Friday, 17 June 2016

দিন সাত  ৷৷ ৬.১১.২০১৫
১. কেতেনালাৰ বিদায়ী পুৱাটি




One sees great things from the valley; only small things from the peak. G. K. Chesterton

অভ্যাসৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পুৱা সোনকালেই শ্লীপিং বেগৰ পৰা ওলালোঁ৷ সন্মুখত নতুন প্ৰস্তুতিৰে ভৰা এটা শীতল পুৱা৷ পোহৰ আছে, বেলি নাই৷ হলেও খদমদম লাগি গৈছে সংগীসৱৰ, ডাপৰিজো অভিমুখী দীঘলীয়া যাত্ৰাটোৰ বাবে৷ সমূহীয়া খোজৰ দপ্‌দপনিয়ে চাংঘৰৰ বাৰাণ্ডাখনত এক ধৰণৰ কোলাহলৰ সূত্ৰপাত ঘটাইছে৷ প্ৰকৃতিৰ আৱেগময়তা এৰি কৰ্মচঞ্চল জীৱনৰ কঠোৰতাৰ ফাললৈ এখেপ উভতি যাবলৈ সাজু হৈছোঁ আমি সকলোটি৷ তাৰ পাছত থাকিব আৰু দুই-তিনি-চাৰি খেপ৷ তাৰ পাছতহে নিজাঘৰ ৷ সেমেকা পুৱাটোৰ মধুৰ মাদকতাই মনবোৰ যেন পূৰ্ণ কৰি পেলাইছে৷ তুলনামূলকভাৱে সোনকালে আজি শ্লীপিং বেগ এৰা দেখা গল কেইবাজনো সংগীক৷

এই ঠাইৰ আবহাৱা এতিয়া আমাৰ পৰিচিত৷ জুৰিৰ পানী ২৪ ঘণ্টাই পৰি থকা ৰাস্তাৰ কাষৰ পাইপডালৰ ওচৰ পালোঁগৈ৷ প্ৰাচীন গাম্ভীৰ্যৰে পৰিপূৰ্ণ কেতেনালাৰ শৈল পাহাৰখনে একধ্যানে আমাৰ ফালেই চাই আছে৷ কাণত একেৰাহে বাজি আছে সোৱণশিৰিৰ খল্‌-খল্‌ সুমধুৰ সংগীত৷ এই সংগীতত কোনো কৃত্ৰিমতা নাই, নাই অলপো যান্ত্ৰিক হুলস্থূল৷ নাতিদূৰৰ থিয় থিয় পৰ্বতবোৰো শান্ত-সমাহিত৷ কুঁৱলীসনা চৌপাশ৷ সকলো কথাই প্ৰাকৃতিক৷ কৃত্ৰিমতাৰ ৰহণ অকণো নাই৷ সকলোৱেই স্বতঃস্ফূৰ্ত৷ কৃপাময় প্ৰকৃতিৰ বুকুৰ পৰাই আৰম্ভ মানৱ জাতিৰো জীৱনৰ স্পন্দন৷ আচলতে প্ৰকৃতিৰ ওচৰত কিমানযে ঋণদায়গ্ৰস্ত আমি! ভাবিলে কিবা আউল লাগি যায়৷ কেতেনালাৰ সামগ্ৰিক পৰিৱেশে যেন পুৱাই পুৱাই তাকেই কৈ গ'ল গুণগুণাই৷

এনে ধৰণে মাজে মাজে মনলৈ অহা কথাৰ ধুমুহাবোৰে মোক অন্যমনষ্ক কৰি তুলিছে গৃহমুখী প্ৰস্তুতিত৷ আনৰ তুলনাত একো সামৰিবই পৰা নাই মই৷ টুথব্ৰাছডাল মুখত ভৰাই, দেখি থকা চাংঘৰবোৰলৈ চাই চাই পায়চাৰি কৰি থাকি আকৌ এবাৰ ভাবিলোঁ, আধুনিক সভ্যতাৰ পৰা বহুযোজন দূৰত দশক দশক ধৰি অতীত পাত কৰিছে এই মানুহবোৰে৷ সম্ভাৱনাৰহিত তেওঁলোকৰ বৰ্তমান৷ অনিশ্চিত ভৱিষ্যতৰ পৰা এই জীৱনবোৰৰ পৰিত্ৰাণৰ উপায় কি হব পাৰে? চিন্তা কৰি পাৰ পোৱা নাই৷ হাৰিয়ানী দেবিন্দৰ আৰু বৰুণক বাদ দি জন্মাৱধি আমিকেইটা অসমৰ, ইহঁত অৰুণাচলৰ, পৰস্পৰ চুবুৰীয়া৷ পূৰ্বতে একেলগেই থাকি পাছলৈ ভৌগোলিকভাৱে পৃথক হৈ পৰিল আমাৰ পূৰ্বপুৰুষ৷ দুটুকুৰা ভূখণ্ডৰ ভিন্ন ভিন্ন প্ৰান্তৰ ভিন্ন ৰূপ আৰু বৈশিষ্ট্যৰ মানুহ আমি৷ ভাৰতীয় আমাৰ কমন আইডেনটিটি৷ ত্ৰিৰংগ পতাকাৰ তলত আমি এক৷ সেয়াই দেশৰো শক্তি৷ এই শক্তি এই আইডেনটিটি ধৰি ৰাখিবই লাগিব৷ সীমা ভেদি সোমাই আহোঁ আহোঁকৈ থকা কেইকিলমিটাৰ আঁতৰৰ বিদেশী শক্তিটোক তেহে প্ৰতিহত কৰিব পৰা যাব৷

জীৱনমুখী আৰু সুৰীয়া, কোবাল নৈ এখনৰ পাৰত ব্যতিক্রমী চৰিত্ৰৰ আদিমবাসী সমাজ এখনৰ সৈতে দুদিনীয়া নিবিড় একাত্মতা আমাৰ৷ এই পৰিক্রমা কাৰ্যতঃ আজি অন্ত পৰিলেও মনত থাকি যাব সৰলপ্ৰাণ গৃহস্থ আৰু আমি দেখা পোৱা, লগ পোৱা স্থানীয় বসবাসীৰ মুখবোৰ, সিহঁতৰ অনুভূতিকোমল হৃদয়ৰ ঝংকাৰবোৰ৷ চৰকাৰী বিধি-ব্যৱস্থা অনুযায়ী  নিয়মমাফিক অৰুণাচললৈ আহিবৰ বাবে আমাক ইনাৰ লাইন পাৰ্মিটৰ দৰকাৰ আছিল ঠিকেই৷ লগত লৈও অহা হৈছে৷ পিছে ইহঁতবোৰ আৰু আমাৰ মনৰ মাজত দেখো কোনো ইনাৰ লাইনেই নাই! আটাইবোৰ দিদি-বহন আৰু দাদা-ভাইয়া৷

সদ্যহতে বিদায় বেলা সমাগত৷ ভ্ৰমণ-পীড়াৰ অনিৰ্বচনীয় উত্তেজনাৰ সমাপ্তিত গতানুগতিক আৱেগজৰ্জৰ ভাষিক শলাগ জ্ঞাপনেৰে তানি-আমাহঁতক লঘু নকৰোঁ বুলিয়ে মনে মনে গমি থলোঁ৷ হৃদয় ভৰিলে মুখৰ ভাষা হেৰায় বুলিও কথা এষাৰ নথকা নহয়৷ সেয়াই হৈছে মোৰ ক্ষেত্ৰতো৷

কেতেনালাৰ তাগিন গৃহত আমাক আশ্ৰয় দিছে, ভাত ৰান্ধি খুৱাইছে, উন্মুক্ত দা আৰু বন্দুক লৈ নিৰাপত্তা দিছে৷ কোনোফালেই অসন্তুষ্টিৰ সামান্যতম প্ৰকাশ দেখা নাই পোৱা৷ দুৰ্গম পাহাৰত এওঁলোকেই আমাৰ সাহস আৰু সাৰথি হৈ ৰৈছে৷ ঘোঁকটৰ এনেকুৱা অচিনাকি ঠাইত বিশ্বাসী বন্ধুতকৈ আন একোৱেই ডাঙৰ হব নোৱাৰে৷ এই সহযোগিতাৰ প্ৰত্যুত্তৰ দিয়া যায় কিদৰে? গৃহস্থহালে যেনেদৰে আতিথ্য আগ বঢ়ালে সি স্মৰণীয় হৈ থাকিব জীৱনজুৰি৷ তেওঁলোকৰ পৰম্পৰাগত চাংঘৰটোৱেই এইকেইদিন আমাৰ বাবে হৈ পৰিল সুৰক্ষিত নিলয়, উপযুক্ত পাহাৰী পৰ্যটন নিবাস৷

চাহ পৰ্বৰ সমানে সমানে বস্তু-বাহানিবোৰ সামৰি পেলোৱাত সকলোৱে গুৰুত্ব দিছে৷ তেল, নিমখ, ছয়াবিন, পনিৰ, আলু, পিঁয়াজ, বিস্কুট, চাউল, দাইলকে আদি কৰি বস্তা, মোনা আৰু পেকেটবোৰত ৰৈ যোৱা সমস্ত খাদ্য-সামগ্ৰী, বাচন-বৰ্তন ইত্যাদি গৃহস্থনীৰ হাতত অৰ্পণ কৰা হৈছে৷ গ্ৰহণ কৰিবলৈ তাই প্ৰথমে ইতস্ততঃ বোধ কৰিছে৷ পাহাৰীয়া মানুহৰ আত্মসন্মান বৰ বেছি৷ এনেয়ে একো নলয়৷ বলপূৰ্বক যাচিব লগা হৈছে৷ ইফালে সেইসমূহ ঘূৰাই নিয়াৰ পক্ষপাতীও দলৰ এজনোৱেই নহয়৷ যাৰ প্ৰয়োজন তাক যথাশীঘ্ৰে দি দিয়াই উচিত৷

বৰ্তনকেইটা পাইহে তাই যেন অধিক সুখী হৈছে, গিৰিহঁতনীৰ মনটো অধ্যয়ন কৰি তেনেহেন লাগিল৷ পাকঘৰত আগৰে পৰাই চিজিলকৈ থকা চিক্‌চিকীয়া পাত্ৰবোৰৰ কাষতে সেইকেইটাও আলফুলে থলেগৈ৷ ৰন্ধন সামগ্ৰী চক্‌চকীয়া কৰি ৰখাত জয়ন্তীয়া মানুহৰ বিশেষ সুনাম আছে৷ এইফালৰ তাগিনবিলাকো কম নহয় দেখিছোঁ৷ প্লেট, গিলাচ আৰু চামুচবোৰৰ প্ৰসংগ ওলোৱাত কালিয়েই সেইবোৰ তাগেক দি দিয়া হৈছে বুলি জয়ন্তদাই সদৰি কৰিলে৷ তাগেৰ ঘৰত কাৰোবাৰ বিয়া হবলগীয়া আছে হেনো৷ গৃহ-সামগ্ৰীকেইপদ পাই সি বোলে অত্যন্ত সুখী হৈছে৷ অতিথি সৎকাৰত ভাল কামত আহিব৷ ভালেই হৈছে, উচিত পাত্ৰত দান৷ সেয়ে সি কিনিব খুজিছিল যদিও দি দিয়া হল৷

জুহালৰ ওচৰতে আমাই কিবা এটা কৰি আছে৷ কাষতে বহি ললোঁ৷ ‘‘আউৰ এক কাপ চ্যায় পীয়েগা দাদা?’’ সুধিলে তাই৷ ‘‘খালোঁ নহয়, আৰু নাখাওঁ৷’’ চমু উত্তৰ৷ মোৰ হাতত পেকেটত ভৰাই থোৱা অৱস্থাত চলাৰ লাইটটো৷ ‘‘দিদি, আপোনাক এটা বস্তু দি থৈ যাম৷’’ তাই থতমত খালে৷ কি হব পাৰে! ঢিমিক-ঢামাক পোহৰতেই সন্তুষ্ট থাকে মানুহবোৰ৷ পোহৰৰ যোগাৰ অকণমান দি যাব পাৰিলে কিনো বেয়া কথাটো? এই ভাবি আগৰে পৰাই সাজু কৰি ৰখা পেকেটটো আমাৰ হাতত তুলি দিলোঁ৷ ঘূৰাই-পকাই বাহিৰে বাহিৰে চকু ফুৰাই আলফুলে খুলিলে তাই৷ চলাৰ লাইটটো ওলাই পৰিল৷ কেইবাৰমান জ্বলাই-নুমুৱাই দেখুৱাৰ লগতে সুবিধাবিলাক বুজাই দিলোঁ৷ লাইটটো তাই বুকুৰ মাজত সাবটি ধৰিলে৷ ‘‘ইস লাইট দেনেসে আপকা বহত য়াদ আয়েগা দাদা৷’’ আৱেগবিহ্বল কণ্ঠেৰে অকপট ঘোষণা কৰিলে গৃহস্থনী আমা ম্ৰাই৷




(পৰৱৰ্তী খণ্ড  মিছিমি তিতাৰ সোৱাদ পালোঁ)

No comments:

Post a Comment