Wednesday, 15 June 2016

দিন ছয়  ৷৷ ৫.১১.২০১৫
৮. তাগিন চাঙৰ অন্তিম নিশাটি



চাওঁতে চাওঁতে অান্ধাৰে কেতেনালাক সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলালে৷ আন্ধাৰ হল মানেই কৰিবলৈ একো নাই৷ অথৰ্ব বৃদ্ধৰ দৰে ঘৰ-বন্দী সকলোজন৷ বাহিৰত এটাও নৰ-মনিচ দৰবত দিবলৈ লাগে বুলিলেও নাই৷ ইলেকট্ৰিচিটিটো নায়েই৷ চলাৰ লাইট কেইটামান জ্বলিছে ঢিমিক-ঢামাককৈ৷ হিচাপ কৰিব পৰাকৈ কেইটামান চাংঘৰৰ জলঙাৰে বগা পোহৰ বিৰিঙিছে৷ জুহালৰ জুইকুৰাহঁতৰ কম্পমান পোহৰহে পিছে তাতোকৈ এখোপ চৰা৷ বগাতকৈ বেছি কমলাৰঙী পোহৰ৷ সৌৰৰশ্মিৰ তীব্ৰতা আৰু সময় দুয়োটাই যথেষ্ট কম হোৱা হেতুকে পাহাৰৰ মাজত বেটেৰী ভালকৈ চাৰ্জ হবলৈয়ে নাপায়৷ ফলত স্তিমিত আলোক আৰু ছায়াচ্ছন্ন প্ৰতিখন চাং৷ কোঠালিৰ ভিতৰতো ইফাল-সিফাল কৰিবলৈ টৰ্চ লাইটেই মানুহবোৰৰ অত্যাৱশ্যকীয় সংগী৷ পাৰ্বত্য জনসাধাৰণৰ দৈনন্দিনৰ জোখটো এনেকৈয়ে সংকুচিত হৈ পৰে৷ ভূ-প্ৰাকৃতিক কাৰণতে আনৰ তুলনাত কৰ্মসময় কম৷ এনে স্থানত সৰহ দিন থকাটো বহুতৰে বাবে আমনিদায়কেই হব চাগৈ৷ অান্ধাৰ আকাশখনলৈ চাই চাই সৰ্বশৰীৰত শীতলতাৰ প্ৰলেপ সানি আমিও ইতিমধ্যে নিৰ্দিষ্ট চাঙত স্থিতি লৈছোঁহি৷ ক্ষন্তেক আগৰ দৃশ্যপট ৰিজাই চাই এনে লাগিছে, কাৰবাৰটো ঠিক সন্ধিয়া হলে চৰাইবোৰ নিজ নিজ বাহলৈ ওভতাৰ দৰেই৷

কি কৰা যায়? সময়বোৰ নাযায়-নুপুৱায়৷ দপ্‌দপীয়া একুৰা জুই মুখৰ আগত লৈ গল্প কৰি বহি আছোঁ আমি৷ জুইকুৰাই কোঠাটো গৰম কৰি ৰাখিছে৷ ভজা বাদাম চোবাই চোবাই পষ্টমৰ্টেম চলিছে ট্ৰেকিং অভিযানটোৰ৷ পাহাৰী পৰ্যটনৰ দিশত এই ঠাইৰ সম্ভাৱনা কিমান, তাকে লৈ থলুৱাৰ আৰ্থ-সামাজিক পৰিৱৰ্তনৰ সম্ভাৱনীয়তা শীৰ্ষক আলোচনা-বিলোচনা চলিছে৷ দেশী-বিদেশী ভ্ৰমণকাৰীৰ মুক্ত বিচৰণৰ বাবে অপৰিহাৰ্য বুলি বিবেচিত শান্ত ৰাজনৈতিক আৰু সামাজিক বাতাবৰণ এইফালে নথকা নহয়৷ ঘাতুক তাগিনৰ পূৰ্বৰ চৰিত্ৰৰূপো এতিয়া আৰু নাই৷ ৰাঙলী দা কেতিয়াবাই খাপত সোমাল৷ গতিকে নিজে ঠিক থাকিলে, মিলিব জানিলে তেনেকুৱা শংকাজনক কথা একো নাই৷ আমি দহজন তাৰে প্ৰমাণ৷ তাৰ ভিত্তিতে প্ৰকৃতিৰ প্ৰচুৰতাক কামত খটুৱাই কেতেনালাক নতুন ধাৰণাৰে গঢ়ি তুলিব পাৰি৷ পৰ্যটকৰ থকা-খোৱাৰ ক্ষেত্ৰত তানিহঁতৰ দৰে পৰম্পৰাগত আৰ্হিৰ চাংঘৰবোৰেই আৰামদায়ক আৰু নিৰাপদ হোমষ্টে আগ বঢ়াব পাৰে৷ আতিথেয়তাৰ ক্ষেত্ৰত ম্ৰা দম্পতীয়ে ইতিমধ্যে বিচক্ষণতাৰ পৰিচয় দিছেই৷ তাৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পৰ্যটন সৌন্দৰ্যবৰ্ধনত গুৰুত্ব দিব লাগিব৷ পানী, পায়খানাৰ আকাল বা সমস্যা বুলিবলৈ শূন্য৷ অপৰিকল্পিতভাৱে কোনেও প্ৰকৃতি বিনষ্ট কৰিব নালাগিব৷ এই লক্ষ্যত এতিয়া স্থানীয় মানুহখিনিক উদ্বুদ্ধ কৰাহে কথা৷

আমি কোনো চৰকাৰী নিমখ খোৱা সংশ্লিষ্ট দপ্তৰৰ পদাধিকাৰী বা কৰ্মচাৰী নহওঁ৷ কোনো বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰো প্ৰশিক্ষণপ্ৰাপ্ত, অভিজ্ঞ আৰু দায়বদ্ধ, কুশল কৰ্মকৰ্তা নহওঁ৷ তৎসত্ত্বেও তানি, আমাকে ধৰি চাঙত উপস্থিত থকা মানুহবোৰক ইক-টুৰিজিম আৰু তাকে লৈ আহি থকা দিনবিলাকত অৰুণাচলৰ পট পৰিৱৰ্তনৰ বিষয়ে খোলাখুলিকৈ জনাই দিয়া হৈছে৷ বিশ্বৰ এক নম্বৰ টুৰিষ্ট স্পটলৈ উন্নীত কৰাৰ প্ৰক্ৰিয়া এটাযে ৰাজ্যখনত চলি আছে, তাৰ উমান সিহঁতে নাপায়৷

তেনেতে নিকেলে খবৰ আনিলে যে ৰাতিপুৱা ইয়াৰ পৰা যাবৰ বাবে গাড়ী ঠিক হৈ গল৷ দুখন টাটা চুম৷ লিমেকিং-ডাপৰিজো লাইনত চলে যদিও আমাৰ দলটোৰ বাবে সমুদায় চিট কিনি পেলোৱা হল৷ মানে ৰিজাৰ্ভ৷ প্ৰয়োজন অনুসাৰে নিত্যনৈমিত্তিক সময়সূচীৰ সালসলনি ঘটাই সম্ভ্ৰান্ত যাত্ৰীসকলৰ সুবিধানুযায়ী পুৱা যাত্ৰাটো শুভাৰম্ভ কৰিব পৰা যাব৷

গাড়ীৰ ব্যৱস্থা হৈ উঠা বুলি শুনিয়েই জুহালৰ চৌপাশে উৎফুল্লিত গুণগুণনি কিছুমানে বিৰাজ কৰিলেহি৷ ছেঃ, এইটো বাহানাতে আৰু এটা দিন ইয়াত ৰৈ যোৱাটো তলে তলে কামনা কৰি আছিলোঁ, তাৰো মুদা মৰি থাকিল৷ গৃহস্থনী আমা ম্ৰাৰ দুচকুলৈ চালোঁ৷ ককায়েক তথা আমাৰ গাইড নিকেল নালই অনা খবৰটোক লৈ তায়ো যেন এশ শতাংশই আনন্দিত হৈ উঠিব পৰা নাই! সিদিনা সন্ধিয়া আকস্মিকভাৱে আৱিৰ্ভাৱ হোৱা ১১জনীয়া দলটোৰ উপস্থিতিৰ ক্ষণ ধৰি চাংখনে প্ৰাণ পাই উঠাটো তাইৰ বাবেও উপভোগ্য হৈছে বুলি প্ৰথম নিশাৰ আড্ডাতে অকপটে স্বীকাৰ কৰিছিল মানুহজনীয়ে৷ তাৰ পাছৰে পৰাই হাঁহি-মাতি আপোন হৈ পৰিছে আমাৰ লগত৷ এতিয়া কোন সতেৰেনো হঠাতে বিদায় কামনা কৰে অচিনাকি-চিনাকি আপোনজনৰ?

টীম লীডাৰ জয়ন্তদাই সিদিনা ডাপৰিজোতে কেচিয়াৰৰ দায়িত্বটো মোৰ কান্ধত দি থৈছিল৷ মজিয়াত লেপেটি কাঢ়ি বহি লৈ তেওঁ খাতাখন উলিয়াবলৈ কলে৷ সিদিনাই তেওঁ হস্তান্তৰ কৰা মূল ৰোকড় বহীখন বাদ দি হাত দিলেই ঘপকৈ পোৱা নিজৰ পকেট নোটবুকতে জমা-খৰচৰ অংকবোৰ সংক্ষেপে টুকি গৈছিলোঁ৷ ৰাক্‌চেকত সুমুৱাই ৰখা আচল বহীখন টান মাৰি উলিয়াই ততালিকে আপ-টু-ডেট কৰি পেলোৱা হল৷ পৰৱৰ্তী নিৰ্দেশ অহাত জমা-খৰচৰ তহবিল সকলোৰে জ্ঞাতাৰ্থে পেছ কৰা হল৷ হিচাপ-কিতাপৰ ক্ষেত্ৰত স্বচ্ছ আৰু নিকা হৈ থকাটো স্বাস্থ্যৰ পক্ষে ভাল৷ দলীয় সংঘবদ্ধতা আৰু মুকলি মনৰ হাঁহি-খিকিন্দালিবোৰ তেতিয়া ঠিকে থাকে, বাঢ়ি থাকে৷ অন্যথা অসন্তুষ্টি আৰু ভাঙোন অৱশ্যম্ভাৱী৷ ভ্ৰমণৰ প্ৰস্তাৱ পুনঃ পুনঃ পাবলৈ আৰু দিবলৈ হলে এইটো গুৰুত্বপূৰ্ণ৷ মিতব্যয়িতা অন্য এক মন কৰিবলগীয়া দিশ৷ টীম মাৰ্কপলৰ বিগত ভ্ৰমণ কালতো হিচাপ ৰক্ষকৰ পদবী ময়ে চম্ভালিবলগীয়াত পৰিছিলোঁ৷ তেতিয়াৰ পৰাই বুজিছোঁ৷

বাহিৰত এটোপ দুটোপকৈ বৰফৰ বৰষুণ সৰিছে৷ সোৱণশিৰিৰ আগ্ৰাসী খৌ-খৌ ধ্বনিয়ে সেই শব্দক আমাৰ কাণত পৰিবলৈ দিয়া নাই৷ বাহিৰলৈ ওলাই আহিহে গম পালোঁ৷ ইফালে আমা আৰু ওচৰৰ তিৰোতা কেইজনীমানে মিলি কেতিয়াবাই ৰন্ধা-বঢ়া সামৰিলে৷ আমি অহা বুলি খবৰ পাই লাচনি-পাঁচনি কৰিবলৈ বোৱাৰী-জীয়ৰী কেইবাজনীও অহাটো মন কৰিছোঁ৷ মানুহবোৰ সৰলচিতীয়া আৰু হাঁহিমুখীয়া৷ দলৰ আটায়ে একেলগে ভাত খালোঁ৷ ভাতৰ পাছত আকৌ আড্ডা৷ তাৰ মাজতে দিনটোৰ ক্লান্তিয়ে হেঁচি ধৰাত কোনো কোনোজন শেতেলিত ঢলি পৰিলেই৷ পুৱা সোনকালে যাত্ৰা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ কাৰণ লক্ষ্য দূৰণিবটীয়া৷ ৰাস্তাও ঠিক নহয়৷ ফলস্বৰূপে আনদিনাতকৈ সোনকালে নিশাটো নিজম পৰিল৷

চাঙলৈ নীৰৱতা নামি অহাৰ সময়তে তানিৰ নিৰ্দেশত আমাই কাগজ এজাপমান উলিয়ালে৷ পৰৱৰ্তী নিৰ্দেশত সেইবোৰ মোক দেখুৱাবলৈ কোৱা হল৷ কথাৰ লগে লগে শুকান খৰি কেইডালমানো জুইকুৰাত জাপি দিলে৷ জুইৰ পোহৰৰ লগতে টৰ্চ মাৰি মাৰি এখিলা এখিলাকৈ কাগজবোৰ আমাই মোক দেখুৱাই গল৷ তানিও চাপি বহিল৷ আমাই মাজে মাজে গ্ৰেফৰ সৰু-সুৰা কাম কিছুমান কৰে৷ নহলে ঘৰ চলোৱা, ডাপৰিজোত ৰাখি লৰা পঢ়ুৱাটো কিমান কষ্টকৰ তাই বুজে৷ অফিচিয়েল অৰ্ডাৰকেইটা পঢ়ি চাবলৈ দিয়াৰ পাছত কাগজবোৰত লিখা কথা কিছুমান জানিবৰ আগ্ৰহ কৰিলে৷ ইংৰাজীত কি লিখা আছে সিহঁতে পঢ়িব নোৱাৰে৷ লৰাটো হোষ্টেলৰ পৰা ঘৰলৈ আহিলেহে পঢ়ুৱাই জানি লব পৰা হয়৷ চহী কত কৰিব লাগে সুধি আমা অন্য এটা কোঠালৈ গল৷ ঘূৰি আহোঁতে হাতত নতুন ষ্টাম্পপেড এটা৷ মই দেখুৱাই দিয়া স্থানবোৰত এফালৰ পৰা তাই বুঢ়া আঙুলিৰ ছাপ বহুৱাই গল৷ ততালিকে মোৰ মনত পৰিল, অ’ এইটো দৰকাৰতে সিদিনা তাই এবাৰ সুধিছিল, মোৰ হাতত বা দলটোৰ কাৰোবাৰ লগত ষ্টাম্পপেড আছে নেকি বুলি৷ নাই বোলাত নিজে যোগাৰ কৰি এতিয়া এয়া ব্যৱহাৰ! 

সি যি কি নহওক, দম্পতীহালক এইকণ সহায় কৰিবলৈ পোৱাৰ বাবে নিজৰে কিবা এটা ভাল লাগিল৷ শুবলৈ যোৱাৰ আগে আগে আমাই খাটনি ধৰিলে যে কাইলৈ পুৱা চুমত তাইকো উঠাই নিব লাগিব৷ কাম এটাৰ বাবে ওচৰৰে এঠাইলৈ যোৱাটো প্ৰয়োজন হৈছে৷ দুয়োখন চুম নিকেলে আমাৰ বাবে ৰিজাৰ্ভ কৰি পেলোৱা হেতুকে আহ-যাহ কৰিবলৈ খোজ কঢ়াৰ বাদে কাইলৈ কোনো বিকল্প নাথাকিব৷ চিন্তা কৰিলোঁ, কি কৰা যায়? টীম লীডাৰ জয়ন্তদা শুলেই৷ পাছত যি হয় হব বুলি তেওঁক নোসোধাকৈয়ে মই হব বাৰু, দেখা যাব বুলি আশ্বাস দি থলোঁ৷

ট্ৰেকিঙৰ ভাগৰত ৰৈ থাকিব নোৱাৰি অথনিতেই মোৰ কাষতে শুই পৰিল কেপ্টেইন কলিতা৷ তেৰাকে প্ৰমুখ্য কৰি কেইবাটাও নাকে ইতিমধ্যে ইফালে-সিফালে ঘোৰ্ঘোৰাবলৈ আৰম্ভ কৰি দিছে৷ তাকে শুনি, নাকবোৰলৈ চাই চাই আমাই খিলখিলাই হাঁহিছে৷ এই হেলিকপ্টাৰ বেমাৰটোৰ দৰব নাই৷ উঠি গৈ অশ্ৰাব্য শব্দৰ উৎপত্তিস্থল, বদনামী নাককেইটাত এফালৰ পৰা টেপা একোটা মাৰি দিওঁগৈ যেনো লাগি গৈছে৷ নহলে এইটো খাটাং যে কাইলৈ আমি গুচি যোৱাৰ পাছত তানিৰ জুহালত বহা আড্ডাত নিশ্চিতভাৱে হাঁহিৰ খোৰাক হৈ পৰিব আজিৰ এই সংগীত সন্ধিয়া৷ আমা, তানি আৰু মই, আমি তিনিওহে সাৰে আছোঁ৷ নাসিকাগৰ্জনত ব্যস্তকেইজনক বাদ দি বাকীসকলেও নিঃপালি দিলে৷

দম্পতীহালৰ কামটো সুকলমে হৈ যোৱাৰ পাছত নিজৰ শ্লীপিং বেগটো খুলিলোঁ৷ প্ৰথম নিশাটোৰ দৰেই তানিয়ে আথে-বেথে গাৰু আৰু কম্বল আগতেই আনি দি থৈছিল৷ বাহিৰ ফুৰিবলৈ যাওঁতে বৰষুণৰ কণিকা কিছুমানে গালে-মুখে ৰোমাঞ্চকৰ শীতলতা সানি বেলেগ ধৰণৰ অনুভূতি এটা সঞ্চাৰি গল৷ সৃষ্টিকৰ্তাৰ প্ৰতি গদগদ ভাব লৈ ততাতৈয়াকৈ কোঠাৰ ভিতৰ সোমালোহি৷ মনৰ কেমেৰাত দিনটোৰ ছবিবোৰ ৰিৱাইণ্ড কৰি থাকি এটা মুহূৰ্তত ময়ো কব নোৱাৰা হৈ পৰিলোঁ৷




(পৰৱৰ্তী খণ্ড - কেতেনালাৰ বিদায়ী পুৱাটি)

No comments:

Post a Comment