দিন দুই ৷৷ ১.১১.২০১৫
৭.১০ বজাত নাহৰলাগুন ষ্টেচন ৰ’ডেৰে বাহিৰ ওলাই জোৰাম-পালিন-চাংগ্ৰাম-কলৰায়িং
ৰ’ডত উঠিলোঁ৷ এই পথটোক য়ুপিয়া ৰ’ড বুলিও কোৱা হয়৷ য়ুপিয়া হৈছে
পাপুম পাৰে জিলাৰ সদৰ ঠাই৷ ইটানগৰৰ পৰা এই স্থান ২০ কিল’মিটাৰ আঁতৰত অৱস্থিত৷
মুকলি ৰাস্তা পাই অকাই-পকাই দৌৰিব লাগিল আমাৰ টাটা
চুম’ দুখন৷ দলটোৰ গন্তব্যস্থল পিছে
য়ুপিয়া নহয়, ডাপৰিজোহে৷ ডাপৰিজো হৈছে উজনি সোৱণশিৰি জিলাৰ সদৰ৷ জানিব পৰামতে ইয়াৰ পৰা
তালৈ কমেও ১০-১১ ঘণ্টামান সময় লাগে৷ পাহাৰৰ শিখৰলৈ চাই চাই ক্রমাৎ উচ্চতালৈ গতি কৰি
আছোঁ আমি৷ অৰুণাচল বুলিলেই ওখ-চাপৰ৷ ‘ঠাইতে ওখ, ঠাইতে চাপৰ’ বুলি গায়কে গীতত গাইছেই৷
আমি এতিয়া গৈ থকা ৰাস্তাটো দুশাৰী পাহাৰ কাটি তাৰ
মাজে মাজে নিৰ্মাণ কৰা হৈছে৷ অ'ত-ত'ত এক্সকেভেটৰ, ডাম্পাৰ, ৰোলাৰ, ডজাৰ আদি গধুৰ গধুৰ আৰ্থ মুভাৰ্ছ৷ অন্যফালে, দেখিলেই ক’ব পাৰি যে বাৰিষা কোনো কোনো পইণ্টত বৃহৎ ভূমিস্খলন হয়৷ নেৰিষ্টত
পঢ়ি থকা দিনবোৰত বান্দৰদেৱা-ইটানগৰ ৫২-এ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰ্চিংচা বোলা ঠাইডোখৰত
হোৱা সঘন খহনীয়াই আমাক কমখন দুৰ্ভোগ ভোগাইছিলনে? ৰাস্তাটো এবাৰ কাটি উলিয়ায়, পাছৰজাক
বৰষুণে নি দিক্রঙত সমাধিস্থ কৰি পেলায়৷ আকৌ কাটে, আকৌ ভাগে৷ নেৰানেপেৰা বৰষুণৰ কবলত
পৰি এবাৰ ৫৫ দিন পৰ্যন্ত সেই পথ বন্ধ হৈ থকাৰ ৰেকৰ্ড আছে৷ লেণ্ড স্লাইডৰ উক্ত যাতনা
আজিকালি আছেনে নাই নাজানো৷
২০০৭ চনতে ভাৰতৰ তদানীন্তন প্ৰধান মন্ত্ৰী ডক্টৰ
মনমোহন সিঙে ইটানগৰ-বান্দৰদেৱা চাৰিলেনযুক্ত হাইৱে’ প্ৰজেক্টৰ কথা ঘোষণা কৰিছিল৷ আনহাতে এতিয়া বিকল্প
পথ হৈছে বুলিও শুনা পাইছোঁ৷ সেই বাটে হোৱা প্ৰবল ভূস্খলনৰ কাৰণ আছিল তাৰ মাটিবোৰ খুৰ্খুৰীয়া৷
বন্ধন ক্ষমতা বৰ দুৰ্বল৷ যাত্ৰা কৰি থাকোঁতে এই ৰাস্তাটোতো অনুৰূপ সংঘটন দেখিবলৈ পাইছোঁ৷
বৰষুণ যেনিবা নাই এতিয়া৷ ৰ’দঘাই পুৱা৷ গতিকে ৰক্ষা৷ বৰষুণৰ
অনুপস্থিতিৰ কাৰণে অৱশ্যে ধূলি-মাকতিৰ প্ৰকোপ বৃদ্ধি পাই নথকা নহয়৷ ধূলিৰে ধুঁৱলী-কুঁৱলী
মায়াজালত পৰি কেনিনো গৈ আছোঁ মাজে মাজে একো ধৰিবকে নোৱাৰা হৈ পৰিছোঁ৷
চিগাৰেট এটা জ্বলাই লৈ মাদাই স্পীকাৰত ডাঙৰকৈ গান
বজাই দিলে৷ আমাৰ মনবোৰো উৎফুল্লিত হৈ পৰিল৷ তাতে স্ফূৰ্তি আৰু সমৰ্থন পাই গাড়ীখন অতিৰিক্ত
বেগত যাতে নদৌৰায়, তাক সকীয়াই দিয়া হ’ল৷ ইমানপৰে অৱশ্যে মাদাৰ ড্ৰাইভিং ভালেই লাগিছে৷ এই লাইনত
তাৰ সুদীৰ্ঘ পাঁচ বছৰ হৈছে বুলি সি কৈছে৷ এই পাঁচটা বছৰত কতজন যাত্ৰীক অনা-নিয়া কৰিছে;
ৰাস্তাৰ প্ৰতিটো কেঁকুৰি, প্ৰতিটো খাল-বামেই হেনো চিনাকি হৈ গৈছে তাৰ৷ সোধা-পোছাৰ মাধ্যমেৰে
চলি থকা ভাব বিনিময়ক্রমে কম সময়তে এই থলুৱা চালকজনৰ লগত আমাৰ আটাইৰে বন্ধুত্ব আৰু ঘনিষ্ঠতা
গঢ় লৈ উঠিল৷ সবাৰে অংশ গ্ৰহণত গাড়ীৰ ভিতৰখন উমাল, আনন্দদায়ক আৰু যাত্ৰাটোও বেছ উপভোগ্য
হৈ পৰিল৷ তৎসত্ত্বেও, মোৰ কাষত বহা অৰূপদাই মাজে-মধ্যে মাদালৈ চাই উচপিচাই সাৱধান-বাণী
সোঁৱৰাই আহিছে৷ কথাতে কয়, Speed thrills, but kills৷ তাহানিতে ব’মডিলা-টাৱাঙৰ পাক লগা বাটত এনেকুৱা
বাণী লিখা ফলক কিছুমান য’তে-ত’তে চকুত পৰিছিল৷ এইফালে এতিয়ালৈ
তেনেকুৱা একো নাই দেখা৷ আনহাতে অৰূপদা গাড়ী চলোৱাত বিশেষভাৱে নিপু্ণ মানুহ৷ অতীতত
জিৰো, ডাপৰিজোলৈ অকলেই মাৰুতি ৮০০ কাৰ চলোৱাৰ অভিজ্ঞতা আছে৷ কোনোবাই কৈছিল, পাকৈত চালকে
হেনো ষ্টিয়েৰিংডাল আনৰ হাতত থাকিলে এক ধৰণৰ সংশয়-যাতনাত ভোগে৷ মোৰ গাড়ীও নাই, চলাবও
নাজানো৷ গতিকে কথাটো কিমানদূৰ সত্য ক’ব নোৱাৰিম৷ অৰূপদাৰ অস্থিৰতাটোৱে কিন্তু উক্তিটো সঁচা
বুলি ভাবি ল’বলৈ বাধ্য কৰাইছে৷ ভিতৰি ভিতৰি
চাগৈ তেওঁৰ চলাওঁ চলাওঁ লাগি আছে৷ মাদালৈ নিক্ষেপ কৰা চাৱনিত মই তাৰেই জাননী পাইছোঁ৷
ব্ৰেক ধৰিবলগীয়া স্থানত তেওঁৰ ভৰিখন আপোনা-আপুনি নাচি উঠাটোও আলেঙে আলেঙে লক্ষ্য কৰিছোঁ৷
চুম’খনৰ ভিতৰত ৰসাল কথোপকথন অব্যাহত আছে৷ ভিতৰ-বাহিৰৰ পৰিৱেশ
আৰু খিৰিকীৰ কাঁচেৰে সন্মুখত দেখা পাই থকা সৰ্পিল গতিপথ, দুয়োটা উপভোগ কৰি হালি-জালি
যাত্ৰা কৰি আছোঁ আমি৷ ম’বাইল ফোনৰ ডিষ্টাৰ্ব নামমাত্ৰও
নাই৷ নে’টৱৰ্ক শূন্য৷ আমাৰ ফালৰপৰাও কাকো
আমনি দিবলৈ নাই৷ কৰ্দৈসিৰীয়া পাহাৰবোৰে কেৱল ক্ষণে ক্ষণে কেঁকুৰিয়ে কেঁকুৰিয়ে নিজৰ
ৰূপ সলাই অভিভূত কৰি গৈছে আমাক৷ অৰুণাচলৰ বিশিষ্ট লেখক য়েছে দৰজে ঠংচিৰ মন্তব্য এষাৰি
মনলৈ আহিল… ‘প্ৰকৃতিৰ প্ৰতিটো মুহূৰ্তৰ বিশেষ
বিশেষ বৈশিষ্ট্য থাকে৷ ভ্ৰমণ কৰোঁতে আমি ফটোগ্ৰাফিক দৃষ্টিভংগীৰে ফুৰিব লাগে৷ যাত্ৰাকালত
দেখা পোৱা প্ৰকৃতিৰ ৰূপ-ৰংবোৰ মনত টুকি ল’বলৈ, লেখনিবোৰত তাৰ বৰ্ণনা দিবলৈ হ’লে তেনে দৃষ্টিভংগীৰ প্ৰয়োজন৷
প্ৰকৃতিৰ জগতখন নিজেই বিশাল এখন গ্ৰন্থৰ অনুৰূপ৷’ একদম খাঁটি কথা৷ এই ফটোগ্ৰাফিক দৃষ্টিভংগীটো ভ্ৰমণৰত
মানুহৰ বাবে সঁচাকৈয়ে অপৰিহাৰ্য৷
প্ৰকৃতিৰ সন্তান মাদা চৰুম, জে. জে. ভাইহঁত৷ দুয়ো
নাহৰলাগুন-ডাপৰিজো লাইনত নিয়মিতভাৱে টাটা চুম’ চলায়৷ নিতৌ আহ-যাহ কৰি কৰি ইহঁতৰ বাবে কৌতূহল শূন্য হৈ
পৰিছে৷ সেইটো তেনেই স্বাভাৱিক৷ বিপৰীতে আমাৰ কথা সুকীয়া৷ অনন্ত ভাবনাত পোত খাই আছোঁ
আমিবোৰ৷ আগ বাঢ়ি থকা প্ৰতিটো মুহূৰ্তই উপভোগ্য হৈ উঠিছে৷ অৰুণাচলৰ নৈসৰ্গিকতাই মাতাল
কৰি পেলাইছে৷ মাজে মাজে বাৰ্তালাপ বন্ধ কৰি বাতাবৰণতে কেৱল ডুবি আছোঁ৷
মাদাতকৈ জে. জে. আকৌ অলপ বেছি ছটফটীয়া৷ এক্সেলাৰেটৰ
ডবাই দুৰন্ত গতিত যাব বিচাৰে সি৷ এতিয়াও ধূলি উৰুৱাই আগত গৈ আছে৷ ষ্টেচনৰ পৰা ওলাওঁতেই
মাদা পিছত পৰিল৷ আগ বাঢ়িবৰ পাং পাতিছে যদিও পৰা নাই৷ পিছে এঠাইত সি বুদ্ধি কৰি জে.
জে.ক পিছ পেলালে৷ আমাৰ গাড়ীয়ে সিখনক পাৰ হৈ আগুৱাওঁতে দেখিলোঁ, জে. জে.ৰ গাড়ীখনৰ সন্মুখৰ
আইনাখনতো ৰঙা আখৰেৰে ডাঙৰকৈ লিখা আছে জে. জে. ভাই বুলি৷ পাৰ হৈ যাওঁতে মাদাই তালৈ চাই
অৰ্থপূৰ্ণভাৱে হাঁহি এটা মাৰিলে৷ ‘গম পালি এতিয়া’ ধৰণৰ ভাব৷ সিও মাদালৈ চাই হাঁহিলে৷ ‘হ’ব বাৰু, দেখা যাব’ ধৰণৰ চাৱনি৷ মাদাই আচলতে জে.
জে.ক নিয়ন্ত্ৰণত ৰাখিবৰ বাবেই সুযোগ বুজি ৰং চাইডেৰেই তাক অ’ভাৰটেক কৰি ল’লে৷ ধূলি উৰুৱাই অগা-পিছাকৈ গৈ
থাকিল আমাৰ চুম’ স্পেচিঅ’ আৰু সিহঁতৰ চুম’ গ’ল্ড৷
(পৰৱৰ্তী খণ্ড - পতিন পালোঁ…)
(পৰৱৰ্তী খণ্ড - পতিন পালোঁ…)
No comments:
Post a Comment