দিন দুই ৷৷ ১.১১.২০১৫
৪. পতিন পালোঁ
আমি চফৰ কৰি থকা মধ্য অৰুণাচলৰ এই জিলাখন ১৯১৪
চন পৰ্যন্ত অসমৰ লখিমপুৰ জিলাৰ অংশবিশেষ আছিল বুলি ইতিহাসে কয়৷ সেই বৰ্ষতে ভাৰত চৰকাৰে
ভূখণ্ডটি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক্টৰ অন্তৰ্গত লখিমপুৰ ফ্ৰণ্টিয়াৰ ট্ৰেক্টত অন্তৰ্ভুক্ত
কৰে৷ ১৯১৯ চনত পশ্চিমৰ অংশবিশেষৰ সৈতে মিলাই নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক্টৰ নাম বালিপাৰা
ফ্ৰণ্টিয়াৰ ট্ৰেক্ট কৰা হয়৷ ১৯৪৬ চনত বালিপাৰা ফ্ৰণ্টিয়াৰ ট্ৰেক্টৰ পৰা জিলাখনৰ ভূভাগ
কাটি উত্তৰ লখিমপুৰক সদৰ হিচাপে লৈ সোৱণশিৰি এলেকা গঠন কৰা হৈছিল৷ ১৯৫৪ চনত সোৱণশিৰি
এলেকাটোক সোৱণশিৰি ফ্ৰণ্টিয়াৰ ডিভিজন বুলি নামকৰণ কৰে৷ তাৰ লগে লগে সদৰ ঠাই জিৰোলৈ
উঠাই অনা হয়৷ নেফাৰ অন্যান্য অঞ্চলৰ দৰেই জিলাখন কেন্দ্ৰীয় চৰকাৰৰ বহিঃ পৰিক্রমা দপ্তৰৰ
অন্তৰ্গত আছিল৷ এজন ৰাজনৈতিক বিষয়াই তদাৰক কৰিছিল৷ ১৯৬৫ চনৰ ১ ছেপ্টেম্বৰত গৃহ মন্ত্ৰণালয়ে
বৈদেশিক মন্ত্ৰণালয়ৰ পৰা নেফাৰ প্ৰশাসনীয় দায়িত্ব গ্ৰহণ কৰে৷ উক্ত সময়তে সোৱণশিৰি
ফ্ৰণ্টিয়াৰ ডিভিজনৰ নাম হয়গৈ সোৱণশিৰি জিলা৷ তেতিয়াই ইয়াৰ ৰাজনৈতিক বিষয়াজনক জিলাধিপতি
বা উপায়ুক্ত, অতিৰিক্ত ৰাজনৈতিক বিষয়াজনক অতিৰিক্ত উপায়ুক্ত, সহকাৰী ৰাজনৈতিক বিষয়া
(ক)জনক সহকাৰী উপায়ুক্ত, সহকাৰী ৰাজনৈতিক বিষয়া (খ)জনক উপ-প্ৰতি সমাহৰ্তা আৰু বে’চ চুপাৰিনটেণ্ডেণ্টজনক চাৰ্কোল
অফিচাৰ অভিধা দিয়া হয়৷ ১৯৮০ চনৰ ১৩ মে’ তাৰিখে সোৱণশিৰি জিলাখনক নামনি আৰু উজনি সোৱণশিৰি জিলা
নামে দুভাগত ভগোৱা হৈছিল৷ তেতিয়াৰ ডাপৰিজো মহকুমাক লৈ আপাৰ সোৱণশিৰি জিলা আৰু বাকী
অংশক সামৰি ল’ৱাৰ সোৱণশিৰি জিলা সৃষ্টি কৰা
হয়৷ নামনি আৰু উজনি সোৱণশিৰি জিলা দুখনৰ অধিবাসীসকলে ১৯৮০ চনৰ ১ জুন তাৰিখটো জিলা গঠনৰ
দিন হিচাপে পালন কৰি আহিছে৷ মনত পৰে, নিৰজুলিত থকা বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান
নেৰিষ্টত আমি নাম ভৰ্তি কৰিবৰ পৰত জিলাখনৰ নাম নামনি সোৱণশিৰি আছিল৷ পাছত ১৯৯২ চনৰ
২২ ছেপ্টেম্বৰ তাৰিখে ল’ৱাৰ সোৱণশিৰি জিলাক খণ্ডিত কৰি
পাপুম পাৰে নামকৰণেৰে নতুন জিলাৰ সৃষ্টি কৰা হয়৷ অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ সম্প্ৰতি
পাপুম পাৰে জিলাত পৰে৷ আমি এতিয়া পাপুম পাৰে জিলাৰ মাজেৰেই গৈ আছোঁ ল’ৱাৰ সোৱণশিৰি জিলালৈ৷ পাপুম পাৰে
নিছি জনজাতি বসতিপ্ৰধান অঞ্চল৷ ৰাজ্যখনৰ ভিতৰত এইখন জিলাতে জনবসতি সৰহ৷ ২০১১ চনৰ লোকপিয়ল
অনুসাৰে ঘনত্ব প্ৰতি বৰ্গ কিল’মিটাৰত ৫১জন৷ জিলাখনৰ ক্ষেত্ৰকালি ২,৮৭৫ বৰ্গ কিল’মিটাৰ৷
আমি যাত্ৰা কৰি থকা ৩,৪৬০ বৰ্গ কিল’মিটাৰ মাটিকালিৰ ল’ৱাৰ সোৱণশিৰি জিলাখনৰ মহকুমা
তিনিটা... জিৰো, য়াশ্বুলি আৰু ৰাগা৷ জিৰো
মহকুমাক দুটা চাৰ্কোলত বিভক্ত কৰা হৈছে... জিৰো আৰু পুৰণি জিৰো৷ য়াশ্বুলিৰ অন্তৰ্গত তিনিটা চাৰ্কোল... য়াশ্বুলি, পিষ্টানা আৰু য়াজালি৷
ৰাগাকো তিনিটা চাৰ্কোলত ভগোৱা হৈছে... ৰাগা, কাম্পৰিজো আৰু দলুংমুখ৷ এই আঠোটা চাৰ্কোলৰ অন্তৰ্গত
জিলাখনত মুঠতে ২২৬ খন গাঁও আছে৷ জিলাখনৰ উন্নয়ন খণ্ড তিনিটা... জিৰো-১, জিৰো-২ আৰু তামেন-ৰাগা৷
পৰ্বতাঞ্চলেৰে আৱৰা এই জিলাখনৰ সমুদ্ৰপৃষ্ঠৰ পৰা গড় উচ্চতা ১,০০০ মিটাৰৰ পৰা ১,৬০০
মিটাৰ৷ কমলা নৈ জিলাখনৰ মাজেৰে প্ৰৱাহিত হোৱা মুখ্য নৈ৷ তিব্বতৰ তুষাৰাবৃত্ত পৰ্বতৰ
পৰা ওলাই আহি নৈখন দক্ষিণ-পূবলৈ বৈ গৈছে৷ আপাতানি, নিছি আৰু হিলমিৰি এই ভূখণ্ডৰ মূল
আৱাসী৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি নামনি সোৱণশিৰি জিলাৰ জনসংখ্যা আছিল ৮২,৮৩৯৷ ৰাগা ৰাজহ
চক্রৰ মাজেৰে প্ৰৱাহমান সোৱণশিৰি নৈৰ নামেৰেই এই জিলাৰ নামটো ৰখা হৈছে৷ সোৱণশিৰি বুলিলেই
কত শত কথা! জিলাৰ নাম দিয়াটো সৌ সিদিনাৰহে কথা৷ আমাৰ পুৰণি বিহুনামত কিন্তু কোন কেতিয়াবাৰ
পৰাই আছে… ‘কঢ়া সোৱণশিৰি হ’ল এক সুঁতি/মাৰোঁ চুলি মেলি বুৰ,
ৰাতিৰে ৰাতিটো ভাবিলোঁ চিন্তিলোঁ/কথাৰো নেপালোঁ ওৰ৷’ অসমীয়া জনজীৱনৰ সৈতে সম্পৃক্ত বনগীত, আধুনিক গীত,
গল্প, কবিতা, উপন্যাস, নাটকত সোৱণশিৰিৰ উল্লেখ হিচাপহীন৷
৮.১০ বজাত পতিন পালোঁগৈ৷ অসমৰ ফালৰ পৰা কিমিন চে’ক গে’টেৰে অৰুণাচল প্ৰদেশলৈ সোমাই
অহা বাটটো এই ঠাইতে আমি গৈ থকা ইটানগৰ-জিৰো পথৰ লগ লাগিছে৷ ব’ৰ্ডাৰ ৰ’ডছ অৰ্গেনাইজেচনৰ ফলক এখনৰ পৰা
বুজিলোঁ যে ইয়াৰ পৰা দৈমুখ হৈ ইটানগৰলৈ ৭০ কিল’মিটাৰ৷ পতিনৰ পৰা আগত য়াজালি৷ তালৈ ২০ কিল’মিটাৰ৷ নেৰিষ্টত পঢ়ি থকা কালত
য়াজালিত তেতিয়া নিৰ্মাণকাৰ্য চলি থকা ৪০৫ মেগাৱাট উৎপাদন ক্ষমতাসম্পন্ন ৰঙানদী হাইড্ৰ’-ইলেকট্ৰিক প্ৰজেক্ট দেখুৱাবলৈ আমাৰ মেকানিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ফালৰ পৰা শিক্ষানুষ্ঠানৰ বাছেৰে আমাক লৈ অহা
হৈছিল৷ কিমিন গে’টেৰে সোমোৱাটো আজিও পৰিষ্কাৰকৈ মনত আছে৷
সেই সময়ত সম্ভৱতঃ এইটো ৰাস্তা নাছিল৷ কাৰণ দিক্রঙৰ ওপৰত দলং সজা হোৱা নাছিল৷
ইয়াৰ পৰা জিৰোলৈ ৬০ কিল’মিটাৰ বাকী৷ দূৰত্ব বৰ বেছি নহ’লেও পৰ্বতীয়া ৰাস্তাত বেগত যাব নোৱাৰি৷ গতিকে সময় বেছি লাগে৷ গাড়ীবোৰ এঘণ্টাত ২৫-৩০ কিল’মিটাৰমানকৈহে চলে৷ গতি বঢ়াই বিপদ চপোৱাতকৈ সাৱধানতা অৱলম্বন কৰাই শ্ৰেয়ঃ৷ হেনজানি চাগৈ বি.আৰ.অ’.ৰ চাইনব’ৰ্ডখনৰ তলফালে সৰুকৈ লিখি আণ্ডাৰলাইন কৰা আছে… Drive slow৷ মাদাকো অৰূপদাই তাকেই বাৰে বাৰে মনত পেলাই দি গৈছে৷ সি আৰামছে চলাই আছে৷ মাজে মাজে কেৱল সোঁৱৰাই আছে যে ডাপ’ পাওঁতে দেৰি হ’ব আজি৷ অন্তৰ্নিহিত কাৰণটো এইটোৱেই যে সি তাৰমতে গাড়ীখন দৌৰাব পৰা নাই৷ যাত্ৰীৰ মতে চলিব লগা হোৱাত দৈনন্দিন গতিৰ তুলনাত অনেক পিছুৱাই আছে৷

পতিনত দোকান-পোহাৰ কেইখনমান আছে৷ ভোকটোৱেও আমনি
কৰি আহিছিল৷ নাহৰলাগুন ষ্টেচনতে চাহ-বিস্কুট খোৱা৷ গতিকে গাড়ীখন একাষে ৰখাই সকলোৱে নামিলোঁ৷ ৰুটি, চাহ আদি খাই তজবজীয়া হৈ ল’লোঁ৷ মনবোৰো ফৰকাল হৈ
পৰিল৷
চাহ বিৰতিৰ অন্তত যাত্ৰা পুনৰ আৰম্ভ কৰা হ’ল৷ আমি চিটবোৰ সলাই-বদলাই বহিছোঁ যাতে কাৰো একো অসুবিধা নহয়৷ পাপুম পাৰে জিলা এৰি ল’ৱাৰ সোৱণশিৰিত সোমাই পৰিলোঁ৷ য়াজালিৰ ওচৰ চাপোঁতে গাড়ীৰ খিৰিকীৰে ওপৰৰ পৰা ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ, অফিচ, কোৱাৰ্টাৰ আদি চকুত পৰিল৷ পুৰণি দিনৰ দৃশ্যপট ৰিণিকি ৰিণিকি মনৰ পৰ্দাত সংগোপনে ভাহি উঠিব ধৰিলে৷ পাহাৰৰ নামনিত নৰ্থ ইষ্টাৰ্ণ ইলেকট্ৰিক পাৱাৰ কৰ্প’ৰেচন (নীপক’)ৰ গে’ষ্ট হাউচটো আছিল৷ আমি ছাত্ৰ-ছাত্ৰীবোৰে সেই অতিথিশালাত বহি চাহ-ভাত খাইছিলোঁ৷ ৰঙানদীৰ ওপৰত ওলোমা দলং এখনো আছিল৷ আমি সেই হেঙিং ব্ৰীজখনেৰে ইপাৰ-সিপাৰ হৈছিলোঁ৷ উলাহেৰে ফটো উঠিছিলোঁ৷ সেই আলোক-চিত্ৰবোৰ মোৰ এলবাম এটাত এতিয়াও সযতনে সাঁচি থোৱা আছে৷ ৩৩৯ মিটাৰ দৈৰ্ঘ্যৰ নদীবান্ধৰ উপৰি নিৰ্মীয়মান ১০.১ কিল’মিটাৰ দীঘল টানেলটোৰ বহু ভিতৰলৈকে খোজ কাঢ়ি সোমাই গৈ কাম-কাজ চাইছিলোঁ৷ সুৰংগৰ ভিতৰত ওপৰৰ পৰা টোপ-টোপকৈ পানী পৰি আছিল৷ ডাম্পাৰ দুখনে সুৰংগটোৰ ভিতৰতে পৰস্পৰক ক্রছ কৰিছিল৷ সাঁচি থোৱা ফটোগ্ৰাফৰ পাছফালে লিখি ৰখা তাৰিখ অনুসৰি সেয়া আছিল বিগত ২১.১১.১৯৯২ৰ কথা৷ সেই সময়তে নেৰিষ্ট আৰু নীপক’ৰ মাজত ক্রিকেট চিৰিজ এটাও অনুষ্ঠিত হৈছিল৷ তাৰ বাবে আমাৰ শিক্ষানুষ্ঠানৰ বাছেৰেই প্লে’য়াৰবোৰৰ আহ-যাহ চলিছিল৷ এবাৰ নেৰিষ্ট যায়, এবাৰ নীপক’ আহে৷ সুদীৰ্ঘ ২২ বছৰৰ মূৰত য়াজালিখন দেখি স্বাভাৱিকতেই উন্মনা হৈ পৰিলোঁ৷ তেতিয়াৰ পৰা এতিয়ালৈ অনেক পানী বাগৰি গ’ল পৰ্বতৰ নামনিৰে বৈ থকা ৰঙানৈৰ বুকুৱেদি৷ ২০০২ চনৰ জানুৱাৰী মাহত প্ৰকল্পটোৰ উৎপাদন কাৰ্য আৰম্ভ হৈছিল৷ ৰঙানৈৰ পানী পেলোৱা হৈছিল দিক্রঙত৷ দিক্ৰঙৰ পৰা গৈ সোৱণশিৰিত৷ শেষত ব্ৰহ্মপুত্ৰ৷

অৰুণাচলেৰে বৈ যোৱা দিক্রং, ৰঙানদী আৰু সোৱণশিৰি
অসমৰ লখিমপুৰ জিলাৰো প্ৰধান নৈ৷ বৈদিক যুগৰ সাহিত্যত উল্লেখ থকা এইবোৰ একো একোখন প্ৰাচীন
নৈ৷ ঋকবেদত উল্লেখ থকা ৰসনদী, কালিকা পুৰাণত উল্লেখ থকা সোমসনা নৈয়ে বৰ্তমানৰ ৰঙানদী৷
ইয়াৰ উৎসস্থল নিম্ন সোৱণশিৰি জিলাৰ পশ্চিম সীমাৰ ওচৰৰ খোৰেনপুটু নামৰ এটা ওখ পৰ্বত৷
নিৰপুং আৰু নিৰকে নামৰ দুখন নৈ মিলিত হৈ এই নৈৰ সৃষ্টি হৈছে বুলি ডক্টৰ যোগেন্দ্ৰনাথ
শৰ্মাৰ ‘অসমৰ নদ-নদী’ কিতাপত পাইছোঁ৷ পেৰিচ নামৰ উপনৈৰ
সৈতে মিলি পাঁয়ৰ নাম লৈ ই দক্ষিণ-পূবমুৱাকৈ পাহাৰৰ মাজে মাজে বৈ আহিছে৷ য়াজালিৰ ওচৰৰ
পৰা কুমাচেকি পৰ্যন্ত কিমিন-জিৰো পথৰ কাষেৰে আহি এই নৈ বাটতে পুৰিপেৰ নৈৰ লগ লাগিছে৷
নৈখনৰ দাঁতিৰে সোঁতৰ বিপৰীতে সেইটো বাটেৰেই আমি আগুৱাইছোঁ৷ পথৰ পৰা আঁতৰি গৈ জহিং নামৰ
ঠাইত ই নাম লৈছে ৰঙানদী বা ৰঙানৈ৷ ৰঙানৈয়ে কিমিনত দিজু বা কুদ নৈৰ লগ লোৱাৰ পাছত কিমিন-লখিমপুৰ
পথৰ কাষেৰে পূবলৈ বৈছে৷ নদীখনৰ অৱবাহিকাই অৰুণাচল প্ৰদেশৰ ২,১৭০ বৰ্গ কিল’মিটাৰ ঠাই আগুৰি আছে৷ অৰুণাচলৰ
ভিতৰত এই নৈখনৰ দীঘ ৭৫ কিল’মিটাৰ৷ অসমত প্ৰৱেশ কৰাৰ পাছত
লখিমপুৰ জিলাৰ সোঁমাজেৰে কেইবাখনো উপনৈসহিত বৈ গৈ ৰঙানদী সোৱণশিৰিত বিলীন হৈছে৷
সেই সোৱণশিৰিৰ আগলি দৰ্শন কৰিবৰ বাবেই দলবদ্ধভাৱে আমি আহিছোঁ৷ সোৱণশিৰিয়ে বেছ কিছুদিনৰ পৰাই আমাৰ তন-মন জোকাৰি আছে৷ তাৰে প্ৰভাৱত ৰোমাঞ্চভৰা এই পৰ্বতীয়া বাটত ৰং মনেৰে গুণগুণাই গৈছোঁ… ‘ধনশিৰি ভেটিলে জেঙে ঐ জাবৰে/সোৱণশিৰি ভেটিলে কিহে?/ভঙা খোলাকটি কমাৰে গঢ়িলে/যৌৱন গঢ়ি দিলে যিহে৷’
(পৰৱৰ্তী খণ্ড - নিজৰা আৰু পৰ্বতৰ যুগলবন্দীৰ মাজত)

No comments:
Post a Comment