দিন দুই
৷৷ ১.১১.২০১৫
সন্মুখৰ নিশাটো গহীনৰূপত সজাবলৈ ক্রমাৎ ঘন অন্ধকাৰ
নামি আহিছে৷ তাৰ মাজে মাজেই গতি অক্ষুণ্ণ ৰাখি আমি বহুপ্ৰত্যাশিত লক্ষ্যস্থান ডাপৰিজো
সোমালোঁহি৷ বাটতে সৰু নৈ এখন পালোঁ৷ চিগেন নৈ৷ সোৱণশিৰিৰ উপনৈ৷ ঠেক বেইলী ব্ৰীজ এখনৰ
ওপৰেদি ঘটং ঘটংকৈ পাৰ হৈ আহিলোঁ৷ তাৰ পাছতে বাটে পোৱালি মেলিলে৷ জে. জে. ভাইৰ গাড়ীত
যাত্ৰা কৰি থকা আমাৰ বাকী পাঁচজন সংগীয়ে আগতেই বন্দৱস্ত কৰি ৰখা আৱৰ্ত ভৱনলৈ পোনালে৷
ফোনতেই কথাটো জনাজনি হ’ল৷ ডাপৰিজোত ম’বাইল নেটৱৰ্ক আছে৷ তেওঁলোকক এৰি
আমি তালিহা ৰ’ডত থকা গান্ধী মাৰ্কেটলৈ আগুৱাব
ধৰিলোঁ৷ ছ’চিয়েল নে’টৱৰ্কিং চাইট ফে’চবুকৰ জৰিয়তে জয়ন্তদাৰ সৈতে সংযোগ
ঘটা স্থানীয় চিকিৎসক জ’তি নাল’ই নিজৰ নিকটাত্মীয় লোকৰ হোটেল
এখনত আমাৰ বাবে থকাৰ ব্যৱস্থা কৰিছিল৷ তাৰে সন্ধানত ফোনযোগে অহা নিৰ্দেশ অনুসৰি গাড়ীচালক
মাদা চৰুমৰ সহযোগিতাত অচিনাকি ঠাই এডোখৰত উপস্থিত হ’লোঁগৈ৷ তাৰ পাছতে মূলপথৰ দাঁতিত ইফালে-সিফালে চাই চাই কিছুপৰ খপিবলগীয়া
হ’ল৷
ঘড়ীত ইতিমধ্যে ৬.০০ বাজি পাৰ হৈছে৷ পাহাৰত সন্ধ্যা ৬.০০ বজা
মানে ৰাতি৷ দোকান-পোহাৰবোৰ এখন দুখনকৈ বন্ধ হ’ব ধৰিছে৷ বাহিৰত ঠাণ্ডা বাঢ়ি আহিছে৷ কুৰি মিনিটমানৰ
অধীৰ অপেক্ষা৷ ডাক্তৰ ছাৰৰ কটকী হিচাপে স্থানীয় লোক এজন আহি ওলাল৷ তেওঁৰ সৈতে মুকলিতে
অলপ পৰ কথা-বাৰ্তা চলিল৷ গান্ধী মাৰ্কেটত থকা ৰিলেক্স ৰেস্তোৰাঁৰ ওপৰত হোটেল এখন আছে৷ তাকে ধিয়াই গাড়ীৰ পৰা দৰকাৰী বয়বস্তুবোৰ নমোৱা
হ’ল৷ সিফালে নিশাটোৰ বাবে মাদাৰো বিদায়৷
পুৱাই সি গাড়ী লৈ আকৌ আহিব, পৰৱৰ্তী খেপৰ বাবে৷
অচিনাকি তাগিন লোকজনৰ নেতৃত্বত সদলবলে চিৰি বগাই
আমি পাঁচজনে হোটেলখনত পদাৰ্পণ কৰিলোঁ৷ হোটেলৰ নামটো সোধাত ক'লে... তাল’ হোটেল৷ ল’ৰা এজনে হিচাপতকৈ বেছিকৈয়ে ৰুম খুলি দিলে৷ দেখিলোঁ যে
লেট্ৰিন-বাথৰুম সংলগ্ন কোঠাকেইটা নতুনকৈ নিৰ্মাণ কৰা৷ বেৰৰ গুলপীয়া বৰণটো ভাল লাগিছে৷
ৰঙৰ সুবাসে পিছে ৰুমৰ ভিতৰবোৰ ছানি আছে৷ ব্যৱসায়িকভাৱে শুভাৰম্ভ হোৱাই নাই কোঠাকেইটাৰ৷
সৌভাগ্য যে প্ৰথম অতিথি আমিয়েই৷ দৰজা মেলি পাংখা ঘূৰাই দিয়া হ’ল৷ প্ৰতিটো কোঠাৰে ভিতৰত আহল-বহল
বিছনা আছে, তুলি-তোচক-গাৰু হ’লে একোটো নাই৷ হ’লেও আমাৰ বাবে কোনো সমস্যাও নাই৷ কাৰণ প্ৰত্যেকৰে সৈতে
শ্লীপিং বেগ, মেট্ৰেচ, কম্বল, গাৰু আদি যাৱতীয় বস্তুখিনি আছেই৷
ক্ষন্তেকৰ বিৰতিত ডাক্তৰ নাল’ৰ আগমন ঘটিল৷ অভিযাত্ৰীসকলৰ খা-খবৰ
ল’লে৷ নিশাটোৰ বাবে আমি পাঁচজনে
তাতে আশ্ৰয় ল’বলৈ ইচ্ছা প্ৰকাশ কৰিলোঁ৷ চা-চিনাকি
ভালদৰে নহ’লেই৷ হোটেল কৰ্তৃপক্ষক কিবা-কিবি
নিৰ্দেশ দি খৰখেদাকৈ তেওঁ প্ৰস্থান কৰিলে৷ যাওঁতে কৈ গ’ল যে হস্পিতালত তেওঁৰ ডিউটি চলি
আছে৷ কৰ্তব্য সমাপ্ত কৰি আজৰি হৈ আকৌ আহিব আৰু বহিব৷ ডাপৰিজোস্থিত ডিষ্ট্ৰিক্ট হস্পিতালত তেওঁ চিনিয়ৰ মেডিকেল অফিচাৰ হিচাপে কৰ্মৰত৷ ডিব্ৰুগড়ত পঢ়িছিল৷ তাৰ পাছত ইম্ফলত৷
অলপ পাছতে হাতত পানীৰ বাল্টি, কাপোৰ আদি লৈ ল’ৰা এটা আহিল৷ ৰুমকেইটা চাফ-চিকুণেই
আছিল৷ কাপোৰ তিয়াই এফালৰ পৰা বিছনাকেইখন সি মচাত লাগিল৷ অইন এজনে পাম্পটো চলাই ওপৰৰ
টেংকীত পানী ভৰাই দিলে৷ দোকান বন্ধ হৈ যোৱাৰ আগতেই খৰখেদাকৈ গৈ নতুনকৈ পাঁচখন ঢাৰি
আৰু পাটীও কিনি আনিলে৷ আমাৰফালে ব্যৱহাৰ কৰা ঢাৰিবোৰতকৈ বহুগুণে উন্নত আৰু মজবুত পালোঁ
ঢাৰিকেইখন৷ ঢাৰি-পাটী পাৰি লৈ তাৰ ওপৰত শ্লীপিং বেগ মেলি দিলত থাউকতে বিছনা তৈয়াৰ হৈ
গ’ল৷
ডাক্তৰ নাল’ আকৌ আহিল৷ মুকলিমূৰীয়াকৈ
এইবাৰ আমাৰ সৈতে বহি ল’লে৷ পৰৱৰ্তী দিনৰ কাৰ্যসূচী,
তম্বু, শ্লীপিং বেগ, গাইড, প’ৰ্টাৰ, ট্ৰেকৰ ধাৰণা, খাদ্য-সম্ভাৰ আদিৰ সম্পৰ্কে দীঘলীয়া আলাপ-আলোচনা
চলি থাকিল৷ ডাপ’ৰ পৰা প্ৰায় ৬০ কিল’মিটাৰ নিলগৰ ডাম্বা ভিলেজত মূলপথৰ
দাঁতিতে চিকিৎসকজনে নিজাববীয়াকৈ টুৰিষ্ট ৰিজ’ৰ্ট এখন নিৰ্মাণ কৰিবলৈ মাটি কটাইছে৷ ৰাতিপুৱা সেইফালেৰে
লিমেকিঙলৈ যাওঁতে ক্ষন্তেক ৰৈ জেগাটুকুৰা আমাক চাই যাবলৈ ক’লে৷
ইতিমধ্যে তলৰ ৰেস্তোৰাঁখনতে আমালৈ নিশাৰ আহাৰৰ
অৰ্ডাৰ দিয়া হৈছিল৷ গা-পা ধুই উঠি খোৱাপানী বিচাৰি যাওঁতে দেখিছিলোঁ স্থানীয় জনজাতীয়
মহিলা এগৰাকী আৰু দুজনী যুৱতীয়ে স্ফূৰ্তিমনে পাকঘৰত খানা প্ৰস্তুত কৰিব ধৰিছে৷ ম’বাইলত গান বাজি আছে৷ গ্ৰীল নথকা
খিৰিকীৰ পৰ্দাৰ ফাকেৰে মূৰটো সুমুৱাই আঞ্জাত জ্বলা বেছিকৈ নিদিবৰ বাবে সিহঁতক কাকূতি
কৰোঁতে মোলৈ চাই আটায়ে খুব হাঁহিলে আৰু ৰগৰ কৰিলে৷ কেউজনীয়ে হিন্দী বুজে আৰু কয়৷ হাস্যৰসৰ
মাজেৰেই প্ৰাথমিক চিনাকি এটা গঢ়ি উঠিল৷ সহজ-সৰল মানুহ, সহজ-সৰল কথা৷ ভাল লাগিল৷
জয়ন্তদাৰ ৰুমতে আড্ডাটো চলি আছিল৷ মাজতে ৰান্ধনী ছোৱালী
এজনী উঠি আহি আহাৰ ৰে’ডী হোৱা বুলি বাতৰি দি গ’ল৷ বেচেৰীয়ে লগতে অনুৰোধ কৰিলে
যে আমি সোনকালে খালে সিহঁতেও নিশাটোৰ বাবে পাকঘৰ সামৰি আজৰি হ’ব পাৰে৷ ইফালে দিনৰ এঘাৰ বজাতেই জিৰোত
ভাত খোৱা৷ গতিকে ভোকটোৱে আক্ৰমণ কৰিয়ে আছিল৷ জমি উঠা আড্ডাটো সমাপ্ত নোহোৱাৰ অজুহাতত
বাকী তিনিও কোঠাতে স্থিৰ হৈ থাকিল৷ প্ৰদীপদা, অৰূপদা আৰু মই কিন্তু পোনছাটেই খটখটিৰে
নামি যথাস্থানত আসন অধিকাৰ কৰিলোঁগৈ৷ গৰমে গৰমে ভাতকেইটা খাই বেছ তৃপ্ত হ’লোঁ৷ তাৰ
লগে লগে দেৱালত লগাই ৰখা টেলিভিছনৰ পৰ্দাত ‘অৰুণাচল আইডল’ৰ লাইভ কাৰ্যসূচীও উপভোগ কৰিবলৈ পালোঁ৷
এইবাৰ টোপনি মৰা কাম৷ পুৱা সোনকালে উঠিব লাগিব৷
ডাপ’ৰ ৰাস্তাত প্ৰাতঃভ্ৰমণত ওলাব
লাগিব৷ আনহাতে শ্লীপিং বেগত জনমত শুই পোৱাৰ নজিৰ নাই৷ আজিয়েই প্ৰথম হ’ব৷ সিও এক নতুন ৰোমাঞ্চ৷ আঁঠুৱাখন
খুচি নিজৰ বিছনাত ঢলি পৰিলোঁ৷ গাৰুত মূৰ থোৱাৰ পাছতে নাহৰলাগুনৰ পৰা পুৱাই আৰম্ভ কৰা
দূৰণিবটীয়া চুম’ যাত্ৰাটো চিনেমাৰ অনুৰূপ মনৰ পৰ্দাত বিক্ষিপ্ত ৰূপত ভাহিবলৈ ধৰিলে৷ নতুন পুৱাটোত আকৌ কমেও দহ-বাৰঘণ্টীয়া যাত্ৰা এটা আৰম্ভ হ’ব৷ পৰৱৰ্তী সেই খেপটোত পাবগৈ
লাগিব অন্য এক অজান্তিমুলুক৷ তেনেই ঘোঁকট সেই অৱস্থানৰ নাম কি হ’ব পাৰে, য’ত জংঘলত ৰাতিটো খপিব লাগিব? ঠাইখন
আৰু মানুহবোৰ কেনেকুৱা হ’ব পাৰে? ঘূৰাই-পকাই এইবোৰকে ভাবি
ভাবি এসময়ত ঈশ্বৰক চিন্তি চকুৰ পতা জপাই দিলোঁ৷
(পৰৱৰ্তী খণ্ড – ডাপ’ৰ কোমল মিঠা
পুৱাটি)
No comments:
Post a Comment