Sunday, 17 April 2016

দিন তিনি ৷৷ ২.১১.২০১৫
৩. নিকেল নাল



ডাপৰিজো চাৰ্কিট হাউচত নৈশযাপন কৰা আমাৰ দলটোৰ সদস্য পাঁচজনক নিজৰ বাহনখনত উঠাই জে.জে. ভায়ো ইতিমধ্যে গান্ধী মাৰ্কেটত থকা ৰিলেক্স ৰেস্তোৰাঁৰ আগত ৰলহি৷ তাল হোটেলত থিতাপি লোৱা আমি পাঁচজনেও ততাতৈয়াকৈ ৰুম এৰি টালি-টোপোলাসহিত তিনি মহলাৰ পৰা তললৈ নামি আহিলোঁ৷ তাৰ আগতে ছাদৰ পৰা চহৰখন এবাৰ চাওঁ বুলি উঠি গৈছিলোঁ৷ দেখিলোঁ যে একেবাৰে ওপৰত যোগ সাধনাৰ কেন্দ্ৰ এটা৷ সুন্দৰ আহল-বহল ব্যৱস্থাপনা৷ স্থানীয় জনজাতীয় মহিলাসকলে ডিঙিয়ে-হাতে য়গা মেট একোখনকৈ কঢ়িয়াই চিৰি বগাই উঠি তাত উপস্থিত হৈছেহি৷ অলপ পাছতে অনুশীলন আৰম্ভ হব৷ স্বাস্থ্য-সচেতনতাৰ সবল আৰু শৃংখলিত প্ৰকাশ৷ দৃশ্যটো কিবা এটা ভাল লাগিল মোৰ৷

আগদিনা পুৱা নাহৰলাগুনত কৰাৰ দৰেই আমাৰ ৰাক্‌চেক্‌, শ্লীপিং বেগ আৰু অন্য সামগ্ৰীসমূহ গাড়ীৰ ভিতৰত সুন্দৰকৈ জাপি লোৱা হল৷ পাহাৰত ফুৰিবলৈ হলে কাপোৰ, জোতা, লাখুটি, টুপী, ঔষধ, খোৱাবস্তুকে ধৰি সকলো প্ৰয়োজনীয় দ্ৰব্য পৰিকল্পিতভাৱে লগত লৈ লবলগীয়া হয়৷ আনহাতে ডাপত ক্রয় কৰা খাদ্য-সামগ্ৰী আৰু অন্যান্য বস্তু-বাহানিবোৰ গাড়ীৰ ওপৰৰ কেৰিয়াৰত ভালকৈ বান্ধি তিৰ্পালেৰে ঢাকি দিয়া হল৷

ওপৰত সেইবোৰ লড কৰি থকাৰ সময়ত কাষতে আলোচনা চলি আছিল৷ তাৰ পৰা উফৰি আহি কাণত পৰিলহি যে, আজিৰ এই দ্বিতীয় খেপৰ যাত্ৰাটোতো কালিৰ দৰেই গন্তব্যস্থল পাবলৈ কমেও ১০-১১ ঘণ্টামানৰ দৰকাৰ হব৷ আমাক বিদায় জনাবলৈ উপস্থিত হোৱা ডাক্তৰ জতি নালক সোধাত দুহাতেৰে অংগী-ভংগী কৰি দূৰত্বৰ হিচাপ শুনাই গল৷ ডাপৰ পৰা নাচ্ছোলৈ ১১০ কিলমিটাৰ, নাচ্ছোৰ পৰা লিমেকিঙলৈ ৪৫ কিলমিটাৰ, লিমেকিঙৰ পৰা কেতেনালালৈ ১১ কিলমিটাৰ৷ ততালিকে সৰু নোটবুকখন পকেটৰ পৰা উলিয়াই লৈ খচাখচ লিখি ললোঁ৷ সকলোখিনি যোগ কৰি ফল পালোঁ ১৬৬৷ অৰ্থাৎ আজি অতিক্রম কৰিবলগীয়া ন্যূনতম দূৰত্ব এইটো৷ আৰু জনালে যে সমুদ্ৰবক্ষৰ পৰা এই সুদীৰ্ঘ অকোৱা-পকোৱা পথছোৱাৰ উচ্চতা জিৰো-ডাপৰিজোতকৈ বেছি৷ অঞ্চলটো অধিক পাৰ্বত্য, ৰাস্তা ঠেক, জংঘলী আৰু বেয়া বাবে গাড়ীৰ গতি কালিতকৈ মন্থৰ হব৷

ডাক্তৰ নাল ডাপৰিজো অসামৰিক চিকিৎসালয়ৰ বৰিষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়া৷ ফেচবুকৰ জৰিয়তে জয়ন্তদাৰ সৈতে অলপতে তেওঁৰ সংযোগ ঘটিছিল৷ সেই সুবাদতে সাকাৰ হৈ উঠিছে বুলিব লাগিব আমাৰ এই ভ্ৰমণ৷ এতিয়া অৱশ্যে ডাক্তৰ নাল নহয়, ডাপৰিজোৰ পৰা আগলৈ আমাৰ দায়িত্বত থাকিব ডাক্তৰ নালৰ ঘনিষ্ঠ এজনহে৷ তেওঁৰ নাম নিকেল নাল৷ তেওঁকেই যোৱাটাে সন্ধিয়া ডাপত নামি আমি প্ৰথম প্ৰথম লগ পাইছিলোঁ৷ আমাৰ সৈতে যাত্ৰা কৰাৰ বাবে কান্ধত শ্লীপিং বেগ আৰু সৰু ৰাক্‌চেক এটা পিঠিত ওলোমাই লৈ মানুহজন ইতিমধ্যে হাজিৰ হৈছেহি৷ ভৰিত হাণ্টিং শ্বু৷ গাত চামৰাৰ জেকেট৷

নদীপ্ৰধান অৰুণাচল প্ৰদেশখনক পাঁচটা উপত্যকাত ভাগ কৰা হৈছে৷ তাৰে এটা হৈছে সোৱণশিৰি উপত্যকা৷ ডাপৰিজো-তালিহা-চিয়ুম-নাচ্ছো সোৱণশিৰি উপত্যকাৰ এটা আকৰ্ষণীয় পৰ্যটন আৱৰ্ত৷ সোৱণশিৰিৰ পাৰে পাৰে, পাহাৰৰ এঢলীয়াত অৱস্থিত এইবোৰ প্ৰতিখনেই একো একোখন সৰু অথচ ধুনীয়া, মৰম লগা ঠাই বুলি পৰিচিত৷ এই ঠাইবিলাকৰ প্ৰাকৃতিক দৃশ্যাৱলী চালে চকুৰোৱা৷ শান্ত-সমাহিত এখন এখন যেন চিত্ৰপট৷ জলবায়ু অতি উত্তম আৰু প্ৰদূষণমুক্ত হেতুকে থাকিবলৈও আৰামদায়ক৷ এডভেন্সাৰপ্ৰেমী লোকৰ বাবে এনে অঞ্চলসমূহ অতিকৈ আকৰ্ষণীয়৷ ট্ৰেকিঙৰ বাবেও উত্তম বুলি শুনি আছোঁ৷

জীৱনৰ এক বিচিত্ৰ অভিজ্ঞতাৰ বাবে আমি সাজু হৈছোঁ৷ ডাপৰিজোৰ পৰা যাত্ৰাৰম্ভ কৰি তালিহা, চিয়ুম হৈ গৈ গৈ নাচ্ছো পাম৷ নাচ্ছোৰ পাছত পামগৈ লিমেকিং৷ তালৈকে গাড়ী চলে বুলি জানো৷ আৰু অকণমান আগুৱাই যাব পাৰি বুলিও গম পাইছোঁ৷ পিছে তাৰ পৰা আগলৈ ৰাস্তা আৰু নাই৷ হাতত পৰা খবৰ অনুসৰি লিমেকিঙৰ পৰা ১৪ কিলমিটাৰ আঁতৰৰ অৰাক ভিলেজৰ পৰা চীন সীমান্তৱৰ্তী তাকচিঙলৈ খোজেৰে যোৱা হয়৷ সময় লাগে কমেও তিনিদিন৷ এইবোৰ দূৰত্বৰ জোখ আচলতে কিলমিটাৰত জনাৰ উপায় নাই৷ তদুপৰি খোজৰ গতি-প্ৰকৃতিৰো খাটাং কোনো হিচাপ নাই৷ কাৰোবাৰ তিনিদিন কাৰোবাৰ ছদিনো হব পাৰে৷ গতিকে দিনৰ হিচাপটো সিমান নিৰ্ভৰযোগ্য নহয়৷ ইফালে ইনাৰ লাইন পাৰ্মিটে আমাৰ বাবে নিৰ্দিষ্ট কৰা দিনকেইটা কিন্তু নিৰ্দিষ্ট আৰু সীমিত৷ কাজেই সময়ক লৈ মনত খেলিমেলি এটা লাগি নথকা নহয়৷ দেখা যাওক, তাৰ মাজতে কিমান পাৰি আগুৱাব লাগিব৷ এই বুলিয়ে আমি আটায়ে উৎসাহেৰে সাজু হৈছোঁ পৰৱৰ্তী খেপটোলৈ৷ আগত কি আছে নাজানো৷

সোৱণশিৰিৰ কাষেৰে সেইটো বাটে পৰ্বতীয়া জংঘলৰ মাজেৰে ট্ৰেকিং আৰু কেম্পিং কৰাৰ উদ্দেশ্যেই অসম আৰু সুদূৰ হাৰিয়ানাৰ মিলাই আমি ১০জন অভিযাত্ৰী আহিছোঁ৷ ইয়াত অৰ্থাৎ ডাপৰিজোত আৰু এজন যোগ হল৷ নিকেল৷ ডেকা বয়সৰ তাগিন লোক৷ জানি ভাল লাগিল যে তেওঁ আমি যাব বিচৰা লিমেকিঙৰ ফালৰে মানুহ৷ বগুন নামৰ ভিতৰুৱা ক্ষুদ্ৰ গাঁও এখনত তেওঁৰ জন্ম, ১৯৭৭ চনত৷ লিমেকিং, নাচ্ছো, ডাপৰিজোত শিক্ষা গ্ৰহণ কৰি উঠি দৈমুখত অৱস্থিত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতকোত্তৰ ডিগ্ৰী লৈছে৷ পৰৱৰ্তী সময়ত গুৱাহাটীত থাকি বি.এড. পাঠ্যক্রম সম্পূৰ্ণ কৰিছে৷ ঘৰুৱা আৰ্থিক অৱস্থা সবল নোহোৱা হেতুকে নিজৰ বহী-কিতাপ কিনিবৰ বাবে নিকেলে কৈশোৰ অৱস্থাত মালবাহক অৰ্থাৎ পৰ্টাৰৰ কামো কৰিছিল হেনো৷ পাছলৈ এছ.আই.বি., ইণ্ডিয়ান আৰ্মী, চি.আৰ.পি.এফ. আদি সামৰিক, অৰ্ধসামৰিক বাহিনীৰ স্থানীয় সহায়কাৰী, সীমান্ত এলেকাত কৰ্মৰত সংস্থাৰ সৈতে জনসম্পৰ্কৰক্ষী বিষয়াস্বৰূপে যুক্ত হৈ পৰে৷ যোৱা বছৰৰ পৰা তেওঁ টুৰিষ্ট গাইড হিচাপে আত্মনিয়োগ কৰিছে৷ নিকেল নাল এতিয়া আমাৰো গাইড৷ হিন্দী, ইংৰাজীৰ উপৰি ভঙা ভঙা অসমীয়াও তেওঁ কব পাৰে৷ এনে শিক্ষিত আৰু উৎসাহী গাইড এজন পাই আমি নথৈ সুখী হলোঁ৷

(পৰৱৰ্তী খণ্ড সোণালী নৈ, স্বৰ্ণদী, সোৱণশিৰি)

No comments:

Post a Comment