Wednesday, 13 April 2016

দিন দুই ৷৷ ১.১১.২০১৫
১৩. ডাপৰিজো : তাগিন কাণ্ট্ৰি



ডাপৰিজোৰ কাষেৰে বৈ গৈছে ইতিহাসবৰ্ণিত সোৱণশিৰি নৈ৷ সোৱণশিৰি মাত্ৰ এখন নদী নহয়৷ সোৱণশিৰি এক সভ্যতাৰ ক্রমবিকাশ৷ প্ৰাচীন কালৰে পৰাই নদীৰ পাৰতে মানৱ সভ্যতাৰ বিকাশ ঘটি আহিছে৷ এই নৈৰ জলধাৰাৰ সৈতেও বিজড়িত হৈ ৰৈছে দুখনকৈ চুবুৰীয়া ৰাজ্যৰ ক্রমবিকাশৰ ধাৰা৷ অনেক লোক-কাহিনী, লোক-বিশ্বাস, লোক-কলা, লোক-কৃষ্টি৷ সম্পৃক্ত হৈ আছে সোৱণশিৰিক লৈ নিৰ্বাহ কৰা অনেক কৃষক, মৎস্যজীৱী, পশুপালক, নাৱৰীয়াৰ জীৱন৷ এই নৈক কেন্দ্ৰ কৰি গঢ়ি উঠিছে চহৰ-নগৰ, বেহা-বেপাৰ, পৰ্যটন কেন্দ্ৰ ইত্যাদি ইত্যাদি৷ সেইবোৰৰ মাজৰে ডাপৰিজোও এখন৷

কোৱা হয়, সোৱণশিৰিপৰীয়া এই ঠাইখনৰ প্ৰকৃত সৌন্দৰ্য উপভোগ কৰিব বিচাৰিলে ট্ৰেকিঙেই আটাইতকৈ কাৰ্যকৰী উপায়৷ এক কথাত দুঃসাহসিক ক্রীড়াৰ বাবে এয়া এক আদৰ্শ স্থান৷ দুঃসাহসিক অভিযানৰ বাবে ইয়াত বিস্ময়কৰ প্ৰকৃতিদৰ্শক ভালেকেইটা পদপথ আছে৷ গতিকে সোৱণশিৰিৰ পাৰে পাৰে ট্ৰেকিং বা পদচালনাৰ বাবে ডাপৰিজো এখন উৎকৃষ্ট ঠাই বুলি গণ্য কৰা হয়৷ এডভেন্সাৰপ্ৰেমীসকলে ডাপৰিজোলৈ আহি সোৱণশিৰিত ৰাফটিং, এংলিং আদি কৰে৷ সেই উদ্দেশ্যৰেই যোৱা বছৰ জয়ন্তদা, অৰূপদাহঁতো আহিছিল৷ ষ্টাৰ্টিং পইণ্ট ডাম্পৰিজোৰ পৰা ৰাফটিং কৰি নামি গেৰুকামুখত থমকিছিলগৈ৷ মুখে মুখে শুনিছিলোঁ উক্ত অভিযানৰ খণ্ডিত কাহিনী৷ পিছে লিখিত ৰূপ নাপালে৷ 'ৰেকৰ্ড নাই বুলি অৰূপদাৰ ভীষণ দুখ৷

পৌৰাণিক মন্দিৰ, জনগোষ্ঠীয় গাঁও, পৰ্বতীয়া গুহা, দৰ্শন থলী আদিৰ জৰিয়তে ডাপৰিজোৰ সৌন্দৰ্য পূৰ্ণৰূপত উপভোগ কৰাৰ উপৰি বিৰলধৰ্মী অভিজ্ঞতা আৰু আনন্দ আহৰণ কৰিব পাৰি৷ ইয়াৰ দাঁতি-কাষৰীয়া জনজাতীয় গাঁওবোৰ ভ্ৰমণ-দৰ্শন কৰি অৰুণাচলী থলুৱা জীৱন-চৰ্যাৰ সোৱাদ নিচেই ওচৰৰ পৰা লব পাৰি৷ নিকটৱৰ্তী ৰাগা, টামিন, মৰি আদি এনেকুৱা কেইখনমান গাঁও৷ বনভোজৰ বাবেও মুক্ত স্থান বা শিলনিৰ সীমা-সংখ্যা নাই৷ বাটে বাটে দেধাৰ পিকনিক স্পট৷ ওপৰৰ পৰা তললৈ পানী পৰি থকাৰ দৃশ্য তেনেই সুলভ৷ কমলা সংৰক্ষিত বনাঞ্চল, চিজেম-ডাপৰিজো সংৰক্ষিত বনাঞ্চল, গুড শ্বেফাৰ্ড চাৰ্চ আদি ডাপৰিজোৰ উল্লেখনীয় থলী৷ ইয়াত জিলা পুথিভঁৰাল, যাদুঘৰ আৰু শিল্পকেন্দ্ৰও আছে৷

অৰুণাচলৰ মুখ্যতঃ চাৰিটা পৰ্বতীয়া জনগোষ্ঠীৰ গৃহভূমি এই অঞ্চলটো৷ গালো, তাগিন, হিলমিৰি বা পৰ্বতৰ মিৰি আৰু নাহ জনগোষ্ঠীয়ে ডাপৰিজো আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ আশে-পাশে শতিকাজুৰি বসতি কৰি আহিছে৷ আধ্যাত্মিকতাৰ ফালৰ পৰা এই অধিবাসীকল দেওপূজক, দঞি-পল বিশ্বাসী আৰু খ্ৰীষ্টান৷ বৃহত্তৰ অঞ্চলটোত বসবাস কৰা ভিন্ন ভিন্ন জনগোষ্ঠীৰ একক আৰু অনন্য সংস্কৃতি তথা পৰম্পৰাই ডাপৰিজোক ৰঙীন আৰু অধিক প্ৰাণময় কৰি ৰাখিছে৷ ক্রমবৰ্ধমান আধুনিকতাৰ মাজতো তেনেদৰেই তেওঁলোকে বৰ্তাই গৈছে তেওঁলোকৰ স্বকীয়ত্ব৷ আকৰ্ষণ কৰি আহিছে দেশ তথা পৃথিৱীৰ বিভিন্ন কোণৰ পৰম্পৰা তথা সংস্কৃতিপ্ৰেমীক৷

চৌফালৰ সেউজ সৌন্দৰ্যৰে পৰিৱেষ্টিত ডাপৰিজো পৰ্যটকৰ দৃষ্টিত মনোমোহা৷ শীতকালিৰ আৰম্ভণিতে বিশেষকৈ নৱেম্বৰ মাহ ইয়ালৈ আহিবৰ বাবে ভাল সময়৷ এই সময়ত বতৰ ফৰকাল থাকে আৰু ট্ৰেকবিলাকত খোজ কাঢ়িবলৈ সুচল হয়৷ নৱেম্বৰ মাহত দিনৰ ভাগত ডাপৰিজোৰ উষ্ণতা সৰ্বোচ্চ ২৭ ডিগ্ৰীৰ পৰা নিশাৰ ভাগত সৰ্বনিম্ন ১৬ ডিগ্ৰীৰ ভিতৰত ৰয়৷ বোধ হয় তালৈকে চাই আমাৰ আগমনৰ সময়টোও নৱেম্বৰৰ প্ৰথম সপ্তাহতে খাটাং কৰা হৈছিল৷ আনহাতে ডিচেম্বৰ মাহত সৰ্বোচ্চ ২৪ ডিগ্ৰী আৰু সৰ্বনিম্ন ১১ ডিগ্ৰী হয়৷ জানুৱাৰীত ২২ ডিগ্ৰী আৰু ১০ ডিগ্ৰী৷ বৰষুণৰ পৰিমাণ তেতিয়ালৈ কমে৷ সেয়ে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মাহ ডাপৰিজো ভ্ৰমণৰ বাবে অনুকূল সময়৷ ইয়াৰ ভিতৰত নৱেম্বৰ মাহটোকে উৎকৃষ্ট সময় বুলি ধৰা হয়৷ আৰু তেনে সময়তে ঘটিছে আমাৰো পদাৰ্পণ!

সোৱণশিৰি নৈৰ ওপৰত বাঁহ আৰু বেতেৰে নিৰ্মিত ওলোমা দলং অঞ্চলটোত লক্ষণীয় ৰূপত থাউকতে চকুত পৰে৷ এইবোৰক জনজাতীয় হস্ত-কৰ্মৰ শক্তিশালী নিদৰ্শন বুলিব পাৰি৷ নৈৰ ওপৰেদি দুপাৰৰ দুখন পৰ্বত সংযোগী সাঁকোবোৰ এলেকাটোৰ অন্যতম আকৰ্ষণ আৰু আশ্চৰ্যৰ হেতু৷ বাঁহ-বেতেৰে থলুৱাভাৱে নিৰ্মাণ কৰা এনেকুৱা ওখ-দীঘল হেঙিং ব্ৰীজবোৰৰ ওপৰেদি খোজ কঢ়াটো এটা উত্তেজনাময় অনুভূতি বুলিব পাৰি৷ প্ৰবল বৰষুণ আৰু সোৱণশিৰিকে ধৰি চিগেন, চিগা, চেয়, চিয়ক্ৰআদি জুৰি-নিজৰাৰ প্ৰচণ্ড সোঁতে মাজে-মধ্যে বাঢ়নী পানী আৰু খহনীয়াৰ সৃষ্টিৰে জনজীৱনলৈ বিভীষিকা কঢ়িয়াই আনে ডাপৰিজোৰ পল কলনী, লায়লা-মজনু কলনী, পেগাৰিজো, চিকাৰিজো, দুলম, দিলিদি ভিলেজ ইত্যাদি এলেকালৈ৷ অদূৰৰ চিপ্পি, মেংগা, কুপৰিজো, ডাম্পৰিজো আদিতো বৰ্ধিত জলস্তৰৰ প্ৰভাৱ পৰে৷

জনজাতীয় জীৱন-পদ্ধতিত বয়ন কৃষ্টিৰ প্ৰয়োগ সদা-লক্ষণীয়৷ ডাপৰিজোত এইটো উজ্জ্বল ৰূপত বিদ্যমান৷ এইটোৱেই মহিলাসকলৰ মূল পেছা যি তেওঁলোকক দুবেলা দুমুঠি যোগাই আহিছে৷ স্থানীয় বজাৰত ৰং-বিৰঙী জনজাতীয় কাপোৰ-কানি, বাঁহ-বেতেৰে নিৰ্মিত হস্ত-সামগ্ৰী, হোৰা, টুপী, দা আদি পোৱা যায়৷ বয়ন, হস্ত-সামগ্ৰী নিৰ্মাণৰ উপৰি মাছ ধৰা, পশুপালন আৰু কিছু পৰিমাণে কৰা খেতি-বাতিয়ে মানুহবোৰৰ জীৱন নিৰ্বাহৰ সমল৷ কম-বেছি হাৰত কিছুমান ঘৰচীয়া জীৱ-জন্তুৰ পালন আৰু জুম পদ্ধতিৰ কৃষি-কাৰ্য ঠাইবিশেষে দেখিবলৈ পোৱা যায়৷ ইয়াত বিশেষকৈ পাহাৰীয়া ধান, গোমধান, কণীধান, আনাৰস, কমলা আদিৰ খেতি হয়৷ পোহনীয়া জীৱ-জন্তুৰ ভিতৰত গৰু, ছাগলী, গাহৰি, কুকুৰা আৰু মেঠোনেই প্ৰধান৷ পাৰম্পৰিক সাজ-সজ্জাৰে সজ্জিত পাৰ্বত্য জনজাতীয় মানুহে বাস কৰা ডাপৰিজোৰ পাহাৰৰ বক্ষত বিভিন্ন আৰু দুষ্প্ৰাপ্য প্ৰজাতিৰ বাঁহ-বেত, কাঠৰ উপৰি আছে কেতবোৰ বন্যপ্ৰাণী৷ উৰণীয়া কেৰ্কেটুৱা, সুগৰী পহু আদি ইয়াৰ হাবিত পোৱা যায়৷ চৰকাৰী পৃষ্ঠপোষকতাত গঢ় লৈ উঠা বিভিন্ন আত্মসহায়ক গোটসমূহে কাঠৰ আচবাব সজা, জলকীয়া খেতি, পাচলি খেতি, ছাগলী পালন, কুকুৰা পালন, গাহৰি পালন, উদ্যান শস্য আদিত মনোনিৱেশ কৰি আহিছে৷

১৯৮০ চনৰ পৰাই ডাপৰিজোৰ সৈতে বিমান যাতায়াত হৈছিল৷ ১৯৯০ চনৰ আগলি ভাগৰ পৰা বায়ুদূত সেৱা উপলব্ধ হয়৷ গুৱাহাটীৰ বৰঝাৰ আৰু ডিব্ৰুগড়ৰ লীলাবাৰীৰ সৈতে ইয়াৰ যোগাযোগ আছিল৷ তেনে নিয়মীয়া ব্যৱসায়িক পৰিৱহণ ব্যৱস্থা বৰ্তমান পিছে নাই৷ ইয়াৰ পথ ব্যৱস্থাও সিমান ভাল নহয়৷ গতিকে বাহন হিচাপে ফৰ হুইলযুক্ত গাড়ীহে উপযুক্ত৷ দুৰ্গম পৰ্বতীয়া ঠাইবোৰৰ কিছুমানলৈ আনকি গাড়ীৰে যাবলৈকো টান৷ আনহাতে জিৰোৰ পৰা ডাপৰিজোলৈ হেলিকপ্টাৰেৰে আহিব পাৰি৷ চিলাপথাৰ হৈছে ডাপৰিজোৰ নিকটৱৰ্তী ৰেল ষ্টেচন৷ তাৰ পৰা ডাপৰিজোলৈ দূৰত্ব প্ৰায় ২০০ কিলমিটাৰ৷

একালত ডাপৰিজোত জিতৰি বংশীয় শাসকে ৰাজত্ব কৰিছিল৷ তাৰ পাছত অসমৰ আহোম ৰজাই অধিকাৰ কৰে৷ আহোম ৰজাৰ দিনত ইয়াৰ অধিবাসীসকলে অৰ্থনৈতিক দিশত অনেক উত্থান-পতনৰ সন্মুখীন হয়৷ শেহলৈ ব্ৰিটিছে অঞ্চলটোত পদাৰ্পণ কৰে৷ ১৮২৬ চনত ইংৰাজ আৰু আহোমৰ মাজত হোৱা ইয়াণ্ডাবু চুক্তিমৰ্মে অসমৰ বৃহৎ অঞ্চলৰ উপৰি সোৱণশিৰিৰ দাঁতি-কাষৰীয়া অঞ্চলবোৰো ব্ৰিটিছৰ নিয়ন্ত্ৰণলৈ যায়৷ ব্ৰিটিছ শাসকে ইয়াত বসবাস কৰা জনগোষ্ঠীসমূহৰ উন্নয়নত মনোনিৱেশ কৰা নাছিল বুলি অভিযোগ আছে৷ জনগোষ্ঠীয় প্ৰজাসকলে লাহে লাহে নামি গৈ সমতলত বসতি কৰিবলৈ লয় আৰু খেতি-বাতি আৰম্ভ কৰে৷ বিংশ শতিকাৰ আৰম্ভণিতে চৰকাৰৰ ৰাজহ সংগ্ৰহৰ কৌশল সলোৱা হয়৷ তেতিয়াৰ পৰা জনজাতিসমূহৰ অৰ্থনৈতিক অৱস্থা ভাললৈ আহিবলৈ ধৰে৷ স্বৰাজোত্তৰ কালত অৰুণাচল প্ৰদেশৰ অনেক ৰাজনৈতিক সালসলনি ঘটিছে৷ সলনি হৈছে ডাপৰিজোও৷ তাগিন কাণ্ট্ৰিত সংঘটিত এই সকলোবোৰৰে নীৰৱ দৰ্শক হৈ গম্ভীৰ ৰূপত বৈ আছে সোৱণশিৰি৷


(পৰৱৰ্তী খণ্ড  ডাপৰিজোৰ ইফালে-সিফালে)

No comments:

Post a Comment