Sunday, 24 April 2016

দিন তিনি  ৷৷ ২.১১.২০১৫
৬. তালিহা



ডাপ এৰাৰ পৰাই আলিটোৰ অৱস্থা কাহিল৷ উপকণ্ঠৰ বোকাময় পথেৰে কেইমিনিটমান আগুৱাবলগীয়া হল৷ তাৰ পাছত আহিল আলকতৰাৰ তৰপ কাহানিবাই উঠি যোৱা ৰাস্তা৷ তাগিন গাঁৱৰ মাজেদি আগ বাঢ়ি ৭ কিলমিটাৰ যোৱাত বাটটো দুভাগ হল৷ সোঁহাতে সোৱণশিৰিৰ দলঙেৰে ফাটি গৈছে আললৈ৷ ডাপৰ পৰা আললৈ ১৭০ কিলমিটাৰ দূৰ৷ ড্ৰাইভাৰ মাদাই আমাক বাওঁবাটে আগ বঢ়াই নিলে৷ আজিৰ লক্ষ্যস্থান লিমেকিঙৰো আগলৈ, যলৈকে গাড়ী চলে৷ ৰিয়েৰ-ভিউ মিৰৰত দেখা পালোঁ, পিছে পিছে জে.জে.ও আহি আছে, নিয়ন্ত্ৰিত গতিবেগত৷

চকাকেইটা কেইকিলমিটাৰমান ঘূৰিছেহে মাত্ৰ৷ হঠাতে দলৰ পথ-প্ৰদৰ্শক নিকেল নালই এঠাইত মাদাক নিৰ্দেশ দিলে গাড়ী ৰখাবলৈ৷ মাদাই তৎক্ষণাৎ ব্ৰেক টানিলে৷ সিখন গাড়ীও ৰৈ গল৷ অনুসন্ধিৎসাৰ ভাব এসোপা বুকুত লৈ আমি যাত্ৰীবোৰো এজন এজনকৈ নামি দিলোঁ৷ সোঁহাতে নিম্নভাগলৈ অৰণ্যৰ ফাঁকেৰে জুমি চকামকাকৈ দেখা পাই আছোঁ সোৱণশিৰিখন৷ কেইটামান মুহূৰ্তৰ বাবে আনমনা কৰি তুলিলে আৰণ্যক সেউজীয়াৰ মাজেৰে দৃশ্যমান হোৱা বোৱঁতী নৈৰ নীলাভ সন্মোহনীয়ে৷ ইফালে সুনীল আকাশত সশব্দে পাখি ঘূৰাই হেলিকপ্টাৰ এখন৷ বোধ হয় ডাপৰ পৰাই উৰিছে৷ সীমান্তৰ আমি নজনা কোনোবা ঠায়েই হব চাগৈ গন্তব্যস্থল৷ তেনেকুৱা এলেকাবোৰত হেলিকপ্টাৰে নিত্যপ্ৰয়োজনীয় খাদ্য-সামগ্ৰীৰ যোগান নধৰিলে বিকল্প নাই৷ অৰুণাচল প্ৰদেশৰ অনেক অৱস্থান এতিয়াও সহজগম্য নহয়৷ যলৈ লক্ষ্য কৰি ঘৰৰ পৰা আমি ওলাই আহিছোঁ সেয়াও তদনুৰূপ৷

আমাৰ বাওঁহাতে পথৰ কাষত অচিনাকি লতা-গুল্ম কিছুমান৷ তাৰ মাজতে গৰাটোৰ বুকুৰে কেইবাঠাইতো পানী নিগৰিছে৷ নিকেল সেইফালে কাষ চাপি গল৷ বৰ হেঁপাহেৰে হাত দুখন তিয়ালে৷ তাৰ পাছত কুশল গাইডৰ দৰে বিৱৰণী শুনোৱাত লাগিল শীতল জলধাৰাটিৰ বিষয়ে৷ সেই পানী ঔষধি গুণযুক্ত৷ তাৰে গা ধুলে বেমাৰ-আজাৰ, বিশেষকৈ চৰ্মৰোগ নাশ হয় বুলি স্থানীয় লোকৰ বিশ্বাস৷ এনেকৈ লাভ হোৱা স্বাস্থ্য সম্পৰ্কীয় উপকাৰ সম্বন্ধে দৰাচলতে গ্ৰহণযোগ্য বৈজ্ঞানিক বিশ্লেষণ বা ব্যাখ্যা আগ বঢ়াব লাগিব চিকিৎসা বিজ্ঞানে৷ তেতিয়াহলে এনে অঞ্চললৈ বিভিন্ন কোণৰ পৰা মানুহৰ অবিৰত আগমন ঘটাটো অৱধাৰিত৷ টুৰিষ্ট স্পটলৈও আনকি পৰ্যবসিত হবগৈ পাৰে এনে ঠাই, যেনেকৈ কাৰবি আংলং-গোলাঘাট সীমান্তৰ গৰমপানী আমি সৰুৰে পৰা দেখিছোঁ৷ নিজৰাৰ পানীত হাত-মুখ ধুই কথাৰ মোখনি মাৰি আটায়ে আকৌ ভাগে ভাগে চিটত বহিলোঁ৷ চকা দুনাই ঘূৰিব লাগিল৷

আপাৰ সোৱণশিৰিৰ দুৰ্গম পৰ্বতৰ বক্ষত সোমাবলৈ কৰা যাত্ৰাটিৰ আগলিতে আমাৰ বাবে সেয়া আছিল প্ৰথম আশ্চৰ্য৷ অৱশ্যে সেইটো আছিল আৰম্ভণিহে মাত্ৰ৷ আগলৈ কত আশ্চৰ্যই ঊৰ্ধ্ববাহু হৈ আমাক স্বাগতম জনাবলৈ ৰৈ আছে, নগলে বা নেদেখিলে জনাৰনো উপায় কত?

আকাশ নীলা৷ ৰদ জিলমিল পুৱা৷ গাড়ীখন ধীৰে ধীৰে গৈ আছে৷ বাটে বাটে স্পষ্টভাৱে লক্ষ্য কৰিছোঁ কলগছৰ আধিক্য৷ পাহাৰৰ গাত হাজাৰ, লাখ হিচাপত বনৰীয়া কলগছ একেলগে! চকুৱে দেখি থকালৈকে কেৱল কলগছেই কলগছ৷ কৰবাত কৰবাত কলৰ থোক ওলমি আছে৷ আমাৰ মাজৰে কোনোবা এজনে কলে যে সেই কলডিল আৰু কলবোৰ নাখায়৷ প্ৰশ্ন উঠিল, খায় নে নাখায়? সঁচা-মিছা ময়ো নাজানো৷ ঘৰত কিন্তু আমি প্ৰায়ে পাহাৰীয়া কলডিলৰ আঞ্জা খাওঁ৷ এফুটমান বা ততোধিক দীঘল, তিনি ইঞ্চিমান বা তাতোকৈ কম বেধৰ কলডিলবোৰ৷ আনহাতে নিজ চকুৰে দেখি থকা এই কলগছ অৰণ্যলৈ চাই প্ৰশ্ন এটায়ো থাউকতে ভুমুকি মাৰিলে৷ পাহাৰৰ গাত এনেহেন কষ্টগম্য ঠাইত গজা কলগছবোৰৰ পৰা খাবলৈ কলডিল বা কল সংগ্ৰহ কৰিবলৈ কিমান দুঃসাহসিকতাৰ প্ৰয়োজন হব পাৰে? কৰবাতচোন পোহৰেই নপৰে, গুৰিও আনকি দেখা নাযায়! অসূৰ্যস্পৰ্শা এলেকাটোৰ তলেৰে পাক এটা লৈ ৰাস্তাটো গুচি গৈছে৷ কলগছবোৰলৈ একধ্যানে চাই থাকোঁতেই মনত পৰিল যে ২০১৩ চনৰ এপ্ৰিল মাহত কালিকট বিশ্ববিদ্যালয়ৰ বিজ্ঞানী আৰু গৱেষকৰ দল এটাই অৰুণাচল প্ৰদেশৰ বনাঞ্চলত এবিধ নতুন প্ৰজাতিৰ কল আৱিষ্কাৰ কৰি গৈছে৷ তাকে চাই অনুমান কৰিবলৈ অকণো টান নহয় যে আজিও কিমান ৰহস্য আৰু আশ্চৰ্যৰে ঠাহ খাই আছে অৰুণাচলৰ বনাঞ্চল! উদ্ভিদ বিজ্ঞানী, সত্য সন্ধানীৰ ভূস্বৰ্গ এইখন৷

ডাপৰিজোৰ পৰা আমি তালিহা ৰডেৰে আহি আছোঁ৷ ৰাস্তাৰ অৱস্থা হতাশজনক৷ ঠায়ে ঠায়ে খহনীয়া কবলিত এলেকা৷ কৰবাত কৰবাত এক্সকেভেটৰে কাম কৰি আছে৷ শিল ভঙা মেছিনে শিল ভাঙি আছে৷ ধূলিয়ৰি পথেৰে মাদা আৰু জে.জে.ই ধূলি উৰুৱাই আমাক আগলৈ নি আছে৷ ডাপৰ পৰা প্ৰায় ৪০ কিলমিটাৰ অহাত দেখিলোঁ, বি.আৰ.অ.ৰ তত্ত্বাৱধানত তালিহা আৰু তাত সংযোগী পথৰ নিৰ্মাণ কাৰ্য চলি আছে৷ ব্লেক টপিং হৈছে৷ সোঁফালে নামনিৰ দিশে আঁতৰি যোৱা নৱনিৰ্মিত এই পথৰ দৈৰ্ঘ প্ৰায় ১০০ কিলমিটাৰ৷ তলত বেইলী দলং দুখন দেখা পাই আছোঁ৷ নৈখনৰ সিপাৰে বিপৰীত ফালৰ পৰা অহা পথ এটাৰে এই পথটো একাকাৰ হৈছে৷

আমি পোনে পোনে তালিহাৰ ফালে গলোঁগৈ৷ ডাপৰ পৰা পুৱা যাত্ৰা আৰম্ভ কৰাৰ প্ৰায় দুঘণ্টাৰ পাছত তালিহা নামৰ ঠাইখন পাইছোঁ৷ তালিহা আচলতে এখন মধ্যমীয়া জোখৰ গাঁও৷ ৩০৬টা পৰিয়ালে ইয়াত বাস কৰে৷ ২০১১ চনৰ লোকপিয়লমতে জনসংখ্যা ১,৮৭১৷ আপাৰ সোৱণশিৰি জিলাখনৰ ৯টা উন্নয়ন খণ্ডৰ মাজৰে তালিহাও এটা৷ জিলাখনৰ ১৫টা ৰাজহ চক্রৰো ই অন্যতম৷ তালিহা চাৰ্কোলৰ অন্তৰ্গত ৮৬খন গাঁও আছে৷ তাৰ ভিতৰত তালিহাই আটাইতকৈ ডাঙৰ৷ আনহাতে সবাতোকৈ সৰু গাঁওখন হৈছে মটুং৷ বসতি মাত্ৰ দুটা পৰিয়ালৰ৷ দুয়োটা পৰিয়াল মিলাই ১১জন লোকে তাত বাস কৰে৷ তালিহা এটা বিধান সভা সমষ্টিও৷ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ পুঞ্জি মাৰা ইয়াৰ স্থানীয় এম.এল.এ.৷

এয়া ঘাইকৈ তাগিন বসতিপ্ৰধান এলেকা৷ ইয়াত আমাৰ ৰবৰ সকাম নাই৷ দুশাৰী দোকান-ঘৰৰ মাজেৰে ছাল-বাকলি নথকা ৰাস্তাটো পাক মাৰি ওপৰলৈ উঠিছে৷ ঠেক যদিও মুকলি পথটোৰে ধোঁৱা উগাৰি গাড়ীখন ক্ৰমান্বয়ে উঠি গৈ থাকিল৷ যেনি-তেনি জনজাতীয় চাংঘৰবোৰ৷ অৰুণাচল চৰকাৰৰ আবাসগৃহ কিছুমানো আছে৷ বাটামত নীলা আৰু বেৰত বগা ৰং৷ টিনপাতবোৰ মামৰে খাইছে৷ সোঁহাতে আঁতৰত সশব্দে বৈ আছে সোৱণশিৰি৷ নৈখনে লগ নেৰে বুলি মাদাই কালিয়েই মোক কৈছিল৷












(পৰৱৰ্তী খণ্ড দয়ম)

No comments:

Post a Comment