Wednesday, 22 June 2016

দিন সাত  ৷৷ ৬.১১.২০১৫
৬. ডাপত আকৌ এৰাতি



ঘড়ীত প্ৰায় ৪.০০ বাজিবৰ হৈছে৷ বন-অৰণ্যৰ পৰা আহি আহি আমি এইমাত্ৰ জন-অৰণ্যত সোমালোঁ৷ উজনি সোৱনশিৰি জিলাখনৰ একমাত্ৰ চহৰ এইখন৷ সোৱনশিৰি নৈৰ পাৰৰ ডাপ অৰ্থাৎ ডাপৰিজো৷ হোটেলত উঠিয়ে পোনতে বাকী কাম বাদ, ভালকৈ গাটো ধুবৰ মন গৈছে৷ অৰূপদা আৰু মই একেটা কোঠালিত সোমাইছোঁ৷ ৰাজীৱ-জয়ন্তদা, অমৰ-প্ৰদীপদা, বৰুণ-দেবিন্দৰ ৰুমমেত৷ দীপকদা কত? মৃণালদা আৱৰ্ত ভৱনলৈ যোৱা বুলি জানো৷ তেৱোঁ লগত গল নেকি? নে অকলে আছে? অংক নিমিলা হৈ থাকিল দেখোন! অত-তত ৰুমে ৰুমে সোমোৱাৰ পাছত কাকো নেদেখা হৈ থাকিলোঁ৷ ইফালে মবাইল ফোনে জিলা সদৰত কাম কৰিছে৷ গীজাৰে গৰম কৰা পানীৰে ঠিকছে শৰীৰ পখালি স্মাৰ্ট ফোনটোত আঙুলি বুলাই থাকিলোঁ অলপ পৰ৷

কাৰবি আংলঙৰ পাছত অলপতে নতুন কৰ্মস্থলী হিচাপে বাছি লোৱা মণিপুৰৰ সেনাপতি জিলাৰ এঠাইৰ পৰা জাৰ্মানীৰ ভাষা-গৱেষিকা লিণ্ডাই প্ৰেৰণ কৰা এছ.এম.এছ. এটা চুইচ অন কৰাৰ লগে লগেই স্ক্ৰীণত বিৰিঙি উঠিল৷ বাৰ্তাটোৱে সুখী কৰিলে যদিও মনটোক টানি লৈ গল এৰি থৈ অহা বৃহৎ ভলিউমৰ আধৰুৱা কামটোলৈ৷ পৰ্বতৰ মায়াত ইমানদিনে সেইবোৰ সমূলি পাহৰি আনমনা হৈ আছিলোঁ৷ পৃষ্ঠাবোৰ কেনেকুৱানো আছিল, পাহৰিয়েই থাকিলোঁ অৰুণাচললৈ আহি৷ এতিয়া সম্বিৎ ফিৰিল যে সোনকালেই আকৌ আৰম্ভ হবলৈ গৈ আছে গতানুগতিক জীৱন-দৌৰ৷ জীৱন-যুদ্ধৰ এই সত্যটোক উলাই কৰিব নোৱাৰি৷ তাৰ মাজে মাজেই ছেগ বুজি নিজৰ মনে ভালপোৱা, হেৰাই যোৱাৰ আনন্দ-সন্ধান নিশ্চয় কৰি যাব লাগিব৷ নিচা আৰু পেছাৰ সন্তুলন বৰ্তাই ৰখাটো দৰকাৰী৷

সন্ধিয়া লাগিল৷ অলপ পাছত বাইক চলাই নিকেল ওলালহি৷ তেওঁ মোক পাছৰ চিটত উঠাই লৈ গল গংগা মাৰ্কেটলৈ৷ তাতে তেওঁৰ কণমানি ব্যৱসায়িক প্ৰতিষ্ঠান ডি. ডি. এন. কম্পিউটাৰ চেণ্টাৰ৷ ফটোষ্টেট, লেমিনেচন, পান কাৰ্ড, পাছপৰ্ট ফটো, ডিশ্ব টিভিৰ ৰিচাৰ্জ, ডিচটেন্স এডুকেশ্বনৰ কাম৷ কেমেৰাটো লৈ গৈছিলোঁ, সংৰক্ষণ আৰু স্মৃতিচাৰণৰ বাবে মেমৰী কাৰ্ডৰ পৰা ফটো কিছুমান তেওঁক দিম বুলি৷ নিজেও এইকেইদিন কৈ আছিল৷ পিছে ওলোটাই তেওঁহে মোক কম্পিউটাৰ এটাত বহুৱাই দিলে৷ কম্পিউটাৰ, কীবৰ্ড এৰি কেতেনালা পাইছিলোঁগৈ৷ গেলেন চিনিয়াকৰ জংঘলত আত্মগোপন কৰিছিলোঁগৈ৷ ঘূৰি আকৌ সেই একেই কথা, কম্পিউটাৰ৷ আনৰ যন্ত্ৰত হাত দিয়াৰ অভ্যাস নাই, ইচ্ছাও নাই৷ এতিয়া পিছে উপায়ো নাইকিয়া হল৷

নিকেলৰ পিচিটোত ডি. ড্ৰাইভত ফল্ডাৰ এটা খুলি ইতিমধ্যে বাছি উলিওৱা স্নেপবোৰ সুমুৱাই দিলোঁ৷ কাউণ্টাৰত মহিলা এগৰাকী বহি আছিল৷ তেওঁ ওচৰ চাপি আহিল আৰু ঠিক পিছফালে থিয় হৈ ফটোবোৰত মনোনিৱেশ কৰিবলৈ ধৰিলে৷ অতপৰে তেওঁক কৰ্মচাৰী বুলিয়ে ভাবি আছিলোঁ৷ এতিয়া পৰিচয় কৰালতহে জানিলোঁ, সেয়া নিকেলৰ পৰিবাৰ৷ নিকেল নাল তাগিন৷ পত্নী গালং৷ সন্তানহঁতক য়াজালিৰ কাষৰ য়াচুলিত হোষ্টেলত ৰাখি পঢ়ুৱাইছে৷ কাইলৈ আমি সেইফালেই যাম৷

জংঘল-যাত্ৰাটোক মুখ্য কৰি আমি ঢেৰ কথা পাতিলোঁ৷ সিদিনা যোৱা বাটে কুশলে ঘূৰি আহি আজি মানুহজন ঘৰ পোৱাত সুখী হৈছে নিকেল-পত্নী৷ তেওঁ জানে পতি যিফালে গৈছিল সেইফালে পথ আৰু পৰিৱেশ কেনেকুৱা৷ কথাৰ মাজতে নিকেলে চাহ আনিও মোক খুৱালে৷ আমাৰ মাজত পেছাগত মিল থকাত কথা-বতৰাত কাম-কাজৰ বিষয়টোৱেও প্ৰাধান্য লভিলে৷ কম্পিউটাৰৰ পৰা গৈ লেজাৰ প্ৰিণ্টাৰৰ প্ৰসংগ আৰু শেষত পৰামৰ্শ৷ এসময়ত দোকান বন্ধ কৰিবৰ হল৷ ইয়াত দোকান-পোহাৰবোৰ বৰ বেছি দেৰিলৈকে খোলা নাথাকে৷ শীতৰ প্ৰকোপত বাহিৰত মানুহ কমি আহিছেই৷ কম্পিউটাৰ চেণ্টাৰত তলা মৰা হল৷ চাবি লৈ পৰিবাৰ ঘৰলৈ গলগৈ৷ তেওঁলোকৰ ঘৰলৈ মোকো মাতি থৈ গল৷ পিছে নিশ্চিতভাৱে আজি আৰু যোৱা নহব৷ কাইলৈ পুৱাতে আমি নাহৰলাগুন অভিমুখে যামগৈ৷ গতিকে অনুৰোধ ৰক্ষা কৰিব পৰাৰ আশা এইবাৰলৈ নাই বুলিলোঁ খোলাখুলিকৈয়ে৷ আকৌ আহিলে দেখা যাব৷ ডাপলৈ পুনৰাগমন ঘটিলে হোটেলত থকাত নাই, তেওঁলোকৰ ঘৰত থাকিবলৈ ঠাই দিব লাগিব বুলি মৰমৰ দাবী এটাও লগে লগে সজোৰে উত্থাপন কৰি থলোঁ৷

পুনৰ বাইকৰ পিছফালে বহিবলগীয়া হল৷ ঘূৰাই-পকাই নিকেলে মোক ছিংহিক হোটেল এণ্ড ৰিজৰ্টছ পোৱালেহি৷ ডাপৰ সম্ভ্ৰান্ত হোটেল৷ অৰূপদা ৰুমতে আছিল৷ তিনিওৰে মাজত আড্ডা চলিল৷ বগুনৰ পৰা পৰিক্রমা আৰম্ভ কৰা নিকেল এতিয়া ডাপৰিজোৰ স্থায়ী বাসিন্দা৷ গংগা মাৰ্কেটৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ উপৰি শেহতীয়াভাৱে টুৰিষ্ট গাইডৰ কামত ধৰিছে তেওঁ৷ সংঘাতপূৰ্ণ জীৱনৰ মাজেৰে ভিতৰুৱা অঞ্চলৰ পৰা ওলাই আহিছে৷ মানুহটোৰ পিছে ৰাজনীতিত নামিবলৈহে খুব ইচ্ছা৷ ভিতৰুৱা অঞ্চলত আমি দেখি অহা অদ্যাপি উপেক্ষিত মানুহবোৰৰ কল্যাণৰ হকে কাম কৰাৰ মনোভাব কথা প্ৰসংগত প্ৰকাশ্যভাৱেই ব্যক্ত কৰিলে৷ ভালেমান বিষয়ৰ উপৰি অৰুণাচল প্ৰদেশৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ ৰাজনৈতিক প্ৰেক্ষাপটক লৈও আমাৰ মাজত কিছুপৰ সৰৱ আলোচনা চলিল৷ ঘড়ীত ৯.০০ বাজোঁ বাজোঁ হওঁ কি নহওঁতেই নিশাটোৰ বাবে বিদায় ললে নিকেল নালৱে৷ পুৱা আমাক লগ পাবলৈ সোনকালে অহাৰ প্ৰতিশ্ৰুতি দি নিজ গৃহাভিমুখে তেওঁ প্ৰস্থান কৰিলে

নিকেল যোৱাৰ পাছত তলৰ ৰেস্তোৰাঁলৈ নামিলোঁ৷ নিশাৰ সাঁজ খাবৰ হৈছে৷ বাকীসকলৰো কেইজনমানে ডাইনিং টেবুল অধিকাৰ কৰিয়ে আছেহি৷ কেইবাদিনৰ মূৰত জিভাই জ্বলা-মছলাৰ স্বাদ পালে৷ আমিষাহাৰীসকলে মাছ-মাংসৰ সোৱাদ ললে৷ বিছলেৰীৰ বটলে ইতিমধ্যে টেবুলত দৰ্শন দিছে৷ এইকেইদিন সকলোৰে নিৰামিষ আহাৰেই চলিছিল৷ নিজৰাৰ পানীৰেই তৃষ্ণা নিবাৰিত হৈছিল৷ আৰু এতিয়া? চহৰ বুলিলে কথাই বেলেগ৷ মানুহৰ ৰেহ-ৰূপ, থকা-ফুৰাৰ ধৰণ-কৰণ সকলো সলনি হৈ পৰে, প্ৰাকৃতিক কথা-কাণ্ডৰ পৰা সকলোফালেই আহি যায় কৃত্ৰিমতা৷ ইয়াকেই বোলে সভ্যতা! মুক্ত প্ৰকৃতিৰ সেউজীয়াৰ বুকুত নিৰ্মল জল-বায়ুৰ মাজত থকাসকলক বোলা হয় জংঘলী, অসভ্য!

দিনটো চফৰ কৰি শৰীৰটোৰ ভাগৰ নলগা নহয়৷ হোটেলৰ বাতানুকুল কক্ষত কোমল বিছনাত আৰামত ক্লান্তি নিৰসন কৰিব পৰা হব আজি৷ আহল-বহল, উন্নতমানৰ, চাফ-চিকুণ কোঠাবোৰ৷ ভাত খাই উঠিয়ে ৰুমত সোমালোঁ আৰু সুখশয্যাত বাগৰি পৰিলোঁ৷ ডাপৰ পৰা নাহৰলাগুন ষ্টেচন অভিমুখে কাইলৈ পুৱাতে বন্দবস্ত হৈ আছে চাৰি নম্বৰ অৰ্থাৎ শেষ চুম যাত্ৰাটো৷

আৰামী তোছকত বাগৰি পিছে টোপনি নহাহে হৈ থাকিল৷ তানিহঁতৰ চাংখন, জুহালখন চকুৰ আগলৈ বাৰে বাৰে আহি থাকিল৷ গাধৈৰ কেৰেক-মেৰেক শব্দবোৰে কৰ্ণপটহত ৰিঙিয়াই থাকিল অবিৰামভাৱে৷ কেতেনালাখন, তানি-আমা-আলহঁত, আজি পুৱাৰে পৰা পাৰ হৈ অহা কুঁৱলীধূসৰ পথছোৱা, পৰ্বতৰ বক্ষত থকা জনজাতীয় ঘৰবোৰ, জুমতলীৰ লেণ্ডস্কেপবোৰ ... চিনেমাৰ ৰীলৰ দৰে ভাবনাত অহা-যোৱা কৰিব ধৰিলে৷ বহুবেলিৰ মূৰকত দীঘলীয়া হামি দুটামান মাৰি কব নোৱাৰা হৈ পৰিলোঁ৷



























(পৰৱৰ্তী খণ্ড - ডাপত প্ৰাতঃভ্ৰমণ, অৰূপদাৰ সৈতে)

No comments:

Post a Comment