দিন ছয় ৷৷ ৫.১১.২০১৫
‘শ্ৰমেন সৰ্বম সাধ্যম’ (Everything is achievable through hard work)৷ ব’ৰ্ডাৰ ৰ’ড্ছ অৰ্গেনাইজেছন, চমুকৈ বি.আৰ.অ’.ৰ মূলমন্ত্ৰ৷ এই বাণীকে সাৰোগত
কৰি চিভিল ইঞ্জিনিয়াৰিঙৰ ব্যৱহাৰিক কাৰ্যদক্ষতাৰে সংস্থাটিয়ে দুঃসাধ্য সাধন কৰাত ব্ৰতী হৈ আছে চেণ্ট্ৰেল অৰুণাচলৰ চীন সীমান্তৱৰ্তী
দুৰ্গম পৰ্বতত৷ উদ্দেশ্য ইণ্ডো-চাইনিজ ব’ৰ্ডাৰলৈ পথ যোগাযোগ স্থাপন৷ ১৯৬০ চনত গঠন হোৱাৰ পাছৰ পৰাই
পথ নিৰ্মাণকাৰী সংস্থাটিয়ে অতি ভিতৰুৱা এলেকাবোৰত আলিবাট নিৰ্মাণৰ জৰিয়তে যোগাযোগ ব্যৱস্থাৰ
উন্নতি সাধনত আত্মনিয়োগ কৰি আহিছে৷ কেৱল সীমান্ত নিৰাপত্তাৰ প্ৰয়োজনতেই নহয়, দূৰ সীমনাত
বসবাস কৰা ভাৰতীয় লোকসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ প্ৰতিও গুৰুত্ব আৰোপ কৰি আহিছে যাতে
দেশ নিৰ্মাণত সেই নাগৰিকসকলেও সমানে ভাগ ল’ব পাৰে৷ নাহৰলাগুনত কেন্দ্ৰীভূত প্ৰজেক্ট অৰুণাংক, যি
প্ৰকল্পই অৰুণাচল প্ৰদেশৰ পাঁচখন জিলা ক্ৰমে উজনি সোৱণশিৰি, নামনি সোৱণশিৰি, কুৰুং
কামেই, ক্রা দাদি আৰু পাপুম পাৰেৰ পথ উন্নয়নক সামৰি লৈছে৷ পাৰ্বত্য ৰাজ্যখনৰ আলিবাট
সজাত বি.আৰ.অ’.ৰ ভূমিকা তাৎপৰ্যপূৰ্ণ আৰু বৰঙণি
বহুমূলীয়া৷
প্ৰজেক্ট অৰুণাংকৰ অন্তৰ্গত পাহাৰীয়া অনেক পথ নিৰ্মাণ
হৈ উঠিছে যদিও আমি এইবাৰৰ লক্ষ্যস্থান হিচাপে বাছি লোৱা নাচ্ছো-লিমেকিং-তাকচিং পথছোৱা
সবাতোকৈ জটিল আৰু দুৰ্গম বুলি গণ্য কৰা হয়৷ কাজেই কামৰ অগ্ৰগতিও শামুকীয়া৷ প্ৰথম খেপত
নাচ্ছোৰ পৰা তামা শ্বুং শ্বুং অৰ্থাৎ টি.চি.চি. পৰ্যন্ত ৰাস্তা সজাৰ লক্ষ্য বান্ধি
লোৱা হৈছে৷ কিয়নো তাকচিঙলৈ পথ নিৰ্মাণৰ ক্ষেত্ৰত টি.চি.চি.ৰ গুৰুত্ব অনস্বীকাৰ্য৷ টি.চি.চি.ৰ
নামনিত থকা গেলেন চিনিয়াক হৈছে তাকচিং আৰু মাজা ভেলী উভয়ৰে প্ৰৱেশ দ্বাৰ৷ তাকচিং আৰু
মাজাৰ আলিদোমোজাত সোৱণশিৰি নৈৰ পাৰতে তম্বু তৰি দুৰাতি আছিলোঁ আমি৷ পৰ্বতটোৰ ওপৰত টি.চি.চি.৷
তলৰ টুকুৰা গেলেন চিনিয়াক৷ দেশৰ সুৰক্ষাৰ দিশত টি.চি.চি.ৰ কৌশলগত আৱশ্যকতা আৰু তাৎপৰ্য
আছে৷ টি.চি.চি. ঠাইটুকুৰা অতি ভিতৰুৱা অৱস্থানত, ঘন বনাঞ্চলৰ মাজত৷ থিয় আৰু কঠিন শিলাময়
পাহাৰে আগুৰি আছে৷ বৰফশীতল পানীৰ কথা তালৈ যোৱা অৰূপদা, প্ৰদীপদাহঁতে কালি কৈছিল৷
শৈলপৰ্বতৰ দাঁতিয়ে দাঁতিয়ে সন্মুখত মুকলি ৰাস্তা৷ চকলেটৰ টুকুৰা এটা মুখত ভৰাই দপদপাই গৈ আছোঁ আগলৈ৷ অকলে৷ পদব্ৰজে
ভ্ৰমি, নিজ চকুৰে চাই এইকেইদিন যি দেখিলোঁ, পথ নিৰ্মাণ কাৰ্য লেহেম হোৱাৰ এৰাব নোৱাৰা কাৰণ
কেইবাটাও৷ পদে পদে প্ৰাণৰ সংশয়, প্ৰথম কথা৷ তাৰ লগতে আছে বতৰৰ সঘন বিধি পথালি৷ নেৰানেপেৰা বৰষুণ,
মেলেৰীয়া, বহিঃজগতৰ সৈতে যোগাযোগ বিচ্ছিন্নতা আদিৰ কাৰণে ২০০৯ চন পৰ্যন্ত টি.চি.চি. অগম্য হৈয়ে ৰৈছিল৷ উক্ত বৰ্ষৰ পৰা সোৱণশিৰিৰ
পাৰে পাৰে লাহে লাহে বাটটো হ’ব ধৰিছে৷ সম্পূৰ্ণ হ’বলৈ নিঃসন্দেহে ধৈৰ্য কিছু ধৰিব লাগিব৷
ৰাস্তা সাজিবৰ বাবে প্ৰয়োজন হোৱা স্থানীয় উপাদান
বুলিবলৈ ইয়াত নগণ্য৷ আধুনিক নিৰ্মাণ সামগ্ৰী সকলোবোৰেই দুষ্প্ৰাপ্য৷ এবস্তা চিমেণ্ট আহি পাওঁতে চিমেণ্টৰ কিনাদামতকৈ ভাৰীৰ খৰচ হয়গৈ ভালেকেইগুণ৷ সঁচা-মিছা নাজানো, কোনোবাই কৈছিল প্ৰতি বস্তাত দুহাজাৰ টকা! তিনি-চাৰি ভাগ কৰি কঢ়িয়াব লাগে হেনো৷ প্ৰজেক্ট অৰুণাংকৰ মুখ্য অভিযন্তা ব্ৰিগেডিয়াৰ এইচ. কে. পোখৰিয়ালৰ হিচাপ মতে
শ্বেৰ-ই থাপাৰ পৰা গুৱাহাটীলৈ দূৰত্ব ৮০০ কিল’মিটাৰমান হ’ব৷ এই ঠাই দেখাৰ পাছত অনুমান কৰিবলৈ আমাৰ সহজ হৈছে, কিমান কঠিন
আৰু কিমান সময়খৰচী হ’ব পাৰে দৰকাৰী বয়-বস্তু আহৰণ
কৰাটো৷ মূল্যমান পিছৰ কথা৷
টি.চি.চি.ত থকা সৈন্য, পথকৰ্মী আৰু সংখ্যালঘু স্থানীয় লোকসকলৰ
চোৱা-চিতা অতদিনে বায়ুপথেৰেই হৈ আহিছে৷ ঠেক উপত্যকা আৰু বছৰৰ অধিকাংশ সময় বতৰ প্ৰতিকূল হৈ থকা হেতুকে হেলিকপ্টাৰ সেৱাও সঘনে বাধাপ্ৰাপ্ত হয়৷ ২৩ ব’ৰ্ডাৰ ৰ’ড্ছ টাস্ক ফ’ৰ্চ (বি.আৰ.টি.এফ.)ৰ ১২৮ ৰ’ড কনষ্ট্ৰাকচন কোম্পানী (আৰ.চি.চি.)য়ে
প্ৰজেক্ট অৰুণাংকৰ বেনাৰত ২০০৯ চনৰ মে’ মাহৰ পৰা পথ নিৰ্মাণৰ কাম হাতত লৈছে৷ শ্বেৰ-ই থাপাৰ ফালৰ
পৰা আৰু টি.চি.চি.ৰ ফালৰ পৰা, এয়াৰ ড্ৰপ কৰা ৰক্ ড্ৰিল যন্ত্ৰৰ সহায়ত কেইবাটাও খণ্ডত
একে সময়তে ফৰ্মেচন কাটিং চলাই থকা হৈছে৷ সমস্ত পথছোৱাই বি.আৰ.অ’.ৰ কৰ্মীয়ে বিস্ফোৰণ ঘটাই ভাঙি
যাবলগীয়া হৈছে৷ সেয়া আমি চকুৰ আগত দেখা পালোঁ৷
পৰ্বতৰ মাজত থকা ভূভাগ ঘন জংঘলেৰে পৰিপূৰ্ণ৷ ইটোৰ
পাছত সিটোকৈ জলপ্ৰপাত আছে৷ ইয়াৰ পাথৰৰ তৰপবোৰ অস্থিৰ৷ মাটিৰ ধাৰণ ক্ষমতা কম৷ সেয়েহে
কৰ্মস্থলী নিৰাপদ বা নিৰ্ভৰযোগ্য কোনোটোৱেই নহয়৷ অভিযন্তাই হওক বা তৃণমূল পৰ্যায়ৰ কৰ্মী,
ভয়াতুৰ লোকে ইয়াত কাম কৰিব নোৱাৰে বুলি একে আষাৰে ক’ব পাৰি৷ ১৫-৩০ মিটাৰ পৰ্যন্ত কাটিবলগীয়া ল’কেচনবোৰ যিকোনো মুহূৰ্ততে সংকটজনক আৰু অনিশ্চয়তাৰে ভৰা৷ কোনো আগজাননী নিদিয়াকৈ ওপৰৰ পৰা বাগৰি
আহিব পাৰে প্ৰকাণ্ড ব’ল্ডাৰ৷ তেনে ব’ল্ডাৰে পথকৰ্মীক চকুৰ পচাৰতে
পিঠা কৰি পেলাব পাৰে৷ এই ঠাইত ৰাস্তা কাটিবলৈ অহা কেইবাজনো লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে
বুলি আমি শুনা পালোঁ৷ কম-বেছি পৰিমাণে ঘাইলো হৈছে বহুসংখ্যক কৰ্মী৷ অসুচল ভূ-প্ৰাকৃতিক
অৱস্থানৰ বাবে যন্ত্ৰপাতিসমূহ নিয়মীয়াকৈ চোৱা-চিতা কৰাটোও ইয়াত অসম্ভৱ৷ ফলত নষ্ট হৈছে
দামী যন্ত্ৰপাতি৷ লেণ্ড স্লাইডতো হেনো জাহ গৈছে কিছুমান৷ বাটত পথালি দি এনেকৈয়ে সমাধিস্থ
হৈছে কোটি কোটি টকা৷ হ’লেও দেশৰ প্ৰতিৰক্ষাৰ স্বাৰ্থত,
সীমান্ত আৰু সীমান্তবাসীৰ উন্নয়নৰ লক্ষ্যত নতুনকৈ ৰাস্তা সাজিবলৈ বি.আৰ.অ’. বদ্ধপৰিকৰ৷
দুঃসাহসিক ট্ৰেকিঙৰ প্ৰতি হৃদয়ত অহৰহ জাগি থকা
সুতীব্ৰ অনুৰাগ আৰু মনৰ দুৰ্বাৰ বাসনাক সাৰথি কৰি পদব্ৰজে আহি আমি আমাৰ চুবুৰীয়া ৰাজ্যখনৰ এই ঠাইবোৰ দেখিলোঁ, এই ঠাইবোৰত চলি থকা
কামবোৰ দেখিলোঁ, নানাজনৰ সৈতে বাৰ্তালাপ কৰিলোঁ৷ সামৰিক ইতিহাসপ্ৰসিদ্ধ ষ্টীলৱেল
পথেৰে বিগত ২০১৩ত নামপঙৰ ভাৰত-ম্যানমাৰ সীমা পাৰ হৈ কাচিন ষ্টেটৰ লে’ক অৱ ন’ ৰিটাৰ্ণলৈ খোজ লওঁতে মন কৰিছিলোঁ
সেইফালৰ সীমান্তৱৰ্তী মানুহখিনিৰ দুখ-দুৰ্দশা৷ বুজ লৈছিলোঁ উভয় দেশৰ নাগৰিকৰ ইচ্ছা-অনিচ্ছাৰ৷
এইফালেও দেখিলোঁ, তদনুৰূপ সমস্যাজৰ্জৰিত অৱস্থা৷ সীমান্ত বাণিজ্য, পৰ্যটনৰ বিকাশ ইত্যাদি পদক্ষেপে ন’ মেন্ছ লেণ্ডৰ কাষৰীয়া অঞ্চলবিলাকত বাস কৰা স্থানীয় মানুহৰ মৰ্মবেদনা, সমস্যাৰাজি আঁতৰাব পাৰে বুলি বিশ্বাস হয়৷ আনহাতে সংস্কৃতি-পৰম্পৰাৰ আদান-প্ৰদানৰ জৰিয়তে দুখন দেশৰ মাজত সদ্ভাৱ বৃদ্ধি কৰিব পৰা যায়৷ পাংচাও পাছ ৱিণ্টাৰ ফেষ্টিভেল ম্যানমাৰ সীমাত অায়োজিত তেনেকুৱা এক সাংস্কৃতিক পৰ্যটনৰে নমুনা৷ কিন্তু প্ৰধান উদ্যোক্তা, অৰুণাচলৰ মন্ত্ৰী চেতং চেনাৰ অকাল বিয়োগে প্ৰচেষ্টাটোত যতি পেলালে৷ এইফালে তেনে প্ৰচেষ্টা এতিয়াও গা কৰি উঠা নাই৷ চৰকাৰী মহলত মাজে মাজে সীমান্ত উন্নয়নে চৰ্চাৰ বিষয় হিচাপে বিশেষ স্থান লাভ নকৰা নহয় যদিও কাৰ্যক্ষেত্ৰত সেয়া লুকা-ভাকুৰ দৰে হ’লে নহ’ব৷
এইফালেও দেখিলোঁ, তদনুৰূপ সমস্যাজৰ্জৰিত অৱস্থা৷ সীমান্ত বাণিজ্য, পৰ্যটনৰ বিকাশ ইত্যাদি পদক্ষেপে ন’ মেন্ছ লেণ্ডৰ কাষৰীয়া অঞ্চলবিলাকত বাস কৰা স্থানীয় মানুহৰ মৰ্মবেদনা, সমস্যাৰাজি আঁতৰাব পাৰে বুলি বিশ্বাস হয়৷ আনহাতে সংস্কৃতি-পৰম্পৰাৰ আদান-প্ৰদানৰ জৰিয়তে দুখন দেশৰ মাজত সদ্ভাৱ বৃদ্ধি কৰিব পৰা যায়৷ পাংচাও পাছ ৱিণ্টাৰ ফেষ্টিভেল ম্যানমাৰ সীমাত অায়োজিত তেনেকুৱা এক সাংস্কৃতিক পৰ্যটনৰে নমুনা৷ কিন্তু প্ৰধান উদ্যোক্তা, অৰুণাচলৰ মন্ত্ৰী চেতং চেনাৰ অকাল বিয়োগে প্ৰচেষ্টাটোত যতি পেলালে৷ এইফালে তেনে প্ৰচেষ্টা এতিয়াও গা কৰি উঠা নাই৷ চৰকাৰী মহলত মাজে মাজে সীমান্ত উন্নয়নে চৰ্চাৰ বিষয় হিচাপে বিশেষ স্থান লাভ নকৰা নহয় যদিও কাৰ্যক্ষেত্ৰত সেয়া লুকা-ভাকুৰ দৰে হ’লে নহ’ব৷
(পৰৱৰ্তী খণ্ড – নদী সংগীতৰ তালে তালে)
No comments:
Post a Comment