Tuesday, 26 April 2016

দিন তিনি  ৷৷ ২.১১.২০১৫
৮. আচিংমুৰি


তালিহা চাৰ্কোলৰ গাঁওসমূহৰ ভিতৰত আচিংমুৰি অন্যতম৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি ২৬টা পৰিয়ালে ইয়াত বাস কৰে৷ জনসংখ্যা ১১৫৷ অতীজতে চিয়াং ফ্ৰণ্টিয়াৰ ডিভিজনৰ এখন ঠাই আছিল আচিংমুৰি৷ সোৱণশিৰিপৰীয়া উক্ত উপত্যকাটো আছিল অভ্যাগতক বিশ্বাসত নোলোৱা তাগিন জনগোষ্ঠীয় লোকৰ বসতিস্থল৷ যুদ্ধপ্ৰিয় তাগিন ৰজাই পূৰ্বতে ১৮৩৫ চনত নিজৰ অনুগামীৰ দল লৈ ব্ৰিটিছৰ ওপৰতো আনকি হত্যা আৰু লুট-পাট চলাইছিল৷ বালিপাৰাৰ ব্ৰিটিছ ছাউনী পৰ্যন্ত নিশ্চিহ্ন কৰি পেলাইছিল৷

সোৱণশিৰি এলেকাৰ দুৰ্গম অঞ্চলত বসবাস কৰা জনগোষ্ঠীয় লোকসকল অতীজত বৰ হিংস্ৰ প্ৰকৃতিৰ আছিল বুলি দুৰ্নাম এটা নথকা নহয়৷ উদণ্ড ডফলা আৰু আবৰবিলাকক দমনৰ অৰ্থে স্বাধীনতাৰ আগৰ কালছোৱাত ব্ৰিটিছে তেওঁলোকৰ বিৰুদ্ধে ছেগাচোৰোকাকৈ অপাৰেচন চলাবলগীয়া হৈছিল৷ সেই উদ্দেশ্যে হাতত লোৱা প্ৰথম অভিযানটো চলিছিল ১৮৫০ চনত৷ সেয়া আছিল শাস্তিমূলক পদক্ষেপ৷ কিয়নো পৰ্বতীয়া লোকসকলে ভৈয়ামত উপদ্ৰৱ চলাই কেৱল মানুহ মৰাই নহয়, ৩৫জন মানুহক ধৰি লৈ গৈছিল৷

ব্ৰিটিছে ভাৰত এৰি যোৱাৰ পাছত ১৯৫৩ চন পৰ্যন্ত এই ঠাইবোৰ জনশূন্য হৈ পৰিছিল৷ আনহাতে ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা বিপজ্জনক সোৱণশিৰি এলেকাত ব্ৰিটিছৰ দ্বাৰা প্ৰতিষ্ঠিত, ভাৰত চৰকাৰৰ গৃহ বিভাগৰ দ্বাৰা পৰিচালিত অসম ৰাইফল্‌ছ বাহিনী মোতায়েন কৰা হয়৷ কৰ্নেল এল. ডব্লিউ শ্বেক্সপেয়েৰৰ অসম ৰাইফল্‌ছৰ ইতিহাসৰ পৰা জানিব পাৰি যে উত্তৰ-পূব ভাৰতৰ সমতলভূমিক কাষৰ পাহাৰ অঞ্চলত বাস কৰা জনজাতীয়সকলৰ হঠাৎ আক্রমণ আৰু উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ ১৮৩৫ চনত ৪০জন জোৱানেৰে জন্ম দিয়া হৈছিল কাছাৰ লেভি৷ প্ৰথম কামাণ্ডাৰ আছিল মিষ্টাৰ গ্ৰেঞ্জ৷ কাছাৰ লেভি নামেৰে আৰম্ভ কৰাৰ পাছত যোৰহাট মিলিচিয়া, নগাঁও ফ্ৰণ্টিয়াৰ পুলিচ, নৰ্থ কাছাৰ হিল্‌ছ পুলিচ, নগা হিল্‌ছ ফ্ৰণ্টিয়াৰ পুলিচ, সুৰমা ভেলী ফ্ৰণ্টিয়াৰ পুলিচ, আছাম ফ্ৰণ্টিয়াৰ পুলিচ, ইষ্টাৰ্ণ বেংগল এণ্ড আছাম মিলিটাৰী পুলিচ আদি নামে অনেক সুৰক্ষা বাহিনীৰ সংযোজন-বিয়োজনৰ অন্তত একাধিকবাৰ নাম সলাই শেষত আছাম ৰাইফল্‌ছ হৈছে৷ ব্ৰিটিছ ভাৰতৰ প্ৰথম অৰ্ধসামৰিক বাহিনী হিচাপে অসম ৰাইফল্‌ছৰ নাম উত্তৰ-পূবত জিলিকি আছে৷ মেঘালয়ৰ শ্বিলঙত মুখ্য কাৰ্যালয় পাতি ইউৰোপ, মধ্যপ্ৰাচ্য, ম্যানমাৰত উল্লেখনীয় সেৱা আগ বঢ়োৱা এই সশস্ত্ৰ সৈন্যবলটো অসামৰিক প্ৰশাসনৰ সোঁহাত, সামৰিক প্ৰশাসনৰ বাওঁহাতস্বৰূপ৷ 

আচিংমুৰি নামৰ ঠাইডোখৰত অসম ৰাইফল্‌ছৰ ওপৰতে সংঘটিত হৈছিল নিষ্ঠুৰ আৰু দুৰ্নামী ঘটনাটো৷ এক বিৱৰণীমতে, নিজৰ অস্ত্ৰ-শস্ত্ৰবোৰ একাষৰীয়াকৈ দমাই থৈ ৰাইফল্‌ছৰ দল এটাই সেই ঠাইত জিৰণি লৈ আছিল৷ অস্ত্ৰহীনভাৱেই তেওঁলোকে সৌহাৰ্দতাৰ ভাবনাৰে স্থানীয় লোকৰ মাজত নিমখ বিলাই আছিল৷ হঠাতে সংঘবদ্ধভাৱে তাগিন লোকে জোৱানসকলক আক্রমণ কৰিলে৷ এজনক তেওঁলোকে হত্যাও কৰি পেলায়৷ দোষী-নিৰ্দোষী বিচাৰ নকৰি নিষ্ঠুৰৰূপে কাটি পেলোৱা হৈছিল মানুহজনক৷ ইয়াৰ মূল কাৰণটো আছিল ৰাইফল্‌ছৰ দলটোৱে বয়-বস্তু কঢ়িয়াবৰ বাবে আবৰ নামৰ অৰুণাচল প্ৰদেশৰে অন্য এক জনজাতিৰ পৰ্টাৰ নিয়োগ কৰিছিল৷ মালবাহক দলটোৰ সন্মুখৰ শাৰীটোৱে হেনো গাঁওবাসীক বৰকৈ জুলুম কৰিছিল৷

আকস্মিকভাৱে ঘটি যোৱা কাণ্ডটোত হতভম্ব হৈ প্ৰত্যাক্রমণৰ বাবে ৰাইফল্‌ছৰ জোৱানসকল সাজু হল৷ এনে শত্ৰুতাৰ পৰিণতি বা প্ৰতিফল আছিল সমস্ত গাঁওখনকে জ্বলাই ছাৰখাৰ কৰি পেলোৱা৷ ব্ৰিটিছৰ সময়ৰ পৰাই তেনেকুৱা প্ৰতিশোধমূলক পদক্ষেপ হৈ অহা হৈছিল৷ কিন্তু তেতিয়াৰ ৰাজ্যপাল জয়ৰামদাস দৌলতৰামে কোনো ধৰণৰ আক্রমণাত্মক কাম নকৰিবলৈ বাহিনীটোলৈ নিৰ্দেশ পঠালে৷ প্ৰশাসনিক বিষয়া নাৰি ৰুষ্টমজী, যি জনজাতীয়সকলক ভাল পাইছিল আৰু বুজি পাইছিল, তেওঁৰ পৰামৰ্শক্রমে ৰাজ্যপালগৰাকীয়ে উক্ত বাৰ্তা দিছিল৷ ঘটনা সংক্রান্তত ছজন অপৰাধীক কৰায়ত্ত কৰা হল৷ আইন অনুসৰি তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ডৰে শাস্তি প্ৰদান কৰা হল৷ ইফালে ঘটনাটোৰ পৰিণামস্বৰূপে গাঁওবাসীয়ে ঘৰ জ্বলোৱাৰ আশংকা কৰি আছিল যদিও পূৰ্বৰ প্ৰতিক্রিয়াৰ অনুৰূপ প্ৰদৰ্শনৰ পৰা বিৰত থাকিল অসম ৰাইফল্‌ছ৷ গাঁওখনৰ একো ক্ষতি নোহোৱাত গাঁওবাসীও হতভম্ব হল৷ এনে পদক্ষেপৰ ফলত এলেকাটোত জনজাতীয়ৰ মাজত চৰকাৰী প্ৰশাসকৰ গ্ৰহণযোগ্যতা প্ৰথমবাৰৰ বাবে বৃদ্ধি পালে৷ অন্যথা ভূমিপুত্ৰসকলৰ মাজত সোমোৱাটো সাধ্যাতীত কথা আছিল৷ উক্ত ঘটনা সংক্রান্তত কৰায়ত্ত কৰা অন্তিমজন অপৰাধীৰ যোৱা ২০০১ চনত মৃত্যু ঘটিছে বুলি বাতৰিত প্ৰকাশ৷

অন্য এক সূত্ৰৰ পৰা এইবুলি অৱগত হলোঁ যে ১৯৫৩ চনৰ অক্টোবৰ মাহত আচিংমুৰিত এটা ডাঙৰ ঘটনা সংঘটিত হৈছিল৷ আচিংমুৰি ঘটনা নামে সেইটো এতিয়াও চৰ্চালৈ আহে৷ সীমান্তত চীনা এজেণ্টৰ কাৰ্যকলাপ চলা বুলি খবৰ পাই মেজৰ আৰ. ডি. সিঙক তাৰ অনুসন্ধানৰ বাবে পঠোৱা হৈছিল৷ তেওঁৰ সৈতে গৈছিল কেইজনমান ৰাজনৈতিক বিষয়া৷ লগত আছিল ৭ আছাম ৰাইফল্‌ছৰ ২২জন জোৱান৷ সেই স্থানতে দলটো এদল তাগিনৰ দ্বাৰা বাধাপ্ৰাপ্ত হল৷ তিনিজনক এৰি সকলোকে তেওঁলোকে হত্যা কৰিলে৷ অসম ৰাইফল্‌ছৰ দলটোৰ সৈতে যোৱা গালং পৰ্টাৰবিলাকক ধৰি নিয়া হল৷ ঘটনাটোৱে বহু দূৰলৈকে প্ৰভাৱ পেলালে৷ শাস্তিমূলক ব্যৱস্থা হিচাপে চৰকাৰে ব্ৰিটিছে কৰাৰ দৰে নিমিষতে গাঁৱত অগ্নিসংযোগ কৰা বা অন্য কোনো তাৎক্ষণিক পদক্ষেপ লোৱাৰ পৰা বিৰত থাকিল৷ তাৰ পৰিৱৰ্তে উত্তেজনা শাম কটালৈ ধৈৰ্য ধৰি ৰোৱা হল৷ পৰৱৰ্তী বৰ্ষতহে দল এটা প্ৰেৰণ কৰা হল৷ উক্ত ঘটনাত জড়িত মুখ্য নেতাক এৰেষ্ট কৰা হল৷ গালং পৰ্টাৰবিলাককো মোকলোৱা হল৷

সোৱণশিৰি নৈখনৰ আমি থকাৰ বিপৰীত পাৰটোত পৰ্বতৰ এঢলীয়াত আচিংমুৰি নামৰ গাঁওখন৷ এতিয়া সেই অস্তিত্ব নাই যদিও এই ঠাইডোখৰৰ এটা সুস্পষ্ট স্থান নেফাৰ বুৰঞ্জীতো আছে৷ ১৯৫৩ চনত তাগিনসকলে আছাম ৰাইফল্‌ছৰ এটা দল মোহাৰি শেষ কৰি পেলাইছিল বুলি প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য সম্পাদিত, অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত অসমৰ জনজাতি গ্ৰন্থত ডক্টৰ মহেশ্বৰ নেওগেও এশাৰী লিখি থৈ গৈছে৷

স্বৰাজোত্তৰ কালত ভৈয়াম বাদ দি উত্তৰে তিব্বত, পূবে চীন, দক্ষিণে ব্ৰহ্মদেশ, নগাপাহাৰ, শিৱসাগৰ, লখিমপুৰ আৰু দৰং আৰু পশ্চিমে ভোট পৰ্বতৰ সীমালৈ বিস্তৃত হৈ থকা পৰ্বতীয়া ভূখণ্ডক উত্তৰ-পূব সীমান্ত ভূভাগ (নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি) বুলি একেলগে নাম দিয়া হৈছিল৷ চিয়াং সীমান্ত বিভাগ, সদৰ ঠাই আলং; লোহিত সীমান্ত বিভাগ, সদৰ ঠাই তেজু; সোৱণশিৰি সীমান্ত বিভাগ, সদৰ ঠাই জিৰো; কামেং সীমান্ত বিভাগ, সদৰ ঠাই বমডিলা; টিৰাপ সীমান্ত বিভাগ, সদৰ ঠাই খুন্‌চা আৰু টুৱেনচাং সীমান্ত বিভাগ, সদৰ ঠাই টুৱেনচাং৷ প্ৰত্যেকটো ভাগকে ভাৰত চৰকাৰৰ অধীনস্থ একোজন পলিটিকেল অফিচাৰে শাসন কৰিছিল৷

আমাৰ পথ-প্ৰদৰ্শক নিকেল নালই কোৱামতে অসম ৰাইফল্‌ছৰ দলটোৰ সৈতে অহা কটকী (পলিটিকেল ইণ্টাৰপ্ৰেটাৰ)জনে নিজৰ ক্ষমতা আৰু কৰ্তৃত্বৰ অপপ্ৰয়োগ কৰি গাঁওবাসী মহিলাৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল৷ কথাটো গম পাই কেইবাখনো গাঁৱৰ লোক সংগোপনে একত্ৰিত হয়৷ তেওঁলোক খড়্‌গহস্ত হৈ পৰে ৰাইফল্‌ছৰ দলটোৰ ওপৰত৷ অপৰাধী-নিৰপৰাধী বাছ-বিচাৰ নকৰি গাঁওবাসীয়ে ভালেমান সৈনিকক প্ৰাণে মাৰি পেলায়৷

নিঃসন্দেহে সেইটো আছিল এটা ভয়ংকৰ ঘটনা৷ কুখ্যাত কাহিনীটো যি ধৰণৰে নহওক, দয়মত আমি ভাত খাবলৈ বহা হোটেলখনৰ খিৰিকীৰে বিহংগম দৃষ্টি নিক্ষেপ কৰি সেউজ উপত্যকাৰ মাজেৰে প্ৰৱাহমান নীলবৰণীয়া সোৱণশিৰি নৈখনৰ পাৰত একালৰ আচিংমুৰি গাঁওখনৰ অৱস্থান কল্পনা কৰি পেলালোঁ৷ এক কলংকিত অধ্যায়ৰ বলি হোৱা ঠাইখিনিয়ে যেন ভয়াৱহ, দুঃসহ, অমানৱীয় ঘটনাৰ স্মৃতি খামুচি থাকি কাহানিও নুশুকুৱা চকুলো হৈ পাহাৰৰ টিংবোৰ আজিও আৰ্দ্ৰ কৰি ৰাখিছে, সেই চকুপানী সোৱণশিৰিয়ে অহৰহ কঢ়িয়াই নি আছে, তেনে ভাব মনলৈ আহিল৷


 (পৰৱৰ্তী খণ্ড চিয়ুম)

No comments:

Post a Comment