চতুৰ্থ দিন, অংশ-১৬
কাচিনৰ উপত্যকাটোক দ্বিতীয় মহাযুদ্ধৰ সময়ত ব্ৰিটিছ-আমেৰিকান সৈন্যই নাম দিছিল ডে’থ্ ভেলী, য'ত মৃত্যুৱে সঘনে কিৰীলিয়াইছিল৷ বিশাল উপত্যকাটোৰ মুকলি অংশত এতিয়া খেতি পথাৰ আৰু কিছু জংঘল দেখা পাইছোঁ৷ পথাৰৰ বুকুত নলা এটা৷ তাৰ কাষে কাষে লিক্ এটা৷ কিংবদন্তী অনুসৰি হ্ৰদটো থকা ঠাইখিনিত একালত পৰ্বত আছিল৷ গাঁৱো আছিল৷ পৰ্বত এতিয়াও আছে৷ জলাশয়ৰ সিপাৰে৷ পৰ্বতৰ বক্ষত গাঁও আমি দেখিবলৈ পাইছোঁ৷ কোৱা হয়, প্ৰৱল ভূমিকম্পৰ ফলত পৰ্বত বহি গৈ বিশাল জলাশয়টো সৃষ্টি হ’ল৷ ধাৰণা অনুযায়ী সেয়া ২০ নিযুত বছৰৰ আগৰ কথা৷ ভাৰতৰ ভূতত্ত্ব জৰীপ বিভাগৰ মতেও হ্ৰদটো থকা ঠাইডোখৰ ভূমিকম্পৰ উৎপত্তিৰ কেন্দ্ৰস্থল৷ অতীতত এই অভিকেন্দ্ৰৰ পৰাই প্ৰায় ৭টা ডাঙৰ ভূমিকম্প সৃষ্টি হৈছিল বুলি তথ্যই কয়৷
হে'লিপেডত ৰৈ আমি চকুৱে আৱৰিব পৰালৈকে দৃশ্যৰাজি হিয়াভৰি উপভোগ কৰিলোঁ৷ পি.পি.ডব্লিউ.এফ.লৈ অহাৰ বাবে নিজকে তৈয়াৰ কৰি থাকোঁতে ঘৰত ইণ্টাৰনেটত খুচৰি লে'ক্ অফ্ ন' ৰিটাৰ্ণনো কেনেকুৱা চাবলৈ উদগ্ৰীৱ হৈ পৰিছিলোঁ৷ এতিয়া ধৰিব পাৰিছোঁ, আটাইতকৈ ধুনীয়া লগা স্নেপটো এইডোখৰৰ পৰাই লোৱা হৈছিল৷ সুখ, শান্তি, সন্তুষ্টি সকলো যেন আজি একত্ৰিত হৈছে আমি চকুৰ আগত দেখা পাই থকা দৃশ্যপটত৷ কষ্ট কৰি আহি এই ঠাইত উপস্থিত হৈ বেলেগ ধৰণৰ এক প্ৰসন্নতা লভিছোঁ, আমেজ পাইছোঁ যেন আটাইৰে অনুভৱ হৈছে৷ আগতে শুনিহে আছিলোঁ৷ এতিয়া পূৰ্ণ ৰূপ দেখিলোঁ৷ অলপ পাছত পাৰত উপস্থিত হ'মগৈ৷ মুঠতে যাবই লাগিব ওচৰলৈ৷
ঘাঁহনিৰ ওপৰেদি লে'কলৈ চাওঁতে সিফালৰ এঢলীয়াৰ দিশে ম্যানমাৰৰ ৰাষ্ট্ৰীয় ধ্বজা এখন বতাহত দুলি থকা চকুত পৰিল৷ শীৰ্ষৰ পৰা সমান্তৰালভাৱে ক্ৰমে হালধীয়া, সেউজীয়া আৰু ৰঙা বৰণৰ ত্ৰিৰংগ কাপোৰখনৰ সোঁমাজত বগাকৈ এটা ডাঙৰ পঞ্চমুখী তৰা৷ একতা, শান্তি, সুস্থিৰতা, সাহস আৰু নিশ্চিতি বুজোৱা এই পতাকা দেশখনৰ নাম সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত ২১ অক্টোবৰ ২০১০ তাৰিখে সাংবিধানিকভাৱে বলৱৎ কৰা হৈছিল৷ পতাকা উৰি থকা, ঘাঁহনিভৰা চোতাল আৰু বহল বাৰাণ্ডা সংযুক্ত দীঘলীয়া ঘৰটো কিবা চৰকাৰী কাৰ্যালয়েই হ'ব যেন অনুমান হৈছে মোৰ৷ লে'কলৈ গ'লে তাৰ সিটো ঢালেদি নামি যাব লাগিব৷
১১ বাজি পাৰ হ'ল৷ জাংখঙৰ নিৰ্দেশক্ৰমে আমি ষ্টীলৱেল ৰ'ড এৰি শ্বৰ্টকাট মাৰিছোঁ৷ বজাৰৰ ফালৰ পৰা নামি অহা লে'ক অভিমুখী ৰাস্তাটোত উঠিলোঁহি৷ ঠেক কেঁচা ৰাস্তা এইটো৷ অকণমান আগলৈ অইন এটা ৰাস্তা আহি মিলিছে৷ সেইটো বজাৰৰ সিটো মূৰ সংযোগী বুলি ক'লে৷ সন্মুখত দেখা গৈছে ওখোৰা-মোখোৰা, অকোৱা-পকোৱা, ওখ-চাপৰ৷ তাতে আমাৰ স্কুটীৰ দৰে চীনত নিৰ্মিত বাইক কিছুমানৰ অহা-যোৱা৷ এখনত দুই-তিনিজনকৈ উঠিছে৷ কেঁচা মাটিৰ ওপৰেদি জঁপিয়াই জঁপিয়াই চলি আছে বাইকবোৰ৷ ৰাস্তাটোৰ যিহে গতি, তালৈ চাই এনেকৈ যোৱাটো বৰ বিপজ্জনক কথা৷ চালক অসাৱধান হ'লে, নিয়ন্ত্ৰণ হেৰুৱালে ক'তযে আটাইকেইটা আৰোহী কৰ্ফাল খাই পৰিবগৈ ঠিকনা নাই৷
এইডোখৰত চৰকাৰী বিভাগ কেইটামানৰ কাৰ্যালয় দেখা গৈছে৷ চাইন ব'ৰ্ড আছে যদিও স্থানীয় ভাষাত লেখা৷ গতিকে একো উৱাদিহ পোৱা নাই আমি৷ জাংখঙৰ মতে সেইবোৰৰ ফটো তোলাত বাধা আছে৷ হ'লেও লুকাই-চুৰকৈ কামফেৰা কৰি থকা হৈছে৷ সঞ্জু এই বিষয়ত সিদ্ধহস্ত৷ এইটো ঠিক যে দেশ, বিদেশ যি ঠাইতেই নহওক কিয়, ফটো তোলা বিষয়টোত সদায় সাৱধানতা মানি চলা দৰকাৰ৷ তাৰ পাছতহে টেঙৰালি৷
ম্যানমাৰৰ নেত্ৰী আং ছান ছ্যু চ্যিৰ দল National League for Democracyৰ কাৰ্যালয় এটাও এইফালে দৃষ্টিগোচৰ হৈছে৷ ফটো তুলিবলৈ ধৰি সঞ্জু আমাতকৈ পাছ পৰিল৷ ছ্যু চ্যি মোৰ এগৰাকী ভাল লগা মহিলা৷ আমি এতিয়া ছ্যু চিৰ দেশৰ উত্তৰ প্ৰান্তত মুক্তমনে বিচৰণ কৰি আছোঁ৷ চাবলৈ ইচ্ছা যায় য়াংগন, ইয়াণ্ডাবু ইত্যাদি৷ দক্ষিণলৈ যাবৰো মন যায়৷ কিন্তু এনেকৈ নোৱাৰি৷ তথাপি এইখিনিযে পাৰিছোঁ, পি.পি.ডব্লিউ.এফ.ৰ সুবাদতে, তাকেহে ভাগ্য বুলি ধৰিছোঁ৷
১৯৮৮ চনৰ ২৭ ছেপ্টেম্বৰত য়াংগনত জন্ম হৈছিল নেছনেল লীগ ফৰ ডেম'ক্ৰেচী নামৰ ৰাজনৈতিক দলটোৰ৷ ১৯৯০ৰ সাধাৰণ নিৰ্বাচনত দলটোৱে ৮১ শতাংশ আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল৷ শাসনাধিষ্ঠিত মিলিটেৰী জুণ্টাই কিন্তু সেয়া মানি নল'লে৷ বিপৰীতে ২০১০ চনৰ ৬ মে'ত জুণ্টা চৰকাৰে দলটোক অবৈধ বুলিহে ঘোষণা কৰে৷ ম্যানমাৰত বহুদলীয় গণতন্ত্ৰ প্ৰতিষ্ঠাৰ হকে অহিংস আন্দোলনৰ পোষকতা কৰি অহা দলটোৱে ২০১২ৰ উপ-নিৰ্বাচনত ৪৫খন আসনৰ ৪৪খনত প্ৰাৰ্থী নমাই ৪৩খনতে বিজয় সাব্যস্ত কৰে৷ ইফালে ১৩ নৱেম্বৰ ২০১০ত মুক্তি দিয়া গণতান্ত্ৰিক আন্দোলনৰ নেত্ৰী আং ছান ছ্যু চিক ১৯৮৯ চনৰ পৰাই গৃহবন্দী কৰি ৰখা হৈছিল৷ ১৯৬২ৰ পৰা ২০১১ পৰ্যন্ত ম্যানমাৰত সামৰিক শাসন চলাৰ পাছত ২০১২ৰ ৩০ মাৰ্চত জুণ্টা চৰকাৰ ভংগ কৰি দিয়া হয়৷ দেশখনে এতিয়া মিশ্ৰ অৰ্থনীতি আৰু লিবাৰেল ডেম'ক্ৰেচীৰ নীতি গ্ৰহণ কৰিছে৷ সুদীৰ্ঘ দিন বন্দী হৈ থকা এন.এল.ডি.ৰ সাধাৰণ সম্পাদিকা ছ্যু চি এতিয়া মুকলি আকাশৰ তলত৷ বন্দীত্বৰ কালতে ১৯৯১ চনত তেওঁলৈ আগ বঢ়োৱা হৈছিল শান্তিৰ ন'বেল বঁটা৷ (আগলৈ)

No comments:
Post a Comment