Sunday, 10 April 2016

দিন দুই  ৷৷ ১.১১.২০১৫
৮. জিৰোৰ আশে-পাশে



পাহাৰীয়া আন চহৰতকৈ জিৰোখন কিবা যেন বেলেগ লাগিছে৷ এছোৱা ৰাস্তাৰ দুয়ো হাতে দোকান-পোহাৰ, ঘৰ আদি পালোঁ৷ সেইছোৱা পাৰ হলোঁ৷ তাৰ পাছত ৰাস্তাটো অকলশৰীয়া হৈ পৰিল৷ দুপাৰে কেৱল পথাৰ৷ কিছু সময়ৰ বাবে পথাৰ আৰু পুখুৰী৷ আগত আহি আকৌ দোকান-পোহাৰ, ঘৰ-বাৰী থকা এটুকুৰা পালোঁ৷ তেনেকুৱা টুকুৰা-টুকুৰি, ন-পুৰণি এই সকলোখিনি মিলিয়ে বৃহত্তৰ জিৰোখন৷ দ্বীপৰ দৰে যেন বিক্ষিপ্ত ইয়াৰ ৰূপ! আৰু তাতেই ইয়াৰ সৌন্দৰ্য, ইয়াৰ বিশেষত্ব৷ জীৱনৰ সেই আপুৰুগীয়া দৃশ্য দৰ্শনেৰে আমিও যেন ধন্য হলোঁ৷

জানিব পৰা মতে পুৰণি জিৰোৰ পৰা ৭ কিলমিটাৰ দূৰত পাহাৰৰ শিখৰত অৱস্থিত কিলে পাখো৷ বতৰ অনুকূল হলে তাৰ পৰা এফালে বিহংগম দৃষ্টিত জিৰো মালভূমিখন দেখা যায়, আনফালে য়িমে পেম্বু বুলি জনাজাত তুষাৰাবৃত্ত হিমালয় পৰ্বতমালাৰ দৃশ্যৰাজিও উপভোগ কৰিব পাৰি৷

জিৰোৰ হং ভিলেজ এচিয়াৰ বৃহত্তম গাঁওকেইখনৰ মাজত অন্যতম হিচাপে প্ৰসিদ্ধ৷ আপাতানি অধ্যুষিত হং নামৰ উক্ত গাঁওখনক ইউনেস্কোৱে বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি দিছে৷ আপাতানি চাংঘৰবোৰ কাঠ-বাঁহৰ আৰু সাধাৰণ ধৰণৰ যদিও গাঁওবোৰ যথেষ্ট পৰিকল্পিত৷ এন.এইচ. ২২৯ৰে অল্ড জিৰোৰ পৰা যাওঁতে সোঁহাতে সোমাই হং৷ তোৰণখন আমি দেখা পাই আহিছোঁ৷ হঙৰ পৰা ৭ কিলমিটাৰ আঁতৰত মমিফলং৷ উচ্চতাত অৱস্থিত এই গাঁওখনৰ পৰাও সুন্দৰ দৃশ্যাৱলী দেখা পোৱা যায়৷ অন্যহাতে চিৰো গাঁওখনো চাবলগীয়া৷ জিৰোৰ পাহাৰৰ ওপৰত দণ্ডায়মান অৰুণাচল গেষ্ট হাউচ৷ উপত্যকাটোৰ ঠিক মাজতে, পুৰণি জিৰোত পথাৰৰ মাজেৰে যোৱা পৰিত্যক্ত এয়াৰষ্ট্ৰিপ এটাৰ অৱশেষ লক্ষণীয়৷

এটা উপত্যকাত অৱস্থিত নাতিবৃহৎ হিমালয়ান চহৰ জিৰো৷ চিৰসেউজীয়া পাইন, অক আদি গছে চৌপাশ আগুৰি আছে৷ ভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক বিভিন্নতা আৰু বিচিত্ৰতা বিৰাজমান এই সৰু চহৰখনত৷ টাউনৰ মাজেদি আহিলেই সেয়া সহজতে চকুত ধৰা পৰে৷ জিৰো টাউন অন্ত পৰাৰ পাছতে আৰম্ভণি গ্ৰাম্যাঞ্চলৰ৷ চকুৱে দেখি থকালৈকে কৃষিভূমি৷ মাজে মাজে ফিচাৰী৷ চহৰৰ পৰা কেইকিলমিটাৰমান নিলগতে ডবি এলেকাত অৱস্থিত মৎস্য পালন কেন্দ্ৰ৷

মৌচুমীৰ আগমনে জিৰোৰ পথাৰবোৰ ঘন সেউজীয়া কৰি তোলে৷ মাছ-পুঠিৰো তেতিয়া উজান উঠে৷ ধান পকিলে জিৰোৱে বৰণ সলাই হৈ পৰে হালধীয়া৷ তদনুৰূপ এই অঞ্চলত হোৱা কিৱি নামৰ ফলবিধো মন কৰিবলগীয়া৷ পথৰ দাঁতিত পাহাৰৰ এঢলীয়াত অৰ্গেনিক কিৱি ফাৰ্মিং গাড়ীৰ পৰাই আমি দেখা পাইছোঁ৷ অৱশ্যে ফল এতিয়া নাই৷ ঢোকা আৰু টানি থোৱা তাঁৰ কিছুমানত গছবোৰ প্ৰত্যক্ষ কৰিছোঁ৷ আমাৰফালে পিছে এই গছ বা ফল মুঠেই দেখা নাযায়৷ জিৰোতহে প্ৰথম দেখিছোঁ৷ কিৱি ফলবিধ ভিটামিন চি আৰু ভিটামিন কেৰ ভাণ্ডাৰ৷ ইটালী, নিউজিলেণ্ড, চিলি আদি দেশত প্ৰচুৰ পৰিমাণে এই ফলবিধ হয়৷ অৰুণাচলত এতিয়া আপেল আৰু কিৱি ফলৰ খেতি বহুতেই কৰিবলৈ লৈছে৷

জিৰোৰ পৰা ৩২ কিলমিটাৰ উত্তৰ-পূবে টালেই ভেলী৷ এই স্থান বায়-ডাইভাৰচিটি হটস্পট হিচাপে জনাজাত৷ বাঁহ, অৰ্কিড, ঢেঁকীয়া, কপৌফুল আদিৰে ভৰপূৰ এই ঠাই ট্ৰেকিঙৰ বাবে উৎকৃষ্ট৷ টালেই ভেলী সংৰক্ষিত বনাঞ্চল আৰু টালেই বন্যপ্ৰাণী উদ্যান উচ্চতাত অৱস্থিত৷ মাজেৰে বৈ গৈছে কাৰিং, সোৱণশিৰি, চিপু, পাংগে আদি খৰস্ৰোতা নৈ৷ ইয়াৰ সূৰ্যাস্ত চাবলৈ অতি মনোমোহা৷

বৃহত্তৰ জিৰো এলেকাৰ স্থানীয় লোকৰ ঘৰবোৰ নিচেই সাধাৰণ৷ মানুহবোৰ স্পষ্টবাদী, শান্তিপ্ৰিয়, সহজ-সৰল৷ প্ৰায়বোৰ ঘৰত সন্মুখত বগাৰ মাজত কমলাৰঙী সূৰ্য অংকিত পতাকা উৰি থাকে৷ তেওঁলোক দঞি-পলৰ উপাসক৷ দঞি-পল শব্দযুগলে সৰ্বশক্তিমান ঈশ্বৰক বুজায়৷ দঞি মানে সূৰ্য, পল মানে চন্দ্ৰ৷ এই দুয়োৰে উপস্থিতি আকাশত সদায়ে দেখিবলৈ পোৱা যায়৷ একেদৰে, অন্তৰতো সহজে উপলব্ধি কৰিব পৰা যায়৷ মূলতঃ চন্দ্ৰ আৰু সূৰ্যই হল সকলো শক্তিৰ উৎস৷ এই নিৰাকাৰ, নিৰাৱয়ৱ, সৰ্বব্যাপী ভগৱন্তই সমগ্ৰ পৃথিৱীখন পৰিচালনা কৰিছে৷ দঞি-পল প্ৰেম, সত্য, ন্যায়, নৈতিকতা আৰু শুভৰ প্ৰতীক৷ নিঃস্বজনৰ বাবে দঞি-পল পথ-প্ৰদৰ্শক, ৰক্ষক৷ আনহাতে পাপীজনৰ বাবে চৰম শাস্তিদাতা৷ অৰুণাচল প্ৰদেশৰ বিভিন্ন জনগোষ্ঠীসমূহৰ মাজত প্ৰচলিত এই ধৰ্মীয় মতবাদ অনুসৰি বিশ্বভ্ৰাতৃত্ব, সাৰ্বজনীন সত্যৰ ধাৰণা, এক পৰম সত্তাৰ অস্তিত্ব, নিৰাকাৰ-নিৰাৱয়ৱ-সৰ্বব্যাপ্ত ঈশ্বৰৰ ধাৰণা, আত্মা-পৰমাত্মাৰ পাৰস্পৰিক যোগসূত্ৰ দঞি-পলত বিৰাজমান৷ দঞি-পলৱেই একমাত্ৰ সৰ্বজ্ঞ, সৰ্বশক্তিমান ভগৱান যি পৃথিৱীৰ প্ৰতিটো ঘটনা-পৰিঘটনাৰ ওপৰত অহৰ্নিশে দৃষ্টি ৰাখি থকা বুলি বিশ্বাস কৰা হয়৷

তিব্বতী সংস্কৃতিৰ অনুসৰণকাৰী যদিও ইয়াৰ বাসিন্দাসকলৰ মাজত খ্ৰীষ্টধৰ্মীয় লোকো আছে৷ পৰ্বতীয়া জনজাতিৰ মাজত খ্ৰীষ্টান ধৰ্মৰ বিস্তাৰে তেওঁলোকৰ পৰম্পৰাগত জীৱনধাৰাৰ ওপৰত প্ৰভাৱ নেপেলোৱাকৈ থকা নাই৷ ইয়ে তেওঁলোকৰ পৰম্পৰাগত জনজাতীয় ধৰ্মৰ গুৰুত্ব বহুলাংশে কমাই আনিছে৷ অৱশ্যে কেতবোৰ পূৰ্বপ্ৰচলিত ৰীতি-নীতি আৰু বিশ্বাসৰ এতিয়াও প্ৰচলন হৈ নথকা নহয়৷ খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰে জনজাতীয় সংস্কৃতিৰ পৰা ঐতিহ্যপূৰ্ণ উপাদানসমূহ সম্পূৰ্ণৰূপে আঁতৰাই পেলাব পৰা নাই৷ নতুন ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক উপাদানসমূহৰ মাজত একপ্ৰকাৰ সমন্বয়ৰ সৃষ্টি হোৱাটোও জিৰো এলেকাৰ এটা মন কৰিবলগীয়া দিশ৷

অৰুণাচলৰ অগ্ৰণী আপাতানি জনগোষ্ঠীৰ মানুহে থুপ খাই থকা চহৰ জিৰো৷ বিবাহিত আপাতানি পুৰুষে কপালৰ আগফালে খোপা বান্ধি শলা এডাল সুমুৱাই লয়৷ বহু বছৰ পূৰ্বে বান্দৰদেৱাৰ পৰা নিৰজুলিলৈ বা নাহৰলাগুন, ইটানগৰ আদিলৈ ৪০৭ গাড়ীবোৰত অাহ-যাহ কৰাৰ সময়ত সদায়ে বিশেষ সাৱধানতা অৱলম্বন কৰিছিলোঁ যাতে তেনেকুৱা শলাৰ খোঁচ নাখাওঁ৷ কঁকালত তেওঁলোকে বেতেৰে নিৰ্মিত পেটী তৈয়াৰ কৰি পিন্ধে৷ আপাতানি নাৰীয়ে থুঁতৰিৰ সোঁমাজত কপালৰ ওপৰৰ পৰা তললৈ মুখমণ্ডলত বেজীৰে খুচি খুচি এডাল কলা দাগ আঁকি লয়৷ কথিত আছে যে আপাতানি মহিলাক অৰুণাচল প্ৰদেশৰ ভিতৰতে সুন্দৰী বুলি গণ্য কৰা হৈছিল৷ সেই সৌন্দৰ্যত মোহিত হৈ অতীতত অন্য গোষ্ঠীৰ লোকে কোনোবা নাৰীক অপহৰণ কৰাৰ বাবে চেষ্টা চলাইছিল৷ বাহ্যিকভাৱে দেখাত আপচু কৰিবলৈকে আপাতানি পুৰুষে তেওঁলোকৰ মহিলাবোৰৰ নাকে-মুখে টেটু আঁকি দিলে, নাকত প্ৰকাণ্ড জোখৰ নাকফুলি পিন্ধালে৷ আজিকালি নতুনচামৰ মাজত এই ধাৰাটো অনুকৰণ কৰা দেখা নাযায় যদিও বয়োজ্যেষ্ঠাৰ মুখমণ্ডল আৰু শৰীৰত তদনুৰূপ দাগ পৰিলক্ষিত হয়৷ চি-দঞি তেওঁলোকৰ হৃদয়ৰ উৎসৱ৷ ম্যক, মুৰুং, ড্ৰি আদি উৎসৱসমূহো অধিৱাসীসকলে বছৰৰ বিভিন্ন সময়ত উলহ-মালহেৰে পালন কৰে৷

এসময়ত উত্তৰ দিশৰ পৰা প্ৰব্ৰজিত, শতিকাপ্ৰাচীন এই জনজাতীয় মানুহখিনিয়েযে ৰাস্তা-ঘাট একো নথকাৰ দিন ধৰি এই অঞ্চলত স্থায়ীভাৱে বসতি কৰি আহিছে, কৰ্তৃত্ব চলাই আহিছে, জিৰো ভেলীত উপস্থিত হলেই তাৰ স্পষ্ট প্ৰমাণ পোৱা যায়৷ মুখমণ্ডলত উল্কি লৈ বয়সস্থ মহিলাসকলে স্থানীয় বজাৰত শাক-পাচলি, মাছ-মুৰ্গী আদি বিক্রী কৰে৷ ৰাজকীয় খোজেৰে মেঠোনবোৰ ৰাস্তাৰ আশে-পাশে চৰি ফুৰা দেখা যায়৷ আনহাতে জিৰোৰ বাটত ৰাজহাঁহৰ বৃহৎ জাকে যান-বাহনক বাট এৰি নিদি বিধি-পথালি দিয়ে বুলি কৰবাত আগতে পঢ়া বৰ্ণনা মনত ৰৈ গৈছিল৷ আমি পিছে তেনেকুৱা অৱস্থাৰ সন্মুখীন নহলোঁ৷ একেটা গতিৰেই মাদাই আমাক আগলৈ টানি লৈ গৈ থাকিল৷ প্ৰয়োজন অনুসাৰে বাটৰ বৰ্ণনাও শুনাই গল৷ সি আৰু এতিয়া কেৱল আমাৰ ড্ৰাইভাৰ হৈ থকা নাই৷ বিশ্বস্ত বন্ধু আৰু পথ প্ৰদৰ্শকলৈ কেতিয়াবাই ৰূপান্তৰিত হৈ গৈছে তাৰ শৰীৰ, মন, অন্তৰ৷

(পৰৱৰ্তী খণ্ড কমলাৰ শ্যামলীমাত এখন্তেক)

No comments:

Post a Comment