দিন ছয় ৷৷ ৫.১১.২০১৫
‘If you want total security, go to prison.
There you're fed, clothed, given medical care and so on. The only thing lacking
is freedom.’
নতুন প্ৰভাতে ভুমুকি মাৰিলে যদিও সূৰুযৰ দেখাদেখি
নাই৷ পুৱাই পুৱাই বৰফৰ বৰষুণ৷ প্ৰচণ্ড শীত৷ ঘপকৈ সাৰ পাই তম্বুৰ চেইনডাল এহাতমান নমাই
বাহিৰখন লক্ষ্য কৰোঁতেই Eisenhowerৰ বাক্যকেইটাই মনত দোলা দিলে৷ ইয়াত আমাৰ স্বাধীনতা
অবাধ৷ হ’লেও শৃংখলা ৰক্ষা কৰি সময়মতেই
উঠি গ’লোঁ৷ বাগৰ সলাই সলাই এপৰলৈ শুই থকাৰ অভ্যাস ঘৰতো নাই, ইয়াতো নহ’ল৷ কোনো নিৰাপত্তাবেষ্টিত জেলখানাত
নাই আমি৷ ফ্ৰীদম ভাল পোৱা মানুহ৷ নিৰাপত্তাশূন্য তম্বুৱেই এতিয়া যাযাবৰী মুছাফিৰখানা, য’ত উপভোগ্য হৈ উঠে মুক্ত বিহংগৰ
দৰে উন্মুক্ত জীৱন, আৰু স্বাভিমানী চিন্তা৷
‘সাগৰ তীৰত পৰি ৰ’লোঁ আমি শামুকৰ খোলা হৈ...৷’ একে সুৰত মনে মনে গাইছোঁ, সোৱণশিৰিৰ তীৰত পৰি আছোঁ আমি...৷ খৌ খৌ শব্দ অনৰ্গল৷ বৈ আছে তৃষাৰ সোণালী নৈ৷ এইকেইদিন এইখনে পাগল কৰিছে আমাক৷ কোনোবাই কৈছিল, ‘প্ৰকৃতিৰ বুকুৰ জনশূন্য এনেকুৱা স্থানবিলাকত মনৰ আৱেগ-উত্তেজনাবোৰক
স্বাধীনতা দিয়া যায়, য’ত মানুহে নৈতিকতাৰ অনুশাসন হেৰোৱাৰ
শংকা মুঠেই নাথাকে৷ আত্মসংযম ক্ষয় হোৱাৰ আশংকাও নাই৷’ ঠিকেইতো৷ নৈতিক শৃংখলা হৈছে প্ৰকৃতিৰ
নিয়মৰে অংশবিশেষ৷ নৈতিকভাৱে শৃংখলাবদ্ধ মানুহ নিজৰ অজ্ঞাতেই প্ৰকৃতিৰ নীতি-নিয়মৰ বশৱৰ্তী
হৈ পৰে৷ প্ৰকৃতিৰ কিযে ভাবিব নোৱাৰা মায়াজাল!
মনৰ আৱেগ-উত্তেজনাবোৰক স্বাধীনতা দিয়াত
ইন্ধন যোগোৱা
এই স্থানটি সোনকালেই পৰিত্যাগ কৰা হ’ব৷ জাননী কালিয়েই দিয়া হৈ গৈছে৷ তাকে শুনি বুকুখন বিষাইছে৷ হ’লেও দলপতিৰ নিৰ্দেশমতে পুৱাতে সকলোটি সষ্টম হৈ উঠিছে৷ প্ৰাতঃকৰ্ম সমাপনৰ পাছতে চাহপৰ্বৰ আয়োজন৷ তাৰ পাছত নিজৰ নিজৰ বস্তু-বাহানি
সামৰা পৰ্ব৷ বস্তু-বাহানি বুলিবলৈও বিশেষ কিনো? গাইপতি ৰাক্চেক্ আৰু শ্লীপিং বেগ
একোটা৷ আৰু তম্বু৷ তম্বুবিলাক খুলি পেলোৱাৰো নিৰ্দেশ আহিল অলপ পাছতে৷
ইতিমধ্যে ভাত-তৰকাৰি সাজু হৈছে৷ টেণ্টকেইটা জাপি
পেলোৱাত ঠাইখিনি আগৰ দৰে মুকলি হৈ পৰিল৷ শান্তিৰ নীড় ভাঙি মনটো যেন অজানিতে কোনোবাখিনিত
বেদনাহত হ’ল! সোণালী নৈৰ পাৰত সেয়া আমাৰ অস্তিত্ব আৰু স্বাভিমানৰ প্ৰতীক আছিল৷ এতিয়া ঠায়ে ঠায়ে ছেদেলি-ভেদেলি হৈ পৰি ৰৈছে মালভাৰীহঁতৰ দ্বাৰা সংগৃহীত বনৰীয়া গছ-লতিকাৰ
ডাল-পাতবোৰহে৷ দুৰাতিৰ বাবে এইবোৰেই আছিল আমাৰ ৰাজসিক তৃণশয্যা৷ এইবাৰ নিৰ্দেশ আহিল ভাত খোৱাৰ৷
ভাত খাই উঠি ক্ষন্তেক জিৰাই কেতেনালালৈ ওভতনি খোজ পেলোৱা হ’ব৷ সময় মূল্যৱান৷
প’ৰ্টাৰহঁতে ভাগে ভাগে বাস্কেটত বস্তুবিলাক চিজিলকৈ সুমুৱাই আছে৷
খাদ্য-বস্তুৰ একাংশ ব্যৱহাৰ হোৱাত ওজন এতিয়া কমিব গতিকে তানিয়ে মোৰ ৰাক্চেক্টো নিজে লোৱাৰ মানস কৰিলে যদিও
কোনো কাৰণতে সৈমান নহ’লোঁ৷ কিয়নো প্ৰদীপদা, অমৰ আৰু
মই নিজৰ ৰাক্চেক্ নিজৰ পিঠিত কঢ়িয়াম৷ প’ৰ্টাৰৰ সহায় নলওঁ বুলি আগতেই থিৰাং কৰা আছে৷ আহোঁতেও লোৱা
নাছিলোঁ৷ শ্লীপিং বেগটোকে জোৰ-জবস্তি নি কোনোবা এটাৰ বাস্কেটত সুমুৱালেগৈ সি৷ নালাগে,
পাৰিম বুলি কৈ খেদা মাৰি গৈছিলোঁ যদিও উহুঁ, নামানিলে৷ কেইকে.জি.মান কমাইহে এৰিলে৷
বিপৰীত দিশৰ পৰা ঘুট্মুটীয়া তিৰোতা এজনী অকলেই
আহি প’ৰ্টাৰবিলাকৰ ওচৰতে পিঠিৰ বোজা
নমোৱা দেখা পালোঁ৷ দুই-এষাৰ পাতিলে সিহঁতৰ দোৱানত৷ তাৰ পাছত গুহা-দোকানলৈ পোনালে, কিবা
বিচাৰি৷ অৰুণাচলৰ চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত প’ৰ্টাৰে ২০ কিল’গ্ৰামকৈ ওজন কঢ়িয়ায়৷ শিলৰ ওপৰত ৰখা এইজনীৰ বাস্কেটটোৰ
ওজন পিছে ২০ কে.জি.ৰ বেছি হ’লেও কম নহ’ব৷ কেনেকৈনো লয়? লৈ চোৱাৰ মতলব এটা আছিল৷ তাই উভতি অহাত সিদ্ধি নহ’লগৈ৷ কম মানুহ নহয় দেই ইহঁত৷
ইমান শক্তিশালী, আৰু সাহসী! তাইৰ ফালে ঘূৰি অবাক নয়নেৰে চাই তাৎক্ষণিক প্ৰতিক্রিয়াটো
মনৰ ভিতৰত এনেকৈয়ে হ’ল৷ এটা বেতৰ বাস্কেটৰ ভিতৰতে
সোমাই থাকে দৈনন্দিন প্ৰয়োজনীয় বয়-বস্তুৰ এখন বিশাল পৃথিৱী৷ বিকল্প নাই৷ দুৰৱস্থাৰ অৱসান
ঘটিবলৈ কিমান দিনযে লাগিব, সেয়াও অনিশ্চিত৷ নিজ চকুৰে দেখা ট্ৰেকবোৰলৈ মনত পৰি যায়৷ এনেকৈয়ে কালাতিপাত কৰি আহিছে পৰ্বতৰ সাহিয়াল,
কষ্টসহিষ্ণু মানুহে৷ দেখিলে আচৰিতো লাগে, দুখো লাগে৷ খং উঠে সেই মানুহবোৰলৈ যিবিলাকে উন্নয়নৰ ঠিকা লৈ থৈছে, অথচ উন্নয়ন কৰি আছে নিজৰ আৰু অঙহী-বঙহীৰ৷ ভৈয়ামৰ তুলনাত কিমান কষ্টকৰ এই মানুহবোৰৰ জীৱন!
৯.০০ বজাত ট্ৰেকিং আৰম্ভ হৈ গ’ল৷ জয়ন্তদা, কেপ্টেইন কলিতা, লেফটেনেণ্ট সিং আৰু আনসকলৰো হাতে হাতে ৱাকিং ষ্টিক৷ কেপ্টেইন কলিতাই পৰ্বতাৰোহণকাৰী খৰছিং তেৰাঙৰ পৰা ৰাক্চেক, হে’ড লাইট আৰু ৱাকিং ষ্টিক খুজি লৈ আহিছে৷ মোৰ পিছে ৱাকিং ষ্টিক ব্যৱহাৰ কৰাৰ অভ্যাস আগে-পিছে কেতিয়াও নাই৷ হাত দুখন মুকলি থাকিলেই ভাল লাগে৷ তাতে
ডিঙিত ওলমি আছে নিকন কেমেৰাটো৷ হাত বন্দী হ’লে ফটো তুলিম কেনেকৈ? এখন হাতো আৱদ্ধ কৰাৰ মন নাছিল যদিও দাঁতিতে পৰি থকা, বােধ হয় কোনোবাই এৰি যোৱা বেতৰ ধুনীয়া দণ্ড এডাল দেখি ময়ো লাহেকৈ তুলি ল’লোঁ, কেনেকুৱানো লাগে চাওঁ বুলি৷ পিঠিৰ ৰাক্চেকটোৰ সৈতে সেইডাল হাতত লৈ নিজকে কিবা পৰ্বতাৰোহণকাৰী পৰ্বতাৰোহণকাৰীৰ দৰেই লাগি গ’ল!
ষ্টাৰ্ট বুলি কোৱাৰ লগে লগে বোকাপানী ফালি দলটো
আগুৱালে৷ ঘৰমুখী যাত্ৰা৷ সংগীসৱৰ মুখত হাঁহি আৰু উলাহ৷ মোৰ কিন্তু ওলোটা৷ তাকচিং নোপোৱাৰ দুখ৷ সেই বেদনাৰে হৃদয় যিমানেই সিক্ত নহওক কিয়, ১৭জনীয়া ওভতনি সমদলত এতিয়া চামিল হ’বই লাগিব৷ বেলেগ উপায় নাই৷ কথাটো বুজি পাইছোঁ যদিও দুৰ্গম তাকচিঙত কিবাকৈ এবাৰ ভৰি থ’ব নোৱাৰা পৰ্যন্ত মনে হ’লে নামানিব৷ লক্ষ্য সাকাৰ কৰিব নোৱাৰা পৰ্যন্ত আসক্তিটো ভৱিষ্যতলৈকোযে থাকি যাব, সেইটো নিৰ্ঘাত সত্য৷
(পৰৱৰ্তী খণ্ড - বিদায়
গেলেন চিনিয়াক)
No comments:
Post a Comment