দিন সাত ৷৷ ৬.১১.২০১৫
৪. হেবনি খে’ আমা ম্ৰা
ট্ৰেকিং-কেম্পিং পাৰ্টীৰ বাবে দুয়োখন চুম’ ৰিজাৰ্ভ কৰি পেলোৱা হেতুকে অন্যদিনাৰ
দৰে আজি ৰাস্তাত সময়মতে গাড়ী দেখিবলৈ নাই৷ এতিয়া চুম’ অহা দেখি বাটে বাটে হাত দঙা
মানুহ পাই আহিছোঁ যদিও হৃষ্টপুষ্ট গালং ড্ৰাইভাৰজনে কালৈকো নৰৈ গপচত পাৰ হৈ আহিছে৷ এঠাইত এঘৰৰ সন্মুখত
কিন্তু ৰৈ যাবলৈ বাধ্য হ’ল৷ শিশুসহ পৰিয়াল এটা, ওলাই-মেলি
বাৰাণ্ডাত সাজু৷ ডাপ’লৈ যাব৷ গাড়ী অহা দেখি ছিগনেল
দিলে৷ আগতে পাৰ হৈ যোৱাখনৰ দৰে ৰখোৱাৰ সম্ভাৱনা নাই যেন পাই দিলে আগভেটা৷ আমাৰ চালকে
ব্ৰে’ক মাৰিবলগীয়া হ’ল৷ অনেক বুজোৱা হ’ল যে টুৰিষ্টৰ কাৰণে কালিয়েই বুকিং হৈছে৷ গতিকে এই গাড়ীৰে তেওঁলোকক নিয়াটো অসম্ভৱ৷ সিখনৰ ড্ৰাইভাৰ জে. জে. ভাই চালাক-চতুৰ মানুহ৷ উপস্থিত
বুদ্ধি খটুৱাই সি আগধৰি ওলাই গ’ল৷ আমাৰহে লেঠা লাগিল৷ চিট দিবই লাগিব৷ খিৰিকীৰে ভুমুকিয়াই পৰ্যবেক্ষণ কৰি অৱশেষত গাড়ী ঘেৰাও৷ ড্ৰাইভাৰে দোৱানত বহুত কিবাকিবি কোৱাৰ পাছত মহিলা আৰু শিশুক এৰি থৈ পুৰুষ
দুজন যাবলৈ ওলাল৷ যাত্ৰী হিচাপে আমি পাঁচজন, আমা ম্ৰা আৰু আল’ নাল’ৰ উপৰি বয়-বস্তুৰে ভিতৰচ’ৰা গেঁজ খাই আছে৷ জেগা অলপো
মুকলি নাই৷ দেখি নিজ জ্ঞানে বুজিলে চাগৈ৷ তাৰ পাছত অৱস্থা চাই ব্যৱস্থা৷ দুয়োজনেই বডীৰ
ওপৰত উঠি ল’লে! গাড়ীৰ চকা ঘূৰিব লাগিল৷ সমস্যাটো
সমাধান কৰোঁতে অযথা ভালে সময় নষ্ট হ’ল৷ অস্বস্তি লাগি গৈছিল যদিও মজাও লাগিল কাৰবাৰবোৰ দেখি৷
এনেকৈয়ে চলে এইফালৰ ৰাইজ, তেওঁলোকৰ ৰাজহুৱা পৰিবহণ৷
চালকে মাজে মাজে ওপৰত থকা এৰিয়েল পেচেঞ্জাৰদ্বয়লৈ
খেয়াল ৰাখি এক্সেলাৰেটৰ দবাইছে-কমাইছে৷ জংঘল আৰু কাষৰ পৰা আগ বাঢ়ি অহা ডাল, লতা আদি
পালে সাৱধানতা অৱলম্বন কৰি ধীৰে ধীৰে আগুৱাইছে৷ পিছে ভূতৰ ওপৰত দানহ পৰাদি অলপ পাছতে
ওলাল জলপ্ৰপাত! পাৰ হওঁতে পৰ্বতৰ পৰা নামি অহা পানীবোৰ ঢং ঢংকৈ গাড়ীৰ ওপৰতে পৰিলহি৷
ভিতৰত বহি থাকিয়ে আমি চিন্তা কৰিলোঁ জলপ্ৰপাতৰ পানীয়ে ওপৰত বহি অহা দুজনক নিশ্চয় নিতিওৱাকৈ
থকা নাই৷ কেনে বিলৈ হৈছে চাগৈ বেচেৰাহঁতৰ! গাড়ীখন এৰাৰ আগতে ভালেপৰ কথা কটাকটি হৈছিল
চালক আৰু সিহঁতৰ মাজত৷ এইটো সমস্যাক লৈয়ে চাগৈ৷ দোৱান বুজি নাপালেও অনুমান, এয়াই
হ’ব৷ ড্ৰাইভাৰে অনেকবাৰ কোৱা সত্ত্বেও
নুশুনিলে৷ অকণো ভ্ৰূক্ষেপ নকৰি ওপৰত উঠি আহি গ’ল এনেকৈয়ে৷ এতিয়া ঠাণ্ডাত পাইছে মজাপালি৷
ৰাস্তাত এৰি থৈ অহা সৰু সৰু বস্তিবিলাকৰ নামকে
ধৰি ইটো-সিটো সুধি ব্যতিব্যস্ত কৰি গৈছোঁ পাছফালৰ চিটত বয়-বস্তুৰ সৈতে যেনেতেনে বহি অহা আমা ম্ৰাক৷ মাজে মাজে কথা-বতৰাত হাস্যৰসৰো উদ্ৰেক ঘটিছে৷ মোৰ
কাষত থকা আল’ হৈছে আমাৰ স্বামী তানি
ম্ৰাৰ ভাই-বোৱাৰী৷ দুয়োজনীয়ে ঘনেপতি সকলোকে সোঁৱৰাইছে, আকৌ এবাৰ আহিবলৈ৷ অলপ দূৰ পৰ্যন্ত
হ’লেও এই দুই স্থানীয় অধিবাসীক
সহযাত্ৰী হিচাপে পাই ভাল লাগিছে৷ যাত্ৰা আৰম্ভণিৰ আধা ঘণ্টামানৰ পাছতে আমি লিমেকিং
পালোঁ৷ ডাঠ সেউজীয়া পৰ্বতৰ বক্ষত কণমানি সুন্দৰী লিমেকিং৷ ওপৰৰ যাত্ৰী দুজনক ইয়াতে নমোৱা হ’ল৷ হেলিপেডৰ তলেৰে টাৰ্ন লৈ গাড়ীখন
ক্ৰমে ওপৰলৈ উঠিব ধৰিলে৷
এঘণ্টামানৰ অন্তত বগুন পাবৰ হ’লহি৷ আল’ ইয়াতে নামিব৷ পথৰ তেনেই দাঁতিতে
তাইৰ চাংঘৰটো৷ ড্ৰাইভাৰে চিনি পায়৷ ঠিক দৰজাখনৰ মুখে মুখে গাড়ীখন ৰখাই দিলে৷ এইখিনিত
দেখিছোঁ, সিহঁতৰটোৱেই একমাত্ৰ ঘৰ৷ বাকী ঘৰবোৰ ক’ত কেনি লুকাই আছে তলকিবই পৰা নাই৷ অৰুণাচলৰ অন্যান্য
ভিতৰুৱা অৱস্থানৰ দৰে এইফালেও কেইটামান গৃহ লগ লাগিয়ে একোটা বস্তি হয়৷ আল’হঁতৰ চাংখন পুৰণি হৈছে৷ ঘৰে বিধ্বস্ত
ৰূপ ল’লেও কিন্তু মন ইহঁতৰ চাফা আৰু
বৰ উৎসাহপূৰ্ণ৷ ভাবি আচৰিত লাগিল যে বৌৱেকক সহায় কৰিবলৈকে তাই ইয়াৰ পৰা কেতেনালাৰ চাং
পাইছেগৈ! পিছ মুহূৰ্ততে অন্য এটা কথাও মনলৈ আহিল৷ গেলেন চিনিয়াকত সিদিনা তম্বুত একেলগে
শুই শুই কথা পাতোঁতে আমাৰ গাইড নিকেল নাল’ই তেওঁৰ জন্মস্থান বগুন বুলিয়ে কৈছিল৷ এয়াই বগুন৷ কথাটো লগে লগে চয়-নিচয়
কৰিবলৈ মন গ’ল যদিও নিকেল থাকিল সিখন গাড়ীত৷ ফোন কৰোঁ বুলিলেও ম’বাইলৰ কাম নাই৷ আনহাতে চৌপাশলৈ চাই সিদিনা আহোঁতে
এইখিনিতে আমি এখন্তেক ৰোৱা মুহূৰ্ততো মনত পৰিছে৷ এতিয়া বুজিলোঁ, যাওঁতে নিকেলে আল’ৰ ঘৰত খবৰটো দি গৈছিল৷ সিদিনা
এগালমান মেঠোন আছিল ৰাস্তাৰ সোঁহাতে পাহাৰৰ ওপৰত৷ সেইবোৰ আল’হঁতৰে মালিকানাধীন চাগৈ৷ আঙুলিৰ
মূৰত লেখিব পৰা যান-বাহন আৰু আজিৰ জীৱন-যাত্ৰাত নহ’লেই নোহোৱা ম’বাইল ফোন অবিহনে পৰ্বতৰ মাজত এনে নিখুঁত যোগাযোগ
আৰু সময়োচিত সঁহাৰি! আচৰিত নহৈ নোৱাৰিলোঁ৷
আল’ৰ পৰা বিদায় মাগি আগৰ কেঁকুৰিত আমি অদৃশ্য হৈ পৰিলোঁ৷
নেদেখা হোৱালৈকে তাই দৰজামুখতে ৰৈ গাড়ীখনৰ ফালে একধ্যানে চাই থাকিল৷ সৰলপ্ৰাণ এই মানুহবোৰ,
সিহঁতৰ সহৃদয় আতিথ্যক পাহৰা কিমানযে টান হ’ব! এই ভূখণ্ডত পোৱা বৰ্ণময় অভিজ্ঞতা, ইয়াৰ মানুহবোৰৰ সাহচৰ্য সম্পৰ্কে আনক ক’বলৈ বুকুত ইমানেই বেছি পৰিমাণে কথা
জমিছে যে ঘূৰি গৈ কিবা এটা কৰিবই লাগিব৷ আনহাতে সেইটো কাৰণতেইতো অৰূপদাই
দুমাহমানৰ আগতেই সংগী হিচাপে নিৰ্বাচন কৰি পেলাইছিল, ‘তুমি ওলাবা’ বুলি! সংকল্পৰ বীজ তেতিয়াই
চুপে-চাপে ৰোপণ
কৰা হৈছিল হিয়াৰ একোণত৷ আৰু এতিয়া, এই মুহূৰ্তত ভাবি পাইছোঁ, হেঁপাহ পলুৱাই নিলিখিলে শান্তি নহ’ব, এই মানুহবোৰৰ কথা, এই অঞ্চলবিলাকৰ কথা৷ অনাগত দিনত সেই অাঁক-বাকবোৰ নিজৰ বাবেও হৈ ৰ’ব অত্যন্ত সুখকৰ স্মৃতিবিশেষ, যাৰ ৰোমন্থন, হৃদয়ৰ গহ্বৰৰ পৰা আমৃত্যুযে নিৰ্বাসিত নহ’ব, খাটাং৷
সেইখিনিৰ পৰা কেইকিল’মিটাৰমান আগত মেডেনালা৷ মেডে
পোৱাৰ পূৰ্বে বাটতে এঠাইত আমাই গাড়ীখন ৰখাবলৈ খাটিলে৷ সম্বিৎ ঘূৰি আহিল মোৰো৷ আধা মোনা পাহাৰীয়া বেঙেনা তাই বাৰীৰ পৰা ছিঙি লৈ আহিছিল৷ তানিয়ে মোনাটো সিখন গাড়ীত তুলি দিলে৷ তাই উঠিল এইখনত৷ তাকে লৈ চিন্তা হৈছিল
যদিও আগত গৈ থকা জে. জে. ভাইৰ গাড়ীয়ে বেগটো ঠিকমতেই এজেগাত নমাই থৈ গৈছে৷ মোনাটো সংগ্ৰহ কৰি আমা খৰখেদাকৈ এঘৰলৈ নামি গ’ল৷ এই বেঙেনাবিধৰে খেতি সিহঁতৰ
চাঙৰ পাছফালে নদীৰ পাৰত সিদিনা দেখা পাইছিলোঁ৷ মোনা কঢ়িয়াই গৈ থকা মানুহজনীৰ দিশে চাই থাকোঁতে কালিৰে পৰা পাহৰি থকা কাম এটাই মোৰ মনত পটককৈ ধৰা দিলে৷
ক্ষন্তেকতে আমি মেডেত উপস্থিত হ’লোঁহি৷ অন্য এটা পথেৰে
খোজ কাঢ়ি সোমাই গৈ থাকিলোঁ মেডেনালা চাবলৈ৷ ৰাস্তাৰ অৱস্থা কাহিল৷ তেনেই বোকাময়৷ য’তে নামিলোঁ ত’তে এৰিলোঁ গাড়ী৷ বৰষুণ এজাক
অলপতে হৈ গৈছে৷ সোনকালেই আকৌ হ’ব৷ জলসিক্ত মাটি আৰু ডাৱৰীয়া আকাশে সদম্ভে তাৰেই ঘোষণা জাৰি কৰি আছে৷ ৰেইন ফৰেষ্ট এলেকা৷ পাহাৰৰ
মাজেৰে অদৃশ্য স্থানৰ পৰা ধাৱিত হৈ খৰস্ৰোতা নৈ এখন ওলাই আহিছে৷ সেইডোখৰতে সোৱণশিৰিত
মিলিছে৷ সেইখনেই মেডেনালা৷ শিলৰ ওপৰেদি প্ৰৱল গতিত বৈ আহোঁতে দুয়োখন নৈ মিলি উপত্যকাটোত
ভয়ংকৰ নিনাদৰ সৃষ্টি কৰিছে৷ মেডেৰ পৰা ট্ৰেকিং কৰিও সীমান্তলৈ যাব পাৰি হেনো৷ নান্দনিক প্ৰাকৃতিক
দৃশ্যপট চাই উভতি আহোঁতে পথৰ দাঁতিত হেদালি এখনত স্কোৱাচ এগালমান লমালমে ওলমি
থকা দৃষ্টিগোচৰ হ’ল৷ অলপ পাছতে আকৌ বোকা খচকি সকলোটি গাড়ীৰ ওচৰ
পালোঁহি৷
আমা ম্ৰাৰ সৈতে এইবাৰ এৰাএৰিৰ পাল৷ বিদায় পৰত অথনিৰে
পৰা সাজু কৰি থোৱা পাঁচশটকীয়া নোটখন তাইৰ হাতত গুজি দিলোঁ৷ ক’লোঁ, ‘‘এই টকাকেইটা আপোনালোকৰ গীৰ্জালৈ
বুলি আগ বঢ়ালোঁ৷ দি দিব৷ প্ৰাৰ্থনা কৰিব দেই৷ যাওঁগৈ৷’’ নিস্তব্ধ কণ্ঠেৰে তাই চাই থাকিল৷
নতুন আৰোহীক বহুৱাই লৈ ড্ৰাইভাৰে গাড়ীখন চলাই নিলে৷ খিৰিকীৰে মূৰ উলিয়াই কৈ উঠিলোঁ, হেবনি খে’, আমা ম্ৰা৷ থেংক ইউ৷ বাই বাই৷
‘All my life through, the new sights of nature made me rejoice like a child.’ Marie Curieৰ কথাষাৰ সুঁৱৰি কামনা কৰিলোঁ যে পৰ্বত, নৈ আৰু অৰণ্যৰ সৈতে নিজৰ আত্মাক একাত্ম কৰাৰ সময়-সুবিধা আৰু প্ৰয়োজন আমাৰ প্ৰত্যেকজনৰে জীৱনলৈ আকৌ আহক৷ অৰণ্যাবৃত গভীৰ পাহাৰ-পৰ্বত, নৈ-নিজৰাই যেন পুনঃ পুনঃ আমাক হাত বাউল দিয়ক৷ আৰণ্যক যাত্ৰাৰ প্ৰস্তুতিৰে আকৌ যেন সকলোটি হৈ পৰোঁ দুৰ্গম পথৰ যাত্ৰী৷
‘All my life through, the new sights of nature made me rejoice like a child.’ Marie Curieৰ কথাষাৰ সুঁৱৰি কামনা কৰিলোঁ যে পৰ্বত, নৈ আৰু অৰণ্যৰ সৈতে নিজৰ আত্মাক একাত্ম কৰাৰ সময়-সুবিধা আৰু প্ৰয়োজন আমাৰ প্ৰত্যেকজনৰে জীৱনলৈ আকৌ আহক৷ অৰণ্যাবৃত গভীৰ পাহাৰ-পৰ্বত, নৈ-নিজৰাই যেন পুনঃ পুনঃ আমাক হাত বাউল দিয়ক৷ আৰণ্যক যাত্ৰাৰ প্ৰস্তুতিৰে আকৌ যেন সকলোটি হৈ পৰোঁ দুৰ্গম পথৰ যাত্ৰী৷
(পৰৱৰ্তী খণ্ড - ভালে-কুশলে ওলালোঁহি ডাপ’ৰিজো)
No comments:
Post a Comment