দিন ন ৷৷ ৮.১১.২০১৫
১. গৃহপ্ৰৱেশ
ৰে’লখন ৰঙিয়া পাওঁতে ঘপকৈ সাৰ পাই গ’লোঁ৷ ৪.০০ বাজি কেইমিনিটমান গৈছে৷ অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত কৰা ঘোষণা মাইকযোগে ভাহি আহিছে৷ টোপনিৰ জাল কাটি কাণ পাতি শুনি বুজিবৰ চেষ্টা কৰিছোঁ৷ ১ নং প্লেটফৰ্মত অবধ আছাম এক্সপ্ৰেছ আহি আছে বুলি কৈছে৷ দুনাই মন দিয়াৰ চেষ্টা কৰিছোঁ৷ অঁ, ঠিকেইতো শুনা পাইছোঁ৷ ক্ষন্তেক পাছতে ট্ৰেইনখন আহি পাবহি বুলি কৈ আছে৷ আমি ৰৈ আছোঁ ৪ নম্বৰত৷ খৰখেদাকৈ নামি গ’লোঁ৷ মুখৰ আগত আগৰে পৰাই দণ্ডায়মান মালগাড়ী এখন৷ ডবাৰ ফাঁকেৰে দেখা গ’ল যে সিফালৰ ট্ৰেকেৰে ৰে’ল এখন সোমাই আহিছে৷ অলপ পাছতে ৰৈ গ’ল৷ আক-তাক সুধি গম পালোঁ যে হয়, সেইখনেই উজনিমুৱা ১৫৯১০ নং লালগড়-ডিব্ৰুগড় অবধ আছাম এক্সপ্ৰেছ৷ আজি লে’ট চলিছে৷ কিন্তু সোনকালেই ৰঙিয়া জংছন এৰিব৷ কি কৰা যায়? দৌৰি গৈ উঠি যাবলৈ মন গৈছে৷ কিন্তু অসম্ভৱ৷ ভাবি থাকোঁতেই গাড়ী এৰাৰ ঘোষণাটোও হ’ল৷ সিফালে চাওঁতে দেখোঁ যে এৰিলেই৷ লাহে লাহে চলি গৈ থাকিল ডিব্ৰুগড়লৈ বুলি৷
ৰে’লখন ৰঙিয়া পাওঁতে ঘপকৈ সাৰ পাই গ’লোঁ৷ ৪.০০ বাজি কেইমিনিটমান গৈছে৷ অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত কৰা ঘোষণা মাইকযোগে ভাহি আহিছে৷ টোপনিৰ জাল কাটি কাণ পাতি শুনি বুজিবৰ চেষ্টা কৰিছোঁ৷ ১ নং প্লেটফৰ্মত অবধ আছাম এক্সপ্ৰেছ আহি আছে বুলি কৈছে৷ দুনাই মন দিয়াৰ চেষ্টা কৰিছোঁ৷ অঁ, ঠিকেইতো শুনা পাইছোঁ৷ ক্ষন্তেক পাছতে ট্ৰেইনখন আহি পাবহি বুলি কৈ আছে৷ আমি ৰৈ আছোঁ ৪ নম্বৰত৷ খৰখেদাকৈ নামি গ’লোঁ৷ মুখৰ আগত আগৰে পৰাই দণ্ডায়মান মালগাড়ী এখন৷ ডবাৰ ফাঁকেৰে দেখা গ’ল যে সিফালৰ ট্ৰেকেৰে ৰে’ল এখন সোমাই আহিছে৷ অলপ পাছতে ৰৈ গ’ল৷ আক-তাক সুধি গম পালোঁ যে হয়, সেইখনেই উজনিমুৱা ১৫৯১০ নং লালগড়-ডিব্ৰুগড় অবধ আছাম এক্সপ্ৰেছ৷ আজি লে’ট চলিছে৷ কিন্তু সোনকালেই ৰঙিয়া জংছন এৰিব৷ কি কৰা যায়? দৌৰি গৈ উঠি যাবলৈ মন গৈছে৷ কিন্তু অসম্ভৱ৷ ভাবি থাকোঁতেই গাড়ী এৰাৰ ঘোষণাটোও হ’ল৷ সিফালে চাওঁতে দেখোঁ যে এৰিলেই৷ লাহে লাহে চলি গৈ থাকিল ডিব্ৰুগড়লৈ বুলি৷
সেইখন ধৰিব পৰা হ’লে সোনকালে ঘৰ পালোঁগৈহেঁতেন৷
পিছে এতিয়া আৰু ভাবি একো লাভ নাই৷ সেইটো কোনোপধ্যে সম্ভৱ নহয়৷ গুৱাহাটীলৈ গৈ তাৰ
পৰা ৭.৩০ বজাত ৰঙিয়া-ডিব্ৰুগড় এক্সপ্ৰেছখন পৰৱৰ্তী টাৰ্গেট ৰূপে লোৱাই ভাল৷ সেইখন
ৰে’লৰ যাত্ৰা ইয়াৰ পৰাই আৰম্ভ হ’ব যদিও ৰঙিয়াত এতিয়াই নামি হামিয়াই
থকাতকৈ গুৱাহাটীলৈ যোৱাটোৱে বুদ্ধিমানৰ কাম হ’ব৷ অৰূপদা আৰু অমৰ গুৱাহাটীত ৰৈ যাব৷ অমৰৰ ব্যক্তিগত কাম
আছে৷ আনহাতে এই যাত্ৰাৰ মাত্ৰ দুদিন আগেয়ে কেম’ থেৰাপী দিয়াই অৰুণাচল যাত্ৰাত ভাগ লোৱা দেউতাকক চাবলৈ
কাষ পাবগৈ অৰূপদা৷ প্ৰদীপদা আৰু মইহে পোনে পোনে ডিফুলৈ যাত্ৰা কৰিম৷
পুনৰ যাত্ৰা কৰি কামাখ্যা জংছনত গাড়ীখন ৰ’ল৷ ইয়াত এক মিনিট সময় ৰ’ব লাগে যদিও হিচাপতকৈ বেছি কৰাত বৰুণ আৰু দেবিন্দৰৰ উচ্পিচনি বাঢ়ি গ’ল৷ তেনেই স্বাভাৱিক কথা৷ কাৰণ সিহঁতে দিল্লীমুখী ৰাজধানী এক্সপ্ৰেছ ধৰিবগৈ লাগে৷ টিকট কটা আছে৷ সময়ৰ অংক কৰি চাই ক্ষিপ্ৰতাৰে সিদ্ধান্ত
লোৱা হ’ল যে গুৱাহাটীলৈ নগৈ ইয়াতে তেওঁলোকে
নামি খাপ পাতি ৰোৱাই উচিত হ’ব৷ নহ’লে কিবা কাৰণত ধৰিবগৈ নোৱাৰিলে
নতুন সমস্যা ওলাব৷ তাকে ভাবি তম্বুকে আদি কৰি দুয়োৰে বস্তু-বাহানিখিনি
নমাই দিয়া হ’ল৷ সিহঁতক সহায় কৰিবলৈ দীপকদাও
নামি দিলে কামাখ্যাতে৷ আমি বাকীখিনিয়ে তিনিওকে বিদায় জনালোঁ৷ কিছুবেলিৰ মূৰকত আমাৰ
ৰে’লখন চলিব লাগিল৷
পুৱা প্ৰায় ৭.০০ বজাত গুৱাহাটী সোমালোঁহি৷ নমাৰ
আগে আগেই সকলোকে মাতবোল লগাই আজৰি৷ কাৰণ ৰৈ থাকিবলৈ সময় তাকৰ৷ সময়-সুবিধা মিলিলে ভৱিষ্যতৰ
কাৰ্যসূচীত চামিল হ’বলৈ সকলোৱে এৰাএৰিৰ মুহূৰ্ততে
আগ্ৰহ প্ৰকাশ কৰি থ’লে৷ জয়ন্তদাই ইতিমধ্যে চমুকৈ
আগজাননী এটা দিয়েই দিছে৷ জুলাইত জুকু ভেলী, নৱেম্বৰত মেচুকা৷ সময়ত খাটাং তথ্য ই-মেইল,
ৱাটছআপ, এছ.এম.এছ. কৰা হ’ব৷ কেঁচা আৰু টুকুৰা খবৰকে সদ্যহতে
মন-কাগজৰ এডভেন্সাৰ পৃষ্ঠাত লিখি ল’লোঁ৷
প্ৰদীপদা আৰু মই ট্ৰেইনৰ পৰা নামিয়ে পিঠিত ৰাক্চেক
লৈ টিকট কাউণ্টাৰলৈ দৌৰ মাৰিছোঁ৷ ইফালে মাইকত কৈ আছে ১২৪২৩ ডিব্ৰুগড় টাউন নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছে বিলম্বিত সময়ত
গুৱাহাটী এৰিব আজি! ছেঃ, বৰুণহঁত তেন্তে মিছাতে হুৱাদুৱাকৈ নামিল কামাখ্যাত৷ খবৰটো
আগতে সংগ্ৰহ কৰি ল’ব লাগিছিল৷ তেনেকুৱাতে ফোনযোগে
জানিবলৈ পালোঁ যে বৰুণ, দেবিন্দৰ আৰু দীপকদা কামাখ্যাৰ পৰা অট’ৰিক্সাৰে পুনৰ গুৱাহাটীলৈকে আহি
আছে৷ ইস্, এনেয়ে নমা হ’ল তাত৷ মিছাতে কষ্টখন!
টিকট দুটা কাটিয়ে অ’ভাৰব্ৰীজ বগাই আমি দুয়ো ৩ নং
প্লে’টফৰ্ম পালোঁগৈ৷ ১ নম্বৰত ৰাজধানীখন
ৰৈ আছে৷ হাৰিয়ানী দুটাও ইতিমধ্যে পালেহি৷ দৌৰা-দৌৰিকৈ গাড়ীত উঠিল৷ বাকীসকলে সহায়
কৰি দিলে৷ ৰঙা ৰে’লগাড়ীখন অলপ পাছতে আমাৰ সন্মুখেৰেই
চলি যোৱা দেখিলোঁ৷ পিছে পাছফালৰ পৰা শেনদৃষ্টি দিও আমি দুয়ে সিহঁত দুটাক নেদেখিলোঁ,
সিহঁত দুটায়ো আমি দুইক দেখা নাপালে৷ সি যি কি নহওক, দুৰ্গম পাৰ্বত্য যাত্ৰাৰ বিৰল
সোৱাদ লৈ ফৰিদাবাদলৈ ঘূৰি গ’লগৈ বৰুণ আৰু দেবিন্দৰ৷ আমাকো দি থৈ গ’ল সহজে পাহৰিব নোৱাৰা কেতবোৰ
স্মৃতি৷ সকলোবোৰ এতিয়া আমাৰ মগজু আৰু কেমেৰা-ম’বাইলৰ মেম’ৰী কাৰ্ডত বন্দী৷ আগ্ৰহীজনক সেইবোৰ দেখুৱাই দেখুৱাই বাটৰ
কাহিনী কিমানযে শুনাব নালাগিব!
৭.৩০ বজাত ১৫৯২৭ নং উজনিমুৱা ৰঙিয়া-ডিব্ৰুগড়
এক্সপ্ৰেছ আহিল৷ প্ৰদীপদা আৰু মোৰ ৰে’লযাত্ৰা আৰম্ভ হ’ল ডিফু অভিমুখে৷ গাড়ীয়ে গতি লোৱাৰ পাছতে প্ৰদীপদাই বেগ
খুঁচৰি খেজুৰ, চকলেট, বিস্কুট আদি উলিয়ালে৷ সেইবোৰ খাই খাই ওৰে বাট ট্ৰেকিং-কেম্পিং
এড্ভেন্সাৰ ট্ৰিপটোৰ কথাকে পাগুলি পাগুলি আহি থাকিলোঁ দুয়ো৷ ভ্ৰমণ বস্তুটোৱেই তেনেকুৱা৷
চিৰদিনৰ আনন্দদাতা৷ কোনোবাই ঠিকেই কৈছিল, Travelling leaves you speechless, then
turns you into a storyteller৷
মাজে মাজে সংগীসৱৰ পৰা ফোন আহিছে, কোনখিনি পাইছোঁ
জানিবলৈ৷ গুৱাহাটীৰ সকলোটি ঘৰাঘৰি গৈ সোমালেই৷ অৰূপদাও উপস্থিত হৈছেগৈ অসুস্থ দেউতাকৰ
কাষত৷ সোৱণশিৰিৰ পাৰে পাৰে কৰা এই অসমাপ্ত যাত্ৰা সামৰি আমিও ঘৰ পাই যাম কেইটামান ঘণ্টাৰ
মূৰত৷ ৰে’ল চলি আছে৷
অনিশ্চয়তাৰ পিছ খেদি ৩১.১০.২০১৫ তাৰিখে দুপৰীয়া
১২.০০ বজাত ওলাইছিলোঁ৷ আজি ৮.১১.২০১৫৷ অট’ৰিক্সা এখনেৰে দিনৰ ঠিক ১২.০০ বজাত ঘৰৰ আগত নামিলোঁ, সুস্থ শৰীৰেৰে৷ চিৰিকেইটা
নামি থাকোঁতে মনত ভুমুকিয়ালে Helen Kellerৰ এটি বাক্য... Life is either a daring
adventure, or nothing.
সহায়ক গ্ৰন্থ, তথ্যদাতা, ইণ্টাৰনেটৰ সূত্ৰ আদি
১. অৰুণোদয়ৰ বাট বিচাৰি উত্তৰ-পূবৰ অন্তিম পূবলৈ
: আব্দুছ ছাজিদ, abdussazid.blogspot.in
২. মিৰি-জীয়ৰী : ৰজনীকান্ত বৰদলৈ; ২০১৪; অসম বুক ট্ৰাষ্ট,
গুৱাহাটী
৩. বিহুগীত আৰু বনঘোষা : লীলা গগৈ; নৱেম্বৰ ২০০৮;
বনলতা, ডিব্ৰুগড়
৪. বিহু আৰু অসমীয়া সমাজ : ভদ্ৰেশ্বৰ বেজবৰুৱা; মাৰ্চ
২০০৮, ঘাঁহী শাখা সাহিত্য সভা, নগাঁও
৫. ৰঙালী বিহুৰ ঐতিহ্য বিচাৰ : ইছমাইল হোছেইন; ডিচেম্বৰ
২০০৬; জ্যোতি প্ৰকাশন, গুৱাহাটী
৬. বিপন্ন উদ্ভিদ : ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন
পৰিষদ
৭. অসমৰ জনজাতি, সম্পাদক : শ্ৰী প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য;
১৯৬২; লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী
৮. অসমৰ নদ-নদী : ডক্টৰ যোগেন্দ্ৰ নাথ শৰ্মা; জানুৱাৰী
১৯৯৩; অসম সাহিত্য সভা, যোৰহাট
৯. অসমৰ লোক-সংস্কৃতি : চাও লোকেশ্বৰ গগৈ; এপ্ৰিল
২০০৭; চাও দেৱজিৎ বৰুৱা, নাং বন্দনা বৰুৱা (গগৈ), ভূপাল, মধ্যপ্ৰদেশ
১০. পুৰণি অসমৰ পৰ্বত-ভৈয়ামৰ ভাইসকল : বিচিত্ৰনাৰায়ণ
দত্ত বৰুৱা; পঞ্চম তাঙৰণ, ১৯৯২; লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী
১১. অসমৰ প্ৰাইমেট : সৌম্যদ্বীপ দত্ত; ২০০৭; নেচাৰ্চ
বেকন
১২. বৰ্ণিল অৰুণাচল : সৌম্যদ্বীপ দত্ত; ২০১২; ভবানী
বুক্ছ, গুৱাহাটী
১৩. বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ, প্ৰথম খণ্ড; মুখ্য
সম্পাদক : যোগেশ দাস; ১৯৮৯; ৰাভা ৰচনাৱলী প্ৰকাশন সংঘ, তেজপুৰ
১৪. মেৰেং : অনুৰাধা শৰ্মা পূজাৰী; মাৰ্চ ২০১৫; বনলতা,
গুৱাহাটী
১৫. আমাৰ অসম (দৈনিক বাতৰি কাকত, গুৱাহাটী), ৪.৫.২০১৬
১৬. প্ৰান্তিক (পষেকীয়া আলোচনী, গুৱাহাটী) ১-১৫ নৱেম্বৰ,
২০১৫
১৭. Border Tagins of Arunachal Pradesh : The
Unarmed Expedition of 1956 : Maj. S. M. Krishnatry; 2004; National Book Trust
১৮. Brahma's Creation (North-East Trilogy-II) :
Dipti Bhalla, Kunal Verma; 2011; KaleidoIndia
১৯. Hip-hop natural boy and other poems : Ruskin
Bond; 2014; Puffin Books
২০. The Himalayan Journal, Vol. 62, Editor :
Harish Kapadia; 2006
২১. Indian Journal of Traditional Knowledge,
Vol. 8 (1); January 2009
২২. Arunachal Pradesh G. K. with Current Affairs
and Latest Who's Who; 2016; Good Books Distributors Publishers, Kolkata-16
২৩. A Handbook of Civil Engineers : Er. Rajmohan
Nath
২৪. The Assam Tribune : 24.11.2015, 28.12.2015,
14.1.2016, 23.4.2016, 6.5.2016
২৫. The Telegraph : 20.7.2013, 11.12.2008
২৬. Asian Age/Deccan Chronicle : 25.5.2016
২৭. Wikipedia, the free encyclopedia
http://www.indiamapia.com/Papum_Pare/doimukh.html
http://www.censusindia.gov.in/2011census/dchb/
http://www.arunachalilp.com
http://www.caravanmagazine.in/vantage/the-border-villages-of-arunachal-pradesh-a-story-of-neglect
http://www.arunachalplan.gov.in/html/docs/badp/Status_of_
BADP09.pdf
http://www.census2011.co.in/census/state/districtlist/arunachal
+pradesh.html
http://www.niscair.res.in/sciencecommunication/esearchjournals/rejour/ijtk/Fulltextsearch/2009/January%202009/IJTK-Vol%
208(1)-%20January%202009-%20pp%20127-130.htm
http://www.harishkapadia.com/downloads/2005-takpa-siri-arunachal-report-with-map.pdf
https://in.news.yahoo.com/forgotten-sino-india-war-hero-shere-thapa-no-123604322.html
https://www.facebook.com/groups/naatagin/?ref=br_rs
https://www.facebook.com/photo.phpfbid=1002879919784807&set=a.1004017363004396&type=3&theater
https://www.facebook.com/groups/1431341407180547/?ref
=br_rs
https://www.facebook.com/groups/touristforumincredible
uppersubansiriarunachal/?ref=suggested_groups
https://www.facebook.com/Trekking-Expedition-from-Siyum-To-Menchuka-642157362593245/
https://greenerpasturesind.wordpress.com/2012/09/07/the-ziro-music-festival-arunachal-pradesh-woodstock-of-india/
https://greenerpasturesind.wordpress.com/2012/10/18/central-arunachal-pradesh-tour-day-34-daporijo-subansiri-and-tagins/
https://greenerpasturesind.wordpress.com/2012/09/27/central-arunachal-pradesh-tour-day-12-ziro-and-the-apatanis/
http://www.indovacations.net/english/Daporijo.htm
http://wikiedit.org/India/Taksing/101083/
http://www.facebook.com/IncredibleUpperSubansiri
Arunachal Pradesh
http://en.wikipedia.org/wiki/Upper_Subansiri_district
http://ardistricts.nic.in/district_home.php?did=us
২৮. তথ্যদাতা : মাদা চৰুম, জে. জে. ভাই, ডাঃ জ’তি নাল’, নিকেল নাল’, তানি ম্ৰা,
আমা ম্ৰা, তাল’ নাল’, লিদা নাল’, তাগে’ নাল’, ৰকেশ ন্যজু, চিংকাৰ চেকে, তায়া ৰাই, এম.
কে. মোহন, পান্যা চিক’৷
No comments:
Post a Comment