Wednesday, 14 March 2018

চতুৰ্থ দিনঅংশ-২০

সন্মুখত কাঠৰ গে'ট এখন৷ অৱস্থা নাই গে'টখনৰ৷ দুফালে জেওৰা৷  জেওৰাৰো অৱস্থা তথৈবচ৷ সিপাৰে পথাৰৰ আৰম্ভণি৷ শস্য-পথাৰৰ মাজত এনেকুৱা জেওৰা-জপনাৰ উপস্থিতি দেখি আচৰিতেই হ'লোঁ৷ এনে লাগিছে যেন কোনোবা মানুহৰ ঘৰলৈহে সোমাইছোঁ! গে'ট আৰু বেৰাৰ আৱশ্যকতা সমূলি বোধগম্য নহ'ল৷ কেনিও গৰু-গায়ো এটিও চকুত পৰা নাই৷ অথচ...! নাজানো কিহৰ সীমাৰেখা এয়া৷

ওখোৰা-মোখোৰা পথৰুৱা বাট এটা আগলৈ গৈছেগৈ৷ তাৰ মানে এই বাটটোৰেই আমি লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণলৈ যাব লাগিব৷ বাইক কেইখনমানে গে'টৰ মুখতে আমাক অতিক্ৰম কৰি ভোঁ-ভোঁকৰে ধোঁৱা উলিয়াই অগ্ৰসৰ হ'ল৷ বাধাহীনভাৱে আমিও সেই অজান সীমাৰেখা পাৰ হৈ বীৰদৰ্পে আগলৈ বেঙা মেলিছোঁ৷ মুখৰ আগত শুকান নৰাভৰা বিস্তীৰ্ণ পথাৰ৷ অ'ত-ত'ত কেতবোৰ সৰু সৰু চাংঘৰ৷ 'সেইবোৰ কি?' ভঁৰাল বুলি ক'লে জাংখঙে৷ জীৱনত প্ৰথমবাৰৰ বাবে ম্যানমাৰৰ খেতি পথাৰৰ পৰশ পাই মনটো নাচি উঠিছে৷ চেহেৰা আমাৰ পথাৰবোৰৰ সৈতে একেই৷ ব্যতিক্ৰম মাথো মাজে মাজে দেখা দি থকা চাং-ভঁৰালবোৰ৷ প্ৰায় লগালগিকৈ শাৰী পাতিও সাজি থৈছে কিছুমান৷ অসমত এই বস্তুটো অদৃশ্য৷ পথাৰৰ মাজত চাং-ভঁৰালৰ উপযোগিতা কি সেয়া কাচিনৰ কৃষকে বুজি পায়৷

চক্ৰাকাৰে ঘূৰি ঘূৰি পৰিৱেশ চাইছোঁ৷ অথনি ওপৰত, সৌখিনিত হে'লিপেডত ৰৈ আছিলোঁ৷ তাৰ পৰা ক্ৰমান্বয়ে নামি আহি আহি এইডোখৰ পালোঁহি৷ এতিয়া ওপৰলৈ ঘূৰি চাই দেখিছোঁ, ষ্টীলৱেল পথটোৰ সামান্য ওপৰলৈ, পৰ্বতৰ বক্ষত, বৌদ্ধ স্তুপ এটা আছে৷ সোণালী বৰণটোৱে জলমলাই আছে৷ কাষতে তিব্বতীয় আৰ্হিত সজা সেইটো লামাৰ ঘৰ হ'ব চাগৈ৷ তাতোকৈ ওচৰত ম্যানমাৰৰ তিনিবৰণীয়া জাতীয় পতাকা বতাহত উৰি আছে অথনি পাই অহা চোতালযুক্ত দীঘলীয়া ঘৰটোৰ সন্মুখত৷ সেইটোৰ সৈতে একে বৰণৰ ঘৰবোৰ দেখি সেনাৰ বেৰেক যেনেই লাগিছে৷ কেমেৰা ঝুম কৰি নিশ্চিত হ'লোঁ৷ হয়, মোৰ ধাৰণাটো শুদ্ধ৷ সীমান্ত প্ৰহৰী ইয়াতে থাকে তাৰ মানে৷

আমাৰ সোঁহাতে পাহাৰৰ এঢলীয়াত জুমতলী এডৰা৷ মধ্য বয়সীয়া মহিলা এগৰাকীয়ে হাতত দা লৈ অকলে অকলে কিবা কাটিছে নে খান্দি আছে৷ কাচিনৰ বিষয়ে ছাংলট ফেন্‌লাত পঢ়িছিলোঁ 'জনবসতি সেৰেঙা৷ খেতিৰ মাটি প্ৰচুৰ৷ যাক যিমান মাটি লাগে, হাবি জ্বলাই খেতি কৰি গলেই হল৷ মাটি বৰ সাৰুৱা৷ কাচিনত মানুহবোৰে বৰ বেছি সময় খেতি পথাৰত কাম নকৰে৷ খুউব বেছি ডেৰ বা দুঘণ্টা৷ মাটি ইমান উৰ্বৰা যে বেছি সময় কাম কৰাৰ প্ৰয়োজনো তেনেকৈ নহয়৷ অকণো কষ্ট কৰিব নালাগে৷ হাবি কাটি জ্বলাই দি বাঁহৰ একোডাল জোং লৈ গোজ মাৰি ধান সিঁচি দিয়ে৷ তেনেকৈয়ে লহপহীয়াকৈ ধান গছ গজি উঠে৷'

শস্যৰ উৎপাদন যাতে আশানুৰূপ হয় তাৰ বাবে কাচিন সমাজত কৃষিকাৰ্যৰ প্ৰতিটো স্তৰৰ লগতে উৎসৰ্গকৰ্ম জড়িত হৈ থাকে৷ বিচক্ষণ পুৰোহিতে এই কৰ্মৰাজি সম্পাদন কৰে৷ তেওঁ পুৰাতন ভাষাত প্ৰাৰ্থনা কৰে, নীতি-নিয়ম পাঠ কৰে৷

কাচিনসকল ভূত-প্ৰেতৰ অস্তিত্বত বিশ্বাসী৷ বেমাৰ-আজাৰৰ কাৰণ অশৰীৰিৰ কৰ্মকাণ্ড বুলি তেওঁলোকৰ ধাৰণা৷ অসন্তুষ্ট ভূত-প্ৰেতক সন্তুষ্ট কৰি ৰোগীক উদ্ধাৰ কৰিবলৈ বলি-বিধানৰ ব্যৱস্থা কৰে৷ য় মানে হৈছে উৎসৱ৷ কাচিনত পয় মানে মদ লাগিবই৷ বটলত মুকলিভাৱে মদ বিক্ৰী কৰি থকা আমিও দেখি আহিছোঁ৷

ধানৰ উপৰি কাচিনৰ কানি খেতিৰ কথাও লিখিছিল পৰাগ কুমাৰ দাসে৷ 'মানুহবোৰে ধান আৰু কানি খেতি কৰে৷ সপ্তাহত দুবাৰকৈ ওচৰৰ বেপাৰীবিলাক আহে৷ সিহঁতে কানি কিনি নি ফাকান চহৰত বিক্ৰী কৰে৷ ফাকান চহৰ ডেথ্‌ ভেলীৰ ডাঙৰ ব্যৱসায় কেন্দ্ৰ৷ জেড্‌ পাথৰ, সোণ, কানি কিনিবলৈ চীনদেশ, থাইলেণ্ডৰ পৰা ব্যৱসায়ী আহে৷ বয়-বস্তুৰ খুউব দাম৷ একাপ চাউলৰ দাম পঁচিশ কিয়াত্‌৷ কিয়াত্‌ হৈছে বাৰ্মিজ মুদ্ৰা৷ এক কিয়াতৰ মূল্য আমাৰ পঞ্চাশ পইচাৰ সমান হব৷'


No comments:

Post a Comment