Tuesday, 5 January 2016

দিন দুই ৷৷ ১.১১.২০১৫
১. আকৌ জিলেলে জিলেলে...



নিশা ৰেলখন গহীন-গম্ভীৰ গতি এটাত চলিছিল৷ তাঁতীবাহৰ নৌপাওঁতেই বাৰ্থৰ পৰা নামিলোঁ৷ হাৰমতী জংছনৰ পাছৰডোখৰ চাবলৈ বুলি গোপন আকাংক্ষা এটা মনৰ মাজত আগৰে পৰাই ক্রিয়াশীল হৈ আছিল৷ এসময়ত পিটপিটাই ফুৰা জেগা৷ ইতিমধ্যে প্ৰাতঃকৰ্ম সমাপ্ত কৰি আজৰি হৈ লৈছোঁ৷ দৰজামুখত থিয় হলোঁগৈ৷ মবাইলটো উলিয়াই আকৌ বজাই ললোঁ জিলেলে জিলেলে৷ অদূৰত দৃশ্যমান ওখ-চাপৰ পাহাৰবোৰে, অতিক্রম কৰি অহা পাহাৰীয়া শিলাময় জান-জুৰিবোৰে জনাই দিলে যে আমি অৰুণাচলৰ ভূখণ্ডত প্ৰৱেশিলোঁ৷ শীতল বতাহে শৰীৰত কোবালে যদিও কৌতূহলজনিত উষ্ণতাখিনি অকণোৱেই ম্লান পেলাব নোৱাৰিলে৷ ক্ষন্তেকতে চকুৰ আগলৈ আহিল দিক্রং নৈখন৷ অদমনীয় উৎসাহেৰে গায়কৰ সৈতে সমানে ওঁঠ লৰাই, গাড়ীৰ ছন্দময় গতিৰ সৈতে তাল মিলাই সিপাৰৰ নিৰজুলিখনলৈ ডিঙি মেলি মেলি চাই গলোঁ, নেদেখা নোহোৱা পৰ্যন্ত৷

উত্তৰ-পূৰ্বাঞ্চলৰ বহু নদ-নদীৰ নাম অষ্ট্ৰিক, বড়ো আৰু টাই ভাষাৰ শব্দৰ পৰা উদ্ভৱ হৈছে৷ দিক্রং বড়োমূলীয় শব্দ৷ দিকৰেং শব্দৰ পৰাই দিক্রং হৈছে৷ ইয়াৰ অৰ্থ ক্ষুদ্ৰ জলপ্ৰপাত৷ এইখন এখন প্ৰাচীন নৈ৷ কমা নৈ বুলি পুৰাণতো ইয়াৰ উল্লেখ আছে হেনো৷ এই নৈ সম্পৰ্কে কালিকা পুৰাণত কোৱা গুৰুত্বপূৰ্ণ কথাষাৰ হৈছে অন্তঃজলে প্লৱয়ন্তী৷ আনহাতে গতিপথ অধ্যয়নকাৰী গৱেষকৰ তথ্যৰ পৰা গম পাইছোঁ যে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ দক্ষিণ-পশ্চিম সীমাৰ চেংকেং গেকা পৰ্বতৰ পৰা পাৰে দৰবুং নাম লৈ এই নৈ ওলাই আহিছে৷ পূবলৈ আহি বাটত নিম্‌টে আৰু পমবুং নৈৰ লগ লাগি নাম লৈছে পাৰ৷ তাৰ পৰা কিছু ভটিয়াই ছু নৈৰ লগ লগাৰে পৰাই নৈখনে দিক্রং নাম পাইছে৷ অৰুণাচলৰ ভিতৰত এই নৈৰ দৈৰ্ঘ্য ৯০ কিলমিটাৰ৷ নদীখনৰ অৱবাহিকা ১,৪৬২ বৰ্গ কিলমিটাৰ৷ বেণুধৰ শৰ্মাই সম্পাদনা কৰা Dr. John Peter Wadeএ লিখা An Account of Assamত উল্লেখ কৰা টোকা অনুযায়ী দিক্ৰঙৰ তেতিয়াৰ গতিপথ হেনো আজিৰ দৰে নাছিল৷ নৈখন দ আৰু খৰস্ৰোতা আছিল৷ আগতে এই নৈৰ বালিত বোলে সোণ পোৱা গৈছিল৷ সেই সোণ বেছি উজ্জ্বল, বেছি মূল্যৱান আৰু পৰিমাণতো বেছি আছিল৷ ৰজাঘৰত দিক্রঙৰ সোণহে ব্যৱহৃত হৈছিল৷

আমি নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অৱ চায়েন্স এণ্ড টেকনলজি (চমুকৈ নেৰিষ্ট)ত পঢ়ি থকা কালত দিক্রঙৰ ওপৰত দলং সজা হোৱা নাছিল৷ ৫২ (ক) নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বিয়লিবেলা ফুৰিবলৈ গৈ নৈৰ পাৰত শৈলনিৰ্মিত বান্ধৰ ওপৰত প্ৰায়ে বহিছিলোঁ৷ চৌপাশৰ অনিন্দ্যসুন্দৰ প্ৰাকৃতিক ৰূপমাধুৰী হেঁপাহ পলুৱাই উপভোগ কৰিছিলোঁ৷ বিহাৰী নাৱৰীয়াই দ্বৈতভাৱে জোৰা দি লোৱা মাৰনাৱত উঠি নৈখন পাৰ হোৱাও মনত আছে৷ এতিয়া ট্ৰেইনত আহি থাকোঁতে দুইমুখত আৰ.চি.চি. ব্ৰীজ দেখা পালোঁ৷ দুইমুখক দৈমুখ বুলিয়ে সততে কোৱা হয়৷ ব্যুৎপত্তিগত গভীৰতালৈ নগৈ বা বিচাৰ নকৰি ভুলে-শুদ্ধই আমিও তেতিয়া তেনেদৰেই কৈছিলোঁ৷ অৰুণাচলৰ জনগোষ্ঠীবিশেষে উচ্চাৰণৰ তাৰতম্য হোৱাৰ ফলত ৰাজ্যখনৰ নদ-নদীৰ পৰা আৰম্ভ কৰি ঠাই আনকি মানুহৰ নাম পৰ্যন্ত বেলেগ বেলেগ স্থানত বেলেগ বেলেগ ধৰণে কাণত বাজে৷ তদুপৰি আছে আমাৰ দৰে অনা-অৰুণাচলী জিভাৰ উচ্চাৰণ বিভ্ৰাট৷ তেনেকৈ ইফাল-সিফাল হলেও মৌলিকভাৱে সেইবোৰৰ অৰ্থটোহঁত অৱশ্যে ঠিকেই বুজা যায়৷ গতিকে এই দিশত সচেতনতা অব্যাহত ৰাখিও কথাত বা লেখাত অনিচ্ছাসত্ত্বেও কিছুমান বিসংগতি ৰৈ যোৱাটো তেনেই স্বাভাৱিক৷ সেয়া নুই কৰিব নোৱাৰি৷



দিক্রঙৰ পাৰে পাৰে ৰেলখন ধীৰে ধীৰে চলি আছে৷ পাচিন নামৰ এখন নৈক সোঁপাৰে লৈ প্ৰায় পূবমুৱাকৈ দিক্রং বৈ গৈছে৷ গুমটো নামৰ ঠাইত লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহকুমাৰ পশ্চিমভাগেৰে ই অসমত প্ৰৱেশ কৰিছে৷ তাৰ আগেয়ে গতিপথত পোৱা এমচি জুলি, ৰিলো জুলি, গুমটো জুলি আদি ভালেমান জান-জুৰিক বুকুত সুমুৱাই লৈছে৷ হাৰমতী ৰেল জংছনৰ পৰা প্ৰায় তিনি কিলমিটাৰ পশ্চিমে আমি দিক্রঙৰ ৰেল দলং পাৰ হৈ আহিছোঁ৷ পৰৱৰ্তী অংশত এই নৈখনে বগুলী, মেৰণী জান, ৰঙানদীৰ সুঁতি আদিক লগত লৈ বদতিৰ পূবৰ বটুমচুবাত সোৱণশিৰিত বিলীন হৈছে৷ বাৰিষা অন্তঃসলিলাৰূপে বৈ বিহপুৰীয়া, নাৰায়ণপুৰ ৰাজহ চক্রৰ ভালেমান অঞ্চলত দিক্রঙে ৰাতিটোৰ ভিতৰতে তাণ্ডৱ সৃষ্টি কৰাৰ বাতৰি সংবাদ মাধ্যমযোগে বছৰি পাই থকা হয়৷ তাৰ পাছতো দিক্রঙক লৈ কতজনে কত কবিতা, কত গল্প বা অন্যান্য সৃষ্টি কৰিছে! দিক্রং আজিও বহুজনৰে প্ৰিয় নৈ৷ দিক্রঙৰ সিটো পাৰেই আমাৰো মাতৃসমা শিক্ষালয় নেৰিষ্টখন অৱস্থিত৷ হেণ্ডেলত ভালকৈ খামোচ মাৰি ধৰি চকুৰ টিপ নমৰাকৈ সেইফালেই এতিয়া চাই গৈ আছোঁ৷ নস্তালজিক অনুভূতি কিছুমানে হৃদয়ত খুন্দিয়াইছেহি৷ মনত পৰিছে অতীতৰ আনন্দমধুৰ দিনবোৰলৈ৷ ঠিক জানো যে সেইদিন ঘূৰাই নাপাওঁ দুনাই৷

২০০৭ চনত দৈমুখত পকী পথ আৰু দলং নিৰ্মাণ কৰা হয়৷ তাৰ পৰা অঞ্চলটোৰ ৰাইজ নিশ্চয় খুব উপকৃত হৈছে৷ এই দলংখন দেখি অলপতে পাছিঘাটৰ সমীপস্থ ৰাণাঘাটত চাই অহা চিয়াং নৈৰ ওপৰৰ সুদীৰ্ঘ দলংখনলৈ ফট্‌কৈ মনত পৰি গল৷ ঢকুৱাখনাত ২০১৫ৰ ফাটবিহু চাবলৈ গৈ মনৰ ইচ্ছাক বাধা দিব নোৱাৰি সেইখিনি ওলালোঁগৈ৷ ৰাণাঘাটৰ উক্ত দলংখন সাজোঁতে সময়ৰ হিচাপত ৰেকৰ্ডসংখ্যক ২২ বছৰ লাগিছিল৷ পিছে এবাৰ নিৰ্মাণ হৈ উঠাৰ পাছত চিয়াঙৰ উভয় পাৰৰ মানুহৰ জীৱন-যাত্ৰা অনেক সহজ হৈ পৰিল৷ পাছিঘাটৰ নামতো এটা সৌন্দৰ্যৰ সংযোজন ঘটিল৷ ইয়াতো একে কথাই প্ৰযোজ্য হৈছে৷ দিক্রঙৰ দলঙে বহুতৰে দুখ-দৈন্যযে আঁতৰাইছে সেইটো খাটাং৷

ৰেলৱে ট্ৰেকটোৰ সিটোফালে ৰ হিল্‌ছৰ ওপৰত ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়৷ আমি অৰুণাচল ইউনিভাৰ্চিটি বুলিছিলোঁ৷ নাৱেৰে দিক্ৰং পাৰ হৈ পাহাৰ বগাই শ্বৰ্টকাট মাৰি বিশ্ববিদ্যালয়নো কেনেকুৱা তাকে চাবলৈ গৈছিলোঁ৷ পোনপটীয়া ৰাস্তা নথকাত হাৰমতী হৈ ঘূৰি তালৈ ভাৰ্চিটি বাছ চলিছিল৷ ট্ৰেকিং কৰিয়েই গৈছিলোঁ আমি৷ তেতিয়া আৰু এতিয়াৰ আকাশ-পাতাল প্ৰভেদ অঞ্চলবোৰত সহজেই লক্ষ্য কৰিলোঁ৷ ১৯৯৩ চনৰ পৰা হিচাপ কৰিলে সুদীৰ্ঘ ২২ বছৰীয়া এটা ব্যৱধান৷ পাৰ্থক্য অৱধাৰিত৷ ঠাইবোৰৰ জনবসতি ক্রমাৎ ঘন হৈ আহিছে৷ ঘৰৰ সংখ্যা দিনকদিনে বাঢ়িছে৷ আমি পঢ়ি থকাৰ সময়ত নিৰজুলিখন নিৰিবিলি জেগা আছিল৷ ঘৰ কম, হাবি বেছি৷ পঢ়া-শুনা কৰিবৰ বাবে বৰ অনুকূল আছিল৷ এতিয়া ঘৰেই ঘৰ, মানুহেই মানুহ৷ নদীৰ বুকুৰ বালিচৰতো আনকি অস্থায়ী কুটিৰৰ উপস্থিতি দেখা পালোঁ! তাকে দেখি মূৰে-কপালে হাত নিদি নোৱাৰিলোঁ৷ অপ্ৰিয় যদিও এইটো কথা মিছা নহয় যে ৰেলৰ ডবা যলৈ যায় সেই ঠাইৰ জন-গাঁথনি, ভাষা-সংস্কৃতি আদিকে ধৰি নানা দিশত ভাল-বেয়া নানা ধৰণে প্ৰভাৱ পৰে, সমাজলৈ আমূল পৰিৱৰ্তন আহে৷ এনেকৈয়ে ৰেলে একো একোখন ঠাইৰ ছবি সলাই পেলায়৷ দিক্রঙৰ পাৰেদি স্থাপন হোৱা নতুন ৰেলপথেৰে যাত্ৰা কৰি থাকোঁতে তাহানি আৰু আজিৰ মাজত আহি পৰা বিৰাট তফাৎবোৰে উত্তেজনাৰে মনটোক একাদিক্ৰমে জোকাৰি থাকিল৷



বিগত ৭.৪.২০১৪ তাৰিখে হাৰমতী-নাহৰলাগুনৰ মাজৰ ২১.৭৫ কিলমিটাৰ দৈৰ্ঘ্যৰ এই ৰেলপথছোৱা মুকলি কৰা হৈছিল৷ ইয়াৰে অৰুণাচল প্ৰদেশত আছে ১২.৭৫ কিলমিটাৰ৷ সেই তেতিয়াৰে পৰাই এইফালে আহিম আহিম বুলি ইচ্ছা এটাই কট্‌কটাই আছিল৷ এইবাৰহে হঠাতে সুযোগফেৰি মিলি গল৷ অৰূপদাই অৰুণাচলৰ প্ৰসংগ উত্থাপন কৰাৰ মুহূৰ্ততে য়েছ কৈ দিলোঁ৷ অৰুণাচলৰ নৈসৰ্গিক প্ৰকৃতিয়ে যাক এবাৰ লম্ভিছে তাক আৰু সতকাই এৰে কত? মোৰো সেইটোৱেই হৈছে৷

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ এই ৰেলপথটোৰ জৰীপ দৰাচলতে আমি নেৰিষ্ট এৰি যোৱাৰো কেইটামান বছৰৰ পাছত, ১৯৯৭ চনতেই হৈছিল৷ পূৰ্বতে ইটানগৰলৈ মিটাৰগজ ৰেল লাইন হোৱাৰহে কথা আছিল৷ অৰুণাচল প্ৰদেশ চৰকাৰৰ অনুৰোধ মৰ্মে ২০১০ চনত সিদ্ধান্তটো সলনি কৰা হল৷ ইটানগৰৰ পৰিৱৰ্তে নাহৰলাগুনলৈকে আৰু মিটাৰগজৰ ঠাইত ব্ৰডগজ সজাৰ পৰিকল্পনা হল৷ ৰেল যোগাযোগ হৈ উঠাত এইফালৰ মানুহৰ অহা-যোৱাত কিমানযে সুবিধা হৈছে! যাতায়াত ব্যৱস্থাৰ উন্নতিয়ে মানুহৰ অগ্ৰগতিৰ বাট কাটিব পাৰে, মনৰ পৰিধি বহলাব পাৰে৷ উন্নয়নৰ প্ৰথম বা মৌলিক চৰ্তটোৱেই হৈছে সুচল যোগাযোগ ব্যৱস্থা৷ ভাল ৰাস্তা যলৈ যায় সভ্যতাও তলৈ যায় বুলি একেবাৰে প্ৰেকটিকেল কথা এষাৰিৰ প্ৰচলন নথকা নহয়৷

সাংগীতিক লয়ত আনবোৰৰ লগতে গতি কৰি আছে আমাৰ বাতানুকূল ডবাটো৷ লাষ্ট ষ্টপেজলৈ আৰু কিছুদূৰ বাকী৷ দুৱাৰমুখত ৰৈ ইচ্ছাসুখকণ পূৰণ কৰাৰ উপৰি সন্মুখলৈ অহা চৌপাশৰ উন্মুক্ত ৰূপ-লাৱণ্য অকণো কৃপণালী নকৰাকৈ, পূৰ্ণমাত্ৰাত উপভোগ কৰি যাব ধৰিলোঁ৷ দূৰণিৰ পৰা বাছৰ পৰিৱৰ্তে ৰেলত উঠি প্ৰথমবাৰ ঘৰলৈ ওভতা ইটানগৰৰ জনৈক অৰুণাচলী যুৱককো তাতেই লগ পালোঁ আৰু অসমীয়াতে উৰাই-ঘূৰাই কথা পাতিলোঁ৷ হিন্দীক সংযোগী ভাষা বুলিলেও বহুতো অৰুণাচলীয়ে অসমীয়া কব পাৰে৷ নিচি, আপাতানি, আদিৰ মুখত আমাৰ ভাষাটো শুনি বৰ মিঠা লাগে৷

(পৰৱৰ্তী খণ্ড - নাহৰলাগুন ৰেলৱে ষ্টেচনত)

No comments:

Post a Comment