Wednesday, 8 June 2016

দিন ছয়  ৷৷ ৫.১১.২০১৫
২. বিদায় গেলেন চিনিয়াক



আহোঁতে ফ্ৰণ্ট-লাইনত থকা প্ৰদীপদা আৰু অমৰৰ সৈতে এইবাৰ বৰুণ, দেবিন্দৰো একেবাৰে আগত গল৷ চাৰিওৰে মাজত কালিয়েই পতা কথা সেয়া৷ নিকেল আৰু মই স্বেচ্ছাই পাছৰ শাৰীত ৰলোঁ৷ বেক-লাইনাৰ অলৱেজ! পৰ্টাৰবোৰে এতিয়াও জেগা এৰাই নাই৷ আমাতকৈ শেষত আৰম্ভ কৰিওযে সিহঁতে বাটত আমাক অনায়াসে লগ ধৰি লব, সেইটো জনা আছে৷ তদাৰকী হিচাপে তানি সিহঁতৰ লগত আহিব৷ বয়-বস্তুবিলাক ভালদৰে চাই লবলৈ নিকেলে সকীয়াই আহিছে, যাতে ভুলতো একো এৰি থৈ অহা নহয়৷

পুৱাৰ বৰষুণজাকে মুকলি ঠাইখিনি তেনেই গেলগেলীয়া কৰি পেলালে৷ হাল বাই থোৱাৰ দৰে হৈ গৈছে দেখাত৷ বুলডজাৰখন এতিয়াও আগৰ দৰে এছোৱা তিৰপালেৰে ঢাকি থোৱা অৱস্থাতে আছে৷ তাৰ মানে আজিও কাম নচলিব চাগৈ৷ বতৰে এনেকৈয়ে কামৰ অগ্ৰগতি ৰোধ কৰি আহিছে৷ খোজ পেলাব পৰা ঠাই চাই চাই শাৰী পাতি আমি এলেকাটো পাৰ হৈ আহিছোঁ৷ গুহা-দোকানখন প্ৰথমে অদৃশ্য হল৷ আগৰ কেঁকুৰিটো ঘূৰি দিয়াৰ লগে লগে আশ্ৰয়স্থলৰ শৈলছাদখনো নেদেখা হৈ পৰিল৷ পিছলৈ এবাৰ ঘূৰি আৱেগত স্বগতোক্তি কৰিলোঁ, বিদায় গেলেন চিনিয়াক৷ আকৌ আহিম৷ লেণ্ডস্কেপ কেইখনমান পুৱাই পুৱাই অৱশ্যে কেমেৰাটোৰে সযতনে ধৰি ৰাখিছিলোঁ৷ স্মৃতি বুলিবলৈ এতিয়া সম্বল সেয়াই৷

সেউজ উপত্যকা, খৰস্ৰোতা নিজৰা আদিৰে বহুমাত্ৰিক পৰিচয় এই গহন বনৰ৷ তাৰ মাজে মাজে অগ্ৰসৰ হৈ নেছাৰেল শ্বাৱাৰবোৰ অতিক্রম কৰিব ধৰিলোঁ, এটাৰ পাছত আনটোকৈ৷ ছেগ মিলাই ঘপকৈ পাৰ নহলে নিৰৱচ্ছিন্ন ধ্বনিৰে ওপৰৰ পৰা অনৰ্গল সৰি থকা পানীয়ে শৰীৰ তেনেই জলৌ-জপৌ কৰিব৷ প্ৰদীপদাহঁতে এই জলপ্ৰপাততে গা ধুবলৈ আহিছিল কালি৷ পাৰ হওঁ বুলি বাঁওকাষলৈও বেছিকৈ যাব নোৱাৰি৷ অকণমান ঊনৈশ-বিশ হৈ ভৰি পিছলিলে চিধাই তলৰ সোৱণশিৰিত জলাধিস্থ হব লাগিব, বেলেগ কোনো কথাই নাই৷ কোনো স্থানত আকৌ প্ৰায় ১০০ ফুট ওপৰৰ পৰা নামি আহি পানীবোৰ মূৰতে পৰে৷ পাহাৰৰ গাৰ ফালে থকা সামান্য ফাঁকেৰে একেদৌৰে জঁপিয়াই দূৰ হব লাগে৷ সাৱধানতা, সতৰ্কতা সৰ্বসময় লক্ষণীয়৷

বিচিত্ৰ নৈসৰ্গিক দৃশ্যপটেৰে ধেনুভিৰীয়া ওলমা দলং এখনে দেখা দি আছে৷ এতিয়া সকলোৱে জানে যে সেইখনেৰে প্ৰথমে সিপাৰ হব লাগিব৷ পৰ্বতটো উঠি, আকৌ নামি আগত তেনেকুৱা আৰু এখন ওলাব৷ সেইখনেৰে আকৌ এইপাৰলৈ আহিব লাগিব৷ মাজৰ দীঘলীয়া অংশটোত ৰাস্তাৰ কাম এতিয়াও হোৱা নাই৷ গতিকে সংযোগ বিচ্ছিন্ন৷ সেয়েহে বাঁহ-বেতৰ হেঙিং ব্ৰীজেৰে খৰস্ৰোতা সোৱণশিৰি পাৰ হব লাগিব দুবাৰকৈ৷ তাকে লৈ বুকুবোৰ কঁপি উঠিছে দুৰু দুৰুকৈ৷

সন্মুখত দেখা গৈ থকা দলংখনত উঠিবলৈ প্ৰথমে শিলাময় খণ্ডটোৰে অৱৰোহণ৷ বাধা পালে পৰুৱাই থুপ খোৱাৰ দৰে গৰাটোতে আটায়ে জুম বান্ধিছোঁ৷ ভিন্ন ভিন্ন মন্ত্ৰণা আৰম্ভ হৈছে৷ পূৰ্বৰ অভিজ্ঞতাৰে সাহসী হৈ, মৰণ ভয়ক জয় কৰি লাহে-ধীৰে নামিবলৈ ধৰিলে এজন এজনকৈ৷ পৰ্টাৰে হাতত ধৰি সহায় কৰিছে জয়ন্তদা, ৰাজীৱহঁতক৷ এজন দুজনকৈ গৈ আকৌ জুম বান্ধিছে দলঙৰ মুখত৷ লোৰ জৰীত খামুচি আগুৱাইছে এডেও-দুডেওকৈ৷ হেঙিং ব্ৰীজেও নিজৰ চৰিত্ৰ অক্ষুণ্ণ ৰাখি নাচি উঠিছে৷ ভৰ পালেই কঁপে আৰু কেৰেক-মেৰেক শব্দ উঠে এই দলংবোৰত৷ ফলাখৰিৰ ফাঁকেৰে তলত ইফালে কালান্তক ৰূপত সোৱণশিৰিৰ জলতৰংগ৷ হলেও যাবইতো লাগিব৷

চৌপাশ হৌ হৌ শব্দময়৷ তেনেকৈয়ে এজন গৈছে, নিৰাপদ অন্তৰ ৰাখি আন এজন৷ সিপাৰ পাই স্বস্তি৷ জলদেৱতালৈ কৃতজ্ঞতা অৰ্পণ৷ এই স্বস্তি অৱশ্যে দীঘলীয়া নহয়, মৰণকুণ্ড আগত আৰু আছে৷ সি যি কি নহওক, এতিয়া পদচালনা হাবিতলীয়া লুংলুঙীয়াত৷ ট্ৰেকটো ক্রমান্বয়ে উঠিব বুলি সকলোৱে জানে৷ যিমান উঠিব সিমান নামিবওযে লাগিব, সেয়াও জানে৷ সেমেকা শিলৰ ওপৰেদি, গছৰ ডালৰ জখলাৰে নামি-উঠি, ঘন জংঘলৰ মাজে মাজে ঠেক আৰু পিছল ট্ৰেকেদি যাব লাগিব বুলিও ভালকৈ জানে৷ এবাৰৰ অভিজ্ঞতায়ে ভালেখিনি শিকাইছে৷ বুকু পাতল হলে নহব৷ সাহস আৰু শকতি লাগিবই৷

দলং পাৰ হৈ সকলো অহালৈ বাট চালোঁ৷ স্বাধীন আনন্দ হৃদয়ত লৈ প্ৰদীপদা, অমৰহঁত আগ বাঢ়িছে গোজোং-গোজোংকৈ৷ একেলগে আৰম্ভ কৰা দেবিন্দৰ, বৰুণ পিছ পৰিল৷ জঘন্য অৰণ্যৰ মাজত এবাৰ সোমাই পৰাৰ পাছত নিজে মনেজানি ৰৈ নিদিলে কাকো কোনেও লগ ধৰা বা দেখা পোৱা মুঠেই সম্ভৱ নহয়৷ চিঞৰিলেও বৃথা অৰণ্যৰোদন৷ পৰ্টাৰ ডেকাহঁতৰ কেইটামানে ট্ৰেকটো মুকলি পাই অভাৰটেক কৰি খৰ গতিত গুচি গৈছে, গান গাই গাই৷ পাহাৰীয়া জীৱ, কথা-কাণ্ডই বেলেগ৷ চকুৰ আগৰ সেউজবোৰ ডাঠ আৰু উজ্জ্বল হৈ আহিছে৷ থুপি থুপি ফুলবোৰ বতাহত ইফাল-সিফালকৈ আছে৷ সিহঁত যেন আগ্ৰহেৰে ৰৈ আছিল আমি অহালৈ, হালি-জালি স্বাগতম জনাবলৈকে৷ আমি সেই সেউজ-ৰঙীন বনাঞ্চলৰ মাজত লুকাই পৰিলোঁ৷

শাৰীৰিকভাৱে আগুৱাই আছোঁ যদিও গেলেন চিনিয়াকে মোক দেখোন পিছফাললৈহে টানি আছে! আৰু থকাৰ ইচ্ছা আছিল তম্বুত৷ মাজা ভেলীৰ ফালেও পাক মৰাৰ মন আছিল৷ সময়ে নুকুলালে৷ ইনাৰ লাইন পাৰ্মিটেও হিচাপী দিনকেইটাৰে ৰঙা চকু দেখুৱাই নিৰ্দয়তাৰ পৰিচয় দিলে৷ বুজিলোঁ, এইবোৰ ঠাইলৈ আহিলে সম্পূৰ্ণ বনৰীয়া মন-মগজু লৈ দীঘলীয়াকৈ আহিব লাগে৷ অহাৰ তাৰিখ থাকিব, যোৱাৰ তাৰিখ নাথাকে৷ মানসিকতাও হব লাগিব একো অন্তৰায়েই ৰখাব নোৱাৰা বিধৰ৷ তেতিয়াহে ইচ্ছামতে সামৰিব পৰা যাব৷ আগতে কোনোবাজন পদচাৰীয়ে এনেয়ে কৈ থোৱা নাই যে সঁচা অৰ্থত অৰুণাচলখন আৰু ইয়াৰ ৰহস্যময় অভ্যন্তৰ চাবলৈ হলে এটা জীৱনকালত নহব৷ নিৰংকুশ সমৰ্থন দিবলৈ বাধ্য হৈছোঁ যে কথাষাৰ হয়, ঠিকেই কৈছিল তেওঁ৷ এনেয়ে গাড়ীত উঠি আহিল, থাকিল, খালে, ঘূৰি গল; এনেকৈ নহয়৷ এনেয়েনো অৰুণাচল চাই ৰাজ বসুৱে তেওঁৰ হৃদয়ৰ অনুভূতি এনেকৈ প্ৰকাশ কৰিছিলনে, আৰু আহ্বান জনাইছিলনে আনক...
       The Land of Dawn Lit Mountains, Arunachal Pradesh is captivating, enchanting and amazing
       Representing an out-of-the-world natural beauty that one can imagine only in dreams.
       A wonder of the world, Arunachal Pradesh is richly bejeweled with mountains, forests, streams and wildlife
       And is the beloved home for Monpa, Nishi, Adi, Apatani, and a host of other interesting and hardy tribes.
       A hub of Buddhism, the place boasts gorgeous and magnificent monasteries
       Visit the place to taste real natural splendour and tranquility, and regain your mental peace.

       ভেৰিয়াৰ এলৱিন বঁটাপ্ৰাপক আৰু ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মানিত লেখিকা; সাংবাদিক, কবি, ঔপন্যাসিক, গল্পকাৰ; পাছিঘাটৰ মামাং দাইএ ২০০৪ চনত ৰচনা কৰিছিল River Poems; বৃহত্তৰ ৰাজ্যখনত প্ৰকৃতিয়ে অকৃপণভাৱে সজাই ৰখা নৈ-নিজৰা, অৰণ্য, পৰ্বত-পাহাৰক বিষয়-বস্তু আৰু সেইবোৰে অনাবিল হাৰত বিলাই থকা অপৰূপ সৌন্দৰ্যক আধাৰ হিচাপে লৈ৷ আমি এই যাত্ৰাত দেখা পোৱা মধ্য অৰুণাচলৰ অংশবিশেষ তাৰ ক্ষুদ্ৰৰূপহে মাথোন, tip of the iceberg৷ সেই জিলিঙনি দেখিয়ে নথৈ অভিভূত হৈছোঁ, সময় নোজোৰা হৈছে আমাৰ৷




(পৰৱৰ্তী খণ্ড - গতিয়েই জীৱন)

No comments:

Post a Comment