Wednesday, 28 February 2018

চতুৰ্থ দিনঅংশ-

লিডু ৰ'ড নিৰ্মাণৰ দায়িত্ব লোৱাৰ প্ৰায় দুবছৰৰ পাছত, ১৯৪৪ৰ শেষভাগত মিচ্ছিনা, ভামু, নামকাম, হুকং ভেলী পাৰ কৰি লিডুৰ পৰা ৭৪৯ কিল'মিটাৰৰ মং-য়ু ৰ'ড জংছনত লিডু পথটো বাৰ্মা ৰ'ডত সংযোগ কৰাৰ সাহসী পদক্ষেপ লোৱা হ'ল৷ বতৰৰ বাধা নেওচি বাৰ্মা ৰ'ডৰ মেৰামতিবিলাক কৰি পেলোৱা হ'ল৷ লিডু-বাৰ্মা ৰ'ড জংছনৰ পৰা সোঁহাতে গ'লে দক্ষিণ দিশত ১৬০ কিল'মিটাৰত লাশ্বিয়, জাপানী অধ্যুষিত বাৰ্মা৷ বাঁৱে, উত্তৰলৈ ৬২ কিল'মিটাৰত বাৰ্মা-চীন সীমান্তৰ ৱাণ্টিং৷ চীনৰ ভিতৰুৱা ৱাণ্টিঙৰ পৰা আগুৱালে লুংলিং, পাওশ্বান, য়ংপিংয়ুন্নানয়ি, চুয়ুং৷ তাৰ পাছতে বহুপ্ৰত্যাশিত কুনমিং৷

১৯৪৫ চনৰ ১২ জানুৱাৰী৷ ইতিপূৰ্বে মেজৰ জেনেৰেললৈ পদোন্নতি হৈছে লুই পিকৰ৷ তেওঁৰ নেতৃত্বত ১১৩খন গাড়ীৰ বিশাল কনভয়ে সিদিনা অসমৰ লিডুৰ পৰা লিডু ৰ'ডেৰে যাত্ৰাৰম্ভ কৰিলে৷ তিনিখন ৰাষ্ট্ৰৰ মাজেৰে এই প্ৰথম কনভয়টোৱে গতি অব্যাহত ৰাখি ৪ ফেব্ৰুৱাৰী তাৰিখে কুনমিং পালেগৈ৷ তাৰ আগতে জানুৱাৰীৰ ২৮ তাৰিখে বাৰ্মা ৰডটো পুনৰ মুকলি হোৱা বুলি ঘোষণা কৰা হৈছিল৷ ৰাস্তা খোল খোৱাৰ প্ৰথম ছমাহত ভাৰতৰ পৰা চীন দেশলৈ ট্ৰাকযোগে পৰিৱহণ কৰা হ'ল ১,২৯,০০০ টন অত্যাৱশ্যকীয় বয়-বস্তু

১৯৪৫ চনৰ মে’ মাহৰ ২০ তাৰিখ৷ পথটো মুকলি হোৱা বুলি চৰকাৰীভাৱে সিদিনা ঘোষণা কৰা হ'ল৷ মেজৰ জেনেৰেল পিকৰ কাৰিকৰী পৰ্যবেক্ষণত যুদ্ধগতিৰে পথটিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিল৷ প্ৰকল্পটোত মুঠতে ব্যয় হ'লগৈ ১৩৭,০০০,০০০ আমেৰিকান ডলাৰ৷ সেই সময়ত কোৱা হৈছিল যে যুদ্ধ চলি থকা অৱস্থাত ইউ.এছ. আৰ্মীৰ ইঞ্জিনিয়াৰে হাতত লোৱা সেইটোৱে আছিল সবাতোকৈ কঠিন প্ৰত্যাহ্বান৷ নিঃসন্দেহে সেয়া আছিল এক সাংঘাতিক ইঞ্জিনিয়াৰিং চেলেঞ্জ৷ শেষত অভিযন্তাৰে জয় হ'ল৷

ইয়াৰ পাছতে সহস্ৰ পাহাৰ-পৰ্বত, দুৰ্গমতা নেওচি সৰ্পিলাকাৰ পথেৰে শাৰী পাতি কুনমিঙলৈ পাৰ হৈ গৈছিল সেনা বাহিনীৰ ২৬,০০০খন মিলিটেৰী ট্ৰাক, ৬,৫০০খন ট্ৰেইলৰধাৰী জীপ৷ ১১ ফেব্ৰুৱাৰীত কনভয়টো চীনৰ য়ুন্নান প্ৰভিন্সৰ কুনমিঙত উপস্থিত হলগৈ৷ সেই সামগ্ৰী চীনা জনগণক অৰ্পণ কৰা হ'ল৷ সেয়া আছিল এক বৃহৎ সফলতা যাৰ জৰিয়তে জাপানে চীনৰ ওপৰত চলাই থকা তিনি বছৰীয়া অৰ্থনৈতিক অৱৰোধ, আধিপত্য সকলোৰে অৱসান ঘটে৷

এনে বৃহৎ সফলতাৰ সুবাদতে পথটিৰ নামকৰণ কৰা হৈছিল 'ষ্টীলৱেল ৰড' বুলি৷ পথ নিৰ্মাণৰ ঘাই হোতা Chief of the Staff General Joseph Warren Stilwellৰ সন্মানাৰ্থে চীনা উচ্চ সামৰিক বিষয়া মাৰ্শ্বাল চিয়াং কাই-শ্বেকে এই নামকৰণ কৰিছিল৷ নিৰ্মাণকাৰী অভিযন্তা মহলত জনাজাত হৈছিল Pick's Pike স্বৰূপে৷ Chief of the Engineer Major General Lewis A. Pick আছিল পথটোৰ মুখ্য ৰূপকাৰ৷ জীয়া ইতিহাস লুকাই থকা এনে এটা ৰাস্তাৰে আজি পদযাত্ৰা কৰিবলৈ পাই আমি অতি সুখ অনুভৱ কৰিছোঁ৷ আজিৰ পৰা ৬৮ বছৰ পূৰ্বে সেয়া আছিল মানুহৰ প্ৰৱল ইচ্ছাশক্তি-কৰ্মশক্তিৰ জয়, কাৰিকৰী প্ৰযুক্তিৰ জয়৷ অগণন মানুহৰ তেজ-ঘাম, জীৱন-মৃত্যুৰ নিদৰ্শন লুকাই আছে এই ৰাস্তাটোৰ বুকুত৷

২০ মেত ৰাস্তা মুকলি হোৱাৰ পাছত, বিশাল কনভয়টো চীন গৈ পোৱাৰ সময়তে, সেইটো বৰ্ষৰে এপ্ৰিলৰ পৰা মে মাহৰ প্ৰথম সপ্তাহত সন্মিলিত বাহিনীৰ যোদ্ধাই জাপানী সৈন্যৰ হাতৰ পৰা ব্ৰহ্মদেশৰ লাশ্বিয়, মাণ্ডালয়, ৰেংগুন ঘূৰাই লবলৈ সক্ষম হৈছিল৷ ৬ আৰু ৯ আগষ্টত মাৰ্কিন সেনাই জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত 'লিটল বয়' আৰু 'ফেট মেন' নামৰ এটম বম পেলাই কলংকময় ইতিহাস ৰচিছিল এই পৃথিৱীত৷ আণৱিক বোমাৰে জাপানৰ দৰ্পচূৰ্ণ কৰি ১৫ আগষ্টত ঘোষণা কৰিছিল যে দ্বিতীয় বিশ্বযুদ্ধত তেওঁলোক জয়ী হৈছে৷ লাখ লাখ লোকৰ নিধন যজ্ঞ আৰু হিচাপহীন ক্ষয়-ক্ষতিৰ পাছত জাপানে আৰু যুদ্ধৰ দামামা বজাব নিবিচাৰিলে৷ সন্মিলিত শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰিলে৷ ৬ বছৰ এদিনজোৰা দ্বিতীয় মহাসমৰৰ ২ ছেপ্টেম্বৰত সামৰণি পৰে৷

হঠাতে মনত পৰিল লিডু ৰ'ড সম্বন্ধে পূৰ্বে এঠাইত পঢ়া সত্য ঘটনা এটাৰ কথা৷ বাৰিষা কাল৷ হুকং উপত্যকাৰ ওপৰেৰে বিমানেৰে উৰি গৈ আছে Supreme Allied Commander South East Asia এডমাইৰেল লৰ্ড লুই মাউণ্টবেটেন৷ উৰন্ত অৱস্থাতে তেওঁ তেওঁৰ সহযাত্ৰী অফিচাৰ এজনক সুধিলে, 'তলত দেখি থকা নৈখনৰ নাম কি?' আমেৰিকান অফিচাৰজনে চালে৷ তাৰ পাছত উত্তৰ দিলে, 'মহাশয় সেইখন নদী নহয়৷ সেইটো লিডু ৰ'ড৷' এনেকুৱাই আছিল লিডু ৰ'ড, ষ্টীলৱেল পথ৷

'পৃথিৱীৰ ভিতৰতে অন্যতম দুৰূহ আৰু দুৰ্গম বুলি বিবেচিত অঞ্চলক সামৰি লোৱা এই পথ নিৰ্মাণৰ কাৰ্যত হেজাৰ লোকৰ পৰিশ্ৰম আৰু আত্মত্যাগৰ বহুতো অকথিত কাহিনী জড়িত হৈ আছে৷ প্ৰতিকূল পৰিস্থিতি, প্ৰাকৃতিক দুৰ্যোগ আৰু শত্ৰু পক্ষৰ অহৰহ আক্ৰমণৰ মাজতো সম্পূৰ্ণ কৰি উলিওৱা এই পথৰ নিৰ্মাণৰ পিছত আছিল কৰ্মীসকলৰ অসীম সাহস, মনৰ দৃঢ়তা আৰু জেনেৰেল যোচেফ ষ্টীলৱেলৰ দৰে সামৰিক বিষয়াৰ অনবদ্য ভূমিকা৷' জিৰ' পইণ্টৰ ষ্টীলৱেল পাৰ্কত সংস্থাপিত ফলকত এইদৰে লিখা আছে৷ অসমৰ সাম্প্ৰতিক চুকে-কোণে পথৰ দুৰৱস্থাক লৈ টেলিভিচনৰ স্ক্ৰীণত ৰাইজৰ প্ৰতিবাদ, হৈ-চৈ, হাঁহাকাৰ, কন্দা-কটাবোৰ দেখিলে তৎক্ষণাৎ মোৰ ষ্টীলৱেললৈ মনত পৰে৷ আমাক এজন ষ্টীলৱেল লাগে৷


চতুৰ্থ দিনঅংশ-


বাৰিষা-খৰালি সকলো সময়তে চলাচল কৰিব পৰা all weather, double track লিডু পথ সজাৰ পৰিকল্পনা হৈ গৈছে৷ সুদীৰ্ঘ পথটোৰ কাম চলাই নিয়াৰ সমানে সমানে চতুৰ জাপানীৰ সম্ভাব্য আক্ৰমণৰ বিৰুদ্ধেও সৰ্বসময় সতৰ্ক থাকিব লাগিব৷ প্ৰতিৰক্ষাৰ প্ৰয়োজনত জাগ্ৰত সেনানীস্বৰূপ সামৰিক গোট কিছুমান সাজু ৰখা হব৷ দুখনকৈ মহাসাগৰ, তিনিখনকৈ মহাদেশ পাৰ হৈ ১২,০০০ মাইল আঁতৰৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পথ নিৰ্মাণৰ বাবে অপৰিহাৰ্য বস্তু-বাহানি অনাৰ দিহা কৰা হৈছে৷ পোনে পোনে কৰাচী, কৰাচীৰ পৰা কলিকতা, কলিকতাৰ পৰা হুগ্‌লী হৈ ব্ৰহ্মপুত্ৰ নদেৰে আৰু আছাম-বেংগল ৰেলেৰে উজনি অসমৰ লিডুলৈ আহি পোৱাৰ কথাখাদ্য সামগ্ৰী, চিকিৎসা গোট, গোলা-বাৰুদৰো বন্দৱস্ত যথাযথভাৱেই কৰি পেলোৱা হৈছে৷ চাবুৱা, ডুমডুমা, দিনজান, ডিব্ৰুগড়ত বিমানঘাটি পাতিলে৷ লিডুত গুদামঘৰ খোলা হল৷ শাৰী শাৰী বেৰেক সাজিলে৷ আধুনিক গাড়ী আৰু যন্ত্ৰ-পাতিৰে ভৰি পৰিল লেখাপানী৷ সমগ্ৰ অঞ্চলটোৱেই অভূতপূৰ্ব ৰূপ ধাৰণ কৰিলে ১৯৪২ বৰ্ষৰ অন্তিম মাহটোত৷

ষ্টীলৱেল বাহিনীয়ে ইতিমধ্যে হিচাপ কৰি উলিয়াইছিল যে প্ৰস্তাৱিত পথটো নিৰ্মিত হ'লে লিডুৰ পৰা কুনমিঙত মাহে ধৰিব পৰা যোগানৰ পৰিমাণ হ'ব ৬৫,০০০ টন, যিটো উৰাজাহাজৰ বহন ক্ষমতাতকৈও কেইবাগুণে অধিক৷ সমসাময়িকভাৱে, পথ নিৰ্মাণৰ সময়তে ৪ ইঞ্চি ব্যাসৰ দুডালকৈ ইন্ধন পৰিবাহী পাইপ লাইন অসমৰ তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি ৰাস্তাৰ কাষে কাষে চীনলৈকে বহুৱাই যোৱাৰ বিষয়েও চিন্তা কৰা হ'ল যাতে ইন্ধনৰ বাবে ক'তো কোনো সমস্যা নহয়৷ পাইপ লাইনৰ আৰম্ভণিতে পাতি লোৱা অৱস্থানৰ পৰা পাম্প কৰি গেচ'লিন যোগান ধৰাৰ ব্যৱস্থা ৰখা হ'ব৷

১ ডিচেম্বৰত ব্ৰিটিছ চৰকাৰৰ পূব থিয়েটাৰৰ সৰ্বাধিনায়ক, জেনেৰেল চাৰ আৰ্চীবাল্ড ৱাভেল আৰু আমেৰিকান জেনেৰেল ষ্টীলৱেল ইচ্ছুক হৈ পৰাত দিন-ৰাতি একাকাৰ কৰি অটব্য হাবি-জংঘল ভাঙি, দুৰ্লংঘ্য পাহাৰ-পৰ্বত আৰু পথহীন বৰ্ষাৰণ্য ভেদি নিৰ্মাণ কৰাৰ সংকল্প লোৱা হ'ল ভাৰত ভূমিৰ পৰা ব্ৰহ্মদেশ হৈ চীনলৈ সম্প্ৰসাৰিত এক সৰ্পিলময় যাত্ৰাপথ৷ অভিজ্ঞ ব্ৰিটিছ ইঞ্জিনিয়াৰ তথা জাংগল ট্ৰুপৰ কামাণ্ডিং অফিচাৰ ফ্ৰেংক মেৰিলীৰ অনুমোদনক্ৰমে লিডুত বাহৰ পতা চাইনা-বাৰ্মা-ইণ্ডিয়া বাহিনী, চি.বি.আই.ৰ চীফ অফ্‌ দ্যা ষ্টাফ জেনেৰেল ষ্টীলৱেলৰ নেতৃত্বত ১৯৪২ৰ ১৬ ডিচেম্বৰৰ পৰা জোৰদাৰ ৰূপত চলিব ধৰিলে পাটকাইৰ বক্ষ বিদীৰ্ণ কৰি ৰাস্তা উলিওৱাৰ কাম৷

অক্টোবৰ মাহতে সমুদায় কামৰ দায়িত্ব লৈ লৈছিল আমেৰিকান ইঞ্জিনিয়াৰে৷ পথটোৰ প্ৰথম খণ্ড বাৰ্মা আৰু চীনৰ মাজত৷ দুয়ো দেশৰ পৰা গোটোৱা ১০,০০০ চীনা, নুং আৰু কাচিন শ্ৰমিকে এই পথছোৱাৰ কাম কৰিব৷ দ্বিতীয় খণ্ড মাকুম ৰেল ষ্টেচন আৰু মাৰ্ঘেৰিটাৰ দিহিং নদীৰ ওপৰত থকা ৰেল দলঙলৈকে৷ এই অংশটোৰ দায়িত্ব অসমৰ গড়কাপ্টানি বিভাগৰ৷ তৃতীয় খণ্ড মাৰ্ঘেৰিটাৰ ৰেল দলঙৰ পৰা লেখাপানী পৰ্যন্ত৷ চতুৰ্থ খণ্ড লেখাপানীৰ পৰা নামচিকলৈকে৷ পঞ্চম খণ্ড নামচিক নৈৰ পৰা নামগয়, মাচুম, পাংচু পাছ হৈ শ্বিংবুইয়্যাং৷ তৃতীয়, চতুৰ্থ, পঞ্চম খণ্ডৰ দায়িত্বত সেনা-শ্ৰমিক৷ জাপানীৰ সৈতে ছেগাচোৰোকাকৈ যুদ্ধ লাগি থকাৰ মাজে মাজে মাৰ্চত লিডুত বে'ছ ৰড সজাৰ কামত ধৰা হৈছিল৷ মাচুম আৰু শ্বিংবুইয়্যাঙত কাম চলিছিল এপ্ৰিলৰ পৰা৷

জেনেৰেল ষ্টীলৱেলে লিডু পথৰ চোৱা-চিতাৰ দায়িত্ব দিলে ইউ.এছ. আৰ্মীৰ অভিযন্তা মেজৰ জেনেৰেল ৰেমণ্ড এ. হুইলাৰক৷ কৰ্নেল জন এ. এৰ'স্মিথ আছিল কাৰ্যবাহী, বে'ছ কামাণ্ডাৰ৷ বতৰৰ বিধি-পথালিৰ বাবে ১৯৪৩ চনত ৰাস্তা ভঙাৰ কাম লেহেমীয়া হোৱাত ষ্টীলৱেল চিন্তিত হ'ল৷ এৰ'স্মিথৰ ঠাইত ইউ.এছ. আৰ্মীৰ পৰম কুশলী অভিযন্তা কৰ্নেল লুই এ. পিকলৈ তুৰন্তে দায়িত্ব হস্তান্তৰ কৰিলে৷ আমেৰিকা, ব্ৰিটেইন, চীন, ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ বছা বছা কৰ্মপটু সৈনিক, শ্ৰমিক-বনুৱাক লগত লৈ ভাৰত-ম্যানমাৰ সীমাৰ পাটকাই পৰ্বতমালাত কৰ্নেল পিক্‌ সোমাই পৰিল আৰু সকলো ধৰণৰ বাধা-বিঘিনি প্ৰতিহত কৰি নিৰ্মাণ কাৰ্য আগুৱাই নিব ধৰিলে৷

পাংচু পাছলৈকে কাম সমাধা কৰোটো সিমান কষ্টকৰ নাছিল৷ কিন্তু পাংচু পাছ পাৰ হোৱাৰ পাছৰে পৰা প্ৰাকৃতিক পৰিস্থিতি হৈ উঠিছিল অতিশয় দুৰ্বিষহ৷ সেইডোখৰৰ পৰাই আৰম্ভ হৈছিল গভীৰ গিৰিখাদ, সমতলভূমি, ওখ টিঙৰ পাহাৰ, ঘন জংঘল, জলাশয়, পাহাৰৰ থিয় গৰা ইত্যাদি ইত্যাদি৷ ঠাইতে ওখ ঠাইতে চাপৰ, লগতে চুটি চুটি কেঁকুৰি৷ বুলড'জাৰ, ক্ৰেন, পাৱাৰ শ্ব'ভেল, ষ্টীম ৰ'লাৰ চলোৱাত ভীষণ সমস্যা৷ নেৰানেপেৰা বৰষুণেও লগ নেৰিছিল৷ বেমাৰত আক্ৰান্ত হৈ বহুজন মৃত্যুমুখত পৰিছিল৷ পাংচু গিৰিপথৰ পৰাই যেন আৰম্ভ হ'ল নৰক যাত্ৰা! সেয়ে নাম দিয়া হৈছিল 'হেল পাছ'৷ আমি অলপ পাছতে 'হে'ল পাছ' পাম৷ নিৰ্জন অঞ্চলটোত এতিয়া দল বান্ধি অগ্ৰসৰ হোৱা অনুসন্ধিৎসু পৰ্যটকমখাৰ মুখনিসৃত শব্দ-বাক্য কিছুমানৰ বাদে অন্য কোলাহল নাই৷ মাজে-মধ্যে বনৰীয়া চৰাইৰ দুই-এটা কাকলি৷ ঢুকি নাপাওঁ বুলি জানিও কল্পনা কৰিছোঁ, কেনে পৰিস্থিতি আছিল এইফালে, সেইবোৰ দিনত৷

খৰতকীয়াভাৱে কাম চলিছিল৷ পাংচু পাছ অতিক্ৰমি নিৰ্ধাৰিত সময়তকৈ তিনি দিনৰ পূৰ্বেই ১৯৪৩ৰ ২৭ ডিচেম্বৰত প্ৰথম বুলড'জাৰখন বাৰ্মাৰ শ্বিংবুইয়্যাং পালেগৈ৷ পৰৱৰ্তী বছৰৰ ১ জানুৱাৰীত লিডুৰ পৰা শ্বিংবুইয়্যাং পৰ্যন্ত ১৬৫ কিল'মিটাৰ পথ গাড়ী অহা-যোৱা কৰিব পৰা হৈ গ'ল৷ এই লৈ আনন্দোৎসৱো কৰা হ'ল৷ আগলৈ জাম্বোবাম, ৱাৰাজুপ৷ সেয়া পাৰ হৈ পাবলগীয়া মিচ্ছিনা আছিল ষ্টীলৱেলৰ একান্ত লক্ষ্য৷ মিচ্ছিনা এয়াৰ ষ্ট্ৰীপ যেনে-তেনে অধিকাৰ কৰিবই লাগে৷

সিফালে লেফটেনেণ্ট কৰ্নেল ফ্ৰেংক মেৰিলীৰ Merrill's Maraudersএ অসমৰ মাৰ্ঘেৰিটাৰ পৰা পদযাত্ৰা আৰম্ভ কৰি দিছে৷ ৭ ফেব্ৰুৱাৰীত পাংচু পাছ পাৰ হ'ল৷ জাপানী পক্ষৰ প্ৰবল প্ৰত্যাহ্বান ওফৰাই ১৭ মে'ত মিচ্ছিনা এয়াৰ ষ্ট্ৰীপ হস্তগত কৰিলেগৈ৷ সন্মিলিত বাহিনীয়ে তাৰ কেইদিনমানৰ পাছতে অৱৰোধ কৰে মিচ্ছিনা টাউন৷ উত্তৰ বাৰ্মাত শক্তিশালী ঘাটি পাতি লোৱা জাপানীক ৩ আগষ্টৰ ভিতৰত উৎখাত কৰিবলৈ সক্ষম হ'ল৷

অৰ্ধনিৰ্মিত পথেৰেই মাৰ্কিন-ইণ্ডো-ব্ৰিটিছ সেনাই যুটীয়া উদ্যোগমৰ্মে পাটকাই পাৰ হৈ ব্ৰহ্মদেশৰ মিচ্ছিনা, ভামু ইত্যাদিত এয়াৰক্ৰেফ্ট বেছ পাতি লৈছিল৷ পৰ্বতমালাৰ ওপৰেৰেও, যাক 'হাম্প' বোলা হৈছিল, ভাৰতৰ পৰা যুদ্ধ বিমান উৰিছিল ব্ৰহ্মদেশৰ ঘাটিলৈ৷ ৰুছভেল্ট চৰকাৰৰ ফালৰ পৰা চীনলৈ সামৰিক যোগানৰ সমস্ত দায়িত্ব দি থোৱা হৈছিল উপ-সৰ্বাধিনায়ক জেনেৰেল ষ্টীলৱেলক৷ দুৰ্দান্ত সাহস আৰু কৰ্মতৎপৰতাৰে তেওঁ লাগি গৈছিল নিজ লক্ষ্য ভেদ কৰাত৷ তেওঁ জানিছিল যে প্ৰথমে ৰাস্তাটো লাগিব, তাৰ পাছত জাপানীৰ হাতোৰাৰ পৰা নিশ্চিত মুক্তি৷ কাৰ্যতঃ ষ্টীলৱেলে ভবাৰ ধৰণেই হৈছিল৷


চতুৰ্থ দিনঅংশ-


আমাৰ বিহুনামত আছে, পাটকাই পৰেবতত...৷ 'পাটকাই পৰেবত'ৰ মাজত তুলনামূলকভাৱে গছ-গছনি কম থকা এঠাইত টীম-এ আৰু টীম-বি দুয়ো দলৰে সদস্যবৃন্দ ৰৈ গ'ল৷ একেটা কাৰণতে আন পৰ্যটক কিছুমানো থমকিবলৈ বাধ্য হৈছে৷ কাৰণটো হ'ল, ফাঁকেদি অদূৰত জাজ্বল্যমান ৰূপত দৃষ্টিগোচৰ হোৱা কৰ্দৈসিৰীয়া পৰ্বতৰ লানি৷ এক অপৰূপ দৃশ্য৷ যিমানবোৰ মানুহৰ হাতত কেমেৰা, ম'বাইল ফোন আদি আছিল সকলোৱেই ব্যস্ত হৈ পৰিল ছবি সংৰক্ষণত৷ খোজ কঢ়াৰ ভাগৰ যেন পলুৱাই দিলে পাটকায়ে!

সন্মুখৰ পৰা আহি থকা, নামপং অভিমুখী বাৰ্মিজ দম্পতী এটাৰ সৈতে এইখিনিতে সাক্ষাৎ হ'ল৷ তেওঁলোকৰ সৈতেও ফটো চেচন চলিব ধৰিলে৷ টীম-বিৰ অনিলদা আৰু অৰুণদাই উৎসাহেৰে দৌৰি আহি প'জ দিলে৷ ম্যানমাৰীয়ে আমাৰ কথা বুজি নাপায়৷ আমিও তেওঁলোকৰ ভাষা সমূলি নুবুজোঁ৷ কেমেৰা পোনোৱাৰ লগে লগে ফটোৰ বাবেযে ৰে'ডী হ'ব লাগে, সেইটোত হ'লে ঠিকেই বুজাবুজি দেখা গৈছে! পুৰুষজনে আকাৰে-ইংগিতে জনালে যে তেওঁলোক দুয়ো নামপঙত উৎসৱ চাবলৈ গৈ আছে৷ আজি আৰু ঘূৰি নাহে৷ সিপাৰে, মানে ইণ্ডিয়াতে থাকি দিব৷ যি বুজিলোঁ, এই মানুহবোৰে এনেদৰেই খোজ কাঢ়ি ইপাৰ-সিপাৰ কৰি থাকে৷ নিত্যপ্ৰয়োজনীয়খিনি সংগ্ৰহ কৰে৷ নিয়ম ভংগ নকৰিলে অৱশ্যে আহ-যাহত বাধা একো নাই৷

বিপৰীত দিশৰ পৰা আৰু কিছুমান লোক আহি থকা দেখা পাইছোঁ৷ সকলোৰে উদ্দেশ্য নামপং, পি.পি.ডব্লিউ.এফ.২০১৩৷ আমাৰ সৈতে দৃষ্টি বিনিময় ঘটিছে৷ চিনাকি নাই যদিও মানুহে মানুহলৈ চাই নিৰ্ভয়ে আনন্দৰ হাঁহি একোটাও মাৰিব পৰা হৈ উঠিছোঁ৷ উৎসৱটোৱে ভাৰতীয় আৰু ম্যানমাৰীৰ মনত সঁচাকৈয়ে বুজাব নোৱাৰা ধৰণৰ কিবা এক হিল্লোল তুলিছে৷ নৃগোষ্ঠীয় সমন্বয়ৰ উৎসৱ পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল৷ অতীতৰ বিশেষণ পদানত কৰি 'হে'ল গে'ট', 'হে'ল পাছ' যেন আজি পৰ্যবসিত হৈছে সমন্বয়ৰ এক যাউতিযুগীয়া কৰিড'ৰত!

সমন্বয়েই শক্তি৷ জাৰ্মান, ইটালীয়ান, জাপানীৰ তাহানিৰ সমন্বয়ৰ সঞ্জীৱনীৰেই মিত্ৰজোঁটেও এদিন ব্ৰহ্মদেশত খোপনি পুতি থকা ব্ৰিটিছ বাহিনীক বৃদ্ধাংগুষ্ঠ দেখুৱাই উত্তৰ দিশে আগ বাঢ়ি আহিছিল৷ উজাই আহিছিল মাণ্ডালয়লৈ৷ তাৰ পাছতে লাশ্বিয় অধিগ্ৰহণ কৰিলে৷ মাৰ্কিন সেনাই ছাউনী পাতিলে বাৰ্মাৰ চিন্দউইন, জাম্বোবাম, মিচ্ছিনা, ভামুত৷ উপ-সৰ্বাধিনায়ক ষ্টীলৱেলৰ পৰিকল্পনা মতেই সেই সময়তে এইফালে অসমৰ লিডুত অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ এমিউনেছন ডিপো, সামৰিক হাস্পতাল, চিকিৎসা গোট, সেনা ছাউনী, বে'ছ কেম্প আদিৰে যুদ্ধৰ বাতাবৰণ গঢ়ি তুলিলে সন্মিলিত বাহিনীয়ে৷ জাপানীৰ সম্পূৰ্ণৰূপে অধীনলৈ যোৱা উত্তৰ বাৰ্মাৰ লগতে দেশখনক মুকলি কৰিবলৈ ব্ৰিটিছ প্ৰশাসনৰ বাবে অতিশয় দৰকাৰী হৈ পৰিল এই ‘লিড’লাম’, যি পথেৰে আমি এতিয়া এখোজ-দুখোজকৈ আগুৱাই গৈ আছোঁ প্ৰকৃতিৰ ৰূপ-বৈভৱ চাই চাই৷ চাৰিওফালে কেৱল সেউজীয়া৷ ৰাস্তাটোহে মটীয়া৷ আলকাতৰাৰ সঁচ নাই৷ এসময়ত ব্যস্ত, এতিয়া পৰিত্যক্ত পথ৷

জাপানীক ঘটুৱাবলৈ চীন আৰু উত্তৰ-পূব ভাৰতৰ মাজত স্থল যোগাযোগ ব্যৱস্থা উন্নত কৰাটো তেতিয়া খুব জৰুৰী হৈ পৰিছিল৷ তেহে ব্ৰহ্মদেশৰ পৰা জাপানী সেনাৰ সকলো শিৱিৰ উৎখাত কৰিব পৰা যাব৷ সন্মিলিত পক্ষৰ হাতত স্থলপথ এটা নিৰ্মাণৰ আঁচনি দাখিল কৰিবলৈ কোৱা হল৷ ১৯৪২ৰ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি ১৯৪৩ৰ অক্টোবৰলৈ অভিযান বিষয়া লেফটেনেণ্ট কৰ্নেল ফ্ৰেংক ডি. মেৰিলীৰ নেতৃত্বত ব্ৰিটিছ অভিযন্তাৰ দল এটাই ভাৰতৰ পূৰ্বোত্তৰৰ পৰা ব্ৰহ্মদেশলৈ বাট উলিওৱাৰ অভিপ্ৰায়েৰে চাৰ্ভে আৰম্ভ কৰিলে৷ জৰীপৰ ৰিপৰ্টবোৰ আহিল৷ প্ৰথমে সম্ভাব্য তিনিটা পথৰ খচৰা প্ৰস্তুত কৰা হল৷ প্ৰথমটো, লিডুৰ পৰা নামচিক আলি মথাউৰি হৈ মিয়াও আৰু তাৰ পৰা দিয়ুন নদীৰ উত্তৰ বা দক্ষিণ পাৰেদি চৌকান গিৰিপথলৈ৷ দ্বিতীয়টো, লিডুৰ পৰা মাচুম বস্তি আৰু মাচুম হৈ পাটকাইৰ উত্তৰ ফালে দিয়ুন নদীৰ ওচৰা-উচৰিকৈ ইয়াৰ দক্ষিণ পাৰে থকা চৌকান গিৰিপথলৈ৷ তৃতীয়টো, লিডুৰ পৰা মাচুম, বাংখেপ হৈ মূল পাটকাই পৰ্বতমালাইদি চৌকান গিৰিপথলৈ৷ চৌকান গিৰিপথেৰেই মহামতি চ্যুকাফাৰ অসম আগমন ঘটিছিল দূৰ অতীতত৷ প্ৰথম দুটা পথৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়াত তিনি নম্বৰটোৰ কথাকে চিন্তা কৰা হৈছিল

সেই কালত উত্তৰ-পূবৰ কেতবোৰ জনজাতিৰ একাংশ লোকে ঘোঁৰাৰে ব্ৰহ্মদেশ, আনকি চীনলৈকো অহা-যোৱা কৰিছিল৷ হাবিতলীয়া দুৰ্গম ট্ৰেক, যিবোৰেদি আহ-যাহ চলিছিল, সিবোৰক বোলা হৈছিল বিচা পথ৷ সেইবিলাক আগৰে পৰাই আছিল৷ অবৈধ কানি বেপাৰী, কস্তুৰী মৃগৰ বেপাৰীবোৰে অচিন অৰণ্যৰ মাজেৰে তেনেকৈয়ে বাট বুলিছিল৷ বাৰিষা কালত লুংলুঙীয়া লিকবিলাক হৈ পৰিছিল সাংঘাতিক বিপদজনক৷ তাৰো বহু আগতে আহোম ৰজাৰ দিনতো পাটকাইৰ বুকুৰে বাট কিছুমান আছিল৷ গতিকে একেবাৰে নতুন পথ এটা সজাৰ কথা নাভাবি চীনলৈ যোগাযোগ স্থাপনৰ বাবে বিচা পথসমূহৰ গ্ৰহণীয়তাৰ সপক্ষে চিন্তা-চৰ্চা আৰম্ভ কৰিলে জেনেৰেল ষ্টীলৱেলে৷ নানা উৎসৰ পৰা তথ্য সংগ্ৰহৰ ক্ষেত্ৰত তেওঁ আপোচহীন হৈ পৰিল৷ কাম আৰু দায়িত্বৰ খাতিৰত কঠোৰ, সিদ্ধান্তত কাৰো লগত মিল নথকা হেতুকে ষ্টীলৱেলক সেই সময়ত এটা অভিধা দিয়া হৈছিল৷ ভিনেগাৰ জ৷ ৫,০০০ ফুট উচ্চতাৰ পাহাৰে-কন্দৰে সিঁচৰতি হৈ থকা তেনেকুৱা দুৰ্গম, লুংলুঙীয়া পথসমূহকে ভিনেগাৰ জ'ই সাকাৰ ৰূপ দিবলৈ বাছি ললে৷ প্ৰস্তাৱিত পথটোত আছিল ১০খন ডাঙৰ নৈ৷ তদুপৰি ১৫৫টা পাহাৰীয়া জান-জুৰি, সৰু নৈ-নিজৰা৷ জাপানে বাৰে বাৰে ভাৰত-চীনৰ মাজৰ যোগাযোগ বিচ্ছিন্ন কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত সন্মিলিত বাহিনীৰ বাবে তুলনামূলকভাৱে এই পথছোৱাই নিৰাপদ হব বুলি অৱশেষত বিবেচিত হৈছিল৷


বাৰ্মাৰ পুৰণা পথটো, যিটোক 'বাৰ্মা ৰড' বুলি কোৱা হৈছিল, অসমৰ লিডুৰ পৰা তালৈ যোগাযোগ বেছি পোনপটীয়া, যিটো মণিপুৰৰ পেলেল পথেৰে সম্ভৱ নহয়৷ গতিকে লিডুৰ পৰা অৰুণাচল প্ৰদেশৰ নামপং হৈ পাংচু পাছেৰে ব্ৰহ্মদেশত থকা আৰ্মী বেছলৈ, উত্তৰ বাৰ্মাৰ হুকং আৰু মোগং উপত্যকাৰ মাজেৰে ভামু হৈ একেবাৰে চীনৰ য়ুন্নান প্ৰভিন্সৰ কুনমিঙলৈ গিৰিকন্যা পাটকাইৰ আঁৰে আঁৰে বাটৰ সন্ধান উলিওৱাত লাগিল ষ্টীলৱেল বাহিনী৷ বাৰ্মা ৰডটো সিফালে চীনৰ কুনমিং পৰ্যন্ত সংযুক্ত আছিলেই৷ গতিকে লিডুৰ পৰা বাৰ্মা ৰডলৈ সংযোগী পথ সাজি লব পাৰিলেই চীনলৈ সংযোগ স্থাপন হৈ যাব৷ এয়াই আছিল জেনেৰেল ষ্টীলৱেলৰ চূড়ান্ত সিদ্ধান্ত৷


Tuesday, 27 February 2018

চতুৰ্থ দিনঅংশ-


১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী৷ সাম্প্ৰতিক কালৰ ম্যানমাৰৰ নাম তেতিয়া ব্ৰহ্মদেশ, বাৰ্মা৷ ব্ৰহ্মদেশীয় ৰাজধানীৰ নাম সেই সময়ত ৰেংগুন৷ ৰেংগুনেই পাছলৈ য়াংগন হল৷ ৰেংগুনৰ পৰা ৪৫ মাইল নিলগত ইয়াণ্ডাবু৷ ইয়াতেই স্বাক্ষৰিত হৈছিল ইণ্ডো-ব্ৰিটিছ চুক্তি৷ সেয়াই ইয়াণ্ডাবু সন্ধি৷ ইতিহাসৰ ছাত্ৰ মাত্ৰেই এয়া জানে৷ আমিও অষ্টম শ্ৰেণীৰ বুৰঞ্জী বিষয়ৰ পাঠ্যপুথিত পঢ়িছিলোঁ যেনেই অনুমান হৈছে৷ উক্ত বুজাবুজিৰ পাছৰে পৰা ব্ৰিটিছে ব্ৰহ্মদেশত নিজৰ উপনিৱেশ প্ৰতিষ্ঠাৰ কাম আৰম্ভ কৰি দিলে৷ ইংৰাজৰ এনে প্ৰচেষ্টাত পলকতে ক্ষুব্ধ হৈ উঠিল পূবৰ শক্তিশালী ৰাষ্ট্ৰ জাপান৷ কাৰণ দক্ষিণ ব্ৰহ্মদেশ ইতিমধ্যে তেওঁলোকৰ দখলত৷ চেগুন, ৰবৰেৰে সমৃদ্ধ তদানীন্তন বাৰ্মাৰ বনজ সম্পদত জাপানীৰ লুটপাট চলি আছে৷ প্ৰথম মহাযুদ্ধৰ সময়ত তচ্‌নচ্‌ হৈ পৰা দেশখনৰ অৰ্থনীতি পুনৰ্নিৰ্মাণ কৰাৰ মানসেৰে জাপান নামি পৰিছে৷ প্ৰসংগক্ৰমে, এসময়ত ব্ৰিটিছ-ইণ্ডিয়াৰ অংশ হৈ থকা বাৰ্মা ১৯৩৭ চনত ইংৰাজ চৰকাৰৰ প্ৰত্যক্ষ সহযোগত ভাৰতৰ পৰা বিভাজিত হৈ সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অধীনলৈ যায়৷ নতুন দেশখনৰ সামৰিক শক্তি আছিল তেনেই সোপা-ঢিলা৷ ব্ৰিটিছৰ ওপৰতে নিৰ্ভৰশীল আছিল৷

১৯৩৭ চনত জাপানে চীনৰ সৈতে গেৰিলা যুদ্ধত অৱতীৰ্ণ হৈছিল৷ ঔপনিৱেশিক কাৰণতে৷ চীন দেশৰ সমগ্ৰ উপকূলীয় বন্দৰ ছীল কৰি পেলোৱা হৈছিল জাপানীৰ দ্বাৰা৷ সমুদ্ৰপথ, স্থলপথ অৱৰোধ কৰি আন ৰাষ্ট্ৰৰ সৈতে দেশখনৰ যোগাযোগ বিচ্ছিন্ন কৰি পেলাইছিল৷ দেশলৈ সকলো প্ৰকাৰৰ অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলাত ১৯৪০ চনত চীন গভীৰ সংকটত পৰিল৷ চীনৰ প্ৰতি জাপানে চলোৱা আগ্ৰাসন প্ৰতিহত কৰিব নোৱাৰাত দুৰ্বল চীনৰ সামৰিক নেতা মাৰ্শ্বাল চিয়াং কাই-শ্বেকে আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্সৰ দ্বাৰা গঠিত সন্মিলিত পক্ষৰ শৰণাপন্ন হল৷ বিপৰীতে উত্তৰ আফ্ৰিকীয় ঔপনিৱেশিক প্ৰসংগত ইউৰোপীয় দেশ ইটালী আৰু জাৰ্মানীয়ে হাত মিলালে জাপানৰ সৈতে৷ এই তিনিটা বৃহৎ শক্তিয়ে মিত্ৰৰূপত একেলগ হৈ বিশ্ব জয় কৰাৰ সপোন ৰচাত লাগিল৷

আনদিশে জাপান আৰু ৰাছিয়াৰ মাজত অপক্ষপাতিতা৷ যুদ্ধৰত কোনো পক্ষকে জোঁটবন্ধনেৰে সহায় নকৰি কেৱল আত্মৰক্ষাৰ্থে সাজু থকাৰ নীতি গ্ৰহণ কৰা হৈছে৷ ফলস্বৰূপে ৰাছিয়াৰ ভূভাগেদি চীনলৈ বহিঃৰাষ্ট্ৰৰ পৰা বস্তু-বাহানিৰ সৰবৰাহ বন্ধ হৈ পৰিল৷

বিশ্বৰ মুখ্য দেশকেইখনৰ মাজত এনেবোৰ অৰিয়া-অৰি তুংগত থকাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বেচ্ছাসেৱকৰূপী সামৰিক গোট কিছুমান চীনৰ ভিতৰ সোমালহি৷ চীনৰ অৰ্থনৈতিক অৱৰোধ নাশ কৰাত তেওঁলোকে জাপানৰ বিৰুদ্ধে হাত উজান দিলে৷ ব্ৰহ্মদেশৰ ওপৰত জাপানী আগ্ৰাসন ৰোধ কৰাৰ উদ্দেশ্যৰেও খোপনি পুতিলেহি বাৰ্মাৰ ভিতৰত৷ প্ৰত্যুত্তৰত অভূতপূৰ্ব ৰণকৌশলেৰে জাপানী নৌ বাহিনীয়ে মাৰ্কিন সেনাক সমুচিত প্ৰত্যাহ্বান জনাই দিলে৷ বোমা পেলাই আতংক আৰু ধ্বংসলীলাৰ সৃষ্টি কৰি গল৷ চমকি উঠিল সমগ্ৰ বিশ্ব৷ চিন্দুইন নদী জাপানী আৰু সন্মিলিত পক্ষৰ অঘোষিত সীমাৰেখাত পৰিণত হল৷ আকৌ, হাৱাইৰ পাৰ্ল হাৰ্বাৰত ১৯৪১ চনৰ ৭ ডিচেম্বৰত অতৰ্কিতে আঘাত হানিলে জাপানী নৌ সেনাই৷ পিছদিনাই আমেৰিকান ৰাষ্ট্ৰপ্ৰধানে জাপানৰ বিপক্ষে প্ৰকাশ্যে যুদ্ধ ঘোষণা কৰি দিলে৷

১৯৪১ৰ ৮ ডিচেম্বৰত জাপানৰ বিৰুদ্ধে সন্মিলিত শক্তিৰ যুদ্ধ ঘোষিত হোৱাত চীন আৰু ব্ৰহ্মদেশ দখল কৰাৰ মানসেৰে জাপানীয়ে তে-ততে নিৰ্বিচাৰে উপৰ্যুপৰি বোমা বৰ্ষণ কৰি ভয়াৱহ আক্ৰমণেৰে আগ বাঢ়ি আহিল৷ কলা ধোঁৱাই ছানি ধৰিলে চীনৰ আকাশ-বতাহ৷ হাজাৰ হাজাৰ নিৰপৰাধীৰ মৃত্যু ঘটিল৷ গৃহহাৰা হল অগণন মানুহ৷ নিশ্চিহ্ন হৈ গল ভালেমান অঞ্চল৷ বধ্যভূমিত পৰিণত হল চীন৷ লগতে বাৰ্মাও৷ অসহায় সৈনিক, যুদ্ধবিধ্বস্ত ভগনীয়াৰ সোঁত বব ধৰিলে ভাৰতীয় ভূখণ্ডলৈ পাংচু পাছ, মাচুম অৰ্থাৎ আজিৰ নামপং আৰু আন আন কিছুমান অঞ্চলেদি৷৷ সেইখন নামপঙৰ পৰাই ম্যানমাৰ অভিমুখে গৈ আছোঁ আমি৷ অাগত পাংচু পাছ৷ আন্তঃৰাষ্ট্ৰীয় সীমান্ত৷ মহাযুদ্ধৰ ইতিহাসে গৰকা এইবোৰ জেগা৷ তাকে লৈ আমাৰো পদে পদে উত্তেজনা৷ অসংখ্য যান-বাহন থূপ খাই থকা দেখিছোঁ৷ মানুহবোৰে দল বান্ধি আগলৈ খোজ লৈছে৷

কোৱা হয়, 'ৰেংগুন' শব্দৰ অৰ্থ হৈছে যুঁজৰ শেষ৷ ১৯৪২ চনৰ ৮ মাৰ্চত জাপানীয়ে হঠাতে ব্ৰিটিছৰ পৰা এই ৰেংগুন দখল কৰিলে৷ ক্ষিপ্ৰ গতিৰে অৱৰোধ কৰিলে ব্ৰিটিছ-বাৰ্মা, হুকং ভেলী, সন্মিলিত পক্ষৰ মিচ্ছিনা এয়াৰফিল্ড আদি৷ মুগং, মিচ্ছিনা, ভামু আদিত বাহৰ পাতিলে৷ চীনৰ সৈতে সন্মিলিত বাহিনীৰ স্থল আৰু আকাশী পথৰ যোগাযোগ বন্ধ কৰি পেলোৱা হ'ল৷ অস্ত্ৰ-শস্ত্ৰ হস্তগত কৰিলে৷ সমগ্ৰ ব্ৰহ্মদেশ অধিকাৰ কৰিবলৈও তৎপৰতা অৱলম্বন কৰিলে৷ জাপানীসকল পাকৈত যোদ্ধা৷ যুঁজাৰু বিমান চালনা আৰু উৰণৰ ক্ষেত্ৰত পতংগৰ সৈতে তুলনা কৰা হৈছিল জাপানীৰ দক্ষতাক৷ জাপানী মহিলা পাইলটৰ এনে কুশলতা আৰু সাহসিকতাৰ এটা লোমহৰ্ষক কাহিনী আমি সপ্তম মানত পঢ়ি থকা অৱস্থাতে শ্ৰেণীকোঠাত এদিন শুনাইছিল বিনোদলাল গগৈ ছাৰে৷ সেয়া মোৰ আজিও মনত পৰে৷

চীনৰ মূল সামৰিক ঘাটি, সন্মিলিত বাহিনীৰো মুখ্য সামৰিক ঘাটি ৰেংগুনৰ পতনৰ ফলত অৱস্থাই গুৰুতৰ ৰূপ লোৱা দেখি তাৎক্ষণিক আৰু সাময়িক যুদ্ধকালীন তৎপৰতাৰে জেনেৰেল যোচেফ ৱাৰেন ষ্টীলৱেলৰ উদ্যোগত গঢ়ি তোলা হল ভাৰত, চীন আৰু ব্ৰহ্মদেশৰ সংযুক্ত সেনা বাহিনী৷ China-Burma-Indian Allied Force, সংক্ষেপে CBIৰ গুৰিয়াল জেনেৰেল ষ্টীলৱেল ১৯৩৭ চনত ইউ.এছ. প্ৰেচিডেণ্ট ফ্ৰেংকলিন ডি. ৰুছভেল্টৰ প্ৰতিনিধি হৈ চীনলৈ গৈছিল৷ চীনা সেনা বাহিনীক প্ৰশিক্ষণ দিছিল৷ গতিকে ষ্টীলৱেলৰ সামৰিক দক্ষতাৰ কথা জানিছিল চীনৰ শীৰ্ষ সামৰিক বিষয়া মাৰ্শ্বেল চিয়াং কাই-শ্বেকে৷ তেৱেঁই চীন-বাৰ্মা-ইণ্ডিয়া সৈন্য বাহিনীটোৰ কামাণ্ডাৰ পাতিছিল ষ্টীলৱেলক৷ দায়িত্ব গ্ৰহণ কৰি যুদ্ধখনত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে জেনেৰেল ষ্টীলৱেল৷ চীনত থাকোঁতেই জাপানীৰ আক্ৰমণত পৰি স্থিতি সলনি কৰি ভাৰতবৰ্ষৰ সামৰিক গুৰুত্বপূৰ্ণ অৱস্থানত থকা লিডু পায়হি তেওঁ৷ ষ্টীলৱেলে ভালকৈ জানিছিল যে জাপানীসকল যথেষ্ট শক্তিশালী৷ যুদ্ধ কৰি খুব সোনকালে হৰুৱাটো ইমান সহজ নহয়৷

পূৰ্বৰে পৰা থকা ৰাস্তা আৰু ট্ৰেক কিছুমানৰ জৰুৰী উন্নয়ন সাধনেৰে চীন-জাপানৰ দ্বিতীয় যুদ্ধৰ সময়ছোৱাৰ ভিতৰতে ১৯৩৭-৩৮ চনত খৰখেদাকৈ গঢ়ি তোলা হৈছিল বাৰ্মা ৰড৷ ব্ৰহ্মদেশৰ লাশ্বিয়ৰ পৰা চীনৰ কুনমিং পৰ্যন্ত ১,১৫৪ কিলমিটাৰ দূৰত্ব সংযোগ হৈ আছিল সেই পথেৰে৷ পিছে জাপানীয়ে ৰেংগুন লৈ লোৱাৰ পাছত ৰাস্তাটো বন্ধ কৰি দিলে৷ মণিপুৰৰ মৰে হৈ বাৰ্মাৰ অভ্যন্তৰ সংযোগী পেলেল পথটোৰে যদিওবা ব্ৰহ্মদেশৰ লগত যোগাযোগ চলি থাকিল, সেই পথ অতিশয় পাহাৰীয়া, দুৰ্গম আৰু অসুচল৷ সেয়ে বিকল্প স্থলপথ এটাৰ সন্ধান চলিব লাগিল৷ ভাৰতৰ মাটিৰে চীনলৈ অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ একমাত্ৰ পথ ৰলগৈ পূব মূৰৰ ইণ্ডো-বাৰ্মীয় পথ৷ এই স্থলপথটোৰে চীনলৈ ৰচদ-পাতি যোগানৰ উপৰি জাপানীৰ লগত যুদ্ধ দিব পৰা যাব বুলি নিশ্চিত হল ষ্টীলৱেল বাহিনী৷ মাৰ্কিন সেনা আৰু ব্ৰিটিছ বিষয়াৰ কুচ্‌কাৱাজ চলিব ধৰিলে ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলত৷ পূবৰ গিৰিকন্যা পাটকাই পৰ্বতৰ অন্দৰে-কন্দৰে সামৰিক বিষয়াসকলে বাৰ্মালৈ যাব পৰা পথৰ সম্ভাৱনা-সূত্ৰ বিচাৰি অনুসন্ধান আৰম্ভ কৰিলে৷ অন্তৰ্নিহিত উদ্দেশ্য, যুদ্ধংদেহী জাপানীক সমুলঞ্চে উৎখাত কৰা৷


Monday, 26 February 2018

চতুৰ্থ দিনঅংশ-


এইটো এলাপেচা ৰাস্তা নহয়৷ মানৱ ইতিহাসত সবাতোকৈ বৃহৎ সংঘাত বুলি পৰিগণিত দ্বিতীয় বিশ্বযুদ্ধৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্ক আছিল এই পথটোৰ৷ মহাসমৰৰ প্ৰেক্ষাপটত অপৰিসীমভাৱে গুৰুত্বপূৰ্ণ হৈ উঠা পথটোৰ সেই কালত নিৰ্মাণ-ব্যয় ধাৰ্য কৰা হৈছিল ইউ.এছ. ডলাৰ ১৫০ মিলিয়ন৷ ১৯৪২ চনৰ ১ ডিচেম্বৰত ইংৰাজ আৰু আমেৰিকানৰ মাজত চুক্তি সম্পাদিত হোৱাৰ পশ্চাৎ লিডুৰ কাষৰীয়া লেখাপানীৰ জিৰ পইণ্টৰ পৰা কাম আৰম্ভ কৰা হৈছিল৷ যুদ্ধকালীন ক্ষিপ্ৰতাৰে কুনমিঙলৈ আগুৱাই ১৯৪৫ চনৰ মে মাহৰ ২০ তাৰিখে নিৰ্মাণ কাৰ্য সমাপ্ত হোৱাৰ ঘোষণা কৰিছিল তদানীন্তন Chief of the Engineer Major General Lewis A. Pickএ৷ প্ৰকল্পটোৰ মুখ্য উদ্দেশ্য আছিল জাপানীক বাৰ্মাৰ পৰা আঁতৰাই পঠিওৱা৷

মহাযুদ্ধ পাছৰ এবছৰলৈকে ৰাস্তাটোৰ চোৱা-চিতা কৰা হৈছিল৷ লাহে লাহে কামত নলগা হৈ থাকিল৷ গুৰুত্বহীন হোৱাৰ ফলত জংঘলে আৱৰি ধৰিলে৷ ধীৰে ধীৰে পাহৰণিৰ গৰ্ভত জাহ যাবলৈ আৰম্ভ কৰিলে৷ মানুহে পাহৰিয়ে থাকিল যে The road was named in honour of General Joseph W. Stilwell, special representative of the President of the United States and Deputy Supreme Commander of the Allied Forces in South East Asia Command.’ জিৰ পইণ্টৰ ষ্টীলৱেল পাৰ্কৰ ফলকত এইদৰে লিখি ৰখা আমি সিদিনা আহোঁতে দেখি আহিছোঁ৷ ১,৭২৬ কিল'মিটাৰ দৈৰ্ঘৰ ৰাস্তাটোৰ ৰূপকাৰ জেনেৰেল ষ্টীলৱেলৰ সন্মানাৰ্থে চীনা উচ্চ সামৰিক বিষয়া মাৰ্শ্বাল চিয়াং কাই-শ্বেকে পথটোক 'ষ্টীলৱেল পথ' নামকৰণৰ প্ৰস্তাৱ দিছিল৷ সেই অনুসৰি ১৯৪৫ চনৰ পৰাই এই পথটো ষ্টীলৱেল পথ বুলি পৰিচিত হৈ আহিছে৷

ব্ৰিটিছ-আমেৰিকানে নিৰ্মাণ নকৰা হলে ভাৰত-ম্যানমাৰে আজিৰ তাৰিখতো এনে পথ নিৰ্মাণ কৰিব পাৰিলেহেঁতেননে নাই তাত সন্দেহ আছে৷ সদ্যহতে আমাৰ চকুৰ আগলৈ আহিছে ৰাস্তাটোৰ জৰাজীৰ্ণ ৰূপটো৷ শিলগুটি, কেঁচামাটিৰ ওপৰেৰে চলিছে দুভৰি৷ নামপঙলৈ পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল চাবলৈ অহা জাক জাক মানুহে আজি এইবাটে খোজ পেলোৱাৰ সুযোগ লৈছে৷ আমিও তাৰ মাজৰে নগণ্য পদযাত্ৰী৷ নিশাৰ বৰষুণজাকৰ বাবে ধূলি উৰা নাই যেনিবা৷ আংকল জই হাজাৰজনৰ ত্যাগেৰে নিৰ্মাণ কৰি থৈ যোৱা এইটোৱে ঐতিহাসিক ষ্টীলৱেল পথ যাৰ পৰশ এয়া গাড়ীৰ পৰা নমাৰ লগে লগে পালোঁ৷ পাই গৰ্বিত হ'লোঁ৷ এইখিনিলৈ উভতি নহা পৰ্যন্ত দিনটোলৈ পায়ে থাকিম বুলি ভাবি অন্য এক ধৰণৰ আনন্দও নলগা নহয়৷ এতিয়া পিছে আগ বঢ়াৰ সময়৷

দ্বিতীয় মহাসমৰৰ ধামখুমীয়াত, যুদ্ধকালীন ক্ষিপ্ৰতাৰে এই পথ সাজোঁতে প্ৰয়োজন হৈছিল ১৫,০০০ আমেৰিকান সৈনিকৰ লগতে ৩৫,০০০ থলুৱা লোকৰ৷ নিৰ্মাণকাৰী সন্মিলিত বাহিনীৰ কৰ্মদলত আছিল স্কট্‌ছ, আইৰিছ, ইংলিছ, ৱেল্‌ছ, অষ্ট্ৰেলিয়ান, ইণ্ডিয়ান, গোৰ্খা, বাৰ্মিজ, আফ্ৰিকান, চাইনিজ আদি মূলৰ লোক৷ সামৰিক পথ যদিও কামৰ দায়িত্বত ইণ্ডিয়ান আৰ্মী, আছাম ৰাইফলছৰ মানুহৰ উপৰি অসামৰিক লোকো আছিল৷ তাৰ মাজত আছিল চাহ বাগিচাৰ বনুৱা, ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অনা শ্ৰমিক, চীনা বনুৱা, স্থানীয় চিংফৌ, নেপালী, কছাৰী, নৰা, খাময়্যাং, টাই ফাকে, খামতি, য়াপাদাম, থিনয়ং, পাংগি, গালং লোকেৰে গঠিত আবৰ বাহিনী, গাৰো, প্নাৰ, ছেমা নগা, মিজো, মিচিমি শ্ৰমিক৷ তত্ত্বাৱধানত অসম ৰাইফলছৰ চৰ্দাৰ ৰত্ন বাহাদুৰ লিম্বু৷ কোনো কোনো সময়ত ২০০টা বিভিন্ন ভাষা তথা দোৱান ব্যৱহাৰ কৰা শ্ৰমিক-বিষয়াই একেলগে কাম কৰিছিল৷ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ সৈতে জড়িত আছিল তেওঁলোকৰ মান-সন্মান, হাঁহি-কান্দোন, বুভুক্ষু বেদনা, কৰাল আৰ্তনাদ আদি৷ দীঘলীয়া কাহিনী আছে ষ্টীলৱেল পথৰ৷ ইয়াকে উপজীৱ্য হিচাপে লৈ কোনো কোনোৱে কিতাপেই লিখি উলিয়াইছে৷

আধুনিক সভ্যতাৰ পৰশ পিছৰ কথা, জনবসতিশূন্য আদিম ঘন অৰণ্যৰে গহীন আছিল সমস্ত এলেকাটো৷ বেগৱতী, উচ্ছল, চঞ্চলা-চপলা পাহাৰীয়া জান-জুৰি, নৈ-নিজৰাৰ অনৰ্গল বিধি-পথালিৰ উপৰি পাহাৰ-পৰ্বত, নেৰানেপেৰা বৰষুণ, কোমল মাটি, খহনীয়া, বোকা, সেমেকা জলবায়ু, বনৰীয়া জীৱ-জন্তু, বিষাক্ত পোকৰ উপদ্ৰৱ, মেলেৰিয়া, টাইফইড, ডিছেণ্টেৰী, নিউমোনিয়া আদিৰ উপৰি অচিন ৰোগৰ তীব্ৰ প্ৰত্যাহ্বান আছিল পদে পদে৷ তেনেস্থলত পথটোৰ নিৰ্মাণৰ কালছোৱাত প্ৰতি কিলমিটাৰত এজনকৈ সৈনিক বা বনুৱাৰ মৃত্যু আছিল ধৰা-বন্ধা৷ শ্ৰমিকসকলৰ বাবে ৰাস্তাটো সদায়েই হৈ পৰিছিল আতংকৰ কাৰণ৷ অভিশপ্ত পথটোক কোৱা হৈছিল Man a mile roadঅনেকজন শ্ৰমিক-বনুৱা-গিৰ্মিটীয়াৰ লগতে ১,১০০ সংখ্যক আমেৰিকান সৈনিকৰো মৃত্যু ঘটিছিল পথ নিৰ্মাণত সন্মুখীন হোৱা হাজাৰ প্ৰতিকূলতাৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ৷

১৯৪৫ চনৰ অক্টোবৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰই ষ্টীলৱেল পথটো চৰকাৰীভাৱে পৰিত্যাগ কৰে৷ দীৰ্ঘ দিন ধৰি পৰিত্যক্ত হৈ থকাত পথটো ব্যৱহাৰৰ তেনেই অনুপযোগী হৈ পৰাটো আগলৈ গৈ থাকোঁতেই আমি ধৰিব পাৰিছোঁ৷ পি.পি.ডব্লিউ.এফ.ৰ অচিলাতে এতিয়া দেখিছোঁ কিছু কাম হৈছে৷ অন্ততঃ আমি খোজকেইটা দিব পাৰিছোঁ৷ লিডুৰ পৰা পাংচু পাছলৈকে অধিকাংশ এলেকাই পাহাৰীয়া৷ বিশেষকৈ জয়ৰামপুৰৰ পৰা৷ ভাৰত ভূখণ্ডৰ অন্তৰ্ৱৰ্তী এইছোৱাৰ দূৰত্ব ৬১ কিলমিটাৰ৷ অসমত ৩০ কিলমিটাৰ, অৰুণাচল প্ৰদেশত ৩১ কিলমিটাৰ৷ পাংচু পাছৰ পৰা আগলৈ পথটো অতি একা-বেঁকা, পাহাৰীয়া আৰু ওখোৰা-মোখোৰা বুলি পঢ়িবলৈ পাইছিলোঁ৷ ম্যানমাৰ খণ্ডৰ দূৰত্ব ১,০৩৩ কিলমিটাৰ৷ তাৰ পাছতে চীনত প্ৰৱেশ কৰি য়ুন্নান প্ৰভিন্সৰ কুনমিং পাইছেগৈ৷ চীনত ৩২ কিলমিটাৰ৷ এতেকে কিলমিটাৰ হিচাপত পথটোৰ মুঠ দূৰত্ব ১,৭২৬৷

দুটা পুৰণি পথ, লিডু ৰ'ড আৰু লাশ্বিয়-কুনমিং বাৰ্মা ৰ'ড৷ তিনিখন চুবুৰীয়া ৰাষ্ট্ৰ, ভাৰত, ম্যানমাৰ আৰু চীন৷ এজন ৰূপকাৰ, ভিনেগাৰ জ'৷ মাটি আৰু মানুহৰ অলেখ স্মৃতিবিজড়িত ষ্টীলৱেল পথৰ জন্ম-কাহিনী আমি কিতাপে-পত্ৰই পাইছোঁ৷ পঢ়ি আলোড়িত হৈছোঁ৷ এতিয়া এই বয়সত ভাৰতীয় অংশকে ধৰি ম্যানমাৰৰো একাংশ নিজৰ পদযুগলেৰে ভ্ৰমিবলৈ সোণালী সুবিধা লভিছোঁ, নামপঙত আয়োজিত পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেললৈ অহাৰ সুযোগতে৷ তাকে সোঁৱৰোঁতে অাৰিফ ছিদ্দিকী, মানৱাং ৱাংচাহঁতৰ মুখবোৰ চিনেমাৰ ৰীলৰ দৰে চকুৰ সন্মুখলৈ আহিব ধৰিলে৷ (আগলৈ)


চতুৰ্থ দিনঅংশ-


ফেষ্টিভেল গ্ৰাউণ্ডৰ সন্মুখৰ পৰা তাহানিৰ মাচুম বস্তি, হেল গেট, এতিয়াৰ নামপঙৰ মাজেৰে সামান্য দূৰত্ব অতিক্ৰম কৰাৰ পাছতে Nampong Post পালোঁহি৷ তোৰণত জিলিকিছে অসম ৰাইফলছৰ প্ৰতীক৷ বৰ বৰ হৰফেৰে লিখা আছে Friends of the Hill People৷ STOP লিখা ডাংডাল বেঁকা হৈ আছে৷ কৰ্তব্যৰত জোৱানে গতি-বিধি লক্ষ্য কৰি আছে৷ অৰুণদাহঁতৰ গাড়ীখন গে'টৰ এইপাৰে ৰৈছেগৈ৷

পুৱা ঠিক ৯.০০ বাজিছে৷ মই নামি গলোঁ৷ সামৰিক বাহিনীৰ ফালৰ পৰা তাৎক্ষণিক অনুমতি লাভৰ আশাৰে নিয়মমাফিক শাৰীত থিয় দি আছোঁ৷ হাতত ফেষ্টিভেল গ্ৰাউণ্ডত অলপ আগেয়ে দিয়া ইনাৰ লাইন পাৰ্মিটখন৷ মোৰ হাতত বগা কাগজত চিল মৰা টুকুৰা এটা দিলে৷ ২ ইঞ্চি x ২ ইঞ্চি জোখৰ কাগজটুকুৰাত ষ্টাম্পটো ভালকৈ বহাই নাই৷ তথাপি এতিয়া সবাতোকৈ মূল্যৱান এই টুকুৰাটোহে, যাৰ জৰিয়তে বিদেশ ৰাষ্ট্ৰত সোমোৱাটো সম্ভৱ হব৷ এয়াই সেই বিখ্যাত 'ট'কেন', পাচপ'ৰ্ট৷ নীলা চিয়াঁহীৰে কাগজখনত হাতে লিখা নম্বৰটো চালোঁ৷ 247৷ ঘূৰি আহোঁতে এইটো ইয়াত দি যাব লাগিব, আমাৰ মাজৰ কোনো এজনোযে সিপাৰত থাকি অহা নাই তাৰ প্ৰমাণ স্বৰূপে৷ বিয়লি ৩ বজাৰ আগতে ঘূৰিবৰ বাবে গে'টত সকলোকে সকীয়ালে৷

অৰুণদাহঁত আমাৰ আগে আগে গৈ আছে৷ ৰাস্তাৰ অৱস্থা ভাল নহয়৷ ১০ মিনিটমান যোৱাৰ পাছতে এঠাইত গাড়ীবোৰ থমকি ৰল৷ কি হল? শোভাযাত্ৰাটো ৰৈ গলযে? চাওঁচোন বুলি জাংখঙৰ পাছে পাছে ময়ো নামি দিলোঁ৷ আচলতে উৎকণ্ঠাই নামিবলৈ বাধ্য কৰালে৷ দেখিলোঁ, সেনাৰ গাড়ী এখন এঠাইত উঠিব নোৱাৰা অৱস্থা৷ ফলত শত-সহস্ৰ গাড়ীৰ লানি লাগিল মুহূৰ্তৰ ভিতৰতে৷ পথৰুদ্ধ হৈ পৰিছে৷ ঠাইখিনি এঢলীয়া৷ বৰষুণৰ বাবে পিছল হৈ আছে৷ সোঁহাতে ওখ পৰ্বত৷ দুয়ো ফালেই জংঘল৷ জোৱানৰ দলটো ঘপাঘপ নামিল৷ গাড়ীখন ঠেলি ঠেলি উঠাবলগীয়া হল৷ সময়ো কিছু গল৷ কাষেদি যাবলৈ সুৰুঙা ওলালত বাকী গাড়ীবোৰৰ কোনোখনেও আৰু ৰৈ নাথাকিল৷ প্ৰাকৃতিক দৃশ্যৰাজি চাই চাই আমিও নিজৰ অৱস্থান বজাই ৰাখি অগ্ৰসৰ হলোঁ৷ উপক্ৰান্তীয় জলবায়ুৰে সূৰ্যোদয়ৰ প্ৰান্ত অঞ্চল এইটো৷

অকোৱা-পকোৱা ৰাস্তাটো পি.পি.ডব্লিউ.এফ.ৰ উপলক্ষতে নকৈ কাটি পৰিষ্কাৰ কৰি বহলোৱা হৈছে যেন ধাৰণা হৈছে৷ কেঁচা মাটিৰ ৰাস্তা৷ ঠায়ে ঠায়ে বোকা৷ নতুনকৈ কালভাৰ্ট সজা হৈছে৷ বিপৰীত ফালৰ পৰা মানুহ কিছুমান খোজ কাঢ়ি অহা দেখা পাইছোঁ৷ সেইবোৰ ম্যানমাৰীয়ে হব নিশ্চয়৷ সীমান্তৰ সিপাৰৰ পৰা এইপাৰৰ নামপঙলৈ আহিছে৷ ফেষ্টিভেল চাব, বজাৰ কৰিব, নিজ দেশলৈ ঘূৰি যাব৷ মহিলা কেইগৰাকীমানক পিঠিত হোৰা লৈ গাম বুট পিন্ধি জংঘলৰ পৰা ওলাই অহা দেখিলোঁ৷ অকাই-পকাই নগৈ তেওঁলোকে শ্বৰ্টকাট মাৰিছে৷ হাতত লাখুটি, মুখত হাঁহি৷ প্ৰাণখোলা হাঁহিয়ে আমাকো উৎসাহিত কৰিলে আৰু আগ বঢ়াৰ সাহস দিলে৷ অন্য গাভৰু দুজনীমানো পালোঁ৷ গালত বগা বগা কিবা সানি আহিছে৷ ৰাজু গগৈয়ে প্ৰশ্ন তুলিলেই, কি বস্তু সেইটো, মুখতযে লগাইছে? কেনেকৈনো কওঁ বাৰু? আগে-পাছে দেখা নাই৷ ওচৰত পালে সুধি-পুচি ক'ম বাৰু আপোনাক৷ পংকজ দাসৰ সৰল উত্তৰ৷

নামপঙতকৈ ইতিমধ্যে আমি যথেষ্ট উচ্চতাত আৰোহণ কৰিছোঁ৷ বাঁওহাতে মুকলি৷ বলেৰ'খন বীৰেন্দৰে ধীৰে-সুস্থিৰে চলাইছে৷ আগে আগে সিখন গাড়ী৷ সেইখনো একেই, ধীৰে ধীৰে৷ বোকাত পিছল খোৱাৰ আশংকাত সকলো গাড়ীৰ চালকেই বিশেষ সাৱধানতা অৱলম্বন কৰাটো মন কৰিছোঁ৷ ৰদ পৰি জিলিকি উঠিছে পূবৰ গিৰিকন্যা পাটকাইৰ লানিবোৰ৷ দূৰ দিগন্তব্যাপী স্পষ্ট হৈ দেখা দিছে৷ গাড়ীৰ পৰাই কেমেৰা টোঁৱাই যি পাৰোঁ ধৰি ৰখাৰ প্ৰয়াস কৰিছোঁ৷ পৰ্বতৰ বক্ষত হেলিপেড এটা থকা যেনো লাগিছে৷ কোনোবা এজনে কলে, সেয়া নামপং৷তাৰ মানে ইমান পৰে আমি বহুত ওপৰলৈ উঠিলোঁ৷ ইফালে পাংচু পাছ আছে সমুদ্ৰ পৃষ্ঠৰ পৰা ৩,৭২৭ ফুটত৷ আমি সিমানখিনি পৰ্যন্ত আৰোহণ কৰিব লাগিব৷

অসম ৰাইফলছৰ নামপং তালাচী চকীৰ পৰা আধা ঘণ্টামান সময় যাত্ৰা কৰা হল৷ এঠাইত ৰাস্তাটো দুভাগ হোৱা দেখা পালোঁ৷ ম্যানমাৰ অভিমুখী গাড়ীবোৰ বাঁওহাতে গৈছে৷ মোৰ অনুমান, ঘূৰি আহোঁতে সোঁহাতেদি আহিম চাগৈ৷ আমি আগৰ গাড়ীক অনুসৰণ কৰি আছোঁ৷ মুখৰ আগত গেলগেলীয়া বোকা-পানী এডৰা৷ ৰাস্তাটো একেবাৰে পাহাৰৰ গাতে লাগি আছে৷ সেয়েহে বৰষুণৰ পানী জমিছে৷ বোকা ফালি বলেৰ আগ বাঢ়িল৷ চাপৰ গাড়ীৰ চালকবোৰৰ বাবে এলেকাটো পাৰ হোৱাটো নিশ্চয়কৈ চিন্তা কৰিবলগীয়া কথাই হব৷ পিছফালে ঘূৰি চালোঁ৷ গাড়ীবোৰ আহি আছে৷

ষ্টীলৱেল পথেৰে ইমান পৰে নামপঙৰ পৰা প্ৰায় ১০ কিলমিটাৰ পথ অতিক্ৰম কৰিছোঁ যেন লাগিছে৷ আহল-বহল কেঁকুৰি এটাতে সেনাৰ জোৱানে গাড়ী ৰখাবলৈ ইংগিত দি আছে৷ আমাকো দিলে৷ বলেৰখন ৰৈ গল৷ সন্মুখত ইফালে সিফালে ৰৈ থকা অৱস্থাত অসংখ্য গাড়ী দেখা গৈছে৷ বিভিন্ন জাতৰ গাড়ী৷ বাইক, স্কুটী লৈও আহিছে অনুসন্ধিৎসু মানুহ৷ কৌতূহল, অনুসন্ধিৎসাক কোনে ঢাকোন দিব পাৰে? চালক বীৰেন্দৰে আমাৰ গাড়ীখন একাষে পাৰ্ক কৰিলে৷ কৰ্তব্যত থকা জোৱান এজনে হিন্দীতে ক'লে, 'ইয়াৰ পৰা গাড়ী নিব নোৱাৰিব৷ খোজ কাঢ়ি যাব পাৰিব৷' যি বা আজ্ঞা৷ নিৰ্দেশ পালন কৰি আমি গাড়ী এৰিলোঁ আৰু পদচালনা আৰম্ভ কৰি দিলোঁ৷ বাঁওহাতলৈ ঘূৰা কেঁকুৰিটোৰ আগলৈ একো নেদেখি৷ পদে পদে কেৱল উৎকণ্ঠা৷ (আগলৈ)

Saturday, 24 February 2018

চতুৰ্থ দিনঅংশ-২


অলপ পাছতে দেখা পালোঁ, মানৱাং দৌৰাদৌৰিকৈ আহি আছে৷ ভীষণ ব্যস্ত যুৱকজন৷ ইফালে গৈছে, সিফালে গৈছে৷ ইজনৰ লগত কিবা পাতিছে, সিজনৰ লগত কিবা পাতিছে৷ নিৰ্দেশ দিছে৷ অংগী-ভংগী৷ মুঠতে সময় নাই৷ ওচৰ পোৱাৰ লগে লগে তেওঁক আমাৰ অনুমতি-পত্ৰখন দেখুৱালোঁ, প্ৰাপ্তিৰ আনন্দৰে উৎফুল্লিত হৃদয়েৰে৷ কামফেৰা সুকলমে হৈ যোৱাত সুখৰ হাঁহি এটা মাৰিলে৷ পিঠিত চপৰিয়াই কলে, মই কৈছিলোঁ নহয়, হৈ যাব, আপোনাৰহে ইমান টেনচন! ডেথ ভেলীলৈ যাবলৈ তৈয়াৰ হওক এতিয়া!

ঠিকেই, ডেথ ভেলীলৈ৷ এটা ইতিহাস বিচাৰি সদলবলে ওলাইছোঁ আমি৷ দৰাচলতে ইতিহাসেই জাতিৰ জীৱন-পঞ্জী৷ আমাৰ লগত জাংখং মংৰেও আছে৷ স্থানীয় আৰু অভিজ্ঞ মানুহ এজন গাইড-সহচৰ হিচাপত লগত থাকিলে ঘূৰি-ফুৰি ভাল লাগে৷ নাজঙকো লগ ধৰিছিলোঁ৷ তাই ইচ্ছা নকৰিলে৷ জাংখঙকে পাচিলে৷ তেওঁ যিহেতু আগতেও গৈছে সেয়ে সহায়ক হব বুলি তাই অভিমত দিছিল৷ আমাৰ ভালৰ বাবে চিন্তা কৰা নাজঙৰ মুখখন মোৰ মানস-পটত উজলি উঠিল৷

৯.০০ বাজিবলৈ ১৫ মিনিটমান আছে৷ ম্যানমাৰৰ লেক অফ্‌ ন ৰিটাৰ্ণ চাবলৈ ওলোৱা পৰ্যটকসকলক গাড়ীবোৰ শাৰী পতাবলৈ নিৰ্দেশ দিছে৷ ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰি সামান্য আগত থকা অসম ৰাইফলছৰ নামপং পষ্টত সোমাব লাগিব৷ ফিল্ডত অলপ আগতে দিয়া হালধীয়া ৰঙৰ আই.এল.পি.খন তাত দিব লাগিব৷ তেতিয়া কাগজৰ টকেন এটা পোৱা যাব৷ সেইটো নি ইণ্টাৰনেছনেল বৰ্ডাৰত দেখুৱাব লাগিব৷ ভাৰতীয় আৰু ম্যানমাৰ উভয় ফালৰ পৰাই কাগজৰ টকেন৷ সেয়াই পাচপৰ্ট, সেয়াই ভিছা! এনেকৈয়ে চলি আহিছে ষ্টীলৱেল পথেৰে দুখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত দেশী-বিদেশী মানুহৰ আহ-যাহ৷

পথৰ কাষৰ এখন দোকানত সোমাই পানীৰ বটল আৰু বিস্কুটৰ পেকেট কিনি ললোঁ৷ বাটত দৰকাৰ হব৷ আগত পাওঁবা নাপাওঁ, কি ঠিক? বহুমূলীয়া হালধীয়া কাগজখন মোৰ হাতত আছে৷ অতি সাৱধানে ধৰি আছোঁ৷ এইখনৰ সৈতে এতিয়া সুদূৰ ডিফুৰ পৰা অহা আমাৰ দলটোৰ গোটেইকেইজনৰে দীৰ্ঘদিনীয়া হেঁপাহ এটা জড়িত হৈ আছে৷ টীম-বিৰখন অৰুণদাৰ জিম্মাত৷ অৰুণদা সিখন গাড়ীৰ আগ চিটত৷ মুখমণ্ডলত আনন্দ আৰু উৎসুকতা দুয়োটা সমানেই পৰিস্ফূট হৈছে৷

চাওঁতে চাওঁতেই সুদীৰ্ঘ কনভয় এটা গঢ় লৈ উঠিল৷ বলেৰখনেৰে আমি তাৰ মাজত সোমাই আছোঁ৷ সন্মুখত হাৰ্বাৰ্টৰ কলা টাকচনখন৷ এটা মন-বিনায়ক যাত্ৰাৰ আৰম্ভণি৷ মনৰ অভ্যন্তৰত অলেখ ভাবৰ হেন্দোলনি৷ নিজকে নিজে উপৰ্যুপৰি প্ৰশ্ন কৰিছোঁ৷ সৌ কেঁকুৰিটোৰ আঁৰ লৈ থকা ষ্টীলৱেল ৰডৰ ৰূপটো আগলৈ কেনেকুৱা হব বাৰু? কেনেকুৱা হব পাংচু পাছ? কেনেকুৱাবা দেখিম লেক অফ্‌ ন ৰিটাৰ্ণ নামৰ বহুচৰ্চিত জলাশয়টো! বিৰাট উত্তেজনা৷

নামপং এৰিলোঁ৷ পথটো সৰুফুটীয়া, পাহাৰীয়া, অকোৱা-পকোৱা৷ এইটোৱেই সেই পথ যত এজন অসাধাৰণ মানুহৰ নেতৃত্বত জান-প্ৰাণ দি খটা হাজাৰ হাজাৰজন সাধাৰণ মানুহৰ জীৱন-যৌৱন, তেজ-ঘাম, বিধি-বিপত্তি আটাইবোৰ একান্তভাৱে নিহিত হৈ আছে৷ লেখাপানীৰ পৰাই আমি এই পথ অনুসৰণ কৰি আহিছোঁ৷ এয়া এক অসাধাৰণ অভিযান্ত্ৰিক কীৰ্তি যি অসমৰ লিডুৰ সৈতে ঐতিহাসিকভাৱে সংলগ্ন৷ এতিয়া দুপাৰে মাথো অৰণ্য৷ গছ-বনেৰে ঢাক খোৱা সেউজীয়া পৰিৱেশ৷ সন্মুখলৈ চাই ভাল লাগিছে৷ অলেখ প্ৰশ্নৰ উত্তৰ, জনা-নজনা বহু কথাই লুকাই আছে সেইটো দিশত৷ সেইফালেই গতি কৰিম অলপ পাছত৷ পাটকাইৰ পূব প্ৰান্ত এয়া৷

ইণ্ডো-বাৰ্মা বৰ্ডাৰৰ পাটকাই পৰ্বতমালা আৰু উত্তৰ বাৰ্মাৰ শ্বিংব্যিয়াং পৰ্বতমালা পৃথিৱীৰ ভিতৰতে ডাঙৰ আৰু দুৰ্গম বনাঞ্চলেৰে পূৰ্ণ এলেকা আছিল যাৰ মাজেদি পথ নিৰ্মাণ কৰি উলিয়াইছিল জেনেৰেল যোচেফ ৱাৰেণ ষ্টীলৱেলে৷ ১৯৪২ চনত বাৰ্মা হস্তগত কৰা জাপানীৰ লগত যুদ্ধ কৰিবলৈ এই পথটো নহলেই নহৈছিল৷ অটব্য অৰণ্য, দুৰাতিক্ৰম্য পৰ্বতমালা, গভীৰ গিৰিখাদ, খৰস্ৰোতা পাহাৰীয়া নদী, অন্তহীন বাৰিষাৰ প্ৰকোপ, মেলেৰিয়া আক্ৰান্ত অঞ্চলৰ মাজেদি ষ্টীলৱেলৰ নিৰ্দেশ আৰু নিৰীক্ষণত নিৰ্মিত হৈছিল ষ্টীলৱেল ৰড৷ পুৰণি নাম লিডু ৰড, বাৰ্মা ৰড, লিডু-বাৰ্মা ৰড৷ চিংফৌসকলে কয় লিডলাম৷ লাম মানে পথ৷ পাংচু গিৰিপথ, লেক্‌ অফ্‌ ন ৰিটাৰ্ণ ষ্টীলৱেল পথৰ সৈতে আজিও এৰাব নোৱাৰা বিষয়৷ অথনি নঞৰ্থক কথা বলকি পৰ্যটকৰ লক্ষ্য সলাবলৈ অপচেষ্টা চলোৱা বিষয়াজনৰ বিৰুদ্ধে সেয়েহে আমাৰো জেদ বাঢ়ি গৈছিল৷ (আগলৈ)