দিন ছয় ৷৷ ৫.১১.২০১৫
নৈৰ পাৰে পাৰে গতি কৰি থাকোঁতে বিহুনাম এফাকি
মনত পৰিছে…
‘সোৱণশিৰি নদীখন ভেটিলে ঐ সোণাই ধন
লোহাৰে ঐ শলখা মাৰি,
তোমাকে আমাকে ভেটিলে ঐ সমাজে
দুটি দেহা দুফালে কৰি৷’
সোৱণশিৰিক লৈ সেয়া অসমীয়া মানুহে গোৱা বিহুনাম৷
সেইখন সোৱণশিৰিৰে নিজ বুকুৰে ওলোৱা, কেতিয়াও নুশুনা নদী-সংগীতৰ তালে তালে এতিয়া অকলে
অকলে খোজ দি আছোঁ দুশাৰী পৰ্বতৰ মাজৰ কুমাৰী সুবাস দেহে-মনে আঁকোৱালি লৈ৷ পৰ্বতৰ বক্ষত দলৰ
লগ এৰাৰ পাছৰে পৰাই তেনেকৈ আগুৱাই গুচি আহোঁতে গভীৰ অৰণ্যই ভয় খুৱালেও ক্ষতিকাৰক বাধা
হ’লে ক’তো এটাও নাপালোঁ৷ তেনেকৈয়ে সুগভীৰ
গিৰিখাদ আৰু খলা-বমাবোৰ অতিক্রম কৰিলোঁ এককভাৱে৷ শেষত নৈও অতিক্রম কৰিলোঁ৷ সেই সাহসেৰেই
মৰসাহসী হৈ এতিয়াও, একো বিঘিনি নহয় বুলি দৃঢ়চিত্তে সোঁপাৰেৰে আহি আছোঁ৷ বাঁওহাতে নীলা-সেউজীয়া
সোৱণশিৰিখন৷ ইলেকট্ৰিফায়িং কাৰেণ্টেৰে সমৃদ্ধ নৈখনক কোনো কোনো অংশত ন-বোৱাৰীৰ দৰে গহীন
ৰূপত দেখা পাইছোঁ৷ লগত কোনো নথকা অৱস্থাত নদী-সংগীতেই এতিয়া হৈ পৰিছে বাটৰ সুৰীয়া সংগী৷
মনলৈ আহিল জোতাৰ গ্ৰীপৰ কথা৷ বিশ্বাস এতিয়াহে সম্পূৰ্ণ
হ’ল যে জোতাৰ গ্ৰীপ মোৰ ঠিক আছে৷ কেনিও অকণমানো পিছল খোৱা নাই, এবাৰো
ভৰিৰ সৈতে বিশ্বাসঘাতকতা কৰা নাই জোতাযোৰে৷ বৰুণে সিদিনা নাচ্ছোত বুজাইছিল খোপনিৰ টেকনিকেল ব্যাখ্যা৷ এতিয়া অৱশ্যে তেনেকুৱা অসুবিধাজনক বা চিন্তা কৰিবলগীয়া আৰু একোৱেই নাই৷ আগলৈ
চাই যিমান পাৰি বেগাই খোজ দিয়া হওক, মনতে নতুনকৈ ভাবি ল’লোঁ৷ হাবি থাকিলেও ফৰ্মেচন কাটিং
হৈ থকাত ৰাস্তাটো মুকলি৷ নৈখনো কিছু দূৰলৈকে পৰিষ্কাৰভাৱে ওলাই আছে৷ অজানা অৰণ্য আৰু
পৰ্বতে হেঁচি ধৰা পৰিৱেশটোৰ পৰা এইছোৱা ভাল লগা ধৰণে মুক্ত৷ তাকে দেখি অকলশৰীয়া হোৱাৰ দুঃসাহসটোও
আপোনা-আপুনি বাঢ়ি গৈছে৷ জিভাত থকা চকলেটৰ টুকুৰাই ভাবিব নোৱাৰাকৈ শক্তিৰ যোগান ধৰি
আহিছে৷ নিজকে এনেকৈ প্ৰকৃতিৰ মাজত হেৰাই যাবলৈ দিয়াত বেলেগ ধৰণৰ মজা বা আত্মতুষ্টি এটা আছে৷ নিজৰ প্ৰাণৰ সৈতে কথা পতাৰ এইবোৰেই সুযোগ৷ তেনেকৈয়ে গৈ আছোঁ৷
এঠাইত ৰাস্তাটোৰ পৰা কিছু উচ্চতালৈ আৰোহণৰত অৱস্থাত
এম. কে. মোহনক দেখা পালোঁ৷ যাবৰ দিনা নিকেল আৰু মোক তেওঁ ৰঙা চাহ খুৱাই পঠাইছিল৷ চকুৱে
চকুৱে পৰাত হাত দাঙি ইংগিত দিলোঁ৷ নীলা হেলমেটটো খুলি তেওঁ চালে৷ ততালিকে চিনিলে৷ হাঁহি
মাৰি সুধিলে, ‘‘ৱাপচ আ গয়া?’’ ৰাস্তা নিৰ্মাণৰ উদ্দেশ্যত ভালেমান
দিন ধৰি এই বনাঞ্চলত কৰ্মৰত মিষ্টাৰ মোহন সুদূৰ কেৰালাৰ মানুহ৷ তেওঁৰ লগত থকাজনে টিফিন
কেৰিয়াৰত কেম্পৰ পৰা আহি পোৱা দুপৰীয়াৰ আহাৰ ভগোৱাৰ যো-জা চলাইছে৷ আমাৰ বাকীসকল
সংগী অহালৈকে তাতে ৰ’বৰ ইচ্ছা এটা হৈছিল৷ কিন্তু পিছ
মুহূৰ্ততে সিদ্ধান্ত সলনি কৰি পদচালনা অব্যাহত ৰাখিলোঁ৷ পুনৰবাৰ হাত জোকাৰি আঁতৰি আহিলোঁ মোহনৰ পৰা৷
পিছফালে এৰি থৈ অহা ৰহস্যময় পাহাৰৰ শিখৰবোৰ এটা
দুটাকৈ ক্ৰম অনুসাৰে অদৃশ্য হ’বলৈ আৰম্ভ কৰিছে৷ কিমান বিস্ময়যে লুকাই আছে সেই পাহাৰৰ বুকুত, এই অৰণ্যৰ
মাজত! আগৰ কেঁকুৰি এটা ঘূৰোঁতে ৰক্ ড্ৰিলাৰ চলাই থকা কৰ্মী এজনক পালোঁ৷ ৰিম’ট কণ্ট্ৰল ব্যৱস্থাৰে আঁতৰৰ পৰাই
তেওঁ অ’পাৰেট কৰি আছে৷ দুৰন্ত গতিত ঘূৰি
আছে ড্ৰিল বিটটো৷ ধোঁৱাময় হৈ পৰিছে উপৰিভাগ৷ বিকটভাৱে শব্দময় হৈ পৰিছে সেইছোৱা৷ অ’ত-ত’ত ইতিমধ্যে কৰি উলিওৱা বিন্ধা
কিছুমান৷ পিছত সেইবোৰতে বিস্ফোৰক স্থাপন কৰিব৷ ব্লাষ্টিঙৰ জৰিয়তে শিলাময় পৰ্বতটোৰ একাংশ
ফালি পেলোৱা হ’ব৷ ফলস্বৰূপে ৰাস্তাটো বহল হৈ
পৰিব৷ ৰজনজনাই যোৱা ভয়ংকৰ বিস্ফোৰণৰ শব্দত হতভম্ব হৈছিলোঁ, একো নুবুজি চক খাই উঠিছিলোঁ,
সিদিনা যাওঁতে৷ এতিয়া অকণমান বুজিছোঁ৷ এই কামটোকে এফালৰ পৰা কৰি আহি থকা হৈছে৷ নিৰ্জন
স্থানত কৰা এইটো এটা অতিশয় বিপজ্জনক অথচ গুৰুত্বপূৰ্ণ কাম৷ সকলো নিৰ্মাণ কাৰ্যতে হাঁহি
আৰু কান্দোন, দুয়োটা দিশ থাকেই অৱশ্যে৷ কোনোবা তৰে, কোনোবা মৰে৷ ঘূৰ্ণীয়মান ড্ৰিল
বিট, ক্রাউলাৰ ৰক্ ড্ৰিলিং মেছিন আৰু মেছিন অ’পাৰেটৰজনলৈ কিছু সময় একেথিৰে লক্ষ্য কৰি নিজৰ লক্ষ্যত
ধাৱমান হ’লোঁ৷
এনজ’ নালাৰ ওপৰৰ সেনাই সাজি থোৱা বেইলী ব্ৰীজখন পালোঁহি৷ টি.চি.চি.ৰ
ফালৰপৰা এইখনেই এনেকুৱা প্ৰথম দলং৷ দলঙত পাৰি থোৱা আইৰন শ্বিটত ভৰি পেলোৱাৰ লগে লগে
ধম ধম শব্দ ওলাব ধৰিলে৷ পোনে পোনে সন্মুখলৈ গছ-গছনিৰে আবৃত্ত পাহাৰ৷ সোঁহাতলৈ দীঘলীয়াকৈ
ইউ টাৰ্ন লৈ ৰাস্তাটো সেইফালেই উঠি গৈছে৷ ওপৰলৈ চাওঁতেই চকামকাকৈ অমৰক দেখা পালোঁ৷
সি তললৈ চাই আছিল৷ কিন্তু কি হ’ল জানো, ক্ষন্তেকতে অন্তৰ্ধান হৈ পৰিল দেখোন! ৰৈ থকা সেই উচ্চ স্থানৰ পৰা চিঞৰ মাৰিলে
বা ইংগিত দিলে সঁহাৰি জনাব পৰা গ’লহেঁতেন৷ কিন্তু তেনেকুৱা একো নঘটিল৷ কি হ’ল? কথাটো চিন্তা কৰি চালোঁ৷ অমৰ
আৰু প্ৰদীপদা তাৰ মানে সেইটুকুৰা পাইছে৷ সেইখিনিতে শ্বেৰি থাপা মেম’ৰিয়েলৰ অৱস্থিতি৷ নিশ্চয় দুয়ো তাতে জিৰাই
আছিল৷ ওপৰৰ পৰা তললৈ চাওঁতে দলঙৰ ওপৰত মোক দেখা পালে৷ মোলৈ নৰৈ খৰধৰকৈ খোজ
আৰম্ভ কৰি দিছে৷ তাৰ মানে আগ বাঢ়ি থাকি প্ৰথমেই কেতেনালাত উপস্থিত হোৱাৰ মতলব? ইফালে
হাবিৰ মাজত এক লহমাৰ বাবে হ’লেও মইযে তাৰ মুখখন দেখা পালোঁ, অমৰে বোধ হয় গমেই নাপালে৷ মোক
দেখা পায়ে সিহঁতে তুৰন্তে প্ৰস্থানহে কৰি দিলে! কথাটো ভাবি হাঁহি উঠি গ’ল৷
ব্ৰীজখন এৰিয়ে টাৰ্নিং এটা৷ পুৰণি হৈছে যদিও ৰাস্তাটো
পকা৷ ওপৰলৈ উঠিবলৈ তাতে শ্বৰ্টকাট এটা আছে৷ বৰ থিয়৷ কিছু আগুৱাই আৰু এটা আছে৷ দীঘলীয়া
ইউ টাৰ্নটো পৰিত্যাগ কৰি পিছৰ চমু বাটটোৰে ওপৰলৈ উঠি গ’লোঁ৷ দূৰৰ পৰা ঘূৰি অহা পকা ৰাস্তাটো
মুখৰ আগতে ওলাল যদিও চকুৰে দেখালৈকে আগলৈ কোনো নাই৷ তাৰ মানে আঁতৰি গ’লেই ইতিমধ্যে! প্ৰথম টাৰ্নিংটোত
শ্বেৰি থাপাৰ স্মাৰক৷ সেনাবাহিনীৰ পতাকা উৰি আছে৷ সেইখিনি পালোঁগৈ৷ নাই, তাতো এজনো
নাই৷ গুচি গৈছে৷ তাৰ মানে মই ভবাটোৱেই সঁচা৷ প্ৰথমেই গৈ পোৱাৰ মতলব৷ সেয়েহে মোৰ বাবে নৰৈ দুয়ো
অদৃশ্য হ’ল৷ বীৰ সৈনিকৰ সমাধিত চেলুট এটা
মাৰি ময়ো স্পীড বঢ়াই দিলোঁ৷ আগত জলপ্ৰপাত এটা আছে৷ পানীভাগ ভৰিতে পৰেহি বাবে সাৱধানে
একাষৰীয়াকৈ যাব লাগে৷ জলপ্ৰপাতটো পাৰ হোৱাৰ সময়তে দুয়োজন মোৰ দৃষ্টিত ধৰা দিলে৷ ঘূৰি
চাই অমৰে প্ৰথমে দেখা পালে মোক৷ সি খবৰটো দিলে যদিও প্ৰদীপদাই ঘূৰিয়ে নাচালে৷ ভবাও নাছিল
কিজানি, এনেকৈ পিছফালৰ পৰা কোনোবা প্ৰতিদ্বন্দ্বী হঠাতে আহি ওলাব পাৰে বুলি৷
পাহাৰৰ পাদদেশ স্পৰ্শ কৰি বৈ যোৱা সোৱণশিৰিখন
দূৰত, ওপৰৰ পৰা দেখাত প্ৰকাণ্ড অজগৰ এডালৰ দৰে পৰি থকা যেন লাগিছে৷ নীলা-সেউজীয়া বুকুৰে
ধাৱমান খৰস্ৰোতা জলৰাশি৷ তেনেকুৱা পৰিৱেশত আমাৰ তিনিওৰে মাজত খোজ কঢ়াৰ অঘোষিত প্ৰতিযোগিতা
এখনহে যেন অনুষ্ঠিত হৈছে! হ’লেও মাজে মাজে সুন্দৰ প্ৰাকৃতিক দৃশ্যবোৰৰ ঘপাঘপ ফটো তোলাৰ লোভো
এৰিব পৰা নাই৷ কাৰণ দ্বিতীয় সুযোগ নাই৷
কেতেনালাৰ চুটি বেইলী দলংখন পালোঁগৈ৷ বাঁওহাতে
গ্ৰেফৰ কেম্প৷ সেইখিনিতে প্ৰদীপদাতকৈ অমৰ পিছ পৰিল৷ সি খৰকৈ যাব পৰা নাই৷ বেগ বঢ়াই
মই অমৰক লগ পাই গ’লোঁ৷ কেঁৰাকৈ চাই সি হাঁহিলে৷ বুজি পাই গ’লোঁ, আচলতে উদ্দেশ্য কি৷ প্ৰদীপদা
কোবাকুবিকৈ গৈয়ে আছে৷ মাত-কথা নাই৷ পিছলৈও চোৱা নাই৷ অমৰক পিছ পেলাই প্ৰদীপদাৰ পিছতে স্থান ল’লোঁ৷ তিনিওৰে পিঠিত ৰাক্চেক্৷
হাতত লাখুটি৷ কথা-বাৰ্তা কাৰো নাই৷ ভিতৰি ভিতৰি জোৰদাৰ চেলেঞ্জ এটা চলি আছে৷ ফিনিশ্বিং
এ’ন্দ কোনে প্ৰথমে পাব? অনাহূত প্ৰতিদ্বন্দ্বী মই৷ প্ৰতিযোগিতাত ভাগ লৈ বেঙাটোহঁত
ময়ো যিমান পাৰোঁ সিমান বহলকৈ মেলি দিছোঁ, চকলেটে ভিতৰৰ পৰা বল যোগাই আছে৷ সেইটো ৰহস্য সিহঁতে অৱশ্যে নাজানে৷
সৌৱা কেতেনালা৷ নাতিদূৰত তানিহঁতৰ চাংঘৰটো৷ সন্মুখত
পকী কালভাৰ্টটো৷ সেইখিনিতে প্ৰদীপদাক লগ ধৰি পেলালোঁ৷ ওচৰ পাই একেলগে কালভাৰ্টত উঠোঁতেই
প্ৰদীপদা ৰৈ দিলে৷ কালভাৰ্টটোতে তেওঁ বহি পৰিল৷ দীঘল দীঘলকৈ উশাহ টানিব ধৰিলে৷ ভাগৰ নলগাৰ প্ৰশ্নই নুঠে৷ মই নৰ’লোঁ৷ ৰাস্তাৰ পৰা নামি গৈ পোৱা
তানিহঁতৰ নঙলাকেইডাল দেই চিধা চাঙৰ খটখটিত ভৰি থ’লোঁগৈ৷ হাতৰ লাখুটিডালো সসন্মানে তাতেই এৰি দিলোঁ৷
৯.০০ বজাত গেলেন চিনিয়াকৰ পৰা ট্ৰেকিং আৰম্ভ কৰি
১২.১৫ বজাত কেতেনালাস্থিত চিনাকি বহা পাই গ’লোঁ৷ কেতিয়াও নেদেখা সেউজৰ এবুকু অনুপম চিত্ৰ স্মৃতিত সামৰি-সুতৰি আনন্দমনে খটখটি বগাব ধৰিলোঁ৷ ভৰ পাই মট্মটাই উঠিল চাংঘৰটোৰ বাঁহৰ মজিয়া৷ ভিতৰৰ
পৰা বতাহত ভাহি অহা জুহালৰ ধোঁৱাৰ চিনাকি গোন্ধটোও একে সময়তে নাকত লাগিল৷
(পৰৱৰ্তী খণ্ড –চিনাকি বহাত আকৌ এবাৰ)
No comments:
Post a Comment