দিন দুই
৷৷ ১.১১.২০১৫
আমি ক্রমে ক্রমে উচ্চতালৈ গতি কৰি আছোঁ৷ জিৰো ওচৰ
চাপি আহিছে৷ নামনি সোৱণশিৰি জিলাৰ হে’ড কোৱাৰ্টাৰ জিৰো৷ ১৯৭২ চনৰ ২০ জানুৱাৰীত অৰুণাচল প্ৰদেশ
নামেৰে কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে এই ৰাজ্যখনে ৰাজনৈতিক মান্যতা লাভ কৰিছিল৷ বি.
দাস শাস্ত্ৰীয়ে প্ৰস্তাৱ কৰা নতুন নামটো আনুষ্ঠানিক ঘোষণাৰে ৰাজহুৱা কৰিছিল দেশৰ তদানীন্তন
প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে, জিৰোৰ মাটিতে থিয় হৈ৷ জিৰো তেতিয়া সোৱণশিৰি জিলাৰ
সদৰ হৈছিল৷ পিছলৈ ল’ৱাৰ সোৱণশিৰি জিলাৰ সদৰ হ’ল৷ মালভূমিৰ ওপৰত অৱস্থিত জিৰো
ৰাজ্যখনৰ ভিতৰতে অতি ধুনীয়া পাৰ্বত্যনিবাস বুলি বহুলভাৱে জনাজাত৷ Heaven on earth,
Switzerland of the east আদি বুলিও বহুতে বখানিব বিচাৰে৷ প্ৰথম দৰ্শনতে সেই সামঞ্জস্য
মোৰ চকুত ধৰা নপৰাটোৱেই স্বাভাৱিক৷
অৰুণাচলৰ পুৰণি চহৰবোৰৰ ভিতৰত জিৰো অন্যতম প্ৰখ্যাত৷
প্ৰধানকৈ আপাতানি জনগোষ্ঠীৰ মানুহৰ বসতিস্থল এই জিৰো৷ সোৱণশিৰি উপত্যকাৰ ওপৰ ভাগত,
জিৰো আৰু ইয়াৰ আশে-পাশে বাস কৰা অনেকটা ভাষিক জনগোষ্ঠীৰ ভিতৰত আপাতানিসকল লেখত ল’বলগীয়া৷ যুঁজাৰু জাতি, কাৰিকৰী
জাতি বুলি তেওঁলোক পৰিচিত৷ তেওঁলোকৰ টাগি নামে এজন নেতাই ইংৰাজৰ বিৰুদ্ধে স্বৰাজৰ লক্ষ্যৰে
সংগ্ৰাম চলাইছিল বুলি জনা যায়৷
প্ৰাক-স্বাধীনতা কালতে, ১৯৪৪-৪৫ চনত ব্ৰিটিছ প্ৰশাসনে
বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া ভন ফুৰাৰ হেইমেনডৰ্ফ নামৰ প্ৰত্নতাত্ত্বিক এজনে জিৰোত
প্ৰথম প্ৰশাসনীয় কেন্দ্ৰ স্থাপন কৰিছিল৷ হেইমেনডৰ্ফে সেই কালতে Himalayan Barbary,
Apatani and their Neighbours, A Himalayan Tribe : From cattle to cash আদি কেইবাখনো
বহুমূলীয়া কিতাপ লিখি সাহিত্য তথা তথ্যৰ ভঁৰাল
চহকী কৰি থৈছে৷ অৰুণাচলৰ প্ৰধান জনগোষ্ঠী আপাতানি, নিছিৰ সম্বন্ধে সেইবোৰৰ পৰা জানিব
পাৰি৷ ব্ৰিটিছৰ শাসনাৱস্থাত ডফলা আৰু আবৰ অধ্যুষিত সোৱণশিৰি এলেকাত খুব কমেইহে চলা-ফিৰা
সম্ভৱ হৈছিল৷ বাহিৰৰ দুনীয়াৰ সৈতে কোনো সম্পৰ্ক নথকা তেতিয়াৰ ডফলা এলেকাত ব্ৰিটিছ শাসনৰ
সময়ত এইজন বিষয়াৰ বাদে কোনেও প্ৰৱেশ ঘটাব পৰা নাছিল বুলি উল্লেখ আছে৷ ডফলাসকলকে পাছলৈ
নিছি বোলা হৈছে৷
গুটি আৰু গুঠ নামে আপাতানিসকলৰ দুটা প্ৰধান ভাগ
আছে৷ তেওঁলোকৰ জীৱন-যাত্ৰাৰ পদ্ধতি বহু উন্নততৰ৷ তেওঁলোকৰ নিজা সীমাবদ্ধ বসতি, সুকীয়া
দোৱান, সুকীয়া ধৰ্ম-বিশ্বাস আছে৷ উই তেওঁলোকৰ উপাস্য দেৱতা৷ পৰম্পৰাগত জনজাতীয় ধৰ্মত
তেওঁলোক বিশ্বাসী৷ জিৰোবাসীয়ে তিব্বতী সংস্কৃতিৰ অনুসৰণ আৰু আপডাল কৰি আহিছে৷ তত্ৰাচ,
বিশ্বায়নৰ প্ৰভাৱ, নগৰীয়া সংস্কৃতিৰ আগ্ৰাসন আদিয়ে তেওঁলোকৰ ভাষা-সংস্কৃতি আৰু জীৱনলৈ
ভাবুকি নাই কঢ়িওৱা বুলিও একে আষাৰে কৈ দিব নোৱাৰি৷
অসমৰ দৰেই ইয়াৰো গ্ৰাম্য লোকৰ ঘাই জীৱনোপায় হৈছে
কৃষি৷ কৃষি-কৰ্মত আপাতানিসকল যথেষ্ট আগ বঢ়া বুলি নাম আছে৷ পাহাৰৰ গাত বান্ধ দি তেওঁলোকে
খেতি-বাতি কৰে৷ জলসিঞ্চন পদ্ধতিৰে খেতি কৰাৰ দৃষ্টান্তও পোৱা যায়৷ ওখ ঠাইত মাকৈ, ঘেঁহু,
যৱধান আদি ৰোৱে৷ ঘৰত গাহৰি, কুকুৰা, গৰু, ছাগলী আদি জীৱ-জন্তু পোহে৷ কঁকালত লগোৱা শালত
কাপোৰ বয়৷ মূল অধিবাসী আপাতানিসকলকে ধৰি ইয়াৰ স্থানীয় জনজাতীয় লোকসকলৰ জীৱন-যাত্ৰা
সহজ-সৰল৷ তৰ্ধ্বনী নোহোৱা চহৰীয়া আধুনিকতাই এনে জনজীৱনক স্পৰ্শিব পৰাটো টান৷ মাৰ্চ
মাহত আপাতানিসকলে পালন কৰা লিছুডু উৎসৱৰ সময়ত জিৰো চহৰখন মুখৰ হৈ উঠে৷ ছেপ্টেম্বৰ মাহত
জিৰোত তিনিদিনীয়া বিশাল আয়োজনেৰে এক সংগীত সমাৰোহ জিৰো মিউজিক ফেষ্টিভেল পতা হয়৷ দিনদিয়েক
আগতে এই বিষয়ে জানিবলৈ পাইছিলোঁ৷
জিৰো চহৰখনক হাপ’লি বুলি কোৱা হয়৷ থলুৱা আপাতানিসকলে
কয় হাও-প’লয়াং৷ অৰ্থাৎ সমতলৰ পৰা ওপৰত৷
এসময়ত জিৰো ভেলীখন হেনো এটা প্ৰকাণ্ড হ্ৰদ আছিল৷ চৰিয়াৰ দৰে আকৃতিৰ সেই হ্ৰদটো জান-জুৰিসমূহে
কঢ়িয়াই অনা পলসে কালক্ৰমত পুতি পেলালে৷ তেনেকুৱা ভূ-প্ৰাকৃতিগত অৱস্থানৰ ফলতে নিজৰ
বাবে এটা উপযুক্ত উন্নত পদ্ধতিৰ কৃষিকৰ্মৰে জীৱন ধাৰণ কৰাটো থলুৱা আপাতানিসকলৰ বাবে
সম্ভৱপৰ হৈ দেখা দিলে৷ ভৈয়ামৰ অনুৰূপ দূৰ অতীতৰ পৰাই এনেদৰে স্থায়ী খেতি-বাতিৰ প্ৰথা
চলি অহা হেতুকে অন্য নৃগোষ্ঠীসমূহৰ তুলনাত কৃষিক্ষেত্ৰত ৰাজ্যখনৰ ভিতৰতে তেওঁলোক পাৰ্গত
আৰু অগ্ৰণী হৈ উঠিছে বুলি ভাবি ল’ব পাৰি৷ কিয়নো খৰস্ৰোতা নৈ আৰু এঢলীয়া পাহাৰৰ পৰিৱেষ্টনিত বসতি কৰা
সোৱণশিৰিপৰীয়া অন্য জনজাতি যেনে হিলমিৰি, তাগিন, নিছি, নাহসকলে জীৱটো ধৰি ৰাখিবৰ বাবে
জুম প্ৰণালীৰে কৰা যৎপৰোনাস্তি পৰম্পৰাগত কৃষিতে সীমাবদ্ধ হৈ থাকিব লাগিল৷ প্ৰসংগক্রমে,
নিছি অধ্যুষিত অঞ্চলসমূহৰ মাজত আমি ইতিমধ্যে অতিক্রম কৰি অহা য়াজালিতে পোনপ্ৰথমে পানী
খেতি কৰা হৈছিল বুলি জনা যায়৷ হ’লেও জিৰোৰ দৰে সফলতাৰ পৰিসংখ্যা ক’তোৱেই নাই৷
হাপ’লিত এটা টিলাৰ ওপৰত জিলাধিপতিৰ বাসভৱন, আৱৰ্ত ভৱন আদি
অৱস্থিত৷ বজাৰৰ মাজেৰে ধীৰ গতিৰে আমাৰ বাহনখন সুমুৱাই নিয়া হ’ল৷ পুনৰ মূল পথটোত উঠি দাঁতিৰ
এঠাইত ৰ’ল৷ জে. জে. ভাইৰ গাড়ী পিছ পৰি
গৈছে৷ আমি ৰৈ থকা জেগাখিনিৰ বিপৰীতে আছে গভৰ্নমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুল৷ স্থাপিত
১৯৪৯ চন৷ তেনেকুৱাতে সিখন গাড়ী ওলালহি৷ সেই শ্বৰ্টকাটটোৰে নাহিবলৈ মাদাই জে. জে.ক
আৰম্ভণিতেই সকীয়াইছিল যদিও সি নুশুনিলে৷ যানজঁটত ফচি সময় ব্যয় হ’ল৷ এনেয়ে আজি স্বাভাৱিক সময়তকৈ
পিছ পৰি আছে৷ তাকে লৈ এতিয়া দুইটাৰে মাজত সিহঁতৰ দোৱানতে কথা কটাকটি আৰম্ভ হ’ল৷ সুযোগ পাই ময়ো মনে মনে মজা
লৈ থাকিলোঁ৷
মাদাৰ পৰামৰ্শক্রমে আগলৈ গৈ পোৱা হোটেল এখনতে দুপৰীয়াৰ
আহাৰৰ বাবে ষ্টাৰ্ট অফ্ কৰা হ’ল৷ জে. জে.ৰ গাড়ীও ৰ’লহি৷ ঘড়ীৰ কাঁটাই এঘাৰ বজাৰ ফালে গতি কৰিছে৷ তৰ্জা বেৰৰ
লাইন হোটেলখনৰ তদাৰককাৰী হিচাপে আছে আপাতানি মহিলা এগৰাকী৷ আপাতানিসকল অৰুণাচলৰ ভিতৰতে
ব্যৱসায়-বাণিজ্যত অগ্ৰগামী৷ গতিকে অৰ্থনৈতিকভাৱেও আন জনগোষ্ঠীতকৈ তুলনামূলকভাৱে আগ
বঢ়া৷ দাইল, আলু ভাজি, সিদ্ধ লাইশাক আৰু স্থানীয় চাউলেৰে ভাতসাঁজৰ সোৱাদটো একদম ঘৰুৱা
যেনেই লাগিল৷ অথনি পতিনত পৰঠা, অমলেট আদি খাই পেট ভৰি থকাৰ অজুহাতত সিখন গাড়ীৰ সংগীসকলে
ভাত নাখালে৷ সময় বেছি হোৱা নাছিল যদিও আমি হ’লে উদৰ পূৰাই ল’লোঁ৷ অভিজ্ঞতাৰ ভেটিত এইটো জানি থৈছোঁ যে পাহাৰীয়া পথত
বিচাৰিলেই য’তে-ত’তে আহাৰ পাবলৈ নাই৷ পছন্দ-নাপছন্দ
বা ইচ্ছা-অনিচ্ছা পাছৰ কথা৷ সমতলত অৱশ্যে সুকীয়া৷ এপ্ৰিল মাহত কিবিথোলৈ যাওঁতে দুদিন
একে লেথাৰিয়ে দুটা দুপৰীয়া ভাত খাবলৈকে পোৱা নাছিলোঁ৷ সেইফালে জনবসতিৰ ঘনত্ব এইফালতকৈ
বহুত কম অৱশ্যে৷ সি যি কি নহওক, তেতিয়াৰ অভিজ্ঞতাপ্ৰসূত শিক্ষাক আজি এতিয়া তাৎক্ষণিকভাৱে
কামত লগাইছোঁ৷ কাৰণ, পাছত পস্তাবলৈ নাই৷
পেট পূজা কৰি লোৱাৰ অন্তত হোটেলৰ তদাৰককাৰী মধ্যবয়সীয়া মহিলাগৰাকীৰ
সৈতে অলপ সময়লৈ অন্তৰংগ আলাপ চলিল৷ আমি ক’ৰ পৰা আহিছোঁ, ক’লৈ যাম, কিয় যাম ইত্যাদি কৌতূহলভৰা প্ৰশ্নবোৰৰ উত্তৰ
একাদিক্রমে দিবলগীয়া হ’ল তেওঁক৷ মিঠালগা চাউলবিধ পাহাৰীয়া
জহা বুলি ক’লে৷ হাঁহি-ধেমালিৰ মাজেৰেই এসময়ত
বিদায় লৈ এখোজ দুখোজকৈ চুম’খনৰ কাষ চাপিলোঁহি৷
(পৰৱৰ্তী খণ্ড – জিৰোৰ ইটো-সিটো)
No comments:
Post a Comment