Sunday, 5 June 2016

দিন পাঁচ  ৷৷ ৪.১১.২০১৫
১৬. কেম্প চাইট পালোঁহি



ডাপৰিজোৰ পৰা হিচাপ কৰি সোৱণশিৰিৰ আমি দেখা আগলি অংশ পৰ্যন্ত কেইকিলমিটাৰ হব? কব নোৱাৰিম৷ চীন সীমালৈ আৰু কেইকিলমিটাৰ বাকী থাকিল? সেইটো হিচাপো নাজানো৷ কিন্তু এইটো ঠিক যে ডাপৰিজোৰ পৰা পাৰে পাৰে আহি সোণালী নৈৰ অধিকাংশই দেখিলোঁ, অৰ্থাৎ ক্ষুদ্ৰাংশহে বাকী ৰল৷ ভৱিষ্যতৰ অভিযানত সেয়া সম্ভৱ কৰি তুলিম বুলি আশা ৰাখিয়ে আলিছিগাৰ পৰা উভতি আহি আছোঁ কেম্প চাইটলৈ৷ অলপ আগতে তিনি ঠাইত অকাই-পকাই থকা ট্ৰেকবোৰ থিয় গৰা বগাই চমুৱাই আহিছোঁ৷ কষ্ট হৈছে, উশাহ ঘন হৈছে, তথাপি সময় ৰাহি হওক বুলিয়ে মানি লোৱা হৈছে গাইডৰ নিৰ্দেশ৷

জখলা বগাই পাহাৰীয়া জুৰি অতিক্রমি আমি টি.চি.চি. অৰ্থাৎ তামা শ্বুং শ্বুঙলৈ গুচি যোৱা ট্ৰেকটোৰ সংযোগস্থল পালোঁ৷ সোঁহাতে টি.চি.চি.লৈ, বাওঁহাতে অথনি আমি উঠি অহা শ্বৰ্টকাটটো৷ নিকেল আৰু দেবিন্দৰে বাঁৱে ঘূৰিলেই৷ বৰুণ আৰু মই কেইখোজমান পাছত আছোঁ৷ সেইখিনিতে বৰুণে প্ৰস্তাৱ দিলে, ‘‘ভাইচাহাব, চলিয়েনা টি.চি.চি.৷’’ তাৰ একান্ত ইচ্ছা, আৰ্মী কেম্পলৈ যোৱাৰ৷ আশা, কোনোবা হাৰিয়ানী পাৰ্টনাৰক তাত লগ পায়ো যাব পাৰে৷ মোক হাতত ধৰি টানি আছে সি৷ মই নাযাওঁ বুলিলোঁ, দুটা কাৰণত৷ এক. আকাশত সোনকালেই অন্ধকাৰ হোৱাৰ আগজাননী৷ দুই. কালি আমি আহি থাকোঁতে নিকেলে বাটত কোৱা কথা এষাৰ৷ ‘‘টি.চি.চি.লৈ যাব নালাগে, নতুন মানুহক অযথা কিবাকিবি সুধি হাৰাশাস্তি কৰে আৰ্মীয়ে৷’’ টনাটনি চলি থকা দেখি নিকেল উভতি আহিল৷ কাৰণটো জনাৰ পাছত বৰুণক বুজালে, ‘‘টি.চি.চি. হৈ যাব পৰা গলহেঁতেন ঠিকেই, কিন্তু ইমানদূৰ ঘূৰিবলৈ এতিয়া আমাৰ হাতত থকা সময়ে নকয়৷’’ অলপ দেৰি কেৰ-জেৰ কৰাৰ পাছত পশ্চিম দিগন্তলৈ চাই বৰুণ সৈমান হল৷ সকলোৱে ভয়ংকৰ শ্বৰ্টকাটটোৰে যাবলৈ শাৰী পাতিলোঁ৷ বিপদসংকুল নামনিমুৱা ট্ৰেক৷

জংঘলৰ মাজেৰে খেপিয়াই-দুপিয়াই, চোঁচৰি-বাগৰি ঘূৰি-পকি আহি তলৰ শিলগুটি দিয়া কেঁকুৰিটোত ভৰি দিওঁতেই আনটো দলক দেখি গলোঁ৷ আৰে, কি কাকতালীয় সংযোগ! গাড়ী চলিব পৰা ধৰণৰ শিলাময় ৰাস্তাটোৰে তেওঁলোকো নামি আহি আছে শিখৰত অৱস্থিত টি.চি.চি.ৰ পৰা৷ দলটোত আছে অৰূপ কলিতা ওৰফে কেপ্টেইন কলিতা, প্ৰদীপ সিং ওৰফে লেফটেনেণ্ট সিং, অমৰ ইংহি আৰু দীপক দাস৷ লগত তায়া ৰাই আৰু লিডা নাল৷ কথোপকথনৰ পৰা জানিলোঁ যে ৰাস্তাটো ভাল, কিন্তু একেৰাহে উঠি যাব লাগে বহুখিনি উলম্ব পথ৷ একেবাৰে ওপৰত টি.চি.চি. অৰ্থাৎ তামা শ্বুং শ্বুং৷ শ্ৰুতিমধুৰ, সাংগীতিক শব্দকেইটাৰ মানে হৈছে a place for snakes৷ ইয়ালৈ অহাৰ আগতে তাকচিঙৰ ব্যুৎপত্তিগত অৰ্থহে সাপৰ ঠাই বুলি বুলি জানিছিলোঁ৷ এতিয়া এইদৰে গম পাই খূদুৱনি এটাই থিতাতে মনত বাহ সাজিলে৷ কোনটো সত্য? আনহাতে কোনোবা এজনেও সেইফালে সাপৰ কিলবিলনি দেখিলেনে নাই, সেইটো হলে নাজানিলোঁ৷ মস্ত মস্ত হাঁহকেইজনীমান দেখিলোঁ বুলিলে কেপ্টেইন কলিতাই৷ আকৃতিত হেনো আমাৰ পাতিহাঁহৰ চাৰিগুণ ডাঙৰ হব৷ খুব ধুনীয়া দেখিবলৈ৷ পৰ্বতত যেনিয়ে তেনিয়ে গজা গুটি লগা ঘাঁহ এবিধ আছে৷ সেই ঘাঁহবিধ খুব খায় সিহঁতে৷ মোৰ প্ৰতিক্ৰিয়া থিতাতে ব্যক্ত কৰি পেলালোঁ, ‘‘সেইবোৰ হাঁহ নহয় চাগৈ৷ বেলেগ কিবা জন্তুহে!’’ ‘‘নহয়, হাঁহেই হয়৷’’ অমৰ আৰু দীপকদায়ো কেপ্টেইন কলিতাৰ ভাষ্য সত্য বুলি সমৰ্থনসূচক ভাব প্ৰকাশ কৰিলে৷

উক্ত স্থানত তেনেকৈ পৰস্পৰে পৰস্পৰৰ নাটকীয়ভাৱে মুখামুখি হৈ আচৰিতেই হলোঁ৷ ৰাতিপুৱা তম্বুতেই এৰাএৰি৷ পিছে পিছে খেদি গৈছিলোঁ যদিও লগ ধৰিব নোৱাৰিলোঁ৷ ভালেই হল অৱশ্যে৷ আটাইতকৈ দূৰলৈ যাবগৈ, চাবগৈ পাৰিলোঁ৷ ভৱিষ্যৎ জীৱনৰ অপৰিমেয় তৃপ্তিৰ ভাণ্ডাৰ হিচাপে আত্মাৰ আহাৰ কিছু সংগ্ৰহ কৰিবলৈ সক্ষম হলোঁ৷ টি.চি.চি.লৈ যোৱা হলে সিমানখিনিযে দেখা নাপালোঁহেঁতেন, সেইটো ধুৰুপ৷ মন আঁজুৰি নিয়া অৰুণাচল-অনুৰাগক উপশম কৰাৰ সুযোগ এটা লভিলোঁ দীঘল ট্ৰেকত গৈ৷ ফলস্বৰূপে মানসিক ভূগোলৰ পৰিধি বহল হোৱাৰ উপৰি যোগ হল এসোপামান নতুন আৰু ৰসাল সুখস্মৃতি৷

ৰ্টাৰবোৰে সুহুৰিয়াই সুহুৰিয়াই কোবেৰে গলগৈ৷ এঠাইত পাইছিলোঁ যে নাগালেণ্ডৰ নগা পৰ্টাৰে বোলে খোজৰ লগে লগে মুখেৰে হোঁ-হোঁ শব্দ কৰে, যিটোৱে প্ৰকৃতিৰ মাজত এক বিৰল সংগীত ৰচনা কৰে৷ আমাৰ পৰ্টাৰহঁতৰ ক্ষেত্ৰত তেনেকুৱা আচৰণ লক্ষ্য নকৰিলোঁ৷ খোজৰ দৃঢ়তা কিন্তু মানিবলগীয়া৷ বেমাৰী, আধাবেমাৰী পদচালনা পৰ্বতত অপাক্তেয়৷ তাতে পিঠিত মেটমৰা বোজা৷ গৈ থাকোঁতে বাটলৈ বাঢ়ি অহা জোপোহাৰ পাত, গজি উঠা অদৰকাৰী লতাবোৰতো সিহঁতে মাজে মাজে দা চলাই গৈছে৷ গেলেন চিনিয়াকৰ অস্থায়ী কেম্পলৈ ঘূৰি অহাৰ ৰং আটাইৰে গালে-মুখে ছিটিকি পৰিছে৷ হাজাৰো হওক, ঘৰলৈ ফিৰি অহাৰ আনন্দ আৰু অনুভূতি সদায়ে মধুৰ৷

মোৰ মানসত সোৱণশিৰিৰ অলপ আগতে দেখি অহা আগলিভাগে এতিয়াও ঢৌ খেলিয়েই আছে৷ তাৰ মাজতে প্ৰশ্ন এটা মনলৈ আহিল যে অৰূপদাহঁতে বাৰু ভাত খালেনে নাই? খালে যদি কত খালে? প্ৰশ্নটো উত্থাপন কৰিবলৈহে পালোঁ, প্ৰদীপদাই লগে লগে মুখ খুলিলে৷ আমাৰ আগত বাহাদুৰি মাৰিলে, ‘‘ইণ্ডিয়ান আৰ্মীৰ আতিথ্যত টি.চি.চি.ৰ ডাইনিং কেম্পত দুপৰীয়াৰ সাজ খুব ভালকৈ খাবলৈ পালোঁ৷ তোমালোকৰহে ভাগ্যত নাই৷ পনীৰ, পাপৰ, কণী তৰকাৰী, চালাড, আচাৰ... লিষ্টখন গাই গল এফালৰ পৰা৷ একে সময়তে বাওঁহাতৰ বুঢ়া আঙুলিয়ে কেঞা-অনামিকাৰ গুৰি স্পৰ্শ কৰিলে আৰু এপাব এপাবকৈ ক্ৰমান্বয়ে ওপৰলৈ উঠি গৈ থাকিল৷ উঃ, আইটেমৰ যেন শেষ নহবই!

প্ৰত্যুত্তৰত আমিও কলোঁ যে খাদ্যৰ তালিকাখন আমাৰ দীঘল নহব পাৰে, টি.চি.চি.তকৈও কিন্তু আমি বহুত আগলৈ গলোঁ৷ সমান উষ্মাৰে আমিও বাটৰ বিৱৰণ শুনালোঁ আৰু কলোঁ‘‘সোৱণশিৰিৰ বালিতহে মানুহে পিকনিক খায়, আমি আগলি সোৱণশিৰিৰ পাৰত আজি আচল বনভোজ খালোঁ, যিটো জীৱনত মনত থাকিব৷ যাওঁতে-আহোঁতে তাকচিঙলৈ যোৱাৰ বাটটোত থকা অন্য এখন ওলমা সাঁকোও দেখিলোঁ৷ আপোনালোকে আচল বস্তুবোৰ মিছ কৰিলে৷অভিযাত্ৰীসকলৰ ভিতৰত এই যাত্ৰাকালত নিকেল আৰু ময়েই সোৱণশিৰিখন বেছি দূৰলৈকে চাবগৈ পাৰিলোঁ বুলি প্ৰতিপন্ন হল৷ দুয়ো দুয়োৰে প্ৰমাণ হৈ থাকিলোঁ৷ পানীবোৰ বৈ গল যদিও সাক্ষী হৈ ৰল সোৱণশিৰিৰ দুপাৰৰ গছ-বিৰিখ৷

কথা পাতি পাতি, হাঁহি-ধেমালি কৰি দলে-বলে নামি আহি আছোঁ৷ এনেকৈ গোট বান্ধি হৈ-হাল্লা কৰি গৈ থকাটোত বেলেগ এটা মজা আছে৷ বাহিৰৰ দুনিয়াত কি ঘটিছে গম-গতি অকণো নাই আমাৰ৷ কোনো খবৰে কাকো অসুখী কৰি তোলাৰো তিলমান সাধ্য এতিয়া নাই৷ গগৈয়ে কি কলে, আজমলে কি কৰিলে, হিমন্তই কি কৰিব, জানিবৰ কোনো উপায়ো নাই, দৰকাৰো নাই৷ কুহেলিকাৰ মাজতোযে প্ৰভূত আনন্দ লুকাই থাকে, কুহেলিকাময় এনেকুৱা স্থানবিলাকত সোমালে স্বেচ্ছাই প্ৰমাণিত হয়৷ সেই প্ৰমাণ, সেই বিৰল আনন্দ আমি পালোঁ৷ আনন্দময় ভাবনাৰ কবলত পৰি প্ৰত্যেকৰে মনবোৰ উৰুলিকৃত হৈ পৰা দেখা গল৷

সন্ধিয়া লাগি আহিছে৷ গুহা-দোকানখন ইতিমধ্যে বন্ধ হৈছে৷ কাৰণ বাটতে লগ পালোঁ, দোকানী বাই দুজনীক৷ টি.চি.চি.ত থকা সিহঁতৰ বস্তি অভিমুখে গৈছেগৈ৷ কাইলৈ পুৱতি নিশা, ফেঁহুজালিতে ওলাই আহিব৷ এতিয়া সিহঁত আমাৰ চিনাকি দিদি৷ এদিনৰ চিনাকিতে সিহঁতলৈ চাই ৰাতিপুৱা লগ পাম দেই দিদি বুলি ফোকাৰিব পৰা হৈ গৈছোঁ৷ সিহঁতেও হাঁহি মাৰি শলাগিব পৰা হল, হাত দাঙি বাই বাই দিব পৰা হল৷ শেষত গুড নাইট বুলি নিৰ্দ্বিধাই চিঞৰ মাৰি গুচি গল৷ কেঁকুৰিৰ আঁৰত নেদেখা হৈ পৰিল ৰাতিটোৰ কাৰণে৷ সহজ-সৰল অন্তৰ আৰু প্ৰকৃতিৰ দৰেই মুক্ত মনৰ মানুহবোৰ৷ চহৰীয়া ভেম-চেম নাই৷

গুহা-দোকান পালোঁহি৷ গাহৰি পোৱালি এটাই দিনটোৰ শেষ আহাৰকণ বিচাৰি অকণমানি নেগুৰডাল নচুৱাই নচুৱাই ইফাল-সিফালকৈ ঘূৰি ফুৰিছে৷ কুকুৰা এহালে আকৌ আমাৰ চাউলৰ বস্তাটোত ঠোঁটেৰে খুঁটিয়াই খুঁটিয়াই ইচ্ছামতে আক্রমণ চলাইছে৷ যেন প্ৰতিযোগিতাহে চলিছে মতা-মাইকীহালৰ মাজত৷ দেখা পায়ে খেদিলোঁ সিহঁতক৷ জয়ন্তদা, ৰাজীৱ, মৃণালদাহঁতে জিৰণী-কেম্পতে শুই-বহি দিনটো কটালে বুলি কলে৷ ভালকৈ টোপনি মৰাৰ ফলতে চাগৈ, তেওঁলোকক এতিয়া বৰ তজবজীয়া দেখাইছে৷ তানিয়ে ভাত ৰান্ধি খুৱালে বোলে৷

ৰাস্তা কঠিন সত্ত্বেও নিৰাপদ আৰু কুশল প্ৰত্যাৱৰ্তনেৰে যথাস্থানত আহি পালোঁহি আমি৷ হাত-ভৰি ধুই নিজৰ তম্বুত সোমাই এখন্তেক জিৰণি লোৱাৰ ইচ্ছা হল৷ বহুত দূৰ অনাই-বনাই যোৱা-অহা হৈছে৷ পথৰ ক্লান্তি দূৰ কৰিবলৈ তৃণশয্যাত লাং খাই পৰি থাকিলোঁ অনেক পৰ৷ তেতিয়ালৈ দিনান্তৰ অন্তিম পোহৰকণো নোহোৱা হৈ গল৷





(পৰৱৰ্তী খণ্ড - গেলেন চিনিয়াকত শেষ সন্ধিয়া)

No comments:

Post a Comment