দিন সাত ৷৷ ৬.১১.২০১৫
মেডেত আমা গাড়ীখনৰ পৰা নমাৰ সময়তে স্থানীয় লোক
এজনৰ অনুৰোধক্রমে ছোৱালী এজনীক তুলি ল’বলগীয়া হ’ল৷ তাই ডাপ’ত পঢ়ে৷ ক্লাছ নাইনৰ ছাত্ৰী৷ আজি যাবই লাগে ডাপ’লৈ৷ চুম’ নহা বাবে সমস্যা হৈছে৷ মানুহজন
খুব সম্ভৱ তাইৰ দেউতাক৷ সীমিত যাতায়াত ব্যৱস্থাৰ বাবে কোনোবাই গাড়ী ৰিজাৰ্ভ কৰিলেও
এইফালে এনেকৈ মিলাই চলিবলগীয়া হয়৷ কথাটো আমি বুজি পাইছোঁ৷ আমা ম্ৰাৰ খালী হোৱা আসনতে
তাইক বহিবলৈ দিয়া হ’ল৷ দূৰণিবটীয়া যাত্ৰাটোত কুঁচি-মুচিকৈ
যাবলৈ অসুবিধা হ’ব বুলি জানিও বেচেৰী সন্মত নোহোৱাকৈ
নাথাকিল৷ তেনেকৈয়ে চলে ইহঁতৰ পাহাৰীয়া জীৱনৰ অহা-যোৱাবোৰ৷ সহনশীলতা মানিবলগীয়া৷ আধুনিক
পৃথিৱীৰ বাবে কেইঘণ্টামানৰ বাট হ’লেও ইয়াত পথৰ দূৰত্ব যেন শেষ নহ’বই! গৈ থাকিলে এনে লাগে৷ নাপায়হে নাপায়৷ এল. টাৰ্ন,
ইউ. টাৰ্ন, এছ. টাৰ্নেৰে ভৰা জংঘলী আৰু ঠেক বাট-পথবোৰ৷ ঠাইতে ওখ, ঠাইতে চাপৰ৷ নৈ-নিজৰা, পাহাৰ-পৰ্বত ভাল
নোপোৱা মানুহৰ বাবে যমৰ যাতনা বুলিলেও ভুল নহ’ব৷ অভ্যাস নাথাকিলে গাড়ীৰ হেন্দোলনিত বমি কৰোঁতে কৰোঁতে
আধাজান বাজ হৈ যাব৷
চকুৰে মণিব পৰালৈকে পৰ্বত, কেৱল পৰ্বত৷ ডাঠ কুঁৱলীৰ
ওৰণিৰ প্ৰতাপত পৰ্বতবোৰে আজি পুৱাৰে পৰাই অকণো মূৰ উলিয়াবই পৰা নাই৷ ছেগা-চোৰোকাকৈ
বৰষুণো পৰি আছে৷ পাছফালে অকলে বহি অহা ছোৱালীজনীৰ সৈতে মাজে-মধ্যে দুই-এটা বাক্য বিনিময়
কৰিছোঁ৷ ইঞ্জিনৰ ভোঁ-ভোঁ শব্দটোৰ বাদে অন্য শব্দ নাই৷ বাকী সংগীসকলে কল্মটিয়াই ক’ব নোৱাৰা হৈ আছে৷ হৰহৰাই পানী
পৰি থকা প্ৰকৃতিসুন্দৰী জলপ্ৰপাতবোৰক নীৰৱে সকলোৰে হৈ বিদায় সম্ভাষণ জনাই আহিছোঁ৷ চুম’ গ’ল্ডখনৰ হৃষ্টপুষ্ট চালকজনৰ
সাৱধানী দৃষ্টিপাত সন্মুখৰ খলা-বমা ৰাস্তাত৷
তানি ম্ৰা চাগৈ ইমানপৰে ঘূৰি গৈ জুহালত বহিছে৷
অসমীয়া আৰু হাৰিয়ানী আলহীৰ গিজগিজনিত এইকেইদিন মুখৰ হৈ আছিল অৰুণাচলী চাংখন, জুহালখন৷
পৰিৱেশ নিজম পৰাত মনটো তাৰ নিশ্চয় খুব গধুৰ লাগিব পায়৷ সেয়া স্বাভাৱিক প্ৰাকৃতিক অনুভূতি-উপলব্ধিৰ
কথা৷ সন্ধিয়া পৰিবাৰ ঘূৰি গৈ ঘৰ পোৱালৈকে এতিয়া সি ৰৈ থাকিব লাগিব৷ খবৰটো তেতিয়াহে
পাব যে মেডেনালা পৰ্যন্ত গাড়ী দুখন ভালে ভালে পাৰ হৈছিল৷ পাছৰ বাতৰি আৰু নাপায়৷
পোৱাৰ সুবিধা নাই৷ হয়তো কাইলৈ চুম’খন ঘূৰি আহিলে সন্ধিয়ালৈ ড্ৰাইভাৰৰ মুখে জানিব পাৰিব৷
কিন্তু গাড়ী যদি নাহৰলাগুন, ইটানগৰ অথবা অন্য কোনো জেগা পায়গৈ, তেনেহ’লে? আৰু কেইদিন বাট চাব লাগিব
ঠিকনা নাই৷ সকলোফালে কেৱল অনিশ্চয়তা ইয়াত৷ তাৰ মাজেৰেই নিজস্ব গতিৰে জীৱন গতিশীল৷ কাৰো
কোনো খৰখেদা নেদেখিলোঁ৷ হাতত যেন সময় অফুৰন্ত৷
৯.৪৫ মানত আমি নাচ্ছো পালোঁ৷ গাড়ী নৰ’ল৷ আদিম অৰণ্যৰ গোন্ধ নাকত লৈ
আমি আগ বাঢ়ি থাকিলোঁ৷ নাচ্ছোৰ মনোমোহা প্ৰকৃতিৰ বৰ্ণাঢ্য আয়োজনে প্ৰতিটো মুহূৰ্ত
আপ্লুত কৰি পেলায় সুন্দৰ সুখানুভূতিৰে৷ সোৱণশিৰিক লৈ বাওঁফালে একেধাৰে বিস্তীৰ্ণ
নৈসৰ্গিক পৰিৱেশ৷ নৈখন কেতিয়াবা সামান্য আঁতৰি যায়, আকৌ ওচৰ চাপি আহে৷ জনপদৰ পৰা আঁতৰত,
পাহাৰৰ এঢলীয়া বুকুত মাজে মাজে অৰণ্য দেখিবলৈ নাই৷ সেউজীয়া দলিচাৰ দৰে তাত জিলিকি থাকে জুম খেতি৷ টঙিঘৰ থাকিব লাগে যদিও দৃষ্টিত ধৰা পৰা নাই৷ নদীৰ সিপাৰ হ’বলৈ সজা চাচপেনচন ব্ৰীজ এখনহে
পৰিলক্ষিত হৈছে৷ পাহাৰৰ বক্ষত সজা ঘৰবোৰ দিয়াশলাইৰ বাকচৰ দৰে লাগিছে৷
দৃশ্যবোৰ অন্তৰত সামৰি আমি আগুৱাই গৈ আছোঁ৷ কুঁৱলী আঁতৰাই নাই৷ পুৱা
কেতেনালাত যেনে আছিল আকাশখন এতিয়াও তেনে৷ চালকে সুকলমেই নি আছে৷ কৰ্দৈসিৰীয়া পাহাৰবোৰ
এইখিনিত দেখাত কিছু আহল-বহল হৈ পৰিছে৷ পৰম্পৰাগত চাংঘৰ কিছুমানৰ আশে পাশে ছাগলী, গাহৰি,
কুকুৰা আদি জন্তু মুকলি মনে চৰি আছে৷ ৰাস্তা প্ৰায় জনশূন্য৷ সেনাৰ কনভয় এটাক অ’ভাৰটেক কৰি আমি আগ বাঢ়ি আহিলোঁ৷ এনেকুৱা কনভয়ত অহা জোৱান এমখায়ে সিদিনা যাওঁতে ভূমিস্খলনৰ সময়ত বৰ সহায় কৰিছিল আমাক৷ কুঁৱলীৰ মাজে মাজে চিয়ুম পাওঁগৈ মানে দিনৰ প্ৰায় ১১.০০ বাজিল৷
ইয়াতো ৰোৱাৰ সকাম নাই৷ বিপৰীত ফালৰ পৰা অহা বাহনো নগণ্য৷ একেটা ধাৰাত গৈয়েই থাকিলোঁ আমি৷
দয়মত গাড়ী ৰ’ল৷ অৰূপদাক সময় সুধিলোঁ৷ ১২.৩০৷ খুব ভোক লাগিছে৷ পুৱা চাহৰ
পাছত নুডলছ অলপমান খোৱা৷ সেয়া কোন কেতিয়াবাই হজম হৈছে৷ মাজে মাজে পানী এঢোক-দুঢোক
খাই পেটটোক দমন কৰি ৰাখিছোঁ৷ দয়মৰ একমাত্ৰ হোটেলখনতে সকলোৱে ভাত খালোঁ৷ যাবৰ দিনাও ইয়াতে
সোমাইছিলোঁ৷ পথৰ কাষত এখনেই দোকান৷ তলত আচিংমুৰি৷ আচিংমুৰি কাণ্ডক লৈ কিমানবাৰযে সংশয়ে উঁক দিলে প্ৰদীপদাৰ
মনত! একো অঘটন নঘটাকৈ ইমান ভিতৰৰ পৰা প্ৰাণ বচাই ঘূৰি আহিব পৰাত এতিয়াহে যেন স্বস্তিৰ
নিশ্বাস এৰিছে তেওঁ! কথাৰ লাচত মাজে মাজে চৰ্বিত-চৰ্বণ হৈছে বিভিন্ন অভিজ্ঞতা আৰু ঘটনা-পৰিঘটনাৰ৷
সেইবোৰ এতিয়া হাঁহিৰ খোৰাকলৈ ৰূপান্তৰিত হৈছে৷ ৰস অটুট আছে আৰু ভৱিষ্যতলৈকো থাকিব৷ মোৰ কাষতে বহা ৰাজীৱ ভট্টাচাৰ্যই
ব্যক্ত কৰিছে অৰুণাচল আৰু ভিতৰুৱা নাগালেণ্ডৰ অভিজ্ঞতাপূৰ্বক তুলনামূলক বিশ্লেষণ৷ চিৰিয়াচ প্ৰসংগ
ওলাইছে চীন-ভাৰতৰ যুদ্ধক সামৰি৷ সীমান্ত পথেৰে চীনাৰ অনুপ্ৰৱেশক লৈ উদ্বিগ্ন কোনোবা
মহলে কয়, যুদ্ধ হ’ব আৰু কোনোবা মহলে কয়, নহয়৷
ৰাজীৱক সোধাত এই সম্ভাৱনা স্পষ্টভাৱে আৰু যুক্তিনিষ্ঠতাৰে নুই কৰিলে৷ প্ৰকাশিত কিতাপখনত তেওঁ এই সম্পৰ্কে লিখিছিল৷
হাঁহি-আনন্দৰ মাজেৰেই দাইল, লাইশাকেৰে পেটবোৰ
ভৰাই লোৱা হ’ল৷ পৰৱৰ্তী সাঁজ ক’ত কেতিয়া মিলিব এই মুহূৰ্তত কোনেও নাজানে৷
হোটেলখনৰ সন্মুখৰ পৰা পুনৰ যাত্ৰা সূচনা কৰি প্ৰায় এঘণ্টাৰ পাছত আমি উপস্থিত হ’লোঁ তালিহাত৷ তালিহা সোমাওঁতেই
কেনিবা কিবা এটা হৈ থকাৰ ইংগিত পোৱা গ’ল৷ অকণমান আগলৈ আহি দেখা পালোঁ, ৰাস্তাৰ বাঁওকাষে
খেলপথাৰ এখন৷ কোনোবা ৰাজনৈতিক দলৰ সভা আয়োজন কৰা হৈছে৷ তাকে লৈ যেনি-তেনি সমৰ্থক জনতাৰ
সমাগম৷ উখল-মাখল পৰিৱেশ৷ ড্ৰাইভাৰে খুব ধীৰে ধীৰে, সাৱধানতাৰে পাৰ কৰাই নিলে তালিহাৰ পাককেইটা৷
দুই-একে আকৌ গাড়ী ৰখাবৰ বাবে হাতো দাঙিলে৷ সম্ভৱ সভালৈ অহা ওচৰ-পাজৰৰ গাঁৱৰ লোক৷ আমাৰ চালকে
কাকো ছল নিদিলে পিছে৷
ঠায়ে ঠায়ে পৰ্বতবোৰ জোঙাৰ পৰা মেলাহি হৈ পৰিছে৷
উচ্চতাৰ পৰা দূৰ দিগন্তব্যাপী দৃশ্যমান হৈছে শাৰী শাৰী পৰ্বতমালা৷ দিনটো কুঁৱলী আৰু
বৰষুণে লগ নেৰিলেই৷ তালিহা পাৰ হৈ জংঘলৰ মাজত এঠাইত এটা থিয় গৰা৷ তাতে আমাৰ টাটা চুম’ উঠিব নোৱাৰা হৈ থাকিল৷ যুদ্ধকালীন
ক্ষিপ্ৰতাৰে জাঁপ মাৰি নামি পিছফালৰ পৰা ঠেলা মাৰিলতহে গাড়ী লাহে-ধীৰে ওপৰ পালেগৈ৷ পাছে পাছে আহি থকা অন্য এখন চুম’ৰ মানুহেও হাত ধৰিলেহি৷ গাড়ীবোৰে একেলগে শাৰী পাতি যোৱা আৰু
ইখনে সিখনক যিকোনো পৰিস্থিতিত সহায় কৰাটো এই বাটৰ অঘোষিত নিয়ম৷ নহ’লে বিপদ সকলোৰে৷ এবাৰ অইন এখন গাড়ীৰ
হঠাতে কিবা বিজুতি এটা ঘটাত আমিও ভালেপৰ ৰৈ দিছিলোঁ৷ চালকদ্বয়ে লগালগ গৈ কি হৈছেনো
পৰ্যবেক্ষণ কৰিলেগৈ৷ ইফালে পথৰ দাঁতিৰ পাথৰত উঠি পৃষ্ঠপটত পৰ্বতমালাক ৰাখি ছেলফি উঠাৰ
সুৱৰ্ণ সুযোগ পাই গ’ল বৰুণ, দেবিন্দৰহঁতে৷ ফৰিদাবাদ গৈ পালে বন্ধু মহলত কিমানযে নেদেখুৱাব চাগৈ অৰুণাচলৰ পৰ্বত আৰু পানী৷ এতিয়াও ডাপ’ত ম’বাইল নে’টৱৰ্ক পাই গ’লেই হ’ল, ফে’চবুক-ৱাটছআপত তুৰন্তে সক্ৰিয় হৈ উঠিব,
ফটো আপল’ড কৰাৰ ধুম চৰিব৷
তালিহা-তাত’ ৰ’ড তিনিআলি পালোঁহি৷ লেণ্ডস্লাইড হৈ পথৰ অৱস্থাই
নাই৷ গেলগেলীয়া বোকাৰে সাইলাখ ভূঁই ৰুবলৈ সাজু কৰা পথাৰহেন হৈ পৰিছে ৰাস্তাছোৱা৷ বোকা ফালি
চুম’খন গৈ থাকিল ড্ৰাইভাৰৰ কুশল নিয়ন্ত্ৰণত৷
কেনেবাকৈ বাঁওকাষে টানি নিব লাগিলেই কেইবাফুট তলত বাগৰি জীৱনবন্তি নিমিষতে নুমাই থকাৰ সম্ভাৱনা একেবাৰে নিশ্চিত৷ অৰুণাচলৰ পাহাৰত এনেকুৱা ঘটনা অনেক ঘটে৷ মনত পৰে, শ শ ফুট তলৰ গিৰিখাদত
পৰা বাছৰ জঁকা বাছ আস্থানৰ এমূৰে থৈ দিয়া অৱস্থাত চাবলৈ পাইছিলোঁ, তাৱাঙলৈ যাওঁতে৷ প্ৰতিটো কেঁকুৰিতে যমদূত লুকাই থাকিলেও একা-বেঁকা ঠেক ৰাস্তাবোৰেৰে ভ্ৰমণ কৰাৰ ৰোমাঞ্চ বা উত্তেজনা কিন্তু অনন্য৷ প্ৰতিটো মুহূৰ্ততে ৰহস্যোপন্যাসৰ দৰেই উৎকণ্ঠা বিৰাজমান৷ পোন, আহল-বহল বাটত এইবোৰ ৰস বিচাৰি পাবলৈ নাই৷
এই ঠাইৰ পৰা প্ৰায় ৪০ কিল’মিটাৰ আগত ডাপ’৷ আমাৰ আজিৰ লক্ষ্যস্থান৷ আলঙলৈ (বৰ্তমান আল’) বুলি ফাটি যোৱা ৰাস্তাটো পালোঁহি৷ সোৱণশিৰিৰ পাৰে পাৰে অকাই-পকাই আহি আহি ৩.৩০ বজাত
চুম’খন এঠাইত ৰ’ল৷ আমাৰ সৈতে মেডেনালাৰ পৰা আহি
থকা তাগিন ছোৱালীজনীক ড্ৰাইভাৰে টালি-টোপোলাসহ তাতে নমালে৷ তাই চিকাৰিজো গাঁৱলৈ যাব৷ তাইক বিদায় দি আমি গ’লোঁগৈ৷
No comments:
Post a Comment