দিন ছয় ৷৷ ৫.১১.২০১৫
ভিতৰত কোন আছে নাজানো৷ অলপ পাছতে অমৰ আৰু প্ৰদীপদাও চাঙৰ ওপৰলৈ উঠি আহিল৷
জোতা-মোজা সোলোকাওঁমানে তেওঁলোকেও বাৰাণ্ডাতে ৰাক্চেক্ দুটা নমালে৷ ভিতৰ সোমাবলৈ দুয়োৰে কিবা
অহৈতুকী ইতস্ততঃবোধ৷ পৰ্দাখন দাঙি চালোঁ, ‘দিদি দিদি’ বুলি মাত দিলোঁ৷ আমা নাই৷ কেৱল দাদি নামৰ লেঙেৰী কিশোৰীজনী
আছে ভিতৰত৷ সোমাই গৈ সিদিনাৰ ঠাইডোখৰতে মোৰ ৰাক্চেক্টো ৰাখিলোঁ৷ প্ৰদীপদা আৰু অমৰে
বেগকেইটা ভিতৰত থৈয়ে ভাল ল’ৰাৰ দৰে কোঠালিৰ বাহিৰ ওলাই গ’ল৷ বাৰাণ্ডাতে দুয়ো চকী
পাৰি বহিছে৷
বাহিৰৰ পৰা মোকো
চিঞৰি মাতি আছে৷ ঘনেপতি শুনাই আছে ‘আচিংমুৰি’ৰ সাৱধানবাণী৷ মই বুজি পাইছোঁ যদিও সঁহাৰি জনোৱা নাই৷
তেনেতে অচিনাকি পুৰুষ এজনৰ আৱিৰ্ভাৱ হ'ল৷ ওচৰতে
থকা গীৰ্জাটোৰ তেওঁ পাস্তৰ৷ পৰিচয়ত নতুন যদিও কালবিলম্ব নকৰি তেওঁকেই সুধি পেলালোঁ,
‘‘স্নান কৰিব লাগিছিল, পৰা যাবনে?’’ সিদিনা ডাপৰিজোৰ তাল’ হোটেল এৰাৰ পৰা এইকেইদিন গা
ধোৱাই নাই৷ এতিয়া তালুৰ পৰা তলুৱালৈকে ভালকৈ পখালিবলৈ খুব মন গৈছে৷ ‘‘হাঁ, ইধৰ আয়িএ’’ বুলি তেওঁ মোক পাকঘৰটোৰ কাষতে লাগি চাঙৰ ওপৰতে
থকা আমাহঁতৰ গা ধোৱা ঠাইটুকুৰা দেখুৱাই দিলে৷ কাপোৰ-কানি লৈ সাজু হওঁ মানে খৰধৰকৈ
গৈ পানীৰ পাইপডালো সংযোগ কৰি দিলে সহৃদয় তাগিনজনে৷ হাততে সৰগ ঢুকি পোৱাৰ দৰে লাগিল মোৰ৷ উলাহৰ
কোবত দেখাই নাছিলোঁ যে দৰজা নাথাকিলেও বাথৰুমৰ প্ৰৱেশ স্থলত আঁৰ-বেৰৰ নামত পৰ্দা এখন
আছে৷ ‘‘ভাইয়া, এইখন নমাই লওক৷’’ দাদিয়ে কাপোৰখন নমাই ল’বলৈ ক’লে৷
ইতিমধ্যে পাইপেৰে হৌ-হৌৱাই পানী আহি
গৈছে৷ মস্ত চৰিয়াত উভৈনদী পানী৷ মগো আছে৷ প্ৰথম মগ ঢালিলোঁ ভয়ে ভয়ে৷ উঃ ঠাণ্ডা! হ'লেও সহ্য কৰিবই লাগিব৷ খোজ কাঢ়ি কাঢ়ি শৰীৰটো
ঘৰ্মাক্ত হৈ পৰিছে, একে লেথাৰিয়ে পিন্ধি থকাত কানি-কাপোৰবোৰো গোন্ধাই গৈছে৷ পানী ঠাণ্ডা যদিও পিছলৈ মজা লাগিল৷ উধাই-মুধাই ঢালি মুকলিমনে গা ধুলোঁ৷ ট্ৰেকিঙত ঠায়ে ঠায়ে বোকা লাগি লেতেৰা হৈ পৰা ট্ৰেকচুটযোৰ সলাই নতুনকৈ গৰম কাপোৰ এসাজ পিন্ধি ল'লোঁ৷ নিজকে এতিয়াহে পৰিষ্কাৰ পৰিষ্কাৰ লাগিল৷
দাদিয়ে জুইকুৰা ভালকৈ জ্বলাই দিলে৷ মই অকলে অকলে বহি তাপ লৈ আছোঁ৷ তাই মোক কিবাকিবি
সুধি থাকিল৷ তাইৰ উৎসুকতাকণ মোৰ ভাল লাগিল৷ আচিংমুৰিৰ আশংকাত তেতিয়াও কিন্তু প্ৰদীপদাহঁত ভিতৰলৈ সোমোৱা নাই৷ মোক উদ্দেশ্য
কৰি সিফালৰ পৰা মাজে মাজে টিটকাৰি মাৰিয়ে আছে৷ তেনেতে দাদিয়ে বৰ আপোন ভাবত সুধিলে, ‘‘ভাইয়া, আপকে লিয়ে চ্যায় বানা
দুঁ?’’ এই সময়ত চাহ একাপৰ প্ৰয়োজন হ’ব পাৰে বুলি তাই বাৰু কেনেকৈ
বুজি পালে! মৰম লাগি গ’ল তাইলৈ৷ আমিযে তিনিজন আছোঁ জনাই দিলোঁ তাইক৷ ক্ষন্তেকতে আমাক ৰঙা
চাহ কৰি খুৱালে তাই৷ জন্মগতভাৱেই দাদিৰ ভৰি এখন চুটি৷ লেকেচিয়াই লেকেচিয়াই খোজ দিয়ে৷
অন্তৰখনযে কিমান মৰমিয়াল, তাৰ পৰিচয় পালোঁ৷
চাহ খাই থাকোঁতেই বাঁহৰ মজিয়াত উঠা মৰমৰণিয়ে কৰ্ণপটহত
আঘাত কৰিলেহি৷ খোলা দৰজাৰে চাই দেখা পাইছোঁ, তিনিটা প'ৰ্টাৰ আহি পালে৷ ধপ-ধপকৈ বাস্কেটকেইটা
বাৰাণ্ডাৰ মজিয়াতে নমালে৷ ভূতৰ ওপৰত দানহ পৰাদি তেনেকুৱাতে হুৰ্মূৰাই বৰষুণ এজাকো
পৰিবলৈ আৰম্ভ কৰিলে৷ চিন্তা উপজিল সংগীসকলৰ প্ৰতি৷ আমিকেইটাক বাদ দি বাকী গোটেইসোপা
নিৰ্ঘাত তিতিব পায়৷ সিহঁতবোৰ কিমান দূৰত আছেবা? চিংকাৰহঁতক সুধিলোঁ৷ ক’লে যে দ্বিতীয়খন হেঙিং ব্ৰীজ
পাৰ হোৱাৰ পাছতে ইহঁতকেইটাই তেওঁলোকক এৰি থৈ আগ বাঢ়ি আহিছে৷ সঠিক নাজানে যদিও পাওঁতে
সময় কিছু লাগিব৷ জয়ন্তদা, ৰাজীৱ, আৰু কোনোবা কোনোবাই খোজ কাঢ়িব পৰা নাই৷ দুৰ্লংঘ্য প্ৰতিবন্ধক অতিক্রমি
লাহে-ধীৰে জিৰাই-শতাই আহিছে৷ তেনেকৈ শুনাৰ পাছত উৎকণ্ঠাৰে অপেক্ষা কৰাৰ বাদে অন্য উপায়
বুলিবলৈ বিকল্প হাতত একো নাথাকিল৷
প’ৰ্টাৰবোৰৰ কথা কিন্তু সুকীয়া৷ তাল মিলাব নোৱাৰা লেহেম খোজ
বেয়া পায়৷ কেঁকুৰিত লুকাই যোৱা লুংলুঙীয়া বাটবিলাক ইহঁতবোৰে দৌৰি দৌৰি পাৰ হোৱা দেখিলে
বিস্মিত নহৈ নোৱাৰি৷ প্ৰমাণ পাই থৈছোঁ৷ এফালৰ পৰা চালে এনেদৰে পাহাৰ বগোৱাটোক নিজৰে এটা পৰীক্ষা, এটা
চেল্ফ টে’ষ্ট বুলি ল’ব পাৰি৷ মানুহৰ বয়স আৰু শৰীৰে
আৰোপ কৰা বাধ্যবাধকতা, পাহাৰ বগাবলৈ গ’লেই এই বিষয়ে সহজে আৰু স্পষ্টভাৱে বুজি উঠিব পাৰি৷ কোনো আধুনিক মেছিনৰ দৰকাৰ নাই৷ তদুপৰি পৰ্বতত উঠিবলৈ
যাওঁতে যেনেকৈ আৰোহণ-অৱৰোহণ আছে, মানুহৰ জীৱন-পথটিও অনুৰূপ ধৰণৰে৷ খলা-বমা৷ মসৃণ নহয়৷
নামিবলৈ সহজ কিন্তু সাফল্যৰ শিখৰলৈ উঠি যোৱাটো অনায়াসলব্ধ নহয়৷
অমৰ আৰু প্ৰদীপদাৰ সৈতে বাৰাণ্ডাত বহি ট্ৰেকাৰ্ছসকললৈ
বাট চাই আছোঁ৷ উৎফুল্লিত মাত্ৰাত কথা-বতৰাও চলি আছে, পাৰ হৈ অহা বাটবিলাকৰ সম্বন্ধে৷ হঠাতে হৈ যোৱা বৰষুণজাকৰ ফলত ঠাণ্ডা বেছিকৈ অনুভূত হৈছে৷ বতাহজাকে জাৰ-কাঁইট
তুলিছে৷ এনে ধাৰাবাহিকতা বৰ্তি থাকিলে ৰাতিলৈ শীতৰ প্ৰকোপ কেনে হ’বগৈ বাৰু? সদ্যহতে ৱিণ্ড শ্বিটাৰটো
উলিয়াই দেহাত ভৰাই লৈছোঁ৷ ১.৩০ বাজিল৷ পৰৱৰ্তী দলটোৰ এজনৰো শুং-সূত্ৰ নাই৷ বৰষুণো
এৰা নাই৷ ২.০০ বাজিল৷ তেতিয়াও কাৰো দেখাদেখি নাই৷ বৰষুণজাক অলপমান কমিছে৷ তেনেকুৱাতে
দুই-তিনি-চাৰিজনকৈ সৰু সৰু দলত বিভক্ত হৈ বন্ধুসকল আহি ওলাল৷ ইতিমধ্যে ২.৩০ বাজি গ’ল৷ গোটেইসোপা
হুৰমূৰাই উঠি অহাত আমাহঁতৰ চাংঘৰটো আকৌ এবাৰলৈ কঁপি উঠিল৷ প্ৰত্যেকেই পোনছাটেই জুহালৰ
কাষলৈহে পোনালে৷ তানিয়ে ফলাখৰি কেইডালমান জাপি জুইকুৰা দপদপাই বাঢ়িবলৈ দিলে৷ ক’ৰবালৈ ওলাই যোৱা আমা ম্ৰাও ইতিমধ্যে
ঘৰ আহি সোমাইছে৷ খা-খবৰবোৰ থোৰতে লৈ তাই চাহ কৰিবলৈ উদ্যত হ’ল৷ সকলোৰে উপস্থিতিত
উৎসৱমুখৰ হৈ পৰিল তানি-আমাৰ তাগিন নাং৷
জুহালৰ চাৰিওফালে বহি হাত-ভৰি পোনোৱাৰ লগতে ৰঙা
চাহত চুমুক দি ট্ৰেকিঙৰ স্মৃতিচাৰণ কৰিব ধৰিলে ইজন-সিজনকৈ৷ মূল ৰাস্তাটো পোৱাত কোনোৱে সোৱণশিৰিক
পৰি নমস্কাৰ জনাই আহিছে৷ কোনোৱে প্ৰতিজ্ঞা লৈছে, এনেকুৱা জেগালৈ মৰিলেও জীৱনত আৰু দ্বিতীয়বাৰ
অহাত নাই বুলি৷ দুদিনৰ অভিজ্ঞতাই এনেকৈ ভাবিবলৈ বাধ্য কৰাইছে৷ কোনোটো মুহূৰ্তত হাতৰ
লাঠীডালো হেনো গধুৰ যেনহে লাগি গৈছিল! ওলোমা দলঙৰ কঁপনি এতিয়াও মনত লাগিয়ে আছে, তাকে ভাবি হাত-ভৰিবোৰ কঁপি আছে৷ প্ৰাণৰ সংশয় আৰু অমানুষিক ক্লান্তিৰ পাছত হাঁহি-তামাচাৰে
পৰিৱেশটো মধুৰ আৰু উপভোগ্য হৈ পৰিল৷ সোণালী নৈক সেৱা কৰি অনিশ্চিত যাত্ৰাটো সামৰি অহা
কোনো কোনোৱে সুবিধা চাই জুইৰ গুৰিতে হাত-ভৰি মেলি ভালকৈ এবাগৰ মাৰিও ল’লে৷
তানিয়ে কালি বধ কৰা উৰণীয়া কেৰ্কেটুৱাটোৰ মুখমণ্ডলেৰে
সৈতে ছালখন পত্নীৰ হাতত অৰ্পণ কৰিলে৷ তাৰ চিকাৰী চকুৰ অব্যৰ্থ নিচান৷ এহাতেৰে দাঙি
আমাই জন্তুটোৰ মুখখনৰ ফালে মনোযোগ দি কিবা এটা চালে৷ তাইৰ অভিব্যক্তি মোৰ চকুৰ পৰা
সাৰি নগ'ল যদিও ঠিক ধৰিব নোৱাৰিলোঁ সেই দৃষ্টি কিহৰ৷ চিকাৰ লাভৰ মধ্যযুগীয় আনন্দ নে
অমাতৰ প্ৰাণী হত্যাৰ বিৰহ-বেদনা? মৃত জীৱটোৰ সেই অৱশিষ্টখিনি নি আমাই ভিতৰৰ কোঠাত ওলোমাই থোৱা দেখিলোঁ৷ চাংঘৰৰ বেৰ এখনত ওলমি থকা
শিং থকা জন্তুৰ লাওখোলা, ছাল আদিৰ শাৰী সোনকালেই পূৰাব চাগৈ শুকান ছালেৰে সৈতে মালায়ান
স্কুইৰেলৰ মুখমণ্ডলে৷ এইবোৰেই সিহঁতৰ আৰণ্যক গৃহসজ্জাৰ মূল্যৱান আৰু সহজাত সামগ্ৰী৷ অৰুণাচলৰ
প্ৰত্যেক জনজাতিৰ চাংঘৰবোৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ৷ নিজৰ নিজৰ চাংঘৰৰ আৰ্হিটোৰেই তেওঁলোকে
বুজাই দিয়ে কোন কোনটো সম্প্ৰদায়ৰ মানুহ৷ তানিহঁতে চাংঘৰক নাং বুলি কয়৷ তানি-আমাৰ নাঙেই
আকৌ এবাৰ আমাৰ বাবে অস্থায়ী ঠিকনা হৈ পৰিল৷
(পৰৱৰ্তী খণ্ড – কেতেনালাৰ অনুপম বিয়লি)
No comments:
Post a Comment