Friday, 30 March 2018

চতুৰ্থ দিনঅংশ-৩৪

শিলগুটিয়ে দাঁত নিকটাই থকা ৮-১০ ফুটীয়া ৰাস্তা৷ মাজে মাজে উকা হৈ পৰিলেও মাজে-মধ্যে মানুহ কিছুমান লগ পাই আছোঁ৷ মন গ'লেই ফটো তুলিছোঁ৷ গাভৰুহঁতে কেমেৰা দেখি লাজকুৰীয়া হাঁহি মাৰি ফালৰি কাটিব ধৰে৷ হ'লেও এৰা নাই৷ পাংচু পাছ পোৱাৰ আগেয়ে ৪জনীয়া দল এটা পালোঁ৷ একেবাৰে সন্মুখত পুৰুষ এজন৷ বাকী ৩ মহিলা৷ আটাইৰে পিঠিত একোটিকৈ হোৰা৷ পুৰুষজনে কঢ়িয়াই অনা হোৰাটো ওলমাই ৰখা চেপেটা জৰীডালে মোৰ দৃষ্টি আকৰ্ষণ কৰিলে৷ বাকীসকলৰ দৰে পেটীডাল তেৱোঁ মূৰত লগাই লৈছে যদিও বৰফি আকাৰৰ কাঠ এছটা সংলগ্ন হৈ থকা দেখিলোঁ৷ ডিঙিটো সোমাই আছে অৰ্ধচন্দ্ৰাকৃতিত কটা অংশত৷ গধুৰ বোজা কঢ়িয়াবলৈ সুবিধা, ভাৰসাম্য ৰক্ষা হয় বাবেই এনে ব্যৱস্থা কৰি লৈছে বুলি মোৰ ধাৰণা হ'ল৷

ইউনিয়ন অফ্‌ ম্যানমাৰ লিখা ব'ৰ্ডখন পালোঁহি৷ তাৰ নিকটতে সিফালে ১৭৩ নং ব'ৰ্ডাৰ প'ষ্টটো যি ম্যানমাৰ আৰু ভাৰতৰ সীমা সূচায়৷ যাওঁতে ভালকৈ চাই গৈছিলোঁ৷ সেয়ে এতিয়া চিধা ৰাস্তা ধৰি গিৰিপথটোৰে নামি আছোঁ৷ বিপৰীত দিশৰ পৰা উঠি আহি থকা এদল ল'ৰা-ছোৱালী পালোঁ৷ প্ৰত্যেকৰে পিঠিত ৰাক্‌চেক একোটা৷ হাঁহি-মাতি গৈ আছে৷ সিহঁত বিদেশৰ পৰা আহিছে৷ ইণ্ডিয়াৰ পৰা৷ কেঁকুৰিত আমাৰ বাওঁহাতে পাংচু পাছ লিখা সেউজীয়া চাইন ব'ৰ্ড৷ তাৰ দাঁতিত ৰৈ ফটো চেছন চলিল৷ সিফালৰ পৰা অহা ৫জনীয়া ম্যানমাৰী পৰিয়াল এটাৰ সৈতেও কথা পতা আৰু ফটো উঠা হ'ল৷

আকাশত ৰান্ধনী বেলিৰ হেঙুলী কিৰণ৷ বিখ্যাত পাংচু পাছ পাৰ হৈ ভাৰতীয় গে'ট পালোঁহি৷ ইয়াতো একো আমনি নাই৷ আমাৰ চালক বীৰেন্দৰ নঙলাৰ সিপাৰে ৰৈ আছে৷ গাড়ীখন আগুৱাই আনি এইডোখৰ পোৱালেহি৷ দিনটো ৰৈ থাকি তেওঁৰো আমনি লাগিব পায়৷ আমি সিফালে জীৱনলৈ পুনঃ পুনঃ স্মৰণ কৰিব পৰাকৈ অভিজ্ঞতা আৰু মজা লুটাত ব্যস্ত৷ আৰু তেওঁ ইয়াত বোন্দাপৰ দি থাকিবলগীয়া হৈছে৷ খোৱা-বোৱা কি হ'ল-নহ'ল নাজানো৷ গাড়ীত একোৱে নাছিল৷

কৰ্তব্যৰত ১৬জন ভাৰতীয় সীমান্তৰক্ষী৷ কোনো কোনোৱে নিজৰ মাজত কথা পাতি আছে৷ কোনো কোনোৱে ভ্ৰমণকাৰীৰ লগত কথা পাতি আছে৷ কতনা দুখ-কষ্ট স্বীকাৰ কৰি এই সৈনিকসকলে নিতৌ আমাৰ ভূখণ্ডৰ জাগ্ৰত প্ৰহৰীৰ ৰূপত জীৱন পাত কৰি আহিছে! আশ্ৰয়ৰ নামত সাধাৰণ চালি দুখন মাত্ৰ৷ চালিৰ কাষেদি ঠেক কেঁচা বাট এটা ওপৰৰ ফালে যোৱা দেখিলোঁ৷ ক'লৈ বা গৈছে সেইটো! গম নাপাওঁ৷

বতাহ-ধুমুহা আদি হ'লে এই জোৱানসকল সোমাই থাকিব পৰা কোনো সুৰক্ষিত থলী এইখিনিতেই হওক বা ওচৰে-পাজৰেই হওক, কেনিও দেখা নাই পোৱা৷ তেনেকুৱা প্ৰতিকূল পৰিস্থিতিত কি কৰে বাৰু তেওঁলোকে? বৰ বেছি, ডিউটিৰ বাবে অহা গাড়ীৰ ভিতৰত সোমাই থাকিব পাৰে৷ দায়িত্ব এৰি নামপঙলৈ গুচি যোৱাটোওতো সমীচীন নহ'ব৷ কল্পনা কৰিছোঁ, উপলব্ধি কৰিছোঁ তেওঁলোকৰ অসুবিধাসমূহ৷ আমাৰ দেশৰ এইটো দিশৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ সত্যতা এয়াই৷

এইফালে ব্যৱস্থাপনা বুলিবলৈ বিশেষ নাই৷ ৰাস্তাও তথৈবচ৷ তালাচী চকীটো পাৰ হৈ অলপ ৰ'লোঁ৷ চৌপাশ চালোঁ৷ এয়া ভাৰতবৰ্ষ৷ অনুকূলতা-প্ৰতিকূলতাৰ প্ৰসংগ তল পেলাই গাড়ীৰ দিশে আমি যাব লাগিছোঁ দপদপাই৷ অলপ পাছতে আটায়ে বলেৰ'খনত উঠিলোঁগৈ৷ তাৰ আগতে গে'টৰ ফটো দুখনমান লৈ থ'লোঁ৷ অথনি যাবৰ সময়ত নিষেধ বুলি কৈছিল৷ সঞ্জুৱে তোলাত ডিলিট কৰিবলৈ কৈছিল৷

৫.৩০ বাজিল৷ প্ৰায় ১ ঘণ্টা খোজ কাঢ়িলোঁ আমি৷ বলেৰ'ত মোৰ নিৰ্দিষ্ট চিটটোত বহি নামপঙলৈ ৰাওনা হোৱাৰ সময়তে মনলৈ ভাব এটা আহিল যে বাকী কথা বাদ, আহিবৰ মন থকাসকলে পৰিৱেশটো এনেকৈ থাকোঁতেই সোনকালে সুযোগ ল'ব লাগে৷ পিছলৈ ভাৰত-বাংলাদেশ সীমান্তৰ ডাউকী-তামাবিলৰ দৰে হৈ পৰিবলৈ হ'লে, ষ্টীলৱেল পথ খুলিবলৈ হ'লে আমাৰ দৰে নৰমনিচৰ সহজ বিচৰণ সম্ভৱ নহ'বগৈ৷ সেই বাটে এবাৰ এনেকৈ বীৰদৰ্পে গুচি যাওঁতে কৰ্তব্যৰত বি.এছ.এফ.ৰ জোৱানৰ কঠোৰ বাক্যবাণ হজম কৰিবলগীয়া হৈছিল মই৷ পিছফালৰ পৰা বাজি উঠিছিল অনৰ্গল হুইছেল৷ গুলী এৰিবলৈহে বাকী! সিপাৰৰ বি.ডি.আৰ.এও গতি-বিধি চাই আছিল৷ যাযাবৰী জীৱনৰ অন্য এক অভিজ্ঞতা সেয়া!  এতিয়া মনত পৰি গৈছে৷(আগলৈ)


No comments:

Post a Comment