Sunday, 5 June 2016

দিন পাঁচ  ৷৷ ৪.১১.২০১৫
১৭. গেলেন চিনিয়াকত শেষ সন্ধিয়া



ঠাণ্ডা বাহিৰখন৷ চৌকাৰ জুইৰ গুৰিত গুৰুত্বপূৰ্ণ আলোচনা চলিব ধৰিছে৷ বৰুণ, দেবিন্দৰ আৰু পৰ্টাৰহঁতে জুম পাতি বহি লৈছে৷ এখোজ-দুখোজকৈ ওচৰ চাপি গলোঁ ময়ো৷ শুনোচোন বিষয়টোনো কি বুলি৷ গম্ভীৰ আলোচনা৷ বিষয় সংস্থাপনহীনতা৷ সকলোতকৈ চুটি-চাপৰ লিডাই কথা কৈ আছে, সিহঁতৰ সমস্যাৰ বৰ্ণনা৷ নেছনেল জাৰ্নেলিষ্টৰ অনুসন্ধিৎসাৰে শহাকণীয়া হৈ ৰৈছে বৰুণ শ্বেওকান্দ৷ কাষত দেবিন্দৰ শৰ্মা৷ একেৰাহে জুইকুৰাত নিবদ্ধ দৃষ্টি তাৰ৷ ‘‘আমি মানুহবোৰ জোখত কঁটীয়া, সেইকাৰণে আৰ্মীত আমাক নলয়৷ কোনোবাই কেতিয়াবা চান্স পালেও মেডিকেল টেষ্টত পুৰুষাংগৰ অণ্ডস্থলীৰ বিসংগতি দোহাই দি মকৰল বাতিল কৰে৷ আমি সেইবোৰ একো বুজি নাপাওঁ৷ কিন্তু দেখোঁ যে আন আন ঠাইৰ পৰা আমাতকৈ ওখ মানুহবোৰ আহে৷ তেনেকুৱা জোৱানবোৰে আমাৰ জেগাত ডিউটি কৰেহি৷ সিহঁতৰ অণ্ডস্থলী কেনেকুৱানো, নাজানো৷ পাহাৰত সিহঁতে আমাক কিন্তু একোতেই বলে নোৱাৰে৷ জংঘল কটা, ট্ৰেক বনোৱা, মাল কঢ়িওৱা, ওলমা সাঁকো সজা আদি কামবোৰ আমাৰ মানুহেহে কৰি দিব লাগে৷’’

তাগেয়ো নীৰৱে থাকিব নোৱাৰিলে৷ ‘‘হামলোগ ত বান্দৰ কা মাফিক হ্যায়৷ পাহাৰ মেলোগ হামক নেহি ছেকতা৷ এক বাৰ জংঘল মে ঘুচ গিয়া ত হাজাৰ ধুন্দনেছেভি মিলনা মুস্কিল হ্যায়৷ এইসা হ্যায় হামলোগ৷’’ আত্মসংস্থাপনৰ চিন্তাত ব্যাকুল গোটেইসোপাৰে মন-মগজু৷ সিহঁতৰ ক্ষমতা আৰু দক্ষতা কেনেকুৱা তাকে অকণো লুক-ঢাক নোহোৱাকৈ বৰ্ণনা কৰি আছে৷ লগে লগে অংগ সঞ্চালন কৰিও বুজাবৰ যত্ন কৰিছে৷ সক্ষমতা তুংগত থাকিলেও সিহঁতৰ ক্ষেত্ৰত প্ৰত্যাহ্বানস্বৰূপে দেখা দিছে শাৰীৰিক উচ্চতা৷ তাকে দিল্লীৰ পৰা অহা বুলি গম পাই দেবিন্দৰ আৰু বৰুণৰ আগত মনৰ কথাবোৰ ভাঙি-পাতি কৈছে৷ কিজানিবা কিবা সুবিধা হয়েই!

ইফালে এদিনীয়া মানুহ দেবিন্দৰ, বৰুণ৷ ওখ-পাখ হাৰিয়ানী৷ বিপৰীতে ঈশ্বৰে লিডা, তাল’, চিংকাৰহঁতক চুটিকৈয়ে সৃষ্টি কৰিছে৷ নিমিলা অংকবোৰৰ এতিয়া সদুত্তৰ দিয়ে কিদৰে? চৰকাৰী আঁচনি, মন্ত্ৰী-বিধায়কৰ পদক্ষেপে ঢুকি নোপোৱা ঠাই এইবোৰ৷ ইলেকচনৰ সময়ত ভোট সংগ্ৰহৰ কায়দাটো কালি ৰাজীৱৰ আগত কৈছিল দুজনমানে৷ ৰাজধানীৰ পৰা অনেক আঁতৰত, লোকচক্ষুৰ আঁৰত তেনেকৈয়ে চলিছে জীৱন৷ দুৰ্বিষহ দৈনন্দিন৷

কথা প্ৰসংগত গম পালোঁ, পৰ্টাৰ হিচাপে অহা তাল বোলা লৰাটোৱে দশম শ্ৰেণীলৈকে পঢ়িছে৷ তাৰো সামৰিক, অৰ্ধসামৰিক বাহিনীত সোমোৱাৰ একান্ত ইচ্ছা৷ চৰকাৰে নিয়োগ কৰা পাৰ্ছনেল লাগেজ কুৰিয়াৰ (পি.এল.চি.) বা সেনাবাহিনীৰ পৰ্টাৰ হোৱাৰ মন তাৰ নাই৷ সিও দুখমনে এষাৰ কলে, ‘‘জংঘলত আমি যিমান পাকৈত, এই জোৱানবোৰ সিমান নহয়৷ আমি সিহঁততকৈ বহুত তাগ্ৰা৷ তথাপিও আমাক নলয়৷’’ ‘‘আমাৰ মানুহবোৰক লৈ এটা বিশেষ বেটেলিয়ন খুলিলে ভাল আছিল, যেনেকৈ গোৰ্খাবিলাকৰ আছে৷ আমাৰ সংস্থাপনো হলহেঁতেন, সুৰক্ষাও নিশ্চিন্ত হলহেঁতেন৷’’লে সিহঁতৰ মাজৰে আন কোনোবা এটাই৷ জংঘলী ৰাস্তাৰে গধুৰ বোজা কঢ়িয়াই আমাৰ কাৰণে ইতিমধ্যে সহায় আৰু সাহসস্বৰূপ হৈ পৰিছে এই ছটা ডেকালৰা৷ চকুবোৰ উজ্জ্বল, মুখমণ্ডল চিন্তাক্লিষ্ট৷ কোনে দিব পৰিত্ৰাণৰ উপায়?

ৰাহঁতৰ মনৰ ভিতৰত চলি থকা কৰুণ সুৰৰ ধুমুহাজাক ক্রমাৎ যেন ডাঙৰ হৈ আহিছে৷ দুটামানৰ ভাষ্যত উগ্ৰতাৰো পৰিচয় পাইছোঁ৷ জুমটোত চলি থকা কথাবোৰ শুনি থাকি, সিহঁতৰ অন্তৰৰ খবৰবোৰ, আশা-আকাংক্ষাবোৰ জনাৰ পাছত মাজে মাজে সিপাৰৰ চীন দেশে নিওঁ নিওঁকৈ থকা পৰিস্থিতিটোলৈ মনত পৰি গল৷ ৰাতিপুৱা এজনেতো খঙেৰেই কৈ দিছিল, ভাৰতে আমাক কি দিছে, বুলি৷ যোৱা এপ্ৰিলত কিবিথোলৈ যাওঁতে ইণ্ডো-চাইনিজ বৰ্ডাৰৰ লাষ্ট ইণ্ডিয়ান পষ্টলৈ গৈছিলোঁ৷ আই.টি.বি.পি.ৰ ছাউনীত কৰ্তব্যৰত অৱস্থাত পাই কথা পতা বমডিলাৰ শ্বেৰদুকপেন যুৱকদ্বয়ৰ মুখ দুখন স্মৃতিপটত ভাহি উঠিল৷ ইহঁতে তেনেকুৱা হব বিচাৰে৷ স্বীকৃতিপ্ৰাপ্ত সীমান্তৰক্ষী৷ কিন্তু উচ্চতা যেন অভিশাপ হৈ দেখা দিছে! সেয়ে সুবিধা নোহোৱা হৈছে৷ আক্ষেপ, খং, ক্ষোভৰ উদ্গীৰণ ঘটিছে কথা-বতৰাত৷

হেলাৰঙে পাহাৰ বগাব পৰা বাবে অৰুণাচলী বহুকেইগৰাকী পুৰুষ-নাৰী ইতিপূৰ্বে অন্যতকৈ আগতে পৃথিৱীৰ সৰ্বোচ্চ চূড়া পাইছেগৈ৷ তথাপিও যেন চকু মেল খোৱা নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ৷ শক্তি আৰু সাহসক সদৰ্থক ৰূপত নিচিনি আদিম বন্য অৱস্থাতে ৰাখি দিয়া হৈছে মানুহবোৰক৷ কিবা কাৰণত যুদ্ধ হবলৈ হলে কিন্তু এওঁলোকহে আত্মঘাতী যুঁজাৰুৰ প্ৰথম শাৰীটোত বুকু ফিন্দাই ৰব৷ প্ৰশ্ন হয়, অব্যৱহৃতভাৱে পৰিত্যক্ত প্ৰাকৃতিক সম্পদৰাজিৰ দৰেই এই মানৱ সম্পদসমূহকো অটব্য হাবিৰ মাজতে নিভৃতে লয় পাবলৈ এৰি দিব লাগিবনেকি? স্বৰাজ আৰম্ভ কৰা ৬৮ বছৰ হল৷ ৰাজনৈতিক বৰমূৰীয়া, মন্ত্ৰীমুখী আমোলা-বিষয়া, চাটুকাৰ উপদেষ্টাসকলে নতুন দিল্লী, ইটানগৰত বহি সুদীৰ্ঘ বছৰে কি চিন্তা-চৰ্চা কৰি আছে নাজানো৷ এতিয়া কি উপায় দিম আমি? দীৰ্ঘদেহী বৰুণৰ আগত হিয়া-মন খুলি দিয়াত বুজি উঠিছোঁ সমস্যাবোৰৰ গুৰি কত, ক্ষোভ কাৰ ওপৰত৷ ৰাজীৱে সাক্ষাৎকাৰ লোৱা মানুহকেইজনেও ৰাতিপুৱা প্ৰত্যক্ষভাৱে ক্ষোভ উজাৰিছিল, চৰকাৰী শাসন-য্ন্ত্ৰৰ বিৰুদ্ধে৷

এৰা-ধৰাকৈ মাজে মাজে বৰষুণৰ কণিকাবোৰ নামি আহি গাত পৰিছে৷ জুমটোত উপস্থিত সদস্যসকল ফৰিং ছিটিকা দিছে৷ ময়ো নিজৰ তম্বুৰ ভিতৰত আশ্ৰয় ললোঁহি৷ উঠি অহা লৰাবোৰৰ ভৱিষ্যতৰ কথা ভাবি চিন্তিত নোহোৱাকৈ নোৱাৰিলোঁ যদিও সামগ্ৰিকভাৱে মনটো ভাল লাগি আছে৷ তাৰ কাৰণ, সতকাই কোনেও চাব নোৱাৰা লেণ্ডস্কেপ কিছুমান স্বচক্ষে দেখি আহিলোঁ আজি৷ নিজৰ হৃদয়খনৰ, নিজৰ বিবেকৰ কথা শুনাৰ ফলতে এয়া সম্ভৱ হল৷ Do not go where the path may lead, go instead where there is no path and leave a trail. Ralph Waldo Emersonৰ সাৰবাক্যটোৱেও চেতনাত জোৱাৰ তুলিলেহি৷

মোহাৱিষ্ট বদনে প্ৰকৃতিৰ ৰোমন্থনত এতিয়া মগ্ন৷ চকু জপালেই সোৱণশিৰিকে দেখা পাওঁ৷ খল্‌ খল্‌ শব্দটোৱেও খুন্দিয়ায়ে আছে তম্বুৰ পৰা কেইফুটমান তলতে৷ তেনেকুৱাকৈ আত্মবিভোৰ হৈ থকা অৱস্থাতে হুৰমূৰাই এইফালে অহা প্ৰদীপদা, অৰূপদাহঁতৰ মাতে নীৰৱ স্মৃতিচাৰণে জগোৱা আমেজকণত আউল লগালে৷ কি হল বুলি চাই দেখোঁ যে তেওঁলোকৰ তম্বুকেইটা উঠাই আনিছে আমাৰ ওচৰলৈ৷ ২৪ ঘণ্টাৰো অধিক আগতেই মই কৈছিলোঁ যে সেই ঠাই সুচল নহয়৷ নুশুনিলে৷ এতিয়া পাইছে সেকা৷ সেমেকা ঠাইডোখৰ তেতিয়াই পৰিত্যাগ কৰিব লাগিছিল৷ বৰষুণ এজাক জোৰেৰে হৈ যোৱাৰ পাছতহে শিক্ষা হল৷ আমাৰ টেণ্টটোৰ আগে-পিছে তেওঁলোকৰ কেইটা ন-কৈ পাতিলেহি৷

লটিঘটিৰ পাছত তম্বুকেইটা এতিয়া একে শাৰীতে অৱস্থান কৰোৱাত ঠাইটুকুৰা দেখিবলৈকে চিজিল লাগিছে৷ দিনৰ সেউজীয়া পাহাৰবোৰ ৰাতিৰ অন্ধকাৰত কলা দৈত্যৰ দৰে থিয় হৈ আছে৷ বৰষুণে চিপচিপাই আছে৷ তেনেকুৱাতে, ধুম...৷ পাহাৰৰ নিস্তব্ধতা থানবান কৰি গুলীৰ শব্দ এটা কৰবাৰ পৰা ভাহি আহিল৷ কোনে গুলীয়ালে? কাক গুলীয়ালে? আকস্মিকভাৱে কাণত পৰা তেনেকুৱা শব্দত পোনেই বেয়া চিন্তাৰ উদ্ৰেক হবৰ কথাই৷ কাণ উনাই একধ্যানে বহি পৰিলোঁ, উমান লবলৈ

অলপ পাছতে টৰ্চ মাৰি মাৰি কোনোবা এটা আহি থকা দেখা গল৷ সেয়া তানি ম্ৰা৷ কান্ধত বন্দুক, হাতত পাঁচবেটাৰীৰ টৰ্চলাইট৷ অকলেই জংঘলত সোমাই চিকাৰ কৰি আনিছে এটা মালায়ান কেৰ্কেটুৱা! সৰুতে আমি হাতত কেটেপা আৰু পকেটত বাটলুগুটি, মাৰ্বল, শিলগুটি আদি লৈ টলৌ টলৌকৈ ঘূৰি-ফুৰি চৰাই চিকাৰ কৰা দিনবোৰ স্মৃতিৰ পৰ্দাত উজলি উঠিল৷ এতিয়া ভাবিলে এনে লাগে, বৰ অদৰকাৰী কাম কিছুমান কৰিছিলোঁ৷ কিন্তু এয়া কি! তানিয়ে মাৰি আনিছে মস্ত কেৰ্কেটুৱা এটা৷ তম্বুৰ পৰা ওলাই আগুৱাই আহিলোঁ৷ বন্দুকটো আমাৰ নিৰাপত্তাৰ খাতিৰত অনা বুলিহে ভাবিছিলোঁ!

তানিয়ে জন্তুটো তালৰ হাতত দিলে৷ ইমান ওচৰৰ পৰা আগতে কেতিয়াও দেখা নোপোৱা প্ৰাণীটো ঘেৰি লৈ আমি গোটেই মখাই মনোযোগেৰে চাব ধৰিলোঁ৷ দৰ্শনাৰ্থীৰ বাবে আগঠেং-পাছঠেঙত ধৰি দাঙি ধৰিলে কোনোবা দুজনে৷ কেইবাটাও টৰ্চৰ পোহৰে দিন যেন কৰি তুলিলে প্ৰদৰ্শনী থলী৷ কমলাৰঙী ধুনীয়া বুকুখন হাতেৰে স্পৰ্শ কৰি চালোঁ৷ অতি কোমল৷ গুলীটো কত লাগিছে? সন্ধান চলিল অলপপৰ৷ ইস বেচেৰা! আন্ধাৰতো সাৰি নগল চিকাৰীৰ লক্ষ্যৰ পৰা৷

ডাঙৰ আকাৰৰ এইবিধ কেৰ্কেটুৱাক দেওচৰ বা বানকেক্‌ বুলিও বহুতে কয়৷ আমাৰ মাজৰে কোনোবাই এইটো ফ্লায়িং ফক্স বুলিও কলে৷ শিয়ালৰে হুবহু মুখাবয়ৱ৷ দেহৰ দুয়োপিনে পাতল ডেউকাৰ নিচিনা কোমল চামৰা৷ প্ৰাণীটোৱে গছৰ ডালত অকণো লৰচৰ নকৰাকৈ নিশ্চুপ হৈ বহি থাকে৷ হঠাতে বতাহৰ মাজত জঁপিয়াই পৰে৷ লগে লগে তাৰ দুয়োপিনৰ ডেউকাসদৃশ চামৰাখিনি মেল খাই যায়৷ তেনেদৰেই ই বতাহত ভাহি গৈ থাকে৷ সেয়ে ফ্লায়িং ফক্স বোলা হয়৷ এইজাতীয় কেৰ্কেটুৱা অসমৰ গিবন অভয়াৰণ্যতো আছে বুলি আমাক সংগ দিয়া কৰ্তব্যৰত ফৰেষ্ট গাৰ্ড কলিতাই কৈছিল৷ গিবনলৈ যাওঁতে দেখা নোপোৱা জন্তুটো এতিয়া হাততে পাই হেঁপাহ পলুৱাই চাই ললোঁ৷

অন্য অৰুণাচলীসকলৰ দৰেই চিকাৰপ্ৰিয় জাতি তাগিন৷ ঘৰত বন্দুক একোটা থাকেই ইহঁতৰ৷ নিচানো অব্যৰ্থ৷ নিশাৰ আন্ধাৰত জিলিকি থকা জন্তুৰ চকুৰ মণি চায়ে যথাস্থানত টিকাই দিব পাৰে৷ অবিশ্বাস্য৷ তানিয়ে টৰ্চৰ পোহৰতে গুলীয়াই ভূপতিত কৰিলে এই উৰণীয়া কেৰ্কেটুৱাটো৷ প্ৰমাণ বেলেগ আৰু কি লাগিছে? হাত কিমান পোন তাৰ চাৰ্টিফিকেট দেখ দেখ পাই গলোঁ৷ হলেও জীৱহত্যা প্ৰত্যক্ষ কৰি মনটো কেনেবা কেনেবা লাগিল৷



(পৰৱৰ্তী খণ্ড - তম্বুত অন্তিম ৰজনী)


No comments:

Post a Comment