Thursday, 23 June 2016

দিন আঠ  ৷৷ ৭.১১.২০১৫
১. ডাপত প্ৰাতঃভ্ৰমণ, অৰূপদাৰ সৈতে


জনশূন্য ঠাইত অত্যুৎসাহী হলেও ইয়াত দেখোন এতিয়াই বাহিৰ ওলাই যাবলৈ মনটো মুকলি হৈ উঠা নাই! সেয়েহে কাউৰী পুৱাতেই দুচকু মেল খালে যদিও কিছু সময় অথালি-পথালিকৈ বিছনাখনতে বাগৰি থাকিলোঁ, ভাবনা-বিভোৰ হৈ৷ কাষৰ বিছনাখনত অৰূপদা আমেজভৰা সুখনিদ্ৰাত৷ অপেক্ষা কৰি ৰলোঁ এবাৰমান লৰচৰ কৰালৈ৷ তেতিয়াই মাত দিম৷ উঠাম আৰু দুয়ো ওলাই যাম হোটেলৰ বাহিৰলৈ৷ ডিফুৰ ৰাস্তাত মৰ্নিং ৱাকত প্ৰায়ে লগালগি হওঁ আমি৷ গতিকে অভ্যাসৰ মিল আছে৷

ডাপৰিজো, তালিহা, দয়ম, চিয়ুম, নাচ্ছো, লিমেকিং টুৰিষ্ট চাৰ্কিটটোৰ বিষয়ে সৌ-সিদিনালৈকে অন্ত নোহোৱা অনুসন্ধিৎসা আছিল মনত৷ সেই কৌতূহল এতিয়া ৰূপান্তৰিত হল অভিজ্ঞতালৈ৷ আপাৰ সোৱণশিৰিৰ মাটি আৰু মানুহৰ দৰ্শনেৰে ধন্য হলোঁ যেন লাগিছে নিজকে৷ ফুৰা-চকা কৰিলে বেলেগ বেলেগ স্থান-কাল-পাত্ৰৰ পোনপটীয়া সংস্পৰ্শলৈ অহা হয়৷ ভিন্ন ভিন্ন চৰিত্ৰৰ লগত মিলি চলিব লগা হয়৷ এনেকুৱা হোৱাৰ ফলত সহনশীলতা বৃদ্ধি পায়৷ তদুপৰি তিতা-মিঠা অভিজ্ঞতাৰ সোৱাদবোৰে আমাৰ মনটোক পূৰঠ কৰি তোলে, বৈচিত্ৰ্যপূৰ্ণ বৰ্ণালীৰে জীৱনটোক কৰি তোলে নানাৰঙী৷

প্ৰতি মুহূৰ্ততে অনিশ্চয়তাক মুখৰ আগত লৈ আগ বাঢ়ি থাকিব লগা এইটো ভ্ৰমণ-আৱৰ্ত আনতকৈ সুকীয়া ৰঙেৰে ৰঙীন৷ আমি যি বাটেৰে গৈ ঘূৰি আহিলোঁ, সেইবোৰ অকণো নিমজ নেদেখিলোঁ৷ আৰম্ভণিৰ পৰা শেষলৈকে ওখোৰা-মোখোৰা, ঠেক আৰু ভগা-ছিগা৷ হাট-বজাৰো তেনেকৈ দেখিবলৈ নাপালোঁ৷ গাড়ীৰ গতিবেগ অতি ধীৰ ৰাখিব লাগে৷ স্পীড মানেই বিপদ৷ তেনেস্থলত এইটো ধাৰণা হয় যে ভ্ৰমণক ষ্টেটাছ ছিম্বল হিচাপে ব্যৱহাৰ কৰা তথাকথিত পৰ্যটনকাৰীৰ পছন্দৰ তালিকাত এই জেগাবোৰ সহজে অন্তৰ্ভুক্ত হোৱাটো টান, অন্ততঃ পথৰ দুৰৱস্থা দূৰ নোহোৱা পৰ্যন্ত৷

চকু জুৰোৱা নৈ-নিজৰা আৰু শাৰী শাৰী পৰ্বতৰ বিশালতাত মন্ত্ৰমুগ্ধ হৈ পৰাৰ লগতে সেই যাত্ৰাপথে নিজকে বাস্তৱৰ পৰা আঁতৰাই বিক্ষিপ্ত ভাবেৰে বহু সময়ত অত্যন্ত ভাবুক কৰি তোলে৷ নিৰ্জন মুহূৰ্তত তেনে ভাবনাৰ বলি হৈ পৰি পিছ মুহূৰ্ততে আকৌ ভাবোঁ, এনেবোৰ অনন্যসুন্দৰ ঠাই মানুহে অতি সহজতে ঢুকি নোপোৱাই ভাল নেকি! কাৰণ, অধিক জনসমাগমে নষ্ট কৰিব ইয়াৰ নীৰৱতা আৰু প্ৰাকৃতিক ভাৰসাম্য৷ কলুষিত কৰিব ইয়াৰ মানুহৰ নিৰ্ভেজাল সৰলতা, আন্তৰিকতা৷ হেনজানি বাট-পথ ইত্যাদিবোৰ এনেকুৱাকৈয়ে থকাই ভাল৷ তেতিয়া মানুহৰ অহা-যোৱা কম হৈ থাকিব৷ কোলাহলমুক্ত হৈ ৰব পৰ্বত আৰু উপত্যকা৷ অসুন্দৰ মানুহৰ চিঞৰ-বাখৰ কিম্বা দুষ্কাৰ্যই ধ্বংস নকৰক সুন্দৰী প্ৰকৃতিৰ অনুপম সৌন্দৰ্য৷ জীৱনটোক প্ৰবুদ্ধ কৰিব পৰা অপৰিমেয় প্ৰেৰণাদায়ী সমলৰ অমল উৎসবোৰ সদায় যেন অমল হৈয়ে থাকক৷ কষ্টগম্য হৈয়ে থাকক সেই ঠাইবোৰ৷ George Gordon Byronৰ ভাষাৰে কবলৈ হলে, I love not man the less, but nature more

এডভেন্সাৰ যাত্ৰা বহু মানুহৰে অতিকৈ প্ৰিয়৷ টুৰ অপাৰেটৰৰ পৃষ্ঠপোষকতা আৰু সাহায্যত দুঃসাহসিক ক্রীড়াৰ বিভিন্ন ধাৰাবোৰৰ লগতে ট্ৰেকিং-কেম্পিং অভিযানেও আজি নতুন মাত্ৰা লাভ কৰিছে৷ নগৰ-মহানগৰক উপেক্ষা কৰা তেনেকুৱা বিপদসংকুল যাত্ৰাত ভিতৰুৱা সৰু-সুৰা স্থানৰ স্মৃতিয়েই এডভেন্সাৰকামী মনটোক অলেখ দিনলৈ আচ্ছন্ন কৰি ৰাখিব পাৰে৷ ভূ-প্ৰাকৃতিক কাৰণতে খুব কম মানুহৰ পদস্পৰ্শ পোৱা অভ্যন্তৰীণ ঠাইত ভৰি দি ভাল পোৱা, মানুহৰ অৰণ্যৰ পৰা আঁতৰি থকা মানুহক লগ পাই দুটা কথা জানিবলৈ আগ্ৰহী মনৰ লোক হলে লক্ষ্য যিমান দুৰ্গম হলেও যেনে-তেনে গৈ ওলাব, সঁচা ৰূপ নিজ চকুৰে প্ৰাণভৰি চাবলৈ৷

তাকচিং অভিমুখে যোৱাৰ সময়ত তাল হোটেলত এৰাতি খপি যাওঁতে ডাপৰ ৰাস্তাত অকলে অকলে প্ৰাতঃভ্ৰমণ কৰিছিলোঁ৷ পাছত মাদাক খাতিৰ কৰি চাইছিলোঁগৈ সোৱণশিৰিৰ ওপৰৰ তাদাক দুলম চম৷ সেই অভিজ্ঞতা আৰু সাহসক সাৰথি কৰিয়ে এইমাত্ৰ সাৰ পাই উঠা অৰূপদাক পোনেই প্ৰস্তাৱ দিলোঁ দলংখন দেখুৱাম বলক বুলি৷ সোৱণশিৰিখনক ওচৰৰ পৰা শেষবাৰৰ বাবে দৰ্শন কৰাৰ মানসেৰে তেৱোঁ ঘপৰাই উঠিল৷ ট্ৰেকচুট পিন্ধি আমি দুয়ো ওলাই আহিলোঁ প্ৰাতঃভ্ৰমণত৷

ছুপাৰ মাৰ্কেটৰ পৰা ঘূৰি-পকি গংগা মাৰ্কেট পালোঁহি৷ তাৰ পাছত ৰাইট টাৰ্ন লৈ চাচপেনছন ব্ৰীজখনলৈ৷ দীঘল বেত জোৰা দি সজা, খোজ পেলালেই থৰথৰকৈ কঁপি উঠা হাবিৰ মাজৰ ওলমা দলং এইখন নহয়৷ ইয়াত গা সিৰ্‌সিৰাই মুঠেই নুঠে৷ দৌৰি দৌৰি পাৰ হব পাৰি৷ নৈখনৰ বনৰীয়া অংশৰ ভয়ংকৰ গৰ্জনটোও ইয়াত শুনিবলৈ নাই৷ পুৱাৰ নীৰৱতাই ঠাইডোখৰ আগুৰি ৰাখিছে৷ মায়াময় অৰুণাচলৰ মায়াৱী পাহাৰৰ মাজত মসৃণ শিলবোৰত ঠেকা খাই ঢৌ খেলি বৈ যোৱা পানীখিনিৰ এতিয়া শেলুৱৈবৰণীয়া গহীন-গম্ভীৰ ৰূপ৷ বিশ্বাসেই নহয় নেদেখিলে৷ আনহাতে বয়সৰ লগে লগে বাঢ়ি অহা ভয়টোও ইয়াত শূন্য হৈ পৰিবলৈ বাধ্য৷ আমি দুয়ো দলঙেৰে খোজ লৈ আকৌ উভতি আহিলোঁ৷

মূল পথলৈ নাহিলোঁ৷ ভিতৰৰ ৰাস্তাৰেই পোনাই দুজনমানক সুধি সুধি পুৰণি এয়াৰষ্ট্ৰীপটো পালোঁগৈ৷ তাৰ ওপৰেদি খোজ কাঢ়ি আহি আছোঁ৷ আশীৰ দশকত আৰু নব্বৈৰ দশকৰ আৰম্ভণি পৰ্যন্ত ডাপৰিজোলৈ বায়ুদূত সেৱা আছিল৷ গুৱাহাটী আৰু ডিব্ৰুগড়লৈ Dornier Do 228 এয়াৰক্রাফট চলিছিল৷ সম্প্ৰতি নাই৷ ইণ্ডিয়ান আৰ্মীয়েহে বিমানঘাটিটো অধিকাৰ কৰি আছে৷ সেনাৰ জোৱান কিছুমানে তৰি থকা তম্বুৰ কাষেৰেই আমি পাৰ হৈ আহিছোঁ৷ কিবা কাৰ্যসূচী আছে বোধ হয়৷ ডেকা লৰা কিছুমানে অইন এফালে ভাগে ভাগে দৌৰা-দৌৰি, পুৱাৰ শাৰীৰিক ব্যায়াম আদি কৰি আছে৷ এয়াৰক্রাফট অথৰিটি অৱ ইণ্ডিয়াই ডাপৰ বিমানঘাটিটো ৪০ৰ পৰা ৫২জন যাত্ৰী কঢ়িয়াব পৰা ATR-42 আৰু ৭৮জন পৰ্যন্ত যাত্ৰী পৰিবহণ কৰিব পৰা ATR-72 বিমান চলাচল কৰিব পৰাকৈ নতুনকৈ নিৰ্মাণ কৰাৰ পদক্ষেপ লোৱা বুলি শুনিছিলোঁ৷ কামৰ অগ্ৰগতি কিন্তু কেনিও নামমাত্ৰও চকুত নপৰিল৷ বিপৰীতে, পূব অৰুণাচলৰ ৱালঙলৈ যাওঁতে তাত লোহিতৰ পাৰত এয়াৰপৰ্ট নিৰ্মাণ কৰি থকা দেখি আহিছিলোঁ৷

এয়াৰষ্ট্ৰীপেৰে গৈ ৰাস্তাত ভৰি দিলোঁ৷ ৰাস্তাবোৰৰ অৱস্থা দেখি দুখ পাইছোঁ৷ ছুপাৰ মাৰ্কেটৰ দোকান-পোহাৰবোৰ এখন-দুখনকৈ খুলিবলৈ আৰম্ভ কৰিছে৷ সন্ধিয়া সোনকালে বন্ধ কৰি দিয়া হয় বাবে পুৱা সোনকালে খোলা হয়৷ থলুৱা লোকৰ দোকান এখনত সোমাই পানী কেইবটলমান কিনি লোৱা হ'ল৷ ছিংহিক হোটেল এণ্ড ৰিজৰ্টছৰ পাছফালৰ ৰাস্তাৰে আহি আমি ৰুমত পদাৰ্পণ কৰিলোঁ৷

গা-পা ধোৱাৰ পাছতে তলৰ পৰা কমপ্লিমেণ্টেৰী ব্ৰেকফাষ্টৰ বাবে ডাক পৰিল৷ ইতিমধ্যে প্ৰত্যেকৰে টোপোলা-টাপলি সামৰি পেলোৱাৰ নিৰ্দেশটো আহিয়ে গৈছিল৷ ৰুম এৰি ৰাক্‌চেকসহ তললৈ নামি আহিলোঁ৷ ডাইনিং টেবুলত গৈ বহাৰ লগে লগে ফুলা ফুলা লুচি চাৰিখন, তৰকাৰি, চাহ ইত্যাদিৰ পৰিৱেশন চলিল৷ কাউণ্টাৰত হিচাপ-কিতাপ কৰি থাকোঁতেই দেখিলোঁ, দুখন টাটা চুম আহি হোটেলৰ সন্মুখত ইতিমধ্যে অৱস্থান কৰিছে৷ তাৰে এখন জে. জে. ভাইৰ৷ পথে পথে কৰিবলগীয়া অন্তিম যাত্ৰাটোতো সি লগ দিছেহি আমাক৷ মাদা কেনি গল জানো, আজিও নাই৷ সি যি কি নহওক, চিনাকি মানুহ এটা লগত থাকিব বুলি জানি ভাল লাগি গল৷




(পৰৱৰ্তী লেখা ডাপৰ পৰা জিৰোলৈ)

No comments:

Post a Comment