দিন ছয় ৷৷ ৫.১১.২০১৫
আবেলি সকলোৰে বাবে মেগী নুডল্চ পৰিৱেশন কৰা হ’ল৷
সুন্দৰ বিয়লিটো কি কৰি কটোৱা যায়? কিবা এটা কৰিব লাগিল৷ বাটকুৰি বাই ভাগৰ লগাত কোনোৱে
দীঘল দিছে, কোনোৱে জুইৰ গুৰিতে আড্ডা জমাই আছে৷ কেতেনালাৰ বিয়লি বেলাৰ ৰেহৰূপটোকে
চাওঁ বুলি পেটে পেটে ঠিক কৰিলোঁ৷
বাহিৰত সৰু ল’ৰা দুটাই মাৰ্বল খেলি থকা দেখিছোঁ৷ চক্লেটৰ পেকেট
এটা মোৰ বেগত তেতিয়াও আছিল৷ তাকে জেকেটৰ পকেটত ভৰাই আস্তেকৈ জখলাডালেৰে নামি আহিলোঁ৷
সিহঁতৰ ওচৰ চাপি অলপ সময় কিনো খেলিছে চাই আছোঁ৷ এটাই আনটোৰ গুটি টিকাব পাৰিলেই উৎসাহজনক
দুই-এটা কথা ক’বলৈও আৰম্ভ কৰিছোঁ৷ অচিনাকি আগন্তুকক দেখি প্ৰথমে ইতস্ততঃ বোধ সিহঁতৰ৷ সেয়া স্বাভাৱিক কথা৷ লাহে লাহে পৰিস্থিতি সহজ হৈ আহিল৷
চক্লেটৰ পেকেটটো জেপৰ পৰা উলিয়ালোঁ৷ খৰ-মৰ শব্দটোৰে দৃষ্টি আকৰ্ষণ কৰাৰ পাছত এবাৰ
দেখুৱাওঁতেই দুইটা নিচেই কাষলৈ আহি গ’ল৷ পেকেটটো সিহঁতৰ ফালে আগ বঢ়াই দি ক’লোঁ, ‘‘বাঁতকে খানা, হাঁ৷’’ এটাই হাত পাতি ল’লে৷ নভবা-নিচিন্তাকৈয়ে চকলেট
এটা আকস্মিকভাৱে পাই সিহঁতৰ মুখমণ্ডলবোৰ জিলিকি উঠিছে৷ অকণমান আঁতৰিল দুয়ো৷ তাৰ পাছতে ফেৰেককৈ ফালি
সমানে দুভাগ৷ মুখত দিয়ে মোৰ চকুলৈ চাই কৈ উঠিল প্ৰথম বাক্য, ‘‘টেষ্টি হ্যায় না?’’ বৰ হেঁপাহেৰে খালে দুইটাই৷ সহজো
হৈ পৰিল মোৰ লগত৷
মজা লাগে ইহঁতৰ দৰে শিশুৰ সংগত থাকি৷ অলপ সময় কিবাকিবি কথা পাতি সিহঁত দুটাক এৰিলোঁ৷ মুখৰ আগৰ ৰাস্তাত উঠিলোঁগৈ৷
আন এঘৰৰ ফালে চাওঁতে দেখোঁ যে ঘৰটোৰ সন্মুখতে কণমানি ছোৱালীকেইজনীমানে খেলি আছে৷ কি খেলিছে? সিহঁতেও মাৰ্বলেই খেলিছে৷ ওচৰলৈ গৈ সিহঁতকো লক্ষ্য কৰিলোঁ অলপপৰ৷ চাংঘৰটোৰ বাৰাণ্ডাতে আৰ্চি-ফণিৰ
ব্যৱস্থা আছে৷ মতগজ ডেকা এটাই আইনা চাই চাই খুব চুলি ফণিয়াইছে৷ খাপেৰে সৈতে দা এখন কান্ধৰ পৰা ওলমি আছে৷ মোক দেখি সি ঘূৰি চালে৷ চিনাকি নাই যদিও তাৰ চাৱনিত মুঠেই ভয় খোৱা নাই মই৷ একালৰ হে’ড হাণ্টাৰৰ বংশধৰ এই মানুহবোৰক এতিয়া ভয় নহয়, ভাল লগা
হৈছে৷ এইকেইদিন ইহঁতৰ লগত কটাই সাহ বাঢ়ি গৈছে৷
৪.০০ মান বাজিবৰ হ’লহি৷ তেনেতে হৈ-চৈৰ দৰে খণ্ডিত শব্দ
কিছুমান ভাহি আহি কাণত খুন্দিয়ালে৷ প্ৰকাণ্ড পাথৰে ঢাকি থকাত সেইফালেনো কি হৈছে দেখা পোৱাৰ সুবিধা নাই৷ সম্ভৱ কিবা খেলা চলিছে৷ তেনেকুৱাতে কেপ্টেইন কলিতাক চাঙৰ বাহিৰ ওলাই অহা দেখিলোঁ৷ শব্দটোক অনুসৰণ কৰি কৌতূহলী মন লৈ দুয়ো
গ’লোঁগৈ সেইফালে৷
ভলীবল খেল চলিছে৷ পকা ৰাস্তাৰ সোঁহাতে লুংলুঙীয়া বাটেৰে সোমাই শিলৰ ফাঁকে
ফাঁকে গৈ থলীত উপস্থিত হ’লোঁ আমি৷ প্ৰাণ-প্ৰাচুৰ্যৰে পূৰ্ণ পৰিৱেশ এটা৷ তায়া, ৰকেশ, তাল’হঁতেও তাত খেলি আছে৷ এইটো মূৰৰ পৰা
ৰকেশে চাৰ্ভিচ কৰিছে৷ মস্ত শিল এটাৰ ওপৰত বহি চিংকাৰে চাই আছে৷ বগুৱা বাই উঠি তাৰ
ওচৰতে ৰ’লোঁ৷ সি হাঁহিলে৷ সিহঁতৰ দৰে অলপ-অচৰপ বান্দৰামিযে মোৰো আছে, তাকে দেখা পাই হাঁহিলে চাগৈ সি৷ ইফালে মই ভাবি আচৰিত
হ’লোঁ যে ইমান দূৰ বাটকুৰি বায়ো
ইহঁতৰ ভাগৰ বুলিবলৈ সমূলি নাই৷ অকল বাটকুৰি বাই আহিছে বুলিলেও কথাটো বেলেগ আছিল৷ প্ৰত্যেকে
অহা-যোৱা কৰিছে পিঠিত যথেষ্ট পৰিমাণৰ বোজা বৈ৷ তদুপৰি জংঘল কাটিছে, পানী আনিছে, খৰি লুৰিছে, ৰন্ধা-বঢ়া কৰিছে, তম্বু তৰিছে৷ তাৰ পাছতো ষ্টেমিনা এই! সাংঘাতিক৷
হাঁহি-স্ফূৰ্তি, চিঞৰ-বাখৰ কৰি এতিয়া একাংশই খেল
খেলা আৰু একাংশই খেলা চোৱাত মগ্ন৷ স্থানীয় মানুহবোৰেও খেলৰ আনন্দত সমানেই ভাগ লৈছে৷ একমাত্ৰ
খেলেই মানুহৰ মাজলৈ একতা, সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধ আনিব পাৰে বুলি প্ৰেক্টিকেল
কথা এষাৰ নথকা নহয়৷ খেল-ধেমালিৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাও তাতেই৷ দুজনী মহিলাই আকৌ লাইনৰ কাষতে বহি খেলো চাই
আছে, চুৱেটাৰো গুঁঠি আছে৷ খুব কমেইহে চাইছে শলাকেইডাললৈ৷ হাত দুখন চলি আছে স্বয়ংক্ৰিয়ভাৱেই৷ ক’ৰ্টৰ বাঁওফালে থকা চাংঘৰটোৰ খটখটিত বহিও এপালমান ক্রীড়ামোদী৷ বিয়লিৰ
পৰিৱেশটো বৰ ভাল লাগিল৷ ইয়াকেতো কয়, জীৱন জীয়াই থকা বুলি৷
অৰূপদা আৰু মই এখুজি দুখুজিকৈ প’ষ্টৰ ওচৰত স্থান ল’লোঁ৷ খেলিবৰ মন নথকা নহয়, আছিল৷ পিছে কঠোৰতাৰে
সেই ইচ্ছা সম্বৰণ কৰিলোঁ দুটা কাৰণত৷ পুনৰ ঘাম উলিওৱাৰ বা কাপোৰ নষ্ট কৰাৰ মন নাই,
ঠাণ্ডাত পুনৰায় গা তিয়াবৰো ইচ্ছা নাই৷ খেলিলে গা ঘামিবই, পখালিবৰো মন যাব৷ এই ঠাণ্ডাত আকৌ এবাৰ সেইটো নোৱাৰি৷ তাতোকৈ ক’ৰ্টৰ বাহিৰ
ওলাই আমাৰ ফালে অহা বলটোকে ভুকুৱাই হেঁপাহকণ পূৰাই থাকিলোঁ৷ ডিঙিত ওলমি আছে নিকন কেমেৰাটো৷ কেমেৰাৰ
লেন্স মুকলি হোৱা দেখি খেলুৱৈগণৰ উৎসাহ বাঢ়ি গৈছে৷ সিখন ক’ৰ্টৰ পৰা তায়া নে’টত উঠিছে৷ স্মেছ কৰিছে৷ এইফালৰ
পৰা ব্লক দিছে৷ এটা গে’মৰ পাছৰ গে’মটোত দুয়ো দলে চাইড চে’ঞ্জ কৰিছে৷ খেলুৱৈ সালসলনিও হৈছে৷
নতুনবিলাকে সুযোগ বিচাৰি হেতাওপৰা লগাইছে৷ খেলুৱৈ ডেকাহঁতৰ কেইটামানৰ ভৰিত চেণ্ডেল, এটাৰ জোতা,
বেছিভাগেই শুদাভৰি৷
ঘাঁহ-বন চুৰুকি ক’ৰ্টখন কাটি উলিওৱা হৈছে৷ সেমেকা
মাটি৷ সমান ঠাই পোৱাই মস্কিল ইয়াত৷ এইডোখৰ কিবাকৈ উলিয়াইছেযে৷ হ’লেও এঢলীয়া অংশ অকণমানো নথকা নহয়৷ তদুপৰি ওচৰে-পাজৰে অসংখ্য সৰু-বৰ শিল৷ প্ৰাকৃতিক
শৈল উদ্যানৰ দৰে লাগিল ঠাইটুকুৰা৷ মাজে মাজে হিন্দী আৰু বেছিকৈ নিজৰ দোৱানত চিঞৰি-বাখৰি আছে খেলুৱৈ আৰু খেলপ্ৰেমী দৰ্শক উভয়ে৷ দৰ্শকৰ ৰসাল সংলাপক কেন্দ্ৰ কৰি হাস্যৰসৰো বিস্ফোৰণ ঘটিছে মাজে মাজে৷ কোনে কি কৈছে আমি মুঠেই বুজি পোৱা নাই যদিও মিছ কৰিলে গালি,
পাৰিলে হাঁহি, সেইবোৰ হ’লে ঠিকেই বুজি পাইছোঁ৷ প’ষ্টৰ গুৰিতে বহি লোৱা ডেকা এটাই
পইণ্ট হিচাপ কৰিছে৷ ডাঙৰ ডাঙৰকৈ মাতি গৈছে কাৰ কিমান হৈছে৷ এটা গে’ম অ’ভাৰ হোৱাৰ লগে লগে নতুন দলত নিজৰ ঠাই ল’বলৈ দৌৰা-ঢপৰা৷ ঠিক আমাৰ ভলীবল
খেলা দিনবোৰৰ দৰেই, কথা-কাণ্ডবোৰ সমূলিচোন একেই! ঠাই বেলেগ, জলবায়ু বেলেগ, মানুহ বেলেগ
হ’ব পাৰে৷ খেল-মানসিকতাযে বেলেগ নহয় তাকে দেখা গ’ল৷
অলপ পাছতে আন্ধাৰ হ’ব৷ খেলখন বেছিপৰ নচলিব৷ এই গে’মটো সম্পূৰ্ণ নহ’ব যেনেই লাগিছে৷ ওচৰতে ৰাস্তাৰ কাষত সিদিনা নিকেলে কোৱা পি.চি.অ’.টো আছে৷ অন্য দোকান-পোহাৰ বুলিবলৈ এখনো দেখা পোৱা নাই৷ পি.চি.অ’. বোলা ঘৰটোৰ বাৰাণ্ডাত বহিবৰ ব্যৱস্থা আছে৷ ভিতৰত সৈন্যবাহিনীৰ জোৱানৰ গিজগিজনি৷ একমাত্ৰ পি.চি.অ’.টোৰ মূলতঃ সেইসকলেই ব্যৱহাৰকাৰী৷ একচ্ছত্ৰী
ৰাজত্ব বুলিব পাৰি তেওঁলোকৰ৷ তেনে নহ’বলৈ স্থানীয় লোকনো কিমান? আঙুলিৰ মূৰত গণি পেলাব পাৰি চাংঘৰৰ সংখ্যা৷ সৰহভাগেই ছাউনীত থকা সেনাৰ মানুহ৷ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি এই চুক পাইছে, কৰ্তব্যৰ খাতিৰত৷ তেওঁলোকৰ মাজতে আমাৰ সংগী কেইজনমানেও বেঞ্চত বহি বোন্দাপৰ দি আছে, পাৰিলে ঘৰলৈ কল এটা কৰিবলৈ৷ ভালেকেইদিন ধৰি যোগাযোগ বিচ্ছিন্ন ঘৰ-পৰিয়ালৰ লগত৷
ফোনৰ উত্তেজনা মোৰ নাই৷ হেৰাই থকাৰ আনন্দ লৈ ৰাস্তাটোতে পায়চাৰি কৰি আছোঁ৷ গাহৰি, ছাগলী কেইজনীমানে আহাৰৰ সন্ধানত ঘূৰা-পকা
কৰি আছে৷ জয়ন্তদা, বৰুণ, নিকেলৰ মাজত গুৰুত্বপূৰ্ণ আলোচনা চলিছে গাড়ী বন্দবস্ত সম্পৰ্কে৷
কাইলৈ এই ঠাই এৰি প্ৰস্থান কৰিব লাগিব আমি৷ ইয়াত সতকাই গাড়ী পোৱাটো টান৷ ডাপ’ৰ পৰা লিমেকিঙলৈ চলা চুম’ এতিয়াও আহি পোৱাহি নাই৷ আহিবনে নাই তাৰো কোনো সঠিক খবৰ নাই৷ উৎকণ্ঠাৰে মাথো বাট চাই থকা হৈছে৷ ‘হাৰিয়ানা কী শ্বান, হাৰিয়ানা
কী জান’ দুটাই আকৌ লিমেকিঙৰ আৰ্মী কেম্পলৈকে
যোৱাৰ প্ৰস্তাৱ দিছে, গাড়ীৰ বাবে ইণ্ডিয়ান আৰ্মীৰ সহায় বিচাৰি৷ কথাটো মোৰ কাণত পৰিলহি
যদিও এই ফুটগধূলি গাড়ী বিচৰাৰ নামত খোজেৰে প্ৰায় ১২ কিল’মিটাৰ আঁতৰৰ লিমেকিঙলৈ যোৱাত মই অকণো উৎসাহ নেদেখুৱালোঁ৷ তাতোকৈ গাড়ী নোপোৱাৰ
অজুহাতত তাগিনৰ চাঙত এদিন বেছিকৈ থাকি যাব পাৰিলেও বেয়া নহয়৷ মনে মনে তাকেহে ধিয়াই থাকিলোঁ৷ ৰাতিপুৱা লাগিলে কেতেনালাৰ পৰা লিমেকিঙলৈ খোজ কাঢ়িম৷ অন্য এক অভিজ্ঞতাও হ’ব৷
ঘিটমিটিয়া আন্ধাৰ নামি আহিল কেতেনালালৈ৷ পৰ্বতবোৰৰ ফালে চালোঁ৷ দৈত্যৰ ৰূপ লৈছে৷ পৰিৱেশ বৰ্ষণমুখৰ৷ ঘৰে ঘৰে সোমাই পৰিছে মানুহবোৰ৷ বাহিৰত একো কাম নাই৷
(পৰৱৰ্তী লেখা - তাগিন চাঙৰ অন্তিম নিশাটি)
No comments:
Post a Comment