Sunday, 24 April 2016

দিন তিনি  ৷৷ ২.১১.২০১৫
৭. দয়ম


জনশূন্য ৰাস্তা৷ পিঠিত খাং লৈ দুজনী জনজাতীয় ছোৱালী বাটৰ কাষৰ গৰা এটাৰে উঠি আহিছে৷ আমাৰ অচিনাকি মুখবোৰ দেখি সিহঁতে এপলক ৰ-লাগি চালে৷ বাঁহ-বেতেৰে সজা সিহঁতৰ খাংবোৰ৷ আকৃতিত তলফালে জোঙা৷ হস্তনিৰ্মিত আৰু বিন্ধাযুক্ত এই খাংবোৰ পিঠিত বোজা বৈ নিবৰ বাবে বৰ সুচল আৰু মজবুত৷ গাড়ীৰ পৰা দেখিয়ে বুজিব পাৰিছোঁ যে স্থানীয় মানুহখিনি নিপুণ কাঠিয়ক৷ ঘৰুৱাভাৱে প্ৰয়োজনীয় সঁজুলিবোৰ প্ৰকৃতিৰ পৰা আহৰণ কৰা সমলেৰে তেওঁলোকে নিজেই তৈয়াৰ কৰি লয়৷ কাম একে ধৰণৰ যদিও জনজাতিবিশেষে এই কেৰিং বাস্কেটবোৰ দেখিবলৈ বেলেগ বেলেগো হয়৷ কৰবাত আকৌ কিবা এটা মিলো পোৱা যায়৷ উদাহৰণ স্বৰূপে কাৰবিসকলৰ খাংৰাৰ সৈতে ডিমাচাসকলৰ ডিখাংক্ৰাৰ মাজত পাৰ্থক্য আছে৷ আনহাতে অৰুণাচলৰ আদি, গালঙৰ খাঙৰ সৈতে অসমৰ তিৱাসকলৰ খাঙৰ সাদৃশ্যতা আছে বুলি এঠাইত আগতে পঢ়া মনত পৰে৷

১০.৫০ বজাত দয়ম নামৰ ঠাই এটুকুৰা পালোঁগৈ৷ ৪০০ মানুহে বাস কৰা দয়ম হৈছে তালিহা চাৰ্কোলৰ অন্যতম গাঁও৷ ইয়াত বসতি কৰি থকা পৰিয়ালৰ সংখ্যা ৭৬৷ ৰাস্তাটোৰ সোঁ দাঁতিত হোটেল এখন আছে৷ মাদাৰ পৰামৰ্শক্রমে তাতে দিনৰ ভাতকেইটা মোকলোৱাৰ সিদ্ধান্ত হল৷ নহলে আগত আৰু নিমিলিব বুলি সি গাড়ীখনৰ ষ্টাৰ্ট বন্ধ নকৰোঁতেই চাফ চাফ কৈ দিলে৷ নিকেলেও হয়ভৰ দিলে৷ তাকে শুনি আমি আটায়ে নামিলোঁ৷ মাদাৰ সুৰতে সুৰ মিলাই সকলোকে এফাকি সোঁৱৰাই দিয়া হল যে কালি জিৰোত কৰাৰ দৰে ভুল যাতে এইবাৰ কোনেও নকৰে৷ নতুবা পেটত গামোচা বান্ধিও তৰণি নাপাব৷

দূৰৰ পৰাই বাছ এখন চকুত পৰিছিল৷ আচৰিত হলোঁ৷ কাৰণ, এইটো বাটে বাছ চলে বুলি ভাবিবলৈকে টান হয়৷ তথাপি নিজ চকুৰে দেখিলোঁ যেতিয়া বিশ্বাস নকৰাৰ প্ৰশ্নই নাই যে এনেকুৱা ক্ষয়প্ৰাপ্ত পথেৰেও অৰুণাচল প্ৰদেশ ষ্টেট ট্ৰেন্সপৰ্টে জনগণলৈ সেৱা আগ বঢ়াই আহিছে৷ এ.পি.এছ.টি.এছ.ৰ অন্তৰ্গত ডাপৰিজোৰ পৰা নাচ্ছোলৈ চলাচল কৰা সেইখনেই হৈছে একমাত্ৰ বাছ৷ আমি গৈ পাওঁতে বাছখন হোটেলৰ সন্মুখতে ৰৈ আছিল৷ নিশ্চয় যাত্ৰীয়ে ভাত খাবৰ বাবেই ৰোৱা হৈছে৷ যাত্ৰী অৱশ্যে বৰ বিশেষ নাই যেন লাগিল৷ ইফালে দণ্ডায়মান বগা ৰঙৰ বাছখনৰ দেহত খিৰিকীৰে বৈ অহা হালধীয়া দাগ কিছুমানহে সহজেই দৃষ্টিত ভাহি উঠিল৷ ধৰিব পাৰিলোঁ, সেইবোৰ বমিৰ দাগ৷ কৰবাত ভাত কিছুমান লাগিয়ে আছে৷ পুৱা ভাত খাই ওলাইছিল চাগৈ৷ বাটত সোপাকে বাজ হল৷ ওচৰতে থকা টেংকী এটাৰ পৰা জাৰত পানী ভৰাই লৈ কণ্ডাক্টৰে এতিয়া খিৰিকী আৰু বডীত ধুমধাম পানী ছটিওৱাত লাগিছে৷ Motion sickness থকা মানুহক এনে সৰ্পিল পথৰ যাত্ৰাই কিমান হাইৰাণ কৰিব পাৰে, বাছখনলৈ চালে উদাহৰণ বেলেগে আৰু দিব নালাগে৷ চিধা কথা যে যানবাহনত উঠিলে মূৰ ঘূৰোৱা লোকৰ বাবে এনেবোৰ ৰাস্তাত ভ্ৰমণ কৰাটো মুঠেই সুখদায়ক নহয়৷ আগৰাতি খোৱা এভমিন টেবলেটেও হাৰ মানিবলৈ বাধ্য৷ চকাত লাগি থকা ধূলি বা বোকাৰে কপালত তিলক ললেও মিছা৷ ভাগ্য ভাল, আমাৰ দলত যেনিবা তেনেকুৱা সমস্যাত আক্রান্ত সদস্য এজনো নাই৷ গতিকে উক্ত দুশ্চিন্তাৰ পৰা আমি এশ শতাংশই মুক্ত৷ ফলস্বৰূপে সকলোটিয়ে আনন্দমনে কথা পাতি, গীত গাই, দৃশ্য চাই ভ্ৰমি আছোঁ৷

কাঠৰ খুঁটা, তক্তা আৰু টিনপাতৰ চালিৰে নিৰ্মাণ কৰা দীঘলীয়াকৈ হোটেলখন৷ মজিয়াখন পকী৷ এমূৰে ৰন্ধনশালা৷ ভাত, ৰুটিৰ উপৰি বিস্কুট, চিপ্‌চ আদিও আছে৷ সন্মুখৰ খুঁটা এটাতে ওলোমাই ৰখা হৈছে মাছকেইটামান৷ পাহাৰীয়া নৈৰে হব৷ বিক্রীৰ বাবে তেনেকৈ প্ৰদৰ্শন কৰিবলৈকে মাছকেইটাৰ কাণে-মুখে বেতেৰে সী পেলোৱা হৈছে৷ অৱধাৰিতভাৱেই সেইকেইটাই পোনেই আমাৰ মনোযোগ আকৰ্ষণ কৰিলে৷ তাৰে এটা মাছ আনকেইটাতকৈ ডাঙৰ৷ আমাৰ ফালে পাহাৰীয়া নৈত শিলৰ ফাঁকত সচৰাচৰ পোৱা মাছবিধ হৈছে শিল-ঘৰিয়া, ৰৌজাতীয় গোটাসজীয়া মাছ৷ মই ইফালে নিৰামিষ মানুহ৷ মাছ-কাছ বৰকৈ চিনি নাপাওঁ৷ কাজেই ইয়াত এইকেইটা কি মাছ আঁৰি থৈছে, এটাও চিনিব নোৱাৰিলোঁ৷ অলপ সময়ৰ কাৰণে আমাৰ দলটোৰ সদস্যমাত্ৰৰে সেয়া ভীষণ কৌতূহলৰ কেন্দ্ৰবিন্দু হৈ পৰিল৷ চিনক-নিচিনক সকলোৱে জুম পাতি আগতে নেদেখা মাছকেইটা চালে৷ অৰূপদাই দাম-দৰো আৰম্ভ কৰিছিল৷ পিছে কিনাটো তেতিয়া সম্ভৱপৰ কথা একেবাৰেই নাছিল৷

Zoological Survey of Indiaৰ ভাৰপ্ৰাপ্ত বিষয়া বিক্রমজিৎ সিনহাৰ নেতৃত্ববাহী এটা বিজ্ঞানীৰ দলে অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰে প্ৰৱাহিত, ব্ৰহ্মপুত্ৰৰ আগলি নৈ চিয়াঙত অলপতে এবিধ নতুন প্ৰজাতিৰ মাছ আৱিষ্কাৰ কৰিছে৷ নিউজিলেণ্ডৰ পৰা প্ৰকাশিত বিজ্ঞান পত্ৰিকা Zoota Xaত উক্ত আৱিষ্কাৰৰ প্ৰতিৱেদন অলপ দিনৰ আগতে ছপা হৈছিল৷ Glyptosernine catfish শাখাৰ নতুন প্ৰজাতিৰ সেই মাছবিধৰ নাম Exostoma Tenuicandata৷ সিহঁতে শিলাময় পৰ্বতৰ খৰস্ৰোতা জুৰি আৰু নৈত বাস কৰে৷ তালৈ চাই এইফালৰ শিলাময়, খৰস্ৰোতা সোৱণশিৰি আৰু অন্যান্য নৈৰ বুকুতোযে অজ্ঞাত, অনাৱিষ্কৃত জলচৰ প্ৰাণী আজিৰ তাৰিখতো ধৰা নপৰাকৈ নাথাকিব তাক নুই কৰিব পৰা নাযায়৷

তাকে ভাবি ভাবি হোটেলখনৰ ভিতৰত পদাৰ্পণ কৰিলোঁ৷ কেইবাযোৰাও ডেস্ক-বেঞ্চ পাৰি থোৱা আছে৷ পাহাৰৰ এঢলীয়াত এয়া এক সুন্দৰ আৰু আকৰ্ষণীয় অৱস্থান৷ খিৰিকীৰে দেখা গৈ আছে অনেক তলত বৈ থকা সোৱণশিৰি নৈখন৷ দিগন্ত বিয়পি আছে কৰ্দৈসিৰীয়া ৰাশি ৰাশি পৰ্বত৷ পৰ্বতৰ বক্ষত জিলিকিছে টেৰেচ কাল্টিভেচন৷ দিয়াচলাইৰ বাকচহেন ঘৰ কেইটামানো দৃশ্যমান হৈছে৷ ভাত-পানী পাহৰি প্ৰকৃতিৰ সৌন্দৰ্যময়ী ৰূপটো একধ্যানে অলপপৰ উপভোগ কৰি ৰলোঁ৷ কেমেৰাটোও সক্রিয় হৈ পৰিল৷ সেইফালে চাই বিভোৰ হৈ থাকোঁতেই কোনোবাই উনুকিয়ালে সেইটো অঞ্চলতে একালত সংঘটিত আচিংমুৰি শীৰ্ষক ঘটনাৰ কথা৷ লোমহৰ্ষক ঘটনাটোৰ বিৱৰণে মুহূৰ্তৰ ভিতৰতে আমাৰ সকলোৰে মাজত প্ৰবল অনুসন্ধিৎসা জগাই তুলিলে৷ ভাতৰ গৰাহ হাতত তুলি লওঁতেও আলোচনাৰ প্ৰধান বিষয়-বস্তু হৈ থাকিল আচিংমুৰি কাণ্ড৷






(পৰৱৰ্তী খণ্ড আচিংমুৰি)

No comments:

Post a Comment