দিন ছয় ৷৷ ৫.১১.২০১৫
ভাবৰ পৃথিৱীত যতি পৰিল যেতিয়া সম্বিৎ ফিৰি আহিল
যে সংগীসকলৰ গতি দেখোন অতি লেহেম হৈ পৰিছে! ট্ৰেকত এটা নিৰ্দিষ্ট তালত খোজ চলাই থাকিব পাৰিলে ভাল যদিও ব্যতিক্রম ঘটাৰ ফলস্বৰূপে ঘৰ্মাক্ত শৰীৰ ক্ৰমান্বয়ে শীতল হৈ আহিল৷ গাটো গৰম থাকিলে ঠাণ্ডাই
সতকাই আক্রমণ কৰিব নোৱাৰে, কাৰ্যদক্ষতা অটুট থাকে৷ বিপৰীতে এতিয়া লাহে লাহে ঠাণ্ডা অনুভূত হৈ আহিছে৷ ইফালে আৱৰণ বুলিবলৈ দেহত কেৱল ট্ৰেকচুটযোৰ৷
কথাটো আগতেই এবাৰ ভাবিছিলোঁ৷ হেঙিং ব্ৰীজখন পাৰ নহওঁতেই মনে মনে সিদ্ধান্তও লৈ থৈছিলোঁ যে সিপাৰৰ পৰা আগলৈ নিজৰ গতি পৰাপক্ষত স্তব্ধ নকৰোঁ৷ এই কথাটোৰ বাবেই কিজানি প্ৰদীপদাই নিজকে ফ্ৰণ্ট-লাইনত ৰাখিছিল৷ এতিয়াহে বুজি পালোঁ৷ সি যি কি নহওক, কেইবাঠাইতো নিজে ৰৈ থাকি সংগীসকলক আগ বাঢ়িবলৈ দিলোঁ৷ আৰোহণ-অৱৰোহণ আৰু বাট পিছল বাবে অনেকজন আকৌ পিছ পৰিল৷ এবাৰ সুযোগ বুজি আগত থকাকেইজনক অ’ভাৰটেক কৰি দিলোঁ৷ নিকেলক এৰিলোঁ জয়ন্তদা, ৰাজীৱহঁতৰ লগত৷ বৰুণ, দেবিন্দৰকো সন্মুখত লগ পালোঁ৷ প্ৰদীপদা আৰু অমৰ কিমান আগত গৈছে গম নাপাওঁ৷ তেওঁলোক দুয়োকেই লগ ধৰাৰ লক্ষ্য ৰাখি নিৰ্দিষ্ট বেগত ক’তো নোৰোৱাকৈ খোজ দিয়া আৰম্ভ কৰি দিলোঁ৷
ফলত কি হ’ল, কম সময়ৰ ভিতৰতে জংঘলৰ মাজত অকলশৰীয়া
হৈ পৰিলোঁ! আগে-পাছে কাকো নেদেখি ভয় অকণমানো লাগিল৷ যিহে অৰণ্য, ভয় লগাটো স্বাভাৱিক৷ ইফালে অস্ত্ৰ বুলিবলৈ অথনি তুলি লোৱা বেতৰ
দণ্ডডাল মাথো৷ এতিয়াহে বুজিলোঁ, অন্ততঃ লাখুটি এডাল হাতত কিয় লাগে৷ জয়াল জলপ্ৰপাত আৰু থিয় পৰ্বতৰ গুহা এলেকাটো পাৰ হওঁতেও বুকুৱে ধান বানিলে৷ হ’লেও খোজ ঢিলাই দিয়া নাই৷ ভাগ্যে যেনিবা ক’তো একো লুকাই থকা নাই৷ বাচি গৈছোঁ৷ জেগা সুচল চাই মাজে
মাজে সামান্য ৰৈ পানী এঢোক-দুঢোক খাইছোঁ৷ দম লৈছোঁ৷ আকৌ লৈছোঁ খোজ৷ বিপজ্জনক ট্ৰেকটোৰ ফটো আৰম্ভণিৰে পৰাই তুলি তুলি আহি আছোঁ৷ অৰুণদাক দেখুৱাব লাগিব, ৰাস্তাৰ অৱস্থা কেনেকুৱা আছিল৷ কেমেৰাৰ ক্লিক ক্লিক শব্দটোৱেই
যেন একমাত্ৰ সাহস হৈ লগ দিছে, তেনেকুৱা লাগিছে৷
পৰ্বতৰ খলা-বমাবোৰৰ এঠাইত পিছফালৰ পৰা আহি ওলোৱা তায়া,
ৰকেশ আৰু লিডাই মোক অতিক্রম কৰিব বিচাৰিলে৷ সিহঁতক পাই মনলৈ সাহস কিছু ফিৰি আহিল৷ গতি ৰোধ নকৰি চাইড দি
দিলোঁ৷ পিছে পাৰ হৈয়ে ধপধপাই অদৃশ্য হৈ গ’ল তিনিওটা৷ মোৰ কথা নাভাবিলেই৷ পাহাৰত বান্দৰৰ নিচিনা বুলি কালি সিহঁতে
নিজকে নিজে এনেয়ে কোৱা নাই৷ প্ৰামাণিক সত্য৷ সিহঁতকেইটা নেদেখা হোৱাত আকৌ অকলশৰীয়া হৈ পৰিলোঁ৷ তথাপি ৰৈ নাথাকি নিজৰ গতিত একেদৰে
উঠি আছোঁ, নামি আছোঁ৷
অন্তিম খেপটো নামিবৰ হ’লহি৷ এইখিনি নামিলে তলত ওলমা দলং এখন৷ সেইখিনিতে বিপৰীত ফালৰ পৰা সিহঁত তিনিওটা আকৌ আহি ওলাল৷ খৰধৰকৈ উঠি আছে৷ এইকেইটাৰ কি হ’ল? কিবা বিপদ? আচৰিত হ’লোঁ তেনেকৈ দেখি৷ তায়াই মোক সিহঁত উভতি অহাৰ কাৰণটো ক’লে৷ ট্ৰেকাৰ্ছক উঠা-নমাত সহায় কৰিবলৈকে তিনিও আকৌ ঘূৰি আহিছে৷ জয়ন্তদাই খোজ কাঢ়িব পৰা নাই৷ ৰাজীৱৰো কষ্ট হৈছে৷ তেওঁলোকক ধৰি ধৰি আনিব লাগিব৷ কেইটামান স্পট এনেকুৱা অসুবিধাজনক যে সহায় নকৰিলে উঠা-নমাটো অসম্ভৱেই হ’ব৷ জংঘলৰ মাজে মাজে দৌৰাদৌৰিকৈ তিনিওটা গুচি গ’ল৷ পুনৰ অকলশৰীয়া হ’লোঁ৷ মালবাহক ডেকাকেইটাৰ সহানুভূতি আৰু অতিৰিক্ত কষ্ট কৰাৰ মানসিকতা দেখি তবধ মানিলোঁ৷ এবাৰ আহোঁতেই ট্ৰেকাৰ্ছৰ অৱস্থা কাহিল, ইহঁতৰ বাবে এইবোৰ খেল! কিমান জোৰ থাকিব লাগিব কলাফুলত, ভাবিলোঁ অকলে অকলে৷

যাবৰ দিনা ইণ্ডিয়ান আৰ্মীৰ জোৱান এদলক লগ পাইছিলোঁ৷ আজি কাকোৱেই পোৱা নাই৷ তাৰ মানে এই বিস্তৃত জংঘলখনত আমি ১৮টা মানুহেহে এতিয়া ইফাল-সিফাল কৰি আছোঁ৷ গছ-গছনিবোৰৰ মাজেৰে দ্বিতীয় দলংখনে ৰিণিকি ৰিণিকি তলত ভুমুকি মাৰিছে৷ ওপৰৰ পৰা একেৰাহে
নামি নামি আহি আহি দলংখন বান্ধি থোৱা গছকেইজোপাৰ গুৰিত উপস্থিত হ’লোঁ৷ কোনো নাই, অকলে৷ কি কৰোঁ, পাৰ হৈ যাওঁ নেকি? সুধিলোঁ, নিজকে নিজে৷ জয়াল ঠাই৷ ৰৈ থাকিবলৈও ভাল লগা নাই৷
বিবেকৰ সংকেত আৰু সাঁকোখনৰ নিমন্ত্ৰণ পাই পাৰি থোৱা গছৰ ডালবোৰত ভৰি দি দিলোঁ৷ কেৰ-কেৰ শব্দ কৰি দলংখন কঁপি উঠিল৷ সংগীবিহীন মই৷ সন্মুখত নদীৰ ভয়ংকৰ সোঁত আৰু শব্দ একেলগে৷ দুয়োপাৰে ডাঙৰ ডাঙৰ গছ আৰু হাবি৷ হাতৰ খোপনি, মনত দৃঢ়তা আৰু বুকুত সাহস একত্ৰিত কৰি খোজ আৰম্ভ কৰি দিলোঁ৷ কেৰ-কেৰ মেৰ-মেৰ আৱাজ৷ আগুৱাই থাকিলোঁ আৰি-কুঁজা হৈ৷ নৈখনলৈ চালোঁ দুয়োফালে৷ এফালে শিলত খুন্দিয়াই ধোঁৱাই থকা পানী৷ এফালে বোঁৱতী জলধাৰাত পোহৰৰ চিক্মিকনি৷ কিবা আপোন আপোন লাগি গ’ল সোৱণশিৰিখন৷ এইকেইদিন এইখনক লৈয়ে ব্যস্ত হৈ থাকিলোঁ আমি৷ ব্ৰহ্মপুত্ৰৰ এখন প্ৰধান উপনৈ৷ জলবিদ্যুৎ বিচাৰি এই জলধাৰাকে বান্ধি পেলাবলৈ চেষ্টা কৰা হৈছে গেৰুকামুখত৷

উৎকণ্ঠা আৰু সংশয়ৰ কেইটামান মিনিট৷ পাৰ হৈ সিমূৰে গহীনাই ৰ’লোঁ৷ ঘূৰি লৈ পৰিৱেশটো উদ্যাপন কৰিলোঁ অনেক পৰ৷
এইটো ঠিক যে এইখিনি আহি নোপোৱালৈকে সকলোৰে মনত অলপমান হ’লেও চিন্তা বা মৃত্যুভয় থাকিব৷
এই ঠাইত উপনীত হ’লেহে স্বস্তিৰ নিশ্বাস এৰিব পাৰি৷ লগৰীয়াবোৰ কোন কিমান পাছত আছে, প্ৰদীপদা আৰু অমৰ কিমান আগত
আছে, একো অনুমান কৰিব নোৱাৰিছোঁ৷ কাৰো ছাঁটোও দেখা পোৱা নগৈছে৷
সেইবোৰ এতিয়া সম্ভৱেই নহয় অৱশ্যে৷ সকলোটি সুকলমে এইখিনি আহি পাওক৷ নেদেখাজনক প্ৰাৰ্থনা জনালোঁ মনে মনে৷
ওলোমা দলঙৰ পাছত এইবাৰ শৈলাৰোহণ, পিছল শিলবোৰৰ মাজে মাজে, সাৱধানে৷ তাৰ পাছতে আলিমূৰত উঠিলোঁগৈ৷ গৰাৰ ওপৰত শিলত আওজাই ৰখা অৱস্থাত তিনিটা বাস্কেট৷ চিনাত অকণো অসুবিধা নহ’ল যে সেইকেইটা তায়াহঁতৰে৷ সেইবোৰ আমাৰেই বস্তু৷ অলপ আগতে সিহঁতে এৰি থৈ গৈছে৷ এনেকৈ থৈ গ’লেও, মূল্যৱান কিবাকিবি থাকিলেও একো হীন-ডেঢ়ি হ’বলৈ নাই ইয়াত৷ গেৰাণ্টি দিব পাৰি যে য’ৰ বস্তু ত’তে নিৰ্বিঘ্নে পৰি থাকিব৷ য’ত মানুহেই নাই, তাত একো অঘটন ঘটিবলৈও নাই৷ য’তে মানুহ সৰহ, ত’তে সমস্যা৷ বিশৃংখল মানুহ সকলো ঠাইতেই সমস্যাৰ কাৰক৷ সেয়া গাঁও-নগৰ-মহানগৰ, য’তেই নহওক কিয়৷

ঢাপটোতে ৰৈ পানী অলপ খালোঁ ভালকৈ৷ চৌদিশৰ নৈ, অৰণ্য আৰু পৰ্বতৰ সৌন্দৰ্যও উপভোগ কৰিলোঁ শেষবাৰলৈ৷ ফৰ্মেচন কাটিং
চলাই থকা হেতুকে এইখিনিৰ পৰা আগলৈ অকাই-পকাই ৰাস্তা আছে৷ খোজ কাঢ়িবলৈ তুলনামূলকভাৱে সুচল৷ ৰাক্চেকত কালি প্ৰদীপদাই
বিলোৱা চকলেট সুমুৱাই থোৱা আছিল৷ আমূল ডেইৰী মিল্ক৷ ঘপকৈ মনত পৰিল৷ তাৰে এটাৰ বাকলি ফালি এটুকুৰা
মুখত দিলোঁ৷ প্ৰাণশক্তি ঘূৰি অহা যেন লাগি গ’ল৷ চিন্তা কৰিলোঁ, ৰ’ম নে আগ বাঢ়িম? প্ৰদীপদা আৰু অমৰ নিশ্চয় আগত আছে৷ কাৰণ ইমান সময়ে ট্ৰেকত নাপালোঁ৷ কিমান আগত গৈছে তাকো নাজানো৷ নেদেখা দূৰত্বত৷ ৰৈ থকাৰ চিন্তা ত্যাগ কৰি সোণালী নৈৰ পাৰে পাৰে অকলেই গতি অক্ষুণ্ণ ৰখাৰ সিদ্ধান্ত লৈ ল’লোঁ৷
(পৰৱৰ্তী খণ্ড – সোণালী নৈৰ পাৰে পাৰে অকলে)
No comments:
Post a Comment