Wednesday, 1 June 2016

দিন পাঁচ  ৷৷ ৪.১১.২০১৫
১২. আকৌ এখন ওলমা সাঁকো!


কিছুদূৰ আগ বঢ়াৰ পাছত দেবিন্দৰ আৰু বৰুণে হঠাতে এঠাইত ৰৈ দিলে৷ সিহঁত দুটাই বোলে আৰু আগলৈ নাযায়৷ ভৰি বিষাইছে৷ ভাগৰে ধৰিছে৷ ভোকো লাগি গৈছে৷ মোৰ ইফালে আগুৱাই গৈ থকাৰ মতলব৷ নিকেলক কলোঁ, ‘‘ইহঁত দুটা ইয়াতে ৰওক, নতুবা উভতি যাওকগৈ, আমি দুটা আৰু অলপমান আগৰ পৰা আহোঁগৈ৷’’ বৰুণ আৰু দেবিন্দৰৰ সন্মতিক্রমে নিকেলে গহীনাই প্ৰস্তাৱটো মানি ললে৷ সিহঁত দুয়ো চেলফিত ব্যস্ত হল৷ এইফালে নেটৱৰ্কৰ নটোও দেখিবলৈ নাই যদিও ফটো তোলাৰ কামতে লগাইছে স্মাৰ্ট ফোনটোক৷ সেয়া কৰি হলে য়াঙলৈ উভতিব যত পৰ্টাৰ তিনিটাই দিনটোলৈ খুঁটি পুতিছে৷ নিকেল আৰু মই গলোঁগৈ৷

বৰ্ষাৰণ্যৰ মাজত তেনেই চেঁচুক জেগা এইবোৰ৷ ডাঠ হাবিৰে ভৰি থকাত ঠাইখিনিত ৰদৰ পোহৰ কিজানি ভালকৈ নপৰেই৷ আজি সূৰ্যটো ভালদৰে নাই ওলোৱা কাৰণে একো ধৰিবও পৰা নাই৷ অৱবাহিকাৰ মাজৰ অঞ্চল৷ নৈখনৰ পৰা আঁতৰি কিছু ওপৰত৷

কৌতূহলৰ অগ্নি বুকুত জ্বলাই দুয়ো গৈ আছোঁ ইফালে-সিফালে চাই চাই৷ অস্ত্ৰ বুলিবলৈও হাতত একোটো নাই৷ বন দেৱতাক মাজে মাজে স্তুতি কৰি থাকিলোঁ যাতে মুখৰ আগত বিপজ্জনক একোৱে দেখা নিদিয়ে৷ আমি কাৰো হানি কৰিবলৈ অহা নাই, চাবৰ অৰ্থেহে আহিছোঁ৷ তাকে কৰোঁতে চকুৰ আগত ওলমা সাঁকো এখনেহে দৰ্শন দিলে! দীঘল দীঘল বেত জোৰা দি সজা, ধেনুভিৰীয়া হেঙিং ব্ৰীজখন দৃষ্টিগোচৰ হোৱা মাত্ৰকে জয়ন্তদা, ৰাজীৱ, মৃণালদাহঁতৰ মুখবোৰলৈ মনত পৰিল৷ খোজ পেলালেই কঁপি উঠা, এইখনৰো সেই একেই সাৰ্বজনীন ৰূপ৷ ভাবিব নোৱাৰা ধৰণে সোঁহাতে হাবিৰ মাজেৰে জিলিকি থকা দলংখন আচম্বিতে দেখা পাই বিপুলভাৱে পুলকিত হৈ উঠিলোঁ৷ নিকেলক লগে লগে সুধিয়ে পেলালোঁ, ‘‘আমি সেইফালেৰেই যাম নহয়নে?

প্ৰকৃতিক অৱলম্বন কৰি মেঘালয়ত খাচিয়া-জয়ন্তীয়াই ৰুট ব্ৰীজ সাজে৷ ঠাইবিশেষে দুখলপীয়াও আছে৷ পুৰণি ৰবৰ গছৰ শিপাৰ বৃদ্ধিক কেন্দ্ৰ কৰি সজা তেনেকুৱা শিপা দলঙত উঠিছোঁ, পাহাৰীয়া নৈ পাৰ হৈছোঁ৷ নাগালেণ্ডৰ ভিতৰুৱা ঠাইত থলুৱা নগাই সাজে আন এবিধ দলং, যাক কয় নগা-দলং৷ গছৰ ডাল ওপৰলৈ যাবলৈ নিদি পথালিকৈ বাঢ়িবলৈ দি সজা হয় সেই দলং৷ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা, যুগ-যুগান্তৰ ধৰি কাৰ্যক্ষম হৈ থকা, দুৰ্গম অভ্যন্তৰৰ এনেবোৰেই থলুৱা সংযোগ ব্যৱস্থা৷ পাৰ্বত্য পৰ্যটকৰ বাবে আকৰ্ষণস্বৰূপ হৈ পৰা তেনেকুৱা শিপা বা কাণ্ডৰ কাৰুকাৰ্যৰ পৰিৱৰ্তে এইফালে তাগিন কাণ্ট্ৰিত দেখা পাইছোঁ ওলমা দলঙৰ পয়োভৰ৷ সোৱণশিৰিক সেৱা কৰি কালি পাৰ হোৱা প্ৰথমখন সেতুৰ পৰা গন্তি কৰিলে আমি দেখা এইখন চতুৰ্থ৷ আৰু চাগৈ কিমান আছে আগলৈ! নিৰ্মাণ সামগ্ৰী বুলিবলৈ গছৰ ডাল, বাঁহ, বেত আৰু কেইডালমান লোৰ জৰী৷

অৰুণাচলৰ ইদু মিছিমি সমাজত বিশ্বাস আছে যে মকৰাক অনুকৰণ কৰিয়ে মিছিমি পুৰুষে নৈৰ ওপৰত ওলমা দলং সাজিবলৈ শিকিলে৷ এইফালৰ তাগিন বা নাহসকলৰ ক্ষেত্ৰত তেনেকুৱা কিবা বিশ্বাস আছে যদিও নাজানো৷ দুমূৰে দুটা পাহাৰত খুঁটা পুতি বাঁহ-বেতেৰে সজা হয় ওলমি থকা সাঁকোবোৰ৷ দুপাৰে গছত বান্ধি থোৱা এডলীয়া তাঁৰত ঠিক মকৰা জালৰ দৰে দেখা হেঙিং ব্ৰীজো আছে৷ তাৰ ভিতৰেৰে খৰস্ৰোতা নৈ পাৰ হবলৈ হলে কলিজাখন কপৌ চৰাইৰ দৰে হলে নহব৷ সিংহৰ কলিজা লাগিব৷ ঘন কুঁৱলীৰ সময়ত দলং বা নৈখনৰ আগৰছোৱা আকৌ তেনেই নেদেখা হৈয়ে থাকে৷ সীমাহীন বিস্ময়ত হতবাক হব লাগে সেইবোৰৰ বিৱৰণ শুনিয়ে৷ দেখা পোৱা আৰু পাৰ, পাছৰ কথা৷ লোৰ ৰছীত লগোৱা চকাত এহাতেৰে ধৰি পিঠিত কেঁচুৱা বান্ধি বহু ওপৰেদি নৈ পাৰ হোৱাৰ দৃষ্টান্তও আছে এইখন অৰুণাচলতে৷ বটল এটাত পানী ভৰাই ইখন হাতেৰে পুলিটোত ঢালি ঢালি যাব লাগে হেনো, নহলে গৰম হৈ যায় আৰু হাত পোৰে৷ সঁচাকৈয়ে অবিশ্বাস্য৷ কিবা চাৰ্কাচ যেন লাগে কল্পনা কৰিলে৷ অৰুণাচলী মানুহবোৰৰ দৈনন্দিনৰ প্ৰতিটো খোজতে এনেকৈয়ে সম্পৃক্ত হৈ থাকে দুঃসাহসিকতা, এডভেন্সাৰ৷ কবৰ মন যায়, অৰুণাচলী জনজীৱনৰ অন্য এটা নাম হৈছে এডভেন্সাৰ৷

দেশৰ ভিতৰত একবিংশ শতিকাৰ প্ৰথম বেলিৰ কিৰণ পৰিছিল অৰুণাচলতে৷ পিছে সমীক্ষাই কয়, ভাৰতবৰ্ষৰ ৭০ শতাংশ মানুহেই আজিও নাজানে অৰুণাচলক৷ ভূগোলৰ পুতৌলগা জ্ঞান লৈ ৰাজধানী মহানগৰী নতুন দিল্লীত আমাক এইদৰে সোধা মানুহো পাইছোঁ, ‘‘অৰুণাচল কাহাঁ হ্যায়?’’৷ এফালৰ পৰা চাবলৈ গলে নজনাটো ভালেই অৱশ্যে৷ নহলেবা ইয়াৰ ৰম্য প্ৰকৃতিৰ অগ্ৰাধিকাৰ গুচি দুষ্কৃতিৰহে পয়োভৰ বাঢ়িব৷ স্বয়ম্ভু মালিক ওলাই যাব প্ৰতিখন পৰ্বতৰ, প্ৰতিটো নৈ-নিজৰা-জলপ্ৰপাতৰ৷

ভাল কথা এইটোৱেই যে আমি ঘূৰি ফুৰা এই ঠাইবোৰৰ মালিক বুলিবলৈ কোনো নাই৷ অন্য দৃষ্টিৰে চালে দঞি-পল অৰ্থাৎ চন্দ্ৰ-সূৰ্যই এই জল-থল-বায়ুৰ গৰাকী, মালিক, অভিভাৱক৷ দিনত হলে সূৰ্য মালিক, নিশা হলে চন্দ্ৰ৷ তাৰ বাদে এইবোৰৰ মালিক মনুষ্যৰূপী কোনোৱে নহয়৷ মানুহ নায়েই ইয়াত৷ আন্ধাৰ আকাশৰ তৰাবোৰেই ইয়াত বিশ্বস্ত নৈশ-পহৰাদাৰ৷ চকুৰ আগত দেখি থকা সৰু-বৰ পৰ্বতবোৰক যদি পুৰুষ বা ডেকা যুৱক বুলি ধৰোঁ, তেতিয়াহলে নৈ-নিজৰা, জান-জুৰিবোৰেই ইয়াৰ নাৰী, গাভৰু, ষোড়শী ললনা৷ মায়াজালে আৱৰা সকলো জলধাৰাৰ উৎস হিমালয়ৰ হিমবাহ৷ উজ্জ্বল সেউজীয়াৰ অন্ত নোহোৱা সেউজীয়া দেশ এয়া৷ অবাধ বিচৰণ জীৱৰ পৰা জড়লৈকে৷

এতিয়া আমি সন্মুখত দেখি থকা দলংখনৰ ওপৰেদিয়েই তাকচিঙলৈ যায়৷ দলংখন এৰিয়েই সিপাৰে মেটমৰা হাবিৰ মাজেৰে পাহাৰৰ লুংলুঙীয়া বাটৰ আৰম্ভণি৷ নিজান বনত সোৱণশিৰিৰ ওপৰত এনেকুৱা ওলমা দলং বুলিলে জাগি উঠা প্ৰাণৰ সংশয়কণক বাদ দিলে বাকীখিনি কিন্তু দৃষ্টি টানি নিয়া প্ৰকৃতিৰ বিৰল সজ্জা৷ বেলেগ কতো পোৱা নাযায় এনে চিত্ৰপট৷ হাতত সময় থকা হলে ৰৈ ৰৈ উপভোগ কৰিব পাৰিলোঁহেঁতেন, ইপাৰ-সিপাৰকৈ খেল এটাও খেলিব পৰা গলহেঁতেন৷ এতিয়া পিছে হাতত সময় তেনেই তাকৰ৷ গতিকে পাৰ হৈ নগৈ পোনে পোনে গৈ থকাৰহে সিদ্ধান্ত ললোঁ৷

জংঘলে জংঘলে লিক চাই চাই গলোঁগৈ আমি৷ সময়ে ৰঙা চকু দেখুৱালেও ঘূৰি আহোঁতে ক্ষণিক সময়লৈ হলেও দলংখনলৈ নামিম, এনেয়ে এবাৰ, বুলি চুপচাপ ভাবি থলোঁ৷ কিয়নো এনেকুৱা ৰোমাঞ্চকৰ অনুভূতি এৰাই চলা মানে ইয়ালৈ অহাটো অৰ্থহীন হবই হব৷ যি দেখিছোঁ, যি পাইছোঁ তাৰ মজা প্ৰথম প্ৰাপ্তিতে লুটি লোৱাই ভাল৷ কি ঠিক, দুনাই চান্স নাপাবও পাৰোঁ৷

অৰুণাচলত প্ৰৱেশ কৰাৰ বাবে ১৭খন এণ্ট্ৰিং গেট বা কৰ আৰু আবকাৰী বিভাগৰ অধীনস্থ চেক পষ্ট আছে৷ বান্দৰদেৱা, কিমিন, গহপুৰ, ভালুকপুং, লিকাবালি, ৰুকচিন, কেমি, শান্তিপুৰ, চূণপোৰা, ডিৰাক, নামদাং, জয়ৰামপুৰ, খাৰছাং, বৰডুমচা, দেওমালী, শুকানজুৰি আৰু কানুবাৰী৷ ইয়াৰে সৰহসংখ্যকেৰেই ওলোৱা-সোমোৱাৰ অভিজ্ঞতা মোৰ হৈছে৷ আমোদজনক কথাটো হল, যিখন তালাচী চকীৰেই প্ৰৱেশ বা প্ৰস্থান নকৰক কিয়, দুৱাৰমুখৰ পৰাই আৰম্ভ হৈ যায় এখন অভয়াৰণ্য৷ প্ৰতিটো মুহূৰ্ততে মনলৈ আহে অভূতপূৰ্ব ৰোমাঞ্চকৰ অনুভূতি৷ বিশাল প্ৰাকৃতিক গৱেষণালয় এইখন প্ৰদেশ৷ বহু কথাই আজিও অজানা ৰূপতে আছে৷ ইয়াত সেউজৰ পৰিধি বিশাল, নদীৰ সীমা-সংখ্যা নাই৷ সেয়েহে অৰুণাচলৰ সুপ্ত সম্পদৰ প্ৰতি সৰ্বদা চকু সীমান্তৰ সিপাৰৰ বহিঃশক্তিৰ৷

অভয়াৰণ্যত হাবিৰ শেষ নাই৷ এতিয়াও নিকেল আৰু মই এখন গেজেপনি মৰা হাবিত সোমাই পৰিছোঁ৷ তাৰ মাজে মাজে অনেক দূৰ আকৌ আগুৱালোঁ দুয়ো৷ ট্ৰেকটো এইবাৰ অলপ মুকলি হৈ পৰিল৷ এঠাইত জংঘলৰ মাজত দুজন মানুহ পোৱা গল৷ তাৰে এজনে ঘৰ সাজিবলৈ খুঁটা কাটি আছে৷ লুংলুঙীয়া লিকটোৰ কাষতে চলি খৰিৰে জুই ধৰি কেটলি এটাত চাহ কৰি আছে লগৰজনে৷ নিকেলে তেওঁলোকৰ সৈতে দোৱানত কথা পাতিলে৷ তাগিন মানুহ৷ তেওঁলোকে আমাক চাহ খাই যোৱাৰ প্ৰস্তাৱ দিলে৷ কিন্তু পলম হোৱাৰ অজুহাতত অনিচ্ছাসত্ত্বেও সেই অনুৰোধ প্ৰত্যাখ্যান কৰিবলগীয়াত পৰিলোঁ৷ উপায় নাই৷ খোৱাতকৈ খোজতহে সময় দিয়াৰ পক্ষপাতী এতিয়া৷

সেইখিনিৰ পৰা ওখ পৰ্বতৰ এঢলীয়া অংশ এটা দেখা গৈ আছে৷ শ্যামলীমাৰে পূৰ্ণ শান্ত-সমাহিত গাম্ভীৰ্য এটাই ছানি ধৰিছে৷ ডাঠ সেউজীয়া টিনপাতৰ ঘৰ কিছুমান আছে৷ পকী ঘৰো চকুত পৰিছে৷ চাংঘৰো দেখিছোঁ৷ এই আটাইবোৰ আকৌ ধোঁৱাৰ দৰে ওলাই থকা ডাৱৰৰ অাঁৰত লুকায়ো পৰিছে কোনোবা মুহূৰ্তত৷ খুঁটা কাটি থকা মানুহজনে আমাৰ কৌতূহল নিবাৰণ কৰিলে৷ কলে যে সেয়া টি.চি.চি.৷ টি.চি.চি. অৰ্থাৎ তামা শ্বুং শ্বুঙৰ সেইটো পশ্চিম ফাল৷ টি.চি.চি.ত ইণ্ডিয়ান আৰ্মীৰ সৈন্যশিৱিৰ আৰু অস্ত্ৰ-ভাণ্ডাৰ আছে৷ বাংকাৰ আছে৷ স্থানীয় অধিবাসীৰ গাঁও আছে৷ তাৰ মানে টি.চি.চি. কৰবাতে এৰি ভালেমান দূৰত্ব আগুৱাই আহিলোঁ আমি৷ আৰু কিমান যাব পাৰিম? মনতে প্ৰশ্ন উঠিল৷

হাবিয়াল লোক দুজনক এৰি থৈ আমি দুয়ো আগ বাঢ়িব ধৰিলোঁ৷ নিকেলে বাৰে বাৰে সোঁৱৰাই আছে সোনকালে উভতাৰ কথা৷ সময় যিমানে আগুৱাইছে, তেওঁ চিন্তিত হৈ পৰিছে৷ পৰ্টাৰকেইটাৰ সহায়ত আমিকেইজনে ভাত ৰান্ধি খাব লাগিব৷ অৰূপদাহঁতৰ দলটো আহি পালে যদি পালে, নাপালে আমি আমাৰ ব্যৱস্থা কৰিম৷ তদুপৰি সিছোৱা ৰাস্তা উভতি যোৱাৰ কথাও আছে৷ আমি যদি এতিয়া বেছি দূৰলৈ গুচি যাওঁ, ঘূৰোঁতে আন্ধাৰ হৈ পৰিব৷ জংঘলৰ মাজত আন্ধাৰ হোৱা মানে মহা বিপদে লম্ভিব৷ বাট সুচল নহয়, হাতত টৰ্চলাইট এটাও নাই৷ দিনে-পোহৰে কেম্প চাইট পাবলৈ টীম লীডাৰ জয়ন্তদায়ো সকলোকে কৈ পঠাইছে৷ গাইডৰ চিন্তা লাগিবৰে কথা৷




(পৰৱৰ্তী খণ্ড সোৱণশিৰিৰ শেষ দৃশ্য চাই ঘূৰিলোঁ)

No comments:

Post a Comment