Thursday, 1 March 2018

চতুৰ্থ দিনঅংশ-

গাড়ীৰ পৰা নমাৰ পাছত প্ৰাকৃতিক বাতাৱৰণৰ মাজেদি কমেও ২ কিলমিটাৰমান খোজ কাঢ়িলোঁ৷ কেঁকুৰি এটা ঘূৰি সন্মুখলৈ চাওঁতে চিন্তাই লগ ল'লে৷ মানুহবোৰচোন থূপ খাই আছে! কথাটো কি? পথৰ দুয়োকাষে গছৰ ডাল আৰু বাঁহেৰে সজা বেৰা৷ বেৰা বুলিব নােৱাৰি আচলতে৷ প্ৰতিবন্ধকহে৷ জপনাৰে বাটটো সৰু কৰি ৰখা হৈছে৷ ডাঙৰ ব'ল্ডাৰ কিছুমানো পৰি আছে৷ স্কৰপিঅ' এখন এইপাৰে ৰাস্তাৰ সোঁমাজত অৱস্থানৰত৷ পাছতে লাগো-নালাগোকৈ পালচাৰ এখন৷ ভাৰতীয় সেনাৰ জোৱানে হাতত লৈ থকা কাগজ এখন নিৰীক্ষণ কৰি আগন্তুকক কিবা সোধা-পোচা কৰি আছে৷ ইয়াত গাড়ীসমূহ ৰাখি সীমান্তৰ সিপাৰলৈ কিমান মানুহ গৈছে-আহিছে তাৰ হিচাপ কৰে৷ ম্যানমাৰৰ পৰা কিমান নাগৰিক আহিছে-গৈছে তাৰো হিচাপ কৰে৷ ট'কেন পৰীক্ষা কৰে৷ বেছ দায়িত্বপূৰ্ণ কামেই৷

অলপ পাছতে বাহন দুখনক যাবলৈ দিলে৷ ডক্টৰ ৰাজু গগৈৰ মগজুত ইমান পৰে তোলপাৰ লগাই থকা প্ৰশ্নটোও তৎমুহূৰ্ততে বাজ ওলাই আহিল৷ 'এই মানুহবোৰেযে গাড়ী লৈ যাব পাৰিছে আমাৰ বলেৰ'খন কিয় শত-যোজন আঁতৰতে ৰখাই দিয়া হ'ল? এইবোৰে কেনেকৈ যাব পাৰিছে?' 'গাড়ী, বাইকৰ বাবে অনুমতি বেলেগে ল'ব লাগে৷ আমি লোৱা নাই৷ সেয়ে খোজ দিবলগীয়া হৈছে৷' মূৰ দুপিওৱালৈ চাই মোৰ চিধা জবাব গগৈ ছাৰে মানি ল'লে বুলি বুজিলোঁ৷ 'গাড়ী নহৈ ভালেই হৈছে দিয়ক৷ অভিজ্ঞতা বেছি হ'ব৷ খোজ কাঢ়ি ভ্ৰমণ কৰিবা, মাজে মাজে অলপ জিৰাবা বুলি জ্ঞানীজনে কাহানিবাতে কৈ গৈছে৷ ভাগৰ লাগিলে ক'ব মোক৷' তেওঁ হাঁহিলে৷ 'আৰু এটা ভাল কথা হৈছে৷ কি জানেনে?' কি হ'ব পাৰে? উত্তৰৰ আশাত মোৰ চকুত চকু ৰাখি সৰুফুটীয়া মানুহজন উৎকৰ্ণ হৈ ৰ'ল৷ 'ইয়াত ম'বাইল নে'টৱৰ্ক নাই৷ এইটোযে অতি মজাৰ কথা৷ নহ'লে ইমানপৰে কিমান অশান্তিখন পালেহেঁতেন আপুনি! কল্পনা কৰকচোন৷ অমুকৰ ফোন, তমুকৰ ফোন৷ উত্তৰ দি থাকক, সমস্যা সমাধান কৰি থাকক৷ ইয়াত অন্ততঃ আপুনি সেইবোৰৰ পৰা হাণ্ড্ৰেড পাৰ্চেণ্ট মুক্ত!'

গগৈ ছাৰে মনে মনে কিবা ভাবি থাকিল৷ ঘৰলৈ মনত পৰিল যদিও নাজানো৷ কথা শুনি থকা ফাৰ্মাচিষ্ট দাসে অৰ্থপূৰ্ণভাৱে হাঁহিলে৷ 'মুঠতে হেৰাই যোৱাৰ আনন্দ পৰিপূৰ্ণভাৱে লৈ থাকক এতিয়া৷ আপুনি ক'ত আছে, কি কৰিছে, কোনেও নাজানে, জানিবও নালাগে৷ মুঠতে একো ক্ষতি নাই৷ সৌজনলৈ মন কৰিছে? ম'বাইল গৈ কেতিয়াবাই বে'গৰ তলি পালে৷ ফে'চবুক-চে'চবুক চব বন্ধ৷ দেখিছেনে? নহ'লেযে ইমানপৰে দাঁত নিকটাই থকা ষ্টীলৱেলৰ শিলগুটি আৰু ওখোৰা-মোখোৰাবোৰত কিমানবাৰ উজুটি খালেহেঁতেন!' সঞ্জুলৈ আঙুলিয়ালোঁ৷ 'যি হয় ভালেই হয়৷ এতিয়া চব পাহৰি যাওক৷ হেঁপাহ পূৰাওক৷ দুভৰি আগুৱাওক৷ লওক পানী এঢোক খাই লওক৷' বটলটো আগ বঢ়াই দি সোঁফালে দৃষ্টি ঘূৰালোঁ৷

পথটোৰ সোঁকাষে তেনেই সাধাৰণ ৰূপত চালি দুখন আছে৷ এখনত সেউজীয়া ডায়েনা ৰুফ লগোৱা, প্ৰায় নতুনেই৷ আনখন পুৰণি৷ টিনপাটত মামৰে ধৰিলে৷ আমাতকৈ আগতে আহি পোৱাসকলৰ মাজৰে এচামে চালিৰ তলত শাৰী পাতিছে৷ হাতত থকা খবৰৰ ভিত্তিত নিশ্চিত হ'লোঁ যে তাৰ মানে আমি ভাৰত-ম্যানমাৰ সীমান্তৰ লাষ্ট ইণ্ডিয়ান পষ্টত উপস্থিত হলোঁহি৷ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা চকী এইটো৷ ইয়াৰ পাছতে ন' মেন্‌ছ লেণ্ড থাকিব৷ ভাৰতবৰ্ষ, অৰুণাচল প্ৰদেশ, চাংলাং জিলা মুখৰ আগত দেখা গৈ থকা সৌ অৱস্থা নাইকিয়া বেৰাখনতে সমাপ্ত৷ ম্যানমাৰ, কাচিন ষ্টেট, মিচ্ছিনা ডিষ্ট্ৰিক্টৰ আৰম্ভণি হ'ব অলপ পাছতে৷ আগ বাঢ়ি থাকিলে দেখিমগৈ নিজৰ দুচকুৰে৷ তাকে লৈ কেতিয়াবাৰে পৰা উত্ৰাৱল হৈ আছোঁ৷ এতিয়া এইখিনি পালোঁহি৷

জোৱান এজন আমাৰ ফালে আগ বাঢ়ি আহিছে৷ ডিঙিত ওলমি থকা কেমেৰাবোৰ দেখি তেওঁ সাৱধান কৰি দিলে৷ হিন্দীতে ক'লে, 'কেমেৰাবোৰ সুমুৱাই ৰাখক৷ ইয়াত ফটো তোলা নিষেধ৷' অৰুণদা আৰু মই লগে লগে হুচিয়াৰ হৈ পৰিলোঁ৷ কান্ধত থকা মোনাত ভৰাই কেমেৰা চম্ভালিলোঁ৷ সাংবাদিকৰ কাৰচাজিৰে সঞ্জুৱে ইফালে স্নেপ দুটামান ললেই৷ ক'তো একো নিষেধ-বাক্য লিখা নাই দেখা অৱশ্যে৷ অন্য এজন জোৱান চাপি আহিল সঞ্জুৰ ওচৰলৈ৷ তেওঁ বোধ হয় মন কৰি আছিল৷ ফটোখন ডিলিট কৰিবলৈ কলে৷ সঞ্জুৱে মনিটৰত কিবাকিবি দেখুৱাই আছে তেওঁক৷ 'ডিলিট কৰ দিয়া' বুলি কোৱা শুনিলোঁ৷ অলপ পাছত জোৱানজন আঁতৰি গ'ল৷ সৈনিকৰ চকুত ধূলি দি ফটোখন ৰাখি দিয়া বুলি পাছত সঞ্জুৱে নিজে কওঁতেহে গম পালোঁ৷ ভাগ্য ভাল, ক্ষণ ঠিক আছিল৷ সিমানতে বাচিল৷ অন্যথা কথা বিষম হোৱাৰো সম্ভাৱনা থাকে৷ মনৰ ভিতৰত তাগিদা উথলি উঠিলেও মই হ'লে ইমানপৰে মোৰ হাতত থকা কেমেৰা দুটা নিৰৱে ৰাখিছোঁ৷ বিপদসীমা পাৰ হোৱা যেন পালেহে আকৌ উলিয়াম আৰু অ'পাৰেচনত লাগি যাম৷

অৰুণদা আৰু মোৰ তালাচী চকীলৈ সোমাই যোৱাৰ দায়িত্ব৷ শাৰীত থিয় দি আছোঁ৷ নিজৰ পাল আহিলত কৰ্তব্যৰত ভাৰতীয় অফিচাৰজনক নামপং প'ষ্টত দিয়া কাগজৰ টকেনটো দেখুৱালোঁ৷ তেওঁ আই.এল.পি.খন খুজিলে৷ সেইখন চাই চাই ৰেজিষ্টাৰত নাম এণ্ট্ৰি কৰা হল৷ তাৰ পাছতে লিষ্টৰ সৈতে মিলাই আমাৰ 'আদমী'কেইটাক শাৰী পাতিবলৈ ক'লে৷ ১, ২, ৩... পুনৰবাৰ হিচাপ কৰিলে৷ তাৰ পাছত দল বান্ধি যাবলৈ দিলে৷ স্থান এৰাৰ আগে আগে ওভতনি সময়টোও উল্লেখ নকৰাকৈ নাথাকিল৷ বিয়লি ৩, খুব বেছি ৪ বজাৰ ভিতৰত স্বদেশ পাবহি লাগিব৷ আমাৰ ড্ৰাইভাৰ বীৰেন্দৰ নাযায়৷ তেওঁ গাড়ীতে শুই-বহি কটাব৷

ধাৰণা কৰামতে আগত ভাৰতৰ অনুৰূপ ম্যানমাৰৰ সীমান্ত চকী এটা নিশ্চয় থাকিব৷ ভাৰতীয় সীমান্ত চকীৰ পৰা ম্যানমাৰী সীমান্ত চকীলৈ ন মেন্‌ছ লেণ্ড এলেকা৷ মাজতে এটা গিৰিপথ৷ নাম পাংচু পাছ৷ ইমান দিনে শুনি আছিলোঁ৷ এতিয়া পাই যাম৷ চীন-ভাৰতৰ ন' মেন্‌ছ লেণ্ড ২০ কিল'মিটাৰ৷ ইয়াত সিমান নহ'ব কিজানি৷ গুণা-গঁথা কৰি থাকোঁতেই ম্যানমাৰ অভিমুখে আমাৰ খোজ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিলে৷ উৎফুল্লিত হৈ উঠিলোঁ৷ বেৰাখন পাৰ হৈ গুচি গ'লোঁ আগলৈ৷ এতিয়া আমি দেশত নাই৷ বিদেশতো নাই৷ এৰাল ছিগা গৰুৰহে পাল যেন! টীম-এ আৰু টীম-বিৰ মুঠতে ১০জন সত্যসন্ধানী উৰুলিকৃত মনে গৈ আছোঁ দেশৰ পৰা বিদেশলৈ৷ পদব্ৰজে উঠি উঠি৷ পাছপ'ৰ্টো নাই, ভিছাও নাই৷ এইফালে এনেকুৱাই৷


No comments:

Post a Comment