Wednesday, 13 April 2016

দিন দুই ৷৷ ১.১১.২০১৫
১১. উজনি সোৱণশিৰি জিলাৰ ইটো-সিটো



উজনি বা আপাৰ সোৱণশিৰি জিলাখনৰ মাটিকালি ৭,০৩২ বৰ্গ কিলমিটাৰ৷ এই জিলাৰ পূব দিশত ৱেষ্ট চিয়াং জিলা৷ পশ্চিমত লৱাৰ সোৱণশিৰি জিলা, কুৰুং কামেই জিলা আৰু চীন দেশ৷ উত্তৰ সীমাত ৱেষ্ট চিয়াং জিলাৰ লগতে চীন দেশ৷ দক্ষিণফালে তিনিখন জিলা ক্রমে কুৰুং কামেই, লৱাৰ সোৱণশিৰি আৰু ৱেষ্ট চিয়াং৷ চীন-ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত মেক্‌মোহন লাইনে এই জিলাখনৰ উত্তৰ-পশ্চিম সীমা চুই আছে৷ চৌপাশে বিয়পি আছে দুৰ্জেয় হিমালয়ৰ পৰা সম্প্ৰসাৰিত লানি নিছিগা পৰ্বত৷ এক কথাত পৰ্বত, উপত্যকা আৰু নৈ-নিজৰাৰেই ভৰপূৰ সমগ্ৰ জিলাখন৷ ভূখণ্ডটিৰ ভৌগোলিক অৱস্থান ২৭ ডিগ্ৰী ৪৫' আৰু ২৭ ডিগ্ৰী ৪২' উত্তৰ অক্ষাংশ, ৯৩ ডিগ্ৰী ১৮' আৰু ৯৪ ডিগ্ৰী ৩৬' পূব দ্ৰাঘিমাংশ৷ ব্ৰিটিছ-ইণ্ডিয়াৰ কালছোৱাত এই জিলাখন নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক্টৰ অন্তৰ্গত আছিল৷ ২০১১ চনৰ পিয়লমতে উজনি সোৱণশিৰি জিলাৰ জনসংখ্যা ৮৩,২০৫৷ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলমিটাৰত ১২জন৷ নামনি সোৱণশিৰি জিলাৰ ক্ষেত্ৰত এই সংখ্যাটো ২৪৷ তাৰ পৰাই মানুহৰ বসতি ইয়াত কিমান ঘন-পাতল সেই সম্পৰ্কে সহজেই ধাৰণা এটা মনলৈ আনি লব পাৰি৷

গহীন বন-বননিৰে অতিশয় ওখ-চাপৰ জিলা এইখন৷ সাগৰীয় জলপৃষ্ঠৰ পৰা গড় উচ্চতা ৭,০০০ ফুটৰ পৰা ১৮,০০০ ফুটলৈ৷ জনবসতি কম বাবে উপৰিভাগৰ অধিকাংশ এলেকাই জনশূন্য৷ ডাঠ আলপাইন ফৰেষ্ট, বৃষ্টিপ্ৰচুৰ অৰণ্য, চিৰসেউজ বনাঞ্চলেৰে জিলাখনৰ উচ্চ আৰু তুলনামূলকভাৱে নিম্ন সকলো অংশই পৰিপূৰ্ণ৷ আনহাতে উদ্ভিদকুলৰ লগতে প্ৰাণীকুলতো চহকী এই জিলা৷ বৰষুণৰ পৰিমাণ অনুসাৰে ইয়াৰ ঠাইবিশেষে জলবায়ুৰ তাৰতম্য ঘটা পৰিলক্ষিত হয়৷ দৃষ্টিঅনুভূতিশীল মানুহৰ বাবে আপাৰ সোৱণশিৰি জিলা সদায়েই সৌন্দৰ্যৰ পোহাৰ৷

ভূ-প্ৰাকৃতিক দৃষ্টিকোণৰ পৰা উজনি সোৱণশিৰি জিলাখনক তিনিটা মণ্ডলত ভগোৱা হৈছে
১. নিম্ন উচ্চতাৰ ডাপৰিজো, ডাম্পৰিজো আৰু বাৰিৰিজো৷
২. মধ্য উচ্চতাৰ সেমেকা জলবায়ুৰ পুচ্ছিগেকো, গিবা, তালিহা আৰু চিয়ুম৷
৩. উচ্চ উচ্চতাৰ নাচ্ছো, লিমেকিং আৰু তাকচিং৷

আমি উচ্চ উচ্চতালৈ যাত্ৰা কৰি আছোঁ৷ উল্লেখযোগ্য যে তাকচিং, লিমেকিং আৰু নাচ্ছো হৈছে আপাৰ সোৱণশিৰি জিলাৰ তিনিটা ৰাজহ চক্র যি বিদেশ ৰাষ্ট্ৰ চীনৰ সৈতে ভাৰতৰ হৈ মেকমোহন সীমা স্পৰ্শ কৰি আছে৷ প্ৰসংগক্ৰমে, অৰুণাচল প্ৰদেশৰ বৰ্তমানে থকা ১৯খন জিলা (আঞ্জাৱ, চাংলাং, ইষ্ট কামেং, ইষ্ট চিয়াং, লোহিত, লংডিং, লৱাৰ সোৱণশিৰি, পাপুম পাৰে, টাৱাং, টিৰাপ, লৱাৰ দিবাং ভেলী, আপাৰ চিয়াং, আপাৰ সোৱণশিৰি, ৱেষ্ট কামেং, ৱেষ্ট চিয়াং, দিবাং ভেলী, কুৰুং কামেই, নামচাই, ক্ৰা দাদি)ৰ ভিতৰত নামচাই, লোহিত, ইষ্ট চিয়াং, লৱাৰ সোৱণশিৰি আৰু পাপুম পাৰেক বাদ দি বাকী ৪খন জিলাৰে সীমাই ভূটান, চীন নতুবা ম্যানমাৰ এই তিনি চুবুৰীয়া ৰাষ্ট্ৰৰ কোনোবা নহয় কোনোবাখনৰ সৈতে ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ অংশীদাৰ হৈ ৰৈছে৷ এইটোৱে প্ৰতিপন্ন কৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই ৰাজ্যখনৰ অৱস্থানগত গুৰুত্ব আৰু দায়িত্ব কিমান৷

বিদেশৰ সৈতে গাতে গা লাগি থকা আপাৰ সোৱণশিৰি জিলাখন ২০১১ চনৰ পৰিসংখ্যা অনুযায়ী দুটা মহকুমাত বিভক্তডাপৰিজো আৰু নাচ্ছো৷ জিলাখনত ৯টা উন্নয়ন খণ্ড আছে৷ সেইবোৰ হল লিমেকিং, নাচ্ছো, চিয়ুম, তালিহা, গিবা, ডাপৰিজো, পুচ্ছিগেকো, ডাম্পৰিজো আৰু বাৰিৰিজো৷ জিলাখনত ১৫টা ৰাজহ চক্র আছে৷ সেইকেইটা হল লিমেকিং খণ্ডৰ তাকচিং আৰু লিমেকিং, নাচ্ছো খণ্ডৰ নাছো, চিয়ুম খণ্ডৰ চিয়ুম, তালিহা খণ্ডৰ তালিহা আৰু পায়ে, গিবা খণ্ডৰ গিবা আৰু চেতাম, ডাপৰিজো খণ্ডৰ ডাপৰিজো, পুচ্ছিগেকো খণ্ডৰ পুচ্ছিগেকো, ডাম্পৰিজো খণ্ডৰ ডাম্পৰিজো, গিৰে ৰিপা আৰু গুচ্ছাৰ, বাৰিৰিজো খণ্ডৰ বাৰিৰিজো আৰু মাৰো৷ আমি যাবলগীয়া তাকচিং চাৰ্কোলৰ অন্তৰ্গত গাঁৱৰ সংখ্যা ১৪খন৷ দাদু, ডজুবুং, গুমচিং, শ্নেয়া, মাৰা-১, মাৰা-২, নাভা-১, নাভা-২, কাচ্চা, লিংবিং, গৰিং, ৰেডিং, ৰেড্ডি আৰু তাকচিং৷ তাকচিং মধ্য অৰুণাচল খণ্ডৰ চীন সীমান্তৱৰ্তী ভাৰতৰ অন্তিম গাঁও৷ তদনুৰূপ লিমেকিং (২২খন গাঁও),নাচ্ছো (৫১খন), চিয়ুম (৪৯খন), তালিহা (৮৬খন), পায়ে (২০খন), গিবা (৩৬খন), চেতাম (৫৮খন), ডাপৰিজো (৪৭খন), পুচ্ছিগেকো (৫০খন), ডাম্পৰিজো (১৮খন), গিৰে ৰিপা (২৫খন), গুচ্ছাৰ (৩৫খন), বাৰিৰিজো (১৯খন) আৰু মাৰো (২৩খন) চাৰ্কোল মিলাই জিলাখনত মুঠতে ৫৫৩খন গাঁও আছে৷ সদৰ ঠাই ডাপৰিজোৱে এই জিলাখনৰ একমাত্ৰ চহৰ৷ জিলাখন ৫টা বিধান সভা সমষ্টিত বিভক্ত৷ ২২-নাচ্ছো, ২৩-তালিহা, ২৪-ডাপৰিজো, ২৫-ৰাগা আৰু ২৬-ডাম্পৰিজো৷ সমষ্টিকেইটা অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত আৰু পশ্চিম অৰুণাচল লোক সভা সমষ্টিৰ অন্তৰ্গত৷

মূলতঃ গালো, তাগিন, হিলমিৰি আৰু নাহ জনজাতিৰ লোকে এই জিলাত বসতি কৰে৷ তেওঁলোকে তাগিন, হিলমিৰি, আদি (গালং) দোৱান কয়৷ কোনো কোনোৱে অসমীয়া, ইংৰাজী বুজি পায় আৰু কবও পাৰে৷ হিন্দী কোৱাত কিন্তু প্ৰায়ভাগেই অভ্যস্ত৷ প্ৰথম চিনাকিত হিন্দীতেই কথা-বতৰা চলে৷

এই জনগোষ্ঠীয় মানুহখিনিৰ জীৱন-চৰ্যা সম্পূৰ্ণভাৱে পৰম্পৰাগত৷ চন্দ্ৰ, সূৰ্য, পৃথিৱী আৰু চৌপাশৰ প্ৰকৃতিয়ে তেওঁলোকৰ সামাজিক আৰু ধৰ্মীয় চেতনাক দৈনন্দিন প্ৰভাৱিত কৰি আহিছে৷ ভিতৰুৱা ঠাইৰ সৰহভাগেই আধুনিক ব্যৱস্থাপনা আৰু শেহতীয়া সুচলতাৰ পৰশ পোৱা নাই৷ খাদ্যৰ বাবে তেওঁলোকে আজিও জংঘলত চিকাৰ কৰে৷ এইটো ঠিক যে আজন্ম বসতি কৰি অহা বনাঞ্চলৰ ওপৰত তেওঁলোকৰ পূৰামাত্ৰাই অধিকাৰ আছে৷ সাপ, নিগনি, বান্দৰকে আদি কৰি স্থানীয়ভাৱে উপলব্ধ সকলো জীৱ-জন্তুৱেই তেওঁলোকৰ ভক্ষ্য৷ প্ৰথাগত ধৰ্মীয় কাৰণাৰ্থে এই জনজাতীয় লোকসকলে বান্দৰৰ লাওখোলা সংৰক্ষণ কৰে৷

ডাপৰিজো চহৰাঞ্চল আৰু উপকণ্ঠৰ গ্ৰাম্যাঞ্চলত কৰা অধ্যয়নেৰে তাগিন জনগোষ্ঠীৰ জীৱন-পদ্ধতি সম্বন্ধে বিস্তৰ জ্ঞান লভিব পাৰি৷ গৱেষণাৰ অন্তৰ্গত ক্ষেত্ৰ অধ্যয়নৰ বাবে নিকটৱৰ্তী গাঁওসমূহ অনায়াসে বাছি লব পাৰি৷ এইবিলাক কামত স্থানীয়ভাৱে সহায়কাৰী লোকো পোৱা যায়৷ সেই দৃষ্টিভংগীৰে চালে গৱেষকসকলৰ বাবে এয়া হৈছে ভূস্বৰ্গ৷ আনহাতে ভাষিক ভিন্নতা থাকিলেও আৰ্থ-সামাজিক দিশত জিলাখনৰ অধিবাসীসকল পৰস্পৰ নিৰ্ভৰশীল৷ ৰাষ্ট্ৰভাষা হিন্দী ইয়াৰ সংযোগী ভাষা৷

তাহানিৰ সোৱণশিৰি সীমান্ত বিভাগৰ উত্তৰ-পূব অংশ আৰু আৰু চিয়াং সীমান্ত অঞ্চলত তাগিনসকলৰ বসতি৷ সীমান্তৰ তাগিনসকলক বিষয়-বস্তু হিচাপে লৈ মেজৰ এছ. এম. কৃষ্ণাত্ৰিয়ে Border Tagins of Arunachal Pradesh : The Unarmed Expedition of 1956 নামৰ কিতাপ এখন লিখি থৈছে৷ তেওঁলোকৰ একাংশ দঞি-পলৰ উপাসক, একাংশ খ্ৰীষ্টান৷ আনহাতে ৰাজ্যখনৰ ভিতৰত আটাইতকৈ সৰু জনজাতিটো হৈছে নাহ৷ তাকচিং অঞ্চলতে তেওঁলোকৰ ঘাই বসতি৷ তেওঁলোক দয়ালু, চোকা আৰু দেখনিয়াৰ৷ নাহসকলক লৈ পৰ্যাপ্ত গৱেষণা-কাৰ্য এতিয়াও হৈ উঠা নাই চাগৈ৷ দুৰ্গম অৱস্থিতিৰ কথা ভাবিয়ে তেনেকুৱা যেন ধাৰণা হৈছে৷

তাগিনসকলৰ চি-দঞি, হিলমিৰিসকলৰ বুৰি বুট, গালঙৰ মপিন আদিবোৰ হৈছে থলুৱা পৰিৱেশত ধুমধামেৰে পালিত উৎসৱ৷ চি-দঞি উৎসৱৰ সময়ত তাগিন মহিলাসকলে চি-অমে লোক-নৃত্য কৰে৷ এই নাচত গোৱা গীতৰ মাধ্যমেৰে শস্যৰ উভৈনদী হোৱাৰ কামনাৰে ভগৱানক প্ৰাৰ্থনা জনোৱা হয়৷

প্ৰাকৃতিক বনাঞ্চলেই এই জিলাৰ প্ৰধান সম্পদ৷ গ্ৰামীণ, চহৰীয়া সকলো লোকেই তাৰ পৰাই গৃহ নিৰ্মাণৰ সামগ্ৰী, ৰন্ধন-প্ৰকৰণৰ বাবে প্ৰয়োজনীয় খৰি, ভক্ষ্যণীয় ফল-মূল ইত্যাদি আহৰণ কৰে৷ পাহাৰীয়া খৰস্ৰোতা নৈত বান্ধ দি জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনীয়তা জিলাখনত প্ৰচুৰ৷ এন.এইচ.পি.চি.ৰ জৰিয়তে দুটাকৈ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম চলাই থকা হৈছে৷

পাহাৰৰ শিখৰত অৱস্থিত, প্ৰদূষণশূন্য ঠাইবোৰত অৱধাৰিতভাৱেই ব্যৱসায়-বাণিজ্যৰ অগ্ৰগতি ধীৰ৷ কাঠ, বাঁহ, বেত, টকৌপাত আদিৰে পৰম্পৰাগত আৰ্হিত চাং ঘৰবোৰ নিৰ্মাণ কৰা হয়৷ পাহাৰৰ বক্ষত ঘাইকৈ শিলাময়, অসমান স্থানত বাসগৃহবোৰ সজা দেখা যায়৷ সমানকৈ চাং সাজিবৰ বাবে অসংখ্য কাঠ-বাঁহৰ প্ৰয়োজন হয়৷ চাঙৰ ওপৰলৈ উঠি যাবৰ বাবে কাঠৰ খটখটিৰ ব্যৱস্থা থাকে৷ এনে ঘৰবোৰৰ উচ্চতাই জীৱ-জন্তু আৰু পোকৰ আক্রমণৰ পৰা আৱাসীৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰে৷ প্ৰায়বোৰ ঘৰেই টকৌপাতৰ বা খেৰী৷ আজিকালি অৱশ্যে টিনপাত ব্যৱহাৰ কৰা হৈছে৷ আল্‌কতৰাৰ ড্ৰামচিটৰো প্ৰয়োগ স্থানভেদে দেখা পাইছোঁ৷ অৰ্থনৈতিক ক্ষমতা অনুপাতে ঘৰবোৰৰ কিছু কিছু তাৰতম্য লক্ষ্য কৰা যায় যদিও চিমেণ্ট-কংক্রিটৰ ঘৰ খুব কমেইহে আছে৷

কৃষি-কৰ্ম, চিকাৰ, পশুপালন আৰু বয়নেই হৈছে ইয়াৰ মানুহৰ জীয়াই থকাৰ অৱলম্বন৷ ভাৰতীয় সেনাবাহিনী, সীমান্ত পথ নিৰ্মাণকাৰী সংস্থা আদিৰ অধীনতো বহু লোকে কাম-কাজ কৰি জীৱিকা আহৰণেৰে পেট প্ৰৱৰ্তায়৷ বিশেষভাৱে মন কৰা কথাটো হল, পূব অৰুণাচলত দেখি অহাৰ দৰে কানি খেতি এইফালে চকুত পৰা নাই৷ পপী ফুলৰ দৰেই পাইন গছো দেখিবলৈ নাই৷ এই জিলাৰ নিবাসীসকলে ওখ পৰ্বতৰ এঢলীয়া দেহাত জুম খেতি আৰু পাহাৰৰ নিম্নস্থলত পানী খেতি কৰে৷ উদ্যান শস্যৰ ভিতৰত কমলা, আনাৰস, কল, আপেল, মধুৰিআম, কঁঠাল, অমিতা, নেমু, লিচু, বগৰী, নাচপতি, ইলাচি আদি উৎপাদন হয়৷

চিৰসেউজীয়া উপত্যকা আৰু পৰ্বতৰ মাজেৰে গতি কৰা সমস্ত পথছোৱাতে বেলি, ডাৱৰ, কুঁৱলীয়ে লুকা-ভাকু খেলি গৈছে৷ এতিয়া আমি দেখা নাই যদিও কমলা টেঙা পকাৰ সময়ত পথৰ দাঁতিত স্থানীয় লোকে টেঙাফলবোৰ বিক্রী কৰি থকাৰ দৃশ্য সুলভ৷ ইয়াৰ সুমথিৰাবোৰ সস্তা৷ সুমিষ্ট তাৰ স্বাদ৷

জিৰো আৰু ডাপৰিজোৰ মাজত চলা টাটা চুম গাড়ীবিলাকেই অঞ্চলটোৰ একমাত্ৰ পৰিৱহণ৷ অন্যথা কেওফালে নীৰৱতাৰে পৰিৱেষ্টিত প্ৰকৃতি-মাতৃৰ শ্যামলীমাৰেই পূৰ্ণ-পয়োভৰ৷ জিৰো হাপলিৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পাছত তামেন, ৰাগা, চাদলি, গদাক, লা আদি পাৰ হৈ জিলা সদৰ ডাপৰিজো৷ জিৰোৰ পৰা ডাপৰিজোলৈ ধীৰে-সুস্থিৰে যাওঁতে ৭-৮ ঘণ্টামানেই সময় লাগে৷





(পৰৱৰ্তী খণ্ড - আহি পালোঁ সদৰ ঠাই ডাপৰিজো)

No comments:

Post a Comment