Wednesday, 27 April 2016

দিন তিনি  ৷৷ ২.১১.২০১৫
৯. চিয়ুম


অৰণ্যৰ অপসাৰণেৰে আচিংমুৰি এলেকাত নৈৰ পাৰত খলপ সৃষ্টিৰে কৰা খেতি-বাতি অলপ দেখা পালোঁ৷ পৰৱৰ্তী যাত্ৰাৰ বাবে মাদাই গাড়ীখন ষ্টাৰ্ট কৰিবৰ পৰতো লোমহৰ্ষক আচিংমুৰি কাণ্ডটোৱেই আমাৰ মাজত গম্ভীৰ আলোচ্য বিষয় হৈ থাকিল৷ আশ্বিং নামে অৰুণাচলত জনগোষ্ঠীয় মানুহ এখিনিও অৱশ্যে নথকা নহয়৷ আশ্বিংসকল আদি জনগোষ্ঠীৰ এটি শাখা-গোষ্ঠী৷ আদিসকলক পূৰ্বতে আবৰ বোলা হৈছিল৷ আবৰসকল কাৰো হকা-বধা নমনা বিধৰ পৰ্বতীয়া মানুহ৷ যেন অলপ বেছিকৈয়ে স্বাধীনচিতীয়া আৰু মুকলিমূৰীয়া স্বভাৱৰ! আদি, মিনিয়াং, পাদাম, পাছি, পাঙিন, তাগিন আদি বহু গোষ্ঠীত তেওঁলোক বিভক্ত৷ পাৰ্বত্য আদিবাসী এনেকুৱা বিভিন্ন গোষ্ঠীৰ মাজত অতীতত সময়ে সময়ে আক্রমণ-প্ৰত্যাক্ৰমণ, হত্যা-লুটপাটৰ ঘটনা সংঘটিত হোৱাৰ বিষয়ে কিতাপৰ পৃষ্ঠাত পঢ়িবলৈ পোৱা যায়৷ পলিটিকেল অফিচাৰ উইলিয়ামছন আৰু ডাক্তৰ গ্ৰিগৰছনকো পাদাম গোষ্ঠীৰ লোকে ঘপিয়াই হত্যা কৰিছিল৷ আনহাতে এইটো মন কৰিবলগীয়া যে ইংৰাজ চাহাব-পৰ্যটক ডেলহাউচি, বাট্‌লাৰ, ৰাওলাট, এমক্‌চ, ৰবিনছন, বেৰেচফোৰ্ড আদিয়ে পূৰ্বতে কৰি থৈ যোৱা মন্তব্য কিছুমানে আজিৰ তাৰিখত প্ৰাসংগিকতা নেহেৰুৱাকৈ থকা নাই৷

ভাত, দাইল, সিদ্ধ লাইশাক আদিৰে দিনৰ ভাতমুঠি উদৰস্থ কৰি দয়ম এৰাৰ আধা ঘণ্টামানৰ পাছতে ডাম্বা ভিলেজত উপস্থিত হলোঁ৷ ডাপৰ পৰা ইয়ালৈ ৬০ কিলমিটাৰমান হব৷ ডাক্তৰ জতি নালৱে সাজিব খোজা ৰিজৰ্টৰ স্থান ইয়াতেই৷ কালি ৰাতি হোটেলত বহোঁতেই তেওঁ প্ৰসংগটো উলিয়াইছিল আৰু যাওঁতে চাই যাবলৈ অনুৰোধ কৰিছিল৷

২০১১ চনৰ পিয়ল অনুসৰি এই ক্ষুদ্ৰ গাঁওখনৰ লোকসংখ্যা ৯২৷ জয়ন্তদাৰ ইংগিতত এঢলীয়া ইউ টাৰ্ণ এটাতে গাড়ী দুখন থামিল৷ এফালে সৰ্পিলাকাৰ খলা-বমা পথ৷ আনফালে গভীৰ অৰণ্যৰ মাজত দীঘলীয়াকৈ জলপ্ৰপাত এটা নামি অহা দেখা গৈ আছে৷ তলেৰে ধাৱমান সোৱণশিৰিখন৷ সেউজীয়া পাহাৰবোৰৰ পৰিৱেষ্টনত সুন্দৰ লকেচন৷ সেইখিনিতে মূল পথটোৰ দাঁতিত টুৰিষ্ট হোটেল নিৰ্মাণ কৰিবলৈ ডাক্তৰ নালই মাটি কটাইছে৷ মস্ত মস্ত বল্ডাৰেৰে ঠাইডোখৰ ভৰ্তি হৈ পৰিছে৷ বিপৰীতফালৰ পৰা গোঁ-গোঁৱাই চুম এখন উঠি আহি ওচৰ পালে৷ আমাৰ দলৰ সকলোৱে কিছু পৰ তাতে অতিবাহিত কৰাৰ পাছত পুনৰ যাত্ৰাৰম্ভ হল৷ নিৰ্মাণস্থলটো নিশ্চিতভাৱেই অতীব সুন্দৰ বুলি সকলোৱে একেমুখে শলাগিলে যদিও ডাপৰ পৰা দূৰত্ব, পথৰ পয়ালগা অৱস্থা আৰু যোগাযোগ ব্যৱস্থাৰ সীমাবদ্ধতালৈ চাই জয়ন্তদা, অৰূপদা, প্ৰদীপদাহঁত সন্দিহান হৈ পৰিল৷

দিনৰ ঠিক ১২.৩০ বজাত আমি চিয়ুম পালোঁ৷ উজনি সোৱণশিৰি জিলাৰ ই এটা উন্নয়ন খণ্ড৷ ৪৭খন গাঁৱেৰে এইটো এটা ৰাজহ চক্রও৷ তালিহাৰ পৰা চিয়ুমলৈ দূৰত্ব ৪১ কিলমিটাৰ৷ আনহাতে ডাপৰিজোৰ পৰা ইয়ালৈ ৮০ কিলমিটাৰ৷ গুৰুত্বপূৰ্ণ কথা যে এই ঠাইতে একালত স্থানীয় লোকে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল৷

চিয়ুমৰ পৰা অৰুণাচল প্ৰদেশৰ সুন্দৰতম ঠাই মেনচুখালৈ ট্ৰেকিং কৰিব পাৰি৷ ইয়াৰ পৰা তালৈ পৰ্বতীয়া বাট আছে৷ দূৰত্ব ১৫০ কিলমিটাৰ হব৷ অন্যান্য শব্দৰ ক্ষেত্ৰত ইতিপূৰ্বে আমি মুখামুখি হৈ অহাৰ দৰে মেনচুখা শব্দটোৰো অসমীয়াত পৃথক পৃথক বানান পাওঁ৷ মেনচুকা, মেচুকা৷ চ-ৰ ঠাইত ছ, ক-ৰ ঠাইত খও প্ৰয়োগ হয়৷ কোনোবাই কয়, মূল শব্দটো মেনছুখাঁ (মেন-ছু-খাঁ অৰ্থাৎ ঔষধি গুণযুক্ত বৰফৰ পানী থকা অঞ্চল)৷ সি যি কি নহওক, অৰুণাচলৰ এভাৰেষ্টাৰ কেইজনমানৰ তৎপৰতাত মেনচুখালৈ ট্ৰেকিং এক্সপিডিচন এটাৰ আয়োজন চলি থকা বুলি যোৱা অক্টোবৰ মাহতে মোৰ হাতত খবৰ এটা আহি পৰিছিল৷ সমুদ্ৰপৃষ্ঠৰ পৰা ১,৮২৯ মিটাৰ উচ্চতাত অৱস্থিত অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ উত্তৰ দিশত ভাৰত-চীন সীমান্তৱৰ্তী অতিশয় বিতোপন স্থান মেনচুখাত নৱেম্বৰ মাহৰ ৭, ৮ আৰু ৯ তাৰিখে তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এড্‌ভেন্সাৰ এট্‌ মেনচুখা৷ ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয়ৰ সহযোগত অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগে উৎসৱটিৰ আয়োজন কৰিছে৷ তৃতীয়টো বৰ্ষৰ বাবে আয়োজিত এই উৎসৱৰ উদ্দেশ্য ৰাজ্যখনৰ দুঃসাহসিক ক্রীড়াক উজলাই তোলা৷ ৱেষ্ট চিয়াং জিলা প্ৰশাসন, মেনচুখা মহকুমা প্ৰশাসন, Centre for Cultural Research and Documentationএ ইয়াত সহযোগ কৰিছে৷ সমাৰোহত অন্তৰ্ভুক্ত কৰা হৈছে Power Propelled Gliders, Aero Modeling, Trap Shooting, Para/Hang Gliding, Mountain Biking, Rappelling, River Crossing, Rafting, Trekking, Kayaking, Micro light Aircrafts, Rock Climbing আদি দুঃসাহসিক ক্রীড়াসমূহ৷ লগতে Camping, Handicrafts আৰু Traditional Attires, Traditional Food, Adventure Films ইত্যাদিও থাকিব৷ বোধ হয় তাৰেই সৈতে সংগতি ৰাখি উক্ত পদচালনা৷ 

এড্‌ভেন্সাৰ ট্ৰেকিং আৰু দুৰ্গম পাবৰ্ত্য অঞ্চল ভ্ৰমণৰ নামত দীঘলীয়া সময়, প্ৰায় ২১ দিন ব্যয় কৰিবলৈ সাজু থকা প্ৰকৃতিপ্ৰেমী, সাহসী আৰু শক্তিশালী লোকৰ বাবে মেনচুখাৰ ট্ৰেকৰ মাদকতাই সুকীয়া৷ খৰস্ৰোতা চিয়ুমৰ পাৰে পাৰে কঠিনসাধ্য এই ট্ৰেকিঙত সফলতা লভিবলৈ হলে শাৰীৰিকভাৱে বিশেষ প্ৰকাৰে সক্ষম হোৱাটো এটা মন কৰিবলগীয়া দিশ৷ মানসিক প্ৰস্তুতিতো পূৰ্ণৰূপত লাগিবই৷ এইবোৰকে গুণাগঁথা কৰি থাকোঁতে ফৰাচী ঔপন্যাসিকা কলেটৰ কথা এষাৰ মনত খেলালে৷ তেওঁ কৈছিল প্ৰকৃত ভ্ৰমণকাৰী সেইগৰাকীহে যি খোজ কাঢ়ি ভ্ৰমণ কৰে আৰু মাজে মাজে বহি কিছু সময় জিৰণি লয়৷ ইফালে উত্তৰ-পূবৰ অন্তিম পূবলৈ এপ্ৰিল মাহত কৰা সূৰ্যমুখী যাত্ৰাটোৰ সফল পৰিসমাপ্তিত মোৰ ভ্ৰমণসংগী অৰুণদাই (অৰুণ টেৰণ) অসমীয়া প্ৰতিদিন কাকতৰ দেওবৰীয়া সম্ভাৰত প্ৰকাশ কৰা ভ্ৰমণ কাহিনীত টীম মাৰ্ক পলৰ পৰৱৰ্তী লক্ষ্য মেচুকা বুলি ঘোষণা এটাও দি থৈছে৷ ভাবি ভাল লাগিল যে Ladakh with greenery বিশেষণেৰে জনাজাত মেচুকা বা মেনচুখাত এই পৰ্যন্ত উপস্থিত হব পৰাগৈ নাই যদিও কাইলৈৰ পৰা আমাৰ এই যাত্ৰাটোও নিশ্চয় সেই জাতৰে হব৷ এনেবোৰ ভাবনাকে বুকুত লৈ সন্মুখৰ বিশাল পৰ্বতবোৰৰ মাজৰ সেউজ-সতেজ উপত্যকাটোৰ নান্দনিক দৃশ্যপট গাড়ীৰ ভিতৰৰ পৰাই উপভোগ কৰি গৈ আছোঁ৷

ডাপৰিজোৰ পৰা নাচ্ছোলৈ এড্‌ভেন্সাৰপ্ৰেমীসকলে গাড়ীৰে ভ্ৰমি ভাল পাব বুলি আগতে কোনোবাই কোৱা শুনিছিলোঁ৷ এতিয়া এই দিশে নিজে আহি তাৰ প্ৰত্যক্ষ সোৱাদ লবলৈ পাইছোঁ৷ সন্মুখত ৰৈ থকাখিনিৰ বাবেও বুকুৰ ভিতৰত উত্তেজনা এটা ধাৰাবাহিকভাৱে বিৰাজমান হৈ আছে৷ উচ্চ হিমালয়ৰ দুৰ্গম অৰণ্য ভেদি সোৱণশিৰিখনেও নিজৰ দুৰ্বাৰ যাত্ৰা আমাৰ লগে লগে অক্ষুণ্ণ ৰাখিছে৷ সোৱণশিৰিক এৰি ইয়াত দেখিছোঁ, একো কথাই ভাবিব পৰা নাযায়৷

দুঃসাহসিক কাৰ্যকলাপৰ বাবে চিয়ুম উত্তম স্থান বুলি নাম আছে৷ এই ঠাইৰ প্ৰাকৃতিক অৱস্থান মনোমোহা৷ গাড়ীৰে ইয়ালৈকে আহি সোৱণশিৰিৰ পানীত ৰাফ্‌টিং কৰিব পাৰি৷ তদুপৰি স্থানীয় লোকসকলৰ কৰ্ম-পদ্ধতি দৰ্শন কৰিব পাৰি৷ জীয়াই থাকিবৰ বাবে কৰা পৰম্পৰাগত কৃষি-কাৰ্য এই স্থানবিলাকত আজিও বিদ্যমান৷ জুম প্ৰণালীৰে তেওঁলোকে যি ধৰণে খেতি কৰে তাক হেনো আনেও অনুকৰণ কৰিছে৷ কষ্টকৰ যদিও অনুৰূপ জলবায়ু আৰু ভৌগোলিক গঠনযুক্ত দেশৰ বিভিন্ন স্থানত তেনে উপায়েৰে খেতি কৰি সুফল পোৱা গৈছে বুলি শুনিছোঁ৷ ধান, কণীধান, গোমধান ইয়াৰ প্ৰধান শস্য৷ আলু, সৰিয়হ, ছয়াবিন, ৰহৰ, শাক-পাচলি, কুঁহিয়াৰ, আনাৰস আৰু আদাৰ খেতিও এই পাৰ্বত্য অধিবাসীসকলে কৰে৷

পৰ্বতৰ কোলাত অৱস্থিত এই ৰাস্তাটোত আমি পাৰ হোৱা প্ৰতিখন ঠাই৷ প্ৰাকৃতিক পটভূমিত মানুহৰ গ্ৰাম্যবসতি দূৰৰ পৰাই দেখা যায়৷ যেন একো একোখন অভিনৱ কাৰুকাৰ্যখচিত তৈলচিত্ৰ! এনে ক্ষুদ্ৰ ক্ষুদ্ৰ গাঁওবোৰ পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰিত হোৱাৰ পূৰামাত্ৰাই সুযোগ-সম্ভাৱনা আছে বুলি মোৰ ভাব দৃঢ় হৈছে৷ আনফালে হুৰহুৰকৈ পৰি থকা সীমা-সংখ্যা নথকা জলপ্ৰপাতে ওৰে বাটটো আমাক মোহিত আৰু বিস্ময়াবিভূত কৰি পেলাইছে৷ প্ৰকৃতিৰ সেই আনন্দ দানৰ বিপৰীতে চৰকাৰী বিভাগৰ অকৰ্মণ্যতাৰ দিশটো বাৰুকৈয়ে উদঙাই দেখুৱাইছে পথৰ দুৰৱস্থাই৷ পথ পৰিৱহণ আৰু যোগাযোগ ব্যৱস্থা একেবাৰে দুৰ্বিষহ৷ তেনেকৈয়ে আহ-যাহ কৰি আহিছে এই অঞ্চলবোৰৰ ৰাইজে৷ টাটা চুমই একমাত্ৰ পৰিৱহণ৷ ইফালে মবাইল টাৱাৰ নথকাত নেটৱৰ্কৰ নটোও দেখিবলৈ নাই৷ ফলস্বৰূপে আমাৰো প্ৰত্যেকৰে হেণ্ডছেটবোৰ ঘণ্টাৰ পাছত ঘণ্টা ধৰি অথৰ্ব হৈ পৰি আছে৷ কাৰোবাৰ পকেটৰ ভিতৰত, কাৰোবাৰ আকৌ বেগৰ ভিতৰত৷ তৎসত্ত্বেও ভাল কথা এইটোৱেই যে অনাহুত ফোনকলে ভ্ৰমণৰ মজা নষ্ট কৰাৰ সাধ্য ইয়াত মুঠেই নাই৷

দয়মত ভাত খাই উঠাৰ পাছত যাত্ৰাৰ আৰম্ভণিতে আমি চিট সলাইছিলোঁ৷ সন্মুখৰ আসনত মাদাৰ কাষত মই বহিবলগীয়া হল৷ মোৰ বাওঁকাষে জয়ন্তদা৷ এনে অৱস্থানৰ পৰা ফটো তোলাত তেনেই অসুবিধা৷ তথাপি সন্মুখৰ আইনাখনৰ মাজেৰেই দেখি থকা দৃশ্যবোৰলৈ কেমেৰা টোঁৱাই শ্বাটাৰ টিপি থাকিলোঁ৷ ফটো আৰু ভিডিঅই সময়টো ধৰি ৰাখে, ধৰি ৰাখে দিনটোৰ ঘটনাক্রম আৰু দৃশ্যপটৰ সবিশেষ৷ সেই মুহূৰ্তত মনত ৰৈ নোযোৱা বহু তথ্য পাছত ওলাই পৰে৷ ফটো বেয়া হলেও সময়ৰ হিচাপ আৰু যাত্ৰাৰ সংগতিটো যাতে নেহেৰুৱাওঁ সেইবাবেই তেনে কৰি গলোঁ৷ জয়ন্তদাই খিৰিকীৰে দূৰ দিগন্তলৈ দৃষ্টি প্ৰসাৰিত কৰি আপোনমনে চাই চাই কিবা ভাবি গৈ থাকিল৷ 

বাটে বাটে এলেকাবিশেষে মানুহৰ নিৰল বসতি, চুবুৰী বসতি, সৰু গাঁও বসতি চকুৰ আগলৈ আহিছে৷ পাহাৰৰ গাঁওবোৰ সন্ধ্যাতে শুই পৰে৷ পুৱাৰ প্ৰথম চৰাইটোৰ মাততে জাগি উঠে৷ দিনটোৰ কাম-কাজ সোনকালেই আৰম্ভ হৈ যায়৷ ইয়াৰ গ্ৰাম্য জনবসতি বিক্ষিপ্ত আৰু ৰৈখিক জনবসতি৷ পৰ্বতীয়া উপত্যকাবোৰ সংকীৰ্ণ হোৱা হেতুকে এনে ঠাইৰ গ্ৰাম্য জনবসতি দীঘলীয়াকৈ বিস্তৃত৷ নদীৰ পাৰৰ ঠেক, ওখ অংশতো এনে গ্ৰাম্য জনবসতি গঢ়ি উঠিছে৷ ঠায়ে ঠায়ে আলিবাটৰ তেনেই কাষে কাষে ঘৰবোৰ৷ পাহাৰৰ টিঙত পাতলকৈ হলেও বৃত্তৰ দৰে চাৰিওফালে মানুহৰ বসতি লক্ষ্য কৰিছোঁ৷ মাজে মাজে সোৱণশিৰিৰ দুই কূল সংযোগী ধেনুভিৰীয়া সাঁকো একোখনৰ উপস্থিতি৷ দৃশ্যটো নিঃসন্দেহে অনেক সুন্দৰ৷ পিছে মূল কথা হল, দুৰ্গম অঞ্চলৰ সেই অজান জনপদত উপস্থিত হবলৈ হলে অৰণ্যৰ মাজেৰে খৰস্ৰোতা নৈখনৰ অশান্ত ঊৰ্মিমালাৰ ওপৰেৰে নিশ্চয় অতি সাৱধানে পাৰ হব লাগিব৷ ইফালে ওপৰৰ পৰা নামি অহা নিজৰাৰ পানী ফালি কেইবাটাও কেঁকুৰিও সংযমেৰে আমি অতিক্ৰম কৰি আহিছোঁ৷ স্থিৰ কথা এইটোৱেই হব যে পাহাৰত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত জলস্তৰ বাঢ়িলে তেনেকুৱা এলেকাবোৰে দুৰ্নিবাৰ ৰূপ ধৰি হৈ পৰে একো একোখন মৰণ ফান্দ৷ হলেও ইয়াৰ মানুহবোৰে বাধা-বিপত্তিৰ মাজতো হাৰি নগৈ সাহসেৰে কালাতিপাত কৰি আহিছে, প্ৰকৃতিৰ ভৰপূৰ দানেৰে ধন্য হৈ৷ মুক্ত জীৱন, দৈনন্দিনতো যেন পদে পদে এডভেন্সাৰ! ভাবি চালে কিবা হিংসাহে লাগে দেখোন!






(পৰৱৰ্তী লেখা - নাচ্ছো)

No comments:

Post a Comment