দিন পাঁচ ৷৷ ৪.১১.২০১৫
আকাশখন ইতিমধ্যে মেঘে ঢাকি পেলাইছে৷ ফেৰ্ফেৰীয়া
বতাহজাক নাই যদিও ঠাণ্ডা লাগি আহিছে৷ দিনৰ ২ বাজি ২০ মিনিট পাৰ হ’ল৷ বিশাল অৰণ্যৰ প্ৰাচুৰ্যময়
বিশালতাৰ সৈতে একাত্ম হৈ পৰিছোঁ আমিকেইটা৷ দিনটোত পুঞ্জীভূত নতুন অভিজ্ঞতা আৰু অনন্য অনুভূতি
কিছুমানে দেহ-মন পুলকিত কৰি পেলাইছে আৰম্ভণিৰে পৰাই৷ বতৰে দিয়া সকীয়নীক সন্মান
জনাই য়াঙৰ পৰা আমি ওভতনি পদযাত্ৰা আৰম্ভ কৰি দিছোঁ কেম্প চাইট গেলেন চিনিয়াকলৈ বুলি৷ পৰ্বত আৰু ভৈয়াম,
উভয়তে জীৱনক জীপাল কৰি ৰখা নদী সোৱণশিৰিৰ চিনাকি শব্দটি কাণত লৈ, ইমান সময়ে আমাক মন্ত্ৰমুগ্ধ কৰি ৰখা অৰণ্যানীৰ মাজে মাজে ধীৰে
ধীৰে খোজ দিবলৈ ধৰিলোঁ সাতটা প্ৰাণীয়ে৷
পৰিচয় হ’বৰ পৰাই মোৰ হৃদয়ৰ অনুভূতি আৰু উপলব্ধিৰ সৈতে সমমৰ্মী
হৈ পৰিছে আমাৰ গাইড নিকেল নাল’৷ আমি দুটা বাকীবোৰৰ পাছত আছোঁ৷ উভতি গৈ থাকোঁতে নিকেলে এঠাইত মোক ক’লে, ‘‘ভালকৈ চাই চাই যাব৷ ছাগলীৰ দৰে
জন্তু এটা শিলৰ ওপৰত কেনিবা দেখা পাব পাৰে৷’’ নিকেলে কস্তুৰী মৃগৰ কথাই কৈছিল চাগৈ৷ ময়ো চকুৰ চোক বঢ়াই
দিলোঁ৷ পিছে কস্তুৰী মৃগ ক’তো নেদেখিলোঁ৷ মৃগনাভিৰ বিশেষ গোন্ধটিও নাপালোঁ
কেনিও৷ হঠাতে নৈৰ সিপাৰে পা-পোৱালিয়ে মিলাই বৃক্ষবাসী এপাল বান্দৰেহে দেখা দিলে৷ সময়ৰ নাটনিৰ মাজতো চালোঁ অলপপৰ সিহঁতৰ খেলা৷
উদ্ভিদ বিজ্ঞানী, প্ৰাণী বিজ্ঞানীৰ ৰম্যকানন অৰুণাচল
প্ৰদেশ৷ ইয়াৰ হাবিত নতুন প্ৰজাতিৰ জীৱ সৌ-সিদিনালৈকে আৱিষ্কাৰ হৈয়ে আছে৷ তাৰ ভিতৰত
বান্দৰো অন্যতম৷ বন্যপ্ৰাণী আলোকচিত্ৰী আৰু জীৱ বিজ্ঞানীৰ এটা দলে অৰুণাচলত নতুন প্ৰজাতিৰ
এবিধ বান্দৰৰ সন্ধান পাইছে৷ ৰাজ্যখনৰ পূব প্ৰান্তৰ আঞ্জাৱ জিলাৰ হাবিত পোৱা এইবিধ বান্দৰৰ
নাম Macaca leucogenys৷ এই কথা পোনতে সদৰি কৰিছিল চীনৰ মডগৰ ডক্টৰ লি ছেং আৰু তেওঁৰ
দলটোৱে, চলিত বৰ্ষৰ আগ ভাগত৷ পৰৱৰ্তী সময়ত পক্ষীবিদ ডক্টৰ ৰঞ্জন কুমাৰ দাস, ৱাইল্ড
লাইফ ফটোগ্ৰাফাৰ উদয়ন বৰঠাকুৰ আৰু বান্দৰ বিশেষজ্ঞ ডক্টৰ দিলীপ ছেত্ৰীৰ দলে কথাটো সুনিশ্চিত
কৰে৷ ২০১৫ৰ মাৰ্চ মাহত তিনিজনীয়া দলটো পক্ষী-প্ৰদৰ্শক বিনন্দ হাতীবৰুৱা সহিত ভাৰতবৰ্ষৰ
অন্তিম পূবৰ জিলাখনলৈ গৈছিল, চৰাই চোৱাৰ কাৰ্যসূচী লৈ৷ ভ্ৰমণকালত তোলা এপাল বান্দৰৰ
ফটোত ধৰা পৰে বগা গালৰ সেই বিশেষ বান্দৰবিধ৷ অৰুণাচলৰ বনাঞ্চলত থকা আৰু আজিও উদ্ঘাটন
নোহোৱা জীৱ আৰু উদ্ভিদক লৈ ক্ষেত্ৰ অধ্যয়ন, গৱেষণা, সংৰক্ষণ ইত্যাদি কৰ্মৰ অনেক সম্ভাৱনাযে
আছে এয়া তাৰে পৰিচায়ক৷ এতিয়া আমি দেখি থকা এইবোৰ কোনোবা অজান প্ৰজাতিৰ বান্দৰ হ’লেও নাজানো৷
সংঘবদ্ধভাৱে গছৰ ডালে-ডালে বগাই আঁতৰি গৈছে অৰণ্যচাৰী বান্দৰৰ দলটো৷ সেই অঞ্চলটোতেই চাগৈ এই দলটোৱে প্ৰাধান্য বিস্তাৰ কৰি থাকে৷ খাদ্যৰ অন্বেষণত ইফাল-সিফাল কৰি আছে এতিয়া৷ চকুৰ আগত দেখি থকা বানৰ সেনামখাৰ শোভাযাত্ৰাটোলৈ চাই থাকোঁতে অজানিতে এপাকত নিজৰ বাওঁহাতখন চকুৰ আগলৈ অকস্মাতে উঠি আহিল৷ ৪ বছৰীয়াতে গোলাঘাটৰ মামাহঁতৰ ঘৰৰ পিছ চোতালত কটা-বিস্কুটক লৈ বান্দৰৰ সৈতে মোৰ দবৰা-দবৰি৷ অঁৰিয়া-অঁৰিত সুযোগ বুজি তৰ্জনী আঙুলিৰ গুৰিত পূৰ্বপুৰুষে মৰমতে(!) বহোৱা কামোৰৰ দাগটো আজিও আছে৷ তদুপৰি নাভিক কেন্দ্ৰ কৰি দিয়া ১৬টা বেজীৰ খোঁচ, তাৰ পীড়া আজিও ভালকৈ মনত আছে৷ চিনটো নিকেলহঁতক দেখুৱালোঁ, গৌৰৱেৰে৷ ভাগ্যক্ৰমে বাচি গৈছিলোঁ লোমহৰ্ষক উক্ত খণ্ডযুদ্ধত৷
বান্দৰ সংৰক্ষণৰ বাবে চিকাৰ ৰোধ কৰাৰ লগতে বৃহৎ বৃহৎ গছ থকা হাবিবোৰ সংৰক্ষণ কৰাটো জৰুৰী৷ এইখন হাবিৰ নাম কি? নিকেলে মোৰ প্ৰশ্নটোৰ সমিধান দিব নোৱাৰিলে৷ আপাৰ সোৱণশিৰিৰ বন বিভাগৰ অন্তৰ্গত, জৈৱ বৈচিত্ৰ্যত অতি চহকী এই অঞ্চলটোত আমি দেখা পাইছোঁ পৰ্ণপাতী-অৰ্ধ পৰ্ণপাতী, চিৰহৰিৎ, নৈ কাষৰীয়া অৰণ্য, ঘাঁহনি, বৰ্ষাৰণ্য, আৰ্দ্ৰভূমি, শিলাময় জোপোহা, গিৰিগুহা আদি৷ এই বনাঞ্চলৰ বিশেষ কিবা নাম থাকক নাথাকক, মই জনাত এটা জন্তুৰ নামেৰে জনাজাত অভয়াৰণ্য ভাৰতত এখনেই আছে৷ অসমৰ হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য৷ ভাৰতবৰ্ষত পোৱা ১৫টা প্ৰজাতিৰ বান্দৰৰ ভিতৰত ৯ বিধ অসমত পোৱা যায়৷ তাৰে ৭ বিধেই সেইখন চিৰসেউজ অভয়াৰণ্যত বিদ্যমান৷ হলৌ, লাজুকী, সেন্দূৰীয়া, মলুৱা, গাহৰিনেজীয়া, টুপীমূৰীয়া, অসমীয়া মলুৱা৷
প্ৰকৃতিজীৱী প্ৰাইমেট এই বান্দৰবোৰে গছৰ বাকলি, আঠা, ফুল, গুটি, ফল, কুঁহি, পাত, ঠানি, শিপা খাই জীৱন ধাৰণ কৰে৷ সৰীসৃপ, পতংগ, সৰু স্তন্যপায়ী প্ৰাণী, চৰাইৰ কণী আৰু পোৱালি, মকৰা, ভেকুলী আদিও খাদ্য৷ খাদ্যৰ প্ৰাচুৰ্য, পৰিস্থিতিতন্ত্ৰ, জীৱন আৰু অস্তিত্বৰ সংগ্ৰামলৈ চাই ওখ-ডাঙৰ হোলোং, ভেলৌ, আমাৰি, উদাল, শিঙৰি, ধুনা, সাঁচি, কৰৈ, সোঁৱালু, শিমলু, গন্ধসৰৈ, বিয়নী সাবটা, বজাল বাঁহ, বন আম, আঁহত, সোণ-বৰিয়াল, থেকেৰা, চাম কঁঠাল, তেঁতেলী, গমাৰি, ঔটেঙা, বান্দৰ ডিমা, পলাশ, নাহৰ, মদাৰ, কাঞ্চন, তিতাচঁপা, শিলিখা, ভোমোৰা, আজাৰ, পাকৰী, আম, পাঁচপতীয়া আলু, পানী আলু, তকৰীয়া আলু, দেওচনীয়া আলু, ছাগলীবিট, চাঙেৰী, গঁঠীয়া আলু, কোৱাভাতুৰী, ঔলতীয়া আদি গছেৰে আৱৰা গহীন হাবি বান্দৰৰ চলন-ফুৰণ আৰু বংশবৃদ্ধিৰ বাবে উপযুক্ত বুলি কোৱা হয়৷ ২০১৪ৰ জুলাই মাহত দুদিনীয়া ট্ৰেকিং-এডভেন্সাৰৰ নামত ২০ কিল’মিটাৰ পদচালনা, জোকৰ কামোৰৰ লগতে জোতা ফালি এৰি থৈ অহাৰ কাহিনী বাটে বাটে শুনাবলগীয়াত পৰিলোঁ৷ সমগোত্ৰীয় আৰু অন্যগোত্ৰীয় বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুবোৰক জীয়াই ৰাখিবৰ বাবে প্ৰকৃতিৰ ‘শ্ৰেষ্ঠ প্ৰাইমেট’ মানুহে সময়োপযোগী পদক্ষেপ লোৱাটো বাঞ্ছনীয়৷

যোৱাটো ব’হাগত আমি সোমাইছিলোঁগৈ আঞ্জাৱৰ জংঘলত৷ এইবাৰ আপাৰ সোৱণশিৰি৷
ডঙলৈ যাওঁতে লোহিতৰ বুকুৰ পৰা মিহি চাই শিল এটা বুটলি আনিছিলোঁ, স্মৃতি সংৰক্ষক জ্ঞান কৰি৷ একেটা
বস্তুকে এইবাৰ তুলি ল’লোঁ সোৱণশিৰিৰ পাৰত৷ ট্ৰেকটোৰ দাঁতিত পৰি থকা অনামী পৰ্বতৰ খহটা শিলটো এহাতে উঠাই লওঁতেই সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ প্ৰত্নতাত্ত্বিক সমলসমূহক
প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰা অসমৰ এজন প্ৰতিভাৱান, নিষ্ঠাৱান, দক্ষ তথা কৃতী
অভিযন্তা ৰাজমোহন নাথৰ বাক্য এষাৰি ফটকৈ মনত খেলালে৷ ‘‘শিল এটা ল’বি৷ সুধিবি৷ শিলটোৱে কিমানযে
কথা ক’ব! এইফালে মোৰ বুকুৰ ওপৰেদি হিউৱেন
চাং গৈছিল, মোৰ বুকুৰ ওপৰতে ঊষাই স্নান কৰিছিল... ৷’’
নাজানো, মোৰ হাতৰ মুঠিত সোমাই থকা এই নিৰ্জীৱ শিলটোৱে
কি কথা ক’ব, কাৰ কথা ক’ব৷ তথাপি ইয়াক ইয়াৰ পৰা নি সিবাৰৰ
লোহিতপৰীয়া শিলটোৰ কাষতে মোৰ টেবুলত চকুৰ আগত আথে-বেথে সজাই ৰাখিম, স্মাৰক হিচাপে৷
আশা কৰোঁ স্মৃতিৰ মানচিত্ৰত এই দুৰ্গম ট্ৰেকিং-কেম্পিং অভিযানটোক সোৱণশিৰিপৰীয়া শিলটোৱে আগলৈকো স্মৰণীয় কৰি ৰাখিব৷
অতি মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অঞ্চল এয়া৷
প্ৰকৃতিৰ এই চিৰসেউজীয়া পোহাৰৰ মাজত পাৰ্থিৱ মনুষ্য জীৱনৰ গাড়ী-বাৰী-সম্পত্তিৰ
হিচাপ-কিতাপৰ কোনো কদৰ নাই৷ স্থূল একঘেয়ামী জীৱনৰ পৰা মুক্ত হৈ স্বাধীনমনে, ইচ্ছামতে ইয়াত
আনন্দ ল’বহি পাৰি৷ বাধাহীনভাৱে অৱগাহন কৰিব
পাৰি চৌপাশৰ উন্মুক্ত বিশাল শ্যামলীমাত যি আমাক শিকাই দিয়ে জীৱনৰ সুমধুৰ ছন্দ, জীৱনটোক
অৰ্থপূৰ্ণ কৰাৰ গুপুত মন্ত্ৰ৷ প্ৰকৃতিৰ আশীৰ্বাদেৰে ধন্য হ’বলৈ আমিও চেষ্টা কৰিছোঁ৷ ভালকৈ বুজিছোঁ যে গছ থাকিলেহে মানুহ থাকিব৷
মূৰৰ ওপৰত বিশাল আকাশখন লৈ যোৱা বাটেৰেই উভতি আহি
আছোঁ৷ এনে বিশালতাই মনটো ফৰকাল কৰি পেলোৱাৰ উপৰি চিত্তলৈ আনি দিয়ে উত্তেজনা৷ ইয়ালৈ নাহিলে,
নেদেখিলে, সূক্ষ্মভাৱে পৰ্যবেক্ষণ নকৰিলে একোৱে ভালকৈ উপলব্ধি কৰিব নোৱাৰিলোঁহেঁতেন৷
এই ঠাইবোৰক নতুন ৰূপত গঢ়ি তোলাৰ পূৰামাত্ৰাই সম্ভাৱনা আছে৷ তাৰ বাবে পথ সংযোগ ব্যৱস্থা
অপৰিহাৰ্য৷ অধ্যয়ন আৰু গৱেষণাৰ বাবেও বহুত নতুন নতুন বিষয়-বস্তু ইয়াত মজুত হৈ আছে৷ গৈ পায়ে কথাষাৰ যাকে-তাকে বাৰে বাৰে ক’বলৈ মন গৈ আছে৷ কোনোবা আহে-নাহে নিজৰ কথা৷
(পৰৱৰ্তী খণ্ড – কেম্প চাইট পালোঁহি)
No comments:
Post a Comment