিত হৈ পৰিলোঁ৷ আন্তৰ্জাতিক সীমাৰ চুবুৰীয়া এলেকা৷
সাধাৰণ লোকতকৈ ইউনিফৰ্ম পৰিহিত সৈন্য জোৱানৰ আহ-যাহেই বেছি দেখিছোঁ৷ ইহঁত দুটাই কিবা
জগৰ লগালে নেকি বুলি আমাৰ মাজত গুণা-গঁথা নোহোৱাকৈও নাথাকিল৷ তুৰন্তে ভু লৈ গম পোৱা
গ’ল যে নহয়, হেলিপেডত দেখি অহা
উচ্চতাজ্ঞাপক ফলকখনৰ সৈতে ফটো তুলিবলৈকে দুয়োৰে মাজত তেনেকৈ লৰা-ঢপৰাখন লাগিছিল৷ মালবাহকৰ
বাবে ইয়াত গাড়ী দুখন ৰোৱাৰ সুযোগতে কামফেৰা সমাধা কৰিবলৈ দুয়ো উভতি চেকুৰ লৈছে৷ দৌৰি-ঢাপৰি
সিহঁত দুটা আহি পাওঁতে ভবাতকৈ অকণমান বেছি সময় ল’লে৷ ইফালে দিনান্তত পোহৰ শেষ হৈ অঞ্চলটোৱে অন্ধকাৰৰ
দিশে গতি কৰি আছে৷ দেৰি হোৱাৰ ফলশ্ৰুতিত টীম লীডাৰ জয়ন্তদা চিন্তাক্লিষ্ট হৈ পৰিছে৷
হাঁহি হাঁহি উভতি আহিছিল যদিও দুয়ো কিছু কথা টানকৈয়ে শুনিবলগীয়া হ’ল৷ তাকে লৈ বাকীবোৰে অৱশ্যে ৰগৰো
নকৰাকৈ নাথাকিলোঁ৷ নতুন চিনাকি আৰু সুদূৰ ফৰিদাবাদৰ পৰা আহি এই এড্ভেন্সাৰ ট্ৰিপটোৰ
সহযাত্ৰী হোৱা সিহঁত ইতিমধ্যে সকলোৰে লগত সহজ আৰু খোলামেলা হৈ পৰিছে৷ গতিকে ধৰ্তব্য
একো নাই৷ ইফালে বাটৰ কাষৰ BROৰ সেই ব’ৰ্ডখন ময়ো লক্ষ্য নকৰাকৈ নাছিলোঁ৷
তাত লিখা আছিল Limeking, You are at an altitude of 5248 feet৷
সুকলমে লিমেকিং পালোঁহি আমি৷ ইমান দিনে এই নামটো
জপ কৰি থকা হৈছিল৷ আপাৰ সোৱণশিৰি জিলাৰ লিমেকিং চাৰ্কোলৰ অন্তৰ্গত ২২খন গাঁও আছে৷ তাৰ
ভিতৰত লিমেকিঙেই ডাঙৰ৷ ২০১১ চনৰ পিয়ল অনুযায়ী মধ্যমীয়া জোখৰ গাঁও এই লিমেকিঙত ৬২টা
পৰিয়ালে বসবাস কৰে৷ মুঠ জনসংখ্যা ৩৭৬৷ ভাৰতীয় সৈন্য কবলিত এলেকা৷ লিমেকিঙৰ পৰা
চাৰিদিন ধৰি একেৰাহে পদচালনা কৰাৰ পাছত পৰ্বতৰ শিখৰত গিগু চেৰিয়া নামে হ্ৰদ এটা পোৱা
যায় বুলি শুনিছিলোঁ৷ ঔজ লে’ক বুলি এটা জলাশয়ৰ সুদৃশ্য ছবি
এখনো এঠাইত এবাৰ দেখিবলৈ পাইছিলোঁ৷ স্থানীয় মানুহে ডুংবু বুলি কোৱা, এইফালে নকৈ আৱিষ্কৃত
হোৱা এজাতি ফুলৰ বিষয়েও নামমাত্ৰ খবৰ মোৰ হাতত সঞ্চিত আছিল৷ সত্য-অসত্য বা সেইবোৰ ক’ত-কেনেকৈ আছে একো নাজানো অৱশ্যে৷গাড়ীত
বহি থাকিয়ে খিৰিকীৰে মূৰটো উলিয়াই এনেয়ে চকু ঘূৰাবলৈ লাগিলোঁ জোঙা পাহাৰবোৰৰ ভাঁজে
ভাঁজে, ওপৰে ওপৰে৷ পৰ্বতৰ গহ্বৰত ভালকৈয়ে সোমাই পৰিছোঁ৷ এনে লাগিছে লিমেকিং যেন এখন
আপুৰুগীয়া ছবি৷ মুহূৰ্তে মুহূৰ্তে নতুন নতুন ছবি দেখি অহাৰ সৌভাগ্যই হৃদয়খনক ঘনে ঘনে
উৎফুল্লিত কৰি তুলিছে৷ তেনেকুৱা ছবি সন্মুখত আৰু দেখিবলৈ পোৱাৰ আশাই মনটোক সঘনে উত্তেজিত কৰি ৰাখিছে৷
No comments:
Post a Comment