দিন পাঁচ ৷৷ ৪.১১.২০১৫
শিলৰ ছাদ এখনৰ তলত সিঁচৰতি হৈ থকা পাথৰ কিছুমানৰ
মাজত প্ৰাণ পাই উঠিছে অস্থায়ী ৰান্ধনিশাল এখনে৷ শুকান-কেঁচা খৰিৰে ধোঁৱাময় পৰিৱেশ এটা৷
আমাৰ দুপৰীয়াৰ ভাত-আঞ্জাৰ বাবে ৰন্ধন-প্ৰকৰণ চলিব ধৰিছে পূৰ্ণগতিত৷ হাঁহি-তামাচাৰে
বৰুণ আৰু দেবিন্দৰেও কামত লাগি আছে৷ আহাৰ নিৰামিষ৷ কষ্ট স্বীকাৰ কৰি পিঠিত কঢ়িওৱা
সীমিত আৰু হিচাপৰ খাদ্যদ্ৰব্যৰে ট্ৰেকিঙত নিৰামিষ আয়োজনেই চলে৷ দূৰৰ পৰাই সুগন্ধ এটা
নাকত লাগিল৷ ভোকটো যেন চৰি আহিল! ক’তো অলপো নোৰোৱাকৈ ইমানপৰে একেলেথাৰিয়ে খোজ কাঢ়ি কাঢ়ি লেবেজান হৈ আহিছোঁ৷
নিকেল আৰু মই উপস্থিত হোৱাৰ লগে লগে ৰান্ধনিহঁতে
ৰঙা চাহ যাচিলে৷ গৰম গিলাচটোত দুহাতেৰে টিপা মাৰি ধৰিলোঁ, ঠাণ্ডা পলুৱাবলৈ৷ তেহে আৰাম
লাগিল৷ জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ সেমেকা জলবায়ুৰ বৰ্ষাৰণ্য হেতুকে এই ঠাই অধিক চেঁচা৷ চাহত
চুমুক দিহে ওপৰৰ ফালে মন কৰিলোঁ৷ গছ-লতিকাই হেঁচি আছে গুহাটো৷ ওচৰে-পাজৰে কেইবা মিটাৰ
পৰিধিলৈকে ৰ’দ পৰাটো সম্ভৱেই নহয়৷
দুশ্চিন্তা এটাও তেনেকুৱাতে মনলৈ আহিল৷ মস্ত পাথৰটো
কিবা পাকত হুৰুস কৰে পৰি যাব লাগিলে জীৱনেই শেষ৷ সাতোটা মানুহ নিমিষতে পিঠা হৈ যাম৷
বিপজ্জনক পিকনিক স্পট এইটো৷ তাতোকৈ নৈৰ পাৰৰ মুকলিতে ভাল হ’লহেঁতেন৷ পিছে তাগিনকেইটাৰ এইবোৰলৈ সমূলি কেৰেপ নাই৷ দুৰ্দান্ত সাহসী ইহঁত৷ ৰকেশে গান গাই গাই কেৰাহীৰ তৰকাৰি লৰাই
আছে৷ শিলত বহি নিজৰ নিজৰ কামত মগ্ন বাকীকেইটা৷ মাজে মাজে ডায়লগ আৰু হাঁহিৰ টুকুৰা৷ ৰসিকতা ইহঁতৰ চৰিত্ৰৰ অংগ৷ প্ৰথম দেখাত মানুহবোৰলৈ ভয় জন্মিলেও সময় আগুৱাৰ লগে লগে লাহে লাহে মনৰ কপাটবোৰ খোল খাই গৈ থাকে এখন এখনকৈ৷ ইহঁতকেইটাৰ লগত আগতকৈ বেছি দোস্তি বাঢ়িছে বৰুণৰ৷ দেবিন্দৰক মাজে মাজে কেতিয়াবা ৰিজাৰ্ভড দেখা গৈছে৷ চেল্ফ ফটোগ্ৰাফীত ব্যস্ত হৈ পৰিছে ম’বাইল ফোনটো লৈ৷
ব্ৰহ্মপুত্ৰৰ সবাতোকৈ কোবাল উপনৈখনৰ পাৰত, মোহনাৰ
পৰা আমি অনুমান কৰিব নোৱাৰা ভালেকেইশ কিল’মিটাৰ আগত অৱস্থিত এই শৈলগুহা৷ দিনতে আন্ধাৰ আন্ধাৰ লগা
হাবিৰ মাজত আছে গুহাটো৷ কিবা জন্তু লুকাই থাকিলেও নাজানো৷ দাঁতিত ফুলি আছে বনৰীয়া ফুল কিছুমান৷ কি নাম জনাৰ উপায় নাই৷
সৌন্দৰ্য হ’লে বিতোপন৷ ঘৰলৈ লৈ যাবলৈ মন গৈছে যদিও পিছ মুহূৰ্ততে মনটোৱেই কৈ উঠিছে, নাই নাই, এইবোৰত হাত নিদিওঁ, যেনে আছে তেনেকৈয়ে থাওক, দুচকুৰে চাই যি অনিৰ্বচনীয় সুখ অনুভৱ কৰিছোঁ সেয়াহে প্ৰাপ্য, তাৰ বাবে সৃষ্টিক ধন্যবাদ৷ সোঁহাতলৈ লুংলুঙীয়া
বাট এটা সোমাই গৈছে নদীপৃষ্ঠলৈ বুলি৷ পানী আনিবলৈ যোৱা তাল’ আৰু চিংকাৰৰ পাছে পাছে সেইফালেদি
অগ্ৰসৰ হোৱাৰ ইচ্ছা জাগিল৷ শিলে শিলে ঠেকা খাই বৈ যোৱা সোৱণশিৰিৰ নদীগৰ্ভত বাটটো অন্তৰ্ধান হৈছে৷
তেনেই ওচৰত নদীখনৰ নান্দনিক ৰূপটো এই প্ৰথম দেখিলোঁ৷ অতিকৈ চমকিত হ’লোঁ৷ সৌভাগ্যই কেনেকৈযে লগ দিছে আমাক! কিযে ঐশ্বৰ্যৱন্ত এই নৈসৰ্গিকতা!
সোৱণশিৰিখন এইখিনিত বৰ গভীৰ যেন লাগিল৷ বৰণ ঈষৎ সেউজীয়া৷ সোঁতটোলৈ চালোঁ৷ কেনেবাকৈ
ভৰিত চুমা খাবলৈ পালেই বুকুত আঁজুৰি ল’ব৷ নদীপ্ৰেমত পিছলি মৃত্যুক সাবটিবলৈ বেছিপৰ নালাগে ইয়াত৷
এতেকে যিকোনো মুহূৰ্ততে সাৱধানতাই প্ৰথম আৰু শেষ কথা৷ সেই দায়িত্ব প্ৰত্যেকৰে নিজৰ নিজৰ ওপৰত৷ প্ৰতি মুহূৰ্ততে চকু-কাণ সজাগ, মন-মগজু খোলা ৰাখিব লাগিব, হাত-ভৰিবোৰ চম্ভালি ৰাখিব
লাগিব৷ অন্যমনষ্ক বা অসাৱধান হৈ অথন্তৰ ঘটি গ’লে মৃতদেহ পাবলৈও নাই৷ একদম চিধা কথা৷
জয়াল হাবি, পানীৰ সোঁত আৰু কলকল শব্দ মিলি পৰিৱেশটো বিভীষিকাময় কৰি ৰাখিছে৷ সত্য-শিৱ-সুন্দৰৰ উপস্থিতি ইমান ভয়ংকৰ হ’ব পাৰেনে? তাল’ই শিল এটাত বহি বৰশী টোপাইছে৷ কিন্তু ইমান প্ৰৱল সোঁতত
মাছ লাগিবজানো? তালৈ চাই ভাবিলোঁ এখন্তেক৷ জয়ন্তদাই অথনি কৈছিল পাহাৰীয়া নৈৰ কেনেকুৱা
কেনেকুৱা ঠাইত মাছবোৰ থাকিব পাৰে৷ অভিজ্ঞতা মোৰ শূন্য যদিও তাৰে ভিত্তিত ডাঠি কৈ দিব পাৰোঁ যে এইফালে তেনে সম্ভাৱনা সমূলি নাই৷ শেষকথা মই ভবাটোৱেই হ’ল৷ অলপ পাছতে বৰশী সামৰি তাল’ উঠি আহিবলৈ বাধ্য হ’ল৷ মাছ খোৱাৰ আশাত চেঁচাপানী
পৰিল সিহঁতৰ৷ ডাঠ শেলুৱৈ ধৰা পিছল শিলবোৰত খুব সাৱধানে খোজ দি দি জংঘলৰ মাজৰ লিক্টোত থিয়
হ’লোঁহি আমি৷ বাচিলোঁ যেন লাগি গ’ল৷ তাৰ পাছত হাবিয়নিৰ
মাজেৰে কেইমিটাৰমান আঁতৰত অৱস্থিত বনভোজথলীলৈ প্ৰত্যাৱৰ্তন৷ দেখিলেই গম পায়, বাটটো
ইহঁতকেইটায়ে ইয়াত আহি পোৱাৰ পাছতে কাটি উলিয়াইছে৷ ঠাই চাফা কৰা, খৰি আৰু পানী যোগাৰ
কৰাটো ট্ৰেকিং-কেম্পিঙত সদায়েই প্ৰাথমিক কৰ্ম৷ তাল’হঁতে সেয়া জানে৷
এক ডেক্চি পানী উতলাই ঠাণ্ডা কৰা হৈছে, খাবৰ বাবে৷
নিকেলে নিজ হাতে বিলাহী আৰু পিঁয়াজ কাটি চালাড এখন বনোৱাৰ আগ্ৰহ কৰিলে৷ জ্বলা যেন বেছিকৈ নিদিয়ে, তাৰ বাবে অনুৰোধ জনালোঁ৷ সামান্য হ’লে চলি যাব, কিন্তু তেওঁলোকৰ দৰে উচ্চ হাৰত জলকীয়া খোৱাৰ অভ্যাস বা স্বভাৱ মোৰ হ’লে নাই৷ অলপ পাছত খাদ্য
সাজু হৈ উঠিল৷ শিলে শিলে বহি আটায়ে এটা স্মৰণীয় বনভোজৰ সোৱাদ ল’লোঁ৷ ভৈয়ামত সোৱণশিৰিৰ বালিত
খৰালি কালত মানুহে দলবান্ধি পিকনিক খায়৷ তাৰ তুলনাত আচল বনভোজ খালোঁ আমি, সচৰাচৰ পিকনিক
স্পটবোৰতকৈ কেইবাশ কিল’মিটাৰ দূৰত্ব আৰু উচ্চতাত গহন
বনত, য’ত চৌপাশে আদিম সুবাসমিশ্ৰিত বনৰীয়াৰে
পয়োভৰ৷
আমাৰ মাজত কোৱা-কুই কৰি আত্মসন্তুষ্টিও লোৱা হ’ল যে এয়াই আচল বনভোজ৷ ইমানদিনে যি খোৱা হৈছিল সেয়া আছিল বালিভাত, পিকনিক৷ স্কুলীয়া সুদিনবোৰে চকুৰ আগত ছাটকৈ ধৰা দিলেহি৷ কান্ধত ডেক্চি-কেৰাহী লৈ ৰিজাৰ্ভ ফৰেষ্টৰ মাজেৰে ৭-৮ কিল’মিটাৰ খোজ কাঢ়ি কাঢ়ি বাঘমাৰী, চৰচৰিলৈ গৈ বনভােজ খোৱা দিনবোৰে মনৰ দাপোণত অগা-ডেৱা কৰিলেহি৷ এতিয়া সেই দিন নাই, অৰণ্যও নাই, নৈৰো ৰূপ হেৰাল৷ এতিয়া পিকনিক খাবলৈ একে ঠাইতে এগালমান মানুহ থুপ খায় শিলনি, শিলভেটা, আকাশীগংগা, ভেলৌঘাট, কাংথিলাংছ’ পিকনিক স্পটত৷ আৰু এইফালে? বনভোজথলীয়েই বনভোজথলী৷ খোজেপতি বনভোজথলী৷
আমাৰ মাজত কোৱা-কুই কৰি আত্মসন্তুষ্টিও লোৱা হ’ল যে এয়াই আচল বনভোজ৷ ইমানদিনে যি খোৱা হৈছিল সেয়া আছিল বালিভাত, পিকনিক৷ স্কুলীয়া সুদিনবোৰে চকুৰ আগত ছাটকৈ ধৰা দিলেহি৷ কান্ধত ডেক্চি-কেৰাহী লৈ ৰিজাৰ্ভ ফৰেষ্টৰ মাজেৰে ৭-৮ কিল’মিটাৰ খোজ কাঢ়ি কাঢ়ি বাঘমাৰী, চৰচৰিলৈ গৈ বনভােজ খোৱা দিনবোৰে মনৰ দাপোণত অগা-ডেৱা কৰিলেহি৷ এতিয়া সেই দিন নাই, অৰণ্যও নাই, নৈৰো ৰূপ হেৰাল৷ এতিয়া পিকনিক খাবলৈ একে ঠাইতে এগালমান মানুহ থুপ খায় শিলনি, শিলভেটা, আকাশীগংগা, ভেলৌঘাট, কাংথিলাংছ’ পিকনিক স্পটত৷ আৰু এইফালে? বনভোজথলীয়েই বনভোজথলী৷ খোজেপতি বনভোজথলী৷
ভাত খাই বস্তু-বাহানি সামৰি আছোঁ৷ ঠাণ্ডা বতাহ এছাটি মাৰিছে৷ গছ-পাতৰ মাজেৰে
দেখা পাই থকা গোমা আকাশখনলৈ আঙুলিয়াই বৰুণে উত্তেজিত ভাবত চিঞৰি উঠিল, ‘‘ৱহ দেখিয়ে, হাৰ্ট শ্বে’প৷’’ চাওঁ যে হয়৷ টি.চি.চি.ৰ দিশলৈ
অৰণ্য, পাহাৰ, মেঘ, আকাশৰ সন্মিলিত সজ্জাত হৃদয় আকৃতিৰ ক’লাজ এখন! পোহৰৰ প্ৰাচুৰ্য আজি
তুলনামূলকভাৱে কম৷ পৰিৱেশটোও কুঁৱলীমিশ্ৰিত৷ তথাপিও এয়া আমাৰ প্ৰতিয়ে যেন প্ৰেমৰ প্ৰকাশ, নেদেখাজনৰ৷ অভিভূত নয়নেৰে কেমেৰাৰ ভিউ ফাইণ্ডাৰৰ মাজেৰে লক্ষ্য কৰোঁমানে অৱস্থান ইফাল-সিফাল হ’লেই৷ তাৰ
লগে লগে অৱশ্যে সকীয়নী এটা পোৱা গ’ল যে বতৰৰ কোনো ভৰসা নাই৷ সাৱধান হোৱা ভাল৷
ইয়াত বেয়া বতৰ মানেই জানিব লাগে যে বিপদ সমাগত৷
এবাৰ বৃষ্টিপাত আৰম্ভ হ’লে সকলো অচল হৈ পৰিব৷ এৰালৈকে
অপেক্ষা কৰাৰ বাদে অন্য উপায় একো নাথাকিব৷ অৰ্থাৎ এই গুহাই ৰাতিৰ ঠিকনা হৈ পৰিবও পাৰে৷ এই ঘোপমৰা জংঘলত ফচি মৰিবলৈ আমাৰ মন নাই৷ আসন্ন বিপদৰ পৰিত্ৰাণৰ অৰ্থে হাতত একো বিশেষ যোগাৰো নাই৷ গতিকে কেম্পলৈ উভতিবলৈ যো-জা কৰাটোৱেই হ’ব বুদ্ধিমানৰ কাম৷ তাকে চাই আমি খৰখেদা লগালোঁ৷ ব্যতিক্ৰম ৰকেশ আৰু চিংকাৰ৷ নিৰ্বিকাৰভাৱে নিজৰ দোৱানত গান গাই গাই বস্তু সামৰিব ধৰিলে সিহঁত দুটাই৷ কম সময়ৰ ভিতৰতে অৱশ্যে আটাইৰে বাস্কেটবোৰ
পিঠিত ল’ব পৰাকৈ সাজু হৈ গ’ল৷
(পৰৱৰ্তী খণ্ড – য়াঙৰ পৰা প্ৰত্যাৱৰ্তন)
No comments:
Post a Comment