চতুৰ্থ দিন, অংশ-১৩
সূৰ্যটো মূৰৰ ওপৰলৈ অহাৰ লগে লগে ৰ'দজাক চোকা লাগিছে৷ খোজ কাঢ়ি কাঢ়ি গৰম উঠাত জাংখং আৰু পংকজ দাস উভয়ে জেকেট খুলি হাতত ল'লে৷ মই ইচ্ছা কৰিয়ে ডাঠ জেকেটটো অনা নাই৷ মূৰৰ ওপৰৰ পৰা ঊলৰ টুপীটোও অথনিয়েই খহালোঁ৷ এইবাৰ জাংখঙে আঙুলিয়ালে পাহাৰৰ ওপৰত ৰিণি ৰিণি দেখা গৈ থকা লুংলুঙীয়া পথ এটালৈ৷ ঘন অৰণ্যৰ মাজত ঘৰ কিছুমানো চকামকাকৈ ওলাইছে৷ কিমান ঘৰ আছে খালী চকুৰে ধৰা টান৷ সঞ্জুৱে উপস্থিত বুদ্ধি এটা খটুৱালে৷ হেণ্ডিকেমটো সেইফালে পোনাই ঝুম কৰি গ'ল৷ শীৰ্ষত দুটা ঘৰ স্পষ্ট হৈছে৷ আৰু আছে তললৈ৷ কিবা কেম্প যেন ভাব হ'ল৷ জাংখঙে ভেদ ভাঙি দিলে, 'পাহাৰৰ ওপৰত সেয়া কাচিন ইণ্ডিপেণ্ডেন্স আৰ্মী, কে.আই.এ.ৰ শিৱিৰ৷'
আমাৰ সহযোগী, নংকি বস্তিত আমি আশ্ৰয় লোৱা হ'মষ্টে'টোৰ গৰাকী জাংখং মংৰে অৰণ্য পথেৰে মাজে মাজে এইবোৰ অঞ্চললৈ আহিয়ে থাকে৷ সেয়ে জেগাবোৰ, আনকি এইফালৰ মানুহ কিছুমানো তেওঁৰ চিনাকি৷ কথা প্ৰসংগত জানিব পাৰিলোঁ৷ ষ্টীলৱেল ৰ'ডেৰে অহা-যোৱা কৰা মানুহবোৰক কে.আই.এ.ৰ কেডাৰে ওপৰৰ পৰা লক্ষ্য কৰি থাকে বুলি তেৱেঁই ক'লে৷ ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশ এৰি এতিয়া আমি ম্যানমাৰৰ কাচিন ষ্টেট স্পৰ্শ কৰিছোঁ৷ এয়া আৰম্ভণি৷ কাচিন বুলিলেই মনত পৰে ১৯৯৩ চনতে পঢ়া কিতাপ এখনলৈ৷
প্ৰকাশ হোৱাৰ লগে লগেই পঢ়িবলৈ পাইছিলোঁ ‘ছাংলট ফেন্লা', বিপ্লৱৰ সেনানী৷ প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসে লিখিছিল৷ কাচিন ইণ্ডিপেণ্ডেণ্ট আৰ্মীৰ কথা আছিল তাত৷ ডে'থ ভেলী, হুকং উপত্যকাৰো উল্লেখ আছিল৷ 'ডেথ্ ভেলীৰ মৃত্যু বিভীষিকা মাতি আনে মখলং বেমাৰে৷ অতি অস্বাস্থ্যকৰ এই উপত্যকা৷ বেমাৰ-আজাৰৰ সীমা-সংখ্যা নাই৷ দ্বিতীয় মহাসমৰৰ সময়ত অসমৰ পৰা ষ্টীলৱেল ৰ’ড হৈ আগুৱাই অহা ইংৰাজসকলে সেইবাবেই অভিহিত কৰিছিল ‘ডেথ্ ভেলী’ বুলি৷ অচিন ৰোগত মিত্ৰপক্ষৰ বহু সেনা মৰা পৰিছিল এই স্থানত৷ তেতিয়াৰে পৰাই উপত্যকাটোত জনবসতি বুলিবলৈ তেনেকৈ প্ৰায় নায়েই৷ দুৰ্গম এলেকা৷ অঞ্চল একোটা যিমানে দুৰ্গম হয়, গেৰিলা বাহিনীৰ বাবে হয় সিমানে সুচল, সুগম৷ কাজেই কাচিন ইণ্ডিপেণ্ডেন্স আৰ্মীৰ ডাঙৰ ডাঙৰ ব্ৰিগেড বহিছে এই মৃত্যু উপত্যকাত৷' শক্তিশালী কলমেৰে এইদৰে লিখি গৈছিল 'বুধবাৰ', 'আগান'ৰ নিৰ্ভীক তথা স্পষ্টবাদী সম্পাদকজনে৷

আমাৰ দলৰ উদ্যমী সদস্য ডক্টৰ ৰাজু গগৈৰো ভাল জ্ঞান আছে৷ অসম সাহিত্য সভাৰ দ্বাৰা ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশিত ‘বিশ্বকোষ’ৰ অষ্টম খণ্ডত কাচিন সম্বন্ধে তেওঁ সুদীৰ্ঘ প্ৰবন্ধ লিখি থৈছে৷ সদ্যহতে তেওঁৰ মুখৰ পৰা শুনি গৈ আছোঁ কাচিনৰ কথা৷ ম্যানমাৰীয় বা ব্ৰহ্মদেশীয় মূলৰ পৰা উৎপত্তি হোৱা 'কাচিন' শব্দৰ অৰ্থ হৈছে ম্যানমাৰৰ উত্তৰ-পূব অঞ্চলত বাস কৰা পাহাৰীয়া লোক৷ ভাৰত আৰু চীনৰ সীমান্ত অঞ্চল জুৰি কাচিন প্ৰদেশত এই লোকসকল বিস্তৃত হৈ আছে৷ চীনৰ য়ুন্নান প্ৰভিন্স, ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু অসমৰ পূৰ্বাংশতো এওঁলোকৰ বসতি আছে৷ ভাৰতবৰ্ষত এই লোকসমূহক চিংফৌ আৰু চীন দেশত চিংপ নামে জনা যায়৷ চৈনিক-তিব্বতীয় ভাষা-গোষ্ঠীৰ কাচিনসকলৰ সৰহভাগেই প্ৰকৃতিপূজক৷ ১০ শতাংশমান এতিয়া খ্ৰীষ্টান হৈছে৷ তেওঁলোকৰ সামাজিক-সাংস্কৃতিক জীৱনত চুবুৰীয়া শ্বানসকলৰ প্ৰভাৱ পৰিলক্ষিত হয়৷ বিশেষকৈ পাহাৰৰ পৰা নিম্ন সমভূমিলৈ নামি আহি আৰ্দ্ৰ ধানখেতি কৰাসকল শ্বান জীৱনধাৰাৰে প্ৰভাৱিত আৰু বৌদ্ধ ধৰ্মাৱলম্বী৷ পূৰ্বপুৰুষৰ আত্মাক পূজা-সেৱা কৰাই কাচিন ধৰ্মৰ মূল আধাৰ৷ মৃত ব্যক্তিসকলৰ প্ৰেতাত্মাক সন্তুষ্ট কৰি ৰাখিবলৈ তেওঁলোকে নিয়মিতভাৱে নৈবেদ্য আগ বঢ়ায়৷
‘ছাংলট ফেন্লা’ত পৰাগ কুমাৰ দাসে কাচিনৰ কথা লিখিছিল৷ 'কাচিনৰ মাটিবোৰ খুউব জেকা৷ বহু বছৰ ধৰি অব্যৱহৃত হোৱা হেতুকে মাটিত হালধীয়া ৰঙৰ চামনি এটা পৰে৷ সুদা মাটিত শুলে নানান অচিন বেমাৰ হয়৷ … কাচিনত জোতা দুষ্প্ৰাপ্য৷ জোতা নিপিন্ধাকৈ পাহাৰ-জংঘলত খোজ কাঢ়িবও নোৱাৰি৷ … কাচিনত ভিন্নভাষী মানুহৰ সমাহাৰ৷ কিন্তু চিংফৌ জানিলেই কাম চলি যায়৷' আমি কোনেও চিংফৌ নাজানো৷ সম্ভাব্য ভাষা সমস্যা সমাধানৰ বাবে জাংখঙৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰশীল৷ আনহাতে প্ৰত্যেকৰে ভৰিত জোতা কিন্তু আছে৷ গতিকে বাটে যিফালেই নিয়ে যোৱাত একো আপত্তি নাই৷ গৈ থাকিম, চাই থাকিম৷ সময়ে কুলাই যিমানে৷
ঢৌ খেলোৱা পাহাৰবোৰ ইয়াৰ পৰা স্পষ্ট ৰূপত দেখা গৈছে৷ পথটোৰো এছোৱা ওলাই আছে৷ তাৰ পাছতে অদৃশ্য৷ দৃষ্টিয়ে ঢুকি পাই মানে ম্যানমাৰৰ পৰ্বতমালাই ঘেৰি আছে৷ সিঁচৰতি হৈ থকা ঘৰ কিছুমান, হে'লিপেড এটা মনিব পাৰিছোঁ৷ ৰাস্তাটো অকোৱা-পকোৱা আৰু সেইফাললৈকে গৈছে৷ আলকতৰা বুলিবলৈ নাই৷ লাশ্বিয়-কুনমিং বাৰ্মা ৰ’ডৰ বিকল্প হিচাপে ম্যানমাৰ চৰকাৰে লিড’লামৰ পুনৰ্নিৰ্মাণত গুৰুত্ব আৰোপ নকৰা নহয়৷ চীন চৰকাৰে ২০০৭ চনত মিচ্ছিনা-কামবাইটি খণ্ডৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিলে৷ মিচ্ছিনা আৰু তানহাইৰ মাজৰছোৱাৰ উন্নয়নমূলক কামো হাতত লৈছিল৷ এইফালে ভাৰত চৰকাৰে আশংকা কৰি থাকিল যে ষ্টীলৱেল পথটো নিৰ্মাণ কৰি দিলে ম্যানমাৰত আত্মগোপন কৰি থকা উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনৰ সদস্যসকলৰহে সুবিধা হ’ব৷ সঁচা-মিছা আমি নাজানো৷ বিশ্লেষক পণ্ডিত আৰু সময়ে ক'ব৷ কথা পাতি পাতি আমি আগলৈ গৈ আছোঁ৷
'ইয়াৰ মাইকী মানুহবিলাক সাধাৰণতেই বৰ ধুনীয়া৷ যথেষ্ট প্ৰসাধনৰ সামগ্ৰী ব্যৱহাৰ কৰে৷ মাইকী মানুহে বেগৰ পৰা লিপষ্টিক এডাল আৰু সৰু আৰ্চী এখন উলিয়াই ওঁঠত ৰং সনাটো কাচিনৰ বাটে-পথে দেখিবলৈ পোৱা এটা সাধাৰণ দৃশ্য৷' এইদৰে পঢ়িবলৈ পাইছিলোঁ পৰাগ দাসৰ ৰচনাত৷ গৈ থাকোঁতে বিপৰীত ফালৰ পৰা নামপং অভিমুখী ভালেমান মহিলা দেখিলোঁ৷ সম্ভাষণ জনালোঁ, চালোঁ৷ দেখাত বেয়া নহয়চোন৷ ক'তো আৰ্চী আৰু লিপষ্টিক উলিওৱা দেখা নাই পোৱা অৱশ্যে৷ 'আগলৈ এইটো মন কৰি যাব লাগিব দেই৷' কথাষাৰ কোৱা মাত্ৰক হাঁহিৰ গিৰ্জনি উঠিল৷ বাটৰ শক্তিৰূপী এনে হাঁহিবোৰ ট্ৰেকিঙত বৰ দৰকাৰী৷

কাচিন সমাজত খেল বা ফৈদ তথা বংশ বা পুৰুষৰ প্ৰসংগ যথেষ্ট গুৰুত্বপূৰ্ণ৷ এই যাত্ৰাৰ প্ৰস্তুতি কালত অধ্যয়ন কৰোঁতে পাইছিলোঁ যে আমাৰ গোত্ৰৰ নিচিনাকৈ কাচিনৰ মানুহবোৰ বিভিন্ন ‘কিচা’ত বিভক্ত৷ মৰীপ, মাৰাণ, লাফাই আদি সাতটা কিচা আছে৷ একে কিচাৰ মাজত বিয়া-বাৰু কেতিয়াও সম্পন্ন নহয়৷ এজন ল'ৰাই তেওঁৰ মোমায়েকৰ জীয়েকক বিয়া কৰালে সেইখন আদৰ্শ বিবাহৰূপে স্বীকৃত হয়৷ প্ৰতিখন বিবাহেই পূৰ্বস্থিত সম্পৰ্কক সুদৃঢ় কৰি তোলে৷ ইয়াক 'মায়ু-দামা' সম্বন্ধ বুলি জনা যায়৷ আনহাতে কাচিনত কাৰোবাৰ সৈতে পৰিচয় হ’লেই নাম সোধাৰ পাছতে দ্বিতীয় বাক্যটোত কিচাৰ কথা সোধেই সোধে৷ এই নিয়ম বা বাধ্যবাধকতাবোৰ আমাৰ গৃহ-জিলাৰ কাৰবিসকলৰ সৈতে কিছু কিছু মিলেচোন৷
No comments:
Post a Comment