দিন আঠ ৷৷ ৭.১১.২০১৫
৩. জিৰোৰ পৰা নাহৰলাগুন ৰে’ল ষ্টেচন
ভেলী ভিউত ধীৰে-সুস্থিৰে অন্নমুঠি গ্ৰহণ কৰি গাড়ীত
উঠোঁমানে ৪.০০ বাজি পাৰেই হ’ল৷ ইফালে এছোৱা যাবলৈ আছেই! অলপ পাছতে আকৌ চকা ঘূৰিল সৰ্পাকৃতিৰ পাহাৰীয়া
ৰাস্তাত৷ জিৰোৰ পৰা এতিয়া ক্রমে নামনিলৈ যাব লাগিব৷ ৰাস্তাটো ঠেক৷ আমি ঠাই সলাই বহিছোঁ৷
পাছৰ চিটৰ পৰা এইবাৰ আগলৈ প্ৰমোচন পালোঁ৷
আমাৰ ৰে’ল নিশা ৯.৩০ বজাত এৰিব, নাহৰলাগুন ষ্টেচনৰ পৰা৷ ১৫৬১৮
নং নামনিমুৱা নাহৰলাগুন-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ৷ টিকট কটা আছে৷ গতিকে চিন্তা
কৰিবলগীয়া নাই৷ হাতত সময় অফুৰন্ত৷ পান্যা আৰু জে. জে. দুয়োকে জনাই দিয়া হৈছে গাড়ী লাহে
লাহে চলাবলৈ৷ খৰধৰৰ কোনো প্ৰয়োজন নাই৷ প্ৰাণ বচাই সময়মতে গৈ পালেই হ’ল৷ দলৰ অকৃতদাৰ সদস্য প্ৰদীপদাক
এইটো প্ৰসংগত বেছি উৎসাহী যেন দেখা গৈছে৷
সিখন গাড়ীৰ বেমাৰটো আকৌ লাগিল৷ অনেক সময় ধৰি দেখাদেখি
নাই৷ এনেয়ে হ’লে এনেকুৱা পথত দূৰত ক’ৰবাত নহয় ক’ৰবাত আহি থকা অৱস্থাত দেখা পোৱা
যায়৷ এতিয়া চকুৰে মণিব পৰালৈকে গাড়ীৰ চেহেৰাই নাই৷ কি হ’ল সিহঁতৰ? আমিও ৰৈ দিছোঁ এঠাইত৷
নামি লৈ কদৈসিৰীয়া বিস্তীৰ্ণ পৰ্বতৰ অনন্ত-যৌৱনা ৰূপ-মাধুৰী উপভোগেৰে নয়ন সাৰ্থক কৰি
আছোঁ৷ তেনেকুৱাতে সিহঁত পালেহি৷ নিজৰ দোৱানত জে. জে.ক দুআষাৰ টান কথা শুনাই আমাক উঠাই
লৈ আকৌ গাড়ী এৰি দিছে পান্যাই৷ তৰ্ক নকৰি হাঁহি মাৰি পিছ লৈছে জে. জে. ভায়ে৷ গাড়ী চালকৰ
এইধৰণৰ ধেমালি-ধুমুলাবোৰ ভীষণ উপভোগ্য৷ মতান্তৰ থাকিলেও মনান্তৰ নাথাকে৷
জোৰাম পাৰ হ’লোঁ৷ ৰঙা নৈৰ পাৰৰ বগা কাঞ্চন, ৰঙা-সেউজীয়া
Mexican poinsettiaৰ সৌন্দৰ্য চাই চাই য়াশ্বুলি ওলাওঁতে সন্ধিয়াই লাগিল৷ আমাৰ গাইড
নিকেল নাল’ৰ সন্তানহাল ইয়াতে জৱাহৰ নবোদয়
বিদ্যালয়ত পঢ়ে বুলি কৈছিল৷ আনহাতে চেইণ্ট জন বস্ক’ স্কুল য়াশ্বুলিৰ অন্য এখন বৃহৎ শিক্ষানুষ্ঠান৷
হোটেল এখনৰ সন্মুখত গাড়ী ৰখাই ড্ৰাইভাৰ চে’ক্ গে’টলৈ গ’ল৷ সেই সুযোগতে ক্ষন্তেক নামি আমিও হাত-ভৰি পোনালোঁ৷
য়াজালি পালোঁহি৷ তাৰ মানে জিৰোৰ পৰা ইমান সময়ে
৪৫ কিল’মিটাৰ আগুৱাই আহিলোঁ৷ পাৰ হ’লোঁ নীপক’ কমপ্লেক্স৷ য়াজালি নিছি অধ্যুষিত
এলেকা৷ অৰুণাচল প্ৰদেশ চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৃষ্ঠপোষকতাত এই টাউনতে নৱেম্বৰ মাহত
আয়োজন কৰা হয় পান্যাৰ ৰিভাৰ ফেষ্টিভেল৷ পান্যাৰ শব্দটোলৈ চাই আমাৰ চালক পান্যা চিক’ক নিছি জনগোষ্ঠীৰ যুৱক যেনেই
লাগিছে, যদিও সোধা হোৱা নাই তাক৷ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পথলীৰ ডেমচাইটৰ লাইটবোৰ জিলিকি
উঠিছে৷ ওপৰৰ পৰা সেই দৃশ্য বৰ মোহনীয়া দেখা গৈছে৷ নৈশ আলোকসজ্জিত ৰূপটোৱে বহু সময় মন্ত্ৰমুগ্ধ
কৰি ৰাখিলে মনটোক৷ অলপ পাছতে আকৌ হাবিৰ মাজত, ঘোপ মৰা অন্ধকাৰত সোমাই পৰিলোঁ৷
উঠি-নামি নামি-উঠি পতিন পাই গ’লোঁ৷ যাবৰ দিনা পুৱা ইয়াত চাহ-ৰুটি
খাই গৈছিলোঁ৷ এতিয়া ৰোৱাৰ প্ৰয়োজন কোনেও অনুভৱ নকৰিলে৷ দিনৰ ভাতকেইটা দেৰিকৈ আৰু খুব
ভালকৈ খোৱা হেতুকে এজনেও হয়তো ভোক অনুভৱ কৰা নাই৷ গাড়ী চলি গৈ থাকিল৷ পতিনৰ পৰা আগলৈ
বাঁৱে সোমাই কিমিন গে’টেৰে অসমলৈ যায়৷ আমাৰ লক্ষ্য
যিহেতু নাহৰলাগুনহে, গতিকে পান্যাই সোঁহাতৰ বহল ৰাস্তাটো অনুসৰণ কৰিলে৷
ইটো পাহাৰৰ পাছত সিটো পাহাৰকৈ পাছফালে থৈ টাটা
চুম’ দুখনে ক্রমে ক্রমে নাহৰলাগুনৰ
কাষ চাপিছে৷ য়ুপিয়া ৰ’ডত দুই চালকৰ মাজত সৰু-সুৰাকৈ
গাড়ী দৌৰৰ প্ৰতিযোগিতা এখনেই লাগিল৷ এইছোৱা ৰাস্তা ভাল৷ আহল-বহল, ক’লা আলকতৰাৰে মসৃণ৷ অ’ত-ত’ত পথ নিৰ্মাণৰ কাম চলিও আছে অৱশ্যে৷ আনহাতে ডাপ’ৰ পৰা সিফালে সঘনাই এই সোঁ, এই বাঁও, আকৌ সোঁ কৰি থাকি
চালকে আসনত ভালকৈ বহিবলৈয়ে নাপায় কোনোবাটো মুহূৰ্তত৷ প্ৰতিটো ক্ষণতে ড্ৰাইভাৰজনক অতিশয় ব্যস্ততাৰে তন-মন সঁপি দি কিবা এটা কাম কৰি থকা যেন লাগে৷ চিধা ৰাস্তাত গাড়ী চলোৱা মানুহৰ ক্ষেত্ৰত তেনে ৰূপ সমূলি দেখা নাপাওঁ৷ মোৰ গাড়ী নাই আৰু চলাবও নাজানো৷ গতিকে আমাৰ চালকলৈ চাই চাই কথাবোৰ এনেকৈয়ে ভাবি পাইছোঁ৷ সন্মুখত এতিয়া টাৰ্নিং নথকা নহয় যদিও ৰাস্তা মুকলি আৰু বিপৰীত দিশৰ পৰা অহা গাড়ী নাই বাবে অৰূপদাই একো নামাতি সৰ্পিল বাটৰ ৰোমাঞ্চ নীৰৱে উপভোগ কৰি গৈ
আছে৷ এই ৰাস্তাবোৰত গৈ থাকি বেলেগ ধৰণৰ মজা লাগে৷ দিনৰ পোহৰত এক ধৰণৰ মজা, ৰাতি হে’ড লাইটৰ পোহৰত অন্য ধৰণৰ মজা৷ পোন ৰাস্তাত সেই মজা শূন্য৷ সেই মজাৰ ঊৰ্ধ্বত থাকি এইটো নিশ্চয় ক’ব লাগিব যে দিনে-ৰাতিয়ে আমাৰ দুই ড্ৰাইভাৰৰ
ড্ৰাইভিং স্কিল অতি উন্নত৷
পথ নিৰ্মাণৰ জৰিয়তে যোগাযোগ স্থাপনৰ দৰে কঠিনতম কাৰ্যকো সহজতৰ কৰি অৰুণাচল প্ৰদেশ তথা দেশৰ বিকাশৰ বুনিয়াদ তৈয়াৰ কৰি থকা হৈছে ৰাজ্যখনৰ এই খণ্ডটোত, য’ত বিদ্যমান মানুহে কৰা সংগ্ৰামৰ অপৰাজেয় দৃশ্য৷ এনেকুৱা ৰাস্তা তাকচিঙলৈকে হৈ উঠিবলৈ কিমান যুগ লাগিব? এনেয়ে এবাৰ প্ৰশ্নটো মনলৈ লৈ আনিলোঁ৷ এনেকুৱা ৰাস্তা তাকচিঙলৈকে হৈ উঠিলে সীমান্তৱৰ্তী মানুহবোৰৰ, তানি-আমাহঁতৰ অৱস্থাৰ উন্নতি কেনেকুৱা পৰ্যায়ত থাকিবগৈ? কষ্ট কৰি তাৰো কল্পনা কৰি চালোঁ৷ আজিৰ তাৰিখত এই ভাবনা অলীক বুলিয়ে ক’ব লাগিব যদিও দূৰ ভৱিষ্যতে কেতিয়াবা বাস্তৱায়িত হোৱাৰ আশা নিশ্চয় কৰাটো ভুল নহ’ব৷

আন যি কি নহওক, দৌৰি থকা গাড়ীখনৰ হে’ড লেম্পৰ তীব্ৰ পোহৰত উজলি উঠা
পাহাৰ আৰু পাহাৰৰ পৰা খহি আহিব ধৰা শিল-মাটিৰ সৈতে ৰাস্তা নিৰ্মাণত নিয়োজিত বনুৱাবোৰে
কিমানযে সংগ্ৰাম কৰিবলগীয়া হৈছে তাৰ স্পষ্ট আভাস একেধাৰে পাই আছোঁ৷ প্ৰকৃতিৰ সৈতে মানুহৰ
সংগ্ৰাম চিৰন্তন৷ অৰুণাচল প্ৰদেশৰ দুৰ্দান্ত প্ৰকৃতিকো এইদৰেই আধুনিক মানুহে বিজ্ঞান-প্ৰযুক্তিৰ
সহায়ত বশ কৰিবৰ চেষ্টা চলাইছে৷ তাৰ নামত আনকি প্ৰাণো বিসৰ্জন দি আহিছে৷ লেণ্ডস্লাইড
জ’নৰ দৃশ্যপটে সেইটোকে প্ৰকট কৰিছে৷
কাহানিবাই পঢ়া কিতাপ ‘The Old Man and the Sea’ত Ernest Hemingwayই এনেয়ে লিখি
পেলোৱা নাই যে Man can be destroyed, not defeated৷ কাৰোবাৰ প্ৰাণ গৈছে, পাছত কোনোবাই
এদিন গঢ়ি পেলাইছে৷ হাৰি যোৱাত নাই মুঠতে৷ তাতেই মানুহৰ বাহাদুৰি, মানুহৰ স্বাভিমান৷
দূৰত এখন চহৰ৷ তিৰ্বিৰাই উঠিছে অগণিত বিজুলী
চাকিবোৰ৷ অতি মনোমুগ্ধকৰ দৃশ্য এটা৷ সোনকালেই ওচৰ পালোঁগৈ৷ তাৰ পাছত একেটা গতিতে নি নাহৰলাগুন
ৰে’ল ষ্টেচনৰ মুক্তাংগনত গাড়ী সুমুৱাই
দিলে চালকদ্বয়ে৷ ষ্টাৰ্ট বন্ধ কৰাৰ পৰত অৰূপদাৰ ঘড়ীয়ে ক’লে, নিশা ৬.৪৫৷ হাতত এতিয়াও অনেক
সময়৷
শেষ হ’ল পাহাৰ আৰু পানীৰ লীলাভূমিত অবাধ বিচৰণ৷ ১ তাৰিখে জে. জে. ভায়ে য’ৰ পৰা উঠাই নিছিল আজি ৭ তাৰিখে ত’তে থ’লেহি, সম্পূৰ্ণ কুশলে-মংগলে৷ তাৰ ফালে দৃষ্টি নিক্ষেপ কৰাৰ লগতে এবাৰ ভাবি চালোঁ, ইয়াৰ পৰা কেতেনালা পৰ্যন্ত যোৱা আৰু অহা৷ কম গাড়ী চলোৱা নাই সি৷ চিনাকি বাটটো চিনেমাৰ ৰীলৰ ছবিবোৰৰ দৰে এবাৰ মনলৈ আহি গ’ল৷ সেই বাট এতিয়া আমাৰো চিনাকি৷ সৌ-সিদিনালৈকে অচিনাকি আছিল৷ এতিয়া চকু মুদিলেই ধৰা দি যায় ইখনৰ পাছত সিখন ঠাই, পৰ্বত, নদী আৰু মানুহবোৰে৷ এই বাটটোৱে আজিও ঢুকি নোপোৱা, সৰহ মানুহ গৈ নোপোৱা আনকি নাম নুশুনা জেগায়ো মনৰ পৰ্দাত এতিয়া ভুমুকি মাৰে শব্দটো উচ্চাৰণ কৰিলেই, ভ্ৰমণৰ আনন্দটো যি দুগুণ কৰি তোলে৷

বয়-বস্তুবোৰ নমোৱাত দুয়োজন চালকে সহায় কৰি দিলে৷
সন্তৰ্পণে টৰ্চ মাৰি চালে, ক’ৰবাত কিবা ৰ’ল নেকি৷ জে. জে. ভাই আৰু পান্যা চিক’ক আটায়ে আন্তৰিক ধন্যবাদ আৰু কৰযোৰে, পিঠিত ঢকিয়াই বিদায় সম্ভাষণ জনালোঁ৷ সিহঁত ইটানগৰলৈ যাবগৈ৷ নিশাটো তাতে কটাব৷ পুৱাই আকৌ এই স্থানত
গাড়ী লগাবহি৷ ইয়াৰ পৰা যাবগৈ ডাপ’৷ নহয়তো আন কেনিবা৷ জীৱন আৰু জীৱিকাৰ নামত এনেকৈয়ে চলে ইহঁতৰ বিপদসংকুল অহা-যোৱাবোৰ৷ মামূলি কথা ইহঁতৰ বাবে৷ সিহঁতেও খুব ভালকৈ জানে, পথ নিৰ্মাণ হৈ নুঠালৈকে এনেকৈয়ে চলি থাকিব লাগিব, অতিৰিক্ত কষ্ট স্বীকাৰ কৰিব লাগিব, নিজ কৰ্ম কৰি যাব লাগিব, অন্ন-বস্ত্ৰ-বাসস্থানৰ স্বাৰ্থত৷
নিজৰ নিজৰ বস্তু-বাহানি কঢ়িয়াই দুমহলীয়া ষ্টেচন
বিল্ডিঙৰ ৱেইটিং ৰুম পালোঁহি আমি৷ তাতে হাত-মুখ ভালকৈ ধুই সতেজ হৈ ল’লোঁ৷ ওচৰে-পাজৰে ভাল
চাহ-ভাতৰ হোটেল এতিয়াও গঢ় লৈ উঠা নাই৷ ভাত ক’ত খাম? খাবলৈ মনো যোৱা নাই৷ ভেলী ভিউৰ দিনৰ সাঁজে ভোক
লাগিবলৈকে দিয়া নাইচোন৷ তথাপি আমাৰ আগতীয়া অনুসন্ধানকাৰী দলে গোটাই অনা খবৰৰ ভিত্তিত
সময় বুজি ষ্টেচনৰ পাছফালে বহা অস্থায়ী চালিৰ তল পালোঁগৈ৷ মিচিং পৰিয়াল এটাই দোকানখন
চলাইছে৷ মহিলাগৰাকী বেছ কাজী৷ ভাতৰ সলনি নুডলছৰ অৰ্ডাৰ দিয়া হ’ল৷ জুইৰ গুৰিত বহি এবাটি এবাটি
নুডলছ খাই ৰে’লত আসন অধিকাৰ কৰিলোঁহি আমি৷
ট্ৰেইনখনে সময়মতে প্লে’টফৰ্ম এৰিলে৷ অমৰ আৰু প্ৰদীপদাক
বাদ দি বাকী সকলোজন সদস্য বাতানুকুল ডবাত ওচৰা-ওচৰিকৈ আছোঁ৷ সিহঁত দুজন শ্লীপাৰত৷ পাছতহে
গম পালোঁ যে দুটা টিকট শ্লীপাৰত, আঠটা এ.চি.ত আছিল৷ নাহৰলাগুন এৰাৰ পাছত গুমটো, হাৰমতী
জংছন পৰ্যন্ত কথা পাতি কটালোঁ৷ ৰাজীৱে মোক কিছুমান প্ৰশ্ন সুধিবৰ মন কৰি আগৰে পৰাই
বৰকৈ কুটুৰি আছিল৷ দুয়ো মুখামুখিকৈ চিটত বহি লৈছোঁ৷ মই মোৰ পৰ্যবেক্ষণ দাঙি ধৰিছোঁ৷ দৰকাৰী
কথা কিছুমান নিজৰ সেই অৱস্থা নোহোৱা টোকাবহীখনত খচাখচ লিপিবদ্ধ কৰিও ল’লে ৰাজীৱে৷ জাৰ্নেলিষ্ট মানুহ৷
ঘৰ পালেগৈ কিবাকিবি লিখিব নিশ্চয়৷ গেলেন চিনিয়াকত সিদিনা তথ্য সংগ্ৰহ কৰি থকা অৱস্থাত
তাত গোট খোৱা লোককেইজনৰ আগতো সমস্যাবিলাকৰ সম্বন্ধে কাকতত লিখিব বুলিয়ে প্ৰতিশ্ৰুতি দি আহিছে৷
এনেকুৱা ভিতৰুৱা ঠাইৰ খা-খবৰ, মানুহৰ হাঁ-হুতাহৰ সবিশেষ লিখা প্ৰতিবেদক কমেই্ দেখিছোঁ৷
ৰাজীৱৰ আন্তৰিক প্ৰচেষ্টাটো মোৰ ভাল লাগিল৷ অসুচল চীন সীমান্ত চুই অহাৰ ইচ্ছা আছিল যদিও সেইটো হৈ নুঠিল৷ পৰৱৰ্তী সময়ত সংগী হ’বৰ বাবে প্ৰস্তাৱ ৰাখিলে৷ ফলৱতী কিমান হ’ব নাজানো৷ সুযোগটো পাই পিছে সোঁৱৰাই দিলোঁ আলফাৰ সেনাধ্যক্ষই ২০১২ চনত তেওঁক কোৱা গুৰুত্বপূৰ্ণ বাক্য দুটা৷ ‘‘সদায় দৌৰিবা আৰু পাহাৰত খোজ কঢ়াৰ অভ্যাস কৰিবা৷ প্ৰতি আধা ঘণ্টাৰ মূৰত পাঁচ মিনিট জিৰণি ল’বা৷’’ নিজৰ কিতাপ (‘পৰেশ বৰুৱাৰ সন্ধানত’)খনত ৰাজীৱে নিজেই উনুকিয়াইছে পাৰ্বত্য পৰ্যটকৰ বাবে দৰকাৰী আৰু গঢ়ি তুলিবলগীয়া অভ্যাসটোৰ কথা৷

জয়ন্তদাই মোৰ কেমেৰাটোৰ মেম’ৰী কাৰ্ডত সঞ্চিত ফটোবোৰ আৰম্ভণিৰে পৰাই চোৱাৰ
ইচ্ছা প্ৰকাশ কৰিলে৷ কাষত বহি লৈ এখন এখনকৈ প্ৰতিখনেই দেখুৱাই গ’লোঁ৷ এসময়ত আপাৰ বাৰ্থত
উঠিলোঁ আৰু টোপনিত বুৰ গ’লোঁ৷ ৰে’লখন গৈ থাকিল গুৱাহাটীলৈ৷
(পৰৱৰ্তী খণ্ড - গৃহপ্ৰৱেশ)
No comments:
Post a Comment