দিন পাঁচ ৷৷ ৪.১১.২০১৫
অপ্ৰিয় যদিও সত্য যে প্ৰাচীৰসদৃশ পৰ্বতশৃংখল আৰু
অটব্য মহাৰণ্যৰ মাজত কালাতিপাত কৰি অহা তাগিনকে ধৰি মুক্ত, বন্ধনহীন প্ৰজাতিৰ অৰুণাচলীসকলৰ
একাংশই আজিও চিকাৰকে বৃত্তি হিচাপে লৈ পেট প্ৰৱৰ্তাই আহিছে৷ পূব অৰুণাচলত চীন-ভাৰত
সীমান্তত অৱস্থিত ভাৰতৰ অন্তিম গাঁও কাহোলৈ যাওঁতেও চিকাৰী লগ পাইছিলোঁ৷ বন্দুকটো যেন
সৰ্বসময়ৰ জীৱন-সাথী৷ হ’লেও চিকাৰীৰ উদ্গতি নাই৷ প্ৰচলিত কথা এষাৰেই আছে, বোলে, চিকাৰী সদায় দুখীয়া৷ তথাপিতো নীৰিহ জীৱ-জন্তু মাৰিবলৈ হ’লে নেৰে৷ এই ৰাজ্যখন বন্যপ্ৰাণীত
সমৃদ্ধিশালী হ’লেও জীৱ হত্যা ৰোধ আৰু
সংৰক্ষণৰ চেতনাবোধ এনেবিলাক মানুহৰ মাজত গঢ়ি উঠা নাই৷ বিকল্প কি হ’ব পাৰে চিন্তা কৰি উলিওৱাটোও
মুখৰ কথা নহয়৷ আধুনিক সমাজ-ব্যৱস্থাত প্ৰচলিত প্ৰকৃতি সেৱা, প্ৰকৃতি সজাগতা, পৰিৱেশ-বন্ধু
মানসিকতা, পৰিৱেশ সচেতনতা আদি শব্দবোৰৰ সাৰশূন্যতা এনেবোৰ ঠাইলৈ আহিলে, এনেবোৰ মানুহৰ
সংশ্ৰৱ পালেহে অনুভৱ কৰিব পাৰি৷ কি বন্যপ্ৰাণী, কি বন-বননি, সকলো ক্ষেত্ৰতে ভাৰসাম্যতা,
বেলেন্স মানি চলা অতিকৈ দৰকাৰ৷ সন্তুলন ঠিক নাথাকিলে সকলোৰে বিপদ অৱশ্যম্ভাৱী৷ আমি
প্ৰকৃতিক মৰম কৰিলেহে প্ৰকৃতিয়ে আমাকো মৰম কৰিব৷ এইটো এটা সৰল সত্য৷
ভাত-তৰকাৰি ৰন্ধা প্ৰায় হৈ গৈছিল৷ ৰান্ধনি তায়া,
চিংকাৰহঁতে ঘোষণা কৰিলে, ‘‘কোনে কোনে ভাত খাবলৈ ইচ্ছা কৰে
আগ ধৰি খাই ল’ব৷ অলপ পাছত আমি ফ্লায়িং ফক্সৰ মঙহ ৰান্ধিম৷ খাবলৈ কাৰোবাৰ মন থাকিলে অৱশ্যে তেতিয়ালৈকে ৰ’ব পাৰে৷’’ উদ্যমী কাণ্ড-কাৰখানাবোৰ চালোঁ অলপপৰ, তাগিন খানচামাকেইটাৰ৷
পাকৈত চিকাৰী বুলি তানিৰ সুনাম এটা আছে৷ কথাটো লাহেকৈহে জানিলোঁ৷ তাৰ নিজৰ বন্দুক আছে৷ আহোঁতে লগত লৈও আহিছে৷ সেইটোৰেই অলপ আগতে চিকাৰ কৰি আনিছে৷ কেতিয়ানো সি ওলাই গ’ল গমকে নাপালোঁ৷ নহ’লে লেমটৌ হিচাপে যাবলৈ খাটনি ধৰি চালোঁহেঁতেন৷ বিৰল অভিজ্ঞতা অকণমান সঞ্চয় হ’লহেঁতেন কিজানি৷ তানিৰ চিকাৰী জীৱনটোত অৱধাৰিতভাৱেই বিচিত্ৰ বিচিত্ৰ অভিজ্ঞতাও যথেষ্ট পৰিমাণেই থাকিব৷ তাৰ মুখৰ পৰা চিকাৰৰ
ৰোমাঞ্চভৰা সত্য কাহিনীবোৰ শুনাৰ ইচ্ছা এটা গোপনে মনত পুহি ৰাখি ভাত খাবলৈ শাৰীত ৰ’লোঁ৷
কাইলৈ পুৱা আমি ইয়াৰ পৰা প্ৰস্থান কৰিম, কেতেনালা অভিমুখে৷ ঠাণ্ডা বাঢ়ি আহিছে যদিও খোৱা-বোৱাৰ অন্তত জুইৰ উত্তাপ লৈ জুমে জুমে কিবাকিবি আলাপ চলিছে, অনুভৱৰ প্ৰকাশ ঘটিছে৷ এনেকুৱা সময় সতকাই আৰু ক’ত? ৰাজীৱ, জয়ন্তদা, অমৰহঁতৰ আড্ডাত কিছু সময় থিয় হৈ থাকি দুঃসাহসিক অভিজ্ঞতাৰ ৰস ল’লো৷
এসময়ত তম্বুৰ চেইন বন্ধ কৰিলোঁহি৷ নিজৰ অকণমানি পকেট নোটবুকখনত কথা কিছুমান বাটে বাটে টুকিছিলোঁ৷ ভাবিলোঁ, সময় আৰু স্থানৰ স্মৃতি ম্লান হৈ পৰাৰ আগতেই দিনটোৰ এবাৰ পুনৰাবৃত্তি কৰি দৰকাৰীবোৰ যুকিয়াই ৰখা যাওক৷ ৰৈ যোৱা কিছু কথা শোৱাৰ আগে আগে চমুকৈ লিপিবদ্ধ কৰি ৰাখিলোঁ৷ নিকেলেও মনত পেলোৱাত সহায় কৰিলে৷
অন্য এটা শক্তিশালী স্মৃতি-ভাণ্ডাৰ বন্দী হৈ থাকিল কেমেৰাৰ মেম’ৰী কাৰ্ডত৷ অৰুণদাই উপহাৰ দিয়া ৩২ জিবিৰ মেম’ৰী কাৰ্ডখনত এতিয়াও ঢেৰ স্পে’চ সুৰক্ষিত আছে৷ কিন্তু বেটাৰীৰ চাৰ্জ খতম হোৱাৰ আশংকাত বৰ হিচাপ কৰি চলিবলগীয়া হৈছে৷ বৰুণে অথনি ধুনীয়া ধুনীয়া ল’কেচনত কিমানযে প’জ নিদিলে আৰু কাকূতি নকৰিলে মোক, তাৰ ফটো তুলি দিবলৈ৷ মাত্ৰ দুবাৰহে শুনিলোঁ৷ বাদ বাকী চব অনুৰোধ প্ৰত্যাখ্যান কৰিলোঁ, বেটাৰী নাইৰ অচিলাৰে৷ তোলাৰ পাছত স্নেপৰ ভিউ চাব বিচাৰোঁতেও নিৰাশ কৰিলোঁ একেটা কথাকে কৈ৷ ৰাজীৱেও নিজৰ এছ.এল.আৰ.টোৰ ব্যৱহাৰত হুঁচিয়াৰী দেখুৱাই আহিছে৷ গুৱাহাটীত সিদিনা নতুন বেটাৰী কিনি অনা প্ৰদীপদায়ো ডিজিটেল কেমেৰাটো বৰকৈ ব্যৱহাৰ কৰা চকুত পৰা নাই৷ জুখি-মাখি চলিবলগীয়া হৈছে সকলোৱে৷ তদুপৰি অন্য এটা কথা হ’ল, কিমান ফটো তুলিব ইয়াত? সকলোফালেই সমানেই চকু ৰোৱা৷
তানি আমাৰ তম্বুটোলৈ আহিল৷ আজি অন্তিম ৰজনী৷ চেইন খুলি দিলত সোমাই আহি কাষতে বহি ল’লে৷ গাত গা লগাই সি আৰু নিকেলে মোক মাজত লৈ ফটোও তুলিলে৷ নিঃসংকোচ মিলামিচা৷ তানিৰ আগমনৰ উদ্দেশ্য আছিল মোৰ চ’লাৰ লাইটটো৷ দুবাৰমান পিটিকি চায়ে সি সুধি পেলালে, ‘‘লাইটটো আপুনি বিক্রী কৰিবনেকি? যদি কৰে মই কিনিম৷ আনক নিদিব৷’’ তাৰ চিন্তা, কিজানি আনে আগে-ভাগে লৈ লয়৷ মই ক’লোঁ, ‘‘নাই, কাকো বিক্রী নকৰোঁ৷ লাইটটো মই কাৰোবাক এনেয়ে দি যাম বুলিহে ভাবি থৈছোঁ৷’’ মুহূৰ্ততে তানিৰ মুখমণ্ডলত অসংখ্য প্ৰশ্নবোধকে নাচ-বাগ কৰিলেহি৷ কাক দিব বা? তাকে লৈ চিন্তাৰ ৰেখাবোৰ কপালত পুনৰবাৰ থুপ খাই পৰিল৷ ভাব-ভংগীৰ বিভিন্নতা চাবলৈকে মই অলপপৰ মৌন অৱলম্বন কৰি নোটবুকৰ পাত লুটিয়াব ধৰিলোঁ৷ সিও অন্য বিষয়ত মন দিয়াৰ চেষ্টা কৰিলে৷ ৰহস্যটো বেছি সময়লৈ থ’বৰ সত নগ’ল৷ নহ’লে বেচেৰাই মনত কষ্ট পাব পাৰে৷ এবাৰ বেয়া লাগিলে সন্তুষ্ট কৰা বৰ টান৷ তাতোকৈ কথাটো চিধাচিধিকৈ কৈ দিয়াই ভাল৷ সেয়ে লাহেকৈ শুনাই দিলোঁ, ‘‘এই চ’লাৰ লাইটটো মই আপোনাৰ পত্নী আমা ম্ৰাক উপহাৰ দি যাম, ঘূৰি যোৱাৰ আগে আগে৷’’
ক’বলৈহে পালোঁ, তৎক্ষণাতে তানিৰ মুখমণ্ডলৰ ৰূপেই সলনি হৈ থাকিল৷ সি মোক গবা মাৰি ধৰিলে৷ তাৰ উমাল পৰশত পৰিৱেশটো জীপাল হৈ পৰিল৷ নিকেলে সশব্দে হাঁহিলে৷ বিশ্বাস আৰু মৰম আদায় কৰিব পাৰি নিজৰে ভাল লাগিল৷ আমাৰ মাজত বেলেগ কথা ওলাল এইবাৰ৷ ‘‘আপ একবাৰ ফিৰ আয়িএ, তাকচিং লে’ যাউংগা আপক’৷ আপ আৰামছে ছেকেগা৷’’ নিকেলৰ দৰেই যাত্ৰাপথত সিওযে প্ৰত্যেকজন ট্ৰেকাৰৰে খোজৰ গঢ়-গতিবোৰলৈ সূক্ষ্মতাৰে লক্ষ্য ৰাখিছিল মই বুজি পালোঁ৷ ‘‘দেখা যাওকচোন, আহিবৰ চখ আছে’’ বুলি চমুকৈ উত্তৰ দি থ’লোঁ৷ মোৰ ভিতৰত উতলি থকা আকাংক্ষাৰ জুইকুৰাৰো উমান সিহঁত দুটাই চাগৈ পাইছিল৷ সেয়ে নিকেলেও দঢ়াই দঢ়াই কৈ থাকিল একে কথাকে, ‘‘আপুনি আহিব, আপুনি আকৌ আহিব, আপুনি পাৰিব৷’’
সিহঁতৰ মৰমৰ যি অাবদাৰ, তাৰ জবাব কেনেকৈ দিম? চিন্তা কৰাত লাগিলোঁ টমাচ আলভা এডিচনৰ বাক্যাংশৰে৷ কৃতকাৰ্য হ’বলৈ আনে যোগোৱা প্ৰেৰণা-অনুপ্ৰেৰণাৰ অংশটো ১০০ ভাগৰ ১ শতাংশহে মাত্ৰ৷ কোনোবাই তাক উদ্দীপনা বা দৈৱশক্তি বুলিও কয়৷ সেই নগণ্য অংশটোৰ তুলনাত কিন্তু ৯৯ শতাংশই হৈছে নিজৰ সাধনা বা অধ্যৱসায়৷ নিজে কষ্ট স্বীকাৰ কৰি নিজৰ ঘাম বাহিৰ নকৰিলে কেৱল আশাধাৰী হৈ থাকি কোনেও তাকচিং নালাগে গেলেন চিনিয়াকো নাপায়হি৷ এতেকে প্ৰেৰণা বা প্ৰশংসা-বাক্যৰ প্ৰতি অকণো আসক্তি প্ৰকাশ নকৰি লক্ষ্য প্ৰাপ্তিৰ সাধনাত ব্ৰতী হোৱাটোহে শ্ৰেয়৷ বুদ্ধদেবৰ ‘আত্মােদীপো ভব’, কথাষাৰিয়েও ভাবনাত ততালিকে ভুমুকি মাৰিলেহি আৰু শক্তি দিলে৷ এই কথাবোৰ সিহঁতৰ আগত একো নক’লোঁ পিছে৷

তম্বুৰ বাহিৰৰ পৰা বৰষুণ পৰাৰ টোপ টোপ শব্দ ভাহি
আহি কাণত পৰিছে৷ মাত লগাই তানি শুবলৈ গ’লগৈ৷ অন্তিম গন্তব্য তাকচিঙত উপস্থিত হ’ব নোৱাৰিলোঁগৈ যদিও অনিশ্চিত যাত্ৰাটোৰ নিশ্চিত
আনন্দ আৰু পৰিপূৰ্ণ তৃপ্তিত আজিৰ দিনটো সুকলমে পাৰ হ’ল৷ আমৃত্যু সোণালী সোঁৱৰণিস্বৰূপ হৈ
থাকিব এইকেইদিনৰ দিনপঞ্জী৷ প্ৰাকৃতিক জীৱনৰ এনে অক্ষয় আনন্দই পাছৰ বয়সতো পাহাৰে-কন্দৰে
ঘূৰি ফুৰাৰ ক্ষেত্ৰত আমাৰ বাবে নিশ্চয় শক্তিশালী চালিকাশক্তি হৈ ৰ’ব৷ ব’ৰ্ডাৰ ৰ’ড্ছ অৰ্গেনাইজেছনৰ কৰ্মীসৱে
তাকচিঙলৈ কাটি থকা বাটটোৰ শেষ প্ৰান্ত আজি আমি চাই আহিলোঁ৷ অসম্পূৰ্ণ পদযাত্ৰাটোৰ অন্তত
অন্তৰত প্ৰত্যাশা এটাই মাত্ৰ বিৰাজ কৰি থাকিল যে এদিন এই বাটটো সম্পূৰ্ণ হ’ব৷ তেতিয়া বহুতো মানুহ আহিব৷
ময়ো হয়তো আকৌ এবাৰ ওলামহি৷ তানি, আমা, নিকেলহঁতক আকৌ লগ পাম৷ বিশেষ ঠাইডোখৰত উপস্থিত হৈ তেতিয়া ক’ব পাৰিম, ২০১৫ চনৰ ৪ নৱেম্বৰত
ইয়ালৈকে আহি পাইছিলোঁ মই, আগলৈ যেতিয়া বাট কটাই নাছিল৷ অন্তিম অৱস্থানটো মনচক্ষুৰ আগত সুস্থিৰে ধৰি ৰাখি শ্লীপিং বেগত সোমাই পৰিলোঁ, ৰৌদ্ৰোজ্জ্বল নতুন পুৱা এটাৰ কামনাৰে৷
(পৰৱৰ্তী খণ্ড - কেতেনালালৈ ওভতনি খোজ)
No comments:
Post a Comment