দিন দুই ৷৷ ১.১১.২০১৫
৭. জিৰোৰ ইটো-সিটো
জিৰোৰ বতৰটো বেচ ফৰকাল৷ ৰ’দজাকো ভাল চোকা৷ ঠাণ্ডা ভাব সমূলি
নাই৷ ভাত খাই উঠি মাদাই বনেটখন দাঙি খুব মন দি ইঞ্জিনৰ কিবা এটা পৰীক্ষা কৰিলে৷ তাৰ
পাছত ৰেডিয়েটৰত বটলৰ পৰা পানী ঢালিলে৷ মই তাৰ কাষতে ৰৈ আলেখলেখ চাই থাকিলোঁ৷ একান্তমনে
সি তাৰ কাম কৰি গৈছে৷ আমি অনুসৰণ কৰিবলগীয়া ৰাস্তাটোলৈ চালোঁ৷ চকুৰে দেখা দূৰত্বলৈকে
সেইছোৱা ৰাস্তাত আলকাতৰাৰ চামনি বুলিবলৈ মুঠেই নাই৷ আগলৈ কেনে হ’ব ক’ব নোৱাৰিছোঁ৷
এটা সময়ত মাদা ড্ৰাইভিং চিটত বহিল৷ পুৰণি জিৰোৰ
মাজেৰে আমাৰ চুম’ গাড়ী ধাৱমান হ’ল ডাপৰিজোক লক্ষ্য কৰি৷ অলপমান
আহিয়েই পথৰ দাঁতিত খেতি পথাৰ আৰু মাছ পোহা পুখুৰী কিছুমান দৃশ্যমান হ’ল৷ ৰাইছ-ফিছ পলিকালছাৰ অৰ্থাৎ
শস্য আৰু মৎস্য একেলগে উৎপাদন কৰাটো জিৰোৰ একক আৰু বিশেষ বৈশিষ্ট্য৷ তাকে এয়া প্ৰথমবাৰৰ
বাবে নিজ চকুৰে দেখিলোঁ৷ এই পথাৰবোৰত হাল বাবলৈ হেনো জন্তু ব্যৱহাৰ কৰা নহয়৷ কোৰ, চিপ্ৰাং, জোংমাৰি আদি লৈ মানুহে নিজেই সেই কাম কৰে৷ কৰ্ষণ কাৰ্য হৈ উঠাৰ পাছত পৰ্যাপ্ত পৰিমাণে পানীৰ
ব্যৱস্থা কৰা হয়৷ আঠালতীয়া হৈ নপৰালৈকে দুডালকৈ পেংজাতীয় দণ্ড লৈ মুনিহ-তিৰোতাই মাটিখিনি
গচকে৷ সেই মাটিৰেই পথাৰৰ আলি বন্ধা হয়৷ জলসিঞ্চন ব্যৱস্থাও থাকে৷ বোকাৰ ফলত মাটিখিনিৰ
জলধাৰণ ক্ষমতা বৃদ্ধি পায়৷ তেনেকুৱা পানীত মাছ, বিশেষকৈ কাৰ্পজাতীয় মাছ এৰি দিয়া হয়৷
শস্যত আক্রমণকাৰী কীট দূৰীকৰণত মাছে সহায় কৰে৷ ধান পকিলে আলিবোৰ ঠায়ে ঠায়ে কাটি জালি পাতি দিয়া
হয়৷ তেনেদৰেই মাছবোৰ ধৰে৷ দ্বৈতভাৱে কৰা মাছ আৰু ধান খেতি জিৰো ভেলীত এনেকৈয়ে সফল হৈ
আহিছে৷ বিপৰীতে, আমাৰ ককাদেউতাহঁতৰ গাঁৱৰ ধাননি পথাৰত বাঢ়নী পানীৰে ডুবাবোৰ উপচি
পৰাৰ সময়ত সৰুতে দেখা চেঙেলী, কাৱৈ, গৰৈ আদি মাছৰ উজান-ভাটীৰ ছবিখন তুৰন্তে মনলৈ উৰি
আহিল৷ চেপা, খোঁকা পাতি মাছবোৰ ধৰা হৈছিল৷ বিজ্ঞানসন্মতভাৱে প্ৰচলিত জিৰোৰ পলিকালছাৰক
অৱশ্যে তাৰ সৈতে নামমাত্ৰও ৰিজোৱা নাযায়৷
সমুদ্ৰপৃষ্ঠৰ পৰা জিৰোৰ গড় উচ্চতা ১,৫৬৪ মিটাৰ৷
পুৰণি জিৰোৰ উচ্চতা ১,৫৭২ মিটাৰ৷ ইয়াৰ জলবায়ু শীতল৷ ৰাজধানী ইটানগৰৰ পৰা জিৰোলৈ দূৰত্ব
১৬৭ কিল’মিটাৰ৷ অৰুণাচলৰ ঠাইবিশেষে থকা হেলিকপ্টাৰ সেৱাৰ অনুৰূপ ডিব্ৰুগড়ৰ লীলাবাৰী বিমান
বন্দৰৰ পৰা ইয়ালৈ হেলিকপ্টাৰ আহে৷ এডভান্স লেণ্ডিং গ্ৰাউণ্ড (এ.এল.জি.) বোলা এয়াৰষ্ট্ৰিপ
এটা ৰাস্তাটোৰ দাঁতিতে নিৰ্মাণ কৰি থকা দেখা পালোঁ৷
জিৰো ভেলীত ফুল আৰু দুষ্প্ৰাপ্য প্ৰজাতিৰ অৰ্কিডৰ
খেতি কৰা হয়৷ ইয়াত উৎপাদিত ফুল গুৱাহাটীৰ বজাৰতো ওলায়গৈ৷ আনহাতে বিলুপ্তপ্ৰায় তুষাৰ
নাহৰফুটুকীৰ উপৰি অন্য কেতবোৰ বিৰল প্ৰজাতিৰ প্ৰাণীয়ে জিৰোক বন্যজীৱনপ্ৰেমীৰ আগমনথলীত
পৰিণত কৰিছে৷ জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত এইখন এখন চহকী ঠাই৷ বিভিন্ন ধৰণৰ উদ্ভিদ আৰু
প্ৰাণীৰ উপৰি উপক্রান্তীয় আৰু আলপাইন ফৰেষ্ট ইয়াত দেখা যায়৷ ঘন সেউজীয়া বনাঞ্চলেৰে
পৰিপূৰ্ণ ইয়াৰ খলাবমা ভূখণ্ডই দৃশ্যাৱলীৰ নান্দনিকতা বৃদ্ধি কৰাটো ভ্ৰমণকাৰীৰ বাবে
সহজেই অনুমেয়৷ চিত্ৰবৎ সৌন্দৰ্যৰে ভৰপূৰ জিৰো ভেলী চিনেমা নিৰ্মাতাসকলৰো হেনো বৰ পছন্দৰ
ঠাই৷
ট্ৰেকিং অৰ্থাৎ পদচালনাৰ বাবে জিৰো এখন আদৰ্শ ঠাই
বুলি শুনিবলৈ পাইছিলোঁ৷ এতিয়া দেখিলোঁ আৰু বুজিলোঁ, পাইন ফৰেষ্টৰ মাজেৰে, খেতি পথাৰৰ
কাষেৰে কৰা পদযাত্ৰাই যিকোনোজনৰে দেহ-মনৰ ক্লেশ-কান্তি আঁতৰাই দিব পাৰে৷ কাৰ্দো হিল্ছ,
টালেই ভেলী, টালেই বন্যপ্ৰাণী উদ্যান আদি অন্য কেতবোৰ আকৰ্ষণীয় স্থানৰো জিৰোৱেই দুৱাৰমুখ৷
পুৰণি জিৰোৰ এটা টিলাৰ ওপৰত জিৰো পুটু৷ ভাৰতে স্বাধীনতা
লাভ কৰাৰ পাছত ইয়াতে প্ৰথম প্ৰশাসনীয় কেন্দ্ৰ স্থাপন কৰা হৈছিল৷ ষাঠিৰ দশকত ইয়াতে আৰ্মীৰ
প্ৰথম কেণ্টনমেণ্ট বহুওৱা হৈছিল৷ সেয়ে ঠাইখিনিক আৰ্মী পুটু বুলি কোৱা হয়৷ ইয়াৰ পৰা
বিহংগম দৃষ্টিৰে জিৰো ভেলী দৰ্শন কৰিব পাৰি৷ টিলাটোৰ তলত ওপৰৰ পৰা দৃশ্যমান খেতি পথাৰৰ
মাজত জিৰো বিমানঘাটিৰ অৱস্থিতি৷ লগতে বুল্লা, হৰি, হিজা, বামিন আদি সৰু-বৰ গ্ৰাম্যাঞ্চল৷
ইয়াৰ কাৰ্দো হিল্ছত আছে ২৫ ফুট উচ্চতা আৰু ২২
ফুট প্ৰস্থৰ শিৱলিংগ এটা৷ লিংগটোৰ গাত দেৱী পাৰ্বতী আৰু গণেশৰ ছবি দেখিবলৈ পোৱা যায়৷
আনহাতে জলদেৱতা গংগা শিৱৰ সৈতে তাত বাস কৰে বুলি ভবা হয়৷ সেয়েহে হেনো এই শিৱলিংগৰ
তলৰ পৰা নিৰৱচ্ছিন্নভাৱে জলধাৰা বৈ থকাটো প্ৰত্যক্ষ কৰা হয়৷ ২০০৪ চনৰ জুলাই মাহৰ প্ৰথম
পষেকত প্ৰকৃতিৰ বক্ষত হঠাতে আৱিষ্কাৰ হৈছিল এই শিৱলিংগ৷ হিন্দু বৰ্ষপঞ্জীমতে সেইটো
আছিল শাওণ মাহ, অৰ্থাৎ শিৱ আৰাধনা কৰা পৱিত্ৰ সময়৷ সিদ্ধেশ্বৰ নাথ মন্দিৰ বুলি জনাজাত
এই মন্দিৰৰ শিৱলিংগটোৰ আৱিষ্কাৰৰ অন্তৰালত এটা অলৌকিক কাহিনী নিহিত আছে৷
কাহিনী অনুসৰি, প্ৰেম চুব্বা নামৰ নেপালী লোক এজনে
শিৱলিংগ এটাৰ সোঁকাষে থিয় হৈ গছ কাটি আছিল৷ সাধাৰণ দৃষ্টিৰে চালে গছজোপা লিংগটোৰ ওপৰতে
পৰিবলগীয়া আছিল৷ কিন্তু অনিষ্টকাৰী তেনেকুৱা একো নঘটি গছজোপা লিংগটোৰ পৰা কেইমিটাৰমান
আঁতৰতহে পৰিলগৈ! শিলটো স্থিৰভাৱেই ৰ’ল৷ ঘটনাটো মন কৰি প্ৰেম চুব্বা আচৰিত হ’ল৷ তেওঁৰ মনত
ভাব হ’ল যে এইটো এলাপেচা শিল নহয়৷ থিয়
দি থকা শিলটো শিৱলিংগ বুলি তেওঁৰ ধাৰণা হ’ল৷ বিশ্বাসৰ বশৱৰ্তী হৈ ঘটনাটোৰ বিষয়ে তেওঁ আন মানুহৰ
আগত ক’বলৈ ল’লে৷ তেতিয়াৰ পৰা ই শিৱ আৰাধনাৰ
স্থলত পৰিণত হ’ল৷ এই পৱিত্ৰ স্থানলৈ প্ৰতিদিনে
অগণন ভক্তৰ আগমন ঘটে৷ হাপ’লিৰ পৰা শিৱলিংগলৈ দূৰত্ব ৪ কিল’মিটাৰ৷ জিৰোৰ এই লিংগটোৰ অলৌকিকতাৰ
বিষয়ে শিৱপুৰাণৰ নৱম খণ্ডৰ ১৭ অধ্যায়তো উল্লেখ আছে৷ আনফালে ১৮৯৩ চনতেই এইটো কোৱা হৈছিল
বোলে আটাইতকৈ উচ্চ শিৱলিংগ লিংগালয় নামে এঠাইত দেখা দিব আৰু পৰৱৰ্তী কালত সমগ্ৰ অঞ্চলটো
অৰুণাচল বুলি জনা যাব৷ এচাম লোকে বিশ্বাস কৰি অহা মতে তেনেকৈয়ে হৈছে আজিৰ অৰুণাচলখন৷
প্ৰতিখন ন-পুৰণি ঠাইৰে অন্তৰালত প্ৰায়ে একো একোটা
অৰ্থবহ অলৌকিক কিম্বা পৌৰাণিক কাহিনী শুনিবলৈ পোৱা যায়৷ একে কথা জিৰোৰ ক্ষেত্ৰতো প্ৰযোজ্য৷
জিৰোৰ উত্তৰে হাপ’লিৰ পৰা ২ কিল’মিটাৰ নিলগত জিৰো-ডাপৰিজো পথত
আছে ডলো মান্দো নামৰ টিলা৷ ডলো আৰু মান্দোৰ প্ৰেম কাহিনীৰ বিষয়ে প্ৰচলিত কিংবদন্তি
আছে৷ টিলাটোৰ নাম সেই কিংবদন্তিৰ পৰাই হৈছে বুলি কোৱা হয়৷ উক্ত ৰোমাণ্টিক ভিউ পইণ্টৰ
ওপৰৰ পৰা চালে এফালে জিৰো হাপ’লি আৰু আনফালে পুৰণি জিৰোখন দেখা যায়৷
পুৰণি জিৰোৰ পৰা ২ কিল’মিটাৰ আঁতৰত এজোপা প্ৰকাণ্ড,
নীলা পাইন গছৰ অৱস্থিতি৷ এই প্ৰাচীন আৰু অতিকায় গছজোপাৰ বেধ ৭ মিটাৰ৷ আপাতানি ভেলীত
এইজোপাই সবাতোকৈ ওখ আৰু বৃহৎ পাইন বুলি জনা যায়৷ আনহাতে পুৰণি জিৰোৰ পৰা ৩ কিল’মিটাৰমান আঁতৰত পাইন বনাঞ্চল
দেখা যায়৷
১৯৬১ চনৰ ডিচেম্বৰ মাহত জিৰো অঞ্চলত প্ৰতিষ্ঠা
কৰা হৈছিল Border Roads Organisation, চমুকৈ B.R.O.ৰ কাৰ্যালয়৷ অৰুণাচল প্ৰদেশৰ বেছিভাগ
ৰাস্তাৰে নিৰ্মাণত এই সংগঠনটোৱে তেতিয়াৰে পৰাই অগ্ৰণী ভূমিকা লৈ আহিছে৷ বিশেষভাৱে সৈন্যবাহিনীৰ
প্ৰয়োজনত পাহাৰীয়া দুৰ্গম এলেকাত পথ যোগাযোগ স্থাপন কৰাত বি.আৰ.অ’.ৰ সমকক্ষ অন্য কোনোবা আছেনে
নাই প্ৰশ্ন হয়৷ নাই চাগৈ৷ জীৱনৰ ভিন্ন সন্ধিক্ষণত সীমামূৰীয়া ৰাজ্যখনৰ ভিন ভিন প্ৰান্তত
ভুমুকি মাৰি ফুৰোঁতে সীমান্ত পথ নিৰ্মাণকাৰী ঘাইকৈ এই সংস্থাটিৰ চাইনব’ৰ্ডেই আমাক স্বাগতম জনাই আহিছে৷
দেশৰ উত্তৰ আৰু উত্তৰ-পূবৰ ভিতৰুৱা অঞ্চলসমূহত
পথ নিৰ্মাণৰ লক্ষ্যৰে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনত ১৯৬০ চনৰ ৭ মে’ তাৰিখে বি.আৰ.অ’. গঠন কৰা হৈছিল৷ মুখ্য কাৰ্যালয়
নতুন দিল্লী৷ Everything is achievable through hard work মূলমন্ত্ৰ অনুসৰণ কৰি ভাৰতৰ
বাদেও ভূটান, আফগানিস্তান, তাজিকিস্তান, ম্যানমাৰ, লিবিয়া আৰু শ্ৰীলংকাতো প্ৰশংসনীয়ভাৱে
কৰ্ম সম্পাদন কৰিছে এই সংস্থাটিয়ে৷ General Reserve Engineer Force (GREF), Border
Roads Task Force (BRTF) এই সংগঠনৰে অংগ৷
(পৰৱৰ্তী খণ্ড – জিৰোৰ আশে-পাশে)
No comments:
Post a Comment