দিন আঠ ৷৷ ৭.১১.২০১৫
২. ডাপ’ৰ পৰা জিৰোলৈ
বয়-বস্তুবোৰ ওচৰ চপাই অনাৰ পাছত গাড়ীত চিজিলকৈ
তোলা হ’ল৷ এইবাৰো আমি ‘ডিফুৰ পাৰ্টী’য়ে জে. জে.ৰ গাড়ীখনত
উঠিবলৈ নাপালোঁ৷ গুৱাহাটী আৰু ফৰিদাবাদ অংশৰ সেই পাঁচজনেই তাৰ সৈতে অপৰিৱৰ্তিত ৰূপত আসীন হৈ থাকিল৷ আমি সিখন গাড়ী (এ.আৰ.০১এফ. ০৭১২)ত
বহিলোঁ৷ এইখন আমি কালি কেতেনালাৰ পৰা অহাখন (এ.আৰ.০১জি. ০৩২৩) নহয়, বেলেগ৷ কম বয়সীয়া চালকজনৰ সৈতে গাড়ী নচলোঁতেই পৰিচয় হৈ লওঁ বুলি কাষ চাপিছোঁ৷ নামটো সোধাত ক’লে, পান্যা চিক’৷ জে. জে.ৰ দৰেই ছটফটীয়া যুৱক৷
বাইক চলাই নিকেল নাল’ ইতিমধ্যে হাজিৰ হ’লহি৷ বুকুত বুকু লগাই নিকেলৰ
পৰা বিদায় লৈছোঁ৷ আশা ৰাখিছোঁ ভৱিষ্যতে আকৌ লগ পোৱাৰ৷ আমি অহাৰ দিনা সন্ধিয়াৰ আন্ধাৰত
ডাপ’ৰিজোত তেওঁকে প্ৰথম লগ পাইছিলোঁ৷
ডাপ’ৰ পৰা আৰম্ভ কৰি ওৰে সময় আমাক
সংগ দিলে৷ আকৌ ডাপ’তে এয়া বিদায়-প্ৰাৰ্থী, পুৱাৰ
পোহৰত৷ এজন এজনকৈ ১০জন অভিযাত্ৰীৰ কৰমৰ্দন আৰু আলিংগন গ্ৰহণ কৰি কিছু পৰিমাণে আৱেগিক
হৈও উঠিছে৷ ৮.৪০ বজাত ছিংহিক হোটেল এণ্ড ৰিজ’ৰ্টছৰ সমীপৰ পৰা আমাৰ যাত্ৰা
আৰম্ভ হ’ল৷ বাইকখন লৈ কিছুদূৰ পিছে পিছে
আহি থকা নিকেললৈ চাই হাত জোকাৰি থাকিলোঁ৷ ফুৱেল ৰিফিলিং ষ্টেচনত ডিজেলেৰে টেংকি
ভৰ্তি কৰি লোৱাৰ পাছত কেঁকুৰি এটা ঘূৰোঁতেই দৃষ্টিৰ পৰা পৰস্পৰ বিচ্ছিন্ন হৈ পৰিলোঁ৷ আমি
বাঁওহাতে গ’লোঁ, তেওঁ সোঁহাতে৷ কষ্টসহিষ্ণু
মানুহটোৱে আগ বঢ়োৱা সহায়-সহযোগিতা মনত ৰাখি ওভতনি বাট বুলিছোঁ ১৬১ কিল’মিটাৰ আঁতৰৰ জিৰো অভিমুখে৷ তাৰ
পাছত নাহৰলাগুন৷ দীঘলীয়া যাত্ৰা৷
টুৰিষ্ট ভিলেজ লিগুলৈ সোমাই যোৱা কেঁচা ৰাস্তাৰ
মুখতে পান্যাই ব্ৰে’ক মাৰিলে৷ যুৱতী এজনী পথৰ সিপাৰে ৰৈ আছে৷
সি দোৱানত তাইৰ লগত কিবাকিবি চিঞৰি কথা পাতিলে৷ তাই চাপি আহিল৷ সি টকাকেইটামান দিলে৷ তাৰ পাছতে
এক্সেলাৰেটৰত হেঁচা পৰিল৷ তীব্ৰবেগে ঊৰ্ধ্বগতি ল’লে গাড়ীয়ে৷ ডাপ’তকৈ জিৰো ওখত অৱস্থিত হেতুকে ক্রমান্বয়ে উঠি গৈ থাকিব লাগিব৷
অৰূপদাৰ ফালে কেঁৰাকৈ চালোঁ৷ ড্ৰাইভাৰলৈ একধ্যানে চাই আছে ঘোপা চাৱনিৰে৷ স্পীড
দেখি চকু কপালত৷ সাৱধান-বাণী বৰিষণ হ’লেই লগে লগে৷ জয়ন্তদা আৰু প্ৰদীপদায়ো সঁহাৰি জনালে৷ নিৰ্দেশ
মানিবলৈ পান্যা চিক’ বাধ্য৷ খিৰিকীৰ কাষৰ নিৰ্দিষ্ট চিটটোত বহি মই ধ্যান দি গ’লোঁ তাগিন কাণ্ট্ৰি ডাপ’ৰিজোৰ উপকণ্ঠৰ সেউজীয়া প্ৰকৃতি
জগতখনলৈ৷
বাঁওহাতে সোৱণশিৰিখন ওপৰৰ পৰা দৃশ্যমান হৈ থাকিল
অলপ সময়ৰ কাৰণে৷ তাৰ পাছত হঠাতে নোহোৱা হৈ পৰিল৷ অসম আৰু অৰুণাচলৰ সংযোগৰ এক স্বৰ্ণৰেখা
এই সোৱণশিৰি নৈ, পৰশি যোৱা দুয়ো পাৰৰ মাটি আৰু মানুহৰ ওপৰত যি নীৰৱে প্ৰভাৱ বিস্তাৰ কৰি
আছে৷ ঐতিহাসিক কালৰে পৰাই ইয়াৰ কেঁচা পলসেৰে সমৃদ্ধ কৰি আহিছে আমাৰ সাহিত্য-সংস্কৃতিৰ
বৰ-পথাৰখন, অৱদান যোগাইছে সমাজ-জীৱনক বৰ্ণাঢ্য ৰূপত সজোৱা-পৰোৱাত৷ অনৱদ্য সেই স্বৰ্ণদী
নেদেখা হোৱাত ঘপকৈ মনটো বিষাদৰ ডাৱৰে ছানি ধৰা যেন হ’ল৷ এইখিনিৰ পৰাই সিদিনা নৈখনে
লগ দিছিল৷ অন্ধকাৰ হৈ পৰা বাবে দেখা পোৱা নাছিলোঁ৷ এতিয়া দেখিছোঁ৷ এই নৈখনৰ গতিপথ
ধৰিয়েই পাৰে পাৰে কিমান দূৰ আগুৱালোঁ, কিমান গৰ্জন-কলস্বন শুনিলোঁ, হিচাপ নাই৷ হিচাপ উলিয়াব
নোৱাৰিও৷ সেইখন এতিয়া পাহাৰৰ সিপাৰে অন্তৰ্ধান! এনে ভাব হ'ল, আপোনজনক হেৰুৱাই আমি যেন
অকলশৰীয়াহে হ’লোঁ৷
মানুহৰ জীৱনটোও তেনেকুৱাই, অকলশৰীয়া৷ আহে অকলে,
যায়ও অকলে৷ মাজৰ চলা-ফিৰা সময়খিনিতহে লগ-সংগ৷ তেনেকুৱা মনে মিলা একাংশ সংগীৰে আমিও
প্ৰতি মুহূৰ্ততে জীৱনটোক ন ৰূপত সজাবলৈ যৎপৰোনাস্তি চেষ্টা কৰি থাকোঁ৷ সংগীসকললৈ মন
কৰিলোঁ৷ কেইজনমানে টোপনিয়াইছে, কেইজনমান আপোন ভাবত বিভোৰ৷ হয়তো সোৱণশিৰিৰ উদ্দাম ঊৰ্মিমালাৰ
অবিৰত ঝংকাৰলৈ মনত পৰি বুকু শুদা শুদা লাগিছে, মোৰ দৰে৷ পিছৰ গাড়ীখন মাজে মাজে হিচাপতকৈ
বেছি সময়ৰ বাবে হাবিৰ মাজত লুকাই পৰাটো লক্ষ্য কৰিছোঁ৷ উৎকণ্ঠাৰে আমাৰখন ৰৈ দিবলগীয়া হৈছে
কোনোবাটো কেঁকুৰিত, সুচল জেগা চাই৷ কাৰণটো পাছতহে জানিব পৰা গৈছে৷ বাটে বাটে ৰৈ ৰৈ
ফটো তুলি আহিছে তেওঁলোকে৷ কাৰণ, এনে সুযোগ জীৱনত আৰু দুনাই অহাৰ আশা ক্ষীণ৷
আকাশত ডাৱৰ আছে যদিও বতৰটো আজি ভাল৷ গাড়ীৰ ভিতৰত
গান বাজি আছে৷ ক’তো নোৰোৱাকৈ আহি থাকি ১০.৪০ বজাত
গদাক পালোঁ৷ ওচৰতে কিবা উৎসৱ এটাৰ আয়োজন চলিছে৷ পৰম্পৰাগত সাজ-পোছাকত বৃদ্ধ-বৃদ্ধা,
ডেকা-গাভৰু আৰু শিশুৰ সমাৱেশ ঘটিছে মালভূমিত থকা ফিল্ডখনত৷ তাৰ পৰা পাক এটা লৈ সামান্য
নামিয়ে হোটেল এখন৷ অন্নু লাইন হোটেল৷ দোকানৰ ঠিক সন্মুখতে দুয়োখন গাড়ী থামিল৷ ৰঙাচাহ
অকণমান খোৱাৰ মন সকলোৰে৷ নামনি আৰু উজনি সোৱণশিৰি জিলাৰ এই গদাকেই সীমা৷ বৰদিনৰ আগমন
ঘোষণা কৰি খ্ৰীষ্টমাছ ফুলবোৰ বতাহত হালিছে-জালিছে৷ মুক্ত মনে আমাকো যেন স্বাগত সম্ভাষণ
জনাইছে, নামনি সোৱণশিৰি জিলালৈ৷
সোৱণশিৰিৰ বৃহত্তম উপনৈ কমলা পাৰ হ’লোঁ৷ ধীৰে ধীৰে আহি ৰাগা পাওঁতে
দুপৰীয়া ১২.০০ বাজিল৷ দিনৰ ভাত সাঁজৰ চিন্তাটো ইতিমধ্যে কৰি অহা হৈছিল যদিও ওচৰ পাই
দেখা গ’ল যে কামৰাক কাফেটেৰীয়া বন্ধ!
পেটে খাওঁ খাওঁ কৰিয়ে আছে ইফালে৷ তাৰ মানে জিৰো নোপোৱা পৰ্যন্ত বিকল্প নাই! ভাতৰ চিন্তা
কেইঘণ্টামানৰ কাৰণে সমূলি বাদ দিবলগীয়া হ’ল৷ এই গতিত জিৰোলৈ কমপক্ষেও তিনি ঘণ্টা লাগি যাব৷ কাৰণ
আমি লাহে লাহে গৈ আছোঁ৷ পান্যাই দবাব বিচাৰিছিল৷ পিছে যাত্ৰীৰ ফালৰ পৰা আহিল বাধা! ধীৰে ধীৰে গৈ
থাকি তাৰ চাগৈ আমনিয়ে লাগিছে৷ উচপিচাই থাকি সি এবাৰত কৈয়ে পেলালে, ‘‘অন্য দিনা পেচেঞ্জাৰৰ নিৰ্দেশত
দবাবলগীয়া হয়৷ ইমান পাহাৰীয়া অকোৱা-পকোৱা ৰাস্তাতো এইফালৰ যাত্ৰীয়ে স্পীডত যোৱাটোহে
বিচাৰে৷ লাহে লাহে চলালে গালি খাওঁ৷ গাড়ী চলাব নাজান নেকি বুলি প্ৰশ্ন কৰে৷ নতুন ড্ৰাইভাৰ
নেকি তই বুলিও সোধে৷ আজি আকৌ ওলোটা! পেচেঞ্জাৰেহে লাহে লাহে যোৱাটো বিচাৰিছে৷ আন দিনা
পাব্লিক ডিমাণ্ড, আজি পেচেঞ্জাৰ ডিমাণ্ড৷’’ পান্যাই বাটে বাটে ৰসিকতা কৰি গ’ল৷ বন্ধুত্ব বাঢ়ি অহাৰ পাছত ষ্ট্ৰিয়াৰিঙত দুহাত আৰু সন্মুখলৈ সাৱধানী চকু ৰাখি চালক জীৱনৰ আলেখ কাহিনীৰ থুনপাক সি আমাৰ আগত মেলি ধৰিলে৷ অৰুণাচলৰ ড্ৰাইভাৰ অসমলৈ
গাড়ী চলাই গ’লে একাংশ লোক তথা অসম পুলিছে কেনে ব্যৱহাৰ কৰে,
তিক্ত আৰু প্ৰত্যক্ষ অভিজ্ঞতাৰ বৰ্ণনা শুনালে৷ গাড়ীখন লাহে লাহে আগুৱাই থাকিল৷ গান
বন্ধ৷ অগ্ৰাধিকাৰ পালে কৌতূহল আৰু কথাই৷
সূৰুযৰ পোহৰত পাহাৰপৃষ্ঠত উজলি উঠা সোণালী জুমতলীবোৰ
এৰি যাব লাগিছোঁ, য’ত লুকাই আছে অৰুণাচলীৰ সপোন৷
মেঘে এই ঢাকি ধৰা, এই এৰি দিয়া নীলা পৰ্বতবোৰতো ইমানযে প্ৰাণ আছে, স্পন্দন আছে, কল্পনাতীত৷ সন্মুখত
জিৰো আহি আছে৷ শাৰী শাৰী পাইন গছবোৰ অদূৰত দেখা গৈছে৷ বতাহত ঢৌখেলা সৰলৰ পাত৷ অপৰূপ
শোভা তাৰ৷ গাড়ীৰ খিৰিকীৰে বাৰে বাৰে জুমি চাইছোঁ৷ বিস্ময় মানিছোঁ৷ পানী বাগৰি যোৱা
জান-জুৰিবোৰ এটা এটাকৈ পিছত থৈ গৈছোঁ৷ ধান খেতি আৰু মাছ খেতি একেলগে কৰা পুৰণি জিৰোৰ প্ৰশস্ত
পথাৰবোৰো পাৰ হ’লোঁ৷ এটা সময়ত জিৰো চহৰ সোমালোঁ আমি৷
ঘড়ীত আবেলি তিনি বাজি বিশ মিনিট গ’ল৷
জিৰোত ডাঙৰ আৰু জৰুৰী কাম এটাই৷ ভাত খাব লাগে৷ যাওঁতে খাই
যোৱা আপাতানি লাইন হোটেলখনো দেখোন বন্ধ! দ্বিতীয় টাৰ্গেটো লক্ষ্যভ্ৰষ্ট হ’ল! ভোকটো যেন হঠাতে বেছিকৈ
উকাই উঠিল! হোটেল বিচাৰি ভালে সময় ঘূৰ্মুটিয়াই ফুৰা হৈছে৷ জিৰোত ভাত খাবই লাগিব৷ দহ-বাৰ
কিল’মিটাৰমান আগলৈ ভাল ৰিজ’ৰ্ট এখন আছে বুলি জে. জে. ভায়ে
জনালে৷ সিমানখিনি ধৈৰ্য পিছে কাৰো নাই৷ ভোক লাগিলে পেটত উঠা কলমলনিয়ে ইতিমধ্যে শীৰ্ষবিন্দু
চুইছেগৈ৷ অৱশেষত হাপলি টাউনতে এখন ভাল হোটেলৰ সন্ধান পোৱা গ’ল৷
গাড়ীৰ পৰা নমাৰ লগে লগে অনুভৱ কৰিলোঁ, জিৰোৰ মাটিয়ে শীতৰ লহৰ এটা
বৈ আনিছে৷ সিৰসিৰণি তুলিছে দেহাত৷ হাতৰ আঙুলি আৰু কাণৰ লতি অদ্ভুত ধৰণে চেঁচা৷ ততালিকে ৰাক্চেক্ খুলি জেকেট উলিয়াই পিন্ধিলতহে শান্তি৷
উচ্চতাৰ বাবেই ইয়াত ঠাণ্ডা পাইছোঁ৷ ডাপ’ত ইমানখিনি নাছিল৷
হোটেল ভেলী ভিউ৷ চাৰি মহলীয়া হোটেলৰ ৰেস্তোৰাঁখনলৈ মূল পথৰ
পৰা খটখটি বগাই উঠি গৈ আছোঁ এক ডজন মানুহ৷ দীঘলীয়া আহল-বহল
কোঠা৷ বেতৰ চকী-টেবুল ধুনীয়াকৈ পৰা আছে৷ কাউণ্টাৰত বহি থকা গাভৰুজনীৰ সৈতে আলাপ কৰি
গম পালোঁ, এইখন অসমীয়া মানুহৰ হোটেল, জনৈক শইকীয়াৰ, শিৱসাগৰৰ গৌৰীসাগৰৰ৷ আপাতানি অধ্যুষিত
জিৰোত অসমীয়া মানুহৰ হোটেল! আচৰিতেই হ’লোঁ৷ আনন্দও লাগিল৷ অসমীয়া খাদ্যৰে আটায়ে পেট ভৰালোঁ৷ ৰন্ধা-বঢ়া,
দিয়া-থোৱাৰ ব্যৱস্থাৱলী দেখি সন্তুষ্টি লাগিল৷ আৰু এটা কাৰণত সুখী হ’লোঁ যে ফৰিদাবাদী বৰুণ
আৰু দেবিন্দৰেও এই সুযোগতে সুস্বাদু অসমীয়া ব্যঞ্জনৰ অপূৰ্ব জুতি ল’বলৈ পালে৷ খোৱাৰ আগতে টেবুলৰ
ওপৰত খাদ্য-সম্ভাৰ ৰখা সৰু সৰু কেৰাহীকেইখনক লৈয়ে সিহঁতৰ ম’বাইলৰ কেমেৰাকেইটা বহুত সময় ধৰি
ব্যস্ত হৈ থাকিল৷
হোটেলখন ভেলী ভিউৰ পৰা জিৰো চহৰৰ অপূৰ্ব বিহংগম দৃশ্য প্ৰত্যক্ষ
কৰি নামি আহিলোঁ তলত ৰখাই থোৱা গাড়ীলৈ৷ কণমানি চাৰিটাই ৰাস্তাৰ ওপৰতে ফুটবল এটা লৈ
খেলি আছে৷ সিহঁতৰ লগত ধেমালি কৰিবৰ মন গ’ল৷ বাকীসকলে লাহে-ধীৰে নামি আহি থকা হেতুকে শিশুহঁতৰ সৈতে অলপ পৰ কটাবৰ সুযোগ এটা পাই গ’লোঁ৷ পিন্ধি থকা ৬ পকেটীয়া পেণ্টটোৰ সোঁকাষৰ জেপত চকলেট এপেকেট আছিল৷ দি দিলোঁ, ভগাই খাবলৈ৷ বৰ আনন্দ পালে সিহঁতকেইটাই৷ অভিযাত্ৰী
সকলোজন আহি জমা হোৱাত উপভোগ্য পৰিৱেশটো এৰি অলপ পাছতে গাড়ীত বহিবলগীয়া হ’ল যাত্ৰাৰ পৰৱৰ্তী অংশৰ বাবে৷
No comments:
Post a Comment