চতুৰ্থ দিন, অংশ-৩২
হাঁহিৰে সমুজ্জ্বল মুখমণ্ডলৰ সৈতে ম্যানমাৰী পুৰুষ-মহিলা, ল'ৰা-ছোৱালী কিছুমান আহি আছে৷ ষোড়শী গাভৰু, বয়সস্থ মহিলা দলবান্ধি আহিছে৷ তেওঁলোক আহিছে ইণ্ডিয়াৰ পৰা৷ পিঠিত হোৰা৷ হোৰাত বয়-বস্তু, কাৰ্টন, পানীৰ বটল ইত্যাদি ইত্যাদি৷ কেমেৰা টোঁৱালত হাঁহিলে৷ প্ৰতিক্ৰিয়াটো মোৰ ভাল লাগিল৷ মানুহবোৰ হাঁহিমুখীয়া৷
আমাৰ সংগীসকলো এই স্থানতে দুই-এককৈ আহি আহি থূপ খালেহি৷ সময় বন্ধা আছে৷ ম'বাইল ফোনেৰে কাকো খবৰ দিবলৈ বা ঘূৰি যাবৰ বেলি হ'ল বুলি সোঁৱৰাবলৈ নাই৷ কাৰণ ইয়াত এই যন্ত্ৰৰ কাম নাই৷ প্ৰত্যেকে নিজে নিজে, মনেজানি সজাগ হ'ব লাগিব৷ ক'বলৈ গ'লে এইটোও এটা শিক্ষা৷

ঢাপটো নামিলেই তলত সীমান্তৰ গতিৰোধক৷ সোঁহাতে ওপৰলৈ পকী ঘৰ কেইটামান৷ ব'ৰ্ডাৰ বজাৰ এৰি ভাৰতলৈ যোৱাৰ বাটত ম্যানমাৰৰ প্ৰথম গে'ট এইখন৷ সোঁকাষে ৰখীয়াৰ চালিও আছে৷ সামান্য আগলৈ দ্বিতীয় মহাসমৰৰ সময়ৰে নেকি নাজানো, মামৰে ধৰা অৱস্থাত পুৰণি বাহন এখনৰ ভগ্নাৱশেষ পৰি থকা দেখিলোঁ৷ আৰু কিছু আগলৈ কাঁড় চিন এপাটক ঘেৰি বৃন্দাবন নামৰ আমাৰফালে থকা উদ্ভিদ ডিম্বাকৃতিত দুশৰীয়াকৈ ৰুই থোৱা দেখা গ'ল৷ ম্যানমাৰ আৰ্মীৰ কাচিন ষ্টেটৰ দায়িত্ববাহী নৰ্দাৰ্ণ কামাণ্ডৰ বেজত এই কাঁড় চিহ্নটো থাকে৷
সীমান্ত প্ৰহৰীৰ দায়িত্ব পালন কৰি থকা ম্যানমাৰৰ এই আঞ্চলিক মিলিটেৰী কামাণ্ডটোৰ হেডকোৱাৰ্টাৰ কাচিন ৰাজ্যৰ ৰাজধানী মিচ্ছিনাত আছে৷ উত্তৰৰ পৰা দক্ষিণলৈ বৈ যোৱা, দেশখনৰ সৰ্ববৃহৎ তথা গুৰুত্বপূৰ্ণ নৈ ইৰাৱতীৰ পশ্চিম তীৰত মিচ্ছিনাৰ অৱস্থিতি৷ মিচ্ছিনাৰ অৰ্থ হৈছে ডাঙৰ নৈৰ সমীপ৷ চীন আৰু ম্যানমাৰৰ মাজত অতীজৰে পৰা ই এক ব্যস্ত আৰু দৰকাৰী ব্যৱসায়িক স্থল হিচাপে পৰিচিত৷ মিচ্ছিনাৰ কাষৰে-পাজৰে Khat cho নামৰ সুগন্ধি চাউল এবিধ উৎপাদন হয় বুলি শুনিছিলোঁ৷ এই চাউল হেনো ম্যানমাৰৰ ভিতৰতেই উৎকৃষ্ট৷ ব'ৰ্ডাৰ বজাৰত এইবিধ চাউলৰে ভাত খালে চাগৈ সঞ্জুহঁতে৷ এতিয়াও খুব গুণ গাই আছে৷ মই ভাত নাখালোঁ৷ গতিকে গমো নাপালোঁ৷
জাকে জাকে ভাৰতীয় গৈছেগৈ নিজ দেশ অভিমুখে৷ উভতি আহিব নোৱাৰা এঠাইৰ পৰা ঘূৰিব পৰাত উৎফুল্লিত হোৱাৰ লগতে সহজে যাব নোৱাৰা ঠাই চাই জীৱনটো ধন্য হ'ল বুলি ভাবি ল'লেও সকলোৱে যেন বেদনাহত হৃদয়েৰে কৈ গৈছে একেটাই কথা... 'বিদায় ম্যানমাৰ৷ বিদায় লে'ক্ অফ্ ন' ৰিটাৰ্ণ৷ আকৌ আহিম৷'
কাঠেৰে নিৰ্মিত গে'টখনৰ মুখতে ম্যানমাৰ পুলিচ ফ'ৰ্চৰ এজন বন্দুকধাৰী অকলশৰীয়া ৰক্ষক ৰৈ আছে৷ এইজনৰ সৈতে সঞ্জুৰ কথা-বতৰা চলিল অলপ পৰ৷ বেৰিকেডৰ গুৰিত ৰৈ নোটবুক উলিয়াই কিবা-কিবি লিখিও ল'লে৷ ফটো তুলি দিবলগীয়া হ'ল মই৷
বেলি লহিয়াইছে৷ সময়ো চাপিছে৷ নিজ দেশ অভিমুখে যাত্ৰা আৰম্ভ কৰোঁতে আমি টাংচা দম্পতী এটাক লগ পালোঁ৷ জাংখঙৰ চিনাকি৷ তেওঁলোকে ভাৰতত বজাৰ কৰি ঘূৰি আহিছে৷ টাংচাসকলে এফালে ম্যানমাৰৰ লগত আৰু আনফালে অসমৰ ভৈয়ামৰ লগত বেহা-বেপাৰ চলাই আহিছে৷ তেওঁলোকে ম্যানমাৰৰ পৰা দা, কটাৰী, জাল, যাঠি আৰু কানি আনে৷ ভৈয়ামলৈ কুকুৰা, ছাগলী, গাহৰি, কাপোৰ আদিও নিয়ে৷ ভৈয়ামৰ পৰা নিমখ, চাহপাত, সূতা, কাপোৰ-কানি, মণি, খোৱা বস্তু আদি কিনি নিয়ে৷ সাক্ষাৎকালত সৌহাৰ্দ্যমূলক গ্ৰুপ ফটোত প'জ দিয়াৰ লগতে ভগা ভগা অসমীয়াৰে মনৰ কথা ব্যক্ত কৰিলে৷ আমালৈ চাই প্ৰশ্ন কৰিলে, 'ব’ৰ্ডাৰটো সদায় এনেকৈয়ে থকা কৰিব নোৱাৰিনে?' কি উত্তৰ দিওঁ এতিয়া? ভাবি থাকিলোঁ মনে মনে৷ এইবোৰ হ'ল ৰাজনৈতিক পৰ্যায়ৰ কথা৷ আমি হ'লোঁ সাধাৰণ, নগণ্য নৰমনিচ৷
সঁচাকৈ, চিন্তা কৰিবলগীয়া কথাই৷ মানুহে বন্ধা সীমান্ত৷ মানুহেই সীমাবদ্ধ কৰি ৰাখিছে অহা-যোৱা৷ একে টাংচা ইফালেও আছে, সিফালেও আছে৷ অথচ যাওঁ বুলিলেই যাব নোৱাৰি৷ আহ বুলিলেই আহিব নোৱাৰি৷ সি যি কি নহওক, এটা কথা মন কৰিলোঁ যে ভাৰত-ম্যানমাৰ সীমান্তৰ লোকসকলে নিজৰ ভাষাটোৰ বাহিৰে আন একো ভাষা নাজানে বুলি কোৱা হয় যদিও বহুতে দেখোন অসমীয়া, নাগামিজ বুজি পায়৷ তাৰে দুই-একে অপভ্ৰংশ অসমীয়া ক’বও পাৰে৷ এইটো প্ৰেক্টিকেলি জনাৰ পাছত খুব আনন্দিত হ’লোঁ আমি৷ (আগলৈ)

No comments:
Post a Comment