চতুৰ্থ দিন, অংশ-২৩
জনসংখ্যা বাঢ়ি অহাৰ লগে লগে এতিয়া ঠাইখন আগতকৈ মুকলি হৈ আহিছে৷ গাঁৱৰ সংখ্যা বৃদ্ধি পাইছে৷ লে'কৰ সিপাৰেও গাঁও আছে৷ ওচৰ-পাজৰৰ সমতলভাগ খেতি পথাৰলৈ ৰূপান্তৰ হোৱা স্বচক্ষে দেখিয়ে আহিছোঁ৷ বহু গছ-গছনি নাইকিয়া হ'ল৷ গছ কমি অহাৰ পৰা পানী শুকাবলৈ আৰম্ভ কৰিছে৷ লে'কৰ কিনাৰৰ অগভীৰ আৰু পলসুৱা ভেৰণিবোৰো কৃষিৰ উপযোগী হৈ পৰিছে৷ হ্ৰদটো কালক্ৰমে সৰু হৈ গৈ আছে যেন অনুমান হৈছে৷ হয়তো সৌন্দৰ্যও আগতকৈ অনেকখিনি ম্লান পৰিছে৷ আমাৰ পূৰ্বজ ভ্ৰমণকাৰীৰ বিৱৰণীত পঢ়িবলৈ পাইছিলোঁ যে জলাশয়টো এতিয়া ঠেক হ'ল, আগতে প্ৰশস্ত আছিল৷
চিন্তা কৰি থাকোঁতেই মুখৰ আগত ওলোৱা ৰঙচুৱা ঘাঁহ এবিধে মনটো ভাল লগাই দিলে৷ এইখিনিৰ পৰা আগলৈ ঘাঁহনিৰ মাজেৰেই লিক্টো আগুৱাইছে৷ এলেকাটো সেমেকা৷ ইফালে-সিফালে পুৰণা বৃক্ষ কিছুমান৷ তাৰে প্ৰকাণ্ড এজোপা কাষতে উভাল খাই পৰি আছে৷ কথা ক'ব পৰা হ'লে প্ৰতিজোপা প্ৰাচীন গছেই অতীতৰ সত্য কাহিনী শুনালেহেঁতেন৷
সৌৱা, সন্মুখত জিলিকিছে লে'কৰ পানী! হয় হয়, সেয়া বিখ্যাত হ্ৰদটোৰে পানী৷ প্ৰথমবাৰৰ বাবে ওচৰৰ পৰা দেখা পাইছোঁ৷ লে'ক্ অফ্ ন' ৰিটাৰ্ণ দৰ্শনৰ বাবে অহা অনুসন্ধিৎসু মানুহ কিছুমানকো পিয়াপি দি থকা দৃষ্টিগোচৰ হৈছে৷ দৃশ্য দেখিয়ে আমাৰ উত্তেজনা আৰু খোজৰ গতিবেগ আপোনা-আপুনি আগতকৈ কেইবাগুণে বাঢ়ি গ'ল৷
তথ্যই কয়, লে’ক্ অফ্ ন’ ৰিটাৰ্ণৰ জলপৃষ্ঠ এতিয়া দীঘলে ১.২ কিল’মিটাৰ, বহলে ০.৮ কিল’মিটাৰ৷ সমুদ্ৰৰ উপৰিভাগৰ পৰা ৮৫২ মিটাৰ উচ্চতাত ইয়াৰ অৱস্থিতি৷ আনহাতে এই একেটা হ্ৰদেই অতীজত হেনো ১.৫ কিল’মিটাৰ বহল আৰু ৪ কিল’মিটাৰ দীঘল আছিল৷ চাৰিওফালে আছিল বিশেষ প্ৰজাতিৰ ঘাঁহ৷ পাৰবিলাক অতি কোমল৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দুৰ্ঘটনাত পতিত হোৱাৰ ফলত মিত্ৰ বাহিনীয়ে ইয়াত ১২ খনকৈ সুদৃশ্য যুদ্ধ বিমান হেৰুৱাইছিল৷ তদুপৰি হেৰুৱাইছিল এক প্লেটুন জোৱান৷ এনেবোৰ কাৰণতে হ্ৰদটোক অতীতৰ অন্যতম গুৰুত্বপূৰ্ণ স্মৃতিচিহ্ন বুলি গণ্য কৰা হয়৷ এই লে’কটোৰ সম্বন্ধে এনেকুৱা অনেক কথাই আমি ইতিমধ্যে জানিবলৈ সমৰ্থ হৈছিলোঁ৷ খূদুৱনি বাঢ়ি গৈছিল৷ সোঁশৰীৰে উপস্থিত হোৱাৰ বাবে অদ্ভুত তাড়না জাগিছিল৷ সেয়া এতিয়া সাকাৰ হোৱাৰ পথত৷
চাৰ এডোৱাৰ্ড গেইটৰ ‘অসম বুৰঞ্জী'ত এই জলাশয়টোৰ উল্লেখ আছে ‘নঙ্গন্যাঙ্গ পুখুৰী’ বুলি৷ গেইটে লিখিছে, ‘চুকাফাৰ দলটোৱে ভুৰেদি খামনামজাঙ নামৰ নৈ এখন পাৰ হৈ নঙ্গন্যাঙ্গ পুখুৰীৰ পাৰ পাইছিল৷ কেতবোৰ নগা লোকে তেওঁলোকৰ আগমনত বাধা দিবলৈ চেষ্টা কৰিছিল৷ কিন্তু চুকাফাই নগাসকলক হৰুৱাই বন্দী কৰি তেওঁলোকক অকথ্য শাস্তি দিছিল৷ তেওঁ বহুতো নগাক মাৰি জুইত পুৰি তেওঁলোকৰ আত্মীয়-স্বজনক সেই মাংস খাবলৈ বাধ্য কৰিছিল৷ এই কাৰ্যৰ ফলত নগাসকলৰ মাজত অতিমাত্ৰা সন্ত্ৰাসৰ সৃষ্টি হোৱাত চুবুৰীয়া সকলো নগা লোকে লৰালৰিকৈ আহোমৰ বশ্যতা স্বীকাৰ কৰিছিল৷ এজন ডাঙৰীয়াক এই অঞ্চলসমূহৰ ভাৰ দি চুকাফাই এইবাৰ দঙকাওৰঙ, খামহাঙপুঙ আৰু নামৰূপৰ ফালে আগ বাঢ়িছিল৷’ নঙ্গন্যাঙ্গৰ পৰাই কালক্ৰমত নঙ্ঞাঙ্, নংয়্যাং আদি হৈছে বুলি ভাবিব পাৰি৷ দঙকাওৰঙ, ডৈকাউৰাঙ্ হৈছে পাটকাই পৰ্বত৷

কাশীনাথ তামুলী ফুকনৰ ‘আসাম বুৰঞ্জী’ত ডৈকাউৰাঙৰ উল্লেখ পোৱা যায়৷ আহোম আৰু নৰা ৰজা, খাময়্যাংসকলে প্ৰকৃতিৰ দান এই হ্ৰদটোৰ জলভাগক পৱিত্ৰ জ্ঞান কৰিছিল৷ সীমা সম্বন্ধীয় আৰু স্বাধীন ৰাজ্যৰ চুক্তি সম্পন্ন হৈছিল ইয়াৰ পাৰতে৷ চুক্তিৰ প্ৰায় ১৫০ বছৰৰ পাছত গড়গঞা আহোম ৰজা চুক্লেংমুং পুনৰবাৰ গৈছিল মানৰ আক্ৰমণৰ পৰা নৰা ৰাজ্য ৰক্ষা কৰিবলৈ নৰা ৰজাই জনোৱা আমন্ত্ৰণক্ৰমে৷ ব্ৰহ্মদেশীয় মান সেনাক যুদ্ধত পৰাস্ত কৰি নৰা ৰাজ্য সুৰক্ষিত কৰি নৰা দেশৰ কন্যা বিবাহ কৰাই উভতি আহিছিল পাটকাইৰ ইপাৰৰ স্বদেশলৈ৷ আহোম, নৰা, মান, ইংৰাজ সকলোবোৰেই সম্পৃক্ত হৈ আছে এই হ্ৰদটোৰ অতীতৰ সৈতে৷ গতিকে এইটো নিঃসন্দেহে এটা ইতিহাসবিজড়িত সম্পদ৷ ম্যানমাৰ চৰকাৰে এই সম্পত্তি কেনেকৈনো ৰাখিছে সেয়া আমাৰ বাবে লক্ষণীয়৷ আন নহ'লেও আমাৰ দুজন সংগী, ক্ৰমে সঞ্জু বৰাই চোকা সাংবাদিকৰ দৃষ্টিৰে তন্ন-তন্নকৈ চাবই চাব আৰু গৱেষকৰ অনুসন্ধিৎসাৰে ডক্টৰ ৰাজু গগৈয়ে সূক্ষ্মভাৱে বিচাৰ কৰিবই কৰিব৷ সেয়া মোৰ জনা আছে৷ বাকী আমিকেইটা বাৰু সাধাৰণ প্ৰত্যক্ষদৰ্শী৷
বুৰঞ্জীপ্ৰসিদ্ধ ষ্টীলৱেল পথ নিৰ্মাণৰ সৈতে জড়িত ইউ. এছ. আৰ্মীৰ ৮৪৯ ইঞ্জিনিয়াৰ বেটেলিয়ানৰ আফ্ৰিকান-আমেৰিকান সৈনিক হাৰ্মান পেৰী৷ দুৰ্দান্ত আৰু দুৰ্ধৰ্ষ এই সৈনিকজনৰ অকথিত কাহিনীক উপজীৱ্য হিচাপে লৈ আমেৰিকান লেখক Brendan I. Koernerয়ে বিগত ২০০৮ চনত ৰচনা কৰিছিল 'Now the Hell will Start : One Soldier's Flight from the Greatest Manhunt of World War II' নামৰ গ্ৰন্থ৷ লণ্ডনৰ পৰা পেংগুইন প্ৰেছে প্ৰকাশ কৰা উক্ত কিতাপত থকা উল্লেখৰ মতে আহোম ৰজা বামুণী কোঁৱৰ ওৰফে চুডাংফাৰ ৰাজত্ব কালত এই জলাশয়টোৰ নাম আছিল নংয়্যাং৷ চুডাংফাৰ আহোম ৰাজ্য আৰু নুংপুং ৰজাৰ নৰা ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিছিল এই জলাশয়টোৱে৷ নংয়্যাং শব্দৰ অৰ্থ হৈছে সীমা ইয়াতে আছে৷
ইফালে, ব্ৰিটিছৰ শাসন কালত এজনৰ বাদে আন কোনো বিষয়া বা ভ্ৰমণকাৰী এই জলাধাৰৰ পানীত বিচৰণ কৰিবলৈ অহাৰ কথা আজিলৈকে কোনো নথি-পত্ৰত নাই বুলি স্পষ্ট হৈছে৷ ১৮৭৯ চনৰ ফেব্ৰুৱাৰী মাহত এছ. ই. পিল নামৰ দুঃসাহসী ব্ৰিটিছ বিষয়াজনে বুৰঞ্জীৰ পম খেদি হ্ৰদটোৰ পানীত বিচৰণ কৰিছিলহি৷ তেওঁ জয়পুৰৰ পৰা বুঢ়ীদিহিং আৰু নামচিক্ নৈৰে উজাই আহিছিল৷ তাৰ পাছত পদব্ৰজে এইখিনি ওলাইছিলহি৷ তেওঁ লগত কেইজনমান স্থানীয় লোক আৰু কাঠৰ সৰু নাও এখন আনিছিল৷ পিলে অকলেই নাওখনত উঠি হ্ৰদটোৰ পানীত চাৰিওফালে ভ্ৰমি নিৰাপদে ঘূৰি যাবলৈও সক্ষম হৈছিল৷ আহোম আৰু নৰা ৰজাই প্ৰতিষ্ঠা কৰা দুয়ো দেশৰ মন্ত্ৰী-সেনাপতি ক্ৰমে তাতানবিন আৰু তাচিনপৌৰ শৈল মূৰ্তি দুটাও তেওঁ বিচাৰিছিল৷ কিন্তু নাপালে৷ পৰৱৰ্তী সময়ত বহুতে সমীহ কৰাৰ বিপৰীতে একালত এনেকুৱা মৰসাহসী, দুৰ্জয়ী মানুহো নথকা নহয়৷ সেয়াই মানুহৰ বৈশিষ্ট্য৷
১৯৪২ চনত দ্বিতীয় বিশ্বযুদ্ধত ব্ৰহ্মদেশ দখল কৰি ভাৰতৰ ফালে অগ্ৰসৰ হৈছিল জাপান৷ জাপানী সৈন্যক প্ৰতিৰোধ কৰিবলৈ পাটকাই সীমান্তত বহুতো মাৰ্কিন সেনা মোতায়েন কৰা হৈছিল৷ আংকল জ' অৰ্থাৎ জেনেৰেল যোচেফ ৱাৰেন ষ্টীলৱেল আছিল এই সীমান্তৰ সকলোবোৰ বাহিনীৰ সৰ্বোচ্চ উপ-সেনাধ্যক্ষ৷ সেই সময়তে তেওঁলোকৰ এটা দলে হ্ৰদটো যুদ্ধকাৰ্যোপলক্ষে পৰীক্ষা কৰিবলৈ আহে৷ কেইজনমান পানীত নামে৷ কিন্তু কিবা স্বৰূপে ভেৰণিত সোমাই ওলাব নোৱাৰা হ’ল৷ উদ্ধাৰ অভিযানো বিফল হ’ল৷ ফলত জেগাতে মৃত্যু হয় তেওঁলোকৰ৷ সেই ঘটনাৰ পৰাই তেওঁলোকে হ্ৰদটোৰ নাম থ’লে লে’ক্ অফ্ ন’ ৰিটাৰ্ণ৷ আমি এতিয়া লে'ক্ অফ্ ন' ৰিটাৰ্ণৰ পাৰত৷ লে'কটোৰ মাজলৈ আগ বাঢ়ি থকা ভূখণ্ড এটাৰে যিমান পাৰি চাপি গৈ আছোঁ পানী চুবলৈ৷ নাজানো আমাৰ বাবে কি চমৎকাৰ, কি আশ্চৰ্যবা ৰৈ আছে তাত! (আগলৈ)
No comments:
Post a Comment