চতুৰ্থ দিন, অংশ-২১
পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেলক অৰুণাচল প্ৰদেশত আয়োজিত আটাইবোৰ ফেষ্টিভেলৰে মাতৃস্বৰূপা আখ্যা দিয়া হয়৷ নৃগোষ্ঠীয় প্ৰদৰ্শনেৰে সুবৃহৎ এই মহোৎসৱৰে গইনা লৈ এই মুহূৰ্তত পথৰুৱা বাটেৰে পদব্ৰজে আহি আহি পাৰ পাইছোঁহি স্বপ্নৰ নংয়্যাং হ্ৰদ, লে’ক্ অফ্ ন’ ৰিটাৰ্ণৰ৷ অৱধাৰিতভাৱে মনলৈ অহা প্ৰথম প্ৰশ্নটোৱে হৈছে, নিজৰ ইচ্ছা আৰু অাগ্ৰহৰ জোৰত জেগা পাইছোঁহি বাৰু৷ পিছে ঠিকে-ঠাকে ঘূৰি যাব পাৰিমনে নাই আমি? লে’ক্ অফ্ ন’ ৰিটাৰ্ণ৷ নামটোৱেইচোন মনটো কেনেবাখন লগায়, কিবা সমীহ জগায়! তাৰে বশৱৰ্তী হৈ ওৰে বাট বিশেষ ধৰণে সাৱধানী হৈ চলা-ফিৰা কৰি আছোঁ৷
অনেক কাহিনী, লোক-কাহিনী শুনিছোঁ এই হ্ৰদটিৰ সম্বন্ধে৷ এঠাইত পঢ়িবলৈ পোৱা এটা কাহিনী অনুযায়ী, লে'ক্ থকা স্থানত পূৰ্বতে গাঁও আৰু জনবসতি আছিল৷ এবাৰ তাৰে বুঢ়ী এজনীয়ে এটা সপোন দেখিলে৷ পিছদিনাৰ পৰা গাঁওখনত এটা উৎসৱ হ'ব৷ উৎসৱৰ বাবে ৰাইজে মিলি পুখুৰীত সমূহীয়াকৈ মাছ মাৰিছে৷ এটা ডাঙৰ মাছ জালত লাগিল৷ ভৱিষ্যদ্বাণী হ'ল যে মাছটো খাব নালাগে৷ খালে অঘটন ঘটিব৷ মৃত্যু অনিবাৰ্য৷ পিছদিনা সঁচাই জালত এটা ডাঙৰ মাছ উঠিল৷ বুঢ়ীয়ে সপোনৰ কথাটো ৰাইজক ততালিকে ভাঙি-পাতি ক'লে৷ কিন্তু বুঢ়ীৰ কথা শুনে কোনে? সেই মাছেৰে ৰাইজে স্ফূৰ্তি কৰি ভোজ-ভাত খালে৷ আৰু সেই নিশাই পাহাৰৰ পানী আহি গাঁওখন ডুবাই পেলালে৷ বুঢ়ীৰ বাহিৰে সকলো নিশ্চিহ্ন হ'ল৷

সঁচা-মিছা নাজানো, উপৰিউক্ত কাহিনীৰ আধাৰত তেনেকৈয়ে এদিন লে'ক্টোৰ সৃষ্টি হৈছিল বুলি কোৱা হয়৷ পূৰ্ণকান্ত বুঢ়াগোহাঞিৰ 'পাত্কাইৰ সিপাৰে ন বছৰ' কিতাপখনত কিন্তু নংয়্যাং নহয়, Indawgyi হ্ৰদৰ সৈতে জড়িত এনেকুৱা এক কিম্বদন্তিৰ বিষয়েহে আগতে পঢ়া মোৰ মনত পৰে৷ ম্যানমাৰৰ ভিতৰত নহয়, দক্ষিণ-পূব এচিয়াৰে সৰ্ববৃহৎ সেই লে'ক৷ উত্তৰ ম্যানমাৰৰ কাচিন ষ্টেটৰ Mohnyin Townshipত তাৰ অৱস্থিতি৷ পূবা- পশ্চিমাকৈ ৮ মাইল আৰু উত্তৰা-দক্ষিণাকৈ ১৫ মাইলজোৰা তাৰ বিস্তৃতি৷ হ'লেও এইটো প্ৰান্তৰ নংয়্যাং, লে'ক্ অফ্ ন' ৰিটাৰ্ণ ইতিহাসেৰে গধুৰ৷
মুখ বাগৰি অহা অন্য এক কাহিনী অনুসৰি, হ্ৰদটোৰ অৱস্থিতিত পূৰ্বতে থকা গাঁও এখনৰ এজন প্ৰতাপী লোকে ওচৰৰ গাঁৱৰ লোক এজনৰ পত্নীক বিয়া কৰাবলৈ উদ্যত হ'ল৷ সকলোৱে এয়া পাপ বুলি ক'লে আৰু বাধা দিলে৷ মানুহজনে কিন্তু কাৰো কথাই নুশুনিলে৷ তাকে লৈ গাঁও দুখনৰ মাজত দুৰ্বাদল কাজিয়া আৰম্ভ হ'ল৷ ফলত ভগৱানে সেই নিশাই গাঁও দুখন ডুব যোৱাকৈ হ্ৰদ এটাৰ সৃষ্টি কৰিলে৷ সেয়াই নংয়্যাং৷
বাটৰ দাঁতিত দুটি কিশোৰ৷ বস্তাকেইটামান লৈ দুয়ো মাটি ভৰাই আছে৷ কি দৰকাৰতনো কামটো কৰিছে জনাৰ উপায় নাই৷ কৌতূহলী হৈ নাগামিজেৰে সুধিলোঁ যদিও একো নুবুজিলে৷ হাঁহো হাঁহো কৰিলে যদিও উত্তৰ হ'লে নোলাল৷ ইংৰাজীত সুধিলোঁ৷ নাই, মাত নাই৷ বুজি পালোঁ যে সমস্যা ভাষাৰ৷ সিহঁত দুটাক সিমানতে এৰিলোঁ৷
তাৰ পৰা অকণমান আগলৈ আহি দেখিছোঁ, ফলা বাঁহৰ বুকুৰে বৈ আহি অনৰ্গল পৰি আছে ফটফটীয়া পানী৷ গছৰ ডাল দুটা কেঁচীয়াকৈ ৰাখি তাৰ ওপৰত দীঘল বাঁহফালডাল পাতি থৈছে৷ উৎসটো ধৰা নাযায়৷ পাহাৰৰ ভিতৰৰ পৰা টানি অনা হৈছে৷ এনেকুৱা ব্যৱস্থা আমাৰ কাৰবি আংলং আৰু ডিমা হাচাওতো দেখিবলৈ পোৱা যায়৷ নিচেই ওচৰতে গছৰ ডালেৰে সজা চাং এখন৷ চাঙৰ ওপৰত তক্তা এডোখৰ৷ তাতে গা-কাপোৰ ধোৱা হয় বুলি মোৰ অনুমান হৈছে৷ অন্য কিশোৰ তিনিটাই পানী খাবৰ কাৰণে তলেদি নামিল৷ বাঁহফালৰ ওপৰেৰে বৈ অহা পানী অকণো হাত নলগোৱাকৈ তলৰ পৰাই মুখ মেলি খাব ধৰিলে৷ সিহঁতক দেখি মোৰো পিয়াহ লাগি গ'ল৷ সিহঁতৰ হৈ যোৱাৰ পাছতে সেইফালে আগ বাঢ়ি গ'লোঁ৷ আঁজলি ভৰাই ভালকৈ কেইঢোকমান গিলিলোঁ৷ মুখখনো ধুলোঁ৷ কিবা এক সতেজ সতেজ ভাবে ক্ৰিয়া কৰিলে৷ মূৰৰ ওপৰত মুক্ত আকাশ৷ চৌপাশে পৰ্বতে ঘেৰি আছে৷
১৩শ শতিকাৰ আৰম্ভণিতে চ্যুকাফাৰ নেতৃত্বত টাই-আহোমসকলৰ আগমন ঘটিছিল আমি ঘণ্টাদিয়েক আগেয়ে পাৰ হৈ অহা পাংচু পাছেৰে৷ নংয়্যাং হ্ৰদৰ সিপাৰলৈ ঘূৰি নাযাবলৈ তেওঁলোকে শপত লৈছিল৷ নংয়্যাং হ্ৰদেই পাছলৈ লে’ক অফ্ ন’ ৰিটাৰ্ণ নাম পাইছে৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত সন্মিলিত বাহিনীৰ অনেক কাহিনী আছে এই অঞ্চল, এই হ্ৰদক লৈ৷ পাটকাইৰ হাম্পৰ ওপৰেদি উৰি গৈ থকা অৱস্থাত বিমানবোৰ আচম্বিতে মায়াজালত সোমাই পৰিছিল৷ বেঁতাৰ যন্ত্ৰ বিকল হৈ পৰিছিল৷ সংকেত নোপোৱা হৈছিল৷ দৃষ্টি-বিভ্ৰমত পৰি অৱতৰণস্থল যেন লাগিছিল বৃহৎ আকাৰৰ জলাশয়টো৷ ঘন বনাঞ্চলৰ মাজৰ এই এলেকাটোত ভুলক্ৰমে অৱতৰণ কৰিবলৈ গৈ পানীৰ গভীৰতাত সোমাই চিৰদিনৰ বাবে হেৰাই গৈছিল বিৰাটকায় পৰিবাহী বিমান৷ স্থানীয় মানুহে এতিয়াও সেই বিমানসমূহৰ অৱশিষ্ট অংশ হ্ৰদৰ বুকু আৰু ওচৰে-পাজৰে দেখা পাই আহিছে৷ এয়াই ৰহস্যময় ইণ্ডিয়ান বাৰ্মুডা ট্ৰায়েংগল৷ এতিয়া আমাৰ পৰা কেইযোজনমান নিলগত মাত্ৰ৷
কাহিনীৰ অন্ত নাই লে’ক্ অফ্ ন’ ৰিটাৰ্ণক লৈ৷ স্থানীয় মানুহবোৰে হেনো ভয় কৰে হ্ৰদটোলৈ৷ যাদু লাগি থকা বুলি কয়৷ জলদেৱতা আছে বুলিও কয়৷ ওচৰলৈ গ’লে জলদেৱতাই হেনো মানুহক টানি নিয়ে৷ ইয়াৰ ওপৰেদি উৰাজাহাজ পাৰ হ’ব নোৱাৰিছিল৷ ৰাস্তা নিৰ্মাণৰ বাবে অহা সৈনিক, শ্ৰমিকসকলক হ্ৰদটোলৈ যোৱাত বাধা আৰোপ কৰা হৈছিল৷ জাপানী যুঁজাৰুৰ দল এটা পথ হেৰুৱাই লে'কটোৰ পাৰত উপস্থিত হৈছিল৷ তাতে মেলেৰিয়া হৈ সকলোৰে মৃত্যু ঘটিছিল৷ ষ্টীলৱেল পথৰ কাম চলি থকাৰ সময়ত এটা আমেৰিকান সৈন্যদলে লে'কটো পৰীক্ষা কৰিবলৈ আহিছিল৷ লে'কৰ তলত গজি উঠা গছ-বন পৰীক্ষা কৰি দলটো আৰু ঘূৰি নাহিল৷ ষ্টীলৱেল পথত কাম কৰি থকা হাৰ্মান পেৰী নামৰ এজন আমেৰিকান সেনা এইফালে পলাই আহি এজনী টাংচা ছোৱালী বিয়া কৰাই লে'কটোৰ পাৰৰ পৰাই নিৰুদ্দেশ হৈছিল৷
No comments:
Post a Comment